বিবাহ-বাৰ্ষিকী (ড০ কুমাৰ পাৰ্থ প্ৰতিম)

মানে বুজিছে? আজি গোটেই দিনটোৱেই মোৰ বঢ়িয়াকৈ পাৰ হ’ল ৷ আৰু ৰাতিটো? একদম ৰসাল ৷ অন্তিম মুহুৰ্তত অকণমান ঠগন খালোঁ বাৰু, তথাপিও ব্ৰহ্ম সুখ পালোঁ ৷ কিনো ক’ম আৰু? মানে, সামাজিকভাৱে আন সময়ত নকৰা কেইটামান কাম কৰাৰ লগতে ড্ৰয়িং ৰুমত আজি এনেকুৱা এটা বস্তু প্ৰতিষ্ঠা কৰিলোঁ, যে লগৰ কেইটামানৰ চকু কপালত উঠিল আৰু কেইটামান পেটে পটে বাৰুকৈয়ে জ্বলিল ৷ আৰু মই? সাংঘাটিক ৰস পালোঁ ৷ বুজা নাই নহয়? ৰ’ব, বুজাই কওঁ আপোনাক ৷
ৰাতিপুৱাৰপৰা মন কৰিছোঁ, মানসীৰ মনটো সিমান এটা ঠিক নহয় ৷ গা পা ধুই অফিচলৈ বুলি সাজু হ’লোঁ, নিদিলে নহয় বাবেই যেন ভাতকেইটা বাঢ়ি দিলে ৷ সুধিলোও এবাৰ, উত্তৰটোহে কিবা একা চেকা পালোঁ ৷
“কিনো কিবা হোৱা দেখিলা?  ঠিকেই আছোঁ ৷ আমাৰনো আৰু কি? দিন যাব ৰাতি পুৱাব ৷ এনেকৈয়ে থাকিব লাগিব আৰু ৷”
চিধা প্ৰশ্নৰ বৰ কেকোঁৰাচেপা উত্তৰ ৷ নিমাতে ৰৈ ভবাত লাগিলোঁ ৷ ৰাতিলৈকে ঠিকেই আছিল দেখোন ৷ বিগত নিশাৰপৰা তেতিয়ালৈকে প্ৰত্যেক মুহুৰ্তৰ তন্ন তন্নকৈ বিশ্লেষণ কৰিয়ো যেতিয়া একো আওভাও নাপালোঁ, ভাবিবলৈ বাদ দিলোঁ ৷ এনেয়ো, কথাতে কয় নহয়, নাৰীৰ মহিমা স্বয়ং ভগৱানেও বোলে বুজিবলৈ অপাৰগ ৷ তেনে ক্ষেত্ৰত মোৰ দৰে সাধাৰণ নৰ মনীষ এটাইনো কেনেকৈ সকলো কথা বুজিব পাৰিম? কিছু দেৰিৰ পিছতহে উৰহৰ ওৰটো ওলাল ৷ মানসী পাকঘৰলৈ যোৱাৰ সুযোগতে মায়ে নিজৰ কামৰপৰা উঠি আহি মোৰ ওচৰত ফুচফুচাই ক’লেহি,
“বাবা, আজিৰ দিনটোৰ কথাও তই পাহৰিব লাগেনে? আজি তহঁতৰ বিয়াৰ দিন নহয়? সেয়ে তাইৰ মনটো বেয়া আকৌ ৷”
কথাষাৰ কৈয়েই মা আঁতৰি গ’ল ৷ সঁচাকৈ, এটা ডাঙৰ বিপদৰপৰা বচালে দেই মায়ে ৷ মানসীয়ে উলটি আহি যন্ত্ৰবৎ মোৰ বাকী থকা ভাতকেইটাৰ ওপৰতে ডালি অলপ ঢালি দি আমাৰ ৰুমলৈ বুলি আগবাঢ়িল ৷ মই কিবা ক’ব খুজিও মনে মনে থাকিলোঁ ৷ ৰাতিপুৱাৰপৰা একো নোকোৱাকৈ কথা নাই বতৰা নাই অকস্মাতে “হেপ্পী মেৰেজ এনিভাৰচেৰী মানসী” বুলি যদি কওঁ, তেন্তে নিৰ্ঘাট এখন ভাওনা হ’ব ৷ গতিকেই মনে মনে আমন জিমনকৈ ভাত খোৱাত লাগিলোঁ ৷ লাহে লাহে কিন্তু ক’ব নোৱাৰাকৈয়ে খঙেই উঠি আহিল ৷ মানি ল’লোঁ, মই আজিৰ দিনটোৰ কথা পাহৰিলোঁ, কিন্তু মোৰ কিবা নিজৰ জন্মদিনটোৰ কথাই মনত থাকেনে? সেয়াও দেখোন তেওঁহে মনত পেলাই দিয়ে ৷ তেৱোঁ ভালদৰেই বুজি পায় ৷ আৰু মানি লৈছোঁ, এই দিনবোৰ পাহৰোঁ বাৰু মই, কিন্তু তেওঁক মৰম নকৰাকৈ আছো নে? এনেদৰে এইবোৰ দিনত শুভেচ্ছা দিয়াৰ নিয়ম কোনে যে উলিয়াইছিল নহয়, তেওঁকহে এসেকা দিবৰ মন যায় ৷ তেওঁ এনে নিয়ম বনাই গুছি গ’ল, আৰু মোৰ নিচিনা ‘পাহৰা’ বেমাৰ থকাবোৰে তাৰ বাবে ভুগিব লগা হৈছে ৷ কথা হ’লনে? সংসাৰখনত টেনচনৰ আকাল লাগিছেনে? তাতে আকৌ এইবোৰ ৷ হাত ধুই ৰুমৰ দুৱাৰমুখ পোৱালৈ পিছে পট পৰিবৰ্তন ঘটিল ৷ বিষন্ন মনেৰে সোনক স্কুললৈ বুলি সাজু কৰি থকা মানসীক দেখি মনটো কিবা দেখোন বেয়া লাগি গ’ল ৷ হ’ল বুলিয়েই এই এটা দিনো মই মনত ৰাখিব নোৱাৰোনে? চেহ, কি কৰা যায় ? লাজ নকৰোঁ দিয়ক, সঁচাকৈ কৈছোঁ, মানসীক কিবা ক’ব খুজিও পেটে পেটে অলপমান ভয়েই লাগিল ৷ কি বা প্ৰত্যুত্তৰ পাওঁ ! নাই, বেলেগ উপায় অৱলম্বন কৰিম আজি ৷ হুলেৰেই হুল কাঢ়িম ৷ বছ, ভবা মতেই কাম ৷ তেওঁলোকলৈ একো কাণসাৰ নকৰাকৈ বিচনাত পৰি চকু দুটা জপাই শোৱাৰ অভিনয় কৰাত লাগিলোঁ ৷ পিছে মোৰ আঁচনি পানী হোৱাৰ উপক্ৰম হ’ল ৷ মানসীয়ে না কিবা ক’লে, না মোৰ কাষ চাপি আহিল ৷ লাভ নাই ৷ তেওঁ মানে আজি সেই কিবা শেনৰ এজাত ৷ মোক বখলিয়াইহে শান্তি পাব যেন লাগিছে ৷ তথাপিও তেওঁনো কি কৰি আছে সেইটোৱেই এবাৰ চাই লোৱা যাওক বুলি আঁৰচকুৰে চাওঁ বুলি ভাবোতেই মানসীৰ উষ্ম হাতৰ পৰশে মোৰ কপাল আঁৱৰি পেলালে ৷
“কি হ’ল চন্দন? গা বেয়া নেকি? অফিচলৈ ওলোৱাৰ সময়ত বাগৰিছা যে? জ্বৰ জ্বৰ লাগিছে নেকি অ’?”
উস, মানে কি ক’ম আৰু? মানসীৰ এনে এটি স্পৰ্শই মোক যে মতলীয়া, মানে সেই মাতাল প্ৰেমিকত পৰিণত কৰে ৷ মন ৰাইজাই কৰি তোলে ৷ এক মুহুৰ্তলৈ মই কৰি থকা অভিনয়ৰ কথা পাহৰিয়েই পেলাইছিলোঁ ৷ ভাগ্যক্ৰমেহে মোৰ ফটা মুখখন খোল নাখালে ৷ মানসীৰ হাতখনত আলফুলে সাৱটি তেওক মোৰ ফাললৈ টানি আনিলোঁ ৷ অনাকাংক্ষিত আকলুৱা আজোৰটিত নিয়ন্ত্ৰণ হেৰুৱাই মানসী মোৰ গাৰ ওপৰত বাগৰি পৰিল ৷ তেওক মৰমেৰে সাৱটি ধৰি তেওৰ উমাল বুকুৰ মাজত নিজকে বিলীন কৰি দিলোঁ ৷ মোৰ চুলিত হাত ফুৰাই উৎকণ্ঠাৰে মানসীয়ে সুধিলে,
“কি হ’ল অ’? কিয় এনেকুৱাখন কৰিছা বাৰু? গা বেয়া লাগিছে যদি অফিছ যাব নালাগে দিয়া ৷ ময়েই তোমাৰ অফিছলৈ ফোন কৰি দিওঁ ৷”
এক দুখী আত্মাৰ দৰে চেহেৰা বনাই মানসীৰ চকুত চকু থৈ ক’লোঁ,
“গা বেয়া লগা নাই মানসী ৷ মনটোহে বেয়া ৷”
“কিয়?”
“ৰাতিপুৱাৰেপৰা ৰৈ আছোঁ, তুমি এবাৰলৈও মোক ‘ৱিছ’ নকৰিলা ৷”
“মানে?”
“কিয়? আজি আমাৰ বিবাহ বাৰ্ষিকী নহয়?”
“ইছ, তোমাৰ মনত আছে তাৰমানে? মই আকৌ…”
মানসীৰ কথা শেষ হোৱাৰ আগতেই প্ৰচণ্ড আবেগেৰে তেওৰ কপালত চুমা এটি যাচি ক’লোঁ,
“হেপ্পী মেৰেজ এনিভাৰছেৰী চুইটহাৰ্ট ৷ আগতে পাহৰিলোঁ বুলিয়েই এইবাৰো পাহৰিমনে? তোমাক কি উপহাৰ লাগিব কোৱা ৷”
“তুমি যি দিয়া ৷”
বাছিলোঁ বুজিছে, বেলেগ কিছুমানৰ দৰে “ডায়মণ্ডৰ ৰিং এটা হ’লেই হ’ব” বুলি যে নক’লে ৷ সোনৰ খিলখিলনিত বাস্তৱলৈ উভটি আহিলোঁ ৷ ধেৎ তেৰিকি ধেৎ ৷ ৰোমাঞ্চৰ আবেগত সোনৰ উপস্থিতিৰ কথা পাহৰিয়েই পেলাইছিলোঁ ৷ মানসী একেজাপেই উঠি বহিল ৷ সোনে তামাম স্ফূৰ্তি পালে ৷ হাঁহি হাঁহিয়েই সি ক’লে,
“অ’ দেতা, তুমি বৰ দুষ্ট দেই ৷”
মই হাঁহিলোঁ ৷ লাজত মানসীৰ দুগালত এক সেন্দুৰীয়া আভা উদ্ভাসিত হ’ল ৷ ততাতৈয়াকৈ তাক কোলাত লৈ তেওঁ ক’লে,
“ব’লা সোন ৷ ভাত খাব লাগে ৷ স্কুললৈ দেৰিয়েই হ’ব এতিয়া ৷ আৰু চন্দন, তুমিও কাপোৰ কানি পিন্ধি সাজু হোৱা ৷ তোমাৰো দেৰি হ’ব নহ’লে ৷”
দৰ্জাখন পাৰ হোৱাৰ আগমুহুৰ্তত মানসীয়ে কেৰাহিকৈ চাই মোলৈ বুলি এক দুষ্টামিভৰা হাঁহি এৰি থৈ গ’ল ৷ আৰু সেই হাঁহিৰ সুবাসত কিছুসময়লৈ মই আপোন পাহৰা হৈ থাকিলোঁ ৷ কিমান সময় পাৰ হ’ল নাজানোঁ, মানসীৰ মাততহে চকু মেলি চালোঁ ৷
“হেৰা, এনেদৰে শুই শুই হাঁহি থাকিলে হ’বনে? অফিছলৈ কোন যাব?”
একেকোবেই কাপোৰ সলাই অফিছলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ ৰাস্তাত উঠিছোহে, দেখিলোঁ এটা ক’লা মেকুৰীয়ে ৰাস্তা পাৰ হ’বলৈ বুলি সাজু হৈছে ৷ নাই, আজিৰ এনে ভাল দিন এটাত এই মেকুৰীটোক মই মোৰ ৰাস্তা কাটিবলৈ কোনোপধ্যেই দিব নোৱাৰোঁ ৷ বাইকৰ স্পীড বঢ়াই মেকুৰীটোৰ সন্মূখেৰে পাৰ হৈ আহি ৰাস্তাৰ কাষত বাইকখন ৰখাই মেকুৰীটোলৈ চালোঁ ৷ মেকুৰীটোৱেও এবাৰ মোলৈ চালে, তাৰ পিছমুহুৰ্ততে মনতে কিবা ভাবিলে, আকৌ এবাৰ পৰম দুখতহে যেন মোলৈ চালে, আৰু ৰাস্তা পাৰ হোৱাৰ সলনি উলটি গুছি গ’ল ৷ বঢ়িয়া, মনটোত বৰ সুখ পালোঁ ৷ জীৱনত প্ৰথমবাৰৰ বাবে ক’ৰবাৰ কোনোবা ক’লা মেকুৰী এটাৰ যাত্ৰা ভংগ কৰিলোঁ ৷
মেকুৰীটো আঁতৰি যোৱাৰ পিছতে মোৰ চকুৰ আগত আন কেইটামান ক’লা মেকুৰীৰ চকু ভাঁহি আহিল ৷ এই মেকুৰী কেইটা আচলতে মোৰেই কেইটামান একেবাৰেই ঘনিষ্ঠ বন্ধু ৷ কিন্তু ইহঁতৰ কিছুমান কামৰ বাবে কম যাতনা ভুগিছো নে? এক মিনিটতে প্লেন ঠিৰাং কৰি পেলালোঁ ৷ আজি জ্বলাম এইকেইটাক ৷ নিজকে বৰ বুধিয়ক দেখাৱ নহয়, আজি পাবি মজাটো ৷ কাৰ পৰা আৰম্ভ কৰোঁ ৷ বাৰু, এটা এটাকৈ কৈ যাওঁ ৷
মোৰ এই ধীৰাজ নামৰ বন্ধুটোৰ কথাই চাওক ৷ ৰূপে-গুণে একদম সাক্ষাৎ কামদেৱ ৷ কলেজীয়া জীৱনত তাৰ ৰাসলীলা সৰ্বজনস্বীকৃত আলোচনাৰ বিষয়বস্তু আছিল ৷ কিমান ছোৱালীৰ লগত যে তাৰ কি কি সম্পৰ্ক নাছিল ! হুবহু লিখিব গ’লে আপোনালোকে মোকেই অশ্লীল বুলি কৈ গতিয়াই বাহিৰ কৰি দিব ৷ বাকী যিয়েই নহওক, অৱশেষত সি যেনিবা আমাৰ জুনিয়ৰ বেটছটোৰ আটাইতকৈ ভাল ছোৱালী বুলি নাম থকা সুকন্যাক বিয়া কৰালে ৷ ওপৰৱালাৰ বিচাৰখনো কিবা অদ্ভুত যেন লাগে কেতিয়াবা ৷ আটাইতকৈ বেয়া ল’ৰাটোৱেই কিবা সেই আটাইতকৈ ভাল ছোৱালীজনী পায়গৈ ৷ মানে বেলেগ কথাত সি ভালেই বাৰু, কিন্তু এই ছোৱালীৰ প্ৰসংগত সি কিবা মানে, বাদ দিয়ক ৷ আপোনালোকে চাগে ভাবিছে, বিয়াৰ পিছত ৰত্নাকৰ বাল্মিকী হ’ল ৷ ভুল ভাবিছে ৷ কুকুৰৰ নেজ কেতিয়াবা চিধা হয় জানোঁ? এটা উদাহৰণ দিছোঁ ৰ’ব ৷ শুনকচোন ভালদৰে ৷
যোৱা বছৰৰ কথা ৷ ট্ৰেইনিং এটা শেষ কৰি দিল্লীৰপৰা গুৱাহাটীলৈ বুলি ৰেলত উঠিছোঁ ৷ এছি, থ্ৰি টায়াৰত ৷ এনেয়ে মই নিজৰ পইচাত ক’ৰবালৈ গ’লে খৰচৰ কথা ভাবি দ্বিতীয় শ্ৰেণীৰ শ্লীপাৰতে যাওঁ ৷ কিন্তু সেইদিনাৰ কথা বেলেগ ৷ চৰকাৰৰ কিবা প্ৰজেক্টৰ অধীনৰ অত্যাধুনিক সা সুবিধাসম্পন্ন ট্ৰেইনিং আছিল সেইটো ৷ অহা যোৱা, থকা খোৱা সকলোবোৰ একেবাৰে উত্তম ৷ বাৰু যিয়েই নহওক, ট্ৰেইনিংটোৰ সুবিধাতে জীৱনত প্ৰথমবাৰৰ বাবে বাতানুকুলিত শ্ৰেণীৰ ৰেলত উঠাৰ সুযোগ পালোঁ ৷ বিনামুলীয়া সুস্বাদু আহাৰৰ পয়োভৰত ডিঙিলৈকে উদৰ ভৰাই খালোঁ ৷ কয়েই নহয়, পৰৰ পালে জ্বৰৰ গাৰেও খায় ৷ দুটামান সুখৰ উগাৰ মাৰি দহমান বজাত শুবলৈ ল’লোঁ ৷ তেতিয়াহে মন কৰিলোঁ, বাহ, ৰেলৰ এছি দবাৰ কথাই সুকীয়া দেখোন ৷ প্ৰত্যেক চিটৰ লগে লগে একোখনকৈ পৰ্দা ৷ মানে তামাম আবুৰ আৰু দেই ৷ কোনোবাই লাইট জ্বলালেও বেলেগৰ শোৱাত অসুবিধা নহয় ৷ ছিটটোত বাগৰি বাগৰি হেডফোন লগাই মানসীৰ লগত ফোনত অলপ কথা পাতিলোঁ ৷ নিজৰ অভিজ্ঞতাবোৰ জনালোঁ ৷ লাহে লাহে লাইটবোৰ বন্ধ হৈ হৈ আন্ধাৰ নামি আহিল ৷ কথা পাতি থাকোতেই কেতিয়ানো সুখনিদ্ৰাত পৰিলোঁ গমেই নাপালোঁ ৷ অকস্মাতে সাৰ পালোঁ ৷ মোবাইলটোত সময়টো চালোঁ, ৰাতি দুই বাজোঁ বাজোঁ ৷ পেটটো অলপ কামুৰিছে দেখোন ৷ বাথৰুম যাব লাগিব ৷ কিহে পাইছিল বাৰু মোক? হ’ল যেনিবা বিনামূলীয়া, হ’ল বুলিয়েই আৰু যি পাওঁ তাকেই খাবলৈ ইমান খকুৱা নে মই? পাইছোনে এই ৰাতিখন মজাটো? নোযোৱাকৈ চলে নেকি বুলি অলপপৰ বাট চালোঁ ৷ নাই আৰু নোৱাৰিলোঁ ৷ ভাগ্যক্ৰমে মোৰ ছিটটো ল’ৱাৰ বাৰ্থৰ আছিল ৷ একে জাপতে হাৱাই চেন্দেলযোৰ ভৰিত সুমুৱাই বাথৰুম পাই কোনোমতেহে শেষ ৰক্ষা ৷ বাথৰুমৰপৰা ওলাই লাগিল লেঠা ৷ আৰে, মোৰ ছিটটো ক’ত আছিল? সকলো ছিটৰেই পৰ্দাবোৰ টানি থোৱা অৱস্থাত ৷ ভিতৰত কোন আছে গম পোৱা নাযায় ৷ সকলোবোৰ দেখাত একেই যেন লাগে ৷ তাৰা তাৰিত মোৰ নিজৰ পৰ্দাখনো উঠাই যোৱা নহ’ল ৷ আৰু এটা সমস্যা আহিল ৷ বাথৰুমলৈ যাওতে বাথৰুমৰপৰা অহা অকনমান পোহৰেই যথেষ্ট যেন লাগিছিল ৷ কিন্তু এতিয়া ওলোটা দিশত একেবাৰেই যেন অন্ধকাৰ ৷ তথাপি সাতে পাঁচে এক অংক মিলাই মোবাইল স্ক্ৰীনৰ ক্ষীণ পোহৰত মোৰ নিজৰ ছিট পালোহি ৷ ছিটটোত বহি চেন্দেলযোৰ খুলিছোহে, কাৰোবাৰ ভৰিত মোৰ হাতে স্পৰ্শ কৰিলে ৷ হাৰে, কোন আহি শুলেহি মোৰ ছিটত? এনে মানুহবোৰৰ বাবেই ৰেলত শান্তিৰে বাথৰুমো যাব নোৱাৰি ৷ খঙেই উঠি আহিল ৷ বেদখলকাৰীক চোৱা যাওক বুলি মোবাইল স্ক্ৰীণখন আকৌ এবাৰ উজ্বলাই ল’লোঁ ৷ আৰে, এয়া কি? মোৰ ছিটত এয়া দেখোন এজনী ছোৱালী ৷ তাৰমানে? হে প্ৰভু, তুমি বচালেহে বচোৱা ৷ বৰ ভয় খালোঁ বুজিছে? মোৰ হৃদপিণ্ডৰ শব্দত সমগ্ৰ ট্ৰেইনখনেই ৰজনজনাই যোৱা যেন লাগিল ৷ ভাগ্য ভাল যে কোনো সাৰে থকা নাছিল সেই সময়ত ৷ নহ’লে আপোনালোকক এইবোৰ শুনোৱাৰ সলনি বোধকৰোঁ হস্পিতেলতহে ভৰ্তি হ’বলগা হ’লহয় ৷ একেকোবেই আহি বাথৰুমৰ ওচৰ পালোহি ৷ আকৌ এবাৰ ছিট বিচাৰি যাবলৈ সাহে নোকোলালে ৷ ট্ৰেইনৰ এছি দবাৰ সুখ? ধুৰ, পোহৰ নোহোৱালৈকে বাথৰুমৰ ওচৰতে হামিয়াই হিকটিয়াই থাকিলোঁ ৷
মোৰ এই কাহিনীটো শুনি লগৰকেইটাই বৰ ৰস পাইছিল ৷ দুটামানেটো বিচনাত বাগৰি বাগৰি হাঁহিছিল ৷ অকস্মাতে ধীৰাজে প্ৰশ্ন কৰিছিল,
“অই চন্দন, ছোৱালীজনী দেখাত কেনে আছিল বে’?
ধেমালিত নহয়, চিৰিয়াছলি সুধিছিল সি ৷ পেন্দোৱাকৈ চাইছিলোঁ তালৈ ৷ বেটা, ছোৱালী নে বোৱাৰী নে তিৰোতা সেয়া বুজি পোৱাটো বাদেই দে, জীৱনটো যে বচাই লৈ আহিছোঁ সেয়াই বহুত ৷ একো নক’লোঁ তাক ৷ তাৰ মানসিকতাই সেইটো ৷ যিদিনা কাৰোবাৰ কাণতলীয়া পৰিব, সেইদিনাহে বুজিব ৷ বেছি কৰিলে আমিয়েই দিম বাৰু ৷ সঁচানে মিছা নাজানোঁ, শুনামতে এতিয়াও তাৰ দুজনীমানৰ লগত লীলাখেলা চলি আছে ৷ কিন্তু ঘৈণীয়েকৰ লগত সিয়েই আটাইতকৈ ৰোমাণ্টিক ৷ উস, কি শব্দৰ বাহাৰ ! জানু, ডিয়েৰ, ডাৰ্লিং, চুইটি, চুইটহাৰ্ট আৰু কতনো কি ! আমি গোটেইকেইটা উপস্থিত থাকিলেও সকলোৰে আগত ঘৈণীয়েকৰ লগত তাৰ কি প্ৰেমভৰা কথোপকথন ! আৰু ফল ভূগিব লাগে মই ৷ মানসীয়ে কেতিয়াবা কৈয়েই পেলায়,
“তুমি কিয় ইমান আনৰোমাণ্টিক? অলপ শিকিবাচোন ধীৰাজৰপৰা ৷”
বেটা, ঘৈণীক মিছা মিছি লেৰেলা সাদৰ দেখুৱাবি, আৰু আমাৰ ঘৈণীবোৰে সঁচা বুলি ভাবি আমাক বিহু জাৰিব? পাবি আজি মজাটো ৷
এইবাৰ কওঁ পৰিমলৰ কথা ৷ বিয়াই পৰ্বই সি ঘৈণীয়েকক বেলেগ কিবা নহ’লেও অন্ততঃ মিঠাই এটুকুৰা হ’লেও খুৱাই দিয়াটো একেবাৰেই সুলভ দৃশ্য ৷ হেৰৌ, তোৰহে ঘৈণীয়েৰলৈ মৰম আছেনে? আমাৰ কি নাই? হ’ল বুলিয়ে আৰু মানসীক মই এনেদৰে সকলোৰে সন্মূখত খুৱাই দিব নোৱাৰোঁ দেই ৷ লাজতে মৰি যাম মই ৷ মানসীয়ে কেতিয়াবা কয়,
“দেখিছা, ঘৈণীয়েকক কিমান মৰম কৰে পৰিমলে ৷”
ৰ’ বেটা ৷ আজি পাবি মজা ৷
বাকীকেইটাৰ কথা আজিলৈ থাকক ৷ এখন সৰু সুৰা মহাভাৰতেই হ’বগৈ ৷ মুঠতে ঠিৰাং কৰিলোঁ আজি ইহঁত গোটেইকেইটাকে তামাম শিক্ষা দিম ৷ জ্বলাই দিম বাপ্পেক্কে ৷ পটকৰে হাতত বাকী ৰোৱা পইছাকেইটালৈ মনত পৰিল ৷ একপ্ৰকাৰ তলি উদং ৷ কাৰোবাক জ্বলাবলৈও টকা খৰচ কৰিবৰ সামৰ্থ্য লাগিবটো ৷ এইবাৰ নিজলৈয়ে খং উঠিল ৷ কি খেতৰে পাইছিল মোক যে বিয়া পাতিবলৈ মাহৰ শেষৰফালৰ দিন এটা বাছি লৈছিলোঁ? এতিয়া প্ৰতি বছৰেই বিবাহ বাৰ্ষিকীৰ দিনটোলৈ বেংক বেলেন্স শেষেই হয়হি ৷ তথাপি ঠিৰাং কৰিলোঁ, কোনো কিন্তু নাই, আজি পিছহুহঁকি নাহোঁ ৷ বিপুললৈ ফোন কৰিলোঁ ৷ সি পইচা দিবলৈ হাঁহিমুখে ৰাজী ৷ ছমাহমানৰ ভিতৰত তাক উভোটাই দিলেই হ’ল ৷ অফিছ পায়েই দ্বীপেনক ফোন কৰিলোঁ ৷
“ক’ত আছ?”
“ঘৰত ৷ নাইট ডিউটি কৰি এইমাত্ৰ পাইছোহি ৷”
“এতিয়াৰ প্লেন কি?”
“কিহৰ প্লেন হেৰৌ ৷ ৰাতি তেনেকৈ শোৱাৰ চান্সেই নাপালোঁ ৷ এতিয়া গা পা ধুই শুই ল’ম অলপমান ৷”
“নালাগে শুব ৷”
“কিয়?”
“মোক অলপ হেল্প কৰি দে না ভাই ৷ প্লিজ ৷”
দ্বীপেনক গোটেই কথাখিনি বুজাই ক’লোঁ ৷ সি ক’লে,
“ঠিকেই আছে বাৰু ৷ কিন্তু চাৰি ঘণ্টাৰ ভিতৰত সকলোখিনি মেনেজ কৰাটো সম্ভৱ হ’ব জানোঁ?”
“নাজানোঁ ৷ তই কিবাকৈ মেনেজ কৰ ৷ পইচা বিপুলৰপৰা লৈ ল’বি ৷”
জীৱনত প্ৰথমবাৰৰ বাবে মোৰপৰা বিবাহ বাৰ্ষিকীৰ নিমন্ত্ৰণ পাই গোটেইকেইটা বহুত সুখী হ’ল ৷ সন্ধিয়ালৈ ঘৰখন অতিথিৰে ভৰি পৰিল ৷ অতিথি মানে মোৰ লগৰ কেইজন সপৰিয়ালে ৷ হ’ল বুলিয়েই বহু বেছি মানুহ মাতি ইমান বেছি খৰচো কৰিব নোৱাৰি ৷ গৰমৰ দিন ৷ পোহৰ আৰু বহাৰ ব্যৱস্থা কৰি চোতালখন সজাই ৰখা হৈছিল ৷ বতাহো বলি আছিল ৷ ভৰপুৰ আড্ডা আৰম্ভ হ’ল ৷ এটা সময়ত দ্বীপেনে আহি মোৰ কাণে কাণে ক’লে,
“তোৰ বস্তুটো আহি পাইছে বোলে ৷ পিছফালৰ গেটৰ বাহিৰতে আছে ৷ লৈ আনোনে?”
“যা যা ৷ লৈ আন ৷ কাকো একো উমঘাম নিদিবি ৷”
“কোনেও একো গম নাপায় ৷ তই সকলোকে চোতালতে ব্যস্ত কৰি ৰাখ ৷ মই ড্ৰয়িং ৰুমত বস্তুটো একেবাৰে ফিট কৰি তোক জনাই আছোঁ ৷”
বেলেগৰ কথাটো বাদেই দিয়ক, দ্বীপেনে কোন তলকতনো বস্তুটো আনি ড্ৰযিং ৰুমত ৰখালেহি ময়েই গম নাপালোঁ ৷ এটা সময়ত ড্ৰয়িং ৰুমৰপৰা মাইক্ৰ’ফোনত দ্বীপেনৰ কণ্ঠস্বৰ ভাঁহি আহিল ৷
“সকলোৱে মন কৰিব ৷ সমুহ অতিথিকে ড্ৰয়িং ৰুমলৈ আহিবলৈ অনুৰোধ জনালোঁ ৷ এতিয়া বিবাহ বাৰ্ষিকী উপলক্ষে আমাৰ চন্দনে তাৰ সাদৰী পত্নী মানসীক আমাৰ সকলোৰে সন্মূখত এটি আটকধুনীয়া উপহাৰ প্ৰদান কৰিব ৷”
ই দ্বীপেনো কম নহয় দেই ৷ মোক নজনোৱাকৈ মাইক্ৰ’ফোনৰ ব্যৱস্থাও কৰিলে ৷ উত্তম, অতি উত্তম ৷ মানসীয়ে মোলৈ উৎসুকতাৰে চাই মোৰ কাণত সৰু সৰুকৈ ক’লে,
“কি আনিলা অ’ চন্দন ৷ বেছি খৰচ কৰিলা নেকি? ঘৰ চলাবলৈ কষ্ট হ’ব আকৌ, চাবা ৷”
তেওৰ গাল এখনত মৰমেৰে মৃদুভাৱে টিপি ধৰি ক’লোঁ,
“একো নাই ৷ ব’লাচোন ৷”
মন কৰিলোঁ, এই এটি মৃদু টিপাটেই দুটামান জ্বলিছেই ৷ বঢ়িয়া, আৰু জ্বলাম তহঁতক ৷
ড্ৰয়িংৰুম পোৱাৰ লগে লগে সকলোবোৰ আচৰিত হ’ল ৷ ডাঙৰ ৱালখনৰ সোঁমাজতে এখন ডাঙৰকৈ বন্ধোৱা ফটো ৷ দীঘে প্ৰায় ছয়ফুট, পুতলে চাৰিফুট ৷ এখন ধুনীয়া আঁৰকাপোৰেৰে ফটোখন ঢাকি থোৱা আছিল ৷ দ্বীপেনে মোলৈ বুলি আঁৰকাপোৰৰ ৰচীডাল আগবঢ়াই দিলে ৷ মঞ্চ মুকলি কৰাৰ দৰেই লাহে লাহে ফটোখন সকলোৰে সন্মূখত উন্মোচিত কৰিলোঁ ৷ হাত চাপৰি, সুহুৰি আৰু মহিলাবোৰৰ উৰুলিৰে ড্ৰযিংৰুমটো ৰজনজনাই গ’ল ৷ ময়ো সদায় নাকৰ আগতেই লাগি থকা লাজটো অলপমান আঁতৰাই সকলোৰে সন্মূখতেই মানসীৰ হাত এখনত ধৰি কৰ্ডলেছ মাইক্ৰ’ফোনটোত ঘোষণা কৰিলোঁ,
“টু মাই লাভলী ৱাইফ, লাভ অৱ মাই লাইফ মানসী ৷”
প্ৰকাণ্ড ড্ৰয়িংৰুমটো আকৌ এবাৰ উকি, হাততালিৰ খলকনিত কঁপি উঠিল ৷ মানসী আবেগিক হৈ পৰিল ৷ ফটোত সেয়া আমাৰ বিয়াত তোলা মানসীৰ আটাইতকৈ ধুনীয়া ফটোখন ৷ আৰু ফটোখনে যেন ৰুমটোৰ সৌন্দৰ্য্য দুগুণ বঢ়াই তুলিলে ৷
মোৰ প্লেনমতে সকলো কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ পৰিছিল ৷ কিন্তু দ্বীপেন আৰু এখোপ ওপৰত ৷ মোৰপৰা মাইক্ৰ’ফোনটো লৈ সি কৈ গ’ল,
“এতিয়া সকলোকে, বিশেষকৈ মহিলাসকলক চন্দনে নিজ পত্নীক দিয়া উপহাৰটিৰ সন্দৰ্ভত দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ ৷”
প্ৰথমেই আগবাঢ়ি আহিল ধীৰাজৰ পত্নী ৷
“আজিৰ এই উপহাৰেৰে চন্দনে মানসীৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমৰ নিদৰ্শন যুগমীয়া কৰিলে ৷”
উৎফুল্লিত মানসীয়ে মোৰ হাতখনত আৰু অলপ জোৰেৰে সাৱটি ধৰিলে ৷
পৰিমলৰ শ্ৰীমতীয়ে ক’লে,
“আমাৰ ঘৰতো এনেকৈ বন্ধাই থোৱা দুখনমান ফটো আছে ৷ কিন্তু সেয়া চিনেমাৰ অভিনেত্ৰীৰ ৷ তোমালৈ অশেষ ধন্যবাদ থাকিল চন্দন ৷ আৰু মানসী, তুমি বহুত লাকী যে এনে এজন হাজবেণ্ড পাইছা ৷”
অকলে থকাহ’লে মানসীৰপৰা নিশ্চিতভাৱে এটি চুম্বন পালোঁহেতেন ৷ এগৰাকীৰ পিছত এগৰাকীকৈ মহিলাবোৰে মোৰ গুণগান গালে ৷ বুজিছে, আপোনালোক থকা হ’লে বুজিলেহেঁতেন, গিৰিয়েকবোৰৰ মুখবোৰ কিন্তু চাবলগীয়া হৈছিল ৷ এটা সময়ত খোৱা বোৱা শেষ কৰি সকলোবোৰ ঘৰমুৱা হ’ল ৷ ধীৰাজে আহি মোৰ কণে কাণে ক’লেহি,
“তই বৰ কেজেং লগালি বন্ধু ৷ আজি ঘৰলৈ যাবলৈয়ে ভয় হৈছে ৷”
বেয়া নাপাব, তাৰ দুখ দেখি মই কিন্তু পৰম সুখ পালোঁ ৷ মোক বৰ্বৰ বুলি ভাবিলেও ভাবক, তাৰ কথাত মই একপ্ৰকাৰ টকালি টকালি ৰসস্বাদন কৰিলোঁ ৷ অৱশেষত তাৰমানে মোৰ প্লেন সফল হ’ল ৷
ৰাতি বিচনাত পৰাৰ সময়ত মোৰ বুকুৰ মাজত কুছি মুছি সোমাই আবেগেৰে মানসীয়ে ক’লে,
“তুমি মোক ইমান ভাল পোৱা চন্দন?”
মনটো ৰিমঝিম হৈ পৰিল ৷ মিচিকিয়াই হাঁহিলোঁ ৷ তেওক নক’লেও পেটে পেটে ভাবিলোঁ,
“আজি তোমাক এই উপহাৰটো দি যিমান সুখী হৈছোঁ, তাতোকৈও বেছি সুখী হৈছোঁ মোৰ বন্ধুকেইটাৰ ক’লা পৰা মুখকেইখন দেখি ৷ বৰ জ্বলাইছিল ইহঁতকেইটাই ৷”
অলপ সময়ৰ ব্যৱধানত মানসীয়ে পুনৰ সুধিলে,
“এটা কথা কোৱাচোন চন্দন ৷ মোৰ আৰু কোনোবা চেলিব্ৰিটিৰ ফটোৰ মাজতনো কি পাৰ্থক্য আছে?”
এইবাৰ মোৰ হাঁহি উঠাৰ পাল ৷ ৰখাবলৈ খুজিও ৰখাবলৈ নোৱাৰিলোঁ হাঁহিটো ৷
“হাঁহিলা যে?”
“নাই, এনেয়ে ৷”
“প্লিজ, কোৱানা ৷”
“বিশেষ পাৰ্থক্য নাই ৷ কিন্তু তোমাৰ ফটোখন কোনোবা পৰপুৰুষৰ বেডৰুমত লগাই ৰাখিলে বহুত পয়মাল লাগিব ৷”
মানসীয়ে বৰ লাজ পালে ৷ মোৰ আৰু ওচৰ চাপি আহি তেওঁ মোক ক’লে,
“বুজিছা চন্দন, সোন ডাঙৰ হৈছেই ইতিমধ্যেই ৷ আমাৰ পৰবৰ্তী সন্তানটোৰ কথা ভাবিব পাৰোঁ দেখোন অ’ ৷”
এই, মজ্জা ৷ এনে সেউজ সংকেত পোৱাৰ পিছতো যদি মই পিছুৱাই আহোঁ, তেন্তে মোতকৈ বেছি বুৰ্বক আৰু পৃথিৱীত কোনোবা বেলেগ এটা নোলাব ৷
“ঠিকেই কৈছা ৷”
ৰুমৰ লাইটটো বন্ধ কৰি আহি পৰম উৎসাহেৰে বিচনাত উঠিছোহে, দৰ্জাত কোনোবাই টুকুৰিওৱাৰ শব্দ কাণত পৰিল ৷ দৰ্জাখন খুলিলোঁ ৷ সন্মূখত সেয়া সোন ঠিয় হৈ আছে ৷
“কি হ’ল সোন? আইতাৰ ওচৰৰপৰা গুছি আহিলা যে?”
“দেতা, মই আজি তোমালোকৰ লগত শুম ৷”
ৰুমৰ লাইটটো আকৌ জ্বলাই দিলোঁ ৷ আৰু এতিয়া মাকক আকোৱালি ধৰি আমাৰ একমাত্ৰ সন্তান সোন নিদ্ৰামগ্ন ৷ আৰু মই? উপায় নাই আৰু, আপোনালোকলৈ বুলি দিনটোৰ বিৱৰণী লিখাত ব্যস্ত ৷ আৰু আমাৰ পৰবৰ্তী সন্তান? বুজিছেই নহয়, আজিটো আৰু কোনোপধ্যেই সম্ভৱ নহ’ব ৷ হ’ব দিয়ক, বেলেগ এদিন চেষ্টা কৰি চাম ৷ জনাম বাৰু আপোনালোকক ৷ ইছ ৰাম, দুষ্ট ক’ৰবাৰ, নাপায়, নাপায়, সেইটো জনাৰ আশা যে আৰু কেতিয়াও নকৰিব ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক