বিধি (গৌতম কাশ্যপ)

ঘৰটো গাঁওখনৰ শেষমূৰত। ঠাইকণ অলপ নিজান। বাঁ‌হ টকৌ পাতেৰে নিৰ্মিত কেঁচাঘৰ, জুপুৰি বুলি কব পাৰি। আগফালে এখন ধানৰ সৰু পথাৰ। পিছফালে এখন হাবি। মাজনিশাৰ নিস্তব্ধতা ভেদি ঘৰটোৰ পৰা মানুহৰ কেঁকনি-গেঠনিৰ শব্দ ভাঁহি আহিল, পিছমূহুৰ্ততে দুটি মৰণ কাঁ‌তৰ আৰ্তনাদ।

ঘৰটোৰ পৰা এজন এজনকৈ পাঁচ-ছয় জন ব্যক্তি ওলাই আহিল বাহিৰলৈ। প্ৰতিজনৰে হাতত চোকা দা নাইবা ধৰাল খুকুৰী। আটাইৰে নিজৰ মাজত কিবা আলোচনা চলিল। এজনে ঘৰটোৰ চাৰিওফালে তেল ঢলা আৰম্ভ কৰিলে। কোনোবা এজনে জোৰডাল ঘৰটিৰ মূধচলৈ দলিয়াই পঠিয়ালে। লাহে লাহে ঘৰটিক জুইয়ে আগুৰি ধৰিল। ব্যক্তি কেইজন সেই ঠাইৰ পৰা আঁ‌তৰ হ’ল। এজনে যাওঁ‌তে কিৰিলিয়াই উঠিল।

গাঁওখন ৰক্ষা পৰিল। ডাইনীজনী, গিৰিয়েক তান্ত্ৰিকটো মৰিল। গাঁওখনৰ মানুহবোৰ অপায়-অমংগলৰ পৰা ৰক্ষা পৰিল।

————————–

ধোঁৱাৰ কুণ্ডলীবোৰ লাহে লাহে আঁ‌তৰ হৈ ছোৱালীজনীৰ মুখমণ্ডল মোৰ চকুৰ আগত ধৰা দিলে। নিৰ্লিপ্ত চাৱনি তাইৰ। ভয়ৰ কোনো চিন-মোকাম নাই। তাৰ সলনি হিমশীতল চকুযুৰিৰ আঁ‌ৰত লুকাই আছিল এক পাশৱিক আক্ৰোশ আৰু প্ৰতিহিংসা। বাৰ তেৰ বছৰীয়া কিশোৰী। বিধি সম্পূৰ্ণ কৰা সকলোৰে চকুত ভয়ৰ চিন দেখা পাওঁ‌। কিন্তু তাই যেন বাকী সকলোতকৈ পৃথক। তাইৰ দৃষ্টি মোৰ দিশত নিৱদ্ধ হৈ ৰ’ল। সেই দৃষ্টিত আছিল কঠোৰতা। বহু দিন হ’ল শেষৰবাৰৰ বাবে তাইৰ দৰে কাৰোবাৰ সন্মুখীন হোৱা।

চৌপাশৰ ফালে মন দিলোঁ। জুইৰ লেনিহান ৰঙা শিখাই লাহে লাহে খেৰ-টকৌপাতৰ ঘৰটো আৱৰি ধৰিছিল। আৰু কেইটামান মূহুৰ্তৰ পিছতে ঘৰটি সম্পূৰ্ণৰূপে জ্বলি ছাইৰ মাজত বিলীন হৈ পৰিব।
মজিয়াখনত দুটা নিথৰ শৰীৰ। এটা মহিলাৰ আৰু আনটো এজন পুৰুষৰ। মহিলা গৰাকীৰ শৰীৰটো উলংগ অৱস্থাত। চোকা অস্ত্ৰৰে হানি খুচি দুয়োকে হত্যা কৰা হৈছে। দুয়োৰে শৰীৰৰ পৰা এতিয়াও তেজ বৈয়ে আছে। গোৱৰেৰে লেপা মজিয়াৰ মাটিয়ে তেজবোৰ শুহি লব পৰা নাছিল। কোঠালিটোৰ মজিয়াত লাংখা-লিংখি বস্তু কিছুমান সিঁ‌চঁৰতি হৈ পৰি আছে। কৰবাত হাড় কেইডালমান সম্ভৱতঃ জন্তুৰ, মানুহৰ লাওখোলাৰ অংশ, গৰুৰ শিঙেৰে সৈতে লাওখোলাৰ ওপৰৰ অংশ, গছৰ বুঢ়া হৈ পৰা শিপাৰ টুকুৰা ইত্যাদি।

তাই নিৰ্মান কৰা বৃত্তটোৰ ঠিক মাজভাগত মই। বৃত্তটোৰ মাজত দুটি ত্ৰিভুজ অংকন কৰিছে সম্পূৰ্ণ বিপৰীতমুখী। ত্ৰিভুজ দুটা ওপৰা-উপৰিকৈ অঁ‌কাত ঠিক তৰা এটিৰ ৰূপ লৈছে। দুয়োটা ত্ৰিভুজৰ প্ৰতিটো কোণে বৃত্তটোক স্পৰ্শ কৰিছে। ত্ৰিভুজকেইটাৰ প্ৰতিটো কোণত একোটাকৈ কাঁচিজোন। এটা কোণৰ কাঁচিজোন যদি বাহিৰমুৱাকৈ, তাৰ ঠিক পিছৰ কোণত থকা কাঁ‌চিজোনটো ভিতৰমুৱাকৈ আঁকিছে। ৰক্ত! মানুহৰ ৰক্তৰে অংকন কৰিছে তাই মজিয়াত বৃত্ত, ত্ৰিভুজদুটা আৰু কাঁচিজোনৰ আকৃতি কেইটা। বিপৰীতমুখীকৈ অঁ‌কা ত্ৰিভুজৰ আকৃতিদুটাই সংগমৰত নাৰী-পুৰুষৰ যৌনাংগক চিহ্নিত কৰিছে। এই চিহ্নসমূহৰ ঠিক সোঁমাজত মই। চাৰিওফালে এখন অদৃশ্য বেৰে যেন মই সত্তাটোক বৃত্তটোৰ মাজত চৌদিশৰ পৰা আগুৰি ধৰি ৰাখিছে। যিখন বেৰ ভেদি পাৰহোৱা একপ্ৰকাৰৰ অসাধ্য মোৰ বাবে। এই অদৃশ্য বেৰখনৰ অৱস্থিতি যে মোৰ মনৰ মাজত সেয়া উপলব্ধি কৰিলেও সেই অৱস্থিতিক অগ্ৰাহ্য কৰি আগবাঢ়ি যাবলৈ যেন মই অক্ষম।

কিশোৰীগৰাকীলৈ লক্ষ্য কৰিলোঁ। ফটা চোলা এটা শৰীৰত কোনোমতে ওলমি আছে। নাকৰ পৰা বৈ আহিছিল এসোঁ‌তা তেজ, মুখৰ পৰা এসোঁ‌তা তেজ। তেজবোৰে চেকুৰা বান্ধিছিল। শৰীৰৰ নিম্নাংশৰ পৰা উৰুৱেদি বৈ যোৱা তেজ এসোঁ‌তাইও চেকুৰা বান্ধিছিল। তাইৰ শৰীৰৰ উপৰেদি কিছুসময়ৰ আগত যে এজাক ধুমুহা পাৰ হৈ গৈছিল সেয়া বুজিব পাৰিলোঁ। তাইৰ হাতত এখন কিতাপ, আধা মেলি থোৱা অৱস্থাত। পৃষ্ঠাবোৰ দেখিলেই অনুমান কৰিব পাৰি বহু পুৰণি। পৃষ্ঠাসমূহত সাংকেটিক ভাষাৰ লিপি। লিপিসমূহ চিনিব পাৰিলোঁ। মোৰ আপোন মানুহেই লিখা পুথি। কিন্তু এজনী বাৰ-তেৰ বছৰীয়া কিশোৰীয়ে সেই সাংকেটিক ভাষা কেনেকৈ উদ্ধাৰ কৰি বিধিসমূহ সম্পন্ন কৰিবলৈ সক্ষম হ’ল সেয়া এক আচৰিত হ’ব লগা কথাই আছিল।

কিশোৰী জনীয়ে তেতিয়াও মোৰ দিশে স্থিৰ হৈ চাই আছিল। পৰিস্থিতি সম্পূৰ্ণ অধ্যয়ন কৰি নিশ্চিত হ’লো যে তাই তন্ত্ৰ-মন্ত্ৰত অভিজ্ঞ। তাইৰ ফালে চাই হাঁহি এটা মাৰি সুধিলোঁ-
“কি লাগে? কিয় আহ্বান কৰিলা?”
তাইৰ ভাৱলেশহীন চাৱনিৰ কোনো পৰিৱৰ্তন নহ’ল।
“চুক্তি”- শীতল কণ্ঠৰে তাই উত্তৰ দিলে।
“সকলোৱে চুক্তি কৰিবলৈকে আহ্বান কৰে মোক। বিনিময়ত কিবা বিচাৰে। তোমাক কি লাগে?”
“প্ৰতিশোধ”- মজিয়াত পৰি থকা নিথঁৰ শৰীৰ দুটাৰ ফালে চাই তাই উত্তৰ দিলে।
“চুক্তি সলনি কৰিব নোৱাৰি আৰু কেতিয়াও জানানে?” মোৰ চকুহাল উজলি উঠিল।
“মই বিচৰাটো পোৱাৰ পিছত আপুনি মুক্ত। তাৰ পিছত আত্মসমৰ্পনৰ বাবে মই সাজু।”
“বিধিবোৰ কেনেকৈ সম্পন্ন কৰে জানা?”
তাই মুৰ দুঁ‌পিয়ালে।

তাই কিতাপখন হাতৰ পৰা আঁ‌তৰাই মজিয়াত থ’লে। আৰু বাওঁ‌ হাতখন মোৰ দিশে আগবঢ়াই দিলে। তাইৰ হাতখন বৃত্তটিৰ পৰিধিৰ ভিতৰলৈ সোমাই আহিল। হাতখনৰ তলুৱাৰ পৰা তেজ বিৰিঙি আছিল। ধৰাল চুৰিৰে কাটি এটা বিশেষ চিহ্ন অংকন কৰিছে তাই। যাৰ প্ৰতিকী অৰ্থ তাই নিজৰ আত্মসমৰ্পণ কৰিব খুজিছে। আনখন হাতেৰে ধৰাল চুৰী এখন তাই মোৰ ফালে আগবঢ়াই দিলে। তাইৰ হাতখন স্পৰ্শ কৰিলোঁ। ইমান সময় ধৰি নিৰ্ভীক হৈ থকা ছোৱালীজনী প্ৰথম বাৰৰ বাবে যেন কঁ‌পি উঠিল। ভয় আৰু শংকাই যেন কলা ছাঁ এটিৰ দৰে তাইক চাৰিওফালৰ পৰা ক্ৰমশঃ আগুৰি ধৰিবলৈ লৈছিল।

তাইৰ মনস্তত্ত্ব বুজাৰ প্ৰয়াস কৰিলোঁ। ব্যক্তিৰ অন্তৰাত্মাক নিয়ন্ত্ৰন কৰিব পাৰিলেই সেই ব্যক্তিক জয় কৰিব পাৰি। কিন্তু তেজেৰে অংকিত বৃত্তটিয়ে যেন মোৰ চাৰিওফালে এখন অদৃশ্য প্ৰাচীৰ ৰচি থৈছিল। তাইৰ বুকুভেদি অন্তৰাত্মাক অধ্যয়ন কৰাৰ পৰা বাৰে বাৰে এক অদৃশ্য শক্তিয়ে মোক বাধা প্ৰদান কৰিছিল। হঠাৎ তাইৰ বুকুত মোৰ চকুযুৰিৰ দৃষ্টি নিৱদ্ধ হ’ল। চুৰীৰে কাটি বুকুত অংকন কৰি লোৱা চিহ্নটো ফটা চোলাটোৱে আংশিকভাৱেহে ঢাকি ৰাখিবলৈ সক্ষম হৈছিল… সেই চিহ্নটোৱে এক ঢালৰ দৰে তাইক সুৰক্ষা প্ৰদান কৰি আছিল। ঈষৎ হাঁ‌হি বিৰিঙি উঠিল তাইৰ চকুত! চুৰীখনৰে মই মোৰ সোঁহাতখনত তাই বাওঁ‌হাতত অংকন কৰা চিহ্নটো খোদিত কৰিলোঁ। আৰু তাইৰ মেলি ধৰা বাওঁ‌হাতৰ ওপৰত মোৰ সোঁহাতখন থলোঁ। দুয়োৰে শৰীৰত এক মৃদু জোকাৰণি অনুভূত হ’ল। বহু যুগৰ পিছত কোনোবা ইমান শক্তিশালী তান্ত্ৰিকৰ সন্মূখীন হৈছোঁ। কিবা এক উত্তেজনাই মোক তন্দ্ৰাছন্ন কৰি তুলিছিল।

তাই ধীৰে ধীৰে বৃত্তটোৰ মাজলৈ আগুৱাই আহিল… ফটা চোলাটো সোলকাই… ঘৰটি দপদপকৈ জ্বলিবলৈ লৈছিল।
আত্মাৰ মিলনৰ শেষ বিধি… দুই শৰীৰৰ মিলন!!!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments