বিপাসনা (হেমচন্দ্ৰ দত্ত)

বিপাসনা
হেমচন্দ্ৰ দত্ত

চাই থাকোঁ । ভাৱনাৰ সাগৰখন উপচি থাকে।
এৰি অহা দিনৰ সপোনবোৰ উজাৰ খায় ; কিমান যে অহা-যোৱা
স্মৃতিৰ সাঁকোৱেদি, বিস্মৃত হওঁ নিজৰে চঞ্চলতাত।
চকু মুদিলেই দেখা পাওঁ তোমাক;
টনা-আঁজোৰা খেলৰ মাজেদি পাকৈত হৈ উঠা
সেই দুহাত আৰু চকুৰ নগ্নতাত কি যে জেউতি আছিল,
টেবুলত সজাই ৰখা কিতাপ আৰু সিহঁতৰ শৰীৰৰ বিচ্ছুৰিত পোহৰো
ম্লান পৰিছিল তোমাৰ কাষত ; মই কঁপিছিলোঁ
এতিয়া চকু মুদি চাই থকাই মোৰ কাম। ঢৌবোৰ বাঢ়ে-কমে।
ছবিবোৰ উটে-ভাহে ; শিপাবোৰ নাচি নাচি পানীৰ তললৈ নামে।
হাত নেমেলোঁ ; স্মৃতি হ’বলৈ নিদিও এখনো ছবিক ।
স্মৃতি আছিল বাবেই ভাৱনাৰ সাগৰখন ইমানকৈ কঁপে !
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক