বিদ্যালয়লৈ যাওঁ ব’লক : বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয় (পংকজ বৰা)

বিদ্যালয়লৈ যাওঁ ব’লক : বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়

পংকজ বৰা

 

পাতনি

বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়

http://borbalihsschool.com/

শিক্ষা আৰু শান্তি

ৰচনা আৰু সম্পাদনাঃ

শ্ৰী ললিত শইকীয়া

শ্ৰী উমেশ সোণোৱাল

পঞ্চম প্ৰকাশ : ৫ জুন

২০১০ চন

বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়

http://borbalihsschool.com/

বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰূপায়ণ কৰি থকা ব্যতিক্রমধৰ্মী বিদ্যালয়লৈ যাওঁ ব’লক কাৰ্যসূচীটিয়ে ষষ্ঠ বৰ্ষত ভৰি দিলে৷ এইয়া আমাৰ শিক্ষানুষ্ঠানটি তথা সমাজখনৰ বাবে গৌৰৱৰ কথা৷ এই কাৰ্যসূচীৰ আধাৰতে বিদ্যালয়ত গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে এক কৰ্মভিত্তিক পৰিবেশ৷ ইতিমধ্যে কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি বিভিন্ন কৰ্মসূচী ৰূপায়ণ কৰা উপৰি কাৰ্যসূচীৰ প্ৰতিটো প্ৰতিষ্ঠা দিৱসতে (৫ জুন) প্ৰকাশ কৰি অহা হৈছে কাৰ্যসূচীটিৰ মুখপত্ৰখনি৷

বৰ্তমান সমাজত যিকোনো কাৰণে নহওক কিয় শান্তিৰ পৰিবেশ যে বিঘ্নিত হৈছে ই ধ্ৰুৱ সত্য৷ অন্যহাতে সকলোফালে নিৰাপত্তাহীনতা অৱস্থাই মানুহৰ মন ভাৰাক্রান্ত কৰি তুলিছে৷ এনে পৰিস্থিতিত সকলোৱেই চিন্তা কৰিছে শান্তিৰ কথা৷ কিন্তু প্ৰশ্ন হৈছে শান্তি কেনেদৰে সম্ভৱ হ’ব? তাৰ উত্তৰ নিশ্চয় এটাই হ’ব শিক্ষা৷ শিক্ষাৰ ক্ষেত্ৰত শান্তিৰ বাবে পাঠ অনুশীলন হ’ব লাগে দেশৰ উঠি অহা প্ৰজন্মই শিক্ষানুষ্ঠানত শান্তিৰ বাবে শিক্ষা গ্ৰহণ কৰি এখন শান্তিৰ সমাজ গঢ়ি তোলক৷

এনে উদ্দেশ্যৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়লৈ যাওঁ ব’লক কাৰ্যসূচীৰ প্ৰতিষ্ঠা দিৱসত কাৰ্যসূচীটিৰ মুখপত্ৰখনিৰ পঞ্চম প্ৰকাশটি নামকৰণ কৰা হৈছে- শিক্ষা আৰু শান্তি৷

একবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধতে আমি এখন শান্তিপূৰ্ণ সমাজৰ আশা কৰি শিক্ষানুষ্ঠানৰ পৰিবেশত স্বাভাৱিকতে উপলব্ধ হোৱা সম্পদ সমূহৰ পূৰ্ণ আৰু উপযুক্ত ব্যৱহাৰৰ জৰিয়তে প্ৰথমে বিদ্যালয়ৰ পৰাই আৰম্ভ হওঁক শান্তি আৰু সম্প্ৰীতিৰ শিক্ষাৰে শিক্ষাৰ্থীক এখন শান্তিপূৰ্ণ সমাজৰ বাবে প্ৰস্তুত কৰি গঢ়ি তোলাৰ প্ৰক্রিয়া৷

মুখপত্ৰখনি প্ৰকাশৰ ক্ষেত্ৰত বিভিন্নজনে দিহা পৰামৰ্শ দিয়াৰ বাবে আমি সকলোৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছো৷ লগতে যিসকল ব্যক্তিয়ে আমাৰ প্ৰতি সহাৰি জনাই মুখপত্ৰখনিত সন্নিবিষ্ট প্ৰশ্ন পত্ৰখনিৰ উত্তৰ সমূহ তথা মন্তব্য আগবঢ়ালে তেখেতসকললৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ৷ শেষত মুখপত্ৰখনি ছপা কৰি উলিওৱা কুঁহিপাত অফ্‌ছেটৰ ৰাঞ্জিত কুমাৰ ফুকন আৰু প্ৰবাল দত্ত (দিজু) আৰু সকলো কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল৷

 

বিদ্যালয় সংগীত

ৰচনা : শ্ৰীযুত ললিত শইকীয়া

সুৰ : শ্ৰীযুত ধীৰেণ চেকনীধৰা

অ’ মোৰ জ্ঞানৰ মন্দিৰ

অ’ মোৰ মনৰে মন্দিৰ

ধুৱাও চৰণ তোমাৰ

প্ৰেমৰ ৰেণুৰে

গাঁও গীত

জীৱনৰ পুৱতী বেলাৰ

শান্ত সুকোমল ধ্বনিৰে৷

অ’ মোৰ …

…………………………………..

আকাংখা আমাৰ

বাসনা আমাৰ

তৃষ্ণা আমাৰ

প্ৰাচুৰ্যৰে ভৰা

তোমাৰ হৃদয়ত

জ্ঞানৰ ৰশ্মি বোটলা

অ’ মোৰ ….

…………………………………..

যাওঁ আমি আগবাঢ়ি

তোমাৰ বুকুৰ

পোৱাল মাণিক বুটলি

অজ্ঞতাৰ তমসা নাশি

শতিকাৰ মাধুৰ্য বিচাৰি

বিজয়ৰ শুকুলা পালতৰি

অ’ মোৰ …

***********************

ভিতৰ ৰাত এভূমুকি

  • শিক্ষা আৰু শান্তি
  • শিক্ষানুষ্ঠানত শান্তি শিক্ষা
  • শিক্ষানুষ্ঠানৰ দিশতছাত্ৰ-ছাত্ৰীয়ে শান্তি সম্প্ৰীতিৰ পাঠ  গ্ৰহণ কৰিব পাৰে
  • শান্তি ক্ষেত্ৰত সহ বিদ্যায়তনিক শিক্ষাৰ ভূমিকা
  • শান্তিৰ ক্ষেত্ৰত পৰিবেশৰ ভূমিকা
  • শান্তিৰ ক্ষেত্ৰত বিদ্যায়তনিক শিক্ষা
  • সামাজিক পৰিবেশ অধ্যয়ন
  • বিদ্যালয়ত সহ-বিদ্যায়তনিক শিক্ষাৰ যোগেদি শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ প্ৰয়াস
  • প্ৰশ্নভিত্তিক মতামত গ্ৰহণ পত্ৰ
  • প্ৰশ্নভিত্তিক মতামতৰ মূল্যায়ন
  • প্ৰশ্নভিত্তিক মতামত
  • বিদ্যালয় সম্পৰ্কে

 

শিক্ষা আৰু শান্তি

শিক্ষাই হৈছে একমাত্ৰ মাধ্যম যি সমাজত আৱশ্যকীয় পৰিবৰ্তন আনিব পাৰে৷ অন্যহাতে সামাজিক প্ৰগতিৰ আহিলাও হৈছে শিক্ষা৷ সামাজিক প্ৰগতি তেতিয়াহে সম্ভৱ হ’ব যেতিয়া শিক্ষা সমাজৰ পৰম্পৰাগত নীতি আৰু মূল্যবোধৰ আধাৰত আগবাঢ়িব৷ ইতিহাসেও আমাক তাকেই কয় যে, সকলো ধৰণৰ আৱশ্যকীয় পৰিবৰ্তন সম্ভৱ আৰু ইয়াৰ শক্তিশালী মাধ্যম শিক্ষা৷

স্বাভাৱিকতে সামাজিক প্ৰগতি নিৰ্ভৰ কৰিছে সমাজৰ মানসিক স্বাস্থ্যৰ ওপৰত৷ সাম্প্ৰতিক সময়ত সমাজৰ মানসিক স্বাস্থ্য যে ৰুগ্ন হৈ পৰিছে, তাক সকলোৱে একে মুখে স্বীকাৰ কৰিছে৷ সমাজৰ সকলো স্তৰতে অনিয়ম, দুৰ্নীতি, হত্যা, হিংসা, লুন্ঠন, অত্যাচাৰ, নিপিড়ন, শোষণ, নিৰ্যাতন আদি মানৱীয় কাৰ্য কলাপে জনজীৱন বিপন্ন কৰি তুলিছে৷ সমাজত অবাধ গতিৰে সংঘটিত হৈ থকা সমাজখনক ৰুগ্ন কৰি তোলা অসামাজিক কাৰ্যকলাপ নিৰ্মূল কৰাৰ আৱশ্যকীয় পদক্ষেপ গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে মানৱীয় প্ৰমূল্য সমূহৰ সমাধি ঘটিব৷

বৰ্তমান সময়ত গোটেই বিশ্বতে দ্বিবৎ মহলত এটা সমস্যাই চিন্তিত কৰি তুলিছে৷ সেইয়া হৈছে সামাজিক শান্তি৷ সমাজত হৈ থকা নীতি বহিৰ্ভূত কাৰ্যকলাপৰ ফলশ্ৰুতিয়েই সামাজিক অশান্তিৰ মূল কাৰণ৷ প্ৰতিদিনে বাঢ়ি যোৱা অশান্তিয়ে গোটেই বিশ্ববাসীৰ বাবে অশুভ ইঙ্গিত বহন কৰিছে৷ এনে পৰিস্থিতিয়ে কেৱল মানৱ সমাজতে নহয় বিশ্বৰ জীৱ জগতৰ মাজতো সংঘাটৰ সৃষ্টি হৈ গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে৷ শান্তি, সম্প্ৰীতি স্থাপনৰ বাবে আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ কিন্তু তেনে প্ৰচেষ্টাবোৰৰ  সফলতা বৰ্তমান সামাজিক পৰিস্থিৰি পৰাই অনুমান কৰিব পাৰি৷

এতিয়া প্ৰত্যেকৰ অন্তৰত এটাই চিন্তা হৈছে যে কি নতুন পদক্ষেপৰ সহায়ত সমাজত স্থায়ী শান্তিৰ কথা চিন্তা কৰিব পৰা যায়৷ লগে লগে এনে কথাও চিন্তা কৰাৰ প্ৰয়োজন কেনে পৰিস্থিতি বা পৰিবেশে দুৰ্নীতি, হত্যা, হিংসাৰ দৰে অ মানৱীয় চিন্তাই মানৱ অন্তৰত থিতাপি লয়৷ যুদ্ধ, দৃস্কৃতি, সন্ত্ৰাসবাদ আদি অসৎ প্ৰবৃত্তিবোৰ প্ৰথমে মানুহৰ মনত থিতাপি লয়৷ তেনে আসুৰিক প্ৰবৃত্তি সমূহৰ সৃষ্টিৰ ক্ষেত্ৰখনক যদি নিকা আৰু পবিত্ৰ কৰি ৰখাৰ পৰিবেশ আৰু অনুশীলন শিশুৰ শিক্ষাৰ আৰম্ভণিৰ পৰাই ব্যৱস্থা কৰা হয় তেতিয়া নিশ্চয় বিদ্যালয়তে ভৱিষ্যতে এক শান্তিৰ পৰিবেশৰ কথা আমি ভাবিব পাৰো৷

বৰ্তমান আমাৰ শ্ৰেণীকোঠাৰ সদস্য সকলেই হৈছে ভৱিষ্যত সমাজৰ একো একোজন সুদক্ষ নেতা, সমাজকৰ্মী, সাহিত্যিক, শিক্ষক, সাংবাদিক, শিল্পী, চিত্ৰকৰ, খনিকৰ, আইনজ্ঞ, অভিযন্তা, ডাক্তৰ, বিজ্ঞানী, উদ্যোগপতি, কৃষক, বনুৱা আদি৷ আমাৰ ভৱিষ্যত আশা ভৰষা, এইসকলক নিজা নিজা ক্ষেত্ৰত একো একোজন সুদক্ষ নিপুন, সৎ কৰ্মীৰূপে গঢ়ি তোলাৰ দায়িত্ব শিক্ষাৰ৷ বৰ্তমানৰ শ্ৰেণীকোঠা সমূহ কেৱল বৌদ্ধিক পাঠৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ ফলস্বৰূপে শিক্ষা হৈ পৰিছে পৰীক্ষা কেন্দ্ৰিক (Examination Centred) এক বিষয়৷ ছাত্ৰ, শিক্ষক, অভিভাৱক সকলোৱে কেৱল একোখন উন্নত নম্বৰ তালিকা তথা প্ৰমাণ পত্ৰ সংগ্ৰহৰ প্ৰতিযোগিতাত নামি পৰিছে৷ ফলস্বৰূপে আমি পাহৰি গৈছো ছাত্ৰ-ছাত্ৰীৰ ভিন্ন ৰুচি-অভিৰুচি, পাহৰি গৈছো সমাজ সংস্কৃতিত অভূতপূৰ্ব বৰঙণি আগবঢ়াব পৰা ভিন্ন যোগ্যতা তথা প্ৰতিভা সমূহৰ কথা৷ উপযুক্ত পৰিকল্পনাৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ আৰম্ভণিৰে পৰা যদি সুপ্ত প্ৰতিভা সমূহ চিনাক্ত কৰি আৱশ্যকীয় পৰিবেশত সেই সমূহ বিকাশৰ প্ৰশিক্ষণ দিয়া হয় তেতিয়া সমাজৰ প্ৰগতি আৰু সংস্কৃতিৰ উত্তৰণত বৰঙণি যোগোৱাৰ উপৰিও সামাজিক দুস্কৃতিৰ অৱসান ঘটিব৷

শিক্ষানুষ্ঠান সমূহ হৈছে সমাজৰ একো একোটা পৰীক্ষাগাৰ৷ সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমূহ নিৰাময়ৰ বাবে শিক্ষানুষ্ঠানতে পৰীক্ষা নিৰিক্ষা কৰাৰ প্ৰয়োজন৷ বৰ্তমান মূল্যবোধৰ তীব্ৰ সংকটৰ সময়ত আমাৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিবলৈ শিক্ষাৰ ক্ষেত্ৰত মানবীয় প্ৰমূল্য সমূহৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰি শিক্ষাক আগবঢ়াই নিব লাগিব৷ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ন ন আৱিষ্কাৰে এফালে যেনেদৰে জীৱন ধাৰণৰ মানদণ্ড (Standard of living) উন্নত কছে অন্যহাতে জীৱনৰ মানদণ্ডৰ (Standard of life) ওপৰত আঘাট হানি উঠি অহা প্ৰজন্মক দিশহাৰা কৰি তুলিছে৷ গোলকীকৰণে যেনেদৰে আমাৰ মনলৈ গোলকীয় গাঁৱৰ ধাৰণা আনি দিছে সেইদৰে গোলকীয় শান্তি সময়ৰ সেতু দৃঢ় কৰাৰ আখৰা আমাৰ শ্ৰেণীকোঠা সমূহত হোৱাৰ প্ৰয়োজন৷

কেৱল সভা-সমিতি, আলোচনা চক্র, কৰ্মশালা, শ্ল’গান আদিৰে সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা সম্ভৱ নহয়৷ বৰ্তমান বিজ্ঞানৰ অভূতপূৰ্ব অৱদানে যেনেদৰে সকলো ধৰণৰ সুখ স্বাচ্ছন্দ্য ঘৰতে উপলব্ধ হৈছে, অন্যহাতে প্ৰত্যেকেই নিজৰ ঘৰতে সমানে অসহায়, নিৰাপত্তাহীনতা, নিসংগতাৰ দৰে মানসিক অশান্তিতো ভোগ কৰিছে৷ এইয়া হৈছে যান্ত্ৰিক তথা বস্তুবাদী আদৰ্শেৰে আগবঢ়া সমাজৰ সামাজিক মূল্যবোধৰ ফলশ্ৰুতি৷ য’ত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব নাথাকিব, তাত মানৱীয় প্ৰমূল্য সমূহৰ মূল্যও নাথাকিব৷ একোখন সমাজৰ বাবে এনে পৰিস্থিতি দুৰ্ভাগ্যজনক আৰু ভয়াবহ৷

কৰ্ম সংস্কৃতি হৈছে শান্তিৰ প্ৰতীক৷ প্ৰত্যেক কৰ্মৰ মাজত নিহিত হৈ থকা আদৰ্শ, শৃংখলা, প্ৰেম, প্ৰেৰণাৰ দৰে অনুভূতি সমূহৰ উপলব্ধিয়ে অন্তৰ পবিত্ৰ কৰি শিশুৰ সৰ্বাঙ্গীন বিকাশ ঘটায়৷ ভবিষ্যতে এখন সুন্দৰ আৰু শান্তিপূৰ্ণ সমাজৰ বাবে এতিয়াৰ পৰাই আমাৰ শ্ৰেণীকোঠাৰ সদস্যসকলক গঢ়ি তুলিব লাগিব৷ সমাজৰ শান্তি বিঘ্নিত কাৰকসমূহৰ বিপক্ষে সংগ্ৰাম কৰিবলৈ মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব৷ সামাজিকভাৱে শিক্ষা অৰ্থপূৰ্ণ হ’ব তেতিয়াহে, যেতিয়া ই কেৱল পৰম্পৰাগত পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰশীল নহৈ পৰীক্ষা নিৰিক্ষা আৰু নতুনত্বৰ ভেটিত আগবাঢ়িব৷ বৰ্তমান শিক্ষানুষ্ঠান সমূহত নীতি শিক্ষা, চৰিত্ৰ পাঠৰ দৰে বিষয়সমূহ যেনেদৰে গুৰুত্বহীন হৈ পৰিছে একেদৰে সামাজিক শান্তি-সম্প্ৰীতি গঢ়ি তোলাত বৰঙণি যোগাব পৰা সহ-বিদ্যায়তনিক পাঠ্যক্রমৰ অনুশীলনো পুতৌ লগা হৈছে৷ প্ৰত্যেকবিধ সহ-বিদ্যায়তনিক পাঠ্যক্রম কৰ্মভিত্তিক আৰু মানৱীয় প্ৰমূল্যসমূহৰ উৎকৰ্ষ সাধন কৰিব পৰা গুণেৰে সমৃদ্ধ হোৱাৰ উপৰিও স্ব-নিয়োজন, নীতি-শৃংখলা সহযোগিতা, নেতৃত্ব, সৃজনীমূলক প্ৰতিভা বিকাশ, স্বাস্থ্য ৰক্ষা, সৌন্দৰ্যবোধ, উৎপাদন-প্ৰক্রিয়া আদি বিষয় সমূহৰ জ্ঞানেৰে সংপৃক্ত হৈ আছে৷ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰে শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব বা ভবিষ্যতে কি হ’ব তাৰ কোনো ধাৰণা নাই৷ সহ-বিদ্যায়তনিক পাঠ্যক্রম অনুশীলনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ৰুচি অভিৰুচি সমূহ বাচি উলিয়াই উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে ভৱিষ্যতে সমাজত সফলভাৱে জীৱন যাপন কৰিবলৈ সক্ষম হ’ব৷

শিক্ষাৰ ক্ষেত্ৰখনৰ প্ৰাচুৰ্য তথা ইয়াৰ সম্পূৰ্ণ উপযোগিতা নিৰ্ভৰ কৰিছে শিক্ষক সমাজৰ ওপৰত৷ সেয়ে আজিৰ সমাজে শিক্ষক সকললৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে৷ প্ৰকৃত মানুহ গঢ়া শিল্পী শিক্ষক সকলৰ ওপৰতে নিৰ্ভৰ কৰিছে একো একোখন সমাজৰ ভৱিষ্যত৷ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক সকলেই হৈছে একো একোখন ডাঙৰ কিতাপ৷ সেয়ে শিক্ষক সমাজৰ ত্যাগ আৰু কৰ্তব্য নিষ্ঠাৰ ওপৰতেই ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ ঘটে৷ শিক্ষক সমাজৰ বলিষ্ঠ নেতৃত্বৰ অবিহনে ছাত্ৰ-ছাত্ৰীৰ জন্মজাত অশুভপ্ৰবৃত্তি সমূহৰ পৰিশোধন কৰা অসম্ভৱ৷ এটা আৱশ্যকীয় পৰিবেশৰ সৃষ্টি কেৱল শিক্ষকেহে কৰিব পাৰিব৷ শিক্ষানুষ্ঠান হৈছে সমাজৰ এক ক্ষুদ্ৰ সংস্কৰণ৷ পাঠ্যক্রম যেনেদৰে শিক্ষাৰ্থীকেন্দ্ৰীক হোৱাৰ প্ৰয়োজন ঠিক তেনেদৰে শিক্ষানুষ্ঠান সমাজকেন্দ্ৰীক হোৱা প্ৰয়োজন৷ শিক্ষানুষ্ঠানত সমাজৰ প্ৰয়োজনভিত্তিক পাঠদান হ’ব লাগে৷

শিক্ষাৰ প্ৰাসাদটো সুদৃঢ় কৰি ৰাখিবলৈ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰে সহযোগিতা অতি প্ৰয়োজন৷ শিক্ষানুষ্ঠান, অভিভাৱক আৰু সমাজৰ মাজত সু সময় গঢ়ি উঠিলেহে শিক্ষানুষ্ঠানৰ প্ৰকৃত উপযোগিতা শিক্ষাৰ্থী তথা সমাজে আশা কৰিব পাৰিব৷ শিক্ষাৰ্থী আৰু সমাজৰ প্ৰয়োজন সমূহ সমাধানৰ বাবে পৰীক্ষা নিৰিক্ষা শিক্ষানুষ্ঠানতে কৰিব লাগিব৷ সেয়ে শিক্ষানুষ্ঠানক সামাজিক গৱেষণাগাৰো বুলিব পাৰি৷ যেতিয়া শিক্ষানুষ্ঠান আৰু সমাজৰ মাজৰ সম্বন্ধ ওতঃপ্ৰোত হ’ব তেতিয়া সমাজৰ অভাৱ অসুবিধাখিনি সমাধানৰ উপায় উদ্ভাৱন হোৱাৰ উপৰি সামাজিক শান্তি প্ৰতিষ্ঠাত আৱশ্যকীয় পদক্ষেপ গ্ৰহণৰ সুবিধা হ’ব৷সহযোগিতা সম্প্ৰীতিয়ে মানৱ মনৰ দিগন্তক প্ৰসাৰিত কৰি নতুন চিন্তাৰ উন্মেষ ঘটায়, য’ত নিহিত হৈ থাকে শান্তিৰ বীজমন্ত্ৰ আৰু তাতেই আছে প্ৰগতিৰ মহামন্ত্ৰ৷ সেয়ে শিক্ষানুষ্ঠান সমূহ প্ৰকৃতাৰ্থত একো একোটা জ্ঞান মন্দিৰলৈ ৰূপান্তৰ হওক, যৰ পৰা প্ৰাণ পাই উঠক শান্তি আৰু আদৰ্শৰ এখন নতুন সমাজ৷

শিক্ষানুষ্ঠানত শান্তি শিক্ষা

শিক্ষাৰ সকলো ক্ষেত্ৰতে শান্তিপূৰ্ণ পৰিবেশ সংপৃক্ত হৈ থকাটো বাঞ্চনীয়৷ য’ত শান্তি নাই তাত শিক্ষাও সম্পূৰ্ণ হ’ব নোৱাৰে৷ এক শান্ত তথা শান্তিপূৰ্ণ পৰিবেশৰ মাধ্যমহে প্ৰকৃত শিক্ষাৰ থলি হ’ব পাৰে৷ বৰ্তমান সামাজিক অশান্তিয়ে শিক্ষানুষ্ঠান সমূহৰ শিক্ষাত ব্যাঘাত জন্মাইছে৷ হয়টো বিভিন্ন স্তৰৰ বিষয়ত বিভিন্নজনে অতি দক্ষতাৰে শিক্ষা সম্পন্ন কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ কিন্তু তেনে শিক্ষা আহৰণৰ ক্ষেত্ৰখন যদি শান্ত সমাহিত নহয় তেতিয়া বাস্তৱ ক্ষেত্ৰত সামাজিক মূল্যায়ণত ত্ৰুটিপূৰ্ণ আৰু অশান্তিৰ কাৰক হৈ পৰিব৷ পাঠ্যক্রমৰ প্ৰতিটো বিষয়তে ঐক্য শান্তিৰ সম্বন্ধ স্থাপন কৰাৰ প্ৰয়োজন আছে৷ শিক্ষাৰ শ্ৰেষ্ঠতম ফল লাভ কৰিবলৈ শান্তিৰে সমৃদ্ধ এক শ্ৰেষ্ঠতম পৰিবেশৰ আৱশ্যক৷

শিক্ষানুষ্ঠানৰ কোনবোৰ দিশত ছাত্ৰছাত্ৰীয়ে শান্তি সম্প্ৰীতিৰ পাঠ গ্ৰহণ কৰিব পাৰে :

বিদ্যালয় সমূহত সাধাৰণতে বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক পাঠ গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা দিয়া হয়৷ বিদ্যায়তনিক বা সহ-বিদ্যায়তনিক যি শিক্ষাই নহওক কিয় সকলো ধৰণৰ শিক্ষাৰ পাঠদানত শান্তি-সম্প্ৰীতিৰ ধাৰণা বিভিন্ন কাৰ্যপ্ৰণালীৰ মাধ্যমেৰে শ্ৰেণীকোঠাৰ ভিতৰে বাহিৰে অনুশীলনৰ ব্যৱস্থা কৰিব পাৰি৷ সাধাৰণতে বিদ্যালয়সমূহত সহ-বিদ্যায়তনিক শিক্ষাৰ ওপৰত একেবাৰে কম গুৰুত্ব দিয়া হয়৷ সহ-বিদ্যায়তনিক শিক্ষা গুৰুত্বহীন হৈ পৰাৰ বাবেই শিশুৰ সৰ্বাঙ্গীন বিকাশ স্থবিৰ হৈ পৰাৰ লগতে নৈতিক ভাবেও দুৰ্বল হৈ পৰিছে৷

সহ-বিদ্যায়তনিক পাঠ্যক্রমসমূহে কেৱল ছাত্ৰ-ছাত্ৰীক নৈতিকভাবে সবল নকৰে; ই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ প্ৰতিশ্ৰুতি কঢ়িয়াই আনে৷ ব্যৱহাৰিক জীৱন কৰ্ম আৰু আদৰ্শৰ লগত সংপৃক্ত৷ ভৱিষ্যত জীৱনৰ প্ৰতিটো আশা আকাংখ্যাৰ ৰেঙনি দেখিবলৈ পায় সহ-বিদ্যায়তনিক পাঠ্যক্রমৰ মাজত৷

নৈতিক চৰিত্ৰৰ সবলতাই সমাজত শান্তি প্ৰতিষ্ঠা কৰাত অভূতপূৰ্ব অৰিহণা যোগায়৷ অন্যহাতে পৰিবেশ হৈছে নৈতিক চৰিত্ৰ সবল কৰাৰ প্ৰধান কাৰক৷ এক উন্নত পৰিবেশৰ আৱেশে ছাত্ৰ-ছাত্ৰীক আপোনা-আপুনি শান্তি সম্প্ৰীতিৰ শিক্ষা দিয়ে৷

শান্তি ক্ষেত্ৰৰ সহবিদ্যায়তনিক শিক্ষাৰ ভূমিকা :

শিক্ষাৰ্থীৰ মনত শান্তি সম্প্ৰীতিৰ বীজ ৰোপন কৰিবৰ বাবে সহ বিদ্যায়তনিক পাঠ্যক্রমেই অতি উত্তম মাধ্যম৷ স্বাভাৱিকতে সহবিদ্যায়তনিক পাঠ্যক্রমসমূহ কৰ্ম-কেন্দ্ৰীক৷ অন্যহাতে শিশুৱে কৰ্মকেন্দ্ৰীক পাঠ গ্ৰহণত অধিক আগ্ৰহ প্ৰকাশো কৰে৷ সহ বিদ্যায়তনিক পাঠ্যক্রম সমূহৰ অনুশীলনে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, সামাজিক, নৈতিক তথা আধ্যাত্মিক সকলো দিশৰ বিকাশ ঘটোৱাৰ লগতে ব্যক্তিগত তথা সমাজৰো শান্তিৰ পৰিবেশত অভূতপূৰ্ব বৰঙণি আগবঢ়াব পাৰে৷ সহ-বিদ্যায়তনিক পাঠ্যক্রমৰ বিশেষ কেইটিমান গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ’ল৷

) স্বনিয়োজন : বৰ্তমান সময়ত সামাজিক অশান্তিৰ অন্যতম কাৰণ বুলি আমি শিক্ষিত নিবনুৱা সমস্যাকেই ক’ব পাৰো৷ এজন ছাত্ৰ বা ছাত্ৰীয়ে বহু অৰ্থবিনিয়োগৰ বিনিময়ত শিক্ষিত হোৱাৰ পিছত কোনো সংস্থাপন নাপাই হতাশাত ভাগি পৰি অৰ্থনৈতিকভাৱে যেতিয়া পৰিয়াল তথা সমাজৰো বোজা হৈ পৰে তেতিয়া মানসিক অশান্তিৰে পৰিপূৰ্ণ এটা মনে সামাজিক শান্তি তথা প্ৰগতিৰ কথা চিন্তা কৰিব নোৱাৰে৷ বহু সময়ত তেনে বহু শিক্ষিত যুৱক-যুৱতী হতাশাত ভূগি অ-সামাজিক কামত লিপ্ত হৈ সামাজিক অশান্তি সৃষ্টি কৰা উদাহৰণ অনেক আছে৷ কিন্তু যেতিয়া শিক্ষানুষ্ঠানত সহ-বিদ্যায়তনিক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ অনুশীলন হ’ব তেতিয়া শিক্ষা সাং কৰাৰ পিছত নিজে স্ব নিয়োজিত হৈ নিজৰ তথা সমাজৰ অৰ্থনৈতিক দিশ সবল কৰাই নহয় ই সামাজিক শান্তিটো প্ৰভূত বৰঙণি যোগাব৷

) নীতিশৃংখলা : সাধাৰণতে সহ-বিদ্যায়তনিক পাঠ্যক্রম সমূহৰ অধিক সংখ্যকেই দলীয় সহযোগিতাৰ মাধ্যমত হয়৷ এনে পাঠ্যক্রমৰ অনুশীলনত ছাত্ৰ-ছাত্ৰীয়ে নীতি শিক্ষাৰ পাঠ আপোনা-আপুনি শিকে৷ এইটো কথাৰ প্ৰতি তেওঁলোক সজাগ হয়৷ কাৰণ তেনে পাঠগ্ৰহণ কৰি থাকোতে যদি অসহযোগী বা অমনোযোগী হয় তেতিয়া সহপাঠী শিক্ষাৰ্থী সকলৰো পাঠ গ্ৰহণত বাধাগ্ৰস্ত হয়৷ সেয়ে ছাত্ৰ-ছাত্ৰীয়ে এনে কৰ্মসূচীৰ অনুশীলনত নিয়ম-শৃংখলা প্ৰয়োজনীয়তাৰ সম্পৰ্কে জ্ঞান অৰ্জনৰ উপৰিও নিয়ম শৃংখলা যে সামাজিক শান্তিৰ পৰিপূৰক সেই জ্ঞানো আহৰণ কৰিব লগতে সামাজিক শৃংখলা আৰু শান্তিত অৰিহণা যোগাব৷

) সহযোগিতা আৰু সম্প্ৰীতি : সহ-বিদ্যায়তনিক পাঠ্যক্রম অনুশীলনত শান্তি-সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত আন এক অতি গুৰুত্বপূৰ্ণ দিশ আছে৷ দলগত কৰ্মসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী পৰস্পৰ নিৰ্ভৰশীল হ’ব লাগে৷ ফলস্বৰূপে তেওঁলোকৰ মাজত ভাৱৰ বিনিময়ৰ লগতে সহযোগিতা, সম্প্ৰীতি, ঐক্য, ভাতৃত্ববোধ আদিৰ দৰে সমাজৰ শান্তি, সম্প্ৰীতি গঢ়ি তুলিব পৰা মানৱীয় প্ৰমূল্য সমূহৰ উৎকৰ্ষ সাধন হয়৷

) নেতৃত্ব : বৰ্তমান সময়ত সুদক্ষ আৰু নিকা নেতৃত্বৰ অভাৱে সমাজখনক বিপথে পৰিচালিত কৰাই নহয় সামাজিক শান্তিও বিঘ্নিত কৰিছে৷ ব্যক্তিকেন্দ্ৰীক বস্তুনিষ্ঠ, ভুল নেতৃত্বৰ বাবে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষ, হত্যা, হিংসা আদিৰ দৰে অ-মানৱীয় কাৰ্যকলাপ সৰ্বসাধাৰণতে লিপ্ত হৈ পৰে৷ সহ-বিদ্যায়তনিক পাঠ্যক্রম সমূহত নেতৃত্বৰ প্ৰশিক্ষণ দিয়াৰ প্ৰচুৰ সুবিধা আছে৷ শিক্ষানুষ্ঠান সমূহত সহ-বিদ্যায়তনিক দিশত অধিক গুৰুত্ব আৰোপ কৰি উপযুক্তভাৱে নেতৃত্বৰ প্ৰশিক্ষণ দিলে সামাজিক শান্তিত বৰঙণি যোগাব৷

) সৃজনীমূলক প্ৰতিভা : স্বাভাৱিকতে সহ-বিদ্যায়তনিক পাঠ্যক্রম সমূহে ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক প্ৰতিভা বিকাশত বিদ্যায়তনিক পাঠ্যক্রমতকৈ বহুগুণে বেছি প্ৰভাৱিত কৰে৷ নৃত্য-গীত, চিত্ৰকলা, উদ্যান উদ্ভিদ, ফুলনি বাগিছা গঢ়ি তোলা, গল্প-কবিতা লিখা, কম্পিউটাৰ যিনে নহওক কিয় সকলো পাঠ্যক্রমেই ছাত্ৰ-ছাত্ৰীৰ উদ্দীপনা বৃদ্ধি কৰি সৃজনীশীল প্ৰতিভা বিকাশ ঘটায়৷ সৃষ্টিশীল মন এটা কেতিয়াও অশান্তিৰ কাৰক হ’ব নোৱাৰে৷ সেয়েহে শিক্ষানুষ্ঠান সমূহত সহ-পাঠ্যক্রমৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীৰক একো একোটা সৃজনীশীল মনৰ গৰাকী কৰিব পাৰিলে সামাজিক শান্তি-সম্প্ৰীতিত বৰঙণি যোগাব৷

) স্বাস্থ্য : এখন সুস্থ আৰু শান্তিপূৰ্ণ সমাজৰ বাবে সমাজৰ সদস্য সকলো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’ব লাগিব৷ বৰ্তমান যুৱ প্ৰজন্মৰ কথা সঘনাই উচ্চাৰিত হৈছে৷ এইয়া নিশ্চয় মানসিক হতাশাৰে ফলশ্ৰুতি৷ যুৱ প্ৰজন্মৰ এনে উশৃংখলতাই সামাজিক অশান্তিত অৰিহণা যোগাইছে৷ সহ-বিদ্যায়তনিক ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে যথেষ্ট উপযোগী পাঠ্যক্রম আছে যি সমূহৰ অনুশীলনে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি সমাজ সংস্কৃতিৰ একো একোজন সুদক্ষ সদস্য হিচাপে গঢ়ি তুলিব পৰা যাব আৰু যি সমাজৰ শান্তি অটুট ৰখাত সহায় কৰিব৷

) উৎপাদন : এখন সমাজ তথা দেশৰ সুস্থিৰতা নিৰ্ভৰ কৰে অৰ্থনৈতিক দিশৰ ওপৰত৷ অনাহাৰে থাকি সামাজিক প্ৰগতি আৰু শান্তিৰ কথা কোনেও চিন্তা কৰিব নোৱাৰে৷ বৰ্তমান শিক্ষানুষ্ঠানৰ বিদ্যায়তনিক পাঠ্যক্রম সমূহ উৎপাদনৰ নিচিনা প্ৰকৃত জীৱন ধাৰণৰ আৱশ্যকীয় প্ৰক্রিয়া সমূহৰ পৰা বিচ্ছিন্ন৷ ছাত্ৰ-ছাত্ৰীক সহবিদ্যায়তনিক পাঠ্যক্রমৰ মাধ্যমত উৎপাদন প্ৰক্রিয়াৰ লগত একাত্ম কৰাৰ সুবিধা আছে৷ শিক্ষানুষ্ঠানত হোৱা অভিজ্ঞতাৰে ছাত্ৰ-ছাত্ৰীয়ে পৰবৰ্তী সময়ত যেতিয়া স্বাভাৱিক উৎপাদন প্ৰক্রিয়াৰ লগত জড়িত হৈ পৰিব তেতিয়া নিজৰ আৰ্থিক সমস্যা সমাধানৰ লগতে দেশৰ অৰ্থনীতিও সবল কৰাত অৰিহণা যোগাব৷ উৎপাদনে সমাজলৈ আনি দিয়ে সুখ, শান্তি আৰু বিশ্বাসৰ সুদৃঢ় ভেটি৷

) প্ৰাৰ্থনা সভা : প্ৰাৰ্থনা সভা হৈছে শিক্ষানুষ্ঠানৰ এক আধ্যাত্মিক কাৰ্যসূচী৷ সুন্দৰ পৰিকল্পনাৰে প্ৰাৰ্থনা সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নৈতিক শিক্ষাৰ পাঠ দিয়াৰ উপৰি সামাজিক ৰীতি-নীতিৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিব পাৰি৷ এনে ক্ষেত্ৰত প্ৰাৰ্থনা সভাত অনুষ্ঠানৰ সকলো সদস্য উপস্থিতিয়ে বিষয়বস্তু অধিক ফলপ্ৰসু কৰি তুলিব৷

) শিক্ষানুষ্ঠানত পালন কৰা বিভিন্ন কাৰ্যসূচী : সাধাৰণতে বিদ্যালয় সমূহত বছৰৰ বিভিন্ন সময়ত সহবিদ্যায়তনিক পাঠ্যক্রমৰ আধাৰত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়৷ বছৰৰ বিভিন্ন সময়ত অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বণ, বিদ্যালয় সপ্তাহ, বিভিন্ন বিষয়ক সজাগতা সভা আদি সহবিদ্যায়তনিক পাঠ্যক্রম সমূহত চৰ্চা কৰা বিষয় বস্তু যেনে- গীত-নৃত্য, কবিতা, নাটক, আলোচনা চক্র, বক্তৃতা, কুইজ, ৰচনা, খেলা-ধূলা আদিত শান্তি-সম্প্ৰীতি সুদৃঢ় কৰা বিষয় বস্তু সংযোগ কৰিলে শান্তি প্ৰতিষ্ঠা প্ৰক্রিয়াত অৰিহণা যোগাব৷

শান্তিৰ ক্ষেত্ৰত পৰিবেশৰ ভূমিকা :

সামাজিক শান্তি অটুট ৰখা এক জটিল প্ৰক্রিয়া৷ যিহেতু ই মানুহৰ মনৰ লগত সম্পৰ্ক আছে৷ মন এনে এক অস্থিৰ অৱস্থা যাক মহৎ ব্যক্তি আৰু যোগী সকলো স্থিৰ কৰাত সম্পূৰ্ণ সফল হ’ব পৰা নাই৷ কিন্তু তেখেত সকলে সম্পূৰ্ণ নহলেও মনক বহু পৰিমাণে স্থিৰ কৰি ৰখাত সফল হ’ব পাৰিছে আৰু নিজক প্ৰতিষ্ঠা কৰাত বা সফল হোৱাত সহায় কৰিছে৷ মনক শান্ত আৰু সমাহিত কৰি ৰাখিবলৈ সামাজিক আৰু প্ৰাকৃতিক দুয়োটা পৰিবেশেই অনুকুল হ’ব লাগিব৷ সকলো জীৱই পৰিবেশৰ দাস৷ উপযুক্ত পৰিবেশৰ মাধ্যমত সকলোধৰণৰ সমস্যা সমাধান কৰিব কৰিব পাৰি৷ একোখন শিক্ষানুষ্ঠানৰ সামগ্ৰীক পৰিবেশৰ প্ৰভাৱে ছাত্ৰ-ছাত্ৰীৰ মানৱীয় প্ৰমূল্য সমূহৰ উৎকৰ্ষ সাধন কৰে আৰু সামাজিক অশান্তি সৃষ্টিকাৰী মানসিক কাৰক সমূহৰ বিনাশ ঘটাব৷ শিক্ষানুষ্ঠান সমূহত তেনে পৰিবেশ গঢ়ি তোলা নিতান্তই প্ৰয়োজন৷ পৰিবেশ উন্নয়নৰ কেইটিমান দিশ হ’ল-

) প্ৰাকৃতিক পৰিবেশ :

নৈসৰ্গিক পৰিবেশে মানৱ অন্তৰত আনন্দ আৰু সৌন্দৰ্যবোধৰ অনুভূতি জগায় তোলাৰ লগতে পৰোপকাৰ, ত্যাগ, দয়া, ক্ষমা, প্ৰেম, সহযোগিতা আদি গুণ সমূহৰ বিকশিত কৰি মনৰ মাজত থকা অসৎ মনোভাৱৰ বিনাশ কৰে৷ শিক্ষানুষ্ঠানসমূহত বৃক্ষৰোপন, ফল-মূলৰ বাগান, ফুলনি বাগিছা আদি গঢ়ি তুলি নৈসৰ্গিক পৰিবেশৰ শোভা বৰ্ধন কৰিলে আৰু তেনে কৰ্ম সমূহত ছাত্ৰ-ছাত্ৰী সকলে হাতে কামে অংশ গ্ৰহণ তথা প্ৰতিপালন কৰিলে স্বাভাৱিকতে প্ৰাকৃতিক আৱেশত প্ৰতিপালন কৰিলে তেওঁলোকৰ মনত সৎ গুণ সমূহৰ বিকাশ সাধন ঘটিব৷ এনে গুণ সমূহৰ বিকাশ সাধনে এক শান্তিৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিব৷

) পৰিষ্কাৰ পৰিচ্ছন্নতা :

পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ মন প্ৰফুল্লিত কৰি ৰখাৰ লগতে দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় নীতি শৃংখলাতো অনুশীলন হয়৷ বিদ্যালয় সমূহত তেনে পৰিবেশ গঢ়ি তুলিলে ছাত্ৰ-ছাত্ৰী সকলক সেই পৰিবেশৰ অনুষ্ঠানত তেওঁলোকৰ মনত শুদ্ধ আৰু সততাৰ ভাৱ জাগ্ৰত কৰি অসৎ, অসুদ্ধ চিন্তা চৰ্চাৰ পৰা  নিজকে আঁতৰত ৰাখিবলৈ সক্ষম হ’ব৷ যাক সামাজিক শান্তি শৃংখলাৰ সোপান বুলি গন্য কৰিব পৰা যায়৷

) শ্ৰেণী কোঠাৰ উন্নয়ন :

যিহেতু ছাত্ৰ-ছাত্ৰীসকলে দিনটোৰ সৰহখিনি সময় নিজৰ শ্ৰেণীকোঠাত থাকিব লগা হয়৷ সেয়েহে শ্ৰেণীকোঠা সমূহ পৰিপাটি আৰু শিক্ষা গ্ৰহণৰ উপযোগীকৈ সজাই তোলা আৱশ্যক৷ পৰিপাটিকৈ পৰিকল্পিতভাৱে সজাই তোলা শ্ৰেণী কোঠা এটাই ছাত্ৰ-ছাত্ৰীৰ অন্তৰত মানৱীয় সদগুণৰ বিকাশ ঘটায় আৰু সামাজিক শান্তি-শৃংখলাত বৰঙণি যোগাব৷

) শান্তিৰ কোষ :

শান্তি-সম্প্ৰীতি অটুট ৰাখিবৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত শান্তি-সম্প্ৰীতি সম্পৰ্কীয় কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ খবৰ সংগ্ৰহ কৰি আৰু নিজে সেইবোৰ বিবেচনা কৰি পৰিবেশ পৰিস্থিতি সাপেক্ষে কি বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰি তাক সিদ্ধান্ত কৰিবৰ বাবে শিক্ষানুষ্ঠান সমূহত একো একোটা শান্তি কোষ গঠন কৰি শান্তি সম্প্ৰীতিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ সমাজৰ মাজলৈ কঢ়িয়াই নিব পৰা যাব৷ ইয়াৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানত থকা শান্তি গোটৰ লগত সম্পৰ্ক ৰক্ষা কৰি সামগ্ৰীক শান্তি প্ৰতিষ্ঠাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷

) সমাজ সেৱা :

অন্তৰত গঢ়ি উঠা সেৱাৰ মনোভাৱে মানুহৰ মন শান্ত আৰু সমাহিত কৰে, যি সামাজিক শান্তি শৃংখলা অটুট ৰখাত বৰঙণি যোগায়৷ সেয়েহে শিক্ষানুষ্ঠান সমূহে প্ৰতি বছৰে সমাজ সেৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিলে সমাজ আৰু শিক্ষানুষ্ঠানৰ সম্পৰ্ক নিবিড় হ’ব৷ লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানত সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উপলব্ধ হ’ব৷

সেৱাৰ মাধ্যমত ৰাস্তা-ঘাট, পথ নিৰ্মাণ, প্ৰাপ্তবয়স্ক শিক্ষা, নিৰক্ষৰতা দূৰীকৰণ, প্ৰাথমিক স্বাস্থ্যসেৱা, খোৱা পানী চাফচিকুনকৈ ৰখা, বৃক্ষৰোপন আদি কাম অন্তৰ্ভুক্ত কৰিব পাৰি৷ সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰা বিভিন্ন কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো নিয়াৰিকৈ পৰিচালনা কৰিলে শান্তি ধাৰণা সুদৃঢ় হয়৷

) ৰুচিঅভিৰুচি :

প্ৰত্যেক মানুহৰে কিবা নহয় কিবা এটা চখ বা অভিৰুচি থাকে৷ ই কৰা, খোৱা, চোৱা আদি বিভিন্ন ধৰণৰ হ’ব পাৰে৷ যাক সাধাৰণতে আমি হবি বা অভিৰুচি আখ্যা দিও৷ ইয়াৰ জৰিয়তে মানুহে জীৱনক উচ্চতৰ পৰ্যায়ৰ পৰা উচ্চতম পৰ্যায়লৈ লৈ যাব পাৰে৷ নিজে জীৱন ধাৰণ কৰাৰ সাৰ্থকৰ্তা উপলব্ধি কৰিব পাৰে৷ এনে চখ সমূহ বৃদ্ধি কৰিবৰ বাবে শিক্ষানুষ্ঠান সমূহত অভিলাষী গ্ৰুপ গঠন কৰিব পাৰি৷ য’ত বিশেষকৈ নিজৰ চখবোৰৰ লগত সমাজলৈ শান্তি সম্প্ৰীতি কঢ়িয়াই নিব পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব পাৰি৷

শান্তি সম্পৰ্কীয় ফটোগ্ৰাফ সংগ্ৰহ, নৃত্য-গীত আদিৰ পৰিবেশন আদি এই ক্ষেত্ৰত বিশেষ বৰঙণি যোগাব পাৰে৷

শান্তিৰ ক্ষেত্ৰত বিদ্যায়তনিক শিক্ষা

বৰ্তমান সমাজত শৃংখলা তথা শান্তি প্ৰতিষ্ঠাৰ বাবে বিদ্যায়তনিক পাঠ্যক্রমত থকা শিক্ষা তথা শান্তি প্ৰতিষ্ঠাৰ বাবে বিদ্যায়তনিক পাঠ্যক্রমত থকা শিক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰিছে৷ বৰ্তমান সমাজত যি সকল লোকে শান্তি শৃংখলা বিঘ্নিত কৰিছে তেওঁলোকৰ বহুতেই এটা সময়ত বিদ্যায়তনিক তেনে পাঠ্যক্রমৰ আধাৰতেই শিক্ষা গ্ৰহণ কৰিছিল৷ স্বাভাৱিকতে সকলো মানুহৰ মনত শৃংখলা শান্তি ভাব থকাৰ উপৰি বিশৃংখল-অশান্তি এনে ভাৱ সমূহেও কাম কৰে৷ কিন্তু সবল আৰু উপযুক্ত শিক্ষাৰে শিক্ষিত তথা প্ৰশিক্ষিত হ’লে তেনে মন সমূহ বেয়া ভাব সমূহৰ দমন কৰি ভাল গঠনমূলক আদৰ্শৰে মন সমৃদ্ধ হয় আৰু সমাজৰ শান্তি শৃংখলা অটুট ৰখাত বৰঙণি যোগায়৷

নীতি শিক্ষা : বিদ্যায়তনিক শিক্ষাক সমাজৰ অধিক দায়বদ্ধতা আৰু অধিক নিবিড় কৰিবৰ বাবে পাঠ্যক্রমত নীতি শিক্ষা, চৰিত্ৰ পাঠ আদিৰ দৰে পাঠ্যপুথি সংযোজনৰ প্ৰয়োজন আছে৷ নৈতিক আৰু আধ্যাত্মিক ধাৰণাবোৰে শিক্ষাৰ্থীসকলক সৎ সাহসী কৰি তোলে৷ এনে পাঠ্যক্রমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সাধুতা, সত্যবাদিতা, ন্যায়পৰায়ণতা আৰু পবিত্ৰতা, দয়া, ক্ষমা আদিৰ দৰে গুণসমূহৰ বিকাশ হয়৷ যিবোৰ সামাজিক শান্তি-শৃংখলা সুদৃঢ় কৰাত প্ৰভূত বৰঙণি যোগায়৷

সামাজিক পৰিবেশ অধ্যয়ন :

বৰ্তমান সামাজিক পৰিবেশ দ্ৰুতভাৱে অৱনতি হোৱা দেখা গৈছে৷ সেয়েহে প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতা ৰাখিবৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত যেনেদৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, পৰিবেশৰ প্ৰতি সজাগতা আনিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ অধ্যয়ন কৰিব লগা হৈছে৷ আমি ভাবো থিক তেনেদৰে এখন সমাজৰ সুস্থিৰতা যিবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তেনেবোৰ কাৰকৰ সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণৰ প্ৰয়োজন আছে৷ সেই একে সময়তে যিবোৰ কাৰকে সমাজ এখনৰ অনিষ্ট বা অসুস্থ কৰি তোলে তেনেবোৰ কাৰকৰ সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীক অৱগত কৰোৱাটো বাঞ্চনীয়৷ যিহেতু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাৰ ওপৰতেই দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে, সেয়েহে তেওঁলোকৰ মানসিকতা যদি সুস্থ কৰি গঢ় দিব পৰা নাযায় ভৱিষ্যতে সমাজত নিশ্চয় অধিক অশান্তিয়ে বিৰাজ কৰিব৷

সামাজিক পৰিবেশ সুস্থ কৰিবলৈ হ’লে-

ক) প্ৰথমতে দেশৰ অৰ্থনৈতিক দিশৰ উন্নয়ন কৰিব লাগিব৷ সুপৰিকল্পিত আঁচনি আৰু ইয়াৰ উপযুক্ত প্ৰয়োগৰ জৰিয়তেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ৷ বিভিন্ন প্ৰাকৃতিক সম্পদ সমূহৰ আহৰণৰ লগতে ইয়াৰ প্ৰয়োগ যিদৰে অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি থিক একেদৰেই দেশখনত বসবাস কৰা মানৱ সম্পদৰ উপযুক্তভাৱে গঢ় দি উপযুক্তভাৱে কৰ্মত নিয়োজিত কৰিব পাৰিলে অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পৰা যায়৷ ইয়াৰ লগে লগে উঠি অহা ছাত্ৰ-ছাত্ৰী সকলে যাতে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰে তাৰ বাবে কৰ্মৰ অনুশীলন কৰা আৰু শ্ৰমৰ মৰ্যাদা বুজি উঠাতো অতি আৱশ্যক৷ যি নিজৰ লগতে দেশৰ অৰ্থনীতিক সবল কৰি তুলিব আৰু মানসিক সুস্থতা ৰক্ষা কৰিব পাৰিব৷

খ) আধুনিক বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা উপলব্ধ সামগ্ৰীসমূহৰ শুদ্ধ তথা উপযুক্ত প্ৰয়োগৰ জৰিয়তেহে সামাজিক পৰিবেশ সুস্থ হৈ থাকিব৷ অন্যথা অমাৰ্জিত আৰু ইহঁতৰ অপপ্ৰয়োগে সামাজিক পৰিবেশ অধিক বিনষ্ট কৰিব৷ সেয়ে এনে সামগ্ৰী সমূহৰ প্ৰয়োগৰ গুৰুত্ব ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পৰ্যায়তে বুজি উঠিব লাগিব

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments