বিয়া-গুম বেদনা (-উজ্জ্বল ফুকন)

“পোহৰৰে চাকি গছি আমি জ্বলামেই এদিন জ্বলাম” এটা পিলিঙাই এহাতেৰে হাফপেণ্টটো ধৰি ওপৰলৈ চাই গাই আছে। লগে লগে তাৰ কাষত থকা এজাক পিলিঙাই চিঞৰি তাক সহযোগ কৰিছে “জ্বলামেই এদিন জ্বলাম..”
জখলাৰ ওপৰত উঠি থকা লাইনমেনটোৱে চৈধ্যগোষ্ঠী উজাৰি সিহঁত জাকক গালি দি আছে “মাৰৰ জপৰা মূৰটো গাইছ। পেণ্ট খুলি টেষ্টাৰবোৰত যেতিয়া ভোট জলকীয়া লগাই দিম গম পাবি তেতিয়া কোন বাপেৰক জোকাই লৈছ।”

কলিতাৰ দোকানৰ সন্মুখত বহি গৰমে সিহঁতৰ কাণ্ড কাৰখানা চাই আছিল।
“তহঁতৰ আৰু কাম নাই পোৱালী জাকক সেইবোৰ শিকাই পঠিয়াবলৈ। ” কলিতাই সেইফাললৈ চাই ক’লে।
“কলিতা দা, মই নহয়। ৰমেন আৰু গহীনে শিকাই পঠিয়াইছে।” মদনে চাধা মাৰি মাৰি ক’লে।
“সি এনে সাধুবাবাটো ওলাইছে। ফুৰ্তিখিনি সিও ভগাই খাব কিন্তু ফচিবৰ সময়ত আমাৰ সৈতে নাই সি।” গহীনে মদনলৈ চাই ক’লে।
“সেইবোৰ বাদ দে। কলিতা দা, আপুনি বুধিন ককাৰ ওচৰলৈ কিবা আলোচনা কৰিবলৈ যোৱা কথা আছিল নেকি? ককা ৰৈ আছে আপোনাৰ কাৰণে। যায় যদি বলক।” ৰমেনে ক’লে।

“অ’ ব’ল ব’ল। মই পাহৰিছিলোৱেই।” কলিতাই দোকানখন বন্ধ কৰি চোলা এটা গাত সুমুৱাই সৰু বেগ এটা হাতত লৈ গৰমৰ সৈতে বুধিন বৰাৰ ঘৰৰ পিনে খোজ ল’লে।
“দেউতা, ভাল নে খবৰ?” বুধিন বৰাৰ ঘৰৰ জপনাৰ পৰাই মাত লগালে কলিতাই।
বুধিন বৰাই উত্তৰ দিয়াৰ আগতেই জেকপটে কলিতাৰ গায়ে মূৰে চেলেকি বুজাই দিলে যে সি ঠিকেই আছে।
“ভালেই অ’ নৰোত্তম। তোৰ কাৰণেই ৰৈ আছিলো। কি খবৰ তোৰ? বিয়াৰ যা-যোগাৰ কিমান আগবাঢ়িছে?” বুধিন বৰাই সুধিলে।

“সেইবোৰেই কথা পাতিব আহিছোঁ দেউতা। জানেই মোৰ আগে পিছে কোনো নাই। কাক সুধিম কি কৰিম ভাবি ভাবি আপোনাৰ মুখখনেই মনত পৰিল। মা-দেউতা-ভাই-ভনী থকা হলে বিয়াখন পাতিবলৈ ইমান চিন্তা কৰিব লগা নহ’ল হয়।” কলিতাই দুখেৰে ক’লে।
“এহ, তই চিন্তা নকৰিবি। আমি আছো নহয়। প্রথমে মোক ক’ কিমান মানুহ মাতিবি তই? আৰু কাক কাক মাতিবি লিষ্টখন তৈয়াৰ কৰ।” বুধিন বৰাই ক’লে।
“কলিতা দা, কিনো দুখ দুখ কৈ থাকে আপুনি। সকলোৰে দুখ আছে দিয়কছোন। কি কৱ ৰমেন?” মদনে ক’লে।
“তহঁতে কি বুজিবি অ’ দুখ বস্তুটো খাই নে পিন্ধে।” কলিতাই দুৰলৈ চাই ক’লে।
“সি ঠিকেই কৈছে নৰোত্তম। দুখ সকলোৰে আছে। কোনোবাই সৰু সৰু কথাকে দুখ বুলি ভাবে আৰু যেতিয়া প্রকৃত আঘাত পায় তেতিয়াহে বুজি পাই আগতে ভাবি থকা দুখবোৰ কিমান পাতল আছিল। এটা কথা মনত ৰাখিবি ধুমুহাত ডাঙৰ গছবোৰহে উভাল খাই পৰে। আমাৰ দৰে সৰু গছবোৰ যুঁজি যুঁজি জীয়াই থাকে।” বুধিন বৰাই ক’লে।
মদনে ঠিক বুজি নাপালে ককাকে তাক সমৰ্থন কৰিলে নে উপলুঙা কৰিলে।
“তহঁতৰ মন, তহঁতৰ প্রয়োজন বেলেগ বেলেগ। সেয়েহে তহঁতৰ প্রত্যেকৰ দুখৰ সংজ্ঞাও ভিন্ন। যৌৱনৰ দুৱাৰখনৰ পিছপিনে থাক্ বা আগপিনে থাক্ তহঁতৰ দুখবোৰ কিন্তু আমাৰ দৰে বুঢ়া চকুৱে দূৰতে চিনি পায়।” বুধিন বৰাই হাঁহি হাঁহি ক’লে।
“কওকচোন ককা আমাৰ কাৰ চকুত কি দুখ দেখিছে আপুনি?”ৰমেনে ক’লে।
“যৌৱনৰ এটা বয়সৰ পিছত যিমানেই না বুলি নকৱক কিয় সকলোৰে দুখবোৰ ‘বিয়া’ৰ লগত জড়িত। তহঁতকেইটাও নিজে নজনাকৈ বেলেগ বেলেগ ‘বিয়া’ৰ লগত জড়িত দুখত সাঙোৰ খাই আছ। ৰমেনৰ কথা অলপ বেলেগ। সি নিজকে কলিৰ কৃষ্ণ বুলি ভাবে। তাৰ মতে ছোৱালী সি বিছাৰিলেই পাব। কিন্তু কথাটো তেনে নহয়। যেতিয়া সি বিয়া পাতিবৰ মন কৰিব তেতিয়া লগ পাই অহা আটাইবোৰ ছোৱালীৰ ভাল গুণবোৰ এজনী ছোৱালীৰ মাজতে বিছাৰি হাবাথুৰি খাব। নিজে যিহেতু বহুত লীলা খেলা কৰি আহিছে সেয়েহে সি ছোৱালীজনীৰ অতীতৰ খবৰ খুঁচৰি চাব।”
“মানে হিষ্ট্রীৰ কথা কৈছে ককা?” গহীনে মাত লগালে।
“অ’ হিষ্ট্রীৰ কথা কৈছো। ছোৱালীজনীৰ বুৰঞ্জী।” বুধিন বৰাই হাঁহি হাঁহি ক’লে।
“কিন্তু ৰমেনে দেখোন ছোৱালীৰ হিষ্ট্রীতকৈ জিয়গ্রাফিত হে বেছি মন দিয়ে।” মদনে ৰমেনলৈ চাই ক’লে।
“চুপ থাক। হিষ্ট্রী জিয়গ্রাফী দুয়োটাই এতিয়া পাঠ্যক্রমত নাই। চৰকাৰেও পাত্তা নিদিয়ে।” ৰমেনে উত্তৰ দিলে।

“যেতিয়া ছোৱালীৰ হিষ্ট্রী বিছাৰি যাব তেতিয়া সি বুজি পাব যে সি এৰি থৈ অহা ছোৱালীবোৰ বহুত ভাল আছিল। সি সিহঁতক বিছাৰি ঘূৰি যাব। কিন্তু তেতিয়ালৈ সকলোৰে বিয়া হ’ব আন কাৰোবাৰ লগত বা আন কাৰোবাৰ সৈতে বিয়া ঠিক হ’ব। তেতিয়া আমাৰ ৰমেন পাইও হেৰুৱাৰ বেদনাত ভাগি পৰিব। এক প্রকাৰৰ বিৰহ বেদনা। আৰম্ভ হোৱা নাই এতিয়াও। কিন্তু অতি সোনকালে হ’ব যেন লাগিছে।” বুধিন বৰাই কলে।
“কি কয় ককা। কিবা এটা উপায় দিয়ক তেন্তে।” ৰমেনে বুধিন বৰালৈ চাই ক’লে।
“উপায় তোৰ হাততে আছে। যিজনীৰ লগত এতিয়া ঘূৰি আছ তাইকে ঠিক কৰি পেলা। বেছি ভাল বিছাৰি থাকিলে গেলা টেকেলিত হাত পৰিব চাবি” বুধিন বৰাই কলে।
“ঠিক কৈছে দেউতা। মইও দৈ টেকেলি কিনিব গ’লে বেছি বাচি নাথাকো। তপককৈ এটা উঠাই লও।” কলিতাই ক’লে।

“বাৰু ককা আমাৰ মদনৰ কথা কি কয় আপুনি” ৰমেনে ক’লে।
“আমাৰ মদনৰ বেদনা ‘বিৰহ’ বেদনা নহয় ‘বিয়া-ৰহ’ বেদনা। মানে বিয়ালৈ ৰৈ থকা বেদনা। সি মনে মনে ছোৱালী চাই থাকে কিন্তু ছোৱালীয়ে তাক দেখিলে দূৰতে পলাই। সি কিন্তু তথাপিও অপেক্ষা কৰি আছে। কাৰণ অপেক্ষাৰ ফল সদায় মিঠা হয়।” বুধিন বৰাই ক’লে।

“অ’ ককা, ঠিক সেই মহাজনৰ বাৰীৰ আমবোৰৰ দ’ৰে। মই কলি ওলোৱাৰ পৰা ৰৈ থাকোঁ আৰু এদিন যেতিয়া পকা আমটো মোৰ হাতত পৰে তেতিয়াহে বুজি পাওঁ অপেক্ষাৰ ফল কিমান মিঠা।” মদনে দুৰৰ আমগছজোপালৈ চাই ক’লে।
“এইটোৱে খালি খোৱাৰ কথা ভাবি থাকে। বাৰু ককা আমাৰ গহীনৰনো কি বেদনা আছে। সিটো বিয়াও পাতিলে।” ৰমেনে সুধিলে।

“গহীনৰ মন নিজাকৈ কিবা বিজনেছ মানে বেপাৰ কৰাৰ। কিন্তু কিবা কাৰণত সি সফল হ’ব পৰা নাই। কিন্তু মোৰ অনুমান তাৰ দুখ ‘বেপাৰ’ কৰিব নোৱাৰা নহয়, ‘বিয়া-পাৰ’ হোৱাৰ দুখ। তহঁতে যেতিয়া বিয়াৰ কথা পাত সি অস্বস্তি পাই কাৰণ তাৰ সেই কাহিনীটো কেতিয়াবাই শেষ হ’ল।” বুধিন বৰাই গহীনলৈ চাই ক’লে।
“আৰু কলিতা দা?” গহীনে বেদনাৰ বলটো কলিতাৰ ফালে থেলি দিলে।

“কলিতাদাৰ আগতে বেদনা আছিল ‘বিয়া-গুম’ বেদনা। এই ‘গুম’টো গুমছুদা তলাচ কেন্দ্রৰ গুম। মানে বিয়া হেৰাই গৈছিল কলিতাদাৰ জীৱনৰ পৰা। কিন্তু এতিয়া সেই চিন্তা নাই। এতিয়া কেৱল বিয়াখন পতাৰ চিন্তা। হয় নে নহয় কলিতা দা?” ৰমেনে সুধিলে।
কলিতাই ৰমেনৰ কথাৰ একো উত্তৰ নিদি বুধিন বৰাক সুধিলে “দেউতা, বিয়ালৈ মানুহ কাক কাক মাতিম কওকছোন?”
“অ’ সেইটো তোৰ নিজৰ কথা। কিন্তু এটা কথা মনত ৰাখিবি সেইবোৰ মানুহকহে নিমন্ত্রণ কৰিব লাগে যিবোৰে তোৰ মনত কিবা এটা চাপ ৰাখি থৈ গৈছে। যিকোনো মানুহ তাৰ নিজৰে বুঢ়া আঙুলিৰ নিচিনা হ’ব নোৱাৰে। বুঢ়া আঙুলিয়ে কেতিয়াও নিজৰ চৰিত্র নেহেৰুৱাই। ”
বুধিন বৰাই কলে।
“মানুহ বুঢ়া আঙুলিৰ নিচিনা কেনেকৈ হ’ব?” মদনে নিজৰ চুটি আৰু থোলোকা বুঢ়া আঙুলিটোলৈ চাই একো নুবুজাৰ ভাবত ভোৰভোৰালে।
“ইম্প্রেছনৰ কথা কৈছে অ’ ককাই। বুঢ়া আঙুলিৰ চাপ গোটেই জীৱন একেই থাকে কিন্তু মানুহৰ ইম্প্রেছন সময়ৰ সৈতে সলনি হয়। সেয়েহে এনে মানুহক মাতিব লাগে যি কোনোবা নহয় কোনোবা মূহুৰ্তত কলিতা দাৰ মনত সাঁচ বহুৱাই থৈ গৈছে।” ৰমেনে ভালকৈ বুজাই দিলে।

কিবা এটা বুজি পোৱা যেন লগাত কলিতাই এইবাৰ হাতত থকা সৰু বেগটোৰপৰা কিতাপ এখন উলিয়াই বুধিন বৰাক দিলে।
“অসমীয়া ব্যাকৰণ” কিতাপখনৰ নামটো মনৰ ভিতৰতে পঢ়ি বুধিন বৰাই সুধিলে ‘এইখন মই কি কৰিম নৰোত্তম?’
“দেউতা, ‘অসমীয়া বিয়াকৰণ’ মোৰ মতে এইখনত অসমীয়া বিয়া কেনেকৈ পাতিব লাগে সকলো লিখা আছে। আপুনি বুজাই দিলেই হ’ল।” কলিতাই বিয়া কৰণ বুজিবলৈ বুধিন বৰাৰ কাষ চাপি আহিল।
“হেৰৌ এইখন ‘বিয়াকৰণ’ নহয়, ‘ব্যাকৰণ’। খালি খালি তই। অৱশ্যে অসমীয়া ভাষাত ইংৰাজী, হিন্দী আৰু বঙালী ভাষাৰ শব্দৰ যি প্রয়োগ হৈছে সোনকালেই ইহঁতৰ বিয়া হ’ব যেন পাওঁ। এনেকৈ থাকিলে ‘দ্ৰৌপদী’ৰ দৰে হব অসমীয়া ভাষাটো। আৰু দ্ৰৌপদীৰ লৰাটোক ভীম বা অৰ্জ্জুনৰ নামেৰেহে বেছিকৈ জনা যাব। দ্ৰৌপদীক মনত ৰাখিব মাথোঁ বস্ত্র হৰণৰ বাবে” বুধিন বৰাই কলিতালৈ চাই ক’লে।
“হয় ককা, আমিও জনা নজনাকৈ ‘বিজনেছ’ ‘হিষ্ট্রী’ ‘জিয়গ্রাফী’ ‘গুমছুদা’ ‘ইম্প্রেছন’ আদি শব্দ ব্যৱহাৰ কৰিলোৱেই নহয়।” ৰমেনে কলে।
“ঠিক কৈছ। দৰাচলতে অসমীয়া শব্দবোৰ হেৰাই যোৱাত আমি সাধাৰণ ৰাইজেই ইন্ধন দিছোঁ। একপ্রকাৰৰ পৰকীয়া প্রেমৰ প্রভাৱ।।” বুধিন বৰাই ক’লে।
“কলিতা দাই মানে ‘বিয়া কৰণৰ’ জ্ঞান লৈ ‘বিয়া-পাৰ’ কৰিম বুলি ভাবিছে।” মদনে হাঁহি হাঁহি ক’লে।
দৰা দৰা লগা ভাবটোৰে কলিতাইও সকলোৰে সৈতে হাঁহিত যোগ দিলে।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক