বিভীষিকা (গদ্য চিত্ৰনাট্য) – পৰশমণি কাশ্যপ

জ্যোতি চিত্ৰবনত এখন চিনেমাৰ ছেট৷ ডাইৰেক্টৰে নিৰ্দেশনা দি থাকে৷ সকলোৱে পৰিবেশ সৃষ্টিত মনোনিবেশ কৰিছে৷ কেমেৰামেন জনে এংগল মিলাই আছে৷ লাইটমেন, মাইকমেন সকলো বিজি৷ স্পটবয় দুজনৰ লৰাঢপৰা৷ তপা ডাইৰেক্টৰে ল’ৰামতীয়া সহকাৰীজনক কিবা বুজাই আছে৷ মুৰটো লৰাই লৰাই সহকাৰী পৰিচালকে হয়ভৰ দিছে৷ যেন সকলো বুজিছে৷ অলপ আতৰত পেটুৱা প্ৰযোজকে বহি আলেখলেখ চাই আছে৷ শিশুৰ বাবে কৰা চুটিছবি এখনৰ শ্বুটিং চলি আছে৷
ক্ষীণ, ডঢ়ীয়া, জখলা হেন ৰাইটাৰজন উত্তেজিত হৈ পৰিছে৷ চিত্ৰনাট্য, সংলাপ সকলো তেওঁৰ৷ তেওঁৰ জীৱনৰ এয়া প্ৰথম সফলতা৷ পিন্ধনত এটা পাঞ্জাবী, কপালত দীঘলকৈ এটা  ৰঙা ফোট৷ কেমেৰাৰ ক্লোজআপত স্পটত এডাল প্ৰকাণ্ড গছৰ তলত অলপ মুকলি ঠাই৷
ষ্টাৰ্ট ! চাউণ্ড লাইট কেমেৰা একচন!
সকলো ডাইৰেক্টৰৰ চিঞৰত সচকিত হ’ল৷ অলপ আঁতৰত কেইটামান সৰু ল’ৰা৷
: যোৱা, অল দা বেষ্ট৷ – সহকাৰী জনে ল’ৰাজাকক কলে৷

▲স্নেপশ্বট-১

দীপু: একেবোৰ খেলাকে সদায় সদায় কিমান খেলিবি অ’ ! এইবোৰ খেলা মোৰ ভাল নলগা হৈছে৷
জিতু: ঠিকেই কৈছ অ’ দীপ৷ মোৰো ভাল নলগা হৈছে৷ বাৰু বলচোন৷
দীপু: ইহঁত কোনো অহা নাই দেখোঁন৷ মাতোগৈ ব’ল৷
জিতু: অ’ বল৷
ব্ৰেক:
: এক্সেলেণ্ট এক্সেলেণ্ট৷ – ডাইৰেক্টৰে চিঞৰি উঠে৷ লগে লগে কেইটামান ক্লেপ৷ অভিনেতা লৰা দুটাৰ মুখত হাঁহি বিৰিঙি উঠে৷

▲স্নেপশ্বট-২
দীপু: ঐ বিতু¸ ঐ ৰাজু¸ মুন তহঁতে নেখেল নেকি? আহ আকৌ৷ – সি চিঞৰি উঠে ৷
জিতু: ঐ বাবলু নাহ কিয়৷ সোনকালে আহ৷ – হাতবাউলি মাতে৷
: গৈ আছো৷ – কেমেৰাই কাভাৰ কৰাৰ বাহিৰৰ পৰা শিশু কণ্ঠ ভাহি আহে৷
ক্লেপ ক্লেপ !
সৰু ল’ৰা আটাইকেইটা কেমেৰাৰ আগলৈ আহে৷

▲স্নেপশ্বট-৩
জিতু: তহঁতে একো নানিলি যে৷ কি আজি একো নেখেল নেকি?
বাবলু: এ কিয় নেখেলিম! নিশ্চয় খেলিম৷ পিছে সদায় সদায় একেবোৰ খেলাখেলি আমনি লাগিছে অ’৷
ৰাজু: ঠিকেই কৈছ অ’ বাবলু৷ মোৰো এইবোৰ খেলা সদায় সদায় খেলি থাকিবলৈ মন নোযোৱা হৈছে৷ তহঁতে কিবা এটা নতুন খেলা উলিয়া না৷
বিতু: আমাৰো মন নোযোৱা হৈছে৷
মুন: সচাকৈ কিবা এটা উলিয়া না৷
জিতু: তেনেহলে কি খেলিবি?
(কেমেৰা ক্লোজআপ৷ সৰু লৰা আটাইকেইটা চিন্তাক্লিষ্ট)
জিতু: পাইছো পাইছো !
দীপু: কি পাইছ ?
জিতু: খেল বিচাৰি পাইছো ৷
মুন: কি ?
ৰাজু: ক’ না কি পাইছ?
জিতু: এটা নতুন খেল৷ বঢ়িয়া জমিব৷ – তাৰ মুখত বিজয়ৰ হাঁহি৷
বিতু: ক’ কি খেল৷ আমাক কিয় ৰহস্যত ৰাখিছ? ক’ না সোনকালে
জিতু: শুনিবি ?
বিতু: ক’ ৷
জিতু: টেৰ’ৰিষ্ট! – তাৰ মুখখন গম্ভীৰ ৷
ৰাজু: টেৰ’ৰিষ্ট৷ – তাৰ মুখত বিস্ময় ৷
: মানে…৷ – দীপু¸ মুন¸ বাবলু¸ বিতুৰ মুখতো বিস্ময়৷
জিতু: মানে গুলিয়াগুলি৷ আৰে টিভিত দেখা নাই নেকি? ধিচকিয়াও৷ – সোঁহাতৰ দুটা আঙুলি লগ কৰি বন্দুক টোৱাই দিয়াৰ ভংগী তাৰ৷
জিতু: আৰৰে নিউজত দেখা নাই? গতিকে আমি গুলিয়াগুলি খেলিম৷ খেলিম মানে নাটক কৰিম৷ – ধুৰ্ত চাৱনি তাৰ৷ আজিকালিৰ শিশু, তামাম স্মাৰ্ট৷
বাবলু: অ’ গুলিয়াগুলি৷ মজা মজা৷ বৰ ভাল হব বৰ ভাল হব৷ – ফুৰ্তিতে জপিয়াই উঠে সি৷
জিতু: ব’ল তেনেহলে৷
বিতু: ব’ল বল খেলোগৈ৷
দীপু: ৰবি গুলীয়াগুলী খেলিবি কেনেকৈ? – জিতুৰ হাতত ধৰি ৰখাই দিয়ে৷ মুখত তাৰ চিন্তাৰ ৰেশ৷
বিতু: অ’তো, ভবাই নাছিলো
ৰাজু: কেনেকৈ খেলিম?
(কেমেৰা ক্লোজআপ৷ ইজনে সিজনৰ মুখলৈ চাই থাকে৷ )
দীপু: মই কওঁ শুন৷ – আটাইকেইটা তাৰ কাষচাপি আহে৷
মুন: বঢ়িয়া হব বঢ়িয়া হব৷ – ফুৰ্তিত জপিয়াই উঠে৷
বাবলু: মই মোৰ টমিগানটো আনোগৈ ৰ’৷ –
ৰাজু: ময়ো আনোগৈ৷ – দুৰ্গাপুজাৰ পুতলা পিষ্টলকেইটালৈ মনত পৰে সিহঁতৰ৷
ক্লেপ ক্লেপ !!
: এক্সেলেণ্ট বয়জ৷ গুড জব৷ – আকৌ এবাৰ ডাইৰেক্টৰে চিঞৰি উঠে৷
সহকাৰীজন দৌৰি লৰাকেইটাৰ ওচৰলৈ যায়৷ নেক্সট দৃশ্যটো বুজাব লগা আছে৷ মেকআপ আৰ্টিষ্টজন আগুৱাই আহে৷ মুন আৰু বিতুৰ মুখত দিয়ে বুঢ়াৰ গেটআপ৷

▲স্নেপশ্বট-৪
মুন: কাকতী, বৰ ভাগৰ লাগিছেহে৷ এই গছজোপাৰ তলত অলপ সময় বহোঁ আহক৷
বিতু: অ’ বহোঁ আহক৷ – প্ৰকাণ্ড গছজোপাৰ ছাঁত জিৰণি লবলৈ গছৰ গুৰিত বহে দুয়ো৷
মুন: কাকতী, আজিৰ পেপাৰ পঢ়িছেনে?
বিতু: নাই পঢ়াহে৷ এনেয়ে ওপৰে ওপৰে চকু ফুৰাই আহিছো৷ কিবা বিশেষ খবৰ আছে নেকি?
মুন: অ’ তো¸ আজি পেপাৰত দিছে৷ কালি গণৰাজ্য দিৱসৰ দিনা দিন দুপৰত পাকিস্তানী উগ্ৰবাদীয়ে হেনো বোমা বিস্ফোৰণ ঘটাই কাশ্মীৰৰ সংসদ ভৱন উৰুৱাই দিছে৷ আমাৰ ইয়াতো যে একো অঘটন নঘটিবলৈ আছে, তাৰ কি মানে আছে? – তাৰ চিন্তাক্লিষ্ট মুখ৷
ক্লেপ ক্লেপ !!
শ্বট অ’কে৷
কেমেৰা পজদ্ ৷ এচিষ্টেণ্টজন দৌৰি আহে ৷ নেক্সট চিন ৰাজু আৰু বিতু৷ দুয়োৰে গেটআপ টেৰ’ৰিষ্ট৷ হাতত উদ্যত ৰিভলভাৰ৷

▲স্নেপশ্বট-৫
মুন: উ উ উগ্ৰপন্থী৷ – বিতুৰ গাত ধৰি কলে৷ দুয়োৰে চকুত ভয়াৰ্ত চাৱনি৷
ৰাজু: নিৰ্ভুল লক্ষ্য৷ ঠিক কপালত গুলী লাগিছে৷ – ফোপাই থাকে৷ যেন বহু দুৰৰ পৰা দৌৰি আহিছে সিঁহত৷ ঠাইখিনি নিৰাপদ৷ অলপ আশ্ৰয় লব ইয়াতে৷
দীপু: সি আৰু নাবাচে৷ বেটা এম এল এ হব গৈছিল৷ আমাৰ বিৰুদ্ধে কয়৷ – কণ্ঠত তাৰ উত্তেজনা
ৰাজু: কোন কোন তহঁত৷ – কুচি মুচি বহি থকা বুঢ়া দুজন চকুত পৰে তাৰ৷
বিতু: অ’ ওচৰৰে মানুহ৷ – কণ্ঠত ভয়
দীপু: কিয় আহিছিলি ইয়াত? – দবিয়াই উঠে
বিতু: ফু ফু ফুৰিবলৈ
ৰাজু: পুলিচে খেদিছে৷ আমাক আশ্ৰয় দিবিনে নিদিয়? আমাৰ কথা কবি নেকি কাৰোবাক? – ৰিভলভাৰৰ নল টোৱাই কৈ উঠে
মুন: ন নকও
দীপু: বল তহঁতৰ ঘৰলৈ৷ কুইক৷
#কাট কাট
ডাইৰেক্টৰৰ টেটুফলা চিঞৰ৷
ফুটেজখিনি এবাৰ কেমেৰাত চাই কৈ উঠে তেওঁ, ‘গুড’
আকৌ ক্লেপ !!

পুনৰ এচিষ্টেণ্টজনৰ ব্যস্ততা৷ নেক্সট শ্বটৰ প্ৰস্তুতি৷ বাবলু আৰু ৰাজুৰ গাত পুলিচৰ গেটআপ৷

▲স্নেপশ্বট-৬
জিতু: হেণ্ডচ্আপ৷ – পিছে পিছে বাবলুৰ এলাৰ্ট পজ
ৰাজু: ঐ পুলিচ৷ – দৌৰাদৌৰি আৰম্ভ
কেমেৰা ক্লোজআপ:
থা থাই…ধিচকিয়াও ধিচকিয়াও…৷ – গুলীয়াগুলি আৰম্ভ৷
দীপু: আস…৷ – মাটিত বাগৰি পৰে৷ হয়তো কান্ধত গুলী লাগিছে৷
ৰাজু: অফিচাৰ¸ আমাক যাবলৈ দিয়ক৷ নহলে মই গুলিয়াই ইয়াৰ মুৰৰ খোলা উৰুৱাই দিম৷ – তাৰ কপা কপা কণ্ঠ৷ ৰিভলভাৰৰ নলৰ আগত বুঢ়া দুজনৰ মূৰ৷ যিকোনো মুহুৰ্ততে গুলী ফুটিব পাৰে৷ পুলিচ অলপ কিংকৰ্তব্যবিমুঢ়৷ ৰিভলভাৰৰ লক্ষ্যত দুই টেৰ’ৰিষ্ট৷
ৰাজু: দীপু¸ উঠ৷ হাৰি আপ¸ পিষ্টল তুলি লট৷ ধৰ৷ – অতি সাৱধানতাৰে উঠাবলৈ চেষ্টা কৰে তাক৷

কেমেৰা ক্লোজআপ: অলপ টেকনিক৷

ধিচকিয়াও ধিচকিয়াও! ৰাজুৰ হাতত ধৰি উঠিব খোজা দীপুৰ মৃত্যু হয়৷ ৰাজুও বাগৰি পৰে৷ বাও হাতত গুলী লাগিছে৷ যদিও এতিয়াও পিষ্টল তাৰ হাতত৷ কৌশলেৰে বাগৰ সলাই বাও ভৰিৰ এটা কিক্ আৰু সৰি পৰিল অফিচাৰৰ হাতৰ ৰিভলভাৰ৷ আৰু এটা শব্দ আস: ৷ ৰাজুৰ হাতৰ পিষ্টল অফিচাৰৰ কপালত৷ কিংকৰ্তব্যবিমুঢ় চিপাহী বাবলু৷
ৰাজু: হা হা হা হা অফিচাৰ এতিয়া তোক কোনে বচাব ক’? এতিয়া মই গুলিয়াই তঁহত দুয়োৰে লাওখোলা উৰুৱাই দিম৷ তই মোৰ সতীৰ্থক হত্যা কৰিলি৷ তোক মই৷ – ট্ৰিগাৰ ডবাই দিয়ে৷
কাট কাট !!
শ্বট ৰিটেক !!
পৰিচালকৰ টেটুফলা চিঞৰ৷ আকৌ ললে একচন চিন৷ একচন ডাইৰেক্টৰ নাই৷ এইবাৰ ডাইৰেক্টৰে নিজেই বুজাই চিনটো৷

▲স্নেপশ্বট-৭
এটা কোণৰ পৰা মুন দৌৰি আহে আৰু ৰাজুক পিছপিনৰ পৰা সাবটি ধৰে৷
থা থাই৷ -ৰাজুৰ গুলি লক্ষ্যভ্ৰষ্ট৷
ধিচকিয়াও ধিচকিয়াও ধিচকিয়াও ধিচকিয়াও
– দুয়োজন পুলিচৰ হাতৰ বন্দুক একেলগে গৰজি উঠে৷ একো শব্দ নকৰাকৈ ৰাজু বাগৰি পৰে৷ তাৰ গাটো চালনি বনি গৈছে৷ হঠাৎে অলপ আতৰত বিতু বাগৰি পৰিল৷ যধেমধে কাউণ্টাৰ এটাকত নিহত এজন বৃদ্ধ৷
মুন দৌৰি যায় বিতুৰ ওচৰত৷ কিংকৰ্তব্যবিমুঢ় আৰক্ষী৷ মাথো এটা মুহুৰ্ত৷ তাৰ পিছত অফিচাৰ সজাগ৷
মুন: চাৰ কাকতী? – ভয়াৰ্ত চাৱনি¸ বুকুত উৎকণ্ঠা
জিতু: আমি দু: খিত৷ কাউণ্টাৰ এটাকত তেখেতৰ মৃত্যু হল
মুন: মই এতিয়া ঘৰলৈ গৈ কি কম! দুয়ো একেলগে ওলাই আহিছিলো৷ – কন্দনামুৱা হৈ পৰে
মুন: কাকতী¸ এয়া কি হৈ গল!
জিতু: ধৈৰ্য্য ধৰক৷ উই আৰ হেল্পলেচ৷ আপুনি এবাৰ থানালৈ যাব লাগিব৷ – মুনৰ কান্ধত টুকুৰিয়াই কৈ উঠে জিতুৱে৷
বাবলু: চাৰ কথাটো ভাল নহব নেকি? এজন মৰিলেই৷ যদি কৈ ফুৰে…গতিকে ফেক…
-ৰাজু দীপু…হঠাৎে বাহিৰৰ পৰা পুৰুষ কণ্ঠ এটা ভাহি আহে৷
কাট কাট
চিঞৰি উঠে ডাইৰেক্টৰে৷
: কোনে এনেকৈ বেবাইছে? এয়া ভাওনা নহয়তো৷ শ্বুটিং হয় ভাই৷ – ডাইৰেক্টৰৰ খং৷ সেমেনা সেমেনি কৰি আছে ৰাইটাৰজনে৷ এক্টিং কৰাৰ একো এক্সপেৰিয়েঞ্চ নাই তেওঁৰ৷ স্ক্ৰিপ্ট লেখাৰ সুবাদতে ৰোলতো কৰিব খুজিছিল তেওঁ৷ একো নাই ফাৰ্ষ্টটাইম শ্বট এন জি হয়েই৷ মনতে ভাবে৷ ডাইৰেক্টৰৰ ইচাৰালৈ ৰেডী তেও৷
অলপ আতৰত ডাইৰেক্টৰৰ এচিষ্টেণ্টজনৰ মুখ ক’লা পৰা৷ আচলতে এই ৰোলটো সিয়েই কৰিব খুজিছিল৷ ৰাইটাৰতকৈ ভালকৈয়ো কৰিব পাৰিলেহেঁতেন৷ কিন্তু খিংখিঙিয়া ডাইৰেক্টৰক কোৱাৰ সাহস নাই তাৰ৷ কেলেহুৱা ডাইৰেক্টৰৰ ওপৰত খং উঠে তাৰ৷ এইখন মুৰা স্ক্ৰিপ্ত লিখিছে৷ প্ৰযোজকৰ বন্ধু নোহোৱা হলে ইমান দেৰি লাঠ মাৰি খেদিলেহেঁতেন৷

একচন !! আকৌ ডাইৰেক্টৰৰ টেঁটুফলা চিঞৰ৷ কেমেৰা ক্লোজআপ…

▲স্নেপশ্বট-৮
মৃতদেহ তিনিটা পৰি আছে৷ মুনে কান্দি আছে৷ জিতু আৰু বাবলুৰ হাতত বন্দুক
: ৰাজু¸ দীপু কি কৰি আছ তহঁতে৷ – বাহিৰৰ পৰা চিঞৰি মাতি আকাশ খুৰা সোমাই আহে৷ – স্প্ৰীঙৰ দৰে জপিয়াই থিয় হল মৃতদেহ তিনিটা৷ গাত ধূলি বালি৷ ৰক্তাক্ত ৰঙৰ দাগ চোলাত৷
আকাশ: জিতু¸ তঁহতে এইবোৰ কি কৰিছ? গাত ধূলি বালি কিয়? আৰু গাত এইবোৰ কি ৰঙা ৰং সানিছ৷ – আচৰিত হয় আকাশ৷ ৰাজু¸ বিতুৰ গাৰ ৰঙবোৰ হাতেৰে চুই চালে৷
মুন: আমি খেল খেলিছো খুৰা৷ – দৌৰি আকাশৰ কাষলৈ আহে৷ শিশুসুলভ কণ্ঠ৷
আকাশ: খেল? কি খেল? – আচৰিত হোৱা ভংগী তাৰ
জিতু: আমি টেৰ’ৰিষ্ট টেৰ’ৰিষ্ট খেলিছো খুৰা৷
আকাশ: কিইইই টেৰ’ৰিষ্ট? – দুচকু বহল তাৰ, বিস্মিত চাৱনি৷
ৰাজু: সদায় একেবোৰ খেল খেলি আমনি লাগিছে বাবেহে খেলিছো খুৰা৷ – কৈফিয়ৎৰ সুৰ কণ্ঠত৷
আকাশ: তহঁতে টেৰ’ৰিষ্ট কি জান? – কণ্ঠ গভীৰ
জিতু: গুলিয়াগুলি¸ মাৰ্ডাৰ¸ ব’মব্লাষ্ট…৷ – আকাশৰ মুখলৈ চাই কয়
আকাশ: নহয়¸ টেৰ’ৰিজম এটা ডাঙৰ সমস্যা ৷ ই আমাৰ দেশৰ বৰবিহস্বৰূপ৷ টেৰ‘ৰিজমে কোনো এখন দেশ ধ্বংস কৰি পেলাব পাৰে৷
দীপু: বাপৰে…৷ – মুখত হাত দিয়ে৷ বাকীবোৰেও
আকাশ: শুনা তোমালোকে৷ – আটাইকে ওচৰলৈ মাতে৷ কাষচাপি আহে সৰু লৰাকেইটা৷
কেমেৰা ক্লোজআপ৷ আকাশৰ মুখত ফ’কাছ৷ আকাশৰ মুখ গম্ভীৰ৷ কণ্ঠ উদাত্ত৷
আকাশ: টেৰ’ৰিজম বা সন্ত্ৰাসবাদ কোনো ধেমালি নহয়৷ ই সমাজৰ মেলেৰীয়া সদৃশ মহামাৰী স্বৰূপ৷ সন্ত্ৰাসবাদে সমাজলৈ অস্থিৰতা আনি দিছে৷ দেশ কৰিছে দুখীয়া¸ অনুন্নত৷ জনসাধাৰণক কৰিছে জুৰুলা¸ মানুহক কৰিছে অমানুহ৷ সমাজক বিয়পাইছে বিভীষিকা৷ গতিকে তোমালোকে সন্ত্ৰাসবাদৰ মাজত নোসোমাবা৷ কিয়নো তোমালোকেই সমাজৰ মাজৰ পৰা আঁতৰাব লাগিব সন্ত্ৰাসবাদ৷
কাট কাট !!
ডাইৰেক্টৰৰ টেটুফলা চিঞৰ৷ উচপখাই উঠে আকাশৰূপী ৰাইটাৰ৷
হেৰি গোঁসাই¸ নমস্কাৰ কৰিছোঁ৷ অলপ ভাল কৰকনা এক্সপ্ৰেচন৷ এই বাচ্ছাকেইটাই ভাল কৰিছে৷ আপুনি অলপ ট্ৰাই কৰক৷ খিঙখিঙীয়া ডাইৰেক্টৰে চিনটো বুজাই তেওক৷ পেটে পেটে খং উঠে ৰাইটাৰৰ৷ লাজো লাগে৷ একো নাই বাৰু৷ ফাৰ্ষ্ট টাইমটো৷ নেক্সট এই কেলেহুৱা ডাইৰেক্টৰকে নলয়৷ প্ৰযোজক তেওঁৰ বন্ধু৷
– এতিয়া বুজিছেনে৷ – তপা মুৰটো চুই সোধে ডাইৰেক্টৰে৷ ৰাইটাৰে মুৰ দুপিয়ালে৷
এই আনপ্ৰফেচনেল মানুহৰ লগত এয়ে দিগদাৰ৷ বহুত বুজাব লাগে৷ আৰে ভাই ৰাইটাৰ মানুহ স্ক্ৰিপ্ট লিখি থাক না¸ কেমেৰাৰ সমুখলৈ কিয় আহিব লাগে! পেটে পেটে হাঁহিও উঠে ডাইৰেক্টৰৰ৷

▲স্নেপশ্বট-১০
আকাশক আবৰি সৰু লৰা কেইটা ৰৈ থাকে৷ আকাশে কৈ থাকে৷
আকাশ: এইটো পেলাই দিয়া৷ ই কোনো সমস্যা সমাধান নকৰে¸ বৰং ই সমস্যা জটিলহে কৰি তোলে৷ আৰু এইবোৰেই সন্ত্ৰাসবাদত অৰিহনা যোগায়৷ গতিকে তোমালোকে এইবোৰ হাতত নলবা পেলাই দিয়া৷ – জিতুৰ হাতৰ পুতলা পিষ্টলটো আঙুলিয়াই কয় আকাশে৷
সৰু লৰাকেইটাই পুতলা পিষ্টল দলিয়াই দিয়ে৷
কেমেৰা ক্লোজআপ: আকাশৰ লগতে সৰুলৰা কেইটা ফ’কাছ৷
আকাশ: বেছ এতিয়া তোমালোকে কাণত ধৰি শপত খোৱা৷ – আটাইকেইটা লৰাই কাণত ধৰে৷ আকাশৰ লগে লগে কৈ উঠা বহা কৰে৷
“আমি আজিৰ পৰা সন্ত্ৰাসবাদ নেখেলোঁ৷ আমি বুকুৰ তেজেৰে হাত ৰাঙলী কৰিব নিবিছাৰোঁ৷ আমাক সন্ত্ৰাসবাদ নালাগে৷ আমি মানুহ হব খোজোঁ৷ ’
প্ৰতিধ্বনিত হৈ থাকে কথাখিনি৷ সৰু ল’ৰাকেইটা ফ্ৰিজ হৈ থাকে৷
ক্লোজআপ কেমেৰা৷ আকাশ ফ’কাছ৷
আকাশ: আজিৰ পৰা…আজিৰ পৰা তোমালোকে গুলিয়াগুলি¸ সন্ত্ৰাসবাদ নেখেলিবা৷ তাতকৈ তোমালোকে এই নীলা আকাশখনলৈ চাবা৷ তেতিয়া তোমালোকৰ মনবোৰ আকাশৰ দৰে বিশাল হব আৰু তোমালোকে হাতত পুতলা পিষ্টল লোৱাৰ সলনি ফুল তুলি লবা৷ চোৱাচোন ফুলবোৰ কিমান ধুনীয়া৷

(কেমেৰা ঘূৰিব৷ ফ‘কাচ এখন সৰু ফুলনি৷ নেক্সট ফ’কাচ আকাশখন৷ সন্ধিয়াৰ ডুবিব ধৰা ৰঙা বেলিটো ফ’কাচ)

আকাশ: গধূলি হল৷ এতিয়া ঘৰলৈ বলা৷ তোমালোকে পঢ়াশুনা কৰাগৈ৷ তোমালোকেই আমাৰ ভবিষ্যত৷ ভালদৰে পঢ়াশুনা নকৰিলে মানুহ হবা কেনেকৈ! আৰু মানুহ হব নোৱাৰিলে সমাজৰ পৰা সন্ত্ৰাসবাদ বিভীষিকা আঁতৰাবা কেনেকৈ! – সৰু লৰাকেইটাক সাবটি প্ৰস্থানৰ ভংগীত ফ্ৰিজ হৈ যায়৷

(অলপ সময় নিৰবতা)

: এক্সেলেণ্ট এক্সেলেণ্ট৷ ক্লেপ ক্লেপ৷ – ডাইৰেক্টৰৰ চিঞৰৰ লগেলগে অসংখ্য হাততালি৷ দৌৰি আহিল ডাইৰেক্টৰ৷ মুখত তেওৰ সন্তুষ্টি৷

ডাইৰেক্টৰ: চুপাৰ হিট৷ চুপাৰ ডুপাৰ হিট৷ গুড জব৷ ৱেল ডান অল৷ পেকআপ- ডাইৰেক্টৰ খুচ সকলোৰে কামত৷
ৰাইটাৰৰ চকুত চিকমিকনি৷ যাহওক প্ৰথম প্ৰজেক্ট কমপ্লিট৷ ডাইৰেক্টৰক হঠাতে ভাল লাগি যায় তেওঁৰ৷
ইতিমধ্যে কেমেৰামেন¸ লাইটমেনে সামৰিছে৷ সৰু লৰাকেইটাৰ অভিভাবক কেইজনে ডাইৰেক্টৰক ধন্যবাদ দিছে৷ ৰাইটাৰৰ শলাগ লৈছে৷ আমন-জিমনকৈ চাই আছে এচিষ্টেণ্টজনে৷ কোনেও তাক পাত্তা দিয়া নাই৷ ডাইৰেক্টৰে লক্ষ্য কৰে৷ তেওঁ অভিজ্ঞ ৷ তেওঁ হাত বাউলি এচিষ্টেণ্টজনক কাষলৈ মাতিলে ৷

: চিন্তা নকৰিবা¸ ফিল্ম এণ্ডিঙৰ ৰিচাইট খিনি তুমি কৰিবা৷ তাৰ হাতত এটা পেজ দিয়ে ৷ শেষ মুহুৰ্তত ডিচিছন লৈছে এয়া ফিল্ম মজা হব৷ হঠাতে এচিষ্টেণ্টৰ ভাল লাগে৷ যাহওক ডিৰেক্টৰ চাৰে তাৰ ভইছটোকতো ফিল্মত লব৷

উপসংহাৰ: প্ৰিয় দৰ্শক এয়া আছিল নিকম্মা কাশ্যপৰ কাহিনীৰ নাট্যৰূপ৷ ডাঢ়ি নগজোতে টেনত পঢ়ি থাকোতেই ২০০২ চনতে স্কুল উইকত নাটক কৰিছিল৷ পুতলা বন্দুকৰ শিশুমনত প্ৰভাব… নিকম্মাই বেছি নাজানে৷ হয়তো এনেদৰেই এচিষ্টেণ্টে ৰিচাইট কৰিব লগা স্ক্ৰিপ্তখন থাকিব লাগিছিল৷ নতুনকৈ এইতো লাইনত আহিছে সি৷ বেচেৰাই নাজানিলে যে তাৰ ৰিচাইটখিনি মুল ছবিত নাথাকিবই৷ দি এণ্ড৷ ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক