বিপাশা বৰাৰ “মৌমাখিৰ সাম্ৰাজ্য” (প্ৰদ্যুম্ন কুমাৰ গগৈ)

তৃতীয় বিশ্বৰ পশ্চিমীয়া চহৰকেন্দ্ৰীক সভ্যতাসমূহ উপনিৱেশিক প্ৰয়োজনত গঢ় লৈ উঠা, কিন্তু এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে থলুৱা সাংস্কৃতিকজীৱনৰ স’তে লগ হৈ এক সাংস্কৃতিক চহৰীয়া জীৱনবোধৰ উত্থান হয়৷ কিন্তু নব্য উপনিৱেশবাদৰ চল চাতুৰীৰে গঢ়ি তোলা ব্যৱসায়িক এলেকা (Hub) সমূহেও কিছুমান কৃত্ৰিম চহৰৰ জন্ম দিয়ে৷ urbanization নামৰ সেই ঠাইৰ থলুৱা অৰ্থনৈতিক কাঠামোটোকে ভাঙি দিয়ে৷ যাৰ ফলত অস্থিৰতা আৰু অস্তিত্বৰ সংকট নামি
আহে৷ সমান্তৰালভাৱে আহি পৰা সামাজিক তত্বসমূহেও নগৰীয়া ৰোমাণ্টিকতাৰ বেহু ভাঙি উলাই আহিব নোৱাৰি বৌদ্ধিক সমাজতে ভাৱৰ বুৰবুৰণি তুলি নিজৰ ঢিমিক ঢামাক চাকিটো জ্বলাই থাকে।

শেহতীয়াকৈ ‘আখৰ প্ৰকাশে’ প্ৰকাশ কৰা
গল্পকাৰ বিপাশা বৰাৰ ‘মৌমাখি সাম্ৰাজ্য’ৰ গল্পসমূহ এই নব্য উপনিৱেশিক অৱস্থাৰে এক চিত্ৰণ৷ প্ৰথমটো গল্প ‘কাউৰীৰ চহৰ চহৰৰ কাউৰী’ত এজন কাহিনী কথকে কৈ গৈছে জনজাতীয় গাঁও এখন ভাঙি হোৱা চহৰ এখনৰ কথা, শেহতীয়া প্ৰজন্মৰ অভিজাত চহৰখনৰ বিপৰীতে ইয়াৰ পুৰণা আদিবাসীসকলৰ বিপন্নতাৰ কথা-
চহৰখনলৈ প্ৰতিদিনে বিভিন্ন কাম লৈ
হাজাৰ হাজাৰ মানুহ আহে৷ তাৰে বহুসংখ্যকে আকৌ জীৱিকাৰ তাড়ণাত ৰৈ যায় চহৰখনত৷ চহৰখন মানুহে নধৰা হৈ আহিছে৷ এইবাৰ বহিৰাগত বণিয়াবোৰেও নিজৰ হাতোৰা
মেলি দিছে পাহাৰটোলৈ, বিলবোৰলৈ, জলাশয়বোৰলৈ।

কাহিনীকথকজন ইয়াত এক ৰহস্যময় পুৰুষ- যি পাঁচজনী কাউৰী পোহে৷ গল্পটোত কেইবাটাও প্ৰতীকক সুন্দৰভাৱে ব্যৱহাৰ কৰা হৈছে- কাউৰী আৰু উৰ্বৰ খেতিপথাৰ পুতি সজা ঠাইত গল্পকাৰে দেখি অহা মৃত ছাগলীৰ তেজলগা খুৰা- দুটা পৈণত প্ৰতীক৷ গল্পটোৰ প্ৰকাশভংগীত নতুনত্ব আছে, কিন্তু বক্তব্যবহুল৷
বিশেষকৈ কাহিনীকথকৰ নিৱন্ধসুলভ কথনসমূহে গল্পটোৰ মানদণ্ড হানি কৰিছে, কথিত ভাষাত উপকাহিনীৰ দৰে উপস্থাপন কৰা হ’লে মূল বিষয়বস্তুৰ স’তে প্ৰাসংগিক হ’লহেঁতেন৷ ‘বিশ্বায়নে’ দাস কৰি তোলা অথচ নতুন প্ৰজন্মৰ বিৱেকবান প্ৰতিনিধিৰ অসহায় অৱস্থাৰ আৰ্তিৰে ভৰা গল্পটো সংকলনখনৰ
এটা লেণ্ডমাৰ্ক৷ ইয়াৰ পটভূমি আমাৰ নিচেই
চিনাকি৷

‘সেই এৰাতি লামপুই বুঢ়ী আৰু এটা গাহৰি
পোৱালী’ এটা সম্পূৰ্ণ অন্য ঠাঁচৰ গল্প৷ গল্প বোলাতকৈ আধুনিক সাধুকথা অথবা নাৰীবাদী দৃষ্টিকোণেৰে সাজি লোৱা সাধুকথা এটাৰ পুণনিৰ্মাণ বোলাহে উচিত হ’ব৷ জনজাতীয় পটভূমিত নিৰ্মাণ কৰা ‘সাধু’টোত মানুহৰ চিৰন্তন একাকীত্বৰ অসহায় অৱস্থাক প্ৰতিফলিত কৰিছে৷ এগৰাকী কেওঁ কিছু নোহোৱা হাটুৱৈ বুঢ়ীৰ অসহায়-নিসংগতা আৰু হঠাৎ এটা গাহৰি পোৱালীয়ে আনি সংগসুখৰ কথনখিনিৰ বিশ্বজনীন আবেদন আছে৷ গাহৰী পোৱালীটো নিভাঁজ আৰু নিষ্পাপ আনহাতে লামপুই বুঢ়ী সাংসাৰিক সংকটেৰে ভাৰাক্ৰান্ত। ‘সাধু’ৰ কথকজনৰ ধৰণখিনি নিজা। আপোন ভালেই জগত ভাল- ইয়াক এনেকৈও ক’ব পাৰি- জগত ভালেই আপোন ভাল৷ যিবোৰ ঘটি
আছে, সেয়া মানৱীয় পৃথিৱীখনৰ পৰা সম্পূৰ্ণ বিপৰীত৷ বিজ্ঞাপনসৰ্বস্ব আধুনিক সমাজ এখনৰ অনুৰূপভাৱে অগ্ৰগতি লভা ন ন মিডিয়াৰ সমান্তৰালকৈ স্পৰ্শকাতৰ সৰল মানুহবোৰ নৈৰাশ্যৰ চিকাৰ হৈ পৰিছে।

‘দ্যা আনব’ৰ্ণ’ গল্পটো ‘প’ষ্টপাৰ্টাম ডিপ্ৰেছন’ত ভোগা এগৰাকী গৰ্ভৱতী নাৰীয়ে যেন কাৰোবাৰ আগত স্বীকাৰোক্তি কৰি আছে- “মই আহিবলগা সন্তানটোক এখন সুন্দৰ পৃথিৱীৰ ছবি দেখুৱাব খুজিছিলো। আঁতৰাই ৰাখিব খুজিছিলো সমস্ত কলুষতা আৰু কদৰ্যতাৰ পৰা। মই মোৰ দৰে অস্ত্ৰৰ ঝণঝণনি শুনি ডাঙৰ হোৱাটো বিচৰা নাছিলো।” মৃত শিশুবোৰ তেওঁৰ সপোনলৈ আহে,  আনহাতে এইসমূহৰ পৰা আঁতৰি আহি তেওঁ ছুৱেটাৰ গুঠিছে। গল্পটোৱে নচিকেতাৰ গান এটালৈ মনত পেলাই দিয়ে- “যে পৃথিৱী গড়লাম আমি/তার আলো আজ অস্তগামী/তার কালো ছায়া দূরে থাক/ চান্দ মামাই স্বপনেকে যাক/ঘূম আইরে….।”

কিন্তু সপোন আৰু বাস্তৱ একাকাৰ হৈ পৰা উৎকট চিত্ৰকল্পসমূহেৰে ফ্ৰিদা কালহোৰ ছবিৰ দৰে গল্পটো গুঠা হ’লে এটা সুন্দৰ শিল্পকৰ্মলৈ পৰ্যবসিত হ’লহেঁতেন৷

সংকলনখনৰ আবেদন থকা এটা গল্প- ‘পিল্লি’৷ সৰু গল্পটোত সেউজীয়া মাৰ্বলগুটি এটাই এজন
প্ৰতিষ্ঠিত ব্যক্তিক বৃদ্ধবয়সতো শিশু কৰি তোলাৰ সহজ-সৰল চিত্ৰণ কৰিছে৷ গল্পটোৰ বিষয়বস্তু স্থান-কাল নিৰপেক্ষ৷ ফলত nebraska নামৰ চিনেমাখনলৈ মনত পৰি যায়!

নতুন হিচাপে গল্পকাৰ বিপাশা বৰাৰ কাহিনী
কোৱাৰ নিজস্ব ধৰণ আছে। কিন্তু আদৰ্শবহুল বক্তব্যসমূহে এই ধৰণ বা ষ্টাইলটোক চেপি
ৰাখিছে৷ সংকলনখনৰ কেইবাটাও গল্প নাৰীবাদী, আনকি উগ্ৰ নাৰীবাদেও চুইছেগৈ৷ কিন্তু একঘেয়ামী৷ যিহেতু গল্পকাৰে গ্ৰাম্যজীৱনৰ স’তে বাৰুকৈয়ে পৰিচিত আৰু আগ্ৰহী, সেয়ে উগ্ৰ নাৰীবাদৰ সামাজিক তত্বৰ পৰা ওলাই আহি অন্য কাহিনী বিচৰাটো মংগলজনক!

স্নেহাংকৰৰ বেটুপাত আৰু স্কেচসমূহৰ জবাব নাই! প্ৰতিটো গল্পৰ স’তে সংযুক্ত স্কেচসমূহে গল্পকেইটাক কাব্যিক পৰ্যায়লৈ লৈ গৈছে। বিশেষকৈ কাউৰীৰ চহৰ চহৰৰ কাউৰী, বিষাদশিলা, চকৰীৰ সাধুৰ স্কেচকেইটাৰ ভিতৰতে যেন গল্পকেইটা সোমাই আছে! আনহাতে বাংগালোৰৰ বাছৰ টিকট এটাতে বিচিত্ৰ আঁক-বাঁকেৰে মৌবাহ কৰি তোলা বেটুপাতৰ ছবিখনৰ মাজেৰে কলপতীয়া আৰু হালধীয়া ৰঙৰ নৈ এখন বৈ গৈছে, তাৰ কাষে কাষে অজস্ৰ অস্পষ্ট মুখ আৰু মুখৰ ভংগীমা,
সেউজীয়া অভয়াৰণ্য, গুণগুণাই থকা এজাক মৌ আছে, ৰ’দত বিচনা-চাদৰ মেলিবলৈ অহা এগৰাকী সাদৰী তিৰোতা আছে….।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

ধন্যবাদ প্ৰদ্যুম্ন ৷ নিৰ্মোহ আৰু নিৰপেক্ষ বিশ্লেষণ ৷ কিতাপখনৰ এবছৰীয়া জন্মদিনত ইয়াতকৈ আৰু সুন্দৰ উপহাৰ কি হ’ব পাৰে ?