::বিবাহোত্তৰ:: ( অমিতাভ মহন্ত )

– তুমি লুঙী পিন্ধা??
– অ’ পিন্ধো৷
– তুমি লুঙী পিন্ধা??????
– নাই নিপিন্ধো৷
– পিন্ধি উঠি নাই পিন্ধা বুলি মিছা কৈছা কিয়?
– নাই মানে এটা প্ৰশ্নকেই দুবাৰ কৰিলা যে৷ সেয়ে বোলো উত্তৰতেই অলপ ভেৰাইটী অনা যাওঁক৷
– বিয়াৰ আগতে মইটো নাজানিছিলো তুমি যে লুঙী পিন্ধা৷ কিয়??
– বিয়াৰ আগতে তোমাক লগ পাওঁ কে এফ চি, চি চি ডিত৷ তাতে আৰু লুঙী পিন্ধি যাবলৈ বেয়াওঁ লাগে দিয়াছোন৷
– ৰিডিকুলাছ!! তুমি ইংলিছত মাষ্টাৰ্চ কৰা নাছিলা?
– আৰ্‌ৰে, ইংলিছৰ লগত লুঙীৰ কি সম্পৰ্ক?
– নিজৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰাছোন৷ লুঙী!!!
– পিছে চিলেবাচত পাইজামা পিন্ধিব লাগিব বুলি লিখা আছিল নেকি? শ্বেইক্সপীয়েৰে লুঙী নিপিন্ধিলে বুলি ময়ো পিন্ধিব নোৱাৰিম নেকি‍?
– শুনা বেবী! মই সেইবোৰ একো নাজানো৷ মুঠৰ ওপৰত তুমি লুঙী এৰিব লাগিব হা৷
– আৰে জান, সেয়াইটো লুঙীৰ মেজিক৷ এৰাৰ দৰকাৰেই নাই৷ অলপ অসতৰ্ক হ’লেই নিজেই এৰা পৰে৷ এতিয়া “ফ্ৰিডম্ অফ এক্সপ্ৰেছন”ৰ যুগ৷ এই যুগত লুঙীতকৈ ভাল লিবাৰেচন চিম্বল একো হ’বই নোৱাৰে৷
– ফটুৱামি নকৰিবাচোন৷ লুঙী না… প্লিজ…
– লুঙী না… আচলতে লুঙী নায়েই৷ তুমিহে এতিয়া দেখি আছা যে মই লুঙী পিন্ধি আছো৷ এইফালে মই যেন এটুকুৰা ডাৱৰৰ মাজত ওপঙি আছো৷ আচলতে লুঙী আছে কিন্তু টেঞ্জিবল নহয়৷
– কথা সলনি নকৰিবা৷ তুমি মোৰ কথা নুশুনা? আগতে কেতিয়াবা তোমাক এনেকৈ অনুৰোধ কৰিছো?
– আৰে শুনা৷ এতিয়া হৈছে গ্লোবেল ৱাৰ্মিঙৰ যুগ৷ দেখিছাই নহয়, গুৱাহাটীত এই গেলা গৰমটো আৰম্ভ হ’লেই৷ দুদিন পিছত বানপানী আৰম্ভ হ’ব৷ এই বতৰত লুঙীৰ দৰে চাইন্টিফিক বস্তু ক’ত পাবা? অহ্ চৰী, কওঁতে অলপ ভুল হ’ল৷ আচলতে লুঙী চেকেণ্ড বেষ্ট, বেষ্ট হ’ল গামোচা৷
– চান্সতে বহুত বকি আছা তুমি৷ মোৰ চকুলৈ চোৱা৷
– চালো৷
– তুমি লুঙী এৰিবা নে নাই?
– তুমি দিনটোযোৰা কাৰ্য্যসূচীৰে ফাঁচী বজাৰ যোৱা এৰিবানে নাই?
– পৰহি ফাঁচী বজাৰ যাওঁতে সেই নতুন বুটিকখনলৈ গৈছিলো জানা৷
– মই কিবা সুধিছো৷ তুমি ফাঁচী বজাৰ এৰিবানে?
– বুটিকত ডিজাইনাৰ লুঙী ওলাইছে জানা৷ গোটেই গাত এমব্ৰডায়েৰী কৰা!!

*** (বন্ধু তন্ময় মুখাৰ্জীৰ অনুভৱ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments