বিদেশত প্ৰথমটো খোজ…(-মল্লিকা কলিতা)

 

 

কি বুলি ক’লে বাৰু বুজি পাব পুলিচ বিষয়া গৰাকীয়ে । মাকৰ লগত এৰি অহা শিশু পুত্ৰৰ মুখখনি ভাঁহি উঠিল তাইৰ মানসপটত । কি কৰি আছে বাৰু সি এতিয়া ? তাইলৈ মনত পেলাই কান্দি আছে নেকি ?? মায়ে ফুচুলাব পাৰিছেনে ? নে… !!…উফফ…তাই মন ডাঠ কৰি কৱলগীয়া কথাখিনি জুকিয়াই ল’লে । এইবাৰ পাৰিবই লাগিৱ, নহ’লে বাৰে বাৰে এনেকৈ আৰু কিমান তাঁত-বাটি কৰি ফুৰিব !! মানুহজনৰ শাৰিৰীক-মানসিক অৱসাদ বুলিও কথা এটা আছে । বিষয়াজনৰ চকুৱে চকুৱে পৰিলত তাই দেখোন কৱলগীয়াখিনি পাহৰিয়েই পেলালে । তেখেতৰ চাৱনিয়ে তাইৰ উত্তৰবোৰ মনঃপুত নহ’ল যেন লাগিল ! তাই এগৰাকী সাধাৰণ গৃহিণী হিচাপে ইমান প্ৰশ্নৰ সন্মুখীন হ’ৱলগীয়া হৈছে ! অফিচাৰ জনে তাইক নিৰপৰাধী বুলি থাৱৰ কৰিবলৈ সঁচাকৈ অপাৰগ নেকি ? তাই ওলাই আহিল । তাইৰ চকু চলচলীয়া। কি হ’ৱ এতিয়া? ভাৱি থাকোঁতেই সৌৰভ মানে তাইৰ মানুহজন আহি ওলাল ।
: ক’লৈ গৈছিলা ? আমাৰ পাল পৰিব বুলি জানিও ক’তনো নাইকিয়া হ’লা হঠাত্ !!
: দাদাৰ ফোনটো ধৰিবলৈ বাহিৰলৈ ওলাই যাৱলগীয়া হ’ল । কি ক’লে তেখেতে, তুমি বুজাই কব পাৰিলানে ?

তাইৰ মুখৰ অভিব্যক্তিয়ে তাক সকলো বুজাই দিলে । সিহঁত তললৈ নামি আহিল । কাগজকেইখন লৈ আকৌ আগৰ কৰ্মচাৰীজনৰ ওচৰ চাপিল । তেখেত ফাইলত ব্যস্ত, এবাৰ চালে সিহঁতলৈ । বহিবলৈ ইংগিত দি, আকৌ ফাইলত ডুব গ’ল । সৌৰভৰ মনত পৰিল, আগৰবাৰ আহোতে এজন কৰ্মচাৰীয়ে যে তাক কৈছিল, পইচা থকা মানুহবোৰ হে বিদেশলৈ যায় !! সি এইবাৰ কামটো হওঁক বুলিয়ে বিজিতাকলৈ আহিছিল । ছেহ, সি মনতে বিৰবিৰালে । তিৰোতামানুহ দেখিও সকলোৱে আওকাণহে কৰিছে । ভোটাৰ লিষ্ট, পান কাৰ্ড একোৱে তাইৰ নিৰ্দোষিতা কিয় দাঙি ধৰিৱ পাৰা নাই বাৰু ? কেনেকৈ এজন উগ্ৰপন্থী, দাগী অপৰাধীয়ে পুলিচৰ পৰা ‘ভেৰিফিকেচন’খন নিৰ্বিবাদে লাভ কৰিব পাৰে ? সি বিজিতাক বাহিৰলৈ যাৱলৈ অনুচ্চস্বৰে ক’লে । তাই বুজি পোৱা নাই, বুৰ্বকৰ দৰে তালৈ চাই ৰ’ল । সি অলপ হঁহাৰ দৰে কৰি, আগতকৈ ডাঙৰকৈ কোৱাত তাই ওলাই গ’ল ।

বাহিৰত কিনকিনিয়া বৰষুণ । বতৰটোৰ দৰে তাইৰ মনটোও গোমা । আজি সৌৰভ তাইৰ লগত, কিন্তু….যিমান সুখী নাইবা উৎফুল্লিত হ’ৱ লাগিছিল তাৰ তিল মাত্ৰও আভা তাইৰ মুখত নাই । তাই দেখোন দিন গনি থাকে, কেতিয়া মানুহজন পুনৰ আহিব ? তিয়াল্লিছ দিনৰ মূৰে মূৰে সি আহেই…..মাত্ৰ তেৰ দিনৰ বাবে ! তাইৰ বাবে জীৱনৰ আটাইতকৈ দীঘল সময় এই তিয়াল্লিছ দিন ! এই কামটোৰ বাবে প্ৰত্যেক বাৰ গুৱাহাটীৰ পৰা ছয় ঘন্টাৰ বাট আহিৱলগীয়া হৈছে । সৌৰভৰ লগত সময় কটাম বুলি ভাৱি থাকিলেও এই আপদীয়া কাৰ্য্যালয়টোৰ বাবেই মূৰকত সকলো পণ্ড হয় !!….

সৌৰভে বিদেশত চাকৰি কৰিৱলৈ যোৱা দেখি প্ৰথমে মানুহে তাইক সোধে দৰমহাৰ কথা, কিমান পায়, কিমান দিন চাকৰি কৰিব লাগিব ইত্যাদি । কিন্তু কোনোৱে সোধা নাই আজিলৈ, কেনেকৈ দেউতাকৰ অবিহনে ইম্মান সৰু ল’ৰাটোৱে মাকৰ সৈতে কটাইছে ? তুমি পাৰিছানে ? কিবা দিগদাৰ হ’লে জনাবা, আমি তোমাৰ সৈতে আছোঁ । তাই আৰু তাইৰ পৰিয়ালৰ মানুহখিনিয়ে জানে, ভুক্তভোগীও সিহঁত । অকণমান ধূলিৰ স্ংৰ্স্পশলৈ আহিলেই নাইবা ঠাণ্ডা পালেই ল’ৰাটোৰ কাঁহ হয় । ডাক্তৰে এলাৰ্জী বুলি কৈছে । কিমান দিন দৌৰিছে মেডিকেললৈ, আনকি মাজনিশা ও । কাঁহি কাঁহি লেবেজান হৈ যায় কণমানি ল’ৰাটো । উশাহ-নিশাহ লৱলৈ কষ্ট পায় । কিমান কৰুণ সেই দৃশ্য ! তাই মাথোন অসহায়হৈ চাই ৰয় । ডাক্তৰে ঠাই সলনি কৰিলে ভাল পাৱ বুলি আশ্বাস দিয়ে । তাই সোনকালেই সিহঁতক লৈ যাবলৈ সৌৰভক অনুৰোধ কৰে, একমাত্ৰ ল’ৰাটিৰ বাবেই….

তায়ে আগৰবাৰ যাবলৈ খৰধৰ লগাইছিল, এতিয়া তেন্তে কি হ’ল ? কিয় বাৰু ? নিজৰ আপোন পৰিয়ালৰ মানুহখিনিক এৰি ইমান দূৰলৈ যোৱাৰ মানসিক প্ৰস্তুতি তাইৰ নাই নেকি ? নাই নহয় ।….তাইৰ দেখোন মনলৈ আহি আছে, বাৰে বাৰে সেই কথাকেইটা ! তাই আকৌ ঘূৰি গ’ল আঠ বছৰ আগলৈ । লগৰ বিলাকৰ পৰা কেনেবাকৈ কাণত পৰিল, চাৰে ‘জ্যোতিষ চৰ্চা’ কৰে । বহুতৰ হাত চাই ভৱিষ্যত বাণী কৰিছে, আৰু আচৰিত ভাৱে সেইবোৰ ফলিয়াইচেও !! তাইৰ মনটোৱেও লকলকাই উঠিল জানিৱলৈ, কিনো লিখি থৈছে নেদেখাজনে ! ‘চাৰ’, আন কোনো নাছিল তাই কলেজীয়া শিক্ষা শেষ কৰাৰ পিছত দেউতাকৰ কথা মতে, কম্পিউতাৰ কোৰ্চ ‘DOEACC-‘O’-LEVEL’ ৰ ‘ফেকাল্টি’ ! এদিন মনৰ কথা ক’লত, চাৰে অলপ আগতীয়াকৈ পিছদিনা আহিৱ কলে । তাইও ক্লাচ আৰম্ভ হোৱাৰ অলপ আগে আগে আহি উপস্থিত হৈছিল । কিমান যে উৎসুক আছিল সেইদিনা তাই !! তাই হ’ৱলগীয়া মানুহজনৰ বিষয়ে প্ৰথমে সুধিলে । আচৰিত কথা তেতিয়ালৈ সৌৰভৰ সৈতে তাইৰ বিয়াখন প্ৰায় ঠিক হৈছিল আৰু চাৰেও আটাইখিনি, মানে এশ শতাংশই শুদ্ধ কৈছিল । তাইৰ কি জানো মন গ’ল, হঠাৎ সুধি পেলালে –
: চাৰ, মোৰ বিদেশ ভ্ৰমণ আছেনে ?’

: নাই, তোমাৰ দেশীয় ভ্ৰমণ হে আছে । বিদেশ ভ্ৰমণ নাই !!

: হেৰা বলা, কাম হ’ল । ….তাই বাস্তৱলৈ ঘূৰি আহিল । সৌৰভে মাতি আছে।

: ইম্মান সোনকালে ?

: তুমি অহা বাবেই হ’ল দিয়া! সৌৰভে তাইৰ খ্ং তুলিলে ।

: আৰক্ষী অধীক্ষক জন দেখোন মোৰ উত্তৰত সন্তুষ্ট হোৱা নাছিল ??

সৌৰভে একো উত্তৰ নিদি গাড়ী ষ্টাৰ্ট কৰাত লাগিল । তাৰ মন উৰা মাৰি গৈ পাইছে শাহু মাকৰ সৈতে এৰি অহা চাৰি বছৰীয়া পুত্ৰৰ কাষলৈ । আগে পিছে সি অকলেই আহিছে আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ, বিজিতাৰ পাচপোৰ্ট স্ংক্ৰান্তত । দহ মাহ আগত সি মধ্য – প্ৰাচ্যৰ সৰু দেশ এখনত নতুন চাকৰিত যোগদান কৰিছে । এবছৰ মান পৰিয়াল আনিৱ নোৱাৰে, ফেমিলি একোমোডেচন নাপায় । সেয়ে তাৰ শহুৰৰ ঘৰত ল’ৰা তিৰোতা এৰি বিদেশত আছেহি । বছৰত পাঁচবাৰ অহা-যোৱাৰ সুবিধা কোম্পানীয়ে দিছে অৱশ্যে । সময়মতে পুতেকৰ পাচপোৰ্ট আহিল, কিন্তু সমস্যা দেখা দিলে ঘৈনীয়েক বিজিতাৰ পাচপোৰ্ট খনক লৈ । এইবাৰ তাইক লৈ আহিল, আবেদনকাৰীক লগতলৈ আহিলেহে কামটো আগবাঢ়িব বুলি কৈছিল বিভাগীয় কৰ্মচাৰীজনে, ভাবিছিল তিৰোতা মানুহ দেখি কামটো সোনকালে হয়েই নেকি ?? পিছে দিনটো বোন্দাপৰ দিয়াৰ পিছটো একো লাভ নহ’ল ।

: তুমি মোক বাহিৰলৈ কেলেই যাবলৈ কৈছিলা ?

এবাৰ ভাৱিলে কথাটো নকোৱাই ভাল নেকি, পিছত আকৌ মত সলনি কৰি কলে…

: অ, কাগজ-পত্ৰ খিনিৰ মাজত টকা একহাজাৰ সোঁমোৱাই দিলোঁ বুজিছা । কিমান আৰু অহা-যোৱা খন কৰি থাকিবা? কামটো এনেও নহব বুলি বুজি পাই গৈছিলোঁ ।

: কিন্তু মোক কিয় বাহিৰলৈ পঠিয়াইছিলা?

: জীৱনত প্ৰথমবাৰৰ বাবে বিবেকৰ বিৰুদ্ধে গলোঁ । সেয়ে তোমাৰ সন্মুখত দিবলৈ মনে নকলে….তোমালোকৰ অবিহনে তাত থকাটো মোৰ বাবে আৰু কঠিনহৈ পৰিছে । তাই বুজি উঠিল তাৰ মনৰ অৱস্থা । মানুহজন যেন দহি পুৰি মৰিব লাগিছে !!অনুশোচনাত দগ্ধ হৈছে মন-মগজু !
০০০

খাল্লাচ, খাল্লাচ…. বোৰ্কা পৰিহিত নিগ্ৰো মহিলা গৰাকীয়ে কাকনো কলে বিজিতাই ধৰিৱই পৰা নাছিল । চকু আৰু হাতৰ অংগি ভ্ংগীৰে তাই বুজি উঠিল যে তাইৰ ফিংগাৰ প্ৰিন্ট লোৱা হ’ল । এয়া দ্বিতীয় বাৰ তাইৰ ফিংগাৰ প্ৰিন্ট লোৱা হ’ল । ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন হেতু, এই দেশৰ নিয়ম অনুসৰি ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট স্ংৰক্ষণ কৰে । মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে, তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয় । ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগ মুক্ত বুলি প্ৰ্মাণিত হ’লেহে ভিছা পাব ।

তাইৰ কেণা লাগিল এইবাৰ ‘ফিংগাৰ প্ৰিন্ট’ক লৈ । তাইৰ আঙুলিৰ কিবা সমস্যা দেখালে মেচিনে । দ্বিতীয় বাৰও ৰিপৰ্ট আহিল যে তাইৰ ফিংগাৰ প্ৰিন্ট স্পষ্ট নহয়!! ৰিপৰ্ট আনিবলৈ যাওতে, ভদ্ৰমহিলাই ‘মাফি, মাফি’ বুলি ক্ষমা খুজিলে ওলোটাই তাইকহে । মহিলাগৰাকীয়ে তাইৰ হাত আৰু আঙুলি পৰীক্ষা কৰিৱলৈ লাগিল । এচি’ত থকাৰ অভ্যাস নথকা হেতু তাইৰ ইম্মান গৰমতো আঙুলিবোৰৰ ছাল ফাটিবলৈ লৈছিল আৰু সেই কাৰণেই এই খেলিমেলি । তাইক বোৰ্কা পৰিহিত মহিলাগৰাকীয়ে পাকঘৰত কাম কৰোঁতে গ্লোভচ পৰিধানৰ পৰামৰ্শ দিলে । হাতত মইশ্বাৰাইজাৰ ঘঁহিৱলৈ উপদেশ দিলে । এমাহৰ ভিতৰত মেডিকেল ৰিপৰ্ট সঠিক ভাৱে জমা নহ’লে ভিছা পোৱা যে নাযাৱ, আৰু তাই এই দেশক অলবিদা ক’ৱ লাগিৱ !!

…মানুহজনচোন নিৰ্বিকাৰ এই ক্ষেত্ৰত, তাইৰ খ্ং উঠে । তাই বহুত দিনৰ পৰাই ভাৱি গুণি থকা কথাখিনি কৈ পেলালে ।
: বিয়াৰ আগত প্ৰায় বিলাক বান্ধৱীয়ে কৰাৰ দৰে হাতখন দেখুৱাইছিলোঁ । ভৱিষ্যতক জনাৰ আগ্ৰ্হ!!…..তাই সকলোখিনি লুক-ঢাক নকৰাকৈ কৈ পেলালে । তাইৰ চকু চলচলীয়া, বুজি উঠিছে তাই, ল’ৰাৰ সৈতে ঘৰলৈ ঘূৰি যোৱাৰ দিন যেন চমু চাপি আহিছে !! সৌৰভে জোৰেৰে হাঁহি উঠিল ।

: এইবাৰ সকলো ঠিক হৈ যাৱ চাবা । তুমি মি ছাকৈ মনত ভয় সুমুৱাই লৈছা । তুমি জানানে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱনত কি ঘটিছিল ?? তেওঁক এজন বিখ্যাত ‘জ্যোতিষী’য়ে কৈছিল যে তেওঁৰ তলুৱাত শিক্ষাৰ ৰেখাডাল হেনো নায়েই । তেওঁ কেতিয়াওঁ শিক্ষা সম্পূৰ্ণই কৰিব নোৱাৰিব !! তেতিয়া খঙতে অগ্নিশৰ্মা হৈ ঈশ্বৰচন্দ্ৰই এখন চুৰীৰে নিজৰ তলুৱাত এডাল দীঘল ৰেখা আঁকি পেলাইছিল আৰু কৈ উঠিছিল ‘এতিয়া কোনে মোক ৰখাব পাৰে ??’ …আৰু তুমি দেখোন জানাই তেখেত ঊনৈশ শতিকাৰ আটাইতকৈ শিক্ষাবিশাৰদ বুলি পৰিচিত সকলৰ মাজত এজন বুলি?….তোমাৰ পাচপোৰ্ট আহোতেও সময় লাগিছিল গতিকে….

তাই গিৰিয়েকৰ কথাখিনি মন দি শুনে । ‘কিন্তু’……এটা কিন্তুই অহৰহ তাইক খেদি ফুৰে । তাইৰ দুখ লাগিছে তাইৰ বাবে ল’ৰাটোৱেও দেউতাকৰ সান্নিধ্যৰ পৰা বঞ্চিত হব লাগিৱ । ডেৰবছৰৰ মূৰত সি এইকেইদিন নিবিড়ভাৱে দেউতাকক পাইছে । ডিউটিৰ পৰা কেতিয়া আহি পাব তাৰ মৰমৰ দেউতাক, কেতিয়া তাক চাইকেল চলাৱলৈ বাহিৰলৈ লৈ যাব বুলি সুধি সুধি তাইক কমখন ব্যতিব্যস্ত কৰেনে ? হলেওঁচোন তাই উপভোগ কৰে তাৰ আমনিবোৰ । ‘অফ দে’ মানেই বিচ্চ, ডাঙৰ ডাঙৰ চপিং ম’ল সমূহৰ ভিতৰত সময় কটোৱা ! সাগৰৰ নীলা তাইৰ এনেও প্ৰিয় । লাহে লাহে তাইও এই সৰু কিন্তু পৃথিৱীৰ ভিতৰতে ধনী দেশখনৰ প্ৰেমত পৰিৱলৈ ধৰিছে । ফুটবল পগলা গিৰিয়েকে তাইক ২০২২ চনৰ ফুটবল ‘বিশ্ব কাপ’ৰ আয়োজক দেশখনত একেলগে ফুটবল চোৱাৰ বাবে সাজু হবলৈ কয় !!

মনে মনে তাই কাপোৰ বোৰ বেগত সামৰিৱলৈ ধৰে। তাই মন কৰিছে সৌৰভেও চোন পাকঘৰত বাচন ধোৱা, পাচলি কূটাৰ পৰা তাইক নিলগাই নিজে কৰিবলৈ লৈছে !! সিওঁ চাগে চিন্তিত । ফিংগাৰ প্ৰিন্ট নহয় যেনিবা এখন যুদ্ধৰ বাবেহে প্ৰ্স্ত্ত্তি । এটা ৰিপোৰ্ট আহিৱলৈ সময় লয় কমেও এসপ্তাহ । শুক্ৰবাৰ, শনিবাৰ মাজত সোমাই আকৌ বেছি চাপৰহে সৃষ্টি কৰিছে । মুছলিম অধ্যুসিত দেশ হিচাপে শুক্ৰবাৰ,শনিবাৰ যে ইয়াত বন্ধ বাৰ ! চৰকাৰী কাৰ্য্যালয় বন্ধ থাকে দেশখনত, তাইৰ প্ৰথমে প্ৰথমে দেওবাৰটো খোলাবাৰ ৰূপে মানি লবলৈ দিগদাৰ লাগিছিল ।

বহু সাৱধানেৰে এইকেইদিন হাত দুখনক ৰাখিছে ! তৃতীয় তথা অন্তিমবাৰৰ বাবে তাই ফৰেনচিক বিভাগলৈ যাৱলৈ সাজু হ’ল । ইয়াত পুৰুষ মহিলাৰ ফিংগাৰ প্ৰিন্ট পৃথকে পৃথকে লোৱা হয় । পুৰুষৰখিনিৰ বাবে পুৰুষ আৰু মহিলাৰ বাবে মহিলা কৰ্মচাৰী নিয়োজিত । তাই গৈয়ে আগৰ দুৱাৰৰ ৰিপৰ্ট নিগেটিভ অহা কথা অনুকিয়ালে । হাঁহি মাৰি কৰ্মচাৰী গৰাকীয়ে ‘ইনশ্বআল্লাহ’ এইবাৰ সঠিক আহিব বুলি তাইক অভয় দিলে । নিজৰ জেগাত টেবুলে টেবুলে কাগজ কেইখিলা লৈ ঘূৰি ফুৰা দৃশ্যটো ভাঁহি উঠিল তাইৰ । তেওঁ হাতৰ তলুৱাৰ চাপ ল’ৱলৈ সাজু কৰি কৈ উঠিল, ‘ৰিলাক্স, ৰিলাক্স’ । বিজিতাই হাতৰ তলুৱাৰ চাপৰ লগত মনৰ যে ওতপ্ৰোতঃ সম্বন্ধ থাকিব পাৰে জনাই নাছিল । তাই ভাৱিছে, মেট্ৰিক পৰীক্ষা দিওঁতেওঁ চোন ইমান ভীতিগ্ৰস্ত হোৱা নাছিলোঁ!

অৱশেষত পৰম প্ৰতীক্ষাৰ অন্ততঃ সেই বিশেষ দিনটো আহি উপস্থিত হ’ল । এইবাৰ তাই নগ’ল, সৌৰভ অকলেই গ’ল ৰিপোৰ্ট আনিবলৈ। তাই সন্তানসহ মনৰ মানুহজনৰ লগত থাকিৱলৈ বিচৰাতো অন্যায় হব নোৱাৰে। নে কিবা নিবিচাৰিৱলগীয়া খিনি বিচাৰিছে তাই !?! কোনো পাৰপত্ৰই কোনো দেশৰ কানুনে দুখন হৃদয় এক হোৱাত বাধাৰ প্ৰাচীৰ হব নোৱাৰে । এইকেইদিন তাই কমখন যুদ্ধত লিপ্ত হোৱা নাছিল । মন আৰু মগজুৰ যুঁজ-বাগৰত বাৰুকৈয়ে বিধ্বস্ত হৈ পৰিছিল তাই । সৌৰভে প্ৰতিপল ন উদ্যমেৰে আগবাঢ়ি যাৱলৈ উদগণি দিছিল । তাই তাক লৈ অভিমানী হৈ পৰিছে। আজি তাইৰ সমান ভাগ্যৱতী যেন কোনো নাই । সৌৰভে হাঁহি হাঁহি গাড়ীৰ পৰা নামি আহিছে, এজন বিজয়ী সৈণিকৰ দৰে ।

———————————————————————————০০০০০০০০০————————————————————————

মল্লিকা কলিতা
অল খোৰ, কাটাৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক