বিদেশত থকা পুত্ৰলৈ অসমৰ পৰা প্ৰেৰিত মাকৰ চিঠি (অঞ্জনা তামুলী)

হেপাহৰ বাবু,
মৰম ল’বি। আমাৰ একপ্ৰকাৰ ভাল বুলিয়ে ধৰিবি। বাবলীও ভালেই আছে। এইখন তোলৈ মই নিজহাতে লিখা শেষ চিঠি বুলি ধৰিবি। কিছুমান ঘৰুৱা কথা আছে যিবোৰ আনৰ হতুৱাই লিখি মই আমাৰ ঘৰৰ ভিতৰখন আনক দেখুৱাবলৈ নিবিছাৰিলোঁ। বোৱাৰী আৰু পোনাহঁতৰ বাবে মোৰ আৰ্শীবাদ থাকিল।
বৰ দীঘলীয়া চিঠি লিখাৰ ইচ্ছা নাই সেয়ে এতিয়া মূল কথালৈ আহোঁ। আজি মই তোক তোৰ শৈশৱৰ পৰা যৌৱনলৈকে লৈ যাম য’ত তই উমলি ডাঙৰ হৈছিলি। আমাৰ পিছফালে থকা বাউনিটোৰ কথা তোৰ নিশ্চয় মনত আছে য’ত তহঁতি সদায় বিভিন্ন খেলা-ধূলা কৰিছিলি। তাত আমি ইমান দিনে শালি খেতি কৰি আহিছিলোঁ। পিছে এইবাৰ তাত শালি খেতি কৰা ন‘হব কাৰণ বাউনিটো দেউতাৰে বেচি দিলে দেউতাৰৰ পেঞ্চনৰ পইছা অতদিনে নোপোৱাৰ বাবে। বাবলীৰ পইছা দেউতাৰে কোনো কাৰণতে খৰছ নকৰে। কাৰণ দেউতাৰৰ বোলে আত্মসন্মানত আঘাত লাগে। তাই ইমানদিনে প্ৰতিমাহে তই পইছা পঠিওৱা বুলি তাইত ভাগৰ পইছাখিনি খৰচ কৰা কথাটো দেউতাৰে ইতিমধ্যে জানিব পাৰিছে আৰু দুখত ভাগি পৰিছে।
বাবু, তোৰ লগত স্কুলত পঢ়া সৰুপোনা দাইটিহঁতৰ বংশীয়ে সিদিনা আহি তোৰ কথা সুধিছিল। আমি আসৈ মাতি ক’লোঁ তই দুই-তিনিবাৰ টিকট কাটিও অফিচৰ ছুটী মঞ্জুৰ নোহোৱা বাবে আহিব নোৱাৰা বুলি। মই ঠিকেই বুজোঁ তহঁতৰ সমাজখনৰ ব্যস্ততাৰ কথা কিন্তু আমাৰ ইয়াত কোনে বুজিব ? বংশীৰ ভনীয়েক ববিতাৰ সিদিনা বিয়া হৈ গ‘ল। তাই বিয়া হৈ যোৱাতহে আমাৰ ঘৰখনো উদং হৈ পৰা যেন লাগিল। বৰ আশাৰে তাই তোলৈ প্ৰথম কেইবছৰমান বাট চাইছিল। তই তাত বিয়া কৰোৱা কথাটো আমি সকলোৱে মানি লৈছিলোঁ যদিও তাই কোনো কাৰণে মানিব পৰা নাছিল। বিশ্বাস হোৱা নাছিল তাইৰ, তোৰ দৰে ইমান শান্ত-শিষ্ট ল’ৰা এটাই বিদেশত পঢ়িবলৈ গৈ সৰুৰ পৰা খেলি একেলগে ডাঙৰ হোৱা, একেলগে নাটক কৰি প্ৰেমত পৰা ছোৱালীজনীক পাহৰি যাবি বুলি। যেতিয়া তই আমালৈ পঠিওৱা বোৱাৰী আৰু পোণাকণৰ ফটোখন তাই দেখিছিল সেইদিনাহে তাই আমাৰ ঘৰৰ মজিয়াতে হিয়া ঢাকুৰি কান্দিছিল। মোৰ আৰু বাবলীৰ তাইক বুজোৱাৰ সাহস হোৱা নাছিল। আমি তাইক কান্দিবলৈ দিছিলোঁ হেঁপাহ পলুৱাই। প্ৰায় চাৰি ঘন্টামান সময় কান্দি তাই ভাগৰি পৰিছিল। বাবলীয়ে তাইক তাইৰ কোঠালৈ নি শুবলৈ দিছিল আৰু বুজাইছিল– “চা ববিতা বাইদেউ, জীৱনত মানুহে জানো সকলো বস্তু বিচৰা মতে পাই? মই জানো কিবা পাইছোঁ? তই দুখ নকৰিবি। পাহৰি যা তই যে এদিন আমাৰ ককাইদেউক মন দি থৈছিলি”। কিছু সময়ৰ পিছত তাই শান্ত হৈ লাহে লাহে আমাৰ ঘৰৰ পৰা বিদায় মাগিছিল।
তাৰ প্ৰায় এমাহ মানৰ পিছত তাই আমাৰ ঘৰলৈ আহিছিল আৰু কৈছিল তাই হেনো বংশীৰ তালৈ যাবলৈ ওলাইছে, তাকো একেবাৰে। দেউতাৰে হিয়া উজাৰি আৰ্শীবাদ দিলে তাই যেন তাতে এখন সুখৰ সংসাৰ পাতি ল‘ব পাৰে। সেই ববিতাকে ককায়েক বংশীয়ে বিদেশলৈ নি নিজৰ লগত দুবছৰ ৰাখি তহঁতৰেই লগৰ সুনীলৰ লগত সংসাৰখন পাতি দিলে তাকো আহি নিজৰ ঘৰত , নিজৰ সমাজখনত । যি নহওক বিদেশত থকা তোৰ দৰে একেই ইঞ্জিনিয়াৰ এজনৰ ঘৰুৱা দায়িত্ব আৰু কৰ্তব্য দেখি আমি সকলো ধন্য মানিছোঁ। সেয়া বংশীৰ মাক-দেউতাকৰ কপাল যে বংশীৰ দৰে ল’ৰাক তেওঁলোকে নিজৰ সন্তানৰূপে পাইছে। আৰু আমি? আমিও গৌৰৱত কেতিয়াবা ওফন্দি উঠোঁ আমাৰ সন্তানে বিদেশত থাকি ডাঙৰ চাকৰি কৰে বুলি। পিছে সেই গৌৰৱ আৰু বংশীৰ মাক-দেউতাকৰ গৌৰৱৰ মাজত আকাশ-পাতাল প্ৰভেদ আছে।
অলপ ৰ, মই মাটি-মাহৰ চোকোৰাখিনি গুচাই সিজিবলৈ দি আহোঁ। দেউতাৰৰ কি হৈছে নাজানো আজি পুৱাৰে পৰা তই ভাল পোৱা বস্তুবোৰকে ৰান্ধিবলৈ কৈ আছে। মাটি-মাহৰ লগত কলাখাৰ দি ৰান্ধিবলৈ কৈছে। বাবলীকো পঠিয়াইছে বাৰীৰ পৰা ঢেঁকীয়া শাক কেইডালমান চিঙি আনিবলৈ। চেপাত মোৱা-খলিহনা দুটামান লাগিছিল তাৰে লগতে খাব হেনো। পুৱাই উঠি গুৰুসেৱা কৰি আহি নিজেই জুই ধৰি আলু পুৰি কোমল চাউলৰ লগত নিজেও খালে আমাৰ দুইজনীকো দিলেচোন। আজিকালি খৰলীয়াকৈ ৰান্ধিলে একো নাখায়, ভাতৰ পাতৰ পৰা লাহেকে উঠিহে যায়।
হেৰি নহয় বাবু, দেউতাৰে ঘৰৰ সম্পত্তিখিনি যিখিনি আছে তাৰ বিষয়ে তোৰ লগত আলোচনা কৰিবলৈ বিচাৰিছে। বংশীয়ে বাবলীৰ বাবেও ল’ৰা এটাৰ প্ৰস্তাৱ আনিছে। ল’ৰাটো তই চিনি পাবি কিজানি। পহুমৰাৰ মিহিৰ মাষ্টৰৰ পুতেক। দুলীয়াজানৰ অইল কোম্পানীত চাকৰি কৰে হেনো। আমাৰ বাবলীৰ লগত ধুনীয়াকৈ মিলিব বুলিয়ে কৈছে। এতিয়া কথা হ‘ল আমি এইবাৰ সকলো সিদ্ধান্ত নিজেই ল’ম বুলি ভাবিছো। তোকনো আৰু কি আমনি কৰিম। বিদেশত থকা আপোন মানুহৰ লগত থাকি নিজ ভনীয়েৰজনীৰ কথা পাহৰা ল‘ৰাটোক তাৰ দায়িত্বৰ কথা মনত পেলাই দি আঘাট নকৰোঁ বুলিয়ে ভাবিছোঁ। মাথোঁ খবৰটোহে দিছোঁ যাতে তই আমাক দুষিব নোৱাৰ আমি তোক একো নাই জনোৱা বুলি। দেউতাৰে কৈছে বংশীয়ে দেখুওৱা ল’ৰা, তাতে অইলত চাকৰি কৰে। ছোৱালীৰ ককায়েকে বিদেশত থাকি ভাৰতীয় মূল্যৰ কোটিপতি হোৱা বুলি ল’ৰাৰ ঘৰৰ সকলোৱে জানে। সেয়েহে আমি সিদ্ধান্ত কৰিছোঁ ঘৰৰ ভেটিটো আৰু ওচৰৰ মাটিখিনিৰ বাহিৰে সকলো মাটি বিক্ৰি কৰি দি ছোৱালীজনীক সামাজিক ভাৱে সুন্দৰকৈ বিয়া দিয়াৰ কথা। আমি যিমান ভালকৈ বিয়া দিব পাৰোঁ সেয়া তোৰেই গৌৰৱ হ’ব । আজি তই বৰ মানুহ নোহোৱা হ’লে আমি মাটি বেছি একমাত্ৰ ছোৱালীজনীৰ বিয়াৰ কথা ভাবিব লগা ন’হলহেঁতেন।
লিখি গৈ থাকিলে কিজানি কোনোদিন শেষ ন‘হব । বাবলীৰ বিয়াৰ কথা তাই তোক নিশ্চয় জনাব। তই তাইক কোনো কাৰণে আমি মাটি বেচিম বুলি কোৱা কথা নক’বি। তাই অন্তৰত বহুত আঘাট পাব। আজি কেইদিন মানৰ পৰা তোলৈ সদায় ৰাতি বাট চাই থাকে কিজানি তই তাইলৈ ফোন এটা কৰই। পিছত পুৱতি নিশা শুই পৰে। তই চিন্তা নকৰিবি আমি তাইক এজন চহকী ককায়েকে ভনীয়েকক যেনেদৰে হিয়া-উজাৰি বিদায় দিয়ে আমিও তেনেকৈয়ে দিবলৈ যত্ন কৰিম। বাবু, মনে নামানিলে বাবে কথা এটা সোধোঁ, সোনকালে ফোন এটা কৰি উত্তৰটো দিবি। তই বাৰু তাইৰ বিয়াত পাক এটা মাৰিব পাৰিবি নেকি ? আমাক একো দিব নালাগে, আমি সকলো কৰিম তই মাথোঁ দেখা দিবলৈ আহিলে আমাৰ সন্মানটো ৰ‘ব আৰু ঘৰৰ একমাত্ৰ ছোৱালীজনীয়ে হাঁহিমুখে শহুৰৰ ঘৰলৈ যাব পাৰিব। আজি তোক সপোনত বৰ ধুনীয়া দেখিছিলোঁ, সদায় দেখাৰ দৰে নহয় । তই এটা বেঙেনাবুলীয়া চোলা পিন্ধি মোৰ কোলাত মূৰ থৈ শুই আছিলি আৰু মই তোক মূৰ পিটিকি আছিলোঁ। তোক দেখিবলৈ বগা বগা চাহাব যেন লাগিছিল। তই সঁচাই চাহাবৰ দৰে দেখিবলৈ হৈছ নেকি বাৰু? ইচ্ ৰাম; বহুত দেৰী হ‘লচোন। দেউতাৰে চিঞৰিলেই ভাত খাবৰ হ‘ল। মই আজি ভাত নাখাওঁ দে। যি ৰান্ধিছোঁ সেয়া তোৰ হে প্ৰিয় খাদ্য। চকুৰ আগত ভাত বাঢ়িলৈ বহি চকুৰ পানী নিগৰাই থকাতকৈ নোখোৱাকৈ থাকিলে শান্তি পাম। দেউতাৰে পোণাকণৰ ফটোখন চাই চাই কৈ আছে– সি অহা হ’লে টঙিজাল খন মাৰি মাছ ধৰি ভাত খুৱালোঁহেঁতেন। তাক মোৰ মৰমৰ চুমা দিবি। বোৱাৰীকো মোৰ আৰ্শীবাদ জনাবি। তই ভালে থাকিবি। মনত পৰিলে অকণমান সময় উলিয়াই বাবলীলৈ ফোন এটা কৰিবি। তাই বৰ ভাল পাব।
ইতি
তোৰ মা
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments