বিদেশত মোৰ দ্বিতীয় ইনিংচ -(সুজাতা বৰুৱা শইকীয়া)

শিৰোনামাত ‘ইনিংছ’ শব্দটো দেখি পাঠকৰ চাগৈ মনলৈ আহিছে এইটো ক্ৰিকেট খেলৰ ওপৰত লিখা প্ৰবন্ধ৷ পিছে সেইটো নহয় বিদেশত মানে গাল্ফৰ দেশ কাটাৰত মোৰ হোৱা অভিজ্ঞতাক দুটা খণ্ডক ভাগ কৰি আপোনালোকৰ আগত ডাঙি ধৰিবৰ প্ৰয়াস কৰিছোঁ ৷

কাটাৰৰ ৰাজধানী ডোহাত প্ৰথমবাৰ ভৰি দিওঁ ২০০৯চনৰ জুলাই মাহত৷ ডোহা বিমানবন্দৰত নামিয়েই পোনতে চকু পৰিল আটোম-টোকাৰিকৈ সজাই থোৱা ডিউটি-ফ্ৰি দোকানৰ নানাবিধ মোহনীয়া সামগ্ৰীৰ ওপৰত৷ বিমান বন্দৰটো সিমান ডাঙৰ যেন নালাগিল৷ সেয়ে ভাবিলোঁ কাটাৰৰ বাট-পথবোৰো নিশ্চয় সৰু-সৰুৱেই হ’ব৷ পিছে বিমানবন্দৰৰ পৰা অলখোৰলৈকে ৬০কিলোমিটাৰ পথ বেচ আহল-বহলেই দেখিলোঁ৷ ৰাস্তাৰ দাঁতি-কাষৰীয়া ঠাইত আৰু ডিভাইডাৰত নানা ৰঙৰ অনেক ফুল লগোৱা চকুত পৰিল৷ বাটত দেখা পোৱা মানুহবোৰ সকলোৱে কামত ব্যস্ত৷ এঘণ্টাৰ যাত্ৰাৰ অন্তত মোৰ স্বামীৰ কৰ্মস্থল অলখোৰৰ ভাড়াঘৰত উপস্থিত হলোঁগৈ৷ পোনতে অলপ আচহুৱা যেন লাগিলেও আমাৰ ফ্লেটটোত থকা আৰু কেইটিমান ভাৰতীয় পৰিয়ালক লগ পাই সেই ভাৱ দূৰ হ’ল৷ সেই সময়ত অলখোৰ চহৰখন সিমান ডাঙৰ নাছিল৷ এতিয়াৰ দৰে মল বা হাইপাৰমাৰ্কেট তাত নাছিল৷ প্ৰায় সকলো লাগতিয়াল বস্তুৰ বজাৰ কৰিবলৈ ডোহালৈ ঢাপলি মেলিব লগীয়া হৈছিল৷ স্বামী দিনটো কামত ব্যস্ত থাকে৷ মই এই দেশৰ সাপ্তাহিক বন্ধৰ দিন শুকুৰ বাৰলৈ আশাৰে বাট চাই থাকোঁ কাৰণ সেইদিনাহে আমি ফুৰা-চকা বা বজাৰ-সমাৰ কৰিব পাৰোঁ৷

সময় যায়, দিন অতিবাহিত হয়৷ এটা বছৰ কাটাৰত থাকি বহুতো নতুন কথা শিকিলোঁ৷ ন ন জনৰ লগত পৰিচয় হোৱাৰ সুযোগ পালোঁ৷ চকুৰ আগত দেখিবলৈ ধৰিলোঁ অসমতকৈ ৬গুণ সৰু এই ক্ষুদ্ৰ দেশখনে কিদৰে অভাৱনীয় উন্নতিৰ জখলাত বগাইছে৷ অনুভৱ কৰিলোঁ – “How a country develops, if intention is to reach at International level ৷ এইদৰে এবছৰীয়া প্ৰথম ইনিংছ সামৰি পুনৰ মাতৃভূমি অসম ওলাওঁগৈ৷ মোৰ দ্বিতীয় ইনিংছআৰম্ভ কৰোঁ ২০১৩ চনৰ জানুৱাৰী মাহত৷ দুবছৰ আগতে এৰি যোৱা কাটাৰখনে খৰ খোজেৰে গতি কৰি সন্মানজনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ’ল৷ মনৰ ভাৱধাৰাত এনেহে লাগিল যেন “ Development is nothing but a true- hearted intention to achieve the targets”৷ দ্বিতীয়বাৰ মোৰ স্বামীয়ে একেখন ঠাইতে চাকৰিত যোগদান কৰাত মোৰো বিদেশ যাত্ৰাৰ সুযোগ ঘটিল৷ কিন্তু এইবাৰ আমাৰ লগত ওলাল আমাৰ এবছৰীয়া শিশু কন্যা টিয়া৷ ২০২২চনত ফিফা বিশ্বকাপ ফুটবল খেল কাটাৰত অনুষ্ঠিত হোৱাৰ কথা৷ সমগ্ৰ কাটাৰ দেশখন সেয়ে সকলো দিশতে সজাই-পৰাই তোলাৰ প্ৰস্তুতি দিনে-নিশাই চলিছে৷ পুনৰ কাটাৰত ভৰি দি কেইবাজনো আগৰ পৰিচিত বন্ধু-বান্ধৱীক লগ পাই যথেষ্ট আনন্দিত হলোঁ৷ তদুপৰি নতুনকৈয়ো অনেক অসমীয়া পৰিয়ালৰ লগত ঘনিষ্ঠতা গঢ়াৰ সুযোগ পালোঁ৷ কাটাৰৰ অসম

সমাজখন এইবাৰ যথেষ্ট ডাঙৰ আৰু সংগঠিত যেন অনুভৱ কৰিলোঁ৷ বিশেষকৈ অসম সমাজৰ সভাপতি ডাক্তৰ ভূপেন শইকীয়া দাদাই ফে’চবুক আৰু অন্যান্য লিখনিৰ দ্বাৰাই ইয়াক একত্ৰিত কৰিবলৈ সক্ষম হ’ল বুলি ভাবোঁ৷ ২০১৩চনৰ ব’হাগ মাহত কাটাৰৰ ডোহাত পতা ৰঙালী বিহু উৎসৱত নিজে নাচি-গাই ভাগলৈ আনন্দত মতলীয়া হলোঁ৷ বিহুৰ পিঠাপনাৰ জুতি লবলৈ পাই আপোনপাহৰা হলোঁ৷ কাটাৰত আগতে বয়োজেষ্ঠ এচিয়াৰ নাগৰিকক ভিছা দিয়া নহৈছিল৷ কিন্তু অলপতে সেই নিয়ম শিথিল কৰি দিয়াত মোৰ শাহু আই শ্ৰীমতী ইলা শইকীয়াক যোৱা ফেব্ৰুৱাৰীত কাটাৰলৈ ফুৰাবলৈ আনিবলৈ সমৰ্থ হলোঁ৷ এইবাৰ পুনৰ প্ৰবাসী অসমীয়াসকলে আদৰৰ ৰঙালী বিহুটি পাতিবলৈ যো-জা চলাইছে৷ হাঁহি-ধেমালিৰ মাজেৰে ভবা হৈছে পিঠা-পনাৰ কথা, হুছৰি-কোৰাচৰ কথা, নিজ দেশৰ সংস্কৃতিৰ মান ৰখাৰ কথা৷ সকলোৰে সময়ৰ নাটনি সত্বেও বিহুৰ আখৰা আৰম্ভ হৈছে৷ আখৰা মানেই যেন এক প্ৰীতি সন্মিলন৷ বৰ্তমানলৈকে বিদেশত মোৰ দ্বিতীয় ইনিংচৰ বতৰা ইমানেই৷ মোৰ অনুভৱ হৈছে প্ৰথম ইনিংছতকৈ দ্বিতীয় ইনিংছত যেন মই বেচি পুলকিত, বেচি সফল !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments