বিধান – ধ্ৰুৱজ্যোতি শৰ্মা

মন্দিৰৰ ঘণ্টাটো টংকৈ বাজি উঠিল। পুৰোহিতজনে মূৰ দাঙি চালে। এহাল ডেকা-গাভৰু। প্ৰেমিক-প্ৰেমিকা চাগে’- পুৰোহিতজনে ভাবিলে। যিয়েই নহওক, ইমান দিনৰ মূৰত মন্দিৰৰ মণিকূটত ভক্তৰ পদাৰ্পণ ঘটিল যে, তেওঁৰ বাবে সেয়াই যথেষ্ট-তেওঁ ভাবিলে।
চহৰৰ নাতিদূৰৈত অৱস্থিত এখন অনুন্নত গাঁও ৰতনপুৰ। টিলা এটিৰ ওপৰত অৱস্থিত বিখ্যাত দৌল-গোবিন্দ মন্দিৰ। তাৰেই পুৰোহিত তেওঁ। মন্দিৰ পৰিচালনা সমিতিৰ বেতনভোগী পুৰোহিত নাৰায়ণ শৰ্ম্মা। যোৱা ত্ৰিশটা বছৰে সেই মন্দিৰটোৱেই কৰ্ম্মস্থলী আৰু মন্দিৰৰ ওচৰতে, বাঁহ–খেৰেৰে সজাই লোৱা জুপুৰীটোৱেই হৈ পৰিছে তেওঁৰ ঘৰ। অৱশ্যে কেই বছৰমান আগেয়ে মাক ঢ়ুকোৱা সময়লৈকে ঘৰ বুলিবলৈ তেওঁৰ এটি নিজা পৰিচয় আছিল। ব্ৰহ্মচৰ্য্য জীৱনটোত আছিল এক পৰিয়াল। টিলাটিৰ নামনিত থকা ব্ৰাহ্মণ পৰিয়ালকেইটিৰ লগতে আছিল তেওঁৰ ঘৰ। কিন্তু বিশ বছৰ আগতে দেউতাক ঢ়ুকোৱাৰ আগতেই সমাজ-বৰ্জ্জিত কামত লিপ্ত হৈ জুয়ে-পানীয়ে এঘৰীয়া হৈছিল নাৰায়ণ শৰ্ম্মাৰ দেউতাক।
পেছাত পুৰোহিত আছিল নাৰায়ণ শৰ্ম্মাৰ দেউতাক। জীৱনৰ আধাকাল গুৱাহাটীৰ এটি মন্দিৰতে পৌৰহিত্য কৰি সংসাৰ চলাইছিল তেওঁ। হঠাৎ জানো কি হৈছিল! ঘৰলৈ গুছি আহিয়েই মাটি-বাৰীৰ হিচাপ ল’বলৈ আৰম্ভ কৰিছিল আৰু আৱিষ্কাৰ কৰিছিল যে দুবিঘামান খেটি মাটি দখলীসূত্ৰে আধিখেটি কৰা খেতিয়কজনে নিজৰ কৰি লৈছেই! পৈত্ৰিক সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰি তেওঁ ভাগি পৰিছিল।
-“খেতিমাটি এইবাৰ কাকো আধিলৈ নিদিওঁ! আধি দিয়ো যদি ঘৰৰ ভাতমুঠি কিনা চাউলেৰেই খাব লাগে, তেন্তে মাটি ছন পৰাই ভাল।— ঘৰলৈ আহিয়েই নিজৰ সিদ্ধান্ত জনাই দিছিল দেউতাকে। মাক থৰ হৈ ৰৈছিল। পৌৰহিত্য শিকি থকা নাৰায়ণ শৰ্ম্মাও দেউতাকৰ অগ্নিশৰ্মা মূৰ্ত্তি দেখি বিচুৰ্ত্তি খাইছিল। তেৱোঁ বুজি পাইছিল দেউতাকে উল্টা-পুল্টা কিবা এছটা গাব।
বহু বুজনিৰ পিছতো দেউতাকে তেওঁৰ সিদ্ধান্ততে অটল থকা বাবে দুবছৰ তেওঁলোকৰ মাটি ছন পৰিছিল। দেউতাকে পোৱা দান-দক্ষিণাৰে ঘৰখন আৰু কিমান চলিব! তাতে বস্তু-বাহানিৰ যিহে জুঁই-ছাঁই দাম! নাৰায়ণ শৰ্ম্মাহঁতৰ ঘৰৰ অৱস্থা পৰি আহিব ধৰিছিল। দেউতাকৰ স্বভাৱো খিংখিঙীয়া হৈছিল। পূৰ্ণ পৰ্য্যায়ত প্ৰশিক্ষণ আৰু স্বীকৃতি নাপালেও একমাত্ৰ জীৱিকাৰ খাতিৰতেই নাৰায়ণ শৰ্ম্মাই পৌৰহিত্য আৰম্ভ কৰিছিল। কষ্ট কৰি কৰি মাক নৰিয়াত পৰিছিল। গাঁৱৰ কবিৰাজে কৈছিল- চিকিৎসা দীঘলীয়া হ’ব। নাৰায়ণৰ মাকৰ বিষ বেমাৰ বাতবিষত পৰিছে। ইপিনে নাৰায়ণৰ দেউতাকৰ নাও বুৰিলেও টিঙৰ পৰা ননমা মনোভাৱ।
এদিন হঠাৎ নাৰায়ণে ওচৰৰ গাঁৱতে বছৰেকীয়া শ্ৰাদ্ধ এটি কৰি আহি ঘৰ যেতিয়া সোমালে, চোতালত তেওঁ দেখিলে ৰাইজমেল বহিছে। চাইকেলখন ঘৰৰ মূধচৰ বেৰত আওজাই থৈ তেওঁ দেউতকক বিচাৰিলে।
-“যা,যা, তয়ো দেউতাৰক ধৰা ধৰি কৰগৈ।”–ওচৰৰে বলোৰামে মাত লগালে।
-“আমাৰ ঘৰত মৈখন আছে তই তাকেই লৈ যাগৈ, যা। বলোৰামৰ বলদহালো আজি এনেয়ে আছে। লাগিলে সেইহালকে লৈ যা।”–প্ৰমোদ জেঠায়ে জোকালে তেওঁক। ঘটনাযে কিবা গুৰুতৰেই, সেই কথা তেওঁৰ বুজিবলৈ বাকী নাথাকিল। তথাপি তেওঁ মাকক বিচাৰিলে। বাৰান্দাৰ এচুকত বহি হুৰাওহুৰে কান্দি আছিল মাক।
-“হেৰ নাৰায়ণ, আমাৰ চিন্তা তহঁতে কমালি দেই। এতিয়াৰেপৰা আমাৰ মাটি-বাৰী আৰু ছন পেলাব লগা নহয়। তহঁতেই তাত খেতি কৰিব পাৰিবি।”– নাৰায়ণহঁতৰ খেতি কৰা ভদ্ৰ, কথা ক’ব নজনা সেই ভদ্ৰৰো মুখখন আজি আখৈ ফুটা দি ফুটিছে।
-“হেৰ, আগতে কি হৈছে নকৱ কিয়? এনেয়ে হকে-বিহকে বলকি হাল বোৱা, খেতি কৰা কথা কৈ আছ যে?”-–একপ্ৰকাৰ বিৰক্তিৰেই মাত লগালে নাৰায়ণে।
-“আমি কোৱাতকৈ তয়েই গৈ বাপেৰৰ কাণ্ড চাই নাহগৈ কিয়? পথাৰত হাল বাই আছে। সাত্ত্বিক ব্ৰাহ্মণ বোলে তেওঁ! দৈৱকৰ্মৰ বাহিৰে একো কামেই নকৰে বুলি দম্ভালি মাৰিছিল দেখোন! এতিয়া ক’ত গ’ল তেওঁৰ সেই দৈৱকৰ্ম? জাত যোৱা ব্ৰাহ্মণ! নাঙলত হাত দি নিজৰ জাতটো খেদালেই, আমাকো প্ৰায়চিত্ত হ’ব লগাত পেলালে।”–প্ৰমোদ জেঠায়ে আৰু কি কৈছিল, তেওঁ শুনা নাছিল। যিখিনি শুনিছিল সেইখিনিয়েই তেওঁক শেলে বিন্ধাদি বিন্ধিছিল। সো-সোৱাই তেওঁ পথাৰলৈ বুলি খোজ পেলাইছিল। দেউতাকক সুধিব তেওঁ, কি কাৰণত তেওঁ এই কাম কৰিলে। আত্মসন্মানত আঘাত লাগিছিল নাৰায়ণ শৰ্ম্মাৰ। আত্মবিভোৰ হৈ কোন টলকত তেওঁ গৈ পথাৰ পালেগৈ, গমকেই ধৰিব নোৱাৰিলে। পথাৰত গৈ দেখিলে, প্ৰখৰ ৰ’দত দেউতাকে হাল বাই আছে। সৰু ৰঙা বাংলা-মুকচাখনেৰে পাগুৰি এটা মাৰি দেই পুৰি নিয়া ৰ’দক বাধা দিবলৈ চেষ্টা চলাইছে। কষ্ট আৰু ৰ’দৰ উত্তাপত শেঁতা হৈ পৰিছে তেওঁৰ উজ্জ্ব্ল মুখমণ্ডল। দেহাৰ বগা ছালখনে ৰঙচুৱা বৰণ লৈছে। দেউতাকলৈ নাৰায়ণৰ অজান এক সহানুভূতি জাগি উঠিল।
তেওঁ কিমান সময় তেনেদৰে দেউতাকলৈ চাই আছিল, গমেই নাপালে! হঠাৎ দেউতাকৰ মাতত তেওঁৰ সন্বিত ঘূৰি আহিল।
-“হেৰ, ইমানকৈ কিনো চাই আছ?”
-“তই এয়া কি কৰিলি অ’ পিতাই?”
-“কি কৰিবি অ’ বোপাই? জাত যোৱা কাম এটা কৰিব লগা হ’ল। পৰিস্থিতিয়ে মোক এইখিনি পোৱালেহি। দেখিছই যোৱা দুটা বছৰে আমি কিদৰে জীৱন কটাইছোঁ। গুৱাহাটীৰ মন্দিৰতো আজিকালি বিহাৰী পুৰোহিতৰ দপদপনি। তিনিমাহৰ বাবে মূল পুৰোহিতৰ পদ, তাৰ বাবেও কাক-কাক যে কাবৌ-কাকূতি কৰিব নালাগে! সেয়ে ভাবিলোঁ, ঘৰলৈ ওভতাই ভাল। কিন্তু ঘৰত কৰিম কি! সমাজত পূজা-পাতল কৰা মানুহেই বা কিমান! ভকতীয়া, কৃষ্ণগুৰু আদি ব্ৰাহ্মণ নমনা দীক্ষাই সমাজখন ছানি ধৰিছে। পৰৰ পুণ্যৰ বাবে দহাকাজ পৰ্য্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰা পুৰোহিত এজনৰ যদি ঘৰ নচলা অৱস্থা হয়, তেন্তে সেই পেছাক লৈয়ে মই থাকোঁ কেনেকৈ? সেইবাবে বহু ভাবি-গুণি পুণ্যৰ কামফেৰা মই ইমানতে শেষ কৰিলোঁ।”-–আৰু বহু কথাই দেউতাকে তেওঁক কৈছিল। সমাজত লাহে লাহে এলাগী হ’ব ধৰা ব্ৰাহ্মণসকলৰ কথা, পৌৰহিত্য পেছাক ব্যৱসায়িক মৰ্য্যাদা দি বদনাম কৰিব খোজা সমাজৰ এটা শ্ৰেণীৰ কথা। একুৰা জুই জ্বলি উঠিছিল তেওঁৰ বুকুত আৰু কৈ গৈছিল তেওঁ সেই জুইকুৰাৰ কথা। সমাজৰ শ্ৰেণীবিভাজনত উচ্চ আসনত অৱতৰণ কৰিও পদে পদে লাঞ্ছিত হোৱাৰ কথা। যিমানেই কৈ গৈছিল, এচপৰা এচপৰাকৈ বুকুৰ মেঘবাৰ খহি পৰিছিল তেওঁৰ আৰু সকলোবোৰ মৌন হৈ শুনি ৰৈছিল নাৰায়ণ শৰ্ম্মাই।
-“যিদিনা মই দেখিছিলোঁ যে ব্ৰাহ্মণ হোৱাৰ বাবেই তই লাইন পঢ়িব নোৱাৰিলি, তোক চেৰ পেলাই তোতকৈ কম নম্বৰ পোৱা বলোৰ পুতেকে চাৰ্টিফিকেট লৈ উচ্চ শিক্ষা ল’বলৈ গ’ল; সিদিনাই মই পণ কৰিছিলোঁ, কেতিয়াও আৰু জাতকলৈ দম্ভ নকৰোঁ। মই জানোঁ, মোৰ এই পদক্ষেপে তোৰ জীৱনলৈ প্ৰত্যাহ্বান আনিব। কিন্তু জাত-পাতেই জানো সকলো? উচ্চ জাতৰ বাবে আমি বাধাৰ বাহিৰে কি পাইছোঁ? হালবোৱা আমাৰ বাবে পাপ, সমাজ বিৰুদ্ধ কাম। কিন্তু আমাৰেই মাটিত খেতি কৰিবলৈ অহা খেতিয়কসকলে সেই মাটি নিজৰ কৰি ল’বলৈও আইন আছে। সেয়া কেনেধৰণৰ ন্যায়? দিনৰ দিনটো লঘোণে-ভোকে আনৰ কৃত পাপৰ বাবে দৈৱকৰ্ম্ম কৰি আমি পাইছোঁ কি? অব্যৱহাৰযোগ্য কিছুমান আচবাব আৰু তিনিটি পেট পুহিবৰ জোখেৰেও নোজোৰা কেইটিমান টকা!! তেন্তে আমাৰ ভৱিষ্যত ক’ত? ক’ত আমাৰ সুৰক্ষা?
মই জানোঁ সমাজৰ পৰা আমি এঘৰীয়া হ’ম। সম্পূৰ্ণ এলাগী জীৱন কটাব লাগিব আমি। সেয়ে মই এটি সিদ্ধান্তও লৈছোঁ। তই নতুনকৈ আৰম্ভ কৰা পৌৰহিত্য যাতে বাধাহীনভাৱে চলাই যাব পাৰ তাৰ বাবে মই আজিৰ পৰা তহঁতৰ লগত নাথাকোঁ। পথাৰৰ কাষতে জুপুৰী এটি সজাই তাৰেপৰাই মই খেতিৰ কাম আৰম্ভ কৰিম।”- দেউতাকে কোৱা প্ৰতিষাৰ কথাই সঁচা যেন লাগিলেও দেউতাক আঁতৰি যোৱা কথাটোত তেওঁৰ গা জিকাৰ খাই উঠিল। তেওঁৰ কাণত বাৰে বাৰে বাজি থাকিল দেউতাকে কোৱা এষাৰ কথা—তেন্তে আমাৰ সুৰক্ষা ক’ত??
গাঁৱৰ পৰা এলাগী কৰা হৈছিল নাৰায়ণহঁতৰ পৰিয়ালক। সিদিনাৰ পৰাই দেউতাকৰ নাম মুখে মুখে হৈ পৰিছিল “হালবোৱা বিষ্ণু”। দেউতাকে অকলে থাকিব বুলি কৰা প্ৰতিশ্ৰুতি আৰু নাৰায়ণক এই দণ্ডৰপৰা ৰেহাই দিবলৈ দেউতাকে কৰা কাকূতি-মিনতিৰ ফলত নগদ পাঁচশ টকা লৈ মেলকীসকলে নাৰায়ণক গাঁৱৰ বাহিৰত পৌৰহিত্য কৰাৰ অনুমতি দিছিল। ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই সকলো মানি ল’ব লগা হৈছিল তেওঁ। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল, মাককো তেওঁ দেউতাকৰ লগত পঠিয়াব। এইখিনি সময়ত মাকৰ সান্নিধ্যৰ অতীৱ প্ৰয়োজন তেওঁতকৈ দেউতাকৰহে বেছি, সেই ভাবিয়েই তেওঁ এই সিদ্ধান্ত লৈছিল। এটা মাত্ৰ ভুলৰ বাবে সকলো শেষ হৈ গৈছিল। ভাগি দুভাগ হৈ গৈছিল এখন ঘৰ। দেউতাকে যি কৰিছিল শুদ্ধ আছিলনে সেয়া ! ভুলোতো নাছিল! তেন্তে ক’ত কেনা লাগিল?? ভুল-শুদ্ধৰ এইবোৰ বিচাৰ এক সাঁথৰৰ নিচিনা লাগিল নাৰায়ণৰ। দোমোজাতেই ৰৈ গ’ল তেওঁৰ মনটো।
-“দেউ, কিনো ভাবি আছে ইমানকৈ?”–ল’ৰাজনৰ মাতত নাৰায়ণৰ তন্দ্ৰা ভাগিল। ল’ৰাজনৰ মুখৰপিনে মূৰ তুলি চালে তেওঁ। নিৰ্জ্জু, এজন অমায়িক ল’ৰা। সাজ-পোচাকত সম্ভ্ৰান্ত অথচ মাৰ্জিত। মুখৰ অৱয়ব যেন কাৰোবাৰ লগত মিলে—ভাবিলে তেওঁ। হাতত অকণ অকণ ফুলৰ নিৰ্মালি দি তেওঁ ক’লে-“বোপা, অকণমান ৰ’বা, পদজল খাই যাবা।”
-“দিয়ক। লগতে আশীৰ্বাদ কৰক দুৰাৰোগ্য ৰোগত আক্ৰান্ত দেউতা যেন সোনকালেই আৰোগ্য হৈ উঠে। মাৰ বিশ্বাস আপোনাৰ আশীৰ্বাদ পালেই আৰোগ্য হৈ উঠিব দেউতা।”-ল’ৰাজনে ক’লে।
-“সেয়েহে খুৰা, আপোনাৰ যদি বিশেষ অসুবিধা নহয়, আজি আবেলিলৈ আমাৰ ঘৰলৈ আহিবনে?” -ল’ৰাজনৰ কথা শেষ হ’বলৈ নৌপাওতেই ছোৱালীজনীয়ে তপৰাই ক’লে।
-“পিছে তোমালোককতো মই ধৰিবকেই পৰা নাই। ক’ৰপৰানো আহিছা তোমালোক?”
-“এই টিলাটিৰ সিপাৰে হস্তিনাপুৰত আমাৰ ঘৰ। ব্যৱসায়ী অজিত চৌধুৰী আমাৰ দেউতা।”
-“অজিত চৌধুৰী….অজিত চৌধুৰী….”—হঠাতে মনত পৰি গ’ল তেওঁৰ। চন্দ্ৰপ্ৰভাৰ গিৰিয়েক অজিত চৌধুৰী।
-“তাৰমানে চন্দ্ৰপ্ৰভা…!”
-“হয় তেওঁ আমাৰ মা।”
ল’ৰাজনৰ কথা শুনি নাৰায়ণৰ গাটো জিকাৰ খাই উঠিল। পৰিয়ালকেন্দ্ৰিক অশান্তিৰ ভুক্তভোগী আছিল চন্দ্ৰপ্ৰভা। এক অকল্পনীয় পৰিস্থিতিত পৰিচয় হৈছিল এইগৰাকী নাৰীৰ লগত।

প্ৰায় বিশ বছৰ আগৰ কথা আছিল সেয়া। দেউতাকৰ মৃত্যুৰ এবছৰ পাৰেই হোৱা নাছিল। অংগ অশৌচৰ বাবে পৌৰহিত্য কৰিবলৈ তেওঁ ক’তো যোৱা নাছিল। সেয়ে তেওঁৰ হাতত অফুৰন্ত সময় আছিল। তেওঁ আবেলি সময়ত টিলাটিৰ ওপৰত থকা ধুপ গছডালৰ তলত বহি খুউব ভাল পাইছিল। কেতিয়াবা মাটিৰ সমান্তৰালকৈ বাঢ়ি যোৱা প্ৰকাণ্ড ডাল একোটিত শুই শুই আকাশৰ বিশালতা অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিল। গছডালৰ তলৰপৰা দেখা পোৱা ক্ৰমান্বয়ে তললৈ বৈ পৰা টিলাটিত চৰণীয়া গৰুবোৰ, মুকলি আকাশত জাকে জাকে উৰি অহা নীড়মুখী চৰাইবোৰ—সকলোতে যেন শান্তি বিৰাজ কৰিছিল। সেয়েহে অতি দুখৰ সময়তো গছডালৰ তলত বহি পাহৰি যাব পাৰিছিল তেওঁ সকলোবোৰ দুখ। বহু অশান্তিতো এই চঞ্চলতাখিনিয়ে তেওঁৰ মন শাঁত পেলাই দিছিল। ঠিক যেন কোনো ঋষিৰ তপস্যাহে! আৰু সেই সময়ত গৰখীয়া ল’ৰাবোৰে তেওঁৰ ওচৰলৈ হাত চোৱাবলৈ আহি ভিৰ কৰিছিলহি। সেই সময়খিনিত তেওঁলোকেই হৈ পৰিছিল নাৰায়ণৰ ল’ৰালিৰ লগ। চেঙেলীয়া ল’ৰাহঁতক সন্তুষ্ট কৰিবলৈ তেৱোঁ এনেয়ে কৈ গৈছিল তেওঁলোকৰ ভূত-ভৱিষ্যতৰ কথা। অকণমান শুনিয়েই ল’ৰাহঁত উঠি গৈছিল আৰু নাৰায়ণ পুনৰ ডুব গৈছিল নিজৰ কল্পনাৰ পৃথিৱীখনত।

দেউতাকৰ মৃত্যুত মৰ্মাহত হোৱা নাৰায়ণে সেইদিনাও এনেকৈয়ে আকাশ-পাতাল ভাবি গছডালৰ তলত বহি আছিল। তেনেকুৱা এক সময়তে তেওঁৰ সম্মুখত থিয় হৈছিল চন্দ্ৰপ্ৰভা।

সেই ধুপডালৰ তলেদি বেকা-বেকিকৈ ৰতনপুৰৰ পৰা হস্তিনাপুৰলৈ পাৰ হৈ গৈছিল এটি কেঁচা ৰাস্তা। সেই ৰাস্তাৰেই হস্তিনাপুৰৰপৰা ৰতনপুৰলৈ নিতৌ অহা-যোৱা কৰিছিল চন্দ্ৰপ্ৰভা। ৰতনপুৰৰ প্ৰাইমেৰী স্কুলত কাম কৰিছিল তেওঁ। স্কুলৰপৰা ঘূৰি আহোতে গৰখীয়া ল’ৰাবোৰে মাজে মাজে মানুহজনৰ ওচৰত হাত দেখুৱাই থকা দেখিছিল আৰু সেইবাবে নিজৰো ভাগ্যখন চাওঁ বুলিয়েই আহিছে। চন্দ্ৰপ্ৰভাক অকস্মাতে তেওঁৰ সম্মুখত দেখি কিংকৰ্তব্যবিমূঢ় হোৱা নাৰায়ণৰ অৱস্থা দেখি চন্দ্ৰপ্ৰভাই বাখ্যা কৰিলে।
হাতচোৱা, মঙ্গল চোৱা আদি কাম পুৰোহিত হিচাপে অৰ্জ্জা নহয় যদিও জ্যোতিষ শাস্ত্ৰৰ ওপৰত থকা বিশ্বাসৰ ভিত্তিতেই দুই এখন কিতাপ আনি তেওঁ পঢ়িছিল। সেইসূত্ৰে অলপ-অচৰপ জ্যোতিষ জ্ঞানপ্ৰাপ্তও হৈছিল। সেইবুলি জ্যোতিষ তেওঁৰ পেছা নাছিল। চন্দ্ৰপ্ৰভাই যেতিয়া হাতত অনা তামোল-পাণযোৰ হাত চাবলৈ বুলি আগুৱাই দিছিল, নাৰায়ণ শৰ্ম্মা অপ্ৰস্তুত হৈছিল। কি কৰিব কি নকৰিব ঠিক কৰিব নোৱাৰি তেওঁ কৈছিল—“মই পেছাত জ্যোতিষী নহয়। সেয়ে আপোনাৰ মাননীটো মই গ্ৰহণ কৰিব নোৱাৰিম। তাৰ বাবে ক্ষমা কৰিব।”
-“কিন্তু সেইদিনাতো ল’ৰা কিছুমানৰ হাত চাই থকা…”
-“হয়। গৰখীয়া ল’ৰাবোৰে মোৰ লগত ধেমালিতে হাত দেখুৱাবলৈ আহে। পিছে জ্যোতিষ মোৰ নিচাহে মাথোন। পেছাত মই পুৰোহিত। স্ত্ৰীৰ হাতে ভাত খোৱাও আমাৰ বাবে নিয়ম বহিৰ্ভূত কথা। সেইবাবে আপোনাৰ হাত চাব নোৱাৰিম। অনুগ্ৰহ কৰি আপুনি বেয়া নাপাব।
“বহু আশা কৰি মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। ভাবিছিলোঁ, নিজৰ কপালখনকেই এবাৰ পৰীক্ষা কৰাওঁ। আপুনি মোক নিৰাশ নকৰিব। বিজ্ঞানৰ ছাত্ৰী আছিলোঁ। জ্যোতিষ, তন্ত্ৰ-মন্ত্ৰ এইবোৰৰ ওপৰত বিশ্বাস একেবাৰে নাছিল। আৰু আজি চাওক, মই হাত দেখুৱাবলৈ, মোৰ ভৱিষ্যতৰ কথা জানিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ”—মনৰ কথাবোৰ স্বতঃস্ফুৰ্তভাৱে মুখৰ পৰা ওলাই গেছিল চন্দ্ৰপ্ৰভাৰ। অশান্তিত চটফটাই আছিল বাবেই তেওঁৰ শান্তিকামী হিয়াই উপায় বিচাৰি হাহাকাৰ কৰিছিল।

বিশ্বাস আৰু প্ৰত্যয়ৰ প্ৰভাৱত কেতিয়াবা মুখেৰে নোকোৱা কথাও স্পষ্ট হৈ পৰে। প্ৰত্যয়ী এইগৰাকী নাৰী, যথেষ্ট আত্মবিশ্বাসী। অথচ প্ৰত্যাশাহীনভাৱে চলাই গৈছে এটি এটি পল। সপোন দেখি ভাল পোৱা মানুহে সপোন দেখিব পাহৰিলে যে প্ৰত্যাশাহীন হৈ পৰে, এইগৰাকী নাৰী যে জীৱনৰ প্ৰৱল ধুমুহাত জৰাজীৰ্ণ হৈ পৰা এক মানৱমূৰ্তি মাথোন, নাৰায়ণে তেওঁৰ কথাৰ পৰাই অনুমান কৰি ল’লে।
-“মোৰ বেয়া লাগিছে যে মই আপোনাক নিৰাশ কৰি কথা ক’ব লগা হৈছে। কি কৰিব, আমি পৰিৱেশৰ দাস। সমাজ ব্যৱস্থাক আমি কোনোমতেই উলাই কৰিব নোৱাৰোঁ। সমাজ আমাৰেই সৃষ্টি, অথচ আমি সমাজৰ দাস হৈ চলিব লাগে। এখন ঘৰ আমাৰ আপোন লোকৰ স্বৰ্গভূমি, অথচ ঘৰত থাকিও মাজে সময়ে আমাৰ এনে লগে যেন নৰকত থাকিলেও কিজানি আমি অলপ সুখ ভোগ কৰিলোঁহেঁতেন। আপুনি কি মনোকষ্টত আছে মই অনুমান কৰিছোঁ। সেয়েহে উনুকিয়াব বিচাৰিছোঁ যে নানান অসুবিধা-অশান্তিৰ মাজত দিন কটোৱা মানুহৰ সংখ্যা মুঠেই কম নহয়। সমাজৰ পৰিবেষ্টনীত নিজৰ ঘৰখনতেই এনেকুৱা অসুবিধাৰ সম্মুখীন হ’ব লগা হোৱাটোও সেয়ে ডাঙৰ কথা নহয়। এয়া জীৱনৰেই এক অংশ। সমাজ আৰু নিজক-দুয়োকে একেলগে সুখী কৰি ৰখাটো খুব টান কাম। কিয়নো সমাজ আৰু আমাৰ প্ৰত্যেকৰে সূত্ৰ বেলেগ বেলেগ। তেনেকুৱা সময়ত ভগৱানেই হৈ পৰে আমাৰ বাবে একমাত্ৰ সকাহ। প্ৰাৰ্থনাই দিয়ে আমাক পৰিত্ৰাণ। নাস্তিক হ’লেও ভগৱানৰ চৰণত তেতিয়া নিজকে সম্বৰণ কৰি আমি ভাল পাওঁ।”— কথাখিনি অনৰ্গল কৈ নাৰায়ণে দীঘলকৈ এটি উশাহ টানিলে।

বহুসময় নিৰৱেই পাৰ হৈ গ’ল। মহিলাগৰাকীৰ মুখাৱয়ব চাই নাৰায়ণে ধৰিব নোৱাৰিলে তেওঁ কি ভাবিছে।
-“আপুনি একো নোকোৱাকৈও বহুখিনি কথা কৈ পেলালে। মোৰ বিষয়ে একো নজনাকৈও মোৰ মানসিক ৰূপটো পঢ়ি পেলালে। মোৰ অশন্তিৰ কথাও কম-বেছি পৰিমাণে ধৰিব পাৰিছে। মই এদিন আহিম আপোনাৰ ওচৰলৈ…সিদিনা সকলো কথা ক’ম। সেইদিনা মই আপোনাক হাত দেখুৱাই মঙ্গল চোৱাবলৈ নাহোঁ। আহিম মোৰ হৃদয়ৰ ডাৱৰবোৰ আঁতৰাবলৈ। আৰু আশা ৰাখিছোঁ সিদিনা আপুনি মোক নিৰাশ নকৰিব।”—কথাখিনি কৈ তেওঁ তাত বেছি পৰ ৰোৱা নাছিল। যোৱাৰ আগতে কৈ গৈছিল তেওঁৰ পৰিচয়।
আকৌ এদিন আহিছিল অজিত চৌধুৰীৰ নৱবিবাহিতা পত্নী চন্দ্ৰপ্ৰভা চৌধুৰী। স্কুলৰ পৰা ওভতাৰ পথত নাৰায়ণক তেওঁ দেখা দিছিলহি। সেইদিনা তেওঁ আচৰিতধৰণে শংকিত হৈ আছিল। তেওঁ তলমূৰ হৈ কৈ গৈছিল সকলো কথা। কৈ গৈছিল ন-শহুৰৰ ঘৰত পদে পদে পোৱা অপমানবোৰৰ কথা, নিচাসক্ত গিৰিয়েকে দোভাগ ৰাতি তেওঁৰ ওপৰত চলোৱা আতিশায্যবোৰৰ কথা। চাকৰি কৰাৰ ছলেৰে ঘৰুৱা কাম-কাজৰ পৰা পলায়ন কৰা বুলি নন্দেকে কৰা অভিযোগবোৰৰ কথা। বিয়াৰ এবছৰ পাৰেই হোৱা নাছিল, অথচ গিৰিয়েকে তেওঁৰ ওপৰত আৰোপ লগাইছিল যে তেওঁ আন কোনো পুৰুষৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। খং-ৰাগ, অপমান-অভিমানত জ্বলি উঠিছিল চন্দ্ৰপ্ৰভা। কথাৰ মাজে মাজে তেওঁ উচুপি উঠিছিল। বৰ্ণাই গৈছিল তেওঁ দেখা সপোনবোৰৰ কথা, বিয়াৰ দিন ঠিক হোৱাৰ পিছৰেপৰাই কৰা পৰিকল্পনাবোৰৰ কথা। ৰামধেনুৰ নিচিনা আছিল সেই সপোনবোৰ। প্ৰত্যয়, আশা, পৰিকল্পনাত টগবগাই আছিল তেওঁৰ প্ৰাক্-বিবাহিত জীৱনটো। অথচ আজি কাঁচৰ নিচিনা ভাঙি টুকুৰা-টুকুৰ হৈ গৈছে সকলোবোৰ। নিসংগতাৰ ছাঁত তেওঁ দেখা পাইছিল তেওঁৰ ভৱিষ্যতৰ ৰূপ। অসহনীয় আছিল সেই বৰ্ণনাবোৰ। এইবোৰ শুনি নাৰায়ণে কি ক’ব, কি পৰামৰ্শ দিব ঠিক কৰিব পৰা নাছিল। মাথোঁ অনুভৱ কৰিছিল যে, হেৰোৱা প্ৰত্যয়খিনি ওভতাই আনিব পাৰিলেই এইগৰাকী নাৰীয়ে সুখ বিচাৰি উলিয়াব পাৰিব। ভাৱি-চিন্তি তেওঁ কৈছিল-“আপোনাৰ সমস্যা বেছ কঠিনেই। মানুহক মনোৱাটো আটাইতকৈ টান কাম। তথাপি বুজনিৰে তাকো ঠিক কৰিব পাৰি। সেয়ে আপুনি বুজাই চাওক। আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ একেবাৰে আপোনজনে যদি আপোনাক বুজি পায়, তেন্তে আনেও বুজি পাব। তাৰ পাছতো যদি তেওঁলোকে বুজিবলৈ ইচ্ছা নকৰে, তেওঁলোকৰ লগত খাপ খাবলৈ চেষ্টা কৰক। তেওঁলোকে কি বিচাৰে, কি নিবিচাৰে তাৰে ওপৰত আপুনি গুৰুত্ব দিয়ক। কেতিয়াবা সমাজ বা ঘৰৰ স্বাৰ্থত ব্যক্তিগত ভালপোৱা-বেয়াপোৱাবোৰ আমি এৰিব লগা হয়। অৱশ্যে এয়া সহজ নহয়। কিন্তু ত্যাগ সকলোৱে কৰিব নোৱাৰে। সমাজৰ বা পৰিয়ালৰ স্বাৰ্থত যিয়ে নিজৰ সুখ-দুখৰ কথা নাভাবি সমাজ বা পৰিয়ালৰ দাবীমতে সলনি হ’ব পাৰে, তেওঁহে প্ৰকৃত সুখৰ মুখ দেখা পায়। বোধকৰোঁ মই কি ক’ব বিচাৰিছোঁ আপুনি বুজি পাইছে।”

হাঁহি এটিৰে চন্দ্ৰপ্ৰভা চৌধুৰী বিদায় লৈছিল। যাবৰ সময়ত তেওঁৰ মুখত ফুটি উঠিছিল সৈনিকৰ মুখমণ্ডলত ফুটি উঠা যুদ্ধজয়ৰ পণ। তেওঁ ঠিৰাং কৰি পেলাইছিল, তেওঁ কি কৰিব। যোৱাৰ সময়ত দি গৈছিল এক অভিনৱ প্ৰস্তাৱ- এই ধুপ গছডালৰ তলত তেওঁ এটি মন্দিৰ সজাব খোজে। প্ৰস্তাৱটো ইকাণে-সিকাণে নাৰায়ণেই গাঁওবুঢ়াৰ কাণত পেলাইছিল। “হালবোৱা বিষ্ণু”ৰ পুতেকৰ গাঁওখনলৈ এয়া মহৎ অৱদান বুলি ভাবিয়েই গঞাসকলে প্ৰস্তাৱটি আদৰণি জনাইছিল। মন্দিৰৰ কাম অতি সোনকালেই আৰম্ভ কৰিছিল চন্দ্ৰপ্ৰভাই আৰু সকলো দায়িত্ব ল’ব লগা হৈছিল নাৰায়ণেই। এইকেইদিনতে নাৰায়ণৰ লগত চন্দ্ৰপ্ৰভা বেছ ঘনিষ্ঠ হৈ উঠিছিল। “আপুনি”ৰ পৰা তেওঁলোকৰ সম্বোধন “তুমি”লৈ ৰূপান্তৰ ঘটিছিল। এক নিৰাপদ দূৰত্বত অৱস্থান কৰি দুয়ো হাঁহিছিল, কথা পাতিছিল। দুয়ো দুয়োৰে আত্মীয় হৈ পৰিছিল। মন্দিৰৰ কাম শেষ হোৱাৰ পিছত এদিন চন্দ্ৰপ্ৰভা আহিছিল, আহি জনাইছিল যে পৰিচালনা সমিতিৰ সিদ্ধান্তমৰ্মে এই মন্দিৰৰ স্থায়ী পুৰোহিত হিচাপে নাৰায়ণ শৰ্ম্মাক নিযুক্তি দিয়া হৈছে। তাৰ পাছত চন্দ্ৰপ্ৰভা চৌধুৰী কেতিয়াও তালৈ অহা নাছিল। ইকাণ-সিকাণে নাৰায়ণে শুনিছিল চন্দ্ৰপ্ৰভাই হেনো চাকৰি বাদ দিছে।

তেওঁৰ বৰ আপোন আপোন লাগিছিল মানুহগৰাকীক। এক মুহূৰ্ততে মন মুহি নিব পৰা শক্তি আছিল তেওঁৰ। এজন সাধাৰণ পুৰোহিতৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈছিল তেওঁ। মন্দিৰৰ কাম-কাজৰ সময়তে তেওঁৰ লগত যি সম্পৰ্ক স্থাপন হৈছিল, সেই সম্পৰ্কৰ খাতিৰত নিজৰ বিষয়ে ক’বলৈ নুই কৰিব পৰা নাছিল নাৰায়ণে।
-“কি কৰিবা, সমাজৰ বাসিন্দা হৈ সমাজৰ ৰীতি-নিয়ম মানি চলিবই লাগিব। গাঁওৰপৰা এলাগী মানুহ এজনলৈ কোনে ছোৱালী বিয়া দিব? তাতে উপাৰ্জনো তেনেই সীমিত। গতিকে মোৰ বিয়া নহ’ল। দেউতা ঢুকোৱালৈকে মাক দেউতাৰ লগতে থাকিব দিলোঁ। দেউতাই মানা কৰিছিল যদিও মই নামানিলোঁ। এজন মানুহৰ ৰন্ধা-বঢ়া হোৱা হেতুকে মই বিশেষ অসুবিধা অনুভৱ নকৰিলোঁ। খেতি কৰি দেউতাই ভালেই কৰিছিল। ঘৰৰ অৱস্থাও ভাললৈ আহিছিল। হঠাতে কাল নামি আহিছিল ঘৰখনলৈ। দেউতা কুষ্ঠৰোগত আক্ৰান্ত হৈছিল। কবিৰাজী ঔষধৰ নামত সঞ্চিত ধন সকলো শেষ হৈছিল আৰু তেতিয়াই দেউতায়ো ইহ সংসাৰৰ পৰা বিদায় মাগিছিল।”—এমূৰৰ পৰা সকলোবোৰ কৈ গৈছিল নাৰায়ণে। ঘনিষ্ঠতাত “আপুনি”ৰপৰা “তুমি” হৈ পৰা সম্বন্ধটোক কি নাম দিব তেওঁ ধৰিব পৰা নাছিল। আপোন-পাহৰা হৈ তেওঁ মাথোঁ কৈ গৈছিল তেওঁৰ হৃদয়ত স্তুপীকৃত বেদনাবোৰৰ, হুমুনিয়াহবোৰৰ কথা। তেওঁ পাহৰি গৈছিল যে, চন্দ্ৰপ্ৰভা চৌধুৰী এগৰাকী বিবাহিতা মহিলা। তেওঁৰ পৰামৰ্শ শুনি চন্দ্ৰপ্ৰভা সহজ হৈ পৰিব পাৰিছিল বাবেই চাগে’ হয়তো নাৰায়ণৰ প্ৰতি তেওঁ কৃতজ্ঞতাত গদ্গদ হৈ পৰিছিল আৰু সেইটোৱেই তেওঁলোকৰ মাজত জন্ম দিছিল এক নতুন সম্বন্ধৰ। কি নাম আছিল সেই সম্বন্ধৰ? কিয় বাৰে বাৰে চন্দ্ৰপ্ৰভাক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল তেওঁ ? অতি কম দিনতে জন্ম হৈছিল নেকি এক অনামী প্ৰেমৰ? হয়তো সেয়াই আছিল! তেন্তে সম্পূৰ্ণ একপক্ষীয় আছিল নেকি সেয়া! যদি প্ৰেমেই আছিল, অবৈধ আছিল নেকি সেই প্ৰেম? যিখন সমাজে হালবোৱা বাবে দেউতাকক, সিহঁতৰ ঘৰখনক এলাগী কৰিছিল, সেইখন সমাজে শুনাহেঁতেন সেই সম্পৰ্কৰ কথা!! কিন্তু নুশুনিলে। কাকো একো নক’লে তেওঁ। মনৰ ভিতৰতে থুপ খুৱাই ৰাখি থলে তেওঁ সেইবোৰৰ কথা। হৃদয়ৰ আৰ্তনাদক তেওঁ বিধিৰ বিধান বুলি মানি লৈ জীৱনপথত খোজ দিলে।
-“খুৰা, আপোনাৰ যদি অসুবিধা নহয় আপুনি আজি আমাৰ ঘৰলৈ বলক।”- আজিত চৌধুৰীৰ ছোৱালী প্ৰতীক্ষাই মাত লগালে।
-“তোমালোকৰ ঘৰলৈ? কিয়? কিবা বিশেষ কাম?”-–নিজৰ ভাৱনাৰ সাগৰত ডুবি থকা নাৰায়ণৰ তন্দ্ৰা ভাগি অপ্ৰস্তুত হৈ পৰিল।
-“দেউতাক এতিয়া অলপ সাহসৰ বৰ প্ৰয়োজন। আপুনি নীতি-নিয়মৰ কথা জানে। দেউতায়ো আজিকালি সেইবোৰ ভাল পায়। সেয়ে মায়ে কৈছিল আপোনাৰ সন্মতি সাপেক্ষে আপোনাক লৈ যোৱাৰ কথা।”–অগত্যা প্ৰতীক্ষাৰ জোৰত নাৰায়ণ যাবলৈ মান্তি হ’ল।

কেৱল মাথোঁ প্ৰতীক্ষাৰ জোৰৰ বাবেইনে? নে আন কিবা টানো আছিল যাবলৈ মান্তি হোৱাৰ! তেওঁৰ চাবলৈ মন গৈছিল, কেনে আছে চন্দ্ৰপ্ৰভা। কিমান সুখী তেওঁ। চাবলৈ মন গৈছিল কিমান ত্যাগৰ বিনিময়ত চন্দ্ৰপ্ৰভাই আহৰণ কৰিছিল ল’ৰা-ছোৱালীহালক ইমানখিনি হঁহুৱাই ৰাখিব পৰাকৈ সুখ।
দুৱাৰমুখত ভৰি দিয়েই নাৰায়ণে শংখধ্বনি শুনিবলৈ পাইছিল। চোতালৰ আগফালে থকা সৰু মন্দিৰৰ পৰা ভাঁহি আহিছিল সেই পৱিত্ৰ ধ্বনি। আহল-বহল বাৰান্দখনত আৰামী চকী এখনত বহি আছিল এজন বয়সৰ চাপ পৰা মানুহ। আগতে সাক্ষাৎ নাছিল যদিও তেওঁ অনুমান কৰি লৈছিল, এৱেঁই হ’ব অজিত চৌধুৰী।
-“দেউতা, এখেত নাৰায়ণ শৰ্ম্মা। সেইযে টিলাৰ দৌল-গোবিন্দ মন্দিৰটো, তাৰেই পুৰোহিত।”–প্ৰকাশে তেওঁৰ দেউতাকৰ লগত চিনাকি কৰাই দিছিল।
প্ৰাথমিক পৰিচয় পৰ্ব শেষ হোৱাৰ পিছত সৰু-সুৰা দুই এটা কথা পাতিছিল তেওঁলোকে। কথাই কথাই নাৰায়ণে কৈ গৈছিল তেওঁৰ ঘৰৰ কথা। কৈছিল দেউতাক ঢুকোৱাৰ সময়ত গাঁওৰপৰা এলাগী সত্বেও তেওঁৰ নমনীয় গুণৰ বাবে কিদৰে তেওঁলোকৰ চোতাল গঞাৰে ভৰি পৰিছিল সেই কথা, ৰাইজে তেওঁলোকক গাঁৱত চামিল কৰাৰ কথা। মাকৰ মৃত্যুৰ পিছত সকলো মাটি-বাৰী তেওঁ প্ৰাথমিক বিদ্যালয় খোলাৰ বাবে ৰাইজক দান দি কেনেকৈ মন্দিৰৰ ওচৰতে সৰু জুপুৰী এটা সাজি জীৱন-যাপন কৰিছিল সেই কথাবোৰো কৈ গৈছিল। কথাৰ মাজে মাজে তেওঁৰ মনটো উৰি গৈছিল সেই বিশেষ মুহূৰ্তটিলৈ, যিটো মুহূৰ্তত চন্দ্ৰপ্ৰভা তেওঁৰ ওচৰলৈ হাত দেখুৱাবলৈ আহিছিল। কিমানযে কৰুণ দেখাইছিল তেতিয়া তেওঁক! কিমান অসহায় আছিল তেওঁৰ দৃষ্টি! কিয় বাৰু তেওঁ বন্দী হৈ পৰিছিল এই অনামী মায়াত! কি নাম আছিল সেই সম্বন্ধৰ? একোতো দুৰ্বলতা দেখা নাছিল তেওঁ চন্দ্ৰপ্ৰভাৰ মুখায়বত। তেন্তে? হয়তো চন্দ্ৰপ্ৰভাৰ স্বভাৱসিদ্ধ কোমল আচৰণে কোনোবা এটি দুৰ্বল বিন্দুত ক্ৰিয়া কৰিছিল নাৰায়ণৰ, যাৰ বাবে তেওঁ ইয়াক প্ৰেম বুলিয়েই ভাবি লৈছিল। মাজে মাজে আকৌ নিজকে প্ৰশ্ন কৰিছিল তেওঁ, যদি প্ৰেমেই নাছিল তেন্তে কি আছিল সেই সম্বন্ধৰ নাম? বন্ধু! গুৰু-ভক্তৰ সমান! নে কি আছিল!! যিমানে তেওঁ ভাবিছিল, সিমানেই দোধোৰ-মোধোৰ অৱস্থা এটিলৈ সোমাই গৈছিল নিজে। সেয়েহে চন্দ্ৰপ্ৰভাক বহু সময়ত তেওঁৰ এজন ভাল ভক্ত বুলিয়েই নিজকে পতিয়ন নিয়াবলৈ চেষ্টা চলাইছিল। মনসা পূজা কৰোতেও কেতিয়াবা দোষ লাগিলে ঘট ফাটি যোৱাৰ নিচিনা অতি পৱিত্ৰতা আৰু নিৰ্মলতাৰ অভাৱত যাতে চন্দ্ৰপ্ৰভা অপবাদৰ সম্মুখীন হ’ব নালাগে, তাৰ প্ৰতি তেওঁ সজাগ আছিল। কৰ্মক্ষেত্ৰত মনসা পূজাৰ দৰেই আছিল সেয়া। সেয়ে ভক্তক বিধান দিয়াৰ আগত তেওঁৰ মুখায়ব দেখি তেওঁ যেনেকৈ চিন্তিত হৈছিল, ভক্তৰ মুখত উপায় প্ৰাপ্তিৰ ফলত উদয় হোৱা নিৰ্মলতা দেখি সিমান প্ৰসন্নও হৈছিল। চন্দ্ৰপ্ৰভাকো সেইসকল ভক্তৰ মাজৰে এজনী বুলি ধৰিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু অতি নিৰ্লজভাৱে ব্যৰ্থ হৈছিল। চঞ্চলতাখিনি লুকুৱাবলৈ গৈ তেওঁ সোমাই গৈ আছিল এক সাঁথৰৰ মাজত।

চন্দ্ৰপ্ৰভা কেতিয়া আহি তেওঁৰ পিছপিনে থিয় দিছিল তেওঁ গমেই পোৱা নাছিল। তেতিয়া নাৰায়ণে বিচৰণ কৰি আছিল তেওঁৰ একান্ত ব্যক্তিগত পৃথিৱীত। কথা কৈ আছিল যদিও অসংলগ্ন হৈ গৈ আছিল কথাবোৰ। চন্দ্ৰপ্ৰভাক দেখিয়েই তেওঁৰ মুখৰ বৰণ সলনি হৈ গৈছিল। মুখৰ পৰা কথা নোলোৱা অৱস্থাত পৰিছিল। চন্দ্ৰপ্ৰভাই লক্ষ্য কৰিছিল এই কথা আৰু বেচ বুদ্ধিমতাৰে নাৰায়ণক সহজ কৰি তুলিছিল। সোনকালে তেওঁলোকৰ ঘৰৰ পৰা ওলোৱাৰ সুবিধা বিচাৰি আছিল নাৰায়ণে। অথচ অজিত চৌধুৰী আৰু তেওঁৰ ল’ৰা-ছোৱালীহালে এৰি দিয়া নাছিল তেওঁক। অগত্যা তেওঁ অলপ সময় ৰৈহে আহিব পাৰিছিল। চাহ নোখোৱাকৈ তেওঁক আহিব দিয়া নাছিল ঘৰখনে। কাঁহৰ বাটিত গুড় দিয়া চাহ আনি দিছিল চন্দ্ৰপ্ৰভাই। তেওঁ গম পোৱা নাছিল চন্দ্ৰপ্ৰভাই কেনেকৈ মন্দিৰৰ লগুৱাৰপৰা নাৰায়ণ আৰু দৌল গোবিন্দ মন্দিৰ সম্পৰ্কে এটি এটি তথ্য সংগ্ৰহ কৰিছিল। চাহৰ সোহাৰ লগতে তেওঁলোকে বিভিন্ন কথাৰ মহলা মাৰিছিল। এটাৰপৰা এটালৈ প্ৰসংগ সলনি হৈ আছিল। স্বাস্থ্যৰপৰা ঘৰলৈ, গাঁওৰপৰা সমাজলৈ, সমাজৰপৰা ৰাজনীতিলৈ, সামাজিক চেতনাবোধৰপৰা মৰম-ভালপোৱালৈ। নাৰায়ণ আৰু অজিত চৌধুৰীয়েই পাতি গৈছিল কথাবোৰ। সাধাৰণ হা-হুৰ বাহিৰে প্ৰায় নিমাতেই আছিল চন্দ্ৰপ্ৰভা। কিমান সময় তেনেকৈ পাৰ হৈ গৈছিল তেওঁ গমেই পোৱা নাছিল। তেওঁ যেতিয়া যাবলৈ ওলাই আহিছিল তেওঁৰ পিছে পিছে চন্দ্ৰপ্ৰভাও ওলাই আহিছিল।

পদুলিমূৰত তেওঁ অকস্মাতে সুধি পেলাইছিল—“কিয় বিয়া নাপাতিলে আপুনি? বেলেগৰ ঘৰ বচালেই সকলোখিনি হৈ যায়নে? মাত্ৰ এষাৰ কথাৰেই মোৰ ভাগি যোৱা ঘৰখন আপুনি বচালে। আৰু নিজৰ বেলিকা?”
চন্দ্ৰপ্ৰভাই বৰ দুৰ্বল ঠাইত আঘাত হানিলে তেওঁৰ। নিৰুপায় হৈ তেওঁ ক’লে—“এৰা! সমাজৰ এলাগী মানুহ। কোনে ছোৱালী দিব?”
-“সমাজৰপৰা এলাগী বাবেই বিয়া নাপাতিলে নে?”
এইবাৰ নাৰায়ণ নিৰুত্তৰ হৈ পৰিল।
-“দৈৱ কৰ্মৰে আপুনি কিমানৰ উপকাৰ সাধিছে মই নাজানোঁ৷ আপোনাৰ কথাৰে, উপদেশেৰে মোৰ ঘৰখন কিন্তু আপুনি বচালে। আপোনাৰ উপদেশক সৰোগত কৰিয়েই মই সুখী হ’লোঁ। শহুৰ-শাহুৰ মৃত্যুত বোৱাৰীৰ মৰ্য্যদাৰে সকলোখিনি কৰিলোঁ। ননদক নিজৰ ছোৱালীৰ দৰেই বিয়া দি উলিয়াই দিলোঁ। নিজৰ মানুহজনক ভুল পথৰপৰা ওভোতাই আনিবলৈ সক্ষম হ’লোঁ। সুৰাপান কৰি মোক মাৰধৰ কৰাতকৈ গধূলি সময়ত ঘৰতে থাকি তেওঁ ভালপোৱা হ’ল। তাৰ বাবে অৱশ্যে মই ত্যাগ কৰিবলগা হ’ল। যাক মই শিক্ষা বুলি গৌৰৱ কৰিছিলোঁ সেই ভেমটো, যাক মই আত্মমৰ্য্যদা বুলি ভাবি আছিলোঁ সেই চাকৰিটো, মোৰ আব্দাৰ, চকুপানী সকলো ত্যাগ কৰিলোঁ। তাৰ বিনিময়ত মই সকলোখিনি পালোঁ। আজি আমাৰ বিবাহবাৰ্ষিকী। যদিও মোৰ পতি দুৰাৰোগ্য ৰোগত আক্ৰান্ত, তথাপি আজিৰ দিনত মই অতিশয় সুখী। আপোনাৰ বাবেই ইমানখিনি সম্ভৱ হ’ল। অথচ আপুনি? মাটি-বাৰী, ঘৰ-সংসাৰ, আৱেগ-অনুভুতি সকলো ত্যাগ কৰি পৰৰ হিতৰ বাবেই জীৱনটো পাৰ কৰি দিলে? আপুনি কিয় বিয়া নাপাতিলে আনৰ পৰা আপুনি লুকাব পাৰে, কিন্তু মোৰ পৰা কেতিয়াও নোৱাৰে। মই যিদিনা আপোনাৰ ওচৰৰ পৰা নিৰৱে আঁতৰি আহিছিলোঁ, সেইদিনাই গম পাইছিলোঁ যে, আপুনি হয়তো এটি অনৰ্থক প্ৰস্তাৱ লৈ মোৰ ওচৰলৈ আহিব। আৰু সেই প্ৰস্তাৱ নুই কৰা মোৰ বাবে সম্ভৱ নহ’ব। মই বিচাৰিছিলোঁ পৰৰ হিত সাধন কৰা পুৰোহিত হিচাপেই আপুনি চিৰদিন পৰিচিত হৈ থাকক। মই আঁতৰি অহাৰ পিছত বিয়া-বাৰু কৰাই আপুনি সুখেৰে থাকক। কিন্তু…..” চকুপানীয়ে বাট আগচি ধৰিছিল চন্দ্ৰপ্ৰভাক। ডিঙিটোত যেন কিহবাই সোপা মাৰি ধৰিছিল। হুকহুকাই কান্দি উঠিছিল তেওঁ।

তেওঁক আকৌ এবাৰ বুজাবলৈ মন যোৱা নাছিল নৰায়ণৰ। কিছুসময় তেওঁৰ মুখৰপিনে ভেবা লাগি চাই ৰৈছিল তেওঁ। তাৰ পিছত তলমূৰ হৈ লাহে লাহে আগলৈ খোজ পেলাইছিল। পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল তেওঁ। চন্দ্ৰপ্ৰভা সম্পৰ্কে তেওঁৰ মনত তেতিয়া আৰু কোনো দোমোজা নাছিল। তেওঁৰ দ্বিতীয়বাৰ ভাবিব লগা হোৱা নাছিল চন্দ্ৰপ্ৰভাৰ লগত থকা তেওঁৰ সম্পৰ্কৰ নাম কি! চন্দ্ৰপ্ৰভাৰ পৰাই তেওঁ পাই গৈছিল তেওঁৰ মূৰত বাহ লৈ থকা সেই অশান্তিৰ বিধান।

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments