বিদ্যালয়, শিক্ষাৰ সূত্ৰ, পৌৰাণিক শিক্ষা-ব্যৱস্থাপনা বনাম সাম্প্ৰতিক শিক্ষা ৰুমা দেৱী কেওঁট

Vidyalaya Xiksha_Ruma Devi Keotবিদ্যালয় বা পঢ়াশালি –

এখন সু-সভ্য মিশ্ৰিত জাতিৰ অনুষ্ঠান৷ ধনী-দুখীয়া, উচ্চ-নীচ, জাতি, বর্ণ, ভাষা, ধর্ম নির্বিশেষে সংমিশ্ৰিত এটা বৃহৎ অনুষ্ঠান৷ য’ত কেৱল সকলো বিষয়ৰে শিক্ষাদান কৰি প্ৰতিজন ল’ৰা-ছোৱালীকে দৈহিক, মানসিক আৰু আধ্যাত্মিকভাৱে শিক্ষিত কৰা নহয়৷ সমাজত মানুহ হৈ জীয়াই থাকিবলৈ দর্শন বিষয়ক শিক্ষাও দিয়া হয়৷ সমাজৰ প্ৰতিজন শিশুক দেশৰ সুস্থ নাগৰিক হিচাপে গঢ় দিয়াৰ প্ৰাৰম্ভিক অভিযান বিদ্যালয়তেই আৰম্ভ হয়৷ বিভিন্ন জনগোষ্ঠীৰ অজান অপৰিপক্ক শিশুৰ সহযোগত সুস্থ আৰু উন্নয়নশীল সামাজিক মতবাদ গঢ়ি উঠা সম্ভৱ হৈ উঠে৷ সকলো বিদ্যার্থীৰ বাবে বিদ্যালয় হৈছে দ্বিতীয়খন ঘৰ৷ বিদ্যালয়ৰ অবিহনে এখন ঘৰ বা সমাজ বা ৰাষ্ট্ৰ কেতিয়াও সম্পূৰ্ণ আৰু উন্নত হ’ব নোৱাৰে৷

শিক্ষা আৰু ইয়াৰ সূত্ৰ-

এতিয়া প্ৰশ্ন হ’ল,  “শিক্ষা মানে কি” বা “শিক্ষা কাক বোলে” বুলি প্ৰশ্ন কৰিলে একেষাৰে উত্তৰ দিয়াটো কঠিন৷ যদিওবা শিক্ষা সম্বন্ধে সকলোৰে এক পৃথক ধাৰণা থাকে৷ সহজ-সৰল ভাষাত শিক্ষা মানে কিবা নহয় কিবা এটা জনা, বুজা বা আহৰণ কৰা আৰু নিজে স্বাক্ষৰ হোৱাটোকে বুজায়৷ কিন্তু আধুনিক কালত শিক্ষাৰ সংজ্ঞা আৰু পৰিসৰো বিশাল৷ কোনোজনৰ মতে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ কৰা, আকৌ কোনোজনৰ মতে , অন্তৰ্নিহিত মানসিক শক্তি বিকশাই তোলা শিক্ষা৷  যিহেতু ব্যক্তি বিশেষে শিক্ষাৰ অভিজ্ঞতা আৰু জীৱন দর্শন একে নহয় সেয়েহে ভিন ভিন শিক্ষাবিদে শিক্ষাৰ ওপৰত আগবঢ়োৱা মন্তব্য ভিন ভিন হোৱাটো স্বাভাৱিক৷ গ্ৰীক দার্শনিক প্লেটোৱে কৈছিল ‘শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা৷ ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দর্য্যৰ বিকাশ আৰু *****সম্ভাৱ্য পূর্ণতা আনি দিয়ে৷” এৰিষ্টটলৰ মতে “শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে৷” বিখ্যাত সাহিত্যিক চক্ৰেটিছৰ মতে “ ভুল দূৰ কৰা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হ’ল শিক্ষা৷” মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল “শিক্ষাৰদ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজোঁ৷” স্বামী বিবেকানন্দৰ মতে “মানুহৰ অন্তৰ্নিহিত পূর্ণতাৰ বাহ্যিক বিকাশেই শিক্ষা৷” পণ্ডিতসকলৰ কেউটা সূত্ৰেই ভিতৰত মহাত্মা গান্ধীৰ সংজ্ঞাটোৱেই অধিক গ্ৰহণযোগ্য বুলি বিবেচিত হৈছে৷ এই সূত্ৰটোতেই সকলো সংজ্ঞাৰ সমাহাৰ ঘটিছে৷ দৰাচলতে শিশুসকলক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিকভাৱে সুস্থ আৰু সবল চৰিত্ৰ গঠন কৰি প্ৰকৃত ‘মানৱ সম্পদ’ হিচাপে গঢ়ি তুলিব পৰাতেই নির্ভৰ কৰিব শিক্ষাৰ সার্থকতা৷

বর্তমান শিক্ষাৰ উদ্দেশ্যক মহান কৰাৰ উপাদানসমূহ-

যিহেতু বর্তমান শিক্ষাৰ উদ্দেশ্য অতি বিশাল, শিক্ষাৰ উদ্দেশ্য, লক্ষ্যক সফলভাৱে ৰূপায়িত কৰিবলৈ কেতবোৰ লক্ষণ শিক্ষার্থীৰ মাজত থাকিব লাগিব৷ যেনে মনোযোগ, আগ্ৰহ, শ্ৰদ্ধা, কর্তব্যপৰায়ণতা, সহিষ্ণুতা ইত্যাদি৷ সংস্কৃতত এষাৰ কথা আছে “শ্ৰদ্ধাবান লভতে জ্ঞানম৷” শ্ৰদ্ধাযুক্ত নহ’লে শিক্ষাই পূর্ণতা নাপায়৷ আৰু তাৰ লগতে মনোযোগ আৰু আগ্ৰহ দুয়োটা গুণৰ অধিকাৰী নহ’লে শিক্ষার্থীয়ে কেতিয়াও সফলভাৱে শিক্ষা আহৰণ কৰিব নোৱাৰে৷ প্ৰথমে শিক্ষকে বুজাই দিয়া বিষয়-বস্তু অনুকৰণ কৰা আৰু তাৰ পিছত নিজে নিজে কৰিবলৈ চেষ্টা কৰা৷ ইয়াৰ ফলত সৃজনীশীলতাৰ বিকাশ ঘটিব, আহৰণ কৰা শিক্ষাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব৷ তাৰোপৰি শিক্ষাই শিশুক বিনয়ী কৰি তোলে৷ “বিদ্যা দদাতি বিনয়ং” বুলি সংস্কৃতত কথা এষাৰ আছে৷ এইকেইটা গুণৰ অধিকাৰী হ’লে শিক্ষার্থীয়ে জীৱনত সফলভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয়৷ তাৰোপৰি শিক্ষকসকল ত্যাগী, নিস্বাৰ্থবান আৰু সেৱা মনোভাৱৰ হোৱাৰ লগতে সৃজনীশীল হোৱাটো অতি প্ৰয়োজনীয়৷ বর্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত শিক্ষকসকল বাস্তৱমুখী বিজ্ঞান দিশেৰে আগবাঢ়ি গৈ শিক্ষাদান কৰিব লাগিব৷ ইয়াৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ আৰু অধ্যয়নৰ মাধ্যমৰে শিক্ষণ কৌশলসমূহ আয়ত্ত কৰি শ্ৰেণী কক্ষত উপস্থাপন কৰিব পাৰিলে শিক্ষাৰ উদ্দেশ্য, লক্ষ্যসমূহ সফল ভাৱে বাস্তৱিত কৰিব পৰা যায় বুলি দাবী কৰিব পৰা যায়৷

পৌৰাণিক শিক্ষা বনাম সাম্প্ৰতিক শিক্ষা- পৌৰাণিক কালত আত্মবিশ্বাসৰদ্বাৰা চিন্তাৰ উদ্ৰেক, বিশ্বাসৰদ্বাৰা উন্নতিৰ কামনা আৰু উন্নতি কামনাৰদ্বাৰা সৃষ্টিকাৰী প্ৰতিভাৰ বিকাশেই আছিল শিক্ষা গ্ৰহণৰ মূল লক্ষ্য৷ ভাৰতীয় মানসিকতা এই চিন্তাৰেই পৰিপুষ্ট আছিল৷ পৌৰাণিক শিক্ষা-ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল ‘মানুহ গঢ়া’- প্ৰকৃত মানুহ৷ পৌৰাণিক শিক্ষা-ব্যৱস্থা সামাজিক আৰু প্ৰাকৃতিক বাতাবৰণৰ লগত ওতপ্ৰোত সমন্ধ আছিল৷ আদিম মানুহৰ চাল-চলন বিভিন্ন আচৰণসমূহ প্ৰকৃতিৰদ্বাৰা পৰিচালিত আছিল৷ তাহানিৰ দিনত শিষ্যসকলে গুৰুৰ আশ্ৰয়ত থাকি শিক্ষাগ্ৰহণ কৰিছিল৷ তাহানিৰ শিক্ষাদান কুলত বা টোলত, মুকলি পাঠশালাত, নামঘৰ, সত্ৰ, মোক্তাব আদিত প্ৰদান কৰা হৈছিল৷ প্ৰাচীন ভাৰতৰ সভ্যতা, সংস্কৃতি বিশ্বৰ দৰবাৰত এক অতুলনীয় উদাহৰণেৰে সমৃদ্ধশালী হৈ আছিল৷ এইখন দেশত কপিল, কৌটিল্য, আর্য্যভট্ট, ৰামানুজন, ব্যাস আদি বিশ্ববৰেণ্য ঋষি-মনীষীয়ে জন্ম লৈছিল৷ নবেল বঁটা বিজয়ী কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ, হৰগোবিন্দ খুৰানা, অর্থশাস্ত্ৰৰ বিখ্যাত পণ্ডিত অমর্ত্য সেন, এছ. চন্দ্ৰশেখৰ, চি.ভি.ৰমন আদি মনীষীৰ জন্মস্থান এই দেশতেই৷ তেখেতসকলৰ নিৰলস প্ৰচেষ্টা আৰু কর্তব্যনিষ্ঠাই দেশক গৌৰৱান্বিত কৰাৰ সুযোগ প্ৰদান কৰিলে৷ কিন্তু ইংৰাজসকলে পলাশী যুদ্ধত জয়ী হোৱাৰেপৰা পুনৰ ক্ষমতা দখল কৰাৰ সময়ছোৱাত ভাৰতীয় শিক্ষা-ব্যৱস্থাই ৰাজকীয় পৃষ্ঠপোষকতা হেৰুৱাই পেলাইছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়েও ভাৰতত শিক্ষাৰ দিশটো গুৰুত্ব দিবলগীয়া বিষয় বুলি বিবেচনা কৰা নাছিল৷ তথাপি মহান লোকসকলৰ সামাজিক আৰু ব্যক্তিগত প্ৰচেষ্টাত ভাৰতৰ শিক্ষাৰ ধাৰাবাহিকতা বর্তি আছিল৷

সম্প্ৰতি আমি কুৰি শতিকাক দেও দি আজি একবিংশ শতিকাত ভৰি থ’লো৷ মানৱ জীৱনৰ ক্ৰম বিকাশত শিক্ষাৰ অগ্ৰগতি অতি আশ্চৰ্যকৰ আৰু দ্ৰুততৰ৷ তাহানিৰ গুৰুকুল শিক্ষাৰপৰা আজিৰ অত্যাধুনিক ইলেক্ট্ৰনিক মাধ্যমৰে সমৃদ্ধ ই-শিক্ষা (E-EDUCATION) ব্যৱস্থালৈ ইতিহাসৰ এই সুদীর্ঘ পৰিক্ৰমাত পাঠাগাৰ, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি, শিক্ষানীতি তথা আদর্শৰ দিশত এক আমূল পৰিৱর্তন সাধিত হোৱা পৰিলক্ষিত হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নিতৌ নতুন নতুন কৌশল আহৰণৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ উপগ্ৰহৰ মাজত দূৰত্ব নাশি গোটেই পৃথিৱীখনকে এখন গাঁৱলৈ পৰিণত কৰি বিশ্ববাসীক মানৱ সভ্যতাৰ চৰম উন্নতিৰ বতৰা বিলাইছে৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অৱদান অত্যাধুনিক কাৰুকার্য্য খচিত বিলাসবহুল সা-সৰঞ্জাম আৰু আহিলা-পাতিবোৰে মানুহৰ জীৱনধাৰাৰ প্ৰণালীলৈ এক অভাৱনীয় পৰিৱর্তন আনিছে৷ পিছে সময়ৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’ব পৰাকৈ শিক্ষা-ব্যৱস্থাত সংঘটিত এই পৰিৱর্তনে সমাজ জীৱনত কেনেধৰণেৰে প্ৰভাৱান্বিত কৰিছে সিহে আচল কথা৷

গুৰুবিহীন শিক্ষা সফল হ‘ব নোৱাৰে৷ গু মানে আন্ধাৰ আৰু ৰু মানে পোহৰ৷ অর্থ্যাৎ যিজনে অজ্ঞান আন্ধাৰৰপৰা পোহৰৰ দিকদর্শন দিয়ে সেইজনেই গুৰু৷ সৃষ্টিৰ আদিম পুৱাৰেপৰা গুৰু-শিষ্যৰ সম্বন্ধ এডাল এনাজৰীৰে গাঁথি থোৱাৰ দৰেই৷ এইখন দেশতে একলব্যই দ্ৰোণাচার্য্যৰ প্ৰতিমূর্তি সাজি হাবিৰ মাজত শিক্ষা গ্ৰহণ কৰি জগতত শ্ৰেষ্ঠ বীৰৰ নিদর্শন দাঙি ধৰাৰ লগতে গুৰুৰ আদেশ পালন কৰি গুৰু দক্ষিণা হিচাপে নিজৰ সোঁ-হাতৰ বুঢ়া আঙুলি দান দি ত্যাগৰ নির্দশনো দাঙি ধৰিছিল৷

সাম্প্ৰতিক শিক্ষা গুৰু-গুৰুত্বহীন শিক্ষা বুলিলে ভুল কোৱা নহয়৷ বর্তমান সমাজত শিক্ষকসকলক ছাত্ৰসকলে সন্মান কৰিবলৈ লাজ পায়৷ বর্তমান বিশ্বায়নৰ প্ৰতি আকর্ষিত অভিভাৱকসকলে বস্তুবাদী আৰু ব্যক্তিবাদী মত পোষণ কৰাৰ ফলস্বৰূপে সামাজিক চিন্তাধাৰা, মানৱতা, দয়া, ক্ষমা, পৰোপকাৰ, সততা আদি মহান গুণবোৰ সমাজৰপৰা নাইকিয়া হৈ গৈছে৷  ইয়াৰ প্ৰভাৱ ল’ৰা-ছোৱালীৰ ওপৰত পৰাৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ মাজত মানৱতা গুণৰ অভাৱ ঘটি অবাধ প্ৰতিযোগিতামূলক ভাৱধাৰাৰ উদ্ভৱ হৈছে৷ আৰু মন কৰিবলগীয়া কথাটো হ’ল আধুনিক বিশ্বৰ এই যুগান্তকাৰী পৰিৱর্তনে আনি দিয়া সমাজ-ব্যৱস্থাৰ এই ৰঙীন ছবিখনে প্ৰতিজন অভিভাৱকৰ মনলৈ দৃঢ়তা আৰু সদ্ভাৱনাৰ ভাৱ আনি দিব পৰা নাই৷ তাৰ পৰিৱর্তে আনি দিছে গভীৰ হতাশা, শঙ্কা আৰু নিৰাপত্তাহীনতা৷ লক্ষ্যণীয় কথাটো হ’ল যিটো ঐশ্বৰিক শক্তিৰ বাবে মানুহ জাতিক অন্যান্য ইতৰ প্ৰাণীবোৰতকৈ শ্ৰেষ্ঠ আখ্যা দিয়া হয়, মানুহে আজি সেই শক্তিৰেই অপব্যৱহাৰ কৰিব লাগিছে৷ নিজৰ ক্ষুধা, বাসনা, ভোগ-বিলাস চৰিতার্থ কৰিবৰ বাবে মানুহে অতি নীচতালৈ নামি যাবলৈকো কুণ্ঠাবোধ নকৰে৷ মানুহৰ অন্তৰত দয়া, মমতা, সত্য, অহিংসা, মানৱতাবোধ, ৰাষ্ট্ৰীয়তাবোধ, সমতা, ভাতৃত্ববোধ, সহিষ্ণুতা অদি মানৱীয় প্ৰমূল্যবোধৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ ফলশ্ৰুতিত সমাজৰ সর্বস্তৰতে আজি সৃষ্টি হ’ব ধৰিছে এক আতংকময়, অস্থিৰ পৰিস্থিতি৷ আনহাতে শিক্ষকসকলেও শিক্ষকতা বর্তমান এটা জীৱিকাহে বুলি গণ্য কৰে আৰু বহুতো সময়ত শিক্ষকসকল কম-বেছি পৰিমাণে বিপথগামী হোৱা চকুত পৰিছে৷ সমাজ যদি শৃংখলিত হ’ব লাগে তেন্তে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ, এই তিনি শক্তিয়েই সচেতন হ’ব লাগিব৷ আদর্শবান অভিভাৱকে আদর্শবান ল’ৰা-ছোৱালী আৰু আদর্শবান শিক্ষকেহে আদর্শবান ছাত্ৰ-ছাত্ৰী গঢ় দিব পাৰে৷ যিজন অভিভাৱকে সন্তানক সৰুৰেপৰা আদর্শৰ শিক্ষা দিয়ে, সততা, সহিষ্ণুতা, পৰোপকাৰ আদি সৎ গুণবোৰৰ শিক্ষা দিয়ে তেন্তে সেই সন্তান কেতিয়াও বিপথগামী হোৱাৰ আশংকা নাথাকে আৰু সমাজত ভৱিষ্যত জীৱনত ধাৰক ও বাহক হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়৷ ঠিক একেদৰে শিক্ষকসকলেও নিজ ছাত্ৰক নিজ সন্তানৰদৰে ব্যৱহাৰ কৰি শিক্ষাদান কৰিব পাৰিব লাগিব৷ অন্যথা সাম্প্ৰতিক কালৰ কু-প্ৰভাৱ নতুন প্ৰজন্মৰ ওপৰত অৱশ্যেই পৰিব৷ সেয়েহে আধুনিক প্ৰজন্মক দোষাৰোপ কৰাৰ লগে লগে অভিভাৱকসকলকো বিশ্লেষণ কৰাৰ সময় আহি পৰিছে৷ গতিকে নতুন প্ৰজন্মই যাতে সম্প্ৰতি সন্মুখত দেখা পোৱা বিভিন্ন ঘটনা পৰিঘটনা আৰু কর্মৰাজী সূক্ষ্মভাৱে অনুধাৱন কৰি সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ উপযুক্ত শিক্ষা আহৰণৰ সুযোগ পায়, তাৰবাবে এক উপযুক্ত পৰিবেশ গঢ় দিয়াৰ গধুৰ দায়িত্ব অভিভাৱক আৰু শিক্ষক সমাজৰ৷ অন্যথা যান্ত্ৰিক সভ্যতাই মানৱ সভ্যতাৰ ধ্বংসৰ প্ৰধান কাৰণ হৈ পৰিব৷ তাত কোনো সন্দেহ নাই৷

হে পূজনীয় গুৰু, শিক্ষার্থী আৰু অভিভাৱকসকল, আহক আজি আমি সকলোৱেই মিলি আত্মসংযম আৰু আত্মসমালোচনাৰ সেন্দূৰীয়া পথেৰে শিক্ষাৰ প্ৰকৃত অর্থ মানৱ সম্পদ সৃষ্টি আৰু উন্নয়নৰ লক্ষ্যৰে শিক্ষা দান কৰা আৰু শিক্ষা গ্ৰহণ কৰা তথা সমাজত শালীনতা, ভাতৃত্বভাৱ, অহিংসা আৰু ৰাষ্ট্ৰীয়তাবোধ ৰক্ষাৰ এক শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ বাবে আমাৰ জীৱনৰ এই সোণালী প্ৰাকক্ষণতে সংকল্পবদ্ধ হওঁ৷

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

Good performance

3 years ago

কৌটিল্য শিক্ষা সম্পৰ্কে ধাৰণা

2 years ago

ভাল হৈছএ

Partho
2 years ago

প্ৰমূল্যৰ শিক্ষা