বিবাহমণ্ডপত শিৱেনদাৰ এদিন (অচিন্ত বৰঠাকুৰ)

নলবৰীয়া ঠাঁচৰ শব্দ প্ৰথম কেতিয়া শুনিছিলোঁ, সেইটো সঠিককৈ মনত নাই যদিও আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ পৰাই শিৱেনদাৰ মুখত এবিধ বেলেগ ষ্টাইলত কোৱা অসমীয়া কথা শুনা মনত পৰে। নলবাৰীৰ পৰা আহি গোলাঘাটৰ এক কাষৰীয়া অঞ্চলত বাহৰ পতা শিৱেনদাই সৰ্থেবাৰীত নিৰ্মিত কাঁহ-পিতলৰ বাচন-বৰ্তন আনি আমাৰ আৰু ওচৰ-পাজৰৰ কেইবাখনো গাঁৱত বিক্ৰী কৰিছিলহি। কেৰিয়াৰত দুফালে দুটা ডাঙৰ পাছি লগাই তাত বাচন-বৰ্তনবিলাক বান্ধি লৈ গাঁৱৰ ৰাস্তাইদি চাইকেল চলাই গৈ থাকোঁতে আমি বহুদিন তেওঁৰ চাইকেলৰ পিছে পিছে বহুত দূৰলৈকে দৌৰি দৌৰি গৈ থাকি এক অজান তৃপ্তি পাইছিলোঁ। ব্যৱসায় সংক্ৰান্তীয় কামত তেওঁ গাঁৱৰ অন্য মানুহবিলাকৰ ঘৰলৈ যোৱাৰ দৰে মাজে মাজে আমাৰ ঘৰলৈকো আহিছিল। অলপ বেলেগ ধৰণে উচ্চাৰণ কৰা বাবে তেওঁৰ কথাবোৰ আমাৰ গাঁৱৰ মানুহে বুজিবলৈ যথেষ্ট কষ্ট পাইছিল যদিও তেওঁ অনা বাচন-বৰ্তনৰ গুণাগুণ আৰু বাকীলৈ বস্তু দিয়াৰ কিটিপে তেওঁক অতি সোনকালেই গাঁৱৰ মানুহৰ আপোন কৰি পেলাইছিল। আমাৰ দৰে সৰু ল’ৰা-ছোৱালীক দেখিলে তেওঁ ওচৰলৈ মাতি মৰমতে কিবাকিবি কথা সোধে যদিও আমি তেওঁৰ কথাৰ কোনো তৎ-ভৎ নাপাওঁ বাবে সেইবিলাকৰ উত্তৰ দিয়া নহয়গৈ, কেৱল ভেঁ কৈ মুখ মেলি শুনিহে থাকিবলগীয়াত পৰোঁ। মানুহে কোৱা শুনিছিলোঁ, শিৱেনদা মানুহটো অসমীয়া হ’লেও কিবা নলবৰীয়া নে তেনেকুৱা কিবা এটা ভাষাত কথা কয়, নামনি অসমৰ ফালে বোলে তেনেকৈয়ে কথা পাতে। পিছলৈ গম পাইছিলোঁ, শিৱেনদায়ো প্ৰথমে গোলাঘাটলৈ আহি ব্যৱসায় আৰম্ভ কৰোঁতে গোলাঘাটৰ মানুহৰ মুখৰ “সাহিত্যৰ কথা” শুনি বহুবাৰ ভেবা লাগি চাই থাকিব লগা হৈছিল। সি যি কি নহওক, দুবছৰমান পিছত আমি শিৱেনদাৰ কথা আৰু শিৱেনদাই আমাৰ কথা অতি সুন্দৰকৈ বুজি পোৱা হ’লোগৈ আৰু শিৱেনদা আমাৰ মনত নলবৰীয়াতকৈ বেছি আমাৰ গাঁৱৰ এজন হৈ পৰিলগৈ। এই দুবছৰৰ ভিতৰত অৱশ্যে উচ্চাৰণশৈলীৰ বিশিষ্টতাই শিৱেনদাক মাজে মাজে শলঠেকত নেপেলোৱা নহয়, আনকি কেতিয়াবা এনে বিপদে প্ৰাণঘাতী ৰূপ লোৱাৰো নজিৰ আছে। আজি তেনে এটা কাহিনীকে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ।
এবাৰ নিমন্ত্ৰণক্ৰমে শিৱেনদা আমাৰ গাঁৱৰ এখন বিয়াত উপস্থিত হ’লহি। যথাসময়ত ৰভাৰ তলৰ পৰা তেওঁক অভ্যৰ্থনা কোঠালীলৈ নি বেঞ্চত বহিবলৈ দিয়া হ’ল। তেতিয়াৰ দিনত অতিথিৰ বাবে মূলতঃ চিৰা-দৈৰ ব্যৱস্থাহে কৰা হৈছিল আৰু ডাইনিং টেবুল হিচাবে গাঁৱৰ স্কুলৰ ডেস্ক-বেঞ্চকে নি ব্যৱহাৰ কৰা হৈছিল। গাঁৱৰ ডেকাহঁতে লগ লাগি নিজে ৰভা দিয়াৰ উপৰি সেই ডেস্কবিলাকৰ ওপৰত সৰু সৰুকৈ কটা পাতাবাহাৰৰ পাত মেলি দি তাৰ ওপৰত ইপাৰ-সিপাৰ দেখা পলিথিনৰ কাগজ পাৰি কেইবাঠাইতো গজাল মাৰি চিনিব নোৱৰাকৈ ধুনীয়া কৰি তুলিছিল। একোবত শিৱেনদাৰ সমুখত কৌপাতৰ ঠালি পাৰি অভ্যৰ্থনাৰ দায়িত্বত থকা গাঁৱৰ ডেকাহঁতে চিৰা-দৈ যতনাই দি থৈ গ’ল। ঢেকীয়ালৰ কলহৰ পৰা উলিয়াই দিয়া ঘৰুৱা গুড়েৰে সৈতে এঠা দৈৰে সানি কুৰালগুৰিৰ চিৰাৰ জলপানখন তেৱোঁ পৰম তৃপ্তিৰে খাবলৈ ধৰিলে। খোৱাৰ মাজতে কাষত বহাকেইজনৰ লগত তেওঁ দুই-এষাৰ কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও দুয়োপক্ষৰ বুজাবুজিৰ অভাৱত সেয়া সফল হৈ নুঠিল।
কিছু সময়ৰ পিছত বিলনীয়া আহি এজন এজনকৈ সকলোকে কিবা লাগিব নেকি সুধি সুধি প্ৰয়োজনানুসাৰে চিৰা, দৈ বা গুড় দি যাবলৈ ধৰিলে। প্ৰতিবাৰতে শিৱেনদাই কিবা এটা উচ্চাৰণ কৰে আৰু বিলনীয়াই অকণমান পিছতে সেয়া আনি তেওঁৰ পাতত দি থৈ যায়হি। কিছু সময়ৰ পিছত শিৱেনদাৰ কাষত বহাকেইজনে খোৱা সামৰি উঠি গ’ল আৰু তাৰ ঠাইত নতুন অতিথি আহি বহিলহি। বিলনীয়াই সুধি সুধি প্ৰতিবাৰতে শিৱেনদাক চিৰা, দৈ আৰু গুড় দি থকাৰ ফলত দ্বিতীয় কোটাৰ অতিথি উঠি যোৱাৰ পিছতো শিৱেনদা উঠিব নোৱাৰা হৈ থাকিল। এনেদৰে শিৱেনদাৰ কাষৰ পৰা চাৰিটামান বেট্‌ছ উঠি যোৱাৰ পিছত খাৱৰীয়াসকলক মাত এষাৰ লগাবলৈ বুলি গৃহস্থ আহি তেওঁৰ ওচৰ পালেহি। গৃহস্থক ওচৰতে দেখি শিৱেনদাই এইবাৰ কিবা কাৰণত দপদপাই উঠিল।
: ইম্মেন দেৰি নাল্গে দক, নাল্গে দক কৈ আছু, এন্থে এট্টুৰ পিছত সিট্টু দিয়ে আছি, দিয়ে আছি, কেংকে খাবা পাৰিহা ইম্মেনগিলা?? নষ্ট হ’বা বুলি পেট্টুত আৰু কিম্মেন ল’ড দিবা পাৰিহাঁ?? ইপিনি পেত্তুগৈ ফুট্টু ফুট্টু হইচ্ছি, বুজ্জিয়ে নাপোয় ছলিগিলা আকো……থতমত খাই গৃহস্থই বিলনীয়াকেইগৰাকীক ওচৰলৈ মাতিলে আৰু মাতটো যিমান পাৰি টানকৈ উলিয়াই সিহঁতক উদ্দেশ্যি ক’বলৈ ধৰিলে-
: এওঁ কি বিচাৰিছে ঠিককৈ দিয়া নাই কিয়? **লা বস্তু আনি ষ্ট’ৰ ভৰাই থৈছোঁ, আৰু তহঁতি খাবলৈ নিদি মোৰ বদনাম কৰিবলৈ আহিছ, হাঁ? যাঃ এতিয়াই আনগৈ, কি কি দিয়া নাই….
বিলনীয়াৰ দায়িত্বত থকা ডেকাহঁতে নিজৰ মাজতে ভুনভুনকৈ কিবা-কিবি অলপ আলোচনা কৰিলে আৰু এজনে গৃহস্থক ক’লে যে শিৱেনদাই ইমান পৰে বিচাৰি থকা “নাল্গে” নামৰ বস্তুটো নো কোনটো, আৰু গৃহস্থই সেইটো ক’ত থৈছে, তাক নজনাৰ বাবেহে তেওঁক হাততে পোৱা আইটেমবিলাককে দি দি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে। বিলনীয়াই তেওঁক চিৰা লাগিব নেকি বুলি সুধিলে “নাল্গে দক” বুলি কয় বাবে তেওঁলোকে ভাবে যে চিৰা নহৈ আন কিবা এটাৰ নামহে “নাল্গে” আৰু সেইবাবে তেওঁলোকে দৈ অলপকে দি থৈ যায়। আকৌ কোনোবাই দৈ লাগিব নেকি সুধিলে তেওঁ “নাল্গে দক” বুলি কোৱা বাবে নাল্গেৰ অৰ্থ দৈ নহৈ অন্য কিবা বুলি গুড় অলপ দি যায়হি। তেনেকৈ গুড় আৰু খোৱা পানী দিবলৈ আহিলেও একেই অৱস্থা হয় তেওঁলোকৰ। মুঠতে “নাল্গে”ৰ প্ৰতাপত বিলনীয়াই যে শিৱেনদাক বস্তুৰ যোগান ধৰি ধৰি ভাগৰি পৰিবলগীয়া অৱস্থা হৈছেগৈ, তাকে বুজাই পৰিত্ৰাণৰ উপায় বিছাৰিলে। লাহে লাহে এই “নাল্গে” নামৰ বস্তুটো ষ্ট’ৰৰ পৰা উলিয়াই নিদিয়াৰ বাবে ষ্ট’ৰকীপাৰৰ দায়িত্বত থকা গৃহস্থৰ খুলশালিয়েকৰ ফালেও আঙুলি টোঁওৱাৰ যো-জা চলিল। কথা বিষম দেখি গৃহস্থই শিৱেনদাক লাহে লাহে ক’বলৈ ধৰিলে:
: ভাইটি, সেইটো বস্তু অনা নহ’ল নহয়, আমাৰ এইফালে এখনো গেলামালৰ দোকানত নাপায় সেইটো। গোলাঘাটৰ বজাৰলৈ গৈ কেইবাদিনো বিচাৰিও নাপালোঁ। গতিকে আজিলৈ চিৰা-দৈ অলপকে খাই লোৱা। …ঐ কোন আছ, এওঁক চিৰা অলপ সৰহকৈ দেহিচোন, দৈৰো পানীবোৰ নিদিবি.. ভাল চাই দিবি…
গৃহস্থৰ কথা শুনি শিৱেনদাই হাঁহিম নে কান্দিম কৰিবলৈ লাগিল। ইতিমধ্যে চিৰাৰ খৰাহি আৰু দৈৰ চৰিয়া লৈ বিলনীয়া আহি শিৱেনদাৰ ওচৰত হাজিৰ হ’লহিয়েই। উপায় নাপায় এইবাৰ শিৱেনদাই নিজৰ ঠালখনত যি আছিল, সেইখিনি তেনেকৈয়ে সামৰি-সুতঁৰি হাতেৰে দাঙি ল’লে আৰু ঠিয় হৈ লৈ নিজৰ ভাষাতে তীব্ৰ প্ৰতিবাদ কৰিবলৈ লাগিল।
: এংকে খাবা পাৰি নিকি এ’, এংকে খাবা পাৰি? চব আছে, কিন্তু মোকহি আৰু একো নাল্গে কইচ্ছু। পেত্তু গৈকিনে ঢোলটো বোনি গেল, মৰ্বাক লেগি খাবা দিবা নেকিয়ে’, মৰ্বাক লেগিহাঁ???
অতিথিপৰায়ণ গৃহস্থই শিৱেনদাৰ এই অগ্নিশৰ্মা ৰূপ দেখি তেওঁলৈ চাই হাত যোৰ কৰি ক’বলৈ লাগিল-
: ভাইটিঔ, এইখন নকৰিবা আৰু, দুখীয়াৰ ঘৰৰ বিয়া, যি পাৰোঁ তাকে দিছোঁ, অসন্তোষখন নকৰিবা, বহাঁচোন বহাঁ, দিব নহয় চাই চিতি, ভাল দৈয়ে দিব দিয়া, তোমালৈ মই নতুনকৈ গুড় অনাই দিম, বহাঁ বহাঁ…
ইতিমধ্যে শিৱেনদাৰ কাষত বহি খাই থকা সপ্তম বেট্‌ছৰ সদস্যসকল এজন দুজনকৈ উঠিবলৈ ধৰিছে।
: নাল্গে অ’….. ইকু নাল্গে অ’ ইচ্ছৰ, …হৈ গেল, হৈ গেল কেইত্তাবাতে…। – গৃহস্থৰ হাক বচন নামানি এইবাৰ শিৱেনদাই ৰাস্তা খালী পাই হাতত কৌপাতৰ ঠালখনৰ টোপোলাটো লৈ হাত ধোৱা স্থানলৈ গতি কৰিলে।
অভ্যৰ্থনা কক্ষত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্ট হোৱা যেন অনুমান কৰি ইফালে সিফালে থকা কেইবাজনো লোক আহি সেই স্থানত উপস্থিত হ’লহি আৰু পৰিস্থিতিৰ বুজ ল’বলৈ চেষ্টা কৰিলে। অতিথি অসন্তুষ্ট হোৱা বুলি ভাবি গৃহস্থই ইতিমধ্যে তাতেই মূৰে কপালে হাত দি বহি পৰিছিলেই। গাঁৱৰ এজন জনা বুজা লোক বুলি নাম থকা সৰ্বা দাইটিয়ে এজন বিলনীয়াক একাষৰীয়াকৈ মাতি আনি সুধিলে,
: হেৰৌ, শিৱেনে আৰম্ভণিৰ পৰাই অকল সেই “নাল্গে”টোকে বিচাৰি আছিল নে অন্য কিবাও বিচাৰিছিল?
দাইটিৰ দুটাকৈ ল’ৰাই মঙ্গলদৈ আৰু গুৱাহাটীত থাকি কিবা-কিবি চাকৰি কৰে, মাজে সময়ে তেৱোঁ ফুৰিবলৈ বুলি সিহঁতৰ কোৱাৰ্টাৰলৈ গৈ থাকে। আগৰ পৰাই অলপ-অচৰপ ফুৰা-চকা কৰা মানুহ বুলি গাঁৱত তেওঁৰ নাম আছে।
: নাইহে’ দাইটি, আৰম্ভণিতে নহয় নহয়, ঠিক তৃতীয়বাৰ চিৰা দিয়াৰ পিছৰ পৰাহে সেইটো বিচাৰিবলৈ লাগিল।
: কি বুলি?
: নাল্গে’ দক, নাল্গে’ দক বুলি আকৌ।
দাইটিয়ে অকণমানকৈ মিচিকিয়ালে আৰু ক’বলৈ লাগিল-
: আচ্ছা, নাল্গে’ৰ পিছত যে এই “দক” টো কৈছে, তাৰ মানেনো কি, জাননে?
: দক মানে দিয়ক আকৌ, গাঁৱত বাচন বিক্ৰী কৰাৰ পিছত “পৈছাটো দক, ইমান টকাই দক” বুলি যে কয়, সেইটো শুনি শুনিয়েই আমাৰ মুখস্থ হৈ আছে।
: আৰু যদি মই কওঁ, “নাল্গে” মানে “নালাগে”হে, তেতিয়া কি হ’ব?
: হেঃ দাইটি কথা কয়হে’? “নালাগে”টো আকৌ মানুহে দিব কেনেকৈ? সেইটো কিবা খোৱা বস্তুৱেই হ’ব লাগে, আমিহে বুজি পোৱা নাই কিজানি।
: হুঁহ, শুন। গাঁৱলৈ শিৱেন আহিলে তহঁতৰ ভায়েৰহঁতে যেনেকৈ “শিৱেনদা আহি গ’ল, শিৱেনদা আহি গ’ল” বুলি স্ফূৰ্তিতে তিনি জাপ মাৰে, আৰু সেই কথাষাৰত “গ’ল”টোৰ যেনেকৈ একো অৰ্থ নাই, তাতকৈ “আহিছে” বুলিলেহে শুদ্ধ হয়, ইয়াতো কথাটো তেনেকুৱাই হ’ব নোৱাৰে জানো?
: … মানে?
 
মানুহৰ জুমটো সৰ্বা দাইটিৰ ওচৰ চাপি আহিল। দাইটিয়েও বেছ উৎসাহেৰে বিজ্ঞৰ দৰে সমবেত ৰাইজলৈ চাই ক’বলৈ লাগিল-
: এই ধৰ তহঁতে যে কৱ “বাদুলিয়ে কলথোকা খাই পেলালে”, তাত “পেলালে”টো এনেই লগাই দিয়া শব্দ, আচলতে ই বাক্যটো ভুলহে কৰে, তেনেকৈ সেই “নাল্গে” মানে নালাগে আৰু “দক”টো এনেই লগোৱা ভুল কৰোৱা শব্দ… অৰ্থাৎ, শুদ্ধকৈ ক’বলৈ গ’লে, “নাল্গে দক” মানে “নালাগে”।
: … কিন্তু, তেওঁতো যিমান দিছোঁ সিমানেই খাই আছিল…! -অন্য এজনে প্ৰশ্ন কৰিলে দাইটিক।
: কষ্ট কৰি খোৱা মানুহে আহাৰৰ মূল্য বুজে, খাদ্যবস্তু নষ্ট কৰিলে শাও লাগিব বুলি ভাবে। সেইকাৰণে তহঁতে যিমান দিছ, পেলাই দিব নোৱাৰি উপায়বিহীন হৈ সেইখিনি খায়েই লৈছে। ইপিনে, নালাগে বুলিলেও তহঁতে নুবুজ, ইবাৰৰ পিছত সিবাৰ দিয়ে আছ, সেয়ে শেষত খং উঠিলগৈ তাৰ।
: অ’… সেইটোহে নেকি কথা!!
: অঁতো।
দাইটিৰ কথা শুনি গৃহস্থৰ মুখলৈ পানী আহিল। ইতিমধ্যে ৰভাৰ বাহিৰলৈ গৈ এঠা দৈ লাগি থকা হাতখন চাবোনেৰে ধুই অতাই পেটৰ প্ৰেচাৰ কমাবলৈ বুলিয়েই কিজানি, প্ৰস্ৰাৱগাৰ ফুৰি আহি কোনোমতে শিৱেনদাও সেইখিনি পালেহি। ডেকাসকলে তেওঁৰ নামকে লৈ কথা পাতি থকা দেখি লাহেকৈ তেওঁ মাত লগালে-
: হ’ব দক আৰু, এইগিলা কথাকে পাতি থাক্বা নাল্গে আৰু দক।
 
শিৱেনদাৰ কথা শুনি এইবাৰ ডেকাৰ দলটো হাঁহিত ফাটি পৰিল আৰু গৃহস্থয়ো মিচিকিয়াই হাঁহি শিৱেনদাক আদৰেৰে সাৱটি ধৰিলে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments