বিমান যাত্ৰাৰ লটিঘটি- অচিন্ত্য শইকীয়া

মোৰ জীৱনৰ প্ৰথম বিমান যাত্ৰা বহুত শেহতীয়াকৈ অৰ্থাৎ ২০০৭ চনতহে আৰম্ভ কৰিছো৷ তাৰ আগলৈকে বিমানত উঠি পোৱাটোতো দূৰৈৰে কথা, কোনোকালে এয়াৰপৰ্টেই দেখি পোৱা নাছিলো৷ ভাবকচোন বাৰু তেনেকুৱা মানুহ এজনক যদি হঠাতে বিদেশলৈ অফিচিয়েল ডিউটিত যাব লাগে বুলি কয় কি অৱস্থা হ’ব!

আমেৰিকান বেচৰকাৰী সংস্থা এটাত প্ৰকল্প বিষয়া হিচাপে কৰ্মৰত হৈ থাকোঁতে হঠাতে অফিচত এদিন প্ৰকল্প সঞ্চালকে ক’লে যে মই বেংকক যাব লাগে মণিটৰিং আৰু ইভালোৱেচনৰ ছদিনীয়া কৰ্মশালা এখনত যোগদান কৰিবৰ কাৰণে৷ ভাৰতৰ কেৱল মই আৰু বাকীসকল দক্ষিণপূৱ এছিয়া আৰু পশ্চিমীয়া দেশৰ পৰা অংশগ্ৰহণ কৰিব বুলি জানিব পাৰি ত্ৰাহি মধুসুদন দেখিলো৷ এনেই এতিয়ালৈকে বিমানতেই উঠি পোৱা নাই, তাতে আক’ ইণ্টাৰনেচনেল ট্ৰেভেল৷ তদুপৰি তাত গৈ ইংৰাজীত ভাষণ প্ৰদান কৰাৰ উপৰিও কথাবাৰ্তা ইংৰাজীতে কৰিব লাগিব, এনেহেন লাগিল যেন মোৰ প্ৰাণবায়ুয়ে উলাই যাব তেতিয়া! কি কৰা যায় এতিয়া, এফালে বিমানত উঠা তথা ইংৰাজী কোৱাৰ ভয়শংকা আৰু আনফালে সঞ্চালকৰ নিৰ্দেশ৷ বিকল্প পথ বিচাৰি নাপাই অৱশেষত কৰ্মশালাখনলৈ যোৱাৰে সিদ্ধান্ত লৈ প্ৰস্তুতি আৰম্ভ কৰি দিলো৷

এয়াৰপৰ্টত কেনেকৈ সোমাব লাগিব, ক’ত চেক-ইন কৰিব লাগিব, চিকিউৰিটি চেকিং কেনেকৈ কৰিব লাগিব, হেণ্ডবেগ/ লাগেজ ক’ত নিব লাগিব ইত্যাদি ইত্যাদি কথাবিলাক জনা মানুহৰ পৰা শিকি ল’লো৷ তথাপিও থিঅ’ৰি আৰু প্ৰেকটিকেল বুলিও কথা এটা আছে দিয়কচোন৷ এয়াৰপৰ্টত গৈ থিঅ’ৰিৰ ষ্টেপখিনি ভালকৈ মুখস্থ নোহোৱাৰ বাবে লটিঘটি আৰম্ভ হ’লেই নহয়! প্ৰথম লটিঘটিটো হ’ল যে হেণ্ডবেগৰ টেগটো ইতিমধ্যে নিবলৈ পাহৰি গ’লো৷ অলপদিনৰ আগলৈকে হেণ্ডবেগৰ কাৰণে চেক-ইন কাউণ্টাৰতে চিকিউৰিটি টেগ ল’বলগীয়া হৈছিল য’ত নেকি চিকিউৰিটি অফিচাৰসকলে বেগ স্কেনিং কৰি ষ্টাম্প মাৰি দিছিল৷ আজিকালি অৱশ্যে বহুত বিমানবন্দৰত সেইটো ব্যৱস্থা উঠাই দিছে৷ চিকিউৰিটি গেটত উপস্থিত হোৱাৰ পাছতহে কথাটো উপলব্ধি কৰি পুনৰ ঘূৰি আহি টেগটো লৈ অনাতহে ৰক্ষা পৰিলো৷ দ্বিতীয় লটিঘটিটো হ’ল যে থিঅ’ৰি বুজোতে মোৰ অলপ দোধোৰমোধোৰ হৈছিল আৰু ফলস্বৰূপে হেণ্ডবেগতে দাড়িকটা সামগ্ৰীৰ লগতে ব্লেড কেইখনমানো লৈ গৈছিলো৷ বোলো বেংকক যাম, তাতনো আৰু ক’ত চুপাৰমেক্স অথবা উইলকিনচন বিচাৰি ফুৰিম!

চিকিউৰিটি অফিচাৰজনৰ পৰা যিটোহে ধমকি খালো আজিও মনত আছে -“জিন্দেগীমে কভি প্লেনমে চফৰ নহি কিয়া হ্যে ক্যা৷” মই বোলো “নেহি৷” “যাও যাকে ফেক দৌ৷” থিঅ’ৰি ভালদৰে ক্লিয়াৰ নহ’লে যে প্ৰেকটিকেলত কিমান প্ৰব্লেম হ’ব পাৰে সেইটো বাৰুকৈয়ে উপলব্ধি কৰিলো মই! কথাটো অৱশ্যে এতিয়াও মাজে মাজে উপলব্ধি নকৰা নহয়৷ এতিয়াও ফিল্ডত এনে কিছুমান মীন পালক লগ পাওঁযে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ আগত মোৰ ফিচাৰী ডিগ্ৰীয়েও ফেইল মাৰি যাব৷ বাৰু যি নহওক, চিকিউৰিটি চেকত হোৱা খেলিমেলিৰ বাবে এয়াৰপৰ্টতে কেইবাৰ বাথৰূম গ’লো হিচাপ নাই৷ অৱশ্যে ভালেকেইটা নতুন শব্দ সিদিনা শিকিলো যেনে ধৰক চেক-ইন, চিকিউৰিটি চেক, টেক-অফ, লেণ্ডিং ইত্যাদি ইত্যাদি৷ মই আৰু চিটিবাছত উলমি ফুৰা মানুহটোৱে কি বুজি পাম যে ফ্লাইটত উঠাটোকে ব’ৰ্ড কৰা বুলি কয় বুলি৷

টেক্-অফ কৰোঁতে মায়ে শিকাই দিয়া অনুসৰি কৃষ্ণ কৃষ্ণ কৰি চকুকেইটা মুদি দিলো, সিমান ভয় নালাগিল৷

কিছুসময়ৰ পাছত জলপানৰ ব্যৱস্থা আৰম্ভ হ’ল৷ মোৰ টিকটটোত প্ৰি-বুকড্ মিল থকাৰ বাবে যথাসময়ত ধুনীয়া এয়াৰহোষ্টেছ এগৰাকী আহি “এক্সিউজ মি ছাৰ ইয়ৰ মিল” বুলি খাদ্যৰ পেকেট এটা আগবঢ়াই দিলে৷ মই মনতে ভাবিলো, বাহ্ মই বৰ ডাঙৰ চাকৰি কৰোঁ নেকিহে! লাখটকীয়া দৰমহা পোৱা ধুনীয়া এয়াৰহোষ্টেছেও দেখোন মোক ছাৰ বুলি সম্বোধন কৰিছে৷ অ’ পিছতহে গম পালো যে তাত প্ৰত্যেককে ‘ছাৰ’ বুলিয়ে সম্বোধন কৰে!

বাৰু ছাৰ বুলি কোৱা কথাটো সিমানতে শেষ৷ এতিয়াহে লাগিল আচল লেঠাটো৷ কেনেকৈ খাদ্যৰ পেকেটটো খুলিম, কিধৰণেৰে খাম ইত্যাদি ইত্যাদি৷ ঘৰত ৰাতিপুৱাই আমি ভাত একাঁহি খোৱা মানুহ৷ এইবিলাক চেন্দুইছ তেন্দুইছ প্ৰথম দেখিছো, গতিকে কেনেকৈ খাম সেইলৈও তামাম চিন্তা৷ তিনিজনীয়া চিটটোৰ খিৰিকীৰ ফালে মই বহিছো, মাজৰ চিটটো খালী আৰু চাইডত এজন ভদ্ৰলোক বহিছে৷ তেখেতৰ হাততো মোৰ দৰে একেই এটা পেকেট৷ অৱশ্যে তেওঁক এয়াৰহোষ্টেছ গৰাকীয়ে কিবা ভেজ্/ননভেজ্ সোধোঁতে তেওঁ ভেজ্ বুলি কৈছিল৷ মোকো অৱশ্যে সুধিছিল, মই বোলো ফ্ৰীতে পাইছো যেতিয়া (যদিওবা টিকটতে পইছাটো কাটি লৈছে) কিহৰ ভেজ্ খাম, “ননভেজ্ প্লিজ্” বুলি কৈ দিলো৷ আৰু সেই ননভেজ খাওঁতে খাওঁতেই চাগৈ আজি দেহাটোৰ এই পৰিণতি৷

বাৰু যিনহওক পেকেটটো খোলাৰ আগতে মই ভদ্ৰলোকজনলৈ কেৰাহিকৈ তেওঁ ধৰিব নোৱাৰাকৈ চাই আছো৷ মোৰ উদ্দেশ্য, তেওঁ যেনেকৈ খোলে মইয়ো খুলিম আৰু তেওঁ যেনেকৈ খাই মইয়ো খাম৷ সেইসময়ত মিষ্টাৰ বিনৰ ভিডিঅ বিলাকলৈ মনত পৰি নিজকে কিবা মিষ্টাৰ বিন নিচিনাই লাগি গ’ল৷ পেকেটৰ ভিতৰত খোৱা বস্তুৰ উপৰিও প্লাষ্টিকৰ কাটা চামুচ, কাটাৰ, সৰু গাখীৰৰ পেকেট ইত্যাদি দুই এপদ বস্তুও আছিল৷ খোৱাবোৱা শেষ হোৱাৰ পাছত মই বোলো এইখিনিটো পুনৰ ব্যৱহাৰ কৰিব পাৰিম বুলি নেপকিনেৰে মছি বেগত ভৰাই থলো৷ লগতে চিটৰ বেকপেকত থকা মেগাজিনখনো মনে মনে ভৰাই ল’লো, পাছত মানুহক দেখুৱাই ফিতাহি মাৰিব পাৰিম এয়াৰ ট্ৰেভেল কৰিছো বুলি৷

প্ৰায় এঘণ্টামান আকাশত উৰাৰ পাছত অৱশেষত বিমানখনে কলিকতাৰ নেতাজী সুভাস চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলেগৈ৷ পিছদিনা কাহিলীপুৱাতেই ফ্লাইট আছে বেংককলৈ৷ গতিকে লাগেজ কালেক্ট কৰি হালধীয়া ৰঙৰ প্ৰিপেইড এম্বেছাদৰ গাড়ী এখন লৈ লৰালৰিকৈ হোটেল পালোগৈ অলপ জিৰণি লৈ লওঁ বুলি৷

দৰাচলতে থিঅ’ৰি মই যিজন মানুহৰ পৰা শিকিছিলো তেওঁ কিন্তু কোনোধৰণৰ ফ্ৰিকুৱেণ্ট ফ্লায়াৰ নহয়৷ তেখেতে জীৱনত কেৱল এবাৰ নে দুবাৰহে বিমান যাত্ৰা কৰিছে, তাকো দমেষ্টিক৷ ইণ্টাৰনেচনেল ট্ৰেভেলৰ কোনো অভিজ্ঞতা নথকা হেতুকে তেখেতে মোক বিশেষ একো সহায় কৰিব নোৱাৰিলে৷ আনহাতে খুউব কম সময়ৰ ভিতৰতে যাত্ৰাৰ পৰিকল্পনা কৰিবলগীয়া হোৱাৰ বাবে তেনে কোনো সমল ব্যক্তিও যোগাৰ কৰিব নোৱাৰিলো থিঅ’ৰি মুখস্থ কৰিবলৈ৷ অৱশ্যে টিকটটো পঢ়ি এটা কথা গম পাইছিলো যে ইণ্টাৰনেচনেল ট্ৰেভেল কৰিলে ডিপাৰ্চাৰ সময়ৰ পৰা প্ৰায় তিনিঘণ্টাৰ আগেয়ে চেক-ইন কৰিব লাগে৷ বিমান এৰাৰ সময় পুৱা ৬ মান বজাত থকাৰ বাবে নিশা ২ বজাতেই হোটেল ত্যাগ কৰিলো৷ কলকাতা এয়াৰপৰ্টৰ কাষতে থকা ভি আই পি ৰোডৰ হোটেল এখনত নিশাটো কটোৱাৰ বাবে অৱশ্যে তাতোকৈও সোনকালে বিমান বন্দৰলৈ যাবলৈ বুলি শেতেলিৰ পৰা উঠাৰ দৰকাৰ নহ’ল৷

আমাৰ অসমীয়াত কথা এষাৰ আছে নহয় “অল্প বিদ্যা ভয়ংকৰ” বুলি! আগদিনাখন মাত্ৰ এবাৰ গুৱাহাটী-কলকাতা প্লেনত উঠাৰ অভিজ্ঞতা হৈছেহে, টেক্সিৰ পৰা নামিয়েই সদায় বিমানত ঘূৰি ফুৰা মানুহৰ নিচিনাকৈ ‘লেভেল’ এটা দি বিমানবন্দৰত এ’ণ্ট্ৰি মাৰিলো৷ মনতে ভাবিছো বাহ্ মোৰ দেখোন এটিটিউদেই সলনি হৈ গৈছে! অৱশ্যে আগদিনাৰ অভিজ্ঞতাই মোৰ কনফিডেঞ্চ্ লেভেলটো যথেষ্ট বঢ়াই তুলিলে৷

হাতত থকা একমাত্ৰ লাগেজটো স্কেনিং কৰি চেক-ইন কাউণ্টাৰত উপস্থিত হ’লোগৈ৷ আগদিনা গুৱাহাটীৰ পৰা আহোঁতেই দুটামান শব্দ শিকিছিলো নহয় তাৰ ভিতৰত এইটোও শিকিছিলো যে ‘লাগেজ’ মানে হ’ল বিমান এখনৰ ডিকিত ভৰাই নিয়া বেগ৷ লাগেজটো কিন্তু একেবাৰে গন্তব্য বিমানবন্দৰ পোৱাৰ পাছতহে কালেক্ট কৰিব পৰা যায়৷ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰলৈ যাওঁতে নেটৱৰ্ক বাছৰ ডিকিত সুমোৱাই দিয়াৰ পাছত ৰাষ্টাত আপোনাৰ লাগতিয়াল বস্তুটো দৰকাৰ হৈছে কাৰণে গাড়ীখন বোকাখাতত ৰখাওঁতে উলিয়াই লওঁ বুলি ভবাৰ দৰে বিমানত কিন্তু ল’ব নোৱাৰি দেই ৷

আগদিনাৰ ভুলবোৰ পুনৰাবৃত্তি নহওক বুলি ভাবি এইবাৰ আগতীয়াকৈয়ে হেণ্ডবেগৰ টেগ কালেক্ট কৰিলো৷ হেণ্ডবেগ যদিওবা মাত্ৰ এটাই, টেগ কিন্তু দুটা ল’লো৷ কাৰণটো বুজি পাইছে চাগে! ঘূৰি আহি মানুহক দেখুৱাবলৈ আক’৷ কেতিয়াবা ৰাষ্টাত এনে কিছুমান ব্যক্তি দেখা পাওঁ যিসকলে ট্ৰেভেল কৰাৰ কেইবামাহ যোৱাৰ পাছতো বেগৰপৰা টেগটো আঁতৰাই নিদিয়ে৷ সেইসকলে চাগৈ তেনেধৰণেৰে মানুহৰ আগত দেখুৱায়েই আত্মসন্তুষ্টি লাভ কৰে বিমান যাত্ৰা কৰোঁ বুলি৷ আৰু এটা আমোদজনক কথা বহুতৰে মুখত শুনা পাওঁযে আমাৰ ইয়াত এনে কিছু ডেকাল’ৰা আছে যাৰ কিন্তু নিজা মটৰচাইকেল নাথাকে অথচ হেলমেট এটা হাতত লৈ ৰাষ্টাই ঘাটে ঘূৰি ফুৰে৷ মই কিন্তু গুৱাহাটীৰ চিটিবাছত মাজে সময়ে দেখিছো তেনেকুৱা হেলমেট হাতত লোৱা ডেকা৷ পিছে মোৰ ক্ষুদ্ৰ মগজুৱে এইটোহে ঢুকি নাপায় যে তেখেতৰ যদি নিজা মটৰচাইকেল আছেই, চিটিবাছত উলমি যাবলৈ কিহৰ প্ৰয়োজন!

অ’ ৰ’ব, মই ব্ৰেক এটা মাৰোঁ৷ ক’ৰ কলকাতাৰ এয়াৰপৰ্টৰ পৰা আহি গুৱাহাটীৰ চিটিবাছ পালোহি! বাৰু সি যি কি নহওক, কনফিডেঞ্চ লেভেলটো বাঢ়ি ৭০% মান হৈছিলগৈহে, শ্বেয়াৰ মাৰ্কেট ডাউন হোৱাৰ নিচিনাকৈ মোৰ লেভেলটোও সাউতকৈ ১০% মানলৈকে নামি আহিল, যেতিয়া গম পালো যে চিকিউৰিটি চেকিং কৰাৰ আগতে ইম্মিগ্ৰেচন চেক নামৰ কিবা এটাও কৰিব লাগে বুলি৷ চেক্-ইন কাউণ্টাৰত বহি থকা ধুনীয়া লেডীগৰাকীয়ে এইবিষয়ে কিবাকিবি অলপ বুজাইছিল, পিছে ইংৰাজীত ফটাফট কি ক’লে তৰ্কিবই নোৱাৰিলো মই৷ ভাগ্য ভাল যেনিবা মোৰ পাছত একেশাৰীতে পৰোপকাৰী ভদ্ৰলোক এজন থিয় হৈ আছিল৷ তেখেতে মোৰ অসুবিধা হৈছে বুলি উপলব্ধি কৰিব পাৰি মোক ভালদৰে বুজাই দিলে যে ভাৰতবৰ্ষৰ পৰা বাহিৰৰ যিকোনো দেশলৈ যাবলৈ হ’লে এয়াৰপৰ্টত ইম্মিগ্ৰেচন চেক কৰিবলগীয়া হয় আৰু লগতে কাউণ্টাৰটো কোনফালে আছে সেইটোও তেখেতে দেখুৱাই দিলে৷

ইম্মিগ্ৰেচন কাউণ্টাৰত গৈ এনেকুৱা লাগিল যেন ক’ৰবাত চাকৰিৰ ইণ্টাৰভিউহে দি আছো মই! কি কাৰণে যাম, কিমানদিন থাকিম ইত্যাদি ইত্যাদি প্ৰশ্ন৷ এইবাৰ পিছে চিকিউৰিটি চেকিং কৰোঁতে একো লটিঘটি নহ’ল আগদিনা প্ৰেকটিকেল এক্সপেৰিয়েন্স হোৱাৰ বাবে৷ থিঅ’ৰি বুজি নোপোৱাকৈ মুখস্থ কৰি পৰীক্ষাত বহিলেযে কিমান সমস্যা হয় সেইটোৰ প্ৰমাণ পুনৰ লাভ কৰিলো৷

ব’ৰ্ডিং এনাউন্সমেণ্ট হোৱাৰ পাছত যথাসময়ত জেট এয়াৰৱেজৰ বিমানখনৰ নিৰ্দিষ্ট আসনখনত গৈ বহিলোগৈ৷ বাছত সদায় খিৰিকীৰ ফালৰ চিটটোত বহিবলৈ সুবিধা বিচাৰি ফুৰাৰ দৰে এইবাৰো মই খিৰিকীৰ ওচৰৰ আসনখনতে বহিলো৷ আজিকালি অৱশ্যে লাগ বুলিলেই বিমানত খিৰিকীৰ কাষৰ আসন পোৱা নাযায়৷ এইমাহৰ প্ৰথমভাগত বিশেষ এটা কামত মোৰ একমাত্ৰ বাইদেউৰ সৈতে মোহনবাৰীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে বাংগালোৰলৈ যাত্ৰা কৰিছিলো৷ মই বাইদেউৰ কাৰণে খিৰিকীৰ ফালৰ আসন এখন বিচাৰি চেক-ইন কাউণ্টাৰত অনুৰোধ জনাইছিলো যদিও কিন্তু খিৰিকীৰ আসন নাপালো৷ জানিব পাৰি আচৰিত হ’লো যে খিৰিকীৰ কাষৰ কিছুমান নিৰ্দিষ্ট আসন লাভ কৰিবলৈ হ’লে অতিৰিক্ত ৫০০ টকা ভৰিব লাগে৷ মই বোলো কি দৰকাৰ ৫০০ টকা ভৰি খিৰিকীৰ কাষত বহিবলৈ, তাতোতকৈ সেই টকাৰে দুয়োজনে বাংগালোৰত গৈ দকচি মাৰি মাংসভাত খাব পাৰিম৷

বাৰু যি নহওক, আগতে এনেকুৱা ধৰণৰ নিয়ম নাছিল কাৰণেই চাগৈ মই বিচৰা অনুসৰিয়েই খিৰিকীৰ কাষৰ আসনখন লাভ কৰিছিলোঁ৷ তিনিজনীয়া চিটটোৰ বাকী দুজন চীনা নাগৰিক৷ আমাৰ আগৰ চিটটোত বহা তিনিজনো তেওঁলোকৰ লগৰেই৷ কথাবাৰ্তা পাতি গম পালো যে তেওঁলোক আটাইকেইজনেই অভিযন্তা আৰু ফুৰিবলৈ বুলি থাইলেণ্ডলৈ উলাইছে৷ এটা কথা লক্ষ্য কৰি আচৰিত হ’লো যে তেওঁলোক কিন্তু পেছাত একো একোজন অভিযন্তা পিছে ইংৰাজীত অতি দুৰ্বল৷ সেইকথা কেনেকৈ গম পালো শুনক৷ যাত্ৰাপথত বিমানৰ কৰ্মচাৰীয়ে আমাক প্ৰত্যেককে একোখনকৈ ইংৰাজীত লিখা ফৰ্ম দিছিল ফিলআপ কৰিবলৈ৷ মীন মহাবিদ্যালয়ত লগৰকেইটাই নেদেখাকৈ লৰালৰিকৈ পৰীক্ষাৰ উত্তৰবহী লিখি ছাৰৰ হাতত জমা দিয়াৰ নিচিনাকৈ ইয়াতো ফটাফট ফৰ্মখন পূৰাই পেলালো৷ মই লক্ষ্য কৰিলো যে সিহঁতেতো ফিলআপ কৰিব নোৱাৰি মোৰ ফালে ভেবালাগি চাই ৰৈ আছে৷ “হোৱাট হেপেনড্” বুলি মই সোধাত মোৰ কাষতে বহা অভিযন্তাজনে ফৰ্মখন কেনেকৈ পূৰাব লাগিব সেই বিষয়ে শিকাই দিবলৈ ক’লে৷ বেংককৰ কৰ্মশালাত ইংৰাজীত ভাষণ দিব লাগিব বুলি ভয়কৰা মানুহটোৱে যেতিয়া দেখিলো যে এইকেইটা চোন মোতকৈও চাৰ, তেতিয়া মোৰ বুকু একেবাৰে ডাঠ হৈ গ’ল! মইয়েই নিজকে ইংৰাজীত গাধা বুলি ভাবো অথচ ইহঁত দেখোন মোতকৈও গাধা! চীনা অভিযন্তা কেইজনক ফৰ্মখন ফিলআপ কৰিবলৈ শিকাই দিয়াৰ ফলত মোৰ কনফিডেঞ্চ লেভেলৰ গ্ৰাফডাল পুনৰ শ্বেয়াৰ মাৰ্কেটৰ গ্ৰাফ উৰ্ধগামী হোৱাৰ দৰে উপৰলৈ উঠি গ’ল৷ অৱশ্যে মই এইকথাটোও নভবা নহয় যে আমাৰ দেশতহে ইংৰাজী ভাষাটোক সকলোৱে ইমান বেছিকৈ প্ৰাধান্য দিয়ে, চীনাসকলে চাগৈ নিদিয়ে৷ তেওঁলোকে মোতকৈ কম ইংৰাজী জানে বুলি গম পোৱাৰ পাছত মোৰ মুখৰ পৰা ইংৰাজী শব্দ একেবাৰে আখৈফুটাদি ফুটিবলৈ আৰম্ভ কৰিলে৷ কিছুমান লোকে পানীয়বিধ ধৰাৰ পাছত যে মুখৰপৰা তামাম ইংৰাজী শব্দ উলিয়াই ঠিক মোৰো যেন সেই একেই অৱস্থা!

বেংককলৈ কলিকতাৰ পৰা প্ৰায় ২ ঘণ্টা ৫০ মিনিটমান সময়ৰ পথ৷ ভালেসংখ্যক ইণ্টাৰনেচনেল ফ্লাইটত শীতল পানীয়ৰ লগতে হাৰ্ড ড্ৰিংকচৰো ব্যৱস্থা থাকে৷ ধুনীয়া ধুনীয়া ভাৰতীয় এয়াৰহোষ্টেছ দুগৰাকীয়ে ইতিমধ্যে পানীয় বিতৰণ আৰম্ভ কৰি দিছে৷ ৷ মই বোলো আমাৰ ঘৰৰ ওচৰৰ চুলাই খোৱাকেইটাক ইয়ালৈ লৈ আহিব লাগে, গোটেই ষ্টক ফিনিছ কৰি দিলেহেঁতেন আজি! প্লেনত ড্ৰিংকচ কৰাৰ অভিজ্ঞতা এটা লওঁ বুলি ভাবি সুন্দৰী দুগৰাকীৰ পৰা বিয়েৰৰ কেন্ এটাকে বিচাৰিলো৷ বেলেগ খাবলৈ ভয়, কেনেবাকৈ বমি চমি হ’লে বৰ লাজত পৰিব লাগিব৷ পিছে দুঢোকমান মাৰি আৰু আগবঢ়াব নোৱাৰিলো মই তিতা- তিতা লগাৰ কাৰণে৷ সেইভাগি সিমানতে অন্তপেলাই মোক দিয়া লান্সৰ পেকেটটো শেষ কৰি অকণমান টোপনি যাবলৈ চেষ্টা কৰিলো, পিছদিনা ৱৰ্কশ্বপ আছে৷ গতিকে ক্ষন্তেক জিৰণি নল’লে হোটেলত গৈ প্ৰিপাৰেচন কৰিবলৈ অসুবিধা হ’ব৷ মোৰ চকুযুৰি বন্ধ আছে যদিও কিন্তু ভালদৰে গম পাই আছো যে চীনা বন্ধুকেইটাই ফ্ৰীতে পাই ইটোৰ পিছত সিটো পেগ্ পূৰাদমে মাৰিয়েই আছে৷

“লেডিজ এণ্ড জেনটলমেন, উই উইল বি লেণ্ডিং চৰ্টলি ইন বেংকক” বুলি স্পীকাৰত শুনাৰ লগে লগে চিলমিলকৈ ধৰি থকা টোপনিৰপৰা সাৰ পাই গ’লো৷ কাষৰ চাইনিজ বন্ধুকেইজনে তেতিয়াও গমেই পোৱা নাই যেন লাগিল৷ ক’ৰপৰা পাব, ফ্ৰীতে পালে আলকাতৰাও চোবাব পাৰি নিচিনাকৈ সেইগাল গিলি আহিছে নহয় বকাসুৰ কেইটাই! মনতে ভাবিলো তেনেকৈ৷ সিহঁতলৈ চাই থাকোঁতেই কাষৰটোৱে দিলে নহয় উগাৰ এটা মাৰি, উফ ৰাম! ভেকেটা ভেকেট গোন্ধটো মোৰ নাকেৰে সোমাই একেবাৰে পেট পালেগৈ৷

এইখিনিতে অলপ ৰ’ব দেই, ষ্টাৰ প্লাচত আগতে চিৰিয়েল এখন প্ৰচাৰ হৈছিলযে “সাথ নিভানা সাথিয়া”, তাত ব্ৰেক দিলে মহিলা সকলৰ তামাম খং উঠাৰ নিচিনাকৈ আপোনালোকৰো যদি খং নুঠে তেনেহ’লে ঘটনা এটা মাজতে কওঁ শুনক৷ তেতিয়া মোৰ একো চাকৰি বাকৰি নাই৷ কিবা এটা ইণ্টাৰভিও থকাৰ বাবে মাৰপৰা টকা কেইটামান লৈ সাজিকাচি আহিছো যোৰহাটলৈ বুলি৷ এতিয়া যেনেকৈ ফ্লাইটত খিড়িকীৰ চিট বিচৰাৰ বেমাৰটো আছে ঠিক তেনেকৈ বাছৰ ক্ষেত্ৰতো একেটা বেমাৰেই আছিল, এইটো মানে মোৰ জন্মগত বেমাৰ চাগৈ৷ যিনহওক আপোনালোকে ভাবি থকাৰ ধৰণেৰেই মই খিড়িকীৰ ফালৰ চিটটোতেই বহিলো৷ তিনিজনীয়া চিটটোৰ মাজত এজন ভদ্ৰলোক আৰু কাষত এগৰাকী ভদ্ৰমহিলা৷ যোৰহাট ডিব্ৰুগড় যাত্ৰা কৰি থকা মানুহে মা-লক্ষ্মী নামৰ বাছখন দেখিছে চাগৈ, সেইখন বাছতে আহি আছোঁ মৰাণ পোৱাহি নাই তেতিয়ালৈকে৷ ইণ্টাৰভিওত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে বুলি মই মনৰ ভিতৰতে আওৰাই আওৰাই গৈ আছো৷ তেনেকুৱাতে মোৰ কাষত বহি অহা ভদ্ৰলোকজনে মাৰিলে নহয় এটা হাঁচি৷ এথোপা ৰঙা গোলাপ নহয়, এথোপা হেঙুনহে তেওঁৰ নাকেদি বাহিৰ হৈ মোৰ বাওঁহাতত পৰিলহি৷ চিহ্ চিহ্ কি কৰোঁ এতিয়া! মানুহজনে একোযেন গমেই নাপায় কি ঘটিল, সেইটো চেণ্টি দি মোৰ ফালে ঘূৰিয়েই নাচালে বুজিছেনে৷ ভাগ্য ভাল যেনিবা বাছখনত পৰ্দা লগোৱা আছিল, মানুহজনৰ অতি মূল্যৱান হেঙুনখিনি ক’ত মছিলো গম পালে নিশ্চয়৷ আজি অতদিনৰ মূৰত এই চীনাটোৰ ভেকেটা ভেকেট উগাৰৰ গোন্ধটো পাওঁতেও সেই হেঙুনৰ ঘটনাটোলৈ মোৰ পটকৈ মনত পৰি গ’ল৷ তেতিয়াৰ পৰাই চিটি বাছৰ কাষেৰে যাওঁতেও বিৰাট সাৱধান হওঁ মই৷ ন’হলে কেতিয়া কাৰ থু-খেকাৰ অথবা তামোলৰ পিক গাত পৰেহি ঠিক নাথাকে৷

ইতিমধ্যে বিমানখনে সুবৰ্ণভূমি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিছেগৈ৷ যথেষ্ট ডাঙৰ বিমান বন্দৰটো৷ এবাৰ টিভিত দেখিছিলো যেন লাগে, এইটো বিমান বন্দৰতে বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈ বহুত মানুহৰ মৃত্যু ঘটিছিল৷ ম’বাইলৰ স্ক্ৰীনখনতে নিজৰ কপালখন এবাৰ চালো, হেঙুন চেঙুন হাতত পৰিছিল যদিও কিন্তু জীৱনত কাহানিও কল্পনা নকৰা ঠাইখনত আজি উপস্থিত হৈছোহি বুলি ভগৱানৰ নামকে ললো৷ কাৰোবাৰ টেনচন লাগেনে নাই নাজানো মোৰ কিন্তু অতবছৰে বিমানত যাত্ৰা কৰি থকাৰ পাছতো এতিয়াও এটা সময়ত বিৰাট টেনচন্ হয়৷ কেতিয়া জানে, এয়াৰ হোষ্টেজ কেইগৰাকীয়ে “আপাতকালিন স্থিতিও মে পানীমে উতৰনেচে আপকে কুৰচিকে নিচেমে ৰাখে হোয়ে লাইফ জেকেট ইচ তৰহচে পেহেন লিজিয়ে” বুলি ক’লে প্লেনখন সঁচাকৈ পৰিলে কি অৱস্থা হ’ব বুলি ভাবি ভাবি এবাৰ টয়লেট গৈয়ে আহোঁগৈ নেকি নিচিনা লাগি যায়৷

বেংককত যিহেতু “ভিজা অন এৰাইভেল” ব্যৱস্থা আছে গতিকে বিমানৰ পৰা নামিয়েই লগৰ সহযাত্ৰীবিলাকক অনুসৰণ কৰি কৰি ভিজা প্ৰদান কৰা কাউণ্টাৰ পালোঁগৈ৷ তাতো অলপকৈ লটিঘটি নলগা নহয়, মানে কথাটো এনেকুৱা বেংককত ভিজা পাবলৈ ১০,০০০ থাই বাহট (থাইলেণ্ড টকা) অথবা সমান পৰিমাণৰ আমেৰিকান ডলাৰ কাউণ্টাৰত দেখুৱাব লাগে৷ মই এই বিষয়ে জ্ঞাত কাৰণে লগত সেই পৰিমাণৰ কাৰেন্সি লৈ লাইনত থিয়হৈ আছোঁ৷ মোৰ পাছত থিয়হৈ থকাজনো ভাৰতীয় নাগৰিকেই আছিল৷ তেনেকুৱাতে মোক খুজিলে নহয়, “ভাই চাহাব আপকা হৌনেকে বাদ আপকা ডলাৰ মোঝে দিজিয়েগাহা প্লিজ, মে কাউণ্টাৰমে দিখাকে আপকৌ লৌতা দোংগা, বচ দো মিনিট কা কাম”৷ বাপৰে বাপ দেখিছে ই কেনেকুৱা মানুহ, মই বোলো “তোৰ জহন্নীযোৱা পইছা যদি নাইয়েই তেনেহ’লে কাৰ বাপেৰৰ মূৰাটো কৰিবলৈ ইয়ালৈ আহিছ” সেইবুলি মুখৰ ভিতৰতে ভোৰভোৰালোঁ৷ “নেহি দেগা” বুলি ডাইৰেক্টলি কৈ তাৰপৰা লাগেজটো ল’বৰ কৰণে ঢাপলি মেলিলোঁ৷

জীৱনত প্ৰথমবাৰ বিমানত উঠিছোঁ, লগতে সেই প্ৰ্থমবাৰেই বিদেশৰ মাটিত ভৰি থৈছো, মোৰ মনৰ স্থিতিটো কেনেকুৱা হ’ব পাৰে আপোনালোকে নিশ্চয়কৈ অলপ হ’লেও উপলব্ধি কৰিব পাৰিছে৷ বিমান বন্দৰৰ বাহিৰৰ গেটেদি উলাওঁতেই মোৰ নামৰ প্লেকাৰ্ডৰ সৈতে ড্ৰাইভাৰজন ৰৈ থকা দেখি কিবা বেলেগ সুখানুভূতি এটা লাভ কৰিছিলোঁ৷ দামী কাৰ বুলি ক’লে তেতিয়ালৈকে মেক্সিমাম টাটা ইণ্ডিকাত উঠা মানুহ মই, অত্যাধুনিক সা-সুবিধাযুক্ত চেদান গাড়ীখনত মই উঠিবলৈ বুলি ড্ৰাইভাৰে দৰজাখন খুলি দিওঁতে মোৰ একেবাৰে “খুচিকে আঁচু” ওলাই আহিবলগীয়া অৱস্থা হৈছিল৷ গাড়ীখনত বহাৰ লগে লগেই এবটল মিনাৰেল ৱাটাৰৰ সৈতে এখন আলোচনী আগবঢ়াই দিলে তেখেতে মোক৷ মই বোলো ঘৰত ডাইৰেক্ট টিউৱেল মাৰি পানী খোৱা মানুহ, ইয়াত এনে আতিথ্য পাই মনতে নিজকে নিজেই “জীলে বেটা অপনা জিন্দেগি” বুলি কৈ পেলালো৷ ইমানখিনি সুবিধা পাই মইতো এনেই অলপ অচৰপ পাগল হৈছোয়েই, তাতোকৈয়ো ডাঙৰ চাৰপ্ৰাইজ যে মোৰ কাৰণে ৰৈ আছে তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ৷

প্ৰায় এঘণ্টামান যোৱাৰ পাছত এটা প্ৰকাণ্ড কেম্পাছৰ সৈতে থকা বিৰাট ওখ বিল্ডিং এটাৰ দুৱাৰমুখত গাড়ীখন ৰাখিলেগৈ৷ “চাৰ দিচ ইজ ইয়ৰ হোটেল” বুলি কোৱাতহে গম পালো মই থাকিবলগীয়া হোটেলখন এইখনেই বুলি৷ আগতে গুৱাহাটীলৈ কেতিয়াবা আহিলে পল্টন বজাৰত কমদামী হোটেল বিচাৰি ফুৰা মানুহ মই, কেনেকৈ গম পাম ইমানযে ডাঙৰ হোটেলত মোক থাকিবলৈ দিব বুলি! এইটোতো এইটোয়েই, তাতোকৈয়ো ডাঙৰ কথাটো কি আছিল জানে, মই তেতিয়ালৈকে গমেই পোৱা নাছিলো সেইখনযে এখন ফাইভ ষ্টাৰ হোটেল বুলি৷ হয়, মই পদাৰ্পণ কৰা হোটেলখন হ’ল “হোটেল মিলেনিয়াম হিলটন”, পৃথিৱীৰ বিভিন্ন দেশত বিস্তৃত হৈ থকা পঞ্চাতাৰকাযুক্ত হোটেল৷ ক’ত আহিলো এইবিলাকত, কি হ’ব এতিয়া মোৰ ইত্যাদি কথা ভাবি মোৰ মূৰটো যেন আচন্দ্ৰাই কৰিছে তেনেকুৱা উপলব্ধি কৰিলোঁ৷ “চাৱাচদি” বুলি থাই ভাষাতে মোক ধুনীয়া ধুনীয়া থাই ছোৱালী দুজনীয়ে মোক সম্ভাষণ জনালে৷ চেক-ইন ফৰমেলিটিবিলাক সম্পূৰ্ণ কৰাৰ পাছত মোক হোটেলৰ ৱেটাৰ এজনে ৰুমলৈ বুলি লিফটেৰে লৈ গ’ল৷ সৰ্বমুঠ ৩১ মহলীয়া হোটেলখনৰ মোৰ কোঠাটো আছিল ১৬ মহলাত আৰু মিটিং হৈছিল দহ মহলাত৷ সিদিনাৰ আগলৈকে মই সাত মহলাতকৈ ওখ বিল্ডিঙত উঠিয়ে পোৱা নাছিলোঁ৷ ক’ৰপৰা পাম, অসমত তেনেকুৱা ওখ বিল্ডিং থাকিবওতো লাগিব৷ এতিয়াহে মানুহে গুৱাহাটীতে ‘ভিভাণ্টা’ চাবলৈ সুবিধা পাইছে, নহ’লেতো আগতে সেইবিলাকৰ কাৰণে দিল্লী-বোম্বে যাবলগীয়া হৈছিল৷

যিনহওক মোৰ বাবে বুক কৰি ৰখা নিৰ্দিষ্ট কোঠাটোত পদাৰ্পণ কৰিলোগৈ৷ কোঠাটোত সোমায়েই কি কি সামগ্ৰী আছে ভালকৈ এবাৰ মন কৰিলো, চাৰি-পাঁচশ টকীয়া ৰূম আৰু ফাইভ ষ্টাৰ হোটেলৰ ৰূমৰ পাৰ্থক্যনো কি অলপ বুজিবলৈ চেষ্টা কৰিলোঁ৷ পিছে বান্দৰেনো কি নাৰিকলৰ মূল বুজি পাম, মোৰ যেন তেনেকুৱা একেই অৱস্থা৷ দুখন বিছনাযুক্ত কোঠাটোৰ এখনত বহি চালো কেনেকুৱানো বুলি৷ উফ্ কি কম আৰু, ইম্মান কোমল! এখন ৱাল সম্পূৰ্ণৰূপে পৰ্দাৰে ঢাকি থোৱা আছে৷ নিশ্চয় খিৰিকীয়ে আছে বুলি দুয়োখন কাপোৰ চপাই দিলো, ৱাল নাই তাত, তাৰ ঠাইত এখন প্ৰকাণ্ড আইনা৷ বাহিৰলৈ চালো অতি মনোৰম দৃশ্য, মস্ত মস্ত বিল্ডিংবোৰৰ কাষেদি এখন ধুনীয়া নদী বৈ গৈছে৷ নদীখনত কেইবাখনো সৰু সৰু জাহাজ চলি থকা দেখা পালো৷ পাছতহে গম পালো সেইখন বেংককৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু স্বৰূপ বিখ্যাত চাও-ফ্ৰায়া নদী৷

চীনা বন্ধুজনৰ মুখৰ ভেকেটা ভেকেট গোন্ধটোত ইতিমধ্যে পেটটো অলপ বেয়া কৰা নিচিনা লাগিছিল কাৰণে লৰালৰিকৈ বাথৰূম পালোগৈ৷ বাথৰূমটোত ইফালেও আইনা আৰু সিফালেও আইনা, অকলশৰীয়াকৈয়ে আছো যদিও কিবা নিজকে নিজেই লাজ লাগি গ’ল৷ ভিন্ন ৰকমৰ চেম্পু, কণ্ডিচনাৰ, চাবোনেৰে বাথৰূমটো ভৰি আছে৷ মই কিন্তু মোৰ মিছন ইতিমধ্যে আৰম্ভ কৰি দিলো৷ মানে ব্যৱহাৰ নকৰা বটলকেইটা বেগত সোমোৱালোহি ঘৰলৈ বুলি লৈ আনিবলৈ৷ গাটো ধুইহে যেন অলপ কিবা ভাল লাগি গ’ল মোৰ৷

দৰাচলতে মোৰ জন্মগত অসুখ বুলি ক’লে খিড়িকীৰ কাষত বহি ভাল পোৱা বেমাৰটোৰ উপৰিও অন্য এটাও আছে আৰু সেইটো হ’ল “হোম চিকনেছ৷” ঘৰৰ পৰা আঁতৰত থাকি পঢ়াশুনা কৰাৰ সময়তেই এই বীজাণুটোৱে কেনেকৈ জানো দেহত প্ৰবেশ কৰিলে গমকেই নাপালো৷ বহুত চিকিৎসা কৰিলো পিছে এতিয়ালৈকে আৰোগ্য লাভ কৰিব পৰা নাই৷ গতিকে এই বেমাৰৰ বীজাণুটোৱে ঘৰৰপৰা প্ৰায় ২৩০০ কিঃমিঃ আঁতৰত অৱস্থিত বিদেশৰ চহৰ বেংকক পাওঁতে কেনেকুৱাকৈ উকমুকাব পাৰে এবাৰ কল্পনা কৰকচোন! লাহে লাহে যেন মোক বেমাৰটোয়ে হেঁচা মাৰি ধৰিলেহি৷ বিছনাখনৰ কাষতে থকা হোটেলৰ ফোনটোলৈ চালো, আই এচ ডিৰ সুবিধা আছে৷ বিশ্বাস কৰক মই তেতিয়ালৈকে ভাবি আছিলো যে যিহেটো ফাইভ ষ্টাৰ হোটেলৰ কোঠা এইটো, গতিকে ৰূমটোত থকা সকলো বস্তু বিনামূলীয়াকৈয়ে ব্যৱহাৰ কৰিব পাৰিম৷ হেনজানি ঘৰলৈ প্ৰায় দহমিনিটমান আই এচ ডি কলত কথা পতাকে আদি কৰি মিনি বাৰৰ বস্তু পৰ্যন্ত খাই তহিলং কৰিলো৷ মইযে প্ৰথম দিনায়েই গৈ ইমান ডাঙৰ বেম্বো এটা নিজৰ অৰগেনাইজেচনক দিলো সেই কথা পিছদিনা কৰ্মশালাখনত উপস্থিত হৈহে গম পালো৷ আমাৰ কাউণ্ট্ৰি ডাইৰেক্টৰ আছিল মিষ্টাৰজন ষ্ট্ৰিক্টলেণ্ড নামৰ এজন আমেৰিকাৰ নিবাসী৷ আমাৰ অসমৰ এনেকুৱা ধৰণৰ কৰ্মশালা বা সভাসমিতি বিলাকত যেনেকৈ চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠান থাকে তাতো তেনেকুৱাকৈ চিনাকি পৰ্বৰেই আৰম্ভ হ’ল কৰ্মশালাখন৷ “দিচ ফানি গাই হেজ কল্ড তু হিজ হোম বাই ইউজিং হোটেলচ ফোন এণ্ড ম’ৰ’ভাৰ ফিনিসড অল ড্ৰিংকচ এণ্ড স্নেকচ কেপট ইন মিনি বাৰ ইয়েছটাৰদে” বুলি মোক জ’নে সকলোৰে আগত হাঁহি হাঁহি পৰিচয় কৰাই দিলে৷ কথা এষাৰ আছে নহয় যে ভাল হ’লেও পপুলাৰ হ’ব পাৰি আৰু বেয়া হ’লেও পপুলাৰিটি গেইন কৰিব পাৰি বুলি, মোৰ “অচিন্ত্য” নামটোও যেন সকলোৰে মুখস্থ হৈ গ’ল এই ঘটনাটোৰ জৰিয়তে৷

বাৰু সি যি কি নহওক, হাঁহি ধেমালি আৰু বহুতো লটিঘটিৰ মাজেৰে ছয়দিনীয়া কৰ্মশালাখনৰ অন্ত পেলাই তথা বুকুত অযুত স্মৃতিলৈ নিজৰ দেশলৈ বুলি জেট এয়াৰৱেজৰ বিমানেৰে উভটনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ তেতিয়ালৈকে গমেই পোৱা নাছিলো যে “ৰিজিয়নেল এগ্ৰিকালচাৰেল চাম্মিট” নামৰ পুনৰ বেংককতে অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনৰ বাবে মোৰ নামটো ইতিমধ্যে নিৰ্বাচিত কৰিছে বুলি!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক