বিভৎস শিহৰণ (মেৰিলিন দত্ত)

চিগাৰেটটো জ্বলাই আহি আছো ৰুমলৈ ! নিশা তেতিয়া বাৰ বাজো বাজো ! মোৰ বাবে এইয়া ৰুম সোমোৱাৰ সময় ! বন্ধুজনে আধালৈকে আগবঢ়াই দিলে বাইকত ! এক্সিডেন্টৰ পাছত বাইকখন গেৰেজতে আছে ! ঠিক হোৱা নাই ! এইডোখৰ ৰাস্তা বোকা ! আধা কিলোমিটাৰ মান বাট ! আৰু মইয়ে ক’লো তাক

: হ’ব দে ! জোনাক চাই চাই খোজ কাঢ়ি যাম !

ওঁঠত জুবিনৰ গান এটা লেটিয়াই গৈ আছো ইটোৰ পাছত সিটো ঘৰ পাৰ হৈ ! ফিৰফিৰীয়া বতাহ এজাক বলি আছে ! চিগাৰেটটোত দীঘলীয়া টান এটা মাৰিলোঁ ! চুৰেণ খুড়াৰ ঘৰ পাওঁ পাওঁ হওঁতে দেখিলো তেওঁৰ পদূলিমুখৰ ৰাস্তাত কোনোবা এটা বহি আছে ! বুজিলোঁ ! চুৰেণ খুড়াৰ মাজু পুত্ৰ খটাসুৰ ৰাজীৱেই হ’ব ! তাক নিশা বাহিৰত উলিয়াই দিয়াটো এক পুৰণা নিয়ম ! এক নং মদাহী ৰাজীৱ ! মদ খাই হজম কৰিব নোৱাৰে ! হেৰ’ মদ খায় হজম কৰিব নোৱাৰ যদি খাৱ কিয় ?? এনেয়ে তাৰ ওপৰত খং এটা উঠি গ’ল ! এনেয়ে ! গালি এটা দিওঁ ! পাৰিলে আজি দুথাপৰমান দি দিওঁ ইয়াক ! তাৰ পৰা কম অশান্তিনে ঘৰখনত !

লাহে লাহে মই তাৰ ওচৰ চাপি গ’লো ! আঁঠু কেইটাত মুখখন গুজি এক বিশেষ ভঙ্গিমাত বহি আছে সি ! মই তাক দুবাৰ মতাটো সি মাত নিদিলে ! চাল্লা বেছি নিচা হৈছে তোৰ ! তাৰ চুলিকোছাত ধৰি মুখখন দাঙি ধৰিলোঁ ! মোৰ মুখখন তাৰ মুখৰ ওচৰলৈ নি চিগাৰেটটো দীঘলকৈ টানিলোঁ ! চিগাৰেটৰ ক্ষীণ পোহৰত তাৰ মুখখন অলপ জিলিকি উঠিল ! কিন্তু ই কি ??? মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে ! মই যেন এটা মৃত প্ৰাণী ! শূন্যত ওলমি ৰ’লো ! আঃ কি বীভত্‍স মুখ ! মই জীৱনত দেখা নাই ! মুখখন ছোৱালী নে ল’ৰাৰ ধৰিব নোৱাৰি ! মাংসবোৰ গেলিছে ! ওলমি আছে ! চকু এটাৰ বগা মণি ওঁঠত ! ক’লা দাঁত দুপাৰিয়ে চেলেকি আছে ! আহঃ চুলিত ধৰা মোৰ হাতখন শিথিল হৈ আহিল ! দুইমিনিটমানৰ পাছতে সম্বিত্‍ ঘূৰাই পালো ! বুজিলোঁ আজি আচল বস্তুয়ে পাইছে ! বুকুখন অলপ ডাঠ কৰি ল’লো ! নহ’লে মৃত্যু যে দুৱাৰডলিত এইটো খাটাং ! এক ছেকেণ্ডো বিলম্ব নকৰি ৰুমৰ ফালে খোজকাঢ়িলো ! ৰুম পালেগৈ ৰক্ষা ! ৰুমত মোৰ কীর্তন পুথি আছে !

প্ৰায় দৌৰি যোৱাদি ৰুমৰ ফালে আগবাঢ়িছোঁ ! ক্ষন্তেক পাচতেই অনুমান হ’ল কোনোবা যে মোৰ পাছে পাছে আহি আছে ! ভৰিত নুপূৰ এযোৰ পিন্ধি আহি আছে কোনোবা ! ঘূৰি নোচোৱাতোৱেই মঙ্গলজনক ! কথাষাৰ জানো ! মোৰ খোজৰ গতি বঢ়াই দিলো ! শব্দটো প্ৰায় ওচৰ চাপি আহিল !

এইখিনিতে এটা কেঁকুৰি আছে ! দুজোপামান বাঁহ গছ ! মই কেঁকুৰিটো ল’লো ! হঠাতে তাত থকা আমগছজোপাৰ ডালবোৰ লৰি উঠিল ! এনে লাগিল কোনোবাই পকা আম সৰাবলৈ জোকাৰিহে দিছে ! মই সেইবোৰলৈ কাণ দিয়া নাই ! প্ৰায় দৌৰিছোঁ ! কেৱল দৌৰিছোঁ !

বাঁহনি ডোখৰ পাৰ হ’বলৈ লৈছোঁহে হঠাতে‍ এডাল বাঁহ মোৰ বাটত কেৰেককৈ পৰি গ’ল ! মোৰ জীৱটো উৰি গ’ল ! কি কৰিম কি নকৰিম লাগিল ! ইমান দেৰি যে মই জীয়াই আছো মোৰ নিজৰ ওপৰতে সন্দেহ জাগিল ! মৰ-সাহ ইয়াকে কয় চাগৈ’ ! মোৰ হাতখন জেপলৈ আপুনা আপুনি গ’ল আৰু কিবা এটা খেপিয়াবলৈ ধৰিলে ! হাতত মেছটো লাগি আহিল ! অকণো বিলম্ব নকৰি কাঠি এডাল জ্বলাই বাঁহজোপালৈ দলিয়াই দিলোঁ ! ইমানকণ সাহস ক’ৰ পৰা আহিল মই নিজেই নাজানো ! বাঁহডাল চাট মাৰি ওপৰলৈ উঠি গ’ল ! ভুলতে যদি ইয়াক দেও দিলো হয় মোৰ অৱস্থা কি যে হ’ল হয় !

কথাবোৰ ভাবিব পৰা নাই ! মই দৌৰিছোঁ ! মাথো দৌৰিছোঁ ! ৩০০ মিটাৰমান আঁতৰত মোৰ ৰুম ! নিৰ্জন ৰাস্তাত মোৰ ভৰিৰ শব্দবোৰে এক অদ্ভুত শব্দ কৰি উঠিছে ! এনেতে মোৰ পিঠিত কিবা এটা জঁপিয়াই উঠিল ! শীতল শীতল , ঠাণ্ডা ঠাণ্ডা কিবা এটা ! ঠাণ্ডা আৰু বস্তুটোৰ ওজনত মোৰ পিঠিতো বেঁকা হৈ পৰিছে ! লগে লগে অনুভৱ কৰিলোঁ ডিঙিত এটা অসহ্য বিষ ! তীক্ষ্ণ কিবা এটা সোমাই পৰিছে কন্ঠনলীত ! চিঞৰাৰ আপ্ৰাণ চেষ্টা কৰিও মই চিঞৰিব পৰা নাই ! মাতটো গেঙণিৰ দৰে ওলাইছে মোৰ ! ডিঙিৰ পৰা লুণীয়া কিবা এটা বৈ পেট পাইছেগৈ ! হয়তো তেজ !

মোৰ উশাহবোৰ চুটি হৈ আহিল ! আপ্ৰাণ চেষ্টা কৰিও ৰুমৰ দুৱাৰখন খুলিব পৰা নাই ! মূৰটো ঘূৰাবলৈ ধৰিল ! মই দুৱাৰডলিত হামখুৰি পৰি ৰ’লো !

লাহে লাহে মোৰ চকুত আন্ধাৰবোৰ গাঢ় হৈ আহিল !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments