বিভ্ৰাট (দিগন্ত যাদৱ শৰ্মা)

ধেৎতেৰি এনেকুৱা সময়তেহে ‘ক্লাছ’ শেষ হ’ব পায়নে। শ্রেণী কোঠাটোত দুখন দুৱাৰ, এখন আগফালে, এখন পিছফালে। বাহিৰত পিছফালৰ দুৱাৰখনত পিঠিখন ভেজা দি বিমানে লগৰ তিনিজনৰ লগত বেঞ্চিখনত বহি আছিল। ভিতৰৰ পৰা খিলিটো লগাই থোৱাত সিহঁতৰ সুবিধাই হৈছিল। স্নাতক শ্রেণীৰ ‘ক্লাছ’ চলি আছিল। কিন্তু সিহঁতে নজনাকৈ ‘ক্লাছ’টো শেষ হ’ল। ছোৱালী কেইজনীমানে ভিতৰৰ পৰা দুৱাৰখন খুলি দিয়াত বিমান গৈ ছোৱালী এজনীৰ গাতে ধলি পৰিল। লগেলগে বিমানে অবশ্যে পৰিবেশটো উপভোগ কৰিলে। মুখেৰে কিবা এটা ভোৰভোৰাই ছোৱালীজনীয়ে তাক আগফালে ঠেলি পাৰ হৈ গ’ল। দুজনীমানে তালৈ পোন্দোৱাকৈ চাই গুছি গ’ল। লাজতে মুচকচ যোৱাৰ উপক্রম হ’ল তাৰ। কোনোমতে নিজকে চম্ভালি লোৱাৰ আগতে দত্ত ছাৰৰ সন্মুখত পৰিল। উস্ ৰাম আজিহে এই গোটেইবোৰ হ’বলৈ পায়নে? তলমুৱা হৈ কোনোফালে নোচোৱাকৈ চিৰিৰে নামি চিধা ‘কেন্টিন’ৰ ফালে চেকুৰ ধৰিলে। বিমানে ‘ট্রিগ’নোমেট্রি’ৰ ‘ক্লাছ’টোলৈ অপেক্ষা কৰি আছিল। নহ’ল আৰু কৰা। কেনেকৈনো আৰু আগৰ ঠাইলৈ ঘুৰি যায়। আকৌ যদি দত্ত ছাৰৰ সন্মুখতে পৰে।

কেইদিনমান আগতে দত্ত ছাৰৰ ইংৰাজী ক্লাছত যিখনহে হ’ল! সেইকাৰণে আজি বিমানে ‘ইংৰাজী ক্লাছ’টো কৰিব আহি দত্ত ছাৰক দেখি শ্রেণীকোঠাতে নোসোমাল। তাৰ দৰে আমাৰ দুজনমানৰো সেই একেই অৱস্থা। বিমান, আমি সেই সময়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্র। বিমান, আমি কেইবাজনো কাষতে থকা অসমীয়া মাধ্যমৰ বিদ্যালয়খনতে পঢ়িছিলো। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ কাষৰ মহাবিদ্যালয়খনতে পঢ়িবলৈ সুযোগ পাইছিলো। ল’ৰাৰ স্কুলৰ পৰা আহি ছোৱালীৰ লগত ‘ক্লাছ’ কৰিবলৈ ভালেই লাগিছিল। তেতিয়াতো আজিৰ দিনবোৰৰ দৰে নাছিল। সৰস্বতী পূজাত গুৰু-গোসাই নমনা জনো একো একোজন মহাভক্ত হৈ পৰে। বাপৰে কোনোবা এজনীৰ কাষত অঞ্জলি ল’বৰ বাবে কি হেতাওপৰা। অঞ্জলি ল’বৰ বাবে পুৰোহিতে দিয়া ফুল বেলপাতবোৰ কোনোবা এজনীৰ কেশতহে শোভাবর্ধন কৰে। গোসানীলৈ দলিয়াব লাগে যদিও কিছুমানৰ চকু কাৰোবাৰ কেশৰ ওপৰতহে থাকে। গতিকে ফুল বেলপাত গোসানীয়ে নাপাইগৈ। কোনোবা এজনীৰ লগত মাতবোল কৰিলেই পন্ডিতৰ তাত চাহ-চিঙ্গৰা খুৱাব লাগিছিল। মাতবোল বাদেই ‘প্রেক্টিকেল ক্লাছ’ বোৰত যেতিয়া ছাৰসকলে দুজন দুজনকৈ ভগাই দিয়ে, আমাৰ কোনোবা এজনৰ লগত যদি এজনী পৰিল… আৰু কোনে পায়। কেইবাদিনলৈকে চর্চাৰ কেন্দ্রবিন্দু হৈ থাকে। কিন্তু মাজে মাজে খেলিমেলি হৈ যায়।

যেনে সৌসিদিনাখনৰ কথা, দত্ত ছাৰৰ ইংৰাজী ক্লাছ। দত্ত ছাৰ খুব ‘প্রিন্সিপ’ল’ৰ মানুহ। তেওঁৰ যি নীতি বা আদর্শ, তেওঁক সমীহ কৰি নচলা লোক নাই বুলিলেই হয়। তেঁও অসমীয়াত কথা ক’লে মাজত এটাও ইংৰাজী বা অইন শব্দ নকয়, অইনে কলেও সহ্য নকৰে। ঠিক তেনেকৈ ইংৰাজী কলেওঁ তাৰ মাজত অসমীয়া শব্দ নকয়। এনেয়ে ঠিকে আছে, ক্লাছত খুব সুন্দৰকৈ বুজাই থাকে। বৰকৈ প্রশ্ন সোধাপোচা নকৰে, গতিকে আমিও বিপদত পৰা নাই। বিপদমানে আমি অসমীয়া মাধ্যমৰ পৰা যোৱাকেইটাই সলসলীয়াকৈ ইংৰাজী ক’ব নোৱাৰো। ইংৰাজীত কিবা এটা উত্তৰ দিবলৈ হ’লে প্রথমতে অসমীয়াত ভাবিব লাগিব, তাৰ পিছত ইংৰাজীলৈ তর্জমা কৰি মুখৰ পৰা নির্গত হোৱালৈকে ঠাণ্ডাৰ দিনতো জ্বৰে ঘামাৰ নিচিনাহে হয়গৈ। ক্লাছ চলি আছে। বিমানে পিছৰ বেঞ্ছত বহি ১৭৭ৰ ‘চাইদ ভিউ’ চাই আছিল। ১৭৭ মানে তেতিয়া ৰোল নম্বৰবোৰেৰেই কিছুমানক বুজাইছিলো। ছোৱালীজনীক বৰ ভাল লাগে তাৰ। ভাল লাগে মানে, বছ সিমানেই আৰু। মাতিবলৈও চেষ্টা কৰা নাই। অলপ ‘কঞ্জুচ’ও সি, মাতিলে কিজানি লগৰবোৰক পন্ডিতৰ তাত ‘পাৰ্টি’য়ে দিব লাগে। গৰমৰ দিন, হঠাতে বিজুলী গ’ল। পাঙ্খা বোৰ নুঘূৰাত আৰু পিছফালৰ দুৱাৰখনো বন্ধ থকাত চাৰে কোঠাত বতাহ সোমাবলৈ পিছফালে বহি থকা বিমানকে ক’লে-
“Hey you! Please open the door”
বিমানৰ বুকুৰ ঢপঢপনি আৰম্ভ হৈছিলেই। তথাপিও দুৱাৰ খোলা সমস্যাটোত ইংৰাজীত প্রতি উত্তৰ দিবলগীয়া নোহোৱাত সাময়িকভাবে স্বস্তিৰ নিশ্বাস পেলালে। কিনো আৰু দুৱাৰখন খুলি দিলেই হ’ল। লগত ভাল কথা এটাও হ’ল, ১৭৭য়ে তালৈ এবাৰ চালেওঁ। দুৱাৰ খুলিবলৈ খিলিদুটাত হাত দিওঁতেহে দেখিলে, দুৱাৰখন দেখোন বাহিৰ ফালৰ পৰাহে বন্ধ হৈ আছে। ইতিমধ্যে চাৰেও বাকী থকা ইংৰাজী পাঠটো বুজাবলৈ আৰম্ভ কৰি দিছিল। কিন্তু তেতিয়ালৈকে দুৱাৰখন খোল নোখোৱাত, বিমানকো সেমেনাসেমেনিকৈ ঠাইতে থিয় হৈ থকাত চাৰে আকৌ ক’লে।
“What happened… open the door.”
ধানবনা কলৰ দৰে বিমানৰ বুকু ঢপঢপাব ধৰিলে। এইবাৰহে এইবাৰ, সি অসমীয়াতে ভাবি ল’লে কি ক’ব। কিন্তু সি বাহিৰ ফালৰ পৰা দুৱাৰ বন্ধ হৈ থকা কথাটো কেনেকৈ ইংৰাজীত কব, ওলাই অহা নাই। ইফালে দত্ত ছাৰক জানেই, ছাৰক ইংৰাজীতহে উত্তৰতো দিব লাগিব। তাতেই আকৌ ছোৱালীবোৰ আছেই। কিবা ওলট-পালট কৰিলেই মান ইজ্জত সোপাকে শেষ হ’ব। অৱশেষত মনটোক বহুত কাকূতি-মিনতি কৰাত মুখৰ পৰা ওলাই আহিল আমাৰ সেই সময়ত বিখ্যাত হৈ পৰা “অসমীয়াৰ পৰা ইংৰাজীলৈ” অনুবাদটো…
“Sir, the door is holiday from outside.”
এই গোটেই ঘটনাটোৰ সাৰমৰ্ম আছিল এইটোৱেই যে ভালকৈ ইংৰাজী কব নোৱাৰিলেওঁ দত্ত ছাৰৰ দৰে মানুহ এজনক তভক খুৱাই দিব পাৰি। কিয়নো চাৰেও অলপ সময়ৰ বাবে হলেও মুখৰ মাত বন্ধ কৰি দিছিল। কিন্তু কেইজনীমানে মুখটিপি হাঁহি থকা কথাটোৱেহে তাক ছাৰৰ ক্লাছ কৰিবলৈ বাৰণ কৰি থৈছিল। বিমানে ১৭৭ৰ লগত পিছৰ বাৰ সৰস্বতী পূজাত একেলগে অঞ্জলি ল’ম বুলি ভাবি থকা কথাটোৰ সিমানতে ইতি পেলাইছিল।

বিমানৰ আৰু এষাৰ বিখ্যাত উক্তিৰ কথা এতিয়াই নক’লে পিছলৈ পাহৰিবওঁ পাৰো। উচ্চতৰ মাধ্যমিকৰ শেষান্ত পৰীক্ষালৈ চাৰিমাহ বাকী থকা অৱস্থাত বিমানৰ বোধ হ’ল যে ৰসায়ন বিজ্ঞানৰ দুটামান অধ্যায়ত সি অলপ কেঁচা। আমাৰ মহাবিদ্যালয়ৰে এজন অধ্যাপকে ঘৰতে শিকাই বুলি জানি ঘৰ বিচাৰি ওলালেগৈ। ছাৰৰ ঘৰ বিচাৰি গৈ দেখে যে দুৱাৰত তলা। সুধিবলৈ কাষতে লাগি থকা ঘৰটোৰ ‘কলিং বেল’টো বজালে। কোনোবা এজনী ওলাই আহিল। তেঁও বঙালী ভাষী আছিল বোধকৰো, বিমানক সুধিলে-
“কাকে চাইছেন?”
বিমানে ছাৰৰ ঘৰটোলৈ আঙুলিয়াই উত্তৰ দিলে-
“অখন ইছ ঘৰমে কোনো নেহি হ্যায় নেকি?”

(বিঃদ্ৰঃ আমি স্কুল-কলেজত পঢ়া সময়ৰ পটভূমিত লিখিলো। কিবা মিল পোৱা গ’লে সেয়া কাকতালীয় বুলিহে ভাবিব।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক