বিদেশত লগপোৱা অসমীয়া মানু্‌হ ,শিৱসাগৰৰ ভলুকা বাঁহৰ জখলা -(তিৰুজ্যোতি বৰা দাস)

-তিৰুজ্যোতি বৰা দাস

বিদেশত লগপোৱা অসমীয়া মানু্ ,শিৱসাগৰৰ ভলুকা বাঁহৰ জখলা আৰু আমেৰীকান চিপাহীৰ কথা

 

আপোন ঠাইখন ,আপোন মানু্হক এৰি যেতিয়া বিদেশলৈ আহিছিলো তেতিয়া বহুদিনলৈকে চকুপানীৰ ভিৰে নতুন ঠাইখনৰ প্রতি আকর্ষণৰ ভাবটো কমাই তুলিছিল । লা্হে লাহে ঠাইখনৰ লগত সহজ হলো । বন্ধু বান্ধৱ গোট খালে । বেছিভাগেই উত্তৰ ভাৰত আৰু দক্ষিণ-ভাৰতৰ। তাৰ মাজতেই কিছুলোক ভাল বন্ধু হোৱাৰ পথত আগবা্ঢ়িল । তথাপিও মনটোৱে উচপিচাই থাকিল অসমীয়া মানু্হ এঘৰ লগ পাবৰ বাবে । প্রথম বছৰটোত সন্ধ্যা ৰাস্তাৰ কাষেৰে গৈ থাকোতে (নিউজার্চিৰ চমাৰভিলৰ ,বেছিকৈ ভাৰতীয় মানুহ বাস কৰা ঠাইখিনিত ) কান উনাই গৈ থাকিলো , কিজানি ক’ৰবাত পাই যাওঁ অসমীয়া গীত ভাহি অহা এক ঘৰৰ ঠিকনা, কিজানি কৰবাত শুনো এটি বিহুগীতৰ সুৰ, কিজানি এইদৰে ঘুৰি ফুৰোতে লগ পাই যাওঁ এঘৰ অসমীয়া মানু্‌হ । লণ্ড্ৰিত কাপোৰ ধুবলৈ যাওঁতেও  চকুজুৰি অন্বেষণত ব্যস্ত থাকিল , কিজানি ক’ৰবাত দেখা পাই যাওঁ এখন গামোছা । ভাৰতীয় দোকান ভবানীলৈ  যাওঁতেও অসমীয়া মানু্‌হ লগ পোৱাৰ আশা কৰি থাকিলো । অৰকুতটো সন্ধান কৰিলো । লাহে লাহে পুৰণি হলো, বন্ধুৰ সংখ্যা বাঢ়িল । আলহীৰে ঘৰ ভৰা হ’ল । আলহীৰ লগত ইংৰাজী নহ’লে বা  হিন্দীত কথা পাতিব লাগে । বুকুখন দুখেৰে ভৰি পৰে । অসমীয়া কোৱা আলহী এজনো নাহিবই নেকি ! আলহী আহিল । বিদেশত প্ৰথম আমাৰ ঘৰখনলৈ অহা অসমীয়া মানুহঘৰ হৈছে Ames ৰ পৰা অহা মেৰী বাইদেউ (ড.মানসী বুজৰবৰুৱা) আৰু ভিনদেউ ড.প্ৰাঞ্জল বৰা । তাৰপিছত পংখী আহিল , জোঁৱাইৰ সৈতে । মানী আহিল । পুৰণি বান্ধৱী অমৃতা আহিল বষ্টনৰ পৰা । অমৃতা যাবৰ দিনা নাকৰ পানী চকুৰ পানী একাকাৰ কৰিলো ।  শ্ৰীমানৰ বন্ধুও আহিল । কেইদিনমান থাকি সকলো উভতি যায়গৈ । আমি আকৌ অকলশৰীয়া হৈ পৰো । এস , ওচৰতে অসমীয়া মানুহ এঘৰ পোৱা হলে সঘনে লগ পাই থাকিবলৈ !

এদিন ৰাস্তাৰে খোজ কাঢ়ি গৈ থাকোতে বয়সীয়া পৰিয়াল এটি লগ পালো । তেওঁলোকৰ লগত কথা পাতি গম পালো মানু্হজন দিল্লীৰ আৰু মানুহগৰাকী অসমৰ । অসমৰ পৰা অহা বুলি জানি  আনন্দতে মনটো দেও দি জপিয়াই উঠিল । হওক তেও ওচৰতে অসমীয়া মানুহ এঘৰ পালো । কেইষাৰ মান অসমীয়াত কথা পতাৰ পাছতেই তেওঁ ইংৰাজী হিন্দী মিহলি কৰি কথা কোৱাত লাগিল । নাই , অসমীয়া কোৱাৰ নামেই নলয় । কেইবাদিনো লগ পালো । একো লাভ নাই । মনটো মৰহি গ’ল মোৰ। গুৱাহাটীৰ পৰা সকলোৱে কয় নিউয়র্কত থকা অসমীয়া পৰিয়াল এটাৰ কথা । তেখেত হৈছে ডা: সত্যেন্দ্ৰ নাথ দাস,আমাৰ মহাদেউৰ বন্ধু । শ্ৰীমান  আগতে তেওঁলোকৰ ঘৰলৈ  গৈছে ,মইহে যোৱা নাই । শ্ৰীমানৰ মুখত প্ৰায়ে শুনো তেওঁলোকৰ কথা । আমি তেওঁলোকক মহা মাহী বুলিয়েই মাতো । আমি বহুদিনৰ মুৰত এদিন ওলালো । সেইয়া ২০১০ৰে কথা । মনত অলপ ভয়ও আছিল,আজি ত্ৰিশ বছৰৰো অধিক হ’ল তেওঁলোকৰ বিদেশত ,কতনো এখন অসমীয়া ঘৰ পাম । পিছে মনৰ সেই  আহুকলীয়া ভাবটো আতৰাই অন্য এখন ঘৰেহে চকুৰ আগত ধৰা দিলে । তেওঁলোক নিউয়র্কৰ Bronx ত থাকে । চ’ৰাঘৰত সোমায়েই অনুভব হ’ল  আমেৰিকাত নহয় যেন অসমৰ কোনোবা এটা ঘৰতহে  সোমাইছো । ৰঙা ৰঙৰ জাপি,শৰাইৰে শুৱনি চ’ৰাঘৰ । আমি এটা ৰাতি থাকিলো । মাহীৰ আন্তৰিকতাৰ শেষ নাছিল, নিজহাতে ইটো ৰান্ধিছে ,   সিটো ৰান্ধিছে । তেওঁলোকৰ তিনিওজন লৰা ছোৱালীয়ে অসমীয়া জানে । মহাই ক’লে – “ সিহঁতক মই কৈছো ঘৰৰ বাহিৰত যি কৱ কবি কিন্ত ঘৰৰ দুৱাৰদলি সোমোৱাৰ লগে লগে অসমীয়া কবিহঁক”।  মাহীয়ে ক’লে এবাৰ তেওঁলোকৰ ঘৰলৈ অহা এজন অসমীয়া ল’ৰাৰ কথা । তিনিবছৰ আমেৰিকাত থাকিয়েই অসমীয়া কবলৈ পাহৰাৰ কথা । এইবোৰ ঢং , কথাটো শুনি হতাশ হ’লো । ঘৰখনত থাকি এবাৰৰ বাবেও অনুভৱ ন’হল তেওঁলোকৰ ঘৰলৈ  প্ৰথম বাৰৰ বাবে গৈছো । ভাব হ’ল  অসমৰ নিজৰ ঘৰলৈহে যেন গৈছো । মহাই ছবি আঁকে,খুব সুন্দৰ ছবি । ঘৰখনৰ প্ৰতিটো অংশতেই তেওঁৰ ছবিবোৰ সজাই থোৱা আছে,বেছিভাগেই তেল ৰঙৰ ছবি । ছবিবোৰৰ সৰহসংখ্যকেই  আমাৰ অসমৰ কথা কৈছে । আমাৰ ভোগালী বিহু ,সত্ৰীয়া নৃত্য,ভূঁই ৰুই থকা ৰোৱনী ,ওকনি চাই থকা অসমীয়া গাঁৱৰ নিভাঁজ ছবিবোৰৰ নামবোৰো ৰাখিছে নিভাঁজভাবেই ।যেনে অসমী আই ,ভোগালী আৰু বহুতো । মই আপ্লুত হ’লো  । বিদেশত লগ পোৱা এইঘৰ মানুহে মৰমেৰে আমাক উপচাই ৰাখিছে এতিয়াও । বিহুকেইটাত প্ৰথম বছৰ বৰাচাউল বিচাৰি হাবাথুৰি খাইছিলো  । ভাৰতীয় দোকান ভবানীৰ পৰা বিভিন্ন ধৰনৰ চাউল আনি পিঠা পোৰাৰ চেষ্টা  চলাইছিলো , নাই পিঠা নুঠেহে নুঠে । বিহুত পিঠাৰ আকাৰ দিব নোৱাৰি একপ্ৰকাৰ হতাশেই হৈ পৰিছিলো । পিছে এই সকলোবোৰ সৰু সৰু সমস্যাৰ লাহে লাহে সমাধান ওলাল ।মাহীয়ে ক’লে এচিয়ান মার্কেট ত চুইট ৰাইচ নামৰ এটা চাউলৰ পেকেট পাই বুলি ,সেয়াই আমাৰ বৰাচাউল ।

বিদেশত লগ পোৱা এই আপোন পৰিয়ালটোৰ পৰা বহুকথা জানিব আৰু শিকিব পাৰিছো ।কাহিনীৰ দৰে লগা এটা সচাঁ ঘটনা আজি আপোনালোককো জনাইছো ।তেওঁলোকৰ ঘৰৰ গাড়ীখনৰ নাম্বাৰ প্লেটত লিখা আছে অসমৰ নাম,সংখ্যাকেইটাৰ ঠাইত Assam বুলি লিখা আছে । এবাৰ তেওঁলোকৰ ঘৰৰ কাষৰ ঘৰতে এজন নতুন মানুহ আহিল ,তেওঁৰ নাম ডেনী । গাড়ীখনত অসমৰ নামটো দেখা পাই তেওঁ উধাতু খাই আহি সুধিলে তেওঁলোক অসমৰ নেকি । অসমৰ বুলি জানি ডেনী নামৰ এই আমেৰীকান জন আবেগীক হৈ পৰিল । তেওঁ খুউব ভাল পাই আমাৰ ঠাইখন । তেওঁ আমেৰীকান নর্থ ইষ্টাৰ্ন  ফ্ৰন্টিয়াৰৰ আর্মি  ,১৯৪২ চনত এবছৰ তেওঁ শিৱসাগৰৰ এখন গাঁৱত আছিল । সেই এটা বছৰত তেওঁ অসমৰ সংস্কৃতি আৰু গাঁৱৰ সহজ সৰল মানুহৰ মৰমবোৰ পাই অসমখনক ভাল পাই পেলাইছিল । অসমীয়া খাদ্য খাই ভাল পাইছিল । অসমৰ ধাননী পথাৰবোৰে তেওঁৰ মন চুইছিল ।তেওঁৰ ভনী জোঁৱায়েকো গৈছিল অসমলৈ তেওঁৰ দলতে ।এদিন ৰাতি শিবসাগৰৰ গাঁৱৰ কোনোবা এঘৰত ভনী জোঁৱায়েকে চুলাই মদ খালে  । মদৰ নিচাত খোজ কাঢ়ি যাওঁতে ভনী জোঁৱায়েক নাদ এটাত পৰিল ।হেল্প হেল্প বুলি চিঞৰাত আমেৰীকান চিপাহী বোৰ দৌৰি আহিল যদিও নাদৰ পৰা কেনেকৈনো উঠাব তাৰ উপায় উলিয়াব নোৱাৰিলে । হুলস্থূল শুনি গাঁৱৰ মানুহবোৰ আহিল । তেওঁলোকে আমেৰীকান চিপাহী জনক ভলুকা বাহঁৰ জখলা এডালৰ সহায়ত নাদৰ পৰা উঠাই আনিলে । ভলুকা বাহঁৰ জখলাডাল দেখি আমেৰীকান চিপাহীবোৰ অবাক ।জীৱনত প্ৰথম বাৰৰ বাবে দেখিলে সকলোৱে ভলুকা বাঁহৰ জখলা ।আও অসমীয়া মানু্হ কম বুদ্ধিমান নহয় দেই । এইখিনি কথা ডেনীৰ মুখৰ কথা । আমেৰীকাত থাকি অসমৰ মানু্হৰ মৰম আৰু সেউজীয়া ধাননীবোৰৰ কথা মনত পেলাই থকা ডেনী নামৰ এই চিপাহীজন এতিয়া নাই ,তেওঁ ঢুকাল ।

হয় বিদেশৰ মাটিত লগ পোৱা এই দেশৰ মানুহে চিনি পাই আমাৰ অসমখন । আমিও লগ পাইছো তেনে মানুহ ।অসম বুলিলেই তেওঁলোকে মনত পেলাব বিচাৰে দুটা নাম মাজুলী  আৰু কাজিৰঙা । মাজুলীৰ কথা কলেই গর্বিত হওঁ মই ,তাতেই যে মোৰ জন্ম  । গর্বিত হলেও বানপানীৰ অত্যাচাৰত কোঙা হ’বলৈ  ধৰা মৰমৰ মাজুলীখনৰ কথা ভাবিলে বুকুখন খুন্দা মাৰি ধৰে । বিদেশৰ জন্মদিনৰ উত্‍সৱ  বা তেনেধৰনৰ আন কিবা উত্সৱত যেতিয়া আমৰ পাটৰ কাপোৰসাজ পিন্ধি যাওঁ তেতিয়া সকলোৱে পিটিকি পিটিকি চাই কাপোৰৰ ডিজাইন ,ডিঙিৰ দুগদুগী ঢাৰীৰ প্ৰসংশাত পঞ্চমুখ হয় বহুতো । বুকুখন ভৰি উঠে । মনে মনে ভাবি থাকো বহু কথা ,বিদেশত  গঢ়ি তুলিব পাৰি নেকি অসমীয়া পাট মুগাৰ এখন বজাৰ ?

 

( আলোকচিত্ৰ লেখিকাৰ নিজা )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments