বিশ্ববিদ্যালয় শিক্ষা ও মূল্যাংকন পদ্ধতিৰ সম্পৰ্কে মোৰ অভিজ্ঞতা (সুব্ৰত গগৈ)

বিশ্ববিদ্যালয় শিক্ষা ও মূল্যাংকন পদ্ধতিৰ সম্পৰ্কত মোৰ অভিজ্ঞতাৰ কথা কবলৈ ওলাইছো ।

আগতে অসমত ছাত্রই নম্বৰ নাপাইছিল। আজিকালি পাব লৈছে, কিন্তু তথাপি ভাৰতৰ অন্য ব’র্ড বা বিশ্ববিদ্যালয়ৰ তুলনাত কম নম্বৰ পায়। অসমৰ শিক্ষাবিভাগৰ লগত জড়িতসকলৰ মনত এটা অহংকাৰবোধ আছে যে আমাৰ ইয়াত নম্বৰ পোৱা সহজ নহয়, অর্থাৎ আমাৰ শিক্ষাব্যৱস্থা উচ্চ মানৰ। কিন্তু তেওঁলোকৰ এই অহংকাৰৰ বোজাত কুঁজা হৈছে অসমৰ ছাত্র-ছাত্রী সকল। অলপতে দুই এজনে কৈছে যে এছাইনমেন্টৰ নম্বৰ ইমানেই পায় যে আচল পৰীক্ষাত ১০-১৫ নম্বৰ পালেই হৈ যায়। কিন্তু মই দেখাত কথাটো এনেনহয়। আছলতে বাহিৰৰ বহুতো বিশ্ববিদ্যালয়ৰ নম্বৰ দিয়া পদ্ধতিটো সাপো মৰক, লাঠিও নাভাঙক নিচিনাহে। মই পঢ়া বিশ্ববিদ্যালয়খনৰ মূল্যাংকন পদ্ধতি এনেআছিল। (http://vtu.ac.in/ )

১) ছেমিষ্টাৰ পৰীক্ষা পদ্ধতি।
২) প্রতি ছেমিষ্টাৰত ৫ খন থিয়ৰী আৰু দুখন প্রেক্টিকেল পেপাৰ।
৩) প্রতিখন থিয়ৰী ও প্রেক্টিকেল পেপাৰৰ বাবে তিনিটা ইন্টাৰ্নেল পৰীক্ষা হয় ( ৫০ + ৫০ + ৫০ ) নম্বৰৰ।
৪) BEST OF THREE হিচাপত যিটো ইন্টাৰ্নেল্ পৰীক্ষাত বেছি নম্বৰ পায়, সেইটোকহে হিচাপত ধৰা হয়।
৫) যদি কোনো ছাত্র কোনোবা এটা বিষয়ত ৪০ মানতকৈ কম নম্বৰ পায়, তেন্তেতেওঁলোকৰ বাবে বিশেষভাৱে আৰু এটা পৰীক্ষা অনুস্থিত কৰা হয়, যাতে তেওঁলোকেনম্বৰ বঢ়োৱাৰ সুবিধা পায় ; অর্থাৎ BEST OF FOUR
৭) থিয়ৰীত ১০০ নম্বৰৰ পৰীক্ষা ( ৫ খন থিয়ৰী, দুখন প্রেক্টিকেল )
৮) থিয়ৰীত পাছ কৰিবৰ বাবে নুন্যতম নম্বৰ হ’ল ৪০
৯) কিন্তু পাঁচোখন পেপাৰৰ মিলাই যদি গড়ে ৪৫ত কৈ কম নম্বৰ হয়, তেন্তে ছাত্রজন ফে’ল কৰিব।
১০) প্রেক্টিকেলত অলপ ভাল কৰিলেই ১০০ৰ ভিতৰত ৯০-৯৫ আশা কৰিব পাৰি।

কিন্তু ইয়াত থকা পাকটো হ’ল ইন্টার্নেল পৰীক্ষাত নম্বৰ পাবলৈ যিমানেই সহজ, মূল পৰীক্ষাত নম্বৰ পাবলৈ সিমানেই টান। মূল পৰীক্ষাত ১৬ টা প্রশ্নৰ ভিতৰত১০ টা প্রশ্নৰ উত্তৰ লিখিব লাগে। প্রতিটো প্রশ্নৰ নম্বৰ ১০।

এজন সাধাৰণ ছাত্রৰ নম্বৰ এনে ধৰণৰ হয়।

বিষয় …….. ইন্টার্নেল নম্বৰ ……… এক্সটার্নেল নম্বৰ
থিয়ৰী ১…… ৫০/৫০ ……………. ৪২/১০০
থিয়ৰী ২…… ৪৫/৫০ ……………. ৪০/১০০
থিয়ৰী ৩…… ৫০/৫০ ……………. ৪৭/১০০
থিয়ৰী ৪…… ৫০/৫০ ……………. ৪১/১০০
থিয়ৰী ১…….৪৭/৫০ ……………. ৫৫/১০০
প্রেক্টিকেল ১ … ৯৫/১০০ …………… ৯৯/১০০
প্রেক্টিকেল ২ … ১০০/১০০ …………… ৯০/১০০

উত্তৰবহী দুজনে চাব লাগে। সিজনে কিমান নম্বৰ দিছে আনজনে গম নাপায়। শেষত দুয়ো দিয়া নম্বৰৰ গড় নম্বৰ ছাত্রজনে পায়।

ধৰা হল ৷ এজনে দিলে ৫০, আনজনে দিলে ৬০। গতিকে ছাত্রজনে পাব ৫৫। কিন্তুধৰা হ’ল এজনে দিলে ৩০, আনজনে দিলে ৬০। যিহেতু দুয়ো দিয়া নম্বৰৰ মাজতপার্থক্য ২০ নম্বৰতকৈ বেছি, গতিকে তৃতীয় এজনে আকৌ বহীখন চাব। ধৰা হ’ল তেওঁদিলে ২০। তেন্তে ছাত্র জনে পাব ( ২০ + ৩০ ) / ২ = ২৫। কিন্তু যদি তৃতীয়জনে৫০ দিলেহেঁতেন, তেন্তে ছাত্রজনে পালেহেঁতেন ( ৫০ + ৬০ ) / ২ = ৫৫। অর্থাৎতৃতীয়জনৰ মূল্যাংকণ প্রথম দুজনৰ যাৰ মূল্যাংকণৰ সতে ওচৰ চাপে, তেখেত দুজনৰনম্বৰৰ গড় ছাত্রজনে পায়।

গতিকে দেখা যায় যে যেনেতেনে এজন ছাত্রই যদি থিয়ৰী পৰীক্ষা উত্তীৰ্ণ হ’ব পাৰে, তেন্তে তেওঁ অতি ভাল নম্বৰসহউত্তীর্ণ হ’ব পাৰিব। কিন্তু থিয়ৰীত এক নম্বৰ পাবৰ বাবেও মূৰ আফালিব লাগে।অসমত ৫ নম্বৰ পোৱাজনে হয়তো তাত ২ নম্বৰ পাব। গতিকে পার্থক্যটো সেইখিনিতেই।

অসমত পাছ কৰিলেও বেয়া নম্বৰ পায়, কিন্তু তাত পাছ কৰিলেই ভাল নম্বৰ পায়। অথচ তাত পাছ কৰিবৰ বাবে অসমতকৈ টান |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments