বিভ্ৰান্তি-বিসংগতি-বৈধ-অবৈধবোৰ (অনামিকা বৰুৱা)

অফিচৰ পৰা ওলাবলৈ লওঁতেই ম’বাইলটো জিলিকি উঠিল| তুলেন্দ্ৰৰ মেছেজ-’অই তোক আজি চেক্সী লাগিছিল’| চেক্সী??? ’মুখত যি আহে তাকেই নকবিচোন?’ তাক ৰিপ্লাইটো দি ’চেক্স’ক লৈয়ে কিবাবোৰ ভাবিবলৈ ধৰিলো| এই এটা শব্দ, এটা সম্পৰ্ক যি বৰ্তমান সময়ত ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো স্তৰৰ মানুহকে মোহাচ্ছন্ন কৰি ৰাখিছে| বৈধ-অবৈধ, শালীনতা, নৈতিকতা, দ্বায়িত্ববোধ, চেতনা আদি সমাজৰ সকলো ভাৱধাৰাক বুঢ়া আঙুলি দেখুৱাই সকলো আক্ৰান্ত হৈছে এক ধৰণৰ অপৰিচিত ৰোগৰ ব্যাধিত| যাৰ নাম কেৱল ভোগ-বিলাস| দুৰাৰোগ্য ব্যাধিৰ দৰেই যৌন সম্পৰ্কই ছানি ধৰিছে মানুহৰ মন-মগজু|

আচলতে ’চেক্স’ কি? বৈজ্ঞানিক ভাষাত ইয়াৰ যিয়ে সংজ্ঞা নাথাকক লাগে সাধাৰণ মানুহৰ বাবে ই পুৰুষ- নাৰীৰ মাজত শাৰীৰিকভাৱে সংঘটিত এক সম্পৰ্ক| য’ত দুয়োজনৰ সন্মতি সাপেক্ষেহে এই সম্পৰ্ক সফল হৈ উঠে| প্ৰকৃতিগতভাৱেই এক স্বাভাৱিক প্ৰক্ৰিয়া এইটো| কিন্তু বাতৰি কাকতেই হওক বা নিউজ চেনেলবোৰেই হওক এই স্বাভাৱিক প্ৰক্ৰিয়াটোক ইমানেই বিকৃত কৰি তুলিছে যে দেখিলে শুনিলে ভাব হয় যেন মানুহ কুকুৰ মেকুৰীতকৈ অধম| বাকী সকলো অনুভুতি বাদ দি একমাত্ৰ যৌনতাকলৈয়ে যেন সকলো ব্যস্ত| এইখিনিতে প্ৰশ্ন আহি পৰে প্ৰাপ্য বা প্ৰয়োজন বা বৈধতাৰ| তাৰ আগতে আমি এবাৰ প্ৰত্ন প্ৰস্তৰ যুগৰ পৰা ঘূৰি আহোঁ আহক|

পুৰুষ-নাৰী-ল’ৰা-ছোৱালী সমন্বিতে মানুহ নামধাৰী কিছুমান প্ৰাণী| জীৱন ধাৰণৰ বাবে অহৰহ সংগ্ৰাম কৰে| বনৰ ফলমূলেৰে জীৱন ধাৰণ কৰা মানুহে লাহে লাহে চিকাৰ কৰিবলৈ শিকিলে| ঘৰ সাজিবলৈ শিকিলে| খেতি কৰিবলৈ শিকিলে| সমান্তৰালভাৱে জীৱৰ বিস্তাৰ বা বংশ ৰক্ষাৰ স্বাৰ্থত পুৰুষ-নাৰীৰ সম্পৰ্কও স্বাভাৱিক গতিত গৈ থাকিল| তেতিয়া মাতৃ-পিতৃ-ভাই-ভনী ধৰণৰ সম্বন্ধবোৰ নাছিল| আছিল মাত্ৰ পুৰুষ আৰু নাৰী| পুত্ৰৰ ঔৰষতো মাতৃৰ গৰ্ভত সন্তানে থিতাপি লৈছিল অথবা পিতৃৰ ঔৰষতো জীয়াৰীৰ সন্তানে পৃথিৱীৰ পোহৰ দেখিছিল| জনসংখ্যা বঢ়াৰ লগে লগে মানুহৰ মাজত খোৱা-কামোৰা আৰম্ভ হ’ল| বলৱান সকলে বলহীন সকলক পৰিচালনা কৰিবলৈ ল’লে| এনেকৈয়ে কালক্ৰমত মানু্হে শৃখংলাবদ্ধ হ’বলৈ শিকিলে| নীতি-নিয়মৰ আবৰ্তত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে| সমাজ নামৰ ব্যৱস্থাৰ প্ৰচলন হ’ল| গাইগুটিয়াৰ পৰা উমৈহতীয়া ভাৱধাৰাই সামৰি আনিলে মানুহক| ক্ৰমাত্‌‍ সভ্যতাৰ জখলা বগাই বগাই মানুহ আহি এই অৱস্থা পাইছেহি| বিজ্ঞানৰ ন ন আৱিস্কাৰ আৰু উন্নত প্ৰযুক্তি বিদ্যাই মানুহক ইমানেই সুযোগ সুবিধা আনি দিছে যে আজি মানুহে ঘৰত বহিয়েই গম ল’ব পাৰে পৃথিৱীৰ কোনটো প্ৰান্তত কি ঘটিছে| কিন্তু উন্নতিৰ অন্তৰালত আমি যেন কিবা এটা হেৰুৱাইছো| পাহৰি গৈছো আমাৰ জীৱ শ্ৰেষ্ঠ হোৱাৰ গৌৰৱৰ মূলতে কি?

পশ্চিমীয়া দেশসমূহৰ দৰে ভাৰতত মুক্ত যৌনাচাৰ গ্ৰহণযোগ্য নহয়| ভাৰতত প্ৰাপ্তবয়স্ক হ’লে বিবাহ আৰু তাৰ পাছতহে যৌনতাৰ কথা আহি পৰে| বিয়া যৌন জীৱন উপভোগ কৰিবলৈ সমাজে দিয়া এক স্বীকৃতি| সহজ অৰ্থত সন্তান উত্পাআদনৰ এক মাধ্যম বিয়া| সেয়েই যদি সঁচা হয় তেন্তে সত্তৰোৰ্ধৰ মানুহৰ ক্ষেত্ৰত অথবা বিছৰ অনুৰ্ধ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো যৌন কেলেংকাৰীৰ কথা শুনা যায় কিয়? ইয়াৰ বাবে দায়ী কোন? কিহে উচতাই মানুহক এই ক্ষন্তেকীয়া সুখৰ মায়াজালত ভৰি দিবলৈ? এইয়া অকল শৰীৰৰ দাবী নে মনৰ লগতো ইয়াৰ সম্পৰ্ক আছে?

ব্যক্তিগতভাৱ বিশ্বাস কৰো যে মনৰ দৰে শৰীৰৰো এটা নিদিৰ্ষ্ট দাবী আছে| কিন্তু পেটৰ খাদ্য বা মানসিক খাদ্যৰ দৰে শৰীৰৰ দাবী য’তে ত’তে যেতিয়াই তেতিয়াই পূৰাব নোৱাৰি| শৰীৰৰ প্ৰসংগ ওলালেই তাত বৈধতাৰ প্ৰশ্ন আহি পৰে| শৰীৰো যে এটা নিৰ্মল আনন্দৰ মাধ্যম এই ধাৰণা সচেতনভাৱে কোনেও স্বীকাৰ নকৰে| ভাৰতত কেবল পতি-পত্নীৰ মাজতহে শাৰীৰিক সম্পৰ্ক সামাজিকভাৱে স্বীকৃত বা বৈধ| তাৰ অন্যথা হ’লে সেয়া অবৈধ|

বৈবাহিক জীৱনত আন সকলোবোৰৰ লগতে এটা সুস্থ যৌন জীৱনৰ প্ৰয়োজন আছে| যদিওবা ই শাৰীৰিক সম্পৰ্ক, মনৰ লগতো ইয়াৰ সম্পৰ্ক আছে| কেবল মন বুলিয়েই নহয় আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ লগতো ইয়াৰ সম্পৰ্ক আছে| কেতিয়াবা নিৰ্ণয় কৰিবলৈ লৈ বিবুধিত পৰা যায় যে মনৰ দাবী তীব্ৰ নে শৰীৰৰ দাবী তীব্ৰ? মনে শৰীৰক নিয়ন্ত্ৰণ কৰে নে শৰীৰে মনক নিয়ন্ত্ৰণ কৰে?

নিয়ন্ত্ৰণ বুলি কওঁতে মনলৈ আহিছে কথা এটা| বাঢ়ি অহা জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আৰু মাৰাত্মক যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ চৰকাৰে বিভিন্ন প্ৰতিকাৰ ব্যৱস্থা উলিওৱাৰ লগতে সেইবোৰৰ বহুল প্ৰচাৰো কৰিছে| ই বাৰু কি সূচায়? এহাতে সমাজত অবৈধ সম্পৰ্ক গ্ৰহণযোগ্য নহয় আনহাতে আওপাকেদি অবৈধ সম্পৰ্ক গঢ়িবলৈকে অনুমতি দিয়া হোৱা নাই নে? কথাটো ঠিক চৰকাৰী অনুজ্ঞা পত্ৰ লৈ ৰঙীন পানীয় বেচা আৰু অনুজ্ঞা পত্ৰ নোলোৱাকৈ চুলাই বেচা সকলক ধৰিবলৈ আবকাৰী বিভাগ থকাৰ দৰেই হোৱা নাই নে? কাগজে পত্ৰই বা টিভিৰ দৰে দৃশ্যমান এটা শক্তিশালী মাধ্যমত নগ্ন বিজ্ঞাপনবোৰে অকল উঠি অহা তৰুণ প্ৰজন্মকে নহয় সমাজৰ সকলো স্তৰৰ লোকৰে ক্ষতি সাধন কৰিছে| চাৰিত্ৰিক অধ:পতনৰ বাবে কিছু পৰিমানে এইবোৰো দায়ী|

সৰুতে দেৱ-দেৱতা, ৰজা-মহাৰজাসকলৰ কাহিনীৰ লগতে মহান লোকসকলৰ জীৱনীও পঢ়িছিলো| সত্‌ কৰ্মৰ লগতে সত্‌ চৰিত্ৰ গঠনৰ বাবে কৰা তেওঁলোকৰ অনুশীলনে আজিও বহুতকে অনুপ্ৰাণিত কৰে| কিন্তু চৰিত্ৰ গঠন আজি যেন এটা ভাঙিব নোৱাৰা সাঁথৰ! এটা প্ৰহেলিকা! এইয়া মানৱ সমাজৰ অৱক্ষয় নহয় জানো?

বৈধবোৰৰ সমানে অবৈধবোৰো পৌৰাণিক কালৰ পৰাই সমাজত চলি আহিছে| কৌৰৱ-পাণ্ডৱৰ জন্ম অবৈধ, শ্ৰীকৃষ্ণৰ সৈতে ৰাধাৰ প্ৰেম অবৈধ, দ্ৰৌপদীৰ পঞ্চপতি এয়াও অবৈধই চাগে| বৰ্তমান যুগৰ অবৈধবোৰ বেলেগে উনুকিয়াই নিদিলেও হ’ব| এই বৈধ অবৈধৰ সীমা কিহে নিৰ্ধাৰণ কৰে বাৰু? ব্যক্তিস্বাৰ্থ বাঢ়ি গৈ যেতিয়া সমাজত বিৰূপ প্ৰভাৱ পেলায় তেতিয়াই বৈধতাৰ সীমা ভংগ হয় চাগে| ৰাৱনে অবৈধভাৱে সীতাক অপহৰণ কৰাৰ ভুল নকৰা হ’লে ৰাম-ৰাৱনৰ যুদ্ধত লংকা চাৰখাৰ নহ’ল হয় চাগে| কৌৰৱৰ লালসাই সীমা চেৰাই দ্ৰৌপদীৰ সতীত্বত আঘাত নকৰা হ’লে কৌৰৱ কুল নিপাত নগ’ল হয় চাগে| ক’বলৈ লৈ দু:সাহস কৰিছো শ্ৰদ্ধেয় ভূপেন দা আৰু কল্পনা লাজমীৰ সম্পৰ্কও অবৈধ| ভূপেন দাই নিজৰ ’মই এক যাযাবৰ’ নামৰ কিতাপ খনত কোনো এক নাৰীৰ প্ৰতি থকা প্ৰেমৰ কথা নিজেই উল্লেখ কৰিছে| অলৌকিকতাৰে বৰ্ণিত ৰাম আৰু সীতাৰ জন্ম ৰহস্যও চাগে অবৈধ| সত্যবতী আৰু ঋষি পৰাশৰৰ সম্পৰ্কও অবৈধ| অবৈধতাৰ উদাহৰণ দেধাৰ আছে| হয়তো কম বেচি পৰিমাণে সকলোৰে জীৱনত অবৈধতাৰ পৰশ আছে| অবৈধতা মানুহৰ কোনোবাটো দুৰ্বল মুহুৰ্তৰ সাক্ষী| দুৰ্বলতা আছে কাৰণেই মানুহ ’মানুহ’| আৰু দুৰ্বলতাক জয় কৰাতেই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰকাশ পায়|

বাস্তৱ জীৱন বাদ দি সাহিত্যৰ মাজতো অবৈধ সম্পৰ্কৰ বৰ্ণনা আছে| ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ-অনুৰাধাৰ দেশ, অনুৰাধা শৰ্মা পূজাৰীৰ- কাঞ্চন, নাহৰৰ নিৰিবিলি ছাঁ, ৰীতা চৌধুৰীৰ- পপীয়া তৰাৰ সাধু, ৰাজীৱ ঈশ্বৰ, কুমাৰ কিশোৰৰ- শতাব্দীৰ স্বপ্ন, ড: আকাশীতৰাৰ- নিষিদ্ধ, ড: দিনেশ বৈশ্যৰ- নিষিদ্ধ প্ৰান্তৰ, প্ৰাৰ্থনা শইকীয়াৰ- জঁটাধাৰী, ড: ধ্ৰুৱজ্যোতি বৰাৰ- কথা ৰত্নাকৰ, অৰুণ শৰ্মাৰ- আশীৰ্বাদৰ ৰংৰ কথা থাওকতে আঙুলিয়াই দেখুৱাব পাৰি| ড: হীৰেণ গোহাঁইৰ সপোনৰ দিকচৌ বনত তেওঁৰ নিজৰ জীৱনৰ ভুল ভ্ৰান্তিবোৰৰ বিশ্লেষণ নিজেই কৰিছে| বৰ্ণনা থাকিলেও সাহিত্যই মানুহক বিপথে পৰিচালিত নকৰে| বৰং এক তুলনামূলক সমীক্ষা দাঙি ধৰি মানুহক জীৱনৰ ইতিবাচক ফলাফলৰ পিনেহে আগবঢ়াই দিয়ে| যিটো সমাজৰ বাবে উপকাৰী| কিন্তু চিনেমা, ভিডিঅ’, টিভিৰ দৰে দৃশ্যমান শক্তিশালী মাধ্যমবোৰে আমাক কি দিছে? প্ৰত্যক্ষভাৱ নহলেও পৰোক্ষভাৱে এই মাধ্যমবোৰে মানুহক অবৈধতাৰ প্ৰতি আকৃষ্ট কৰিছে| মানুহৰ ব্যক্তিগত যুক্তিযুক্ততাক নুই কৰি বাতৰিৰ দৰে অনুষ্ঠান এটাতো কিছুমান এনে ধৰণৰ বাতৰি পৰিবেশন কৰে যিবোৰ সঁচাকৈয়ে অনৈতিক আৰু অসমৰ্থনযোগ্য| বাকী টিভিৰ চিৰিয়েলবোৰৰ কথা নোকোৱাই ভাল| চি.আই.ডি, ক্ৰাইম পেট্ৰল এনে ধৰণৰ চিৰিয়েলবোৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত হ’লেও এই ঘটনাবোৰে আমাৰ মানসিকতাত যোগাত্মক প্ৰভাৱতকৈ বিয়োগাত্মক প্ৰভাৱ সোনকালেই পেলায়| টিভিৰ চিৰিয়েলবোৰৰ কাহিনীবোৰ কল্পনা প্ৰসূত হ’লেও কোনোবাখিনিত বাস্তৱৰ স’তে সংযোগ নিশ্চয় আছে| সাহিত্যৰ দৰে এই কাহিনীবোৰেও যদি আমালৈ আশাব্যঞ্জক কিবা বাৰ্তা আমালৈ কঢ়িয়াই আনিলে হয়! উচিত-অনুচিত বৈধ অবৈধ আগতেও আছিল, এতিয়াও আছে, আগলৈকো থাকিব| অন্যায়, অনীতি, দুৰ্নীতিৰ দৰে অবৈধতাও সমাজৰ বাবে অপকাৰী| অবৈধতা নিকৃষ্ট হ’লেও এই নিকৃষ্ট বিষয়্টোৱে বৰ্তমান জনজীৱনক এনেকৈ ধৰাসায়ী কৰি তুলিছে যে মানুহৰ মূল্যবোধ বিপথগামী হৈছে| অনিশ্চয়তা-নিৰাপতাহীনতাই বিভ্ৰান্তিত পেলাইছে বহুতক|

এইটো সকলোৱে জানে যে শৰীৰ হওক বা মন হওক জীৱন্ত অৱস্থাত আমাৰ মগজুটোৱে আমাক নিয়ন্ত্ৰন কৰে| মনলৈ কিবা এটা ভাব অহাৰ লগে লগে মগজুত এক ধৰণৰ কম্পনৰ সৃষ্টি হয় আৰু মগজুৱে কামটো কৰিবলৈ নিৰ্দিষ্ট অংগটোক নিৰ্দেশ দিয়ে| পঞ্চ ইন্দ্ৰিয়ৰ সুখানুভুতিৰ দৰেই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ মনুহৰ সহজাত প্ৰবৃতি| এতিয়া প্ৰশ্ন হ’ল পুৰুষ-নাৰীৰ সম্বন্ধৰ শেষ পৰিণতি প্ৰায়ে শাৰীৰিক সম্পৰ্ক কিয় হয়? এইয়া এক ধৰণৰ অপৰাধপ্ৰবনতা নেকি? একমাত্ৰ শৰীৰ সুখকেই প্ৰাধান্য দি মানুহ কিয় পশুৰ শাৰীলৈ নামি গৈছে? উঠি অহা ল’ৰা-ছোৱালীবোৰ খুব কম বয়সতে যৌনতাৰ চিকাৰ হৈছে| এনেকি যৌনতাৰ গ্ৰাসৰ পৰা উচ্চ পদস্থ বিষয়া, মন্ত্ৰী-আমোলাকে ধৰি শিক্ষকৰ দৰে লোকো অধ:পাতে গৈছে| চাৰিওফালে মাত্ৰ অধ:পতন, কেলেংকাৰীৰ খবৰ| ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰ গৱেষকসকলে দিব|

পশিমীয়া সভ্যতাক অনুকৰণ কৰিবলৈ গৈ আধুনিকতাৰ নামত উদাৰ মনোভাৱ গ্ৰহণ কৰি ডাঙৰ ডাঙৰ মহানগৰ সমূহত জীৱন ধাৰণৰ মান কি ধৰণৰ হৈছে সেয়া সকলোৱে দেখিছে| নৈশ ক্লাব, পাৰ্টি, লিভিং টুগেদাৰ, নাৰীৰ সম অধিকাৰৰ জোৱাৰ, বেপৰোৱা মনোভাৱ, অসচেতনতা, বজাৰত সহজলভ্য যৌনগন্ধী ভিডিঅ’বোৰ, অভিভাবকসকলৰ দ্বায়িত্বজ্ঞানহীনতা এইবোৰো আধুনিকতাৰ নামত এক ধৰণৰ বিয়োগাত্মক অৱদান চাগে| বৰ্তমান নিত্য ব্যৱহাৰ্য্য সামগ্ৰীত পৰিণত হোৱা ম’বাইলৰ ব্যৱহাৰো এক ক্ৰুটীগত আহিলাই হৈ পৰিছে| এনে কি আছে শাৰীৰিক সম্পৰ্কত যে মানুহে নিজকে পাহৰি গৈছে? কেইটামান মুহুৰ্তৰ সুখ বুটলিবলৈ গৈ আপোন চিনাকি বিপদাপন্ন কৰিছে! জীৱনজুৰি বুটলা মান-সন্মানকো ধূলিস্যাত্‍ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই! নগ্ন হোৱাৰ নিচা ইমানেই ভয়ানক নে?

নগ্নতা মানুহৰ শৰীৰত নাথাকে, থাকে মানুহৰ মনত| কানি-কাপোৰেৰে শৰীৰটো ঢাকি ৰাখিলেও মানুহৰ মনটো নিৰ্লজ্জভাৱেই নগ্ন| সেয়ে সুবিধা পালেই ই মূৰ ডাঙি উঠে| মনটোৱেই সকলো অনৰ্থৰ মূল| তপ কৰি সাধনা কৰি ৰত্নাকৰৰ দৰে দস্যু যদি ঋষি হ’ব পাৰে, নিজৰ জন্ম ৰহস্যকো পাহৰাই ব্যাসদেৱে মহাভাৰতৰ দৰে কাব্যগ্ৰন্থ ৰচনা কৰিব পাৰে, ভূপেন দাৰ দৰে মহান প্ৰাণে নিজৰ কৰ্মৰ দ্বাৰা নিজক সৰ্বসাধাৰণৰ পৰা উচ্চতালৈ লৈ যাব পাৰে তেনে বাকী মানুহে ক্ষন্তেকীয়া দুৰ্বলতা জয় কৰি নিজৰ আত্মা নিষ্কলুষ কৰি ৰাখিব কিয় নোৱাৰে? কিয় ক্ষণে ক্ষণে মানুহে নিজৰ মানৱ জনমৰ সাৰ্থকতা পাহৰি পশুৰ দৰে আচৰন কৰে? সুন্দৰ পৃথিৱীখনক আৰু সুন্দৰ কৰি কিয় জীয়াই থকাৰ দিনবোৰ হাঁহিৰে সজাই নোতোলে? ধৰ্ষণ যদি অপৰাধ, সন্মতিসাপেক্ষে কৰা গোপন শাৰীৰিক সম্পৰ্কও অপৰাধ| মানুহৰ শক্তি আছে, চিন্তাত যুক্তি আছে, বিচাৰ বিবেচনা আছে, তেন্তে অলপ যত্ন কৰিলেই দেখোন এই তুচ্ছ নিচাৰ পৰা মানুহে পৰিত্ৰাণ পাব পাৰে| মানুহৰ জন্ম হয় নগ্ন হৈ| মৃত্যৰ পাছত চিতাত উঠোতেও নগ্ন হৈয়ে উঠে| জীয়াই থাকোতে নগ্ন হৈ নিজৰ পৰিচয় ৰাখি যোৱাতকৈ কৰ্মৰ দ্বাৰা নিজৰ পৰিচয় ৰাখি যাব নোৱাৰেনে?

–**–

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Siddhartha Shankar Das
8 years ago

ভাল লাগিল পঢ়ি !

BRAJEN PATHAK
8 years ago

বিভ্ৰান্তি-বিসংগতি-বৈধ-অবৈধ পঢ়ি এটাই অনুভব হ’ল লিখকৰ সজ চিন্তাৰ খোৰাক খিনিৰ পৰা সুন্দৰ প্ৰবন্ধ এটা পঢ়িলো| বৰ ভাল লাগিল|