বিভ্ৰান্তি – দিগন্ত বৰা

’মুচি’য়ে জোতা মেৰামতি নকৰে, ‘মুচী’য়েহে কৰে। কেনেবাকৈ কৰাহেঁতেনো কঁঠাল গছৰ পুলি সকলোৱে ঘৰৰ ভিতৰতে ৰুই ল’লেহেঁতেন! ‘মুচী’বোৰ খাই মানুহবোৰ নৰখাদক হ’লহেঁতেন! গতিকে কঁঠালৰ ‘মুচি’টোক গছতে ৰাখক। মৰ্ত্যলৈ জোতা মেৰামতি কৰিবলৈ নমাই আনি এই কৰ্মত জড়িত মানুহৰ চাউল নাখাব!

দুয়োবিধ বিষাক্ত হ’লেও কোনো দেৱতাই ‘সাপ’ দিয়া নাছিল, ‘শাপ’হে দিছিল আৰু কোনো ‘শাপে’ ভেকুলী খোৱা নাছিল, ‘সাপে’হে খাইছিল।

সিদিনা মজিয়া সাৰিবলৈ ‘সোঁতা’ এটা বিচাৰোঁতে মায়ে নদীলৈ যাবলৈ ক’লে। মই বোলো, ‘সোঁতা’টো দেখোন ভিতৰতে আছিল! মায়ে বোলে, “ভিতৰত ‘সোঁতা’ নাই, ‘শোটা’হে আছে আৰু ব্ৰহ্মপুত্ৰ নদীতহে কেইবাটাও ‘সোঁতা’ আছে।”

ভাত খাই থাকোঁতে সিদিনা এওঁক ক’লো, “’সীতা’ এখিনি দিয়াচোন।”
এওঁ ক’লে, “পৰৰ পত্নীৰ প্ৰতি ইমান লিপ্সা যদি মোক বিয়া কৰাই মূৰটো কিয় খাইছা?”
মই ক’লো, “দাইলৰ ‘সীতা’ অকণমান বিচাৰোঁতে তোমাৰ ইমান কথানে! ভাতেই নাখাওঁ।”….বুলি উঠি অহাতহে এওঁ ক’লেঃ “নিজৰ মানুহজনে ‘সিটা’ নিবিচাৰি ‘সীতা’ক বিচাৰিলে কোন পত্নীৰ খং নুঠিব!”

বিয়াৰ আগতে এওঁক এদিন লগ কৰোঁতে পিন্ধি অহা ‘সাজ’যোৰ ভাল লগাত মই বোলো, “এই ‘সাঁজ’ খুউব ধুনীয়া লাগিছে।”
মোৰ কথা শুনি উচাট মাৰি এওঁ গুচি গ’ল। মই বোলো কি হ’ল! কিয় এনেকুৱা কৰিছা?
এওঁ ক’লে, “কাপোৰক ‘সাজ’ কয়, ‘সাঁজ’ নকয়। ‘সাজ’ পিন্ধে। ‘সাঁজ’ লাগেহে, পিন্ধিব নোৱাৰি।”

সৌ সিদিনাৰ কথা। সন্ধিয়া আমাৰ ঘৰলৈ অহা লগৰ এটাই ক’লে, “তহঁতৰ ঘৰত বৰ ‘ম’হ’ দেই! বহিবকে নোৱাৰি।”
মই বোলো, “তই হয় কণা হৈছ’, নহয় পগলা হৈছ’।”
সি বোলে, “আও। ‘ম’হে’ কামুৰিছে বাবেহে কৈছোঁ!”
মই বোলো, “ম’হে’ নাকামোৰে, খোচেহে আৰু তোক কামোৰাবিধ ‘মহ’ হে ‘ম’হ’ নহয়। ইমান ‘ম’হ’ থকাহেঁতেন ভালেই আছিল! লকডাউনত গাখীৰকে খাই থাকিব পাৰিলোঁহেতেন!”

আমাৰ গাৱঁৰ ল’ৰা এটা মটৰচাইকেল দুৰ্ঘটনাত ‘আঁহত’ হ’ল হেনো। বৰ আচৰিত হ’লো বুজিছেনে, কোনোকালে নোহোৱা-নোপজা এক ঘটনা!
লগে লগে মানুহঘৰ পালোঁগৈ। দেউতাকক মাতি আনি মই বোলো, “ৰামায়ণ-মহাভাৰততহে এনেকুৱা কথাবোৰ শুনিছিলো। কিনো কৰিব, সকলো তেৰাৰ লীলা!”
দেউতাকে বোলে, “এইবোৰ কি কৈছা মই একো বুজা নাই।”
মই বোলো, “আপোনাৰ ল’ৰা ঠিকেই আছেনে?”
তেখেতে বোলে, “অকণমান ‘আঁহত’ হৈছে।”
মই বোলো, “মইনো কি ভুল ক’লোঁ? আগতেহে মানুহ দেৱতাৰ শাপত শিল হৈছিল,ঘঁৰিয়াল হৈছিল! আজিকালি এইবোৰ হোৱাৰ কথা শুনিছেনে?”
তেখেতে বোলে, “নাই শুনা।”
মই বোলো, “আপোনাৰ ল’ৰা অকণমান ‘আঁহত’ হৈছে যেতিয়া আঁহতৰ পুলি এটা হৈছে আৰু পদূলিৰ মুখতে সেই আঁহতৰ পুলিটো ৰুই থওঁক।”
দেউতাকে তেতিয়া নিজৰ ভুল বুজিব পাৰি বোলে, “মোৰেই ভুল হ’ল অ’। অকণমান দুখ পাইছে অৰ্থাৎ ‘আহত’ হৈছে; ‘আঁহত’ নহয়।”

সিদিনা এটাই ‘কাঁচ’ মাংসৰে ভাত খালো বুলি কোৱাত মই গোটেইখন হুলস্থূল লগাই দিলোঁ। তাৰ ঘৈণীয়েকক অফিচতে লগ ধৰি বোলো, “তোমাৰ মানুহটোক সোনকালে চিকিৎসালয়লৈ নিয়া, বেছি সময় নাথাকে।”
মানুহজনী কঁপি কঁপি থৰ লাগিল।
মই বোলো, “ইমান চিন্তা নকৰিবা। অপাৰেচন কৰি ‘কাঁচ’ বোৰ উলিয়াই দিলেই ভাল হ’ব। আল্ট্ৰাচাউণ্ড এটা কৰিলেই ধৰা পৰিব!”
মানুহগৰাকীয়ে বোলে, “কি? ‘কাঁচ’ মানে আইনা খালে মানুহটোৱে? কিয় এনে কাম কৰিলে আপুনি”…বুলি মানুহগৰাকীয়ে ইনাই-বিনাই কান্দিবলৈ ধৰিলে।
মই বোলো, “নাকান্দিবা। সি মোক নিজেই ‘কাঁচ’ মাংসৰে ভাত খোৱা কথা কোৱাতহে কথাষাৰ তোমাক ক’লোঁ।”
লগে লগে মানুহগৰাকীয়ে হাঁহি হাঁহি বোলে, “কাঁচ’ৰ নহয় দাদা, ‘কাছ’ মাংসৰেহে ভাত খাইছিল। আপুনি এনেই ভয় খুৱাই মাৰিলে।”

মই বোলো, “হ’ব দিয়া, চকীদাৰজনৰ হতুৱাই চাহ একাপকে আনা।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments