বিলাস, মিচকেৰেজ- বিদিশা দত্ত

 

বিলাস

ভাত ৰান্ধি থাকোঁতে লৰা ছোৱালী হালৰ প্ৰশ্ন, “মা, আজি কি বনাইছা?” “মাছৰ টেঙা আৰু পাৰ মাংসৰ জালুকীয়া৷”

দুয়োটাই নাক কোঁচাই কৈ উঠে, “ইচ্! এইবোৰনো কি ভাল পোৱা ইমান! চিলি ফিচ্, বাটাৰ চিকেন এইবোৰ বনাবলৈ শিকি ল’বাছোন৷”

এনে সময়তে মাকজনীৰ মনত নিজৰ শৈশৱটোৱে উকমুকাই উঠে৷ তেওঁ অস্ফুটস্বৰেৰে কৈ উঠে, “সংসাৰৰ কিমান মানুহৰ বাবে মাছে মঙহে এসাঁজ ভাত খোৱাটো বিলাসিতাৰ বাদে একোৱেই যে নহয়, সেয়া তোমালোকে অনুভৱ কৰিব লগা হোৱা নাই৷ বহুত ভাগ্যৱান তোমালোক৷”


 

মিচকেৰেজ

থুনুক- থানাক খোজেৰে কণমানিজনী আগলৈ গৈ আছে৷ পাচঁ- ছয় বছৰীয়া ককায়েকে পিছে পিছে দৌৰি গৈও তাইক ধৰিব পৰা নাই৷ সি চিঞৰিছে “মা ভণ্টিক ধৰাছোন৷”
কিবা কাৰণত খান্দি থোৱা দ গাঁত এটা অলপ আগত আছে৷ মুহূৰ্ততে কণমানিজনী গৈ সেই গাঁতত পৰিলগৈ৷
……খকমককৈ সাৰ পাই উঠিল মানুহজনী৷ এই দুঃস্বপ্নই কিয় জানো বাৰে বাৰে দেখি থাকে তেওঁক! অংকুৰিত হোৱা তেওঁৰ সেই সপোন কেইবাদিনৰো আগতেই এচমকা তেজৰ সোঁতত উটি ভাঁহি থানবান হৈ গৈছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক