বিভ্ৰাট ( প্ৰণিতা বৰুৱা )

Bibhrat_Pranita Barua

“হেৰী দুৱাৰ খিৰিকীবোৰ খুলিছে কেলেই, চব জপাই থওঁক” – হাজৰিকানীয়ে গিৰীয়েকক ক’লে।

“এহ, এই ৰাতিপুৱা সময়ত দুৱাৰ খিৰিকী নুখুলিম নেকি? অদ্ভূত কথা বোৰ যে কৈছা”। হাজৰিকাই ভেকাহি মাৰি উঠিল।

“ৰাতি পুৱাই হওঁক বা ৰাতিয়েই হওঁক আজিৰ পৰা আমাৰ ঘৰৰ দুৱাৰ খিৰিকী অনবৰত বন্ধ হৈ থাকিব। এয়া মোৰ অৰ্ডাৰ। এনেয়ে দেখোন লোকৰ আগত মোক খুব গৃহমন্ত্ৰী বুলি কৈ থাকে। গতিকে এয়া মোৰ শেষ কথা”। হাজৰিকানীয়ে গপচত ক’লে। হাজৰিকাই কথাবোৰনো কি হৈছে ধৰিবই পৰা নাই। এনেয়ে হ’লে ৰাতিপুৱাই গৃহমন্ত্ৰীয়ে কাম গতাই দিব, খিৰিকীবোৰ খোলা, পৰ্দা কেইখন আঁতৰাই দিয়া, অমুকটো কৰা, তমুকটো কৰা।

“এনেয়ে নকয়, দেৱতায়ো বুজি নাপায় নাৰীৰ মহিমা, মইনো এই সামান্য মুনিহে ক’ত বুজি পাম”_ হাজৰিকাই ভোৰভোৰালে।

হওঁতে কথাটো অলপ বেলেগ হৈছে যোৱাকালিৰ পৰা। যোৱামাহত বিয়া হোৱা একমাত্ৰ ছোৱালীজনী কালি ঘৰলৈ আহিছে। অকলে। জোঁৱাই বা কিয় নাহিল? আগৰ বাৰ আহোঁতে জোৱাঁয়ে অনা মাছ দকচি খাই হাজৰিকাই তিনিদিনলৈ বিচনা আৰু বাথৰুমৰ মাজত তাঁতবাতি কাঢ়ি থাকিবলগীয়া হৈছিল। পিছে, এইবাৰচোন জীয়েকে তেওঁক ভালদৰে মতাই নাই। অৱশ্যে এনেয়েও হাজৰিকাই ঘৰখনত জীয়েক, পুতেক, ঘৈণীয়েকে কোনে কি কৰিছে বিশেষ গম নাপায় আৰু গম পাবলৈ চেষ্টাও নকৰে। সিহঁতৰ কথাৰ মাজত সোমাবলৈ গৈ তেওঁ ভাল শিক্ষা পাই থৈছে। সেয়েহে বাহিৰত যদিও তেওঁক সকলোৱে সিংহ বুলি ভাবে, ঘৰত কিন্তু তেওঁ দুৰ্গাৰ পদানত সিংহটোহে।

ছোৱালীজনীৰ বিয়াখন সাত দিনৰ ভিতৰতে ধুমধামেৰেই পাতিছিল। মাজনীয়ে ল’ৰাৰ চাকৰি ভাল বুলি কোৱাত তৰোপৰি টিকনি মৰা লেটেষ্ট ষ্টাইলৰ সেয়ে বেছি দেৰী কৰিলে ল’ৰা হেৰুৱাবলগীয়া হ’ব বুলি ভাবি মাক জীয়েকৰ হেঁচাত সাত দিনতে দৌৰাদৌৰিকৈ ছোৱালীজনীৰ বিয়া দিলে।

হাজৰিকাই উঠি আহি বহাকোঠাৰ চোফাখনত বহিল। অলপ সময় পিছতে হাজৰিকানীয়ে চাহ দুকাপ লৈ হাজৰিকাৰ ওচৰতে বহিল। হাজৰিকাৰ মনটো ভাল লাগিল। হওঁক তেও, আজি বহু বছৰৰ পিচত পত্নীৰ সৈতে ৰাতিপুৱাই একেলগে চাহ একাপ খাব পাৰিব।

“হেৰী, আপুনি কথাটো মন কৰিছেনে নাই”?

হাজৰিকা উচপ খাই উঠিল, “কি কথা”?

“মাজনীয়ে চোন যোৱাকালি অহাৰ পৰাই মন চন মাৰি আছে। মই অথনি জগাবলৈ যাওঁতেও হুকহুকাই কান্দিছে। মই ইমান সুধিলোঁ কি হৈছে ক’, তাই ভালদৰে একো নকয়”। হাজৰিকানীয়ে ক’লে।

“তুমি তাইক কিবা কথা টানকৈ কৈছিলা নেকি”? হাজৰিকাই সুধিলে।

“কি কয়হে আপুনি? মই তাইক আজিলৈকে কিবা কথা টানকৈ কৈ পাইছোঁনে? তাই পিছে মুখেৰে ভোৰভোৰাই আছে সকলো বোলে আপোনাৰ কাৰণেই হ’ল”। হাজৰিকানীয়ে আক্ষেপৰ সুৰত ক’লে।

“আও, মোৰ কাৰণে কি হ’ল? হেৰা, তাইৰ বিয়াৰ খানাৰ কথা এতিয়াও অফিচৰ মানুহে শলাগে। তাইক দিয়া গহনা খিনিৰ কথা এতিয়াও ওচৰ চুবুৰীয়াই বখানে। মোৰ ক’ত ভুল হ’ল কোৱাচোন”। হাজৰিকাই হাজৰিকানীলৈ চাই ক’লে।

“সেইবোৰতো সকলো ঠিকেই আছে। কিন্তু আমাৰ এটা ডাঙৰ ভুল হৈ গ’ল বুজিছে। বেচেৰীয়ে সেই কাৰণে এতিয়াও কান্দি আছে। সেই কাৰণেই মই দুৱাৰ খিৰিকী খুলিবলৈ হাক দিছোঁ। কেনেবাকৈ ওচৰ চুবুৰীয়াই গম পালে বৰ লাজ লগা কথা হ’ব”।

“উ: ৰাম, কথাবোৰ ইমান পাক লগাই কোৱা কিয় হে? কি কোৱা সোনকালে কোৱা, মোৰ গা ধুবলৈ দেৰী হৈছে”_ হাজৰিকাৰ মনটো উচপিচ লাগিল।

“আপুনি তাইক সকলো দিলে, কিন্তু আচল কামৰ বস্তুটো নিদিলে”।

“কি”? হাজৰিকাই চিঞৰি উঠিল।

“ইষ্মাৰ্ট ফোন। আপুনি তাইক বোলে ইষ্মাৰ্ট ফোন এটা দিলে তাইৰ আজি এই দশা নহ’লহেঁতেন”।
হাজৰিকানীয়ে হুমুনিয়াহ কাঢ়ি ক’লে।

“কি কথা কৈছা হে? তাইক মই ধুনীয়া ৰঙা মোবাইল ফোন এটা দিছোঁৱেই দেখোন। ফোনো ষ্মাৰ্ট হ’ল নেকিহে”?

“আজিকালিৰ দিনত সেইবোৰ গাঁৱলীয়া ফোন চলে নেকি? তাই কৈছে, আপুনি যদি তাইক তেনে ফোন এটা আগতেই দিলেহেঁতেন, তাইৰ এমাহতে ঘৰলৈ ঘূৰি আহিবলগীয়া নহ’লহেঁতেন”।

“কি ষ্মাৰ্ট ফোন নিদিয়াৰ বাবেই তাই ঘৰলৈ ঘূৰি আহিলহে”? হাজৰিকা উচপ কাই উঠিল।

“অ’। তাই বোলে আৰু কেতিয়াও সেইখন ঘৰলৈ ঘূৰি নাযায়”। হাজৰিকানীয়ে চকুপানী টুকি ক’লে।

“হেৰা তাইক যদি তেনেকুৱা ফোন এটা লাগিছিলেই, মোক নক’লে কিয়? মই পঠিয়াই দিলোঁহেতেন নহয়। বিয়াখনত ইমান খৰছ কৰিছোঁ, গহনাই গাঁথৰিয়ে ইমানবোৰ বস্তু তাইৰ লগত দিছোঁ, ষ্মাৰ্ট ফোন এটা দিব নোৱাৰিমনে বাপেকটো হৈ”? হাজৰিকাই চিঞৰি উঠিল।

“কথাটো ময়ো তাইক কৈছিলোঁ। বোলো জোঁৱাইক যদি লাগে এতিয়াও তেনেকুৱা ফোন এটা কিনি পঠিয়াই দিওঁ। পিছে কথাটো হেনো অলপ বেলেগ”। হাজৰিকানীয়ে সৰু মাতেৰে ক’লে।

“বেলেগ? কি বেলেগ হে কথাটো”? হাজৰিকাই চকু পকাই সুধিলে।

“তাইক হেনো বিয়াৰ আগতেই এটা ইষ্মাৰ্ট ফোন দিব লাগিছিল। এতিয়া দিলেও হেনো একো লাভ নাই”।

“হেৰা, তাইক মাতা। তোমালোক মাক জীয়েকে কি জিলাপীৰ পাক লগাই আছা, মই একো বুজা নাই”। হাজৰিকাই খঙেৰে ক’লে।

কান্দি কান্দি মাজনী ওলাই আহিল।

“দেউতা, তুমি যদি মোক বিয়াৰ আগতেই এটা ষ্মাৰ্ট ফোন আনি দিলাহেঁতেন, ময়ো অলপ ষ্মাৰ্ট হলোঁ হেঁতেন আৰু এই অলগৰ্দ্ধটোৰ লগত বিয়াত বহিব লগীয়া নহ’লহেঁতেন”। তাই ফেঁকুৰি ফেঁকুৰি ক’লে।

“কি হ’ল কথাবোৰ মোক ভালকৈ বুজাই ক’চোন মাজনী”। হাজৰিকাৰ বুকুখন চিৰিংকৈ গ’ল।

“তাক যে কি কাম কৰে বুলি সোধাত ফেচবুক কৰে বুলি কৈছিল এতিয়াহে গম পালোঁ সেইটো চাকৰি তাকৰি একো নহয়”। এই বুলি তাই হুকহুকাই কান্দি পেলালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments