বিভিন্ন লেখকৰ অনুগল্প সংকলন

—————————-
মাত- (জয়ন্ত আকাশ বৰ্মন)
—————————-
কথা বেছিকৈ কৈ থাকোঁ কাৰণেই দেউতাই গান শিকিবলৈ মোক ইয়াত ব্যস্ত কৰাই দিলে। তুমি?-গানৰ স্কুলত ছোৱালীজনীয়ে ভায়’লিন বজোৱা ল’ৰাজনক সুধিলে।
‘কথা কব নোৱাৰা বাবে দেউতাই মোক ইয়াত নাম লগাই দিলে।’-ভায়’লিন বজোৱা ল’ৰাজনে কাগজ এটুকুৰাত লিখি ছোৱালীজনীক দিলে।
ছোৱালীজনীৰ মাতটো সিদিনাৰ পৰাই তাৰ ভায়’লিনত বান্ধ খাই গ’ল।

—————————
বহুৰূপী- (জ্যোতিৰূপম দত্ত)
—————————
উদীয়মান তৰুণ গল্পকাৰজনে আজি তিনিদিন ধৰি ভাবি থকা অণু গল্পটো লিখি শেষ কৰিলে৷ গল্পটোত শেষবাৰলৈ চকু ফুৰাই নিজৰ ব্লগটোত আপলোড কৰি নিজকে এবাৰ ক’লে –
: বাঃ! কি দাৰুণ গল্প লেখেছ’ ৰে?
ক্ষণিকতে বহুযোজন দুৰৰ আন এজন উদীয়মানে গল্পটো ‘কপি-পেষ্ট’ কৰি ‘ৰ’ বোৰ ‘ৰ’ কৰিবলৈ আৰম্ভ কৰিলে৷ দুই এটা শব্দ ইফাল সিফাল কৰি ছ’চিয়েল নেটৱৰ্কিং ছাইটত আপলোড কৰাৰ আগতে নিজকে এবাৰ কলে –
: বাঃ! কি সাংঘাতিক গল্প লিখিছ’ অ’?

———————————–
কঠিয়া- (উৎপল জোনাক হাজৰিকা)
———————————–
“তই মোৰ ভনীজনীক ভালপাৱ? বিয়া কৰাবি তাইক?”
মফচল চহৰখনত গুণ্ডা বুলি নাম থকা মদগজ ডেকাটোৱে কলেজৰ গেটখন পাৰ হৈ বাহিৰত ভৰি থোৱা ল’ৰাটোৰ কলাৰত খামুচি ধৰি সুধিলে৷
“ওঁ৷”
ভয়তে বিতত ল’ৰাটোৰ মুখৰ পৰা মাতটো কথমপিহে ওলাল৷
“চাবি৷ এদিনো যদি তাইৰ চকুত চকুপানী দেখো কথা বেয়া হ’ব কিন্তু৷”
ধমক দি আঁতৰি যোৱা ডেকাটোৰ বুলেটৰ শব্দতকৈ সৰগ পৰা হেন হোৱা ল’ৰাটোৰ বুকুৰ ধপ-ধপনিবোৰ সংক্ৰামক হৈ আলিয়ে-পদুলিয়ে বাগৰিল৷

————————–
সুৰ জীৱনৰ- (মল্লিকা শৰ্মা)
————————–
: মেক এ উইচ! -কেকটো কটাৰ আগতে হাতখনত ধৰি তাই কৈছিল।
: জীৱনত এটা খোজো যেন তোমাৰ অবিহনে দিব লগীয়া নহয়!- সি হেঁপাহটো কৈছিল ।
আৰু অলপ কাষ চাপি মৰমৰ পত্নীৰ বাউসীত ধৰিলে সি ।
: সপোনবোৰ কেনেকৈ সঁচা হৈ যায় নহয়নে? তোমাৰ অবিহনে এটা খোজো অসম্ভৱ এতিয়া! -পেৰালাইচিচে জথৰ কৰা দেহাটো তাইৰ গাত এৰি দি সি ক’লে…

————————-
খজুৱতি- (মধুস্মিতা চমুৱা)
————————-
বাছখনত বৰ ভীৰ, তাতে মিতালীৰ উৎপাতৰ বাবে ৰুমালখনো এৰি আহিলো ৰূমতে, ঘাম মুচিবলৈ দুপট্টাখনকে ব্যৱহাৰ কৰিলোঁ, ডিঙি মেলিলো খালী আসনৰ আশাত ..মহিলাৰ আসন এখনো খালী নাই, এপাকত মোতকৈ তিনিজন যাত্ৰীৰ আগত থিয় দি থকা মিতালীয়ে প্ৰায় চিঞৰি ক’লে
:“মধুবা, ভাড়া দিবি।”
মই টেলেকা চকুৰে হয়ভৰ দিলোঁ, আজিও মানে পাৰ্চ এৰিলে হোষ্টেলতে৷ তাই বৰ বেপৰোৱা ধৰণৰ৷ সকলোতে তাই জবৰজং, খোৱাত, খোজকঢ়াত, বাটে-ঘাটে ছোৱালী জোকোৱা ল’ৰাক ভুকু দিয়া আদিত তাই সিদ্ধহস্ত৷
: “এটেশ্ব্যন প্লিজ!”
আমি নমাৰ আগেয়ে হঠাতে মিতালীয়ে ডাঙৰকৈ কৈ উঠিল, যাত্ৰী সকল যেয়ে যি প’জত আছিল তেনেকৈয়ে তাইলৈ মুখ ঘূৰাই চালে
:“অ’ আংকল, আপোনাৰ বাৰু বৰ খজুৱাইছে নেকি, খজুৱাইছে যদি নিজৰ কমৰত খজুৱাওক, এইটো মোৰ কমৰ হে ”
ওচৰতে থিয় হৈ যোৱা আদবয়সৰ মানুহজনক উদ্দ্যেশ্যি তাই প্ৰায় চিঞৰি উঠিল৷ ৷

—————————————-
পৃথিৱীৰ চুইচাইড নোট- (জাহ্নব ভৰদ্বাজ)
—————————————-
মই সেউজীয়া আছিলোঁ, সুখী আছিলোঁ আৰু বিশেষকৈ মই সকলোতকৈ ধুনীয়া আছিলোঁ।
কিন্তু মই মানুহক বসবাস কৰিবলৈ বুকু পাতি দিলোঁ।

———————–
সুবাস- (মল্লিকা শৰ্মা)
———————–
প্ৰেমিকে নতুনকৈ উপহাৰ দিয়া স্মাৰ্টফোনটো অলপকৈ বাজি উঠিল।
মেচেজ— “হেপ্পী ভেলেণ্টাইনচ দে মাই লাভ…মিচ ইউ..”
কাষতে, এটা হাৰ্ট লৈ থকা ধুনীয়া ইম’জি.!
দীঘলকৈ উশাহটো টানিলে তাই৷ ৰঙীন স্ক্ৰীণখনত নীলা চিয়াহীৰ গোন্ধটো নাই..৷ কৈ শেষ কৰিব নোৱাৰা কথাবোৰ কঢ়িয়াই আনিছেনে মাথো কেইটামান শব্দই? সপ্তাহত একোখনকৈ দীঘলীয়া চিঠি লিখিও শেষ নোহোৱা কথাবোৰৰ সুবাস বিচাৰি তাই মেচেজটো একেথিৰে চাই থাকিল৷

——————————
অৰণ্যৰ গান- (নিশান্ত বৰদলৈ)
——————————
চুচুক-চামাককৈ ল’ৰা-ছোৱালীমখা আহি সৰপোণা ককাৰ দোকানৰ সন্মুখত ৰ’ল। গছপাত এটা আগবঢ়াই মাত নুফুটা এটাই ককাক ক’লে-
:ককা, দচ টকাৰ মম দে!
সৰপোণা ককাই মৰটনৰ টোপোলা এটা তাৰ ফালে আগবঢ়াই দিলে।
মুখত সৰগি হাঁহি এটা লৈ সি আৰু এটা গছৰ পাত আগবঢ়াই দিলে-
:ককা, দচ টকাৰ চেনা দে!
সৰুপোণা ককাই চানাৰ টোপোলা এটা তালৈ আগবঢ়াই দিলে।
বাকী মখাই এক অজান আশংকাত সৰুপোণা ককাৰ মুখলৈ চাই আছে। মৰটন আৰু চানাৰ টোপোলা কেইটা লৈ সিহঁতৰ সৰু পৃথিৱীখন কেৰমেৰাই উঠে। সিহঁত আগে আগে, এজাক বনৰীয়া সুবাস পিছে পছে।
সৰপোণা ককাই গামোচাখনেৰে চকুপানীবোৰ মছি ল’লে। এদিন ককাও গছপাতৰ পইচা এসোপা লৈ বনমালী ককাৰ দোকানলৈ গৈছিল।

————————-
চোৰ- (নৱজ্যোতি বৰ্মন)
————————-
পূজা চলিছে মন্দিৰত । মোটা অংকৰ বাজেট । বহুত মানুহৰ সমাগম পূজাস্হলীলৈ । চাকিগছি জ্বলি আছে; সন্মুখৰ থালখনত টকাৰ বৰষুণ ভক্তৰ ।
দূৰৈত এটি শিশু । পেটৰ তাড়না । প্ৰত্যক্ষদৰ্শী । হঠাৎ দৌৰি আহি থালৰ পৰা এশ টকীয়া এখন লৈ পলাল ।
সম্ভ্ৰান্ত মানুহবোৰে একেমুখে চিঞৰি উঠিল- “চোৰ,চোৰ ” ।

———————–
মানৱতা- (মানস বড়া)
———————–
বৈদ্যুতিক সংবাদ মাধ্যমৰ গাড়ীখন দেখাৰ লগে লগে মিছেছ বৰুৱাই পদপথত পৰি থকা কেঁচুৱাটো তুলি লৈ মাইক্ৰফোনটোৰ ফালে আগুৱাই গ’ল । অলপ আগলৈকে কেঁচুৱাটোক লেই লেই ছেই ছেই কৰি থকাৰ দৃশ্যটো কেমেৰাই ধৰি ৰাখিব নোৱাৰিলে। কেঁচুৱাটোক জুইৰ সেক দি থকা ভিক্ষাৰীজনে অৱশ্যে একো ধৰিবই নোৱাৰিলে।

—————————-
সমাধি- (জয়ন্ত আকাশ বৰ্মন)
—————————-
নিশা বৰষুণৰ মাজতেই এটা শব্দ হ’ল।
তাই ক’লে-বজ্ৰপাত ; আৰু তাক সাৱটি ধৰিলে।
‘নহয়’- সি ক’লে, আৰু পিষ্টলটো লৈ খপ্-জপকৈ বাহিৰলৈ ওলাই গ’ল।
ঘৰটো এতিয়া সিহঁ‌তহালৰ সমাধি।

———————————-
ভেলেন্টাইন্চ দে- (সুব্ৰতা গোস্বামী)
———————————-
কোঠাটোত সোমাই তেওঁ লাইটটো নুমুৱাই দিলে।বেছি পোহৰ হেনো তেওঁ সহিব নোৱাৰে।বিচনাখনত বহিল তেওঁ।সন্মুখৰ দেৱালখনৰ পিনে চাই আনদিনাৰ দৰে আজিও কথা কোৱা আৰম্ভ কৰিলে। আজি তেওঁ সুখী, অথচ কথাবোৰ কৈ কৈ মাতটোচোন থোকাথুকি কৰে তেওঁৰ। তেওঁ কৈছে,“মই সোনকালেই গুছি আহিলো দিয়া।বৰ বেছি হুলস্থূল মোৰ পছন্দ নহয়।ইমান লাইটৰ পোহৰত মোৰ মাইগ্ৰেনৰ বিষটোই উক দিব লাগিলে আৰু ! চোৱাচোন নীৰু,দিনবোৰ কেনেকৈ পাৰ হয়।যোৱা ১৪ ফেব্ৰুৱাৰীত তাইৰ জন্ম হৈছিলহে ! নাতিনীজনীৰ আজি এবছৰ হ’ল।আজি জানা,মাজনীক সাইলাখ তোমাৰ দৰেই দেখিছে।আৰু তোমাৰ ছোৱালীৰ কাম দেখিছা,মই অকলে আহিম বাবে গাড়ীৰে ঘৰলৈকে থৈ গ’ল জোৱাইয়ে। বৰ ভাল ল’ৰা পাইছোঁ আমি।”

মানুহজনৰ মাতটো সুখত নে দুখত থোকাথুকি হৈছে। বিচনাখনৰপৰা উঠি কিবা এটা পাহৰা কথা মনত পেলোৱাৰ দৰে হাঁহি এটি মাৰি তেওঁ পুনৰ ক’লে,“কিন্তু নীৰু, তুমি বন্ধা খোপাৰ কথাই সুকীয়া আছিল।” এইবুলি হাঁহি হাঁহিয়ে তেওঁ দিয়াচলাইটো হাতত ল’লে। দেৱালখনত আৰি থোৱা ফ্ৰেমত বন্দী মানুহগৰাকীৰ ফটোখনৰ তলত চাকিগছ উজলি উঠিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments