বিবৰ্ণ সময় – মুংচাজ বৰ্ণালী আম্ফি মান্তা

“সৌখিনিতে আমাৰ খেলা
পথাৰখন আছিল৷ অ’ নহয় নহয় সেই মেটেকাডৰা উটি আহি থকা য’ত পাইছেহি সেইখিনিতহে চাগে৷ সেইখিনিও নহয় দৰে লাগিছে ন’ খুংগৰী?” — ব্ৰডগজ ৰেলৰ আলিটোৰ ৰেলিঙৰপৰা ঠিক নামি শিলগুটিৰ ওপৰত বহি পাৰৰ ওফন্দি থকা পানীলৈ চাই চাই কণমানি ৰণিয়ে শিলৰ দমটোৰ তলতে থিয় হৈ থকা সমনীয়া খুংগৰীলৈ চাই চাই চিঞৰি উঠিল৷
খুংগৰীৰ সঁহাৰি নাপায় ৰণিয়ে শিলৰ দমৰ দাঁতিয়েদি চুচৰি তাইৰ কাষ চাপি তাইনো ভেবা লাগি কি চাই আছে বুলি তাইৰ কান্ধৰ ওপৰেদিয়ে বেঙা মেলি চালে৷ সৌটো কি? বানৰ পানীয়ে দুয়োকুল ওপচাই ৰখা ৰেলৰ আলি আৰু গাঁও কিখনৰ পথৰুৱা বাটটোৰ সংযোগী ভঙা পুলটোৰ চাকনৈয়াত তল-ওপৰ কৰি থকা সৌটো কি?

* * * * * * * *

“হেই মৰতী আহ ঐ৷ পানীয়ে আহি বুকু শালিলেহি৷ ইয়াতে এৰি থৈ গ’লে পা-পোৱালীৰে সোপাকে মৰিবি ঐ”৷ সেইয়া ৰুপসিং বৰপিতাইৰ মাত৷ এহাতে ক’লী ছাগলীজনীৰ এমা-ডিমা পোৱালী দুটা সাৱটি এহাতে ছাগলীজনীৰ ডিঙিত এৰাল লগাই বাহিৰলৈ টানি আছে৷ ইমানকৈ টনা-আজোৰাৰ পিছতো লৰচৰ নকৰাকে বেবাই থকাত বৰপিতাইৰ চিঞৰৰ প্ৰকোপত অতিষ্ঠ হৈ বৰমা ভিতৰৰ পৰা ওলাই আহি বাহিৰৰ দৃশ্য দেখি অবাক হৈ বুলো হেৰি, আপুনি যে তাইক ইপিনে এৰাল লগাই চুচৰাই আছে সিপিনৰ গোহালীত বান্ধি থোৱা তাইৰ ডিঙিৰ পঘাপাত খুলি নল’লে কেনেকৈ ল’ৰচ’ৰ কৰে হয়নে?
হেহ? সেইবাবে মৰতীয়ে বাংলাদেশীৰ দৰে গোজ পুতি আছে৷ বোলো হেৰৌ জহনীতযাইতী ক’বতো পাৰ ডিঙিৰ পঘাপাত খুলি লওক গৃহস্থ৷ মুখৰ মাত নাই? ছাগলী যে ছাগলীয়ে৷
এইয়া ৰুপসিং বৰপিতাইৰ সংসাৰ৷ এটা পুত্ৰধনেৰে ৰাঙলী বৰমাক লৈ সুখৰ সংসাৰ৷

**************

ৰ’দত চিকমিকাই থকা ৰেলআলিটো, গাখীৰতী কপিলী নৈখন, কপিলীৰ বুকুৰ ওপৰেদি ব্ৰিটিছে সজা দলঙত ভৰ দি দুকাষে চেগা-চোৰোকাকৈ পাহাৰখনক কাষতে লৈ খৰতকীয়াকৈ দিকচৌ বনলৈ গুছি যোৱা ৰাজআলি এই তিনিও জনজাতীয় গাওঁকিখনক আৱৰি ৰাখিছে৷ ৰাজআলিটোৰ গাৰ কাষেদি সৰকি বুঢ়া আঁহতজোপাৰ হাউলি থকা ডালটোৰ তলেদি যোৱা বাটটোৰ দাঁতিতে সমাহিত ভাৱে থকা গাঁওকিখনক কপিলীৰ সংহাৰী ৰূপে আগতে পোৱা নাই৷ এইবাৰো পথাৰ-বিলৰ গাভিনী পানী চাই ফুৰোঁতেই পানীয়ে আহি চোতাল চুলেহি৷ ৰাইজৰ হুচ আহে মানে বানে মেটেকাৰ দল ভাঙি বুকু চুলেহি৷
মিটাৰ গজৰ পৰা ব্ৰডগজ বনাই পেলোৱা ওখ ৰেলআলিটোৰ বহল খালী ঠাইখিনিতে ৰাইজখন গৰু-গাই, লাম-লাকটু সহিতে উঠিলেহি৷ কোনোদিনে পানীয়ে নোপোৱা ৰাইজখন অঠাই সাগৰত পৰিল৷ একোৱেই যে সামৰা নহ’ল৷ টোপোলা বান্ধি শেষ নহওঁতেই হিলদল ভাঙি আহিল৷ এতিয়া শিবিৰত খোৱাবস্তুৰ লগতে বিশুদ্ধ খোৱাপানীৰো অভাৱ ঘটিছে৷ ব্যস্ত ব্ৰডগজ ৰেলআলিটোত আধাঘণ্টাৰ মুৰে মুৰে আহি থকা ৰেলকিখনৰ তীব্ৰগতিৰ কঁপনিত শিবিৰৰ বাচন-বৰ্তন গিৰিসাই পৰি পোটোকা পৰিল৷ কেৰেলুৱাৰ দৰে আলিটোত জুম পাতি থাকিল ইপাৰ সিপাৰৰ পানীৰ মাজত ডুব গৈ থকা মৰমৰ গাঁও-পথাৰ, গুটিধানৰ মেটমৰা ভঁৰালৰ মূধচ বিচাৰি চকুলোৰে তিতা শ শ চকু৷

*********

“ৰ’না এইজনী৷ ইমান বেগাই নগ’লেও আমি ৰেচনৰ গাড়ীখনক লগ পামগৈ দে৷
পিছফালৰ ৰণিৰ মাতক কাণষাৰ নকৰি খুংগৰী কোবাকুবিকৈ আগবাঢ়িছে ৰেলআলিটোৰ সিটোপাৰে অলপ দূৰত সিহঁতৰ আগে আগে গৈ থকা ৰূপম দাদাৰ কাষলৈ৷ ৰূপম দাদাক তাইৰ ঢেৰ কথা সুধিবলৈ আছে৷ অ’তদিনে দেখি থকা নৈখনত হঠাতে ইমান পানী কৰপৰা আহিল? পানী শুকালেই তিনিকিল’মিটাৰ দূৰত থকা সিহঁতৰ স্কুল খুলিলে ৰেচনত চাউল-দালি দিয়াৰ দৰে পানীত তিতা তাইৰ কিতাপ-বহীও ঘূৰাই দিবনে? ইমান কথা জনা ভাল দাদাটো আজিকালি মন মাৰি থাকে৷ ঘৰত মাকহঁতে কৈ থাকোতে তাই শুনিছে চহৰলৈ পঢ়িব যোৱা দাদাটোক চহৰীয়া অপেশ্বৰীয়ে লম্ভিছে৷ এইটো আক’ কি কথা৷ ৰঙীয়াল অপেশ্বৰীয়ে লম্ভিলে দাদাই হাঁহিবহে, মন মাৰি কিয় থাকিব৷ মুঠতে আজি তাই ৰূপম দাদাক এইটো কথাকো সুধিব৷
যাহ! এইখন এতিয়াহে আহিব পালে৷ হৰ্ণ মাৰি তীব্ৰ গতিত আহি থকা ৰেলখনলৈ চাই তাই ভোৰভোৰাই থাকিল৷ বাধা হৈ দেখা দিয়া চলন্ত ৰেলখনৰ ডবাৰ কপিলিঙৰ ফাঁকে ফাঁকে তাই দেখি থাকিল ৰূপম দাদাৰ উদাস মুখখন৷

*******

গোটেই শিবিৰতে চেপা উত্তেজনা৷ দুখনি কণমানি মুখক আগুৰি মাক-পেহীয়েকহঁতৰ জেৰা৷ কি দেখিছিলি কাক দেখিছিলি? ?
ভয়ত বিতত ৰণিৰ কাষৰ পৰা অস্থিৰতা ভৰা খোজেৰে ৰুপসিং বৰপিতাই খুংগৰীৰ ওচৰ চাপিল৷
আই অ’, তই মোক এবাৰ কৈ দে সেইটো আমাৰ সি নাছিল৷ বাউলী বৰমায়েৰৰ ওচৰত গৈ এবাৰ কৈ আহ গোঁসানী সেইটো তাইৰ আলাসৰ লাড়ুটো নাছিল বুলি৷ কৈ কৈ বৰপিতাই হিয়াভঙা কান্দোনত ভাঙি পৰিল৷
মাকৰ কোলাত সোমাই উচুপি উঠিল খুংগৰী৷ তাই কিদৰে মিছা মাতিব বৰপিতাকক৷ ভঙা পুলটোৰ সোঁতত ককবকাই হেৰাই যোৱা সেইটো দেখোন তাইৰ মৰমৰ ৰূপম দাদা, ৰুপসিং বৰপিতাইৰ বুকুৰ ধনটোৱেই আছিল৷ ৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments