বিদ্যা বনাম অন্ন – অনুপম হাজৰিকা

ঐ লৰা, এইফালে আহ! স্কুলত চেন্দেল পিন্ধি আহিছ যে? আমাৰ স্কুলৰ নিয়ম মতে ভৰিত কি পিন্ধিব লাগে?

: ক’লা জোতা ছাৰ৷

: উমম… পিন্ধা নাই কিয় তেন্তে, কালিৰ পৰা চেন্দেল পিন্ধা দেখিলে আঠু কঁঢ়াই থ’ম৷

: কালিৰ পৰা পিন্ধি আহিম ছাৰ৷

: উমম, হব৷ এতিয়া ক্লাছলৈ যা৷

কামৰ ব্যস্ততাৰ মাজত গমেই নাপালোঁ যে সি যোৱা চাৰি দিনে স্কুল অহা নাই৷ আজি মাকে হাতত ধৰি স্কুলৰ গেটলৈ এৰি যোৱা দূৰৰ পৰা দেখিছিলোঁ৷ কিয় স্কুল নাই অহা সুধিম বুলি ক্লাছ ৰুমলৈ গৈ তাক বিচাৰি নাপাই অলপ আচৰিত হলো৷ ক্লাছ শেষ কৰি কমন ৰুমলৈ অহাৰ বাটত তাক আঠু কাঁঢ়ি কাণত ধৰি থকা দেখিলো৷

: কি কাণ্ড কৰিলি অ? কিয় কাণত ধৰি আছ?

: ছাৰ জোতা নাই পিন্ধা কাৰণে….. বাইদেৱে…..

: তোক মই সেইদিনাই জোতা পিন্ধি আহিব কোৱা নাছিলোঁ জানো? কিয় জোতা পিন্ধা নাই তই?

: ছাৰ মায়ে কৈছে এই সপ্তাহত পোৱা পইচাৰে চাউল কিনিলে, অহা সপ্তাহত জোতা কিনি দিব৷

জোতা আৰু চাউলৰ যুদ্ধত কোন জিকিব নাজানো? কিন্তু মোৰ হৃদয়ে সেইদিনাই হাৰ মানিলে…..! ! !■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক