বিনামূলীয়া দুকাপ বিনা চেনিৰ চাহৰ অভিজ্ঞতা – ভদ্ৰেশ্বৰ বড়ো

এটা সৰু ঘটনা৷ ঘটনা মানে অভিজ্ঞতা আৰু অনুভৱৰ এক অপূৰ্ব সমাহাৰ বুলিও কব পাৰি৷ মোৰ অন্যতম অন্তৰংগ বন্ধু দীপক কুমাৰ দাস সাংবাদিকতাৰ কৰ্ম ব্যস্ততাৰ মাজতে সুৰুঙা পালেই গুৱাহাটীৰ পৰা মোৰ ওচৰলৈ লৱৰি আহে, উদ্দেশ্য ওচৰ – পাজৰৰ পাহাৰীয়া ঠাইবোৰৰ নিৰিবিলি পৰিবেশৰ মাজত অকণমান শান্তি বিচাৰি ঢপলিয়াই ফুৰা৷

এবাৰ দুই বন্ধুৱে আলোচনা কৰিলোঁ লাম্পিলৈ যাম বুলি৷ অসম মেঘালয় সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে মনোৰম ৰম্যপুৰী এই লাম্পি৷ অক্টোবৰ মাহৰ এদিনাখন আমি দুয়ো বন্ধু যাত্ৰা কৰিলো লাম্পিলৈ বুলি৷ বকোৰ পৰা ডাকুৱাপাৰা হৈ জোঙাখুলি, গোহালকোণা পাৰ হৈ নেপালী জনবসতি প্ৰধান কাম্পাতলি এৰি এইবাৰ একাবেঁকা ৰাষ্টাৰে পাহাৰ বগাবলৈ আৰম্ভ কৰিলোঁ আমি৷ বকোৰ পৰা কাম্পাতলিৰ কিছু আগলৈ পথছোৱা পকী যদিও বাকী পথছোৱা অতি পিচল আৰু দুৰ্গম৷ এইকেইদিন ইয়াত সদায় বৰষুণ দি থকা বাবে পথচোৱাৰে যাতায়ত কৰাতো প্ৰায় অসম্ভৱ হৈ উঠিছে৷ পাহাৰীয়া ৰঙামাটি আৰু শিলগুটিৰ মিশ্ৰণে পথছোৱা ভয়াবহভাৱে পিচল কৰি তোলাত আমি দুবাৰমান পৰিলোঁও৷ কোনোমতে গাৰো জনবসতি প্ৰধান নোৱাপাৰা বোলা ঠাইটুকুৰা পোৱাৰ পিছত তাৰপৰা উজাই যোৱাতো আমাৰ পক্ষে সম্ভৱপৰ নহলগৈ৷ ভাগৰত লেবেজান হৈ দুই বন্ধুৱে সৰু চাহৰ দোকান এখনত বিনা চেনিৰ ৰঙা চাহ দুকাপৰ অৰ্ডাৰ দি দোকানৰ তক্তাপোচতে ধুপুচকৈ বহি পৰিলো৷ কিছু সময় পিছত চাহ দুকাপ বাকি দোকানীয়ে সুধিলে কি খাম বুলি৷ দেখিলো খাবলৈ তেনেকৈ একোৱেই নাই সৰু দোকানখনত৷ পাৰ্লে জি বিস্কুট এপেকেটকে লৈ দুই বন্ধুৱে অমৃতসম পৰম তৃপ্তিৰে বিনা চেনিৰ ৰঙা চাহ কাপ খালোঁ৷

ইতিমধ্যে তাত থকা সকলোৱে আমালৈ অনুসন্ধিৎসু দৃষ্টিৰে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছে৷ তেওঁলোকৰ চকুৰ প্ৰশ্নবোধক দৃষ্টিয়ে আমাকো ভিতৰি ভিতৰি বিব্ৰতবোধ কৰি তুলিছে৷ চাহৰ পইচা দি উভতি ৰাষ্টা লোৱাৰ মানসেৰে দোকানীক সুধিলো কিমান টকা হ’ল বুলি৷ “পাঁচ টকা দিলেই হ’ব দে৷ “ দোকানীৰ কথাত হতভম্ব হৈ দুই বন্ধুৱে ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰি পুনৰ সুধিলো কিমান হ’ল বুলি৷ দোকানীৰ একেটাই উত্তৰ – পাঁচ টকা৷ কথাষাৰৰ তৎ ধৰিব নোৱাৰি দোকানীক সুধিলো বিস্কুটৰ দাম কিমান? দোকানীয়ে সৰলচিতীয়া ভাবে আমাক বুজাই কলে – “ বিস্কুটৰ দাম পাঁচ টকা দিলেই হ’ব৷ চাহৰ পইচা নালাগে৷ গাখীৰ নাই, চেনি নাই; অকণমান চাহপাতৰ কিনো পইচা লম! “ দোকানী জনে হেনো বিনা চেনিৰ ৰঙা চাহৰ গ্ৰাহক জীৱনত এই প্ৰথম পাইছে৷ উল্লেখ কৰা ভাল হ’ব যে গাৰো সকলে ঘন গাখীৰৰ চেনি সৰহকৈ দিয়া চাহ খাইহে ভাল পায়৷ সেয়ে তেওঁলোকৰবাবে বিনা চেনিৰ ৰঙা চাহ সপোনৰো অগোচৰ৷ আনহাতে আমাৰ বাবেও দোকানীয়ে আথেবেথে চাহ দুকাপ বনাই দি পইচা নোলোৱা কথাটো সপোনৰো অগোচৰ, এক বিৰল তথা মধুৰতম অভিজ্ঞতা; বিশেষকৈ আজিৰ যুগত৷ জীৱনত কাহানিও পাহৰিব নোৱাৰিম লাম্পিলৈ যোৱাৰ পথত পোৱা চাহ দোকানী জনৰ সেই সৰলতা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments