বিশেষ(-চন্দ্ৰমা কলিতা)

আন্ধাৰৰ মাজতে কহুঁৱাই দিনটোৰ কথাবোৰ মনৰ ক’ৰবাত তাই দেখা নোপোৱাকৈ লুকুৱাই থ’বলৈ আপ্রাণ চেষ্টা কৰি আছিল। নয়নৰ তাইৰ ফালে চাই মৰা হাঁহিটো,তাইৰ লগত দিনটোৰ ছঘণ্টা একেলগে কটোৱা হিয়াই তাইক হঠাতে অচিনাকীৰ দৰে আচৰণ কৰাটো, গৌতম চাৰে কিবা ক’ব খুজিও একো নোকোৱাটো—এই সকলোখিনি বাৰে বাৰে তাইৰ মনলৈ আহি আছে। একোবাৰ বাগৰ সলাই, একোবাৰ চকুদুটা জোৰেৰে মুদি তাই যিমানে কথাবোৰ পাহৰিব খুজিছে সিমানে বেছিকৈ মনলৈহে আহি আছে। লাহে লাহে তাই অতীষ্ঠ হৈ পৰিছে। ঘৰৰ আটাইৰে মৰমৰ কহুঁৱাজনীৰ খং এটা উঠি আহে।
“হে ভগৱান আজিৰ দিনটো যদি মোৰ জীৱনৰ পৰা ‘গায়ব’ কৰি দিব পাৰিলোহেঁতেন।“ তাই ক’ব নোৱাৰাকৈয়ে কৈ উঠে।
“পাগলী, কি গায়ব কৰ ঐ?”
আন্ধাৰৰ মাজতে কথাষাৰ শুনি তাই খপ্‌জপ্‌কৈ উঠি বহে আৰু লগাতকৈ বেছি ডাঙৰকৈ কৈ উঠে, ”মাথা নাখাবি। এনেই মোৰ আজি খং উঠি আছে।“
এইবাৰ আগন্তুকে বিজুলী বাতিটো জ্বলাই দি তাইৰ সম্মুখত বহেহি। কহুঁৱাই সদায় তাক এনেকৈ কয়। কিন্তু কোৱাঁৰ ধৰণটো সময় আৰু পৰিস্থিতি অনুযায়ী সদায় বেলেগ হয়। সি বুজি পায়। ভনীয়েকৰ উশাহটো শুনিও সি কৈ দিব পাৰে তাইৰ মনৰ অৱস্থা।
“কি হ’ল ক এতিয়া।“ পোণেপোণে মৃন্ময়ে তাইক সোধে।
“আজি স্কুলত বেয়াকৈ লাজ পালোঁ।“ কহুঁৱাই লাহেকৈ কয়। “চালা এডভান্স মেথচ্ ত অকল ৯ পালো ২০ৰ ভিতৰত। নয়নে ১৯ আৰু হিয়াই ২০ পাইছে। মই কম পাম বুলি জানিছিলোৱেই কাৰণ মই এতিয়ালৈ বিষয়টোত ভালকৈ সুমুৱাই নাই। নেক্সট পৰীক্ষাটো ভালকৈ দিম বুলি ভাবি থৈছিলো। কিন্তু আজি নয়ন আৰু হিয়াই কিয় এনেকুৱা কৰিলে ভাবি পোৱা নাই। সিহঁতে নিজৰ নম্বৰবোৰ পোৱাৰ পাছত বাকী সময়খিনি মোৰ সৈতে অচিনাকীৰ দৰে ব্যৱহাৰ কৰিলে। আৰু গৌতম ছাৰেও মোক একোৱেই নক’লে। কিয় বেয়া হ’ল, কি বুজা নাই এবাৰটো সুধিব পাৰে। বৰ অশান্তি লাগি আছে অ’।” একে উশাহতে কথাখিনি কৈ কহুঁৱা ৰ’ল, কাৰণ ইমানপৰে তাইক অশান্ত কৰি ৰখা কথাখিনি ককায়েকৰ আগত কওঁতে তাই অজানিতে উচুপি উঠিল।

মৃন্ময় অলপ সময় মনে মনে ৰ’ল। ভনীয়েকজনী এনেকুৱাই তাৰ। কিবা এটা হ’লেই তাৰ আগত কৈ চকুপানী নুটুকিলে তাইৰ নহ’বই একো। কহুঁৱা এইবাৰ তাৰ কাষ চাপি আহি ভালকৈ বহিল।
“জান দাদা, মই ভাবি আছিলোঁ ক্লাছত মোৰ বহুত সন্মান আছে। কিন্তু আজি এটা বিষয়ত কম নম্বৰ পাই মই বুজি উঠিলো, মই বহুত ভাল নম্বৰ পালেহে দুনিয়াখনত মই আছোঁ। নহ’লে কোনেও পাত্তাই নিদিয়ে।“ এইবুলি কৈ কহুঁৱা এইবাৰ বেছি গহীন হৈ পৰিল।
মৃন্ময়ো এইবাৰ গহীন হ’ল।
“শুন পাগলী, আজি এটা পৰীক্ষাত তই কম নম্বৰ পালি বাবেই তোৰ লগত অনবৰতে ছাঁৰ দৰে লাগি থকা বন্ধু-বান্ধৱীবোৰ অচিনাকি হৈ পৰাত তই দুখ পাইছ। কিন্তু চা, জীৱনৰ ভাল সময়খিনিৰ লগতে দুখৰ সময়খিনিটো যি তোৰ কাষে কাষে থাকিব নোৱাৰে সেইজন জানো তোৰ আচল বন্ধু? গতিকে এই ফাল্টু কথাবোৰত নিজৰ মনটো বেয়া কৰি নাথাকিবি। সিহঁতক অলপ সময় দে। লাহে লাহে সকলো আকৌ সহজ হৈ পৰিব। মাত্র তই বুজি থ, কোন তোৰ আচল বন্ধু আৰু কোন নকল। বুজিলি পাগলী ?” মৃন্ময়ে ক’লে ।
কহুঁৱা এইবাৰ অলপ শান্ত হ’ল। তথাপিও তাইৰ গোটেইখিনি অস্বস্তি মাৰ ন’গল। গাৰুটোত ভুকু এটা মাৰি তাই পুনৰ কান্দোন মিহলি মাতটোৰে কৈ উঠিল, ”আৰু গৌতম ছাৰে মোক কিয় একোৱে নক’লে? অন্ততঃ কিয় বেয়া হ’ল সুধিবটো পাৰে।“
“আঁকৰী তোক ছাৰে কি চিনি নাপাই নেকি? তই যে এই নম্বৰ কম পোৱা ঝটকাটোতে শিকিবলগীয়াখিনি শিকি ল’বি ছাৰে জানে। সেয়ে একো নকলে তেওঁ। এতিয়া ব’ল, মায়ে চাহ খাবলৈ মাতিছে“, মৃন্ময়ে মৰমেৰে ক’লে।
চাহৰ নাম শুনি কহুঁৱা সচকিত হ’ল। তাই ঘড়ীটোলৈ চকু দিলে। ৫বাজি ১৫মিনিট। তাৰমানে আবেলি স্কুলৰ পৰা আহি তাই ইমানপৰে অকল ট্রেজেদিয়ে ফালিলে। ককায়েক নহা হ’লেটো তাই এইবোৰ ভাবি ভাবি আৰু সময় নষ্ট কৰিলেহেঁতেন। হাৱাই চেন্দেলজোৰ চোঁচৰাই চোঁচৰাই তাই পাকঘৰ পালেগৈ।
“মা চাহ দে,” এইবুলি কৈ কহুঁৱা টিভিৰ সন্মুখত বহিল। ওপৰে ওপৰে চেনেলবোৰ পঁকাই পঁকাই একে সময়তে বহু কথা একেলগে ভাবি ভাবি তাই এতিয়া চাহ খাব। চাহ মানে অকণমান চাহপাত মিহলাই দিয়া গৰম গাখীৰ। তাৰপিছত তাই পঢ়া টেবুলত বহিবগৈ।
মাকলৈ চাই কাম হৈ গ’ল বুলি ইংগিততে কিবা এটা কৈ মৃন্ময়ো কাষতে বহিলহি। সি একাপ কাঢ়া চাহ খাব। কহুঁৱাৰ দৰে তাৰ ভাষাত অদ্ভুত সোৱাদৰ বস্তুবোৰ খোৱাৰ অভ্যাস তাৰ নাই।
১৪ বছৰীয়া এই কহুঁৱা নামৰ কিশোৰীজনীৰ বাবে ককায়েক যেন সকলো প্রশ্নৰ শুদ্ধ উত্তৰ। এক কথাত ক’বলৈ গ’লে তাইৰ সৰু কিন্তু তাই অকলে চম্ভালিব নোৱাৰা জীৱনটোৰ সকলো সমস্যাৰ একমাত্র আৰু বিশ্বাসযোগ্য সমাধান সি। মাকো কহুঁৱাৰ এজনী ভাল বান্ধৱী। আজৰি সময়ত তাই মাকৰ সৈতে ফুল ৰুৱে, পাকঘৰৰ কাম কৰে, সৰু ছোৱালী এজনীৰ দৰে আব্দাৰবোৰ ধৰে। এই সকলো ভাললগাবোৰৰ মাজতো নয়ন আৰু হিয়াৰ দৰে লগৰ লৰা-ছোৱালীবোৰৰ আচৰিত ব্যৱহাৰবোৰে, তাইৰ ধুনীয়া আখৰবোৰৰ কাষত কেশৱ ছাৰে মৰমতে আঁকি দিয়া ফুলটো দেখি হিয়া গম্ভীৰ হৈ যোৱাটোৱে, শ্রেণীকোঠাৰ পৰিবেশটো গ্রাস কৰি পেলোৱা নয়নহতঁৰ প্রতিযোগিতাৰ মনোভাৱটোৱে আৰু কোনোবাই তাইক হঠাৎ বেয়া পাই যাব বুলি অনবৰতে লাগি থকা ভয় ভয় ভাৱটোৱে তাইৰ মনটো কোঁচ খুৱাই নিয়ে। স্কুলত সদায় লগপাই থকা লগৰবোৰক তাই কিমান ভাল পায় অথচ তাইৰ প্রতি যেন এটা জেদভাৱ সদায় সিহঁতৰ মনত আছে। এইযে শ্রেণীত কহুঁৱা সদায় প্রথম হয়, শান্ত আৰু ধীৰ স্বভাৱৰ বুলি শিক্ষকসকলে তাইক খুব মৰম কৰে, এইবোৰেই নেকি কাৰণ? কথাবোৰ ভাবি ভাবি তাই প্রায়ে অন্যমনস্ক হৈ পৰে।
এডভান্স্‌ড মেথ্‌চত কম নম্বৰ পোৱা ঘটনাটোৰ তিনিমাহ পাৰ হৈ গৈছে। নয়ন আৰু হিয়াই সেইদিনটোৰ পাছদিনাৰ পৰাই তাইৰ স’তে স্বাভাৱিক আচৰণ কৰি আছে। মাথো কহুঁৱাইহে কথাবোৰ সহজভাৱে ল’ব নোৱাৰে। তাই যেন আগতকৈ আৰু অলপ সংকুচিত হৈ পৰিছে। স্কুলত থকা সময়খিনিৰ বাহিৰে বাকী সময়খিনি তাই সিহঁতক প্রায় উপেক্ষা কৰি চলে। কিতাপ, গানৰ কেছেট আৰু মৃন্ময়ৰ সৈতেই যেন তাইৰ এখন ধুনীয়া পৃথিৱী। এই ধুনীয়া পৃথিৱীখনতে যেন তাই বেছি সুৰক্ষিত।
ককায়েকলৈ ৰৈ ৰৈ আজি কঁহুৱা অস্থিৰ হৈ পৰিছে। তাই স্কুলৰ পৰা আহি পোৱাৰ আগেয়েই সি টিউচনলৈ ওলাই গৈছে। আহি পাবৰ সময় হৈছে যদিও সি আহি পোৱা নাই।
“পাগলটোৱে আজিহে ইমান দেৰী কৰিব লাগেনে?” ঘড়ীটোলৈ চাই চাই তাই নিজকে কৈ উঠে।
এনেতে এটা শব্দ শুনি তাই হাঁহি দিয়ে। সেয়া ককায়েকৰ চাইকেলখনৰ শব্দ।
দৌৰি বাহিৰ ওলাই তাই মৃন্ময়ক কৈ উঠিল, “অ’ই ইমান দেৰিৰ পৰা তোলৈ ৰৈ আছোঁ । মস্ত খবৰ আছে। আহ ৰুমলৈ।”
মৃন্ময়ক তাই প্রায় চোঁচৰাই নিয়াৰ দৰেই ভিতৰলৈ নিলে। এইবাৰ তাই মৃন্ময়ৰ হাতত পাৰ হৈ যোৱা ছমহীয়া পৰীক্ষাটোৰ উত্তৰবহী এখন তুলি দিলে। বহীখন এদভান্স্‌ড মেথ্‌চৰ। মুঠ ১০০নম্বৰৰ ভিতৰত ৯৮ পাইছে তাই।
“কিবা এটা ক আকৌ,” কঁহুৱাই ক’লে। ককায়েকৰ পৰা কিবা এটা ভাল মন্তব্য শুনিবলৈ তাই উদগ্রীৱ হৈ পৰিছে।
“পাগলী মই কিডাল কৈ ফালিবলৈ আছে? তই এইবাৰ উৰুৱাই দিবি বুলি মই মাক কৈ থৈছিলোৱেই। মই তোক ৰাস্তা দেখুৱাই নাথাকিলে ক’ত তই এনেকৈ এবাৰ ফেইল মৰা পেপাৰ এখনত ইমান ভাল কৰিব পাৰিলিহেতেঁন?” মৃন্ময়ে ভনীয়েকৰ চুলি কেইডালমান টানি কৈ উঠিল।
তাৰো ভাল লাগিছে। ভনীয়েকজনীয়ে এইদিনটোৰ বাবে যোৱা তিনিমাহে কৰা যত্নখিনি সি দেখিছে।
“মোৰ চব ভাল কামতে ক্রেডিট লোৱাৰ অভ্যাস কেতিয়া যাব তোৰ? তোলৈ বাৰু মই পকেটমানিৰ পইচা বচাই Kwalitywall’s ৰ black desert আইচক্রিম আনিম। কিন্তু…” ক’বলৈ যেন কিবা এটা এতিয়াও বাকী আছে এনে ভাৱত কহুঁৱা মনে মনে ৰ’ল।
“হ’ল এইজনীৰ আকৌ নতুন সমস্যা। ক আকৌ কি ক’ব খুজিছ।“ এইবুলি কৈ মৃন্ময় অলপ গহীন হ’ল। মৰমৰ এই পুতলাজনীৰ উশাহটোলৈকে চিনি পাই সি।
কঁহুৱা অন্যমনস্ক হৈ থাকিল।
“পাগলী ক’বিনে?” সি এইবাৰ তাইৰ বাহুত লাহেকৈ হেচুঁকি দিলে।
“মানে তই খং নকৰিবি হাঁ। মোৰ মানে এটা ডাউট এতিয়াও আছে। মই বাৰু ভালকৈ পঢ়ি, যত্ন কৰি এই কম নম্বৰ পোৱা বেছি নম্বৰ পোৱা ধৰণৰ প্রব্লেমবোৰ সমাধান কৰি ল’ম। কিন্তু কেতিয়াবালৈকে মই বিচৰাধৰণৰ বান্ধৱী এজনী পামনে? তোৰ ইমান ভাল ভাল বন্ধু আছে আৰু সেয়ে তই সদায় ঘৰৰ বাহিৰতো মুকলি মনেৰে থাকিব পাৰ। মই কি সদায় সেই হিয়াহতঁৰ লগতে কামোৰ খাই থাকিব লাগিব নেকি?” কহুঁৱাজনীয়ে তাইৰ স্বভাৱসুলভ সৰলতাখিনিৰে কৈ উঠিল।
ককায়েকক তাই কি কি যে সুধি নাথাকে। কথাখিনি কৈ তাইৰ অলপ লাজ লাজো লাগিল।
“পাগলী তই সচাঁই পাগলী। বান্ধৱী পোৱাৰ সময় উকলি যোৱা নাই নহয়। এতিয়া তই পঢ়া-শুনাত মন দে। ভালপোৱা কামবোৰ কৰ। নিজকে কলুষতাবিহীনভাৱে উপযুক্তকৈ গঢ় দে। তোৰ জীৱনত এটা বিশেষ দিন আহিবই যিদিনা তই মনে বিচৰা বন্ধু বা বান্ধৱীজনী পাবি। সেইদিনটোলৈ তই ভালকৈ আগুৱাই যা। এনেকৈ আগুৱাই যা যে তয়ো তাইৰ বাবে বিশেষ হ’ব পাৰ যেনেকৈ তাই তোৰ বাবেও হ’ব।“ মৃন্ময়ে ক’লে। নিজতকৈ ৬বছৰ সৰু ভনীয়েকজনীক সি এইবোৰ কথাওযে ক’বলগা হয় কোনেওটো বিশ্বাস নকৰিব। সি এইবাৰ পৰিবেশটো পাতল কৰাৰ মনেৰে কহুঁৱাৰ পিঠিত ভুকু এটা মাৰি ক’লে, ”এতিয়া এইবোৰ বাদ দে। ব’ল টি.ভি. চাওগৈ।“
ভুকুটো খাই কহুঁৱাই আনদিনাৰ দৰেই মা বুলি এনেই চিঁঞৰি দিলে। তাই ভালকৈ জানে, মাকে আজিকালি এইধৰণৰ চিঞৰবোৰলৈ কাণ নিদিয়ে। ককায়েকৰ পাছে পাছে বহাকোঠালৈ এখোজ দি কহুঁৱা আকৌ ৰৈ দিলে।
“তই গৈ থাকচোন।মই ১ মিনিটত গৈ আছো,” তাই ককায়েকক ক’লে।
কহুঁৱা প্রায় লৰ মাৰি পঢ়া টেবুলখনৰ কাষলৈ গ’ল। কবিতা লিখা তাইৰ গোপন নোটবুকখন কিতাপ এজাপৰ তলৰ পৰা উলিয়াই তাই এখন্তেক কিবা ভাবিলে আৰু কলমটো তুলি একে উশাহতে লিখি পেলালে,

“হিয়াৰ কুঁকিত সযতনে সাঁচি থ’ম তোমালৈ,
এআকাশ তৰালিৰ মৌসনা হাঁহি…।
আলফুল হাতত আঁজলি ভৰাই বুটলিম
বিশ্বাস আৰু আস্থাৰ মিঠা সুৰভি…।
বিশাল পৃথিৱীখনৰ উদাৰ এটি কোণত এদিন
দুয়ো দুয়োৰে বাবে বিশেষ হ’ম আমি।“

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments