বিভোৰ বসন্তৰ ৰাগ – মধুমিতা বৰুৱা শইকীয়া

জামুৰঙী চাদৰ মেখেলাযোৰ উলিয়াই লৈয়ো, তৰা থমকি ৰ’ল এবাৰ৷ পিন্ধিব জানো কাপোৰজোৰ? অৱশ্যে পূৰণা যদিও আজিও দহখন বুটিকৰ শেহতীয়া ফেশ্বনেৱল কাপোৰৰ লগত নিশ্চিতভাৱে ফেৰ মাৰিব পৰা কাপোৰ এইযোৰ৷ জিলিকা তৰা বচা কাপোৰজোৰ আগতে তাইৰ গাৰ ৰঙৰ সৈতে মিলি পৰিছিল৷
এবাৰ ৰগৰ কৰি সৌৰভেও কৈছিল, আইনা চাব নালাগে দিয়া, কাপোৰ আৰু পিন্ধোতাৰ great co- ordination, মানে ধৰা সাংঘাতিক মণিকাঞ্চন সংযোগ৷ অকণমান হলেও এটা নাৰ্চিছাচ উন্মাদনাই তাইক চুই গৈছিল৷ আন বহুতেও কৈছিল প্ৰশংসা সুলভ নানা কথা৷ অৱশ্যে মনপছন্দৰ কাপোৰজোৰ৷ পিন্ধি কোনোবাই কিবা কওক বা নকওক আইনাখনে কিন্তু তাইক প্ৰথমটো থামছ্আপ দিছিল৷
এতিয়া কথাবোৰ সলনি হ’ল৷ কপহুৱা চুলিতে নহয়, দেহাৰ মসৃণতাকো চুই গৈছে বাঢ়নী বয়স আৰু সময়ৰ দৈত্যকায় হাতে৷ কাপোৰবোৰে আজি কালি তৰাক তুলি নধৰে৷ তৰাই নিজেই অনুভৱ কৰিব পাৰে৷ আইনাই মিছা নকয়৷ আগতে থামছ্আপ দিয়া আইনাখনে যেন আজিকালি লাহেকৈ হাতদাঙি তাইক নিৰুত্তাপ সহাঁৰি এটা হে দিয়ে৷
তথাপিও আজিৰ কথা অলপ বেলেগ৷ সৌৰভৰ ভাগিনৰ বিয়া৷ আত্মীয় স্বজনৰ উপৰিও তেওঁৰ আৰু তৰাৰ প্ৰায় গোটেইবোৰ বন্ধুবৰ্গৰ সমাগম হব৷ অলপমান ভালদৰেই পিন্ধি উৰি যাব লাগিব৷ পাতলীয়া মেকআপখিনিৰে পাছে নিজকে বেয়া নেদেখিলে তাই৷ তাৰপাছত আহিল, খালী ডিঙিত কি পিন্ধিবনো বাৰু৷ বহুতে কয় আনকি কাষৰ ঘৰৰ ববী বাইদেৱে কওঁ নকওঁ কয়, কি খালী ডিঙি আৰু হাতৰে থাকা অ’৷ কিবা এডাল ডিঙিত থাকিব লাগে আচলতে৷ তাই শলাগি থয় যদিও নোৱাৰে৷ খজুৱতি ধৰা যেন লাগে৷ ওলাই মেলি গ’লে এণ্টিক জুৱেলাৰীৰ এপদ পিন্ধিয়েই কাম চলায় তৰাই৷ পাছে আজি পিন্ধিবই লাগিব কিবা এডাল সোণৰ গহনা এধাৰ৷ কিন্তু কোনো৷ এপদ সোণৰ গহনাই বিশেষকৈ ডিঙিৰ নেকলেচ জামুৰঙী কাপোৰ যোৰৰ লগত নিমিলিল৷ উপায়ন্তৰ হৈ তাই বহুত দিনৰ আগতে, হায়দৰাবাদত কিনা ব্লেক পাৰ্লৰ চেটটো উলিয়াই ল’লে৷ খোপাটো ওখকৈ বান্ধি তৰাই ডিঙিৰ ডাল হাতত ল’লে৷ তেতিয়া হে লাগিল আচল লেঠা টো৷ কোনোপধ্যেই তাই ডিঙিটোৰ পাছফালৰ হুকটো লগাব নোৱাৰে৷ কিবা কেৰেচীয়া হাকোটাৰ দৰে, হুকটো৷ আন্দাজমতে লগাবলৈও পিন্ধাৰ অভ্যাস থাকিলেহে একা৷ হাতখনো বিষায়, পাছফালে নিলে৷ গলধনত লাগি ধৰে আধাতে৷
ইতিমধ্যে, ধুনীয়া কাপোৰ কানি পিন্ধি উৰি, সৌৰভ ফিটফাট৷ বহুত দিনৰ মূৰত তাই সৌৰভ লৈ চালে, ধুনীয়া হৈ আছে৷ তৰাজনীহে কিয় জানো, জাধলী, নিজকে নিজে গালি এটা দিলে তাই৷ ডিঙিৰ নেকলেচডাল পাছত পিন্ধিম বুলি, লিপষ্টিক মিলোৱাত লাগিল কাপোৰৰ জামুৰঙী ৰংটিৰ লগত৷
ইফালে সৌৰভে উচপিচাই উঠিল , আজি হবগৈনে তোমাৰ৷ তাই ওলোটাই চিঞৰিলে,
… হেৰা, ডিঙিৰ নেকলেচডালৰ পাছফালৰ হুকটো লগায় দিয়ানা৷ সৌৰভ অকণমান বিৰক্ত হ’ল যদিও আহিল আৰু৷ এইবোৰ কামত আগতে, মুনমা লাগিছিল৷ জোৰ জবৰদস্তি তৰাক ষ্টাইল কৰিবলৈ বাধ্য কৰিছিল৷ এতিয়া উকা ঘৰখন৷ তাই বাহিৰত থকা বছৰচেৰেক হ’ল৷
কেতিয়াবা সময়বোৰ অসহনীয় হৈ উঠে৷ ঘৰখনত এতিয়া নিৰ্জনতাই দিনলিপিৰ অনাহুত দান৷
সৌৰভে বুজি পালে, তৰাৰ ডিঙিৰ নেকলেচডালৰ হুকটো লগাবলৈ তাৰ বাহিৰে কোনো নাই৷ এই কথাবোৰ সৌৰভে আমনি পায়, আদা বেপাৰীৰ জাহাজৰ খবৰৰ দৰে, তৰাই কি ৰঙৰ কাপোৰ পিন্ধিব, কোনডাল নেকলেচ পিন্ধিব তাত সৌৰভৰ৷ কোনো মাথা বেথা নাই৷ তৰাৰ সেইটোৱেই আপত্তি, সৌৰভৰ এনেকুৱা ৰোমাণ্টিক চেন্সয়েই নাই৷ আগতে আছিল কিন্তু অলপ৷ আজিকালি যে, নামমাত্ৰ ও জীবনবিলাস নাই৷
…হেৰা দিয়া, দিয়া কিহৰ হুক লগাই দিব লাগে৷ সৌৰভ তৎপৰ হৈ উঠিল৷ সোনকালে গ’লে পূৰণি মানুহবোৰ লগ পাব পাৰিব৷
খপজককৈ তৰাই নেকলেচডাল সৌৰভৰ হাতত দি ডিঙিটো আগবঢ়াই দিলে৷ অচিন আবেগ এটাই তাইক চুই গ’ল৷ ইস্ কিমান দিনৰ মূৰত আজি সৌৰভে আহি তাইৰ শৃংগাৰত সহায় কৰিছে৷ পলকতে এটা ভাললগাই তৰাক বিনোদিনী কৰি তুলিলে৷
…..অহ, তোমাৰ ডিঙিত অৱশ্যে বয়সৰ আচোঁৰ বৰকৈ পৰা নাই অ তৰা৷ ৰঙটোৱে বগী কৰি থৈছে যে৷ কথাখিনি একান্ত সাধাৰণনভাৱেই কৈছিল যদিও তৰাৰ বুকুখন ভৰি পৰিল৷ এনেকুৱা এষাৰ কথা নুশুনাযে কিমান বছৰ হ’ল৷ প্ৰাত্যহিকতাই কাঢ়ি নিছিল জীৱনৰ আবেগৰঙীন ক্ষণ আৰু বিমুগ্ধ বসন্ত যেন লগা অনুভৱ বোৰ৷ ডিঙিৰ নেকলেচডালৰ হুকটোকে ধন্যবাদ দিবলৈ মন গ’ল তৰাৰ৷
হ’ল দিয়া লগায় দিলো হুক, এতিয়া আৰু আইনাৰ আগত দেৰী কৰি থাকিব নালাগে৷ ৰূপহী হৈ থকাৰ হেঁপাহ এটাই এতিয়াও তোমালোকক এতিয়াও বিন্ধি থাকে নহয়……
হৈছে, হুক ডাল লগায় দিলা বুলিয়েই ইমান লেকচাৰ দিব নালাগে৷ পৃথিৱী উদ্ধাৰ কৰা নাই দিয়া৷
অৱশেষত খপজককৈ তৰা গাড়ীত বহিল৷ দূৱাৰখন আধাখোলাকে থৈ, গাড়ীৰ গ্লাচখন মোহাৰিবলৈ ধৰিলে৷ গাড়ীৰ লাইটটো জ্বলি থকাত তৰাই আকৌ এবাৰ নিজৰ বেশভূষাখিনি শেষ বাৰলৈ চাই ল’লে৷ গোমা ফাগুণৰ দৰে মনটো জামৰি গ’ল তৰাৰ৷ অলপ অলপ কেটেৰেক্ট আৰম্ভ হবলৈ ধৰা সৌৰভৰ চকুৱে নমনিলে নেকি, হুকটো ওলোটাই লগালে নেকলেচডালৰ৷ ফলত কুহুমবুলীয়া পেনডেণ্টটো, ওলোটা হৈ থাকিল৷ অৱশ্যে মন নকৰিলে সতকাই কাৰো চকুত নপৰে৷ ওলোটাফালেও আছে সূক্ষ্ম কাজ কৰা৷
তৰাই শৃংগাৰৰ মধুৰতাখিনি নষ্ট কৰিবলৈ নিবিচাৰিলে৷ প্ৰশান্ত মনৰে, নিজৰ লগ বন্ধুক লগপাবলৈ উচপিচায় থকা সৌৰভকো মনত পেলাই দিবলৈ মন ন’গল তেওঁৰ বাঢ়ি অহা বয়সৰ অৱধাৰিত প্ৰভাৱৰ কথা৷ একো নাই, জীৱন এনেকুৱাই৷ মনৰ বৈভৱক, দাম্পত্য জীৱনৰ মাধুৰীমাক বয়সে গৰকিব নোৱাৰে৷ নেকলেচ ডালৰ ওলোটা হুকটো আচলতে এটা মিঠা উন্মাদনাহে৷
দূৱাৰখন বন্ধ কৰোঁতে নুমাই গ’ল গাড়ীৰ ভিতৰত লাইটটো৷ লাইটৰ পোহৰখিনি তেতিয়া তৰাৰ মন আকাশৰ বিজুলী হৈছিল৷ কোমল সুগন্ধিৰ পাতলীয়া সুবাসত তেতিয়া বিভোৰ বসন্তৰ ৰাগ৷

**

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক