বিনিময় প্ৰথা আৰু সম্প্ৰীতিৰ চানেকি জোনবিল মেলাৰ ঐতিহ্যৰ আঁতিগুৰি বিচাৰি — হেমন্ত শইকীয়া

জোনবিল মেলা। বহুদিনৰপৰা শুনি থকা এখন মেলাৰ নাম। মৰিগাওঁ জিলাৰ জাগীৰোডৰপৰা
প্ৰায় তিনি কিলোমিটাৰ উত্তৰে ‘ জোনবিল’ নামৰ বিলখনৰ দাঁতিত থকা পথাৰখনত
প্ৰতিবছৰৰ মাঘ মাহত তিনিদিনিয়াকৈ এই বিশাল মেলাখন অনুষ্ঠিত হয়। মাঘ বিহুৰ
উৰুকাৰ পাছৰটো বৃহস্পতিবাৰৰপৰা অনুষ্ঠিত হোৱা এই মেলাখনত অসমকে ধৰি উত্তৰ-
পূৰ্বাঞ্চলৰ অগণন দৰ্শনাৰ্থীয়ে আহি ভীৰ কৰেহি আৰু উক্ত তিনিটা দিনে মেলাথলীত
বিৰ দি বাট নোপোৱা হয়। মধ্য অসম তিৱা জনগোষ্ঠীৰ প্ৰাচীন বাসভূমি। ইতিহাসে ঢুকি
নোপোৱা দিনৰেপৰা আজিকোপতি ইয়াত অসমৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে বসবাস
কৰি আহিছে। বিশেষকৈ মৰিগাওঁ জিলাত তিৱা জনগোষ্ঠীয় মানুহৰ সংখ্যা অধিক।
অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠা হোৱাৰ আগতে বৰ্তমান অসমৰ সেই বৃহৎ ভূখণ্ড
বিভিন্ন সৰু-বৰ ৰাজ্যত ভাগ ভাগ আছিল। তেতিয়া সেই ৰাজ্যসমূহ শাসন কৰিছিল একো
একোজন জনগোষ্ঠীয় ৰজাই। মৰিগাঁৱৰ যিটো অঞ্চলত এই মেলাখন অনুষ্ঠিত হয়;
একালত এই অঞ্চলটো প্ৰাচীন গোভা ৰাজ্যৰ অন্তৰ্গত আছিল। শুনিবলৈ পোৱা মতে
এই গোভা ৰাজ্যৰ প্ৰতিষ্ঠাৰ কালৰেপৰাই আজিকোপতি উক্ত জোনবিল মেলাখন
অনুষ্ঠিত হৈ আহিছে। প্ৰসিদ্ধ ঔপন্যাসিক ৰীতা চৌধুৰীৰ সাহিত্য অকাডেমী
বটাপ্ৰাপ্ত উপন্যাস “দেওলাংখুই”ত গোভা ৰাজ্যৰ বিষয়ে বিস্তৃতভাৱে পঢ়িবলৈ পোৱা
যায়। বৰ্তমান প্ৰেক্ষাপটত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হোৱাৰপৰা
ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰি ৰাজ্য পৰিচালনা কৰে।
কাহিনীবাই ৰাজতন্ত্ৰৰ বিলোপ ঘটিল। অতীতৰ ৰজা- মহাৰজাসকলৰ কাহিনী এতিয়া
আমি সাধুকথাতহে শুনিবলৈ পাওঁ। তৎসত্ত্বেও অসমৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ
অধিকাৰ সুৰক্ষিত ৰাখিবলৈ অসম চৰকাৰে ‘ তিৱা স্বায়ত্ত্ব পৰিষদ’ গঠন কৰি দিছে।
ভূমিপুত্ৰসকলৰ অভ্যন্তৰীণ সমস্যাসমূহ এই স্বায়ত্ত্ব পৰিষদে সমাধান কৰে।
তদুপৰি গোভা ৰাজ্যৰ নামটো অসমৰ মানচিত্ৰৰপৰা মচ খাই গ’ল যদিও এতিয়াও ৰজাৰ
পদবীটো জীয়াই আছে। বৰ্তমান ‘ দ্বীপচিং দেওৰজা’ গোভা ৰাজ্যৰ ৰজা হিচাপে
অধিষ্ঠিত হৈ আছে। তেখেত সাত বছৰ বয়সতে পুৰুষানুক্ৰমে ৰাজ অভিষেকৰ জৰিয়তে
এই পদ প্ৰাপ্ত হৈছে। অসম চৰকাৰে তেখেতলৈ প্ৰতিবছৰে মেলাৰ সময়ত ৰাজভাট্টা
প্ৰদান কৰে। এয়া হৈছে বৰ্তমানৰ গণতান্ত্ৰিক চৰকাৰখনৰ অতীত গোভাৰাজ্যৰ
ৰজাৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান।

‘ জোনবিল’ নামটোৰ উৎপত্তি সম্পৰ্কে পোৱা তথ্য অনুসৰি জোনাক নিশা গোভা ৰজা
পণ্টেশ্বৰে বিহাৰ কৰি স্বৰাজ্যলৈ ঘূৰি আহি আছিল। তেনেকৈ আহি থাকোঁতে বাটতে
এক বিশাল জলধাৰাত জোনৰ অনুপম প্ৰতিবিম্ব দেখি তেওঁ অভিভূত হৈ পৰিল। জোনাক
জলমলাই থকা সেই জলধাৰাৰ নাম ৰাখিলে ‘জোনবিল’। বুৰঞ্জীপ্ৰসিদ্ধ এই জোনবিলৰ
পাৰতে বহু শতিকাৰ পূৰ্বৰেপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ অহা পাহাৰ-ভৈয়ামৰ
সম্প্ৰীতি উৎসৱেই জোনবিল মেলা। তাহানিৰ সেই দিন ধৰি জোনবিল মেলা আজি
পৰ্যন্ত বৰ্তি আছে। তিৱা, কাৰবি, খাচি, জয়ন্তীয়াসকলৰ লগতে অন্যান্য জাতি-
জনগোষ্ঠীৰ ৰাইজে ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। এই মেলাখনৰ ঐতিহ্য বহু
প্ৰাচীন।

জোনবিল মেলাখন কিমান চনৰপৰানো আৰম্ভ হৈছিল এই কথা কোনো ইতিহাসবিদে
সঠিককৈ ক’ব নোৱাৰে। শ শ বছৰ ধৰি চলি অহা মেলাখনৰ বুৰঞ্জী বিচাৰিলে আমি
কেইবাটাও কাহিনী পঢ়িবলৈ পাওঁ। জনশ্ৰুতি মতে তিৱা সকলে জয়তা ৰাজ্যৰ
উত্তৰাঞ্চলত বসবাস কৰিছিল। তাৰে এটি পৰিয়ালত লাংবাৰ আৰু লুংবৰ নামে
ভাতৃদ্বয়ৰ জন্ম হৈছিল। চিকাৰপ্ৰিয় লাংবৰে চিকাৰ কৰি ফুৰোঁতে এদিন জয়তা ৰাজ্যৰ
ৰাজধানী চৌহদত সোমাই পৰিলগৈ। তেওঁ নিজৰাৰ ঘাটত জয়তা কুমাৰী হিলালী আৰু
অন্যান্য মহিলা সকলে স্নান কৰি থকা দেখা পাই কুমাৰীৰ ৰূপত বিমুগ্ধ হ’ল। চাৰি চকুৰ
মিলনেই পৰস্পৰ প্ৰেমলৈ পৰিৱৰ্তন হ’ল। তেওঁলোকৰ প্ৰেম মিলনৰ কথা অহুকাণে-
পহুকাণে জয়তা ৰজাৰ কাণত পৰাত তেওঁ খঙত অগ্নিশৰ্মা হৈ লাংবৰক সেনাপতিৰ
হতুৱাই বন্দী কৰে। ৰাজধানীত বিচাৰ সভা বহুৱাই লাংবৰক শাস্তি হিচাপে বলি দিয়াৰ
সপক্ষে ৰায় দিলে। কিন্ত চেনেহৰ জীয়ৰী হিলালীৰ প্ৰাৰ্থনাত লাংবৰক সেনাপতি পদত
অধিষ্ঠিত কৰে। শেষত জয়তা ৰাজ্যৰ দাঁতি কাষৰীয়া উত্তৰ অঞ্চলটো দান কৰি গোৱা
নৈৰ পাৰৰ ফুলগুৰিত ৰাজদৰবাৰ পাতি উত্তৰে কপিলী লৈকে ভূ-খণ্ড অৰ্পণ কৰিলে।
কিছুদিনৰ পাছত ৰজাৰ আদেশত লাংবৰ আৰু হিলালীৰ মাজত বিবাহ সম্পন্ন কৰা হ’ল।
জয়তাৰ প্ৰথা মতে ঘৰ জোৱাঁই চপালে সম্পত্তিৰ একাংশ দিব লাগে। সেয়েহে জয়তাৰাজে
বৃদ্ধ বয়সত ৰাজদৰবাৰ পাতি ঘৰ জোৱাঁইক ৰাজ্যৰ একাংশ অৰ্পণ কৰিলে। লাংবৰৰ
ৰাজ অভিষেক অনুষ্ঠান মাঘ বিহুৰ উৰুকাৰ সাত দিনৰ পাছত অনুষ্ঠিত হৈছিল। এই
অভিষেক পৰৱৰ্তী কালত বিহু উৎসৱ আৰু মেলালৈ ৰূপান্তৰিত হৈছিল। সেয়েহে গোভা
ৰাজ্যৰ তিৱা সকলে মাঘ বিহুৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰপৰা তিনিদিনীয়াকৈ এই
মেলাখন অনুষ্ঠিত কৰি আহিছে। অসমত অনুষ্ঠিত হৈ অহা পাৰম্পৰিক জনগোষ্ঠীয়

মেলা, উৎসৱ, প্ৰদৰ্শনসমূহৰ মাজত জোনবিল মেলাৰ এটা সুকীয়া মৰ্যাদা আৰু একক
তথা অনন্য বৈশিষ্ট্য আছে। সেয়া হৈছে বিনিময় প্ৰথা। প্ৰাচীন কালত যেতিয়া মুদ্ৰাৰ
প্ৰচলন হোৱাই নাছিল, তেতিয়া মানুহে নিজৰ প্ৰয়োজনীয় সামগ্ৰী এই বিনিময় প্ৰথাৰ
দ্বাৰাই সংগ্ৰহ কৰি লৈছিল। মানুহৰ প্ৰয়োজনো তাকৰ আছিল সেই অনুপাতে পণ্য
সামগ্ৰীৰ ব্যৱহাৰো সীমিত আছিল। খাদ্য, বস্ত্ৰ আৰু বাসস্থানেই আছিল
প্ৰাচীনকালৰ সৰল জীৱনৰ মুল চালিকাশক্তি। হাঁহটোৰ সলনি পাৰটো, ধানদোনৰ সলনি
মাছটোৱেই আছিল প্ৰাচীন মুদ্ৰাবিহীন অৰ্থনৈতিক জীৱনৰ ৰেহৰূপ। আজিৰ একৈশ
শতিকাত জানো এনে পৰিৱেশ কল্পনা কৰিব পাৰি? কিন্তু এই একৈশ শতিকাতো তেনে
এখন হাটেই বহে এই জোনবিল মেলাতে। পাহাৰৰপৰা তিৱা, খাচি, জয়ন্তীয়া, কাৰবি
জনগোষ্ঠীৰ লোকসকল নিজ নিজ গাঁৱৰ ‘লৰ’ আৰু ‘দলৈ’ৰ নেতৃত্বত ভৈয়ামলৈ নামি
আহে। তেওঁলোকে লগত লৈ আহে পাহাৰীয়া আলু, কচু, জলকীয়া, আদা, হালধি, তিল, লা,
ধুনা, গন্ধক, জালুক, কপাহ, আমলখি, শিলিখা, গাজটেঙা, ডালচেনি, তেজপাত আদি।
জোনবিলৰ পাৰত তেওঁলোকে বাহৰ পাতেহি। ধানখেৰেৰে অস্থায়ী গৃহ সাজি তেওঁলোক
থাকে। লগত অনা দ্ৰব্যসমূহ ভৈয়ামৰ লোকসকলৰ লগত সান্দহ, চাউল, চিৰা, পিঠা,
শুকান-কেঁচা মাছ, তামোল-পান আদি দ্ৰব্যৰ বিনিময়ত সলনা-সলনি কৰে। ভৈয়াম আৰু
পাহাৰৰ লোকসকলে পৰস্পৰক ‘মামা-মামী’ বুলি সম্বোধন কৰে। সমূহীয়া মাছ ধৰা,
পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন, জনজাতীয় খাদ্য আৰু পোছাক আদি জোনবিল মেলাৰ
অন্যতম আকৰ্ষণ। মেলাৰ দ্বিতীয়দিনা পোহৰ নৌ হওঁতেই এই মুদ্ৰাবিহীন হাটখন
বহে। এই হাটখন চাবলৈ সেইদিনা শেহনিশাৰপৰাই মানুহৰ লানি নিচিগা ভিৰ পৰিলক্ষিত
হয়। ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ জোনবিল মেলাতেই এই প্ৰথা জীয়াই আছে। বিনিময়
প্ৰথা হৈছে ব্যৱসায়-বাণিজ্যৰ দিশত মানৱৰ প্ৰথম যুগান্তকাৰী পদক্ষেপ। আধুনিক
মুদ্ৰাৰ প্ৰচলনে এই প্ৰথাৰ গুৰুত্ব কমালেও পাহাৰীয়া আৰু ভৈয়ামৰ লোক সকলৰ
জনজীৱন আৰু লোক সংস্কৃতিৰ আঁহে আঁহে এই প্ৰথা আজিও জোনবিল মেলাত
বিৰাজমান। উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা জাতি-জনজাতিৰ আৱাসীসকলৰ মাজত
সমন্বয় আৰু ভ্ৰাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূলমন্ত্ৰ। বিনিময় বজাৰৰ
সমান্তৰালভাৱে আধুনিক মুদ্ৰাৰ বজাৰখনো বহে। এইখনো এখন বিশাল বজাৰ। কাপোৰ
আদিকে ধৰি বাচন-বৰ্তনৰপৰা ফাৰ্ণিচাৰলৈকে আধুনিক জীৱনযাত্ৰাৰ প্ৰায় সকলো
সামগ্ৰী ইয়াত ক্ৰয়-বিক্ৰয় হয়। কুকুৰা যুঁজ, জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব আদিও
এই মেলাখনৰ অন্যতম বৈশিষ্ট্য। মেলাৰ তৃতীয় দিনা অৰ্থাৎ শেষৰ দিনটোত
ৰাজদৰবাৰ বহে। মেলাথলীত অস্থায়ীভাৱে নিৰ্মাণ কৰা ৰাজদৰবাৰলৈ প্ৰাচীন পৰম্পৰা
অক্ষুণ্ন ৰাখি হাতীৰ পিঠিত উঠি ৰজাৰ আগমন ঘটে। ৰাজবিষয়া আৰু পাৰিষদবৰ্গৰে
পৰিবেষ্টিত হৈ ৰজাই ৰাজদৰবাৰ শুৱনি কৰে। অসমকে ধৰি চিকিম, অৰুণাচল,

নাগালেণ্ড, মনিপুৰ, মিজোৰাম আদি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি
আৰু নৃত্যসমূহ ৰজাৰ আগত প্ৰদৰ্শন কৰা হয়। এইখন সভাতে ৰজাই প্ৰজাৰপৰা কৰ-
কাটলো সংগ্ৰহ কৰে। এইবছৰৰ জোনবিল মেলাখন যোৱা ২১, ২২ আৰু ২৩ জানুৱাৰীত
অনুষ্ঠিত হৈ গ’ল। মেলাৰ শেষৰদিনা উপস্থিত হোৱাৰ সুযোগ লাভ কৰিলোঁ। ঘৰৰপৰা
মাত্ৰ ৫৫ কিলোমিটাৰ নিলগতে হোৱা এই মেলাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ
কৰিবলৈ পাই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছো। ভাৰতবৰ্ষৰ অভিন্ন অংশ উত্তৰ-
পূৰ্বাঞ্চলৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ চানেকি দেখিবলৈ
পাই অতি আহ্লাদিত হ’লো। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা জাগীৰোড চহৰৰ
মাজমজিয়াতে থকা জাগীৰোড থানাৰ কাষেৰেই উত্তৰ দিশলৈ ফাটি যোৱা পথটোৰে তিনি
কিলোমিটাৰ আগুৱাই গ’লেই মেলাৰ থলী পায়। মেলাখনৰ প্ৰতি আগ্ৰহীসকলৰ বাবে
ভৱিষ্যতে লেখাটিৰ কথাখিনি কামত আহিব বুলি লিখি থ’লো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক