বিশ্বাসে মিলয় খাহী তৰ্কে পায় পাঠী – সৌমিত্ৰ যোগী

মোৰ গাড়ীখন ল’বৰ পাঁচ বছৰ হ’ল৷ তথাপি গাড়ীখন দেখাই-শুনাই নতুন হৈয়ে আছে৷ উপমা এটা দি ক’লে এনেকুৱা হ’ব, ভালকৈ সাজি-কাচি গ’লে দুটা ল’ৰা-ছোৱালীৰ মাক বুলি ক’বলৈতো সাধ্যই নাই, বৰং এটা বেলেগ ধৰণৰ উজ্জ্বলতাৰে সৈতে শৰীৰলৈ এক পৰিপূৰ্ণতাহে আহি গৈছে৷ কিন্তু আজি এবছৰমানৰ পৰা মই এটা বৰ ডাঙৰ সমস্যাত পৰি আছোঁ, আৰু এতিয়া দেখিছোঁ লাহে লাহে বেছি হ’বলৈ ধৰিছে৷
মাজে মাজে গাড়ীখন বেচি দিয়াৰ কথা ভাবোঁ৷ মোৰ দৰে বহুত মানুহেই পাঁচ বছৰ চলাই গাড়ী বিক্ৰী কৰি দিয়ে৷ কাৰণ গাড়ীৰ যৌৱন হেনো পাঁচ বছৰহে৷ কথাটো মোৰো সঁচা যেন লাগে৷ গতিকে বিক্ৰী কৰাৰ কথা ভাবোঁ, কিন্তু যিয়ে শুনে সিয়ে বাধা দিয়ে ইমান নতুন গাড়ীখননো বিক্ৰী কৰেনে?
আচল কথাটো মইহে জানো৷ বাহিৰৰ মানুহে বাহিৰৰ ৰূপটোহে দেখে৷ মাইগ্ৰেন আৰু কনষ্টিপেশ্যনৰ কথা গিৰীয়েকেহে জানে৷ কিন্তু নিজকে বুজাওঁ, আমিতো আৰু ষ্টাৰ বা ছুপাৰষ্টাৰ নহয় যে মন গ’লেই গাড়ী-নাৰী ৰাতিটোৰ ভিতৰতে সলাই পেলাম৷ গতিকে মোৰ নতুন গাড়ী লোৱা কথাটো দ্বিতীয়বাৰ বিয়া পতাৰ লেখীয়া হৈ উঠিছে৷ ফলত কুমলীয়া ছোৱালী বিয়া পাতিব নাপাই আদহীয়া ঘৈণীৰ দোষ খোঁচৰা গিৰীয়েকবোৰৰ দৰে মোৰ চকুতো গাড়ীখনৰ অনেক দোষ ওলাবলৈ ধৰিলে৷ আটাইতকৈ কষ্ট পাবলৈ ধৰিলোঁ গাড়ীখনে বেছিকে তেল খোৱা কথাটোত৷ বেছিকে তেল খাই মানে ঘৰত ডায়েটিং কৰি কটোৱা ছোৱালীবোৰে ৰেস্তোৰাঁত বহিবলৈ সুবিধা পালেই মেন্যুৰ সোঁফালে নোচোৱাকৈ কেৱল বাঁওফালৰ নামবোৰ চাই চাই সেইমতে আনি লপালপে খোৱাৰ দৰে মোৰ গাড়ীখনে পেট্ৰ’ল পাম্প সোমালেই ধাচকে ডেৰ হেজাৰ দুহেজাৰ খাই দিয়ে৷ অথচ অলপ আগলৈকে ডিজিটেল মিটাৰত আধা টেংকী তেল থকা বুলি দেখুৱাই থাকে৷
গাড়ীখনে এই সমস্যাটো আৰম্ভ কৰিছিল এবছৰ পূৰ্বে, ধৰি লওক ডেৰ বছৰ আগতে৷
তাৰ আগতে মাহটোত পাঁচ হেজাৰমান টকাৰ তেল ভৰালেই চলি গৈছিল৷ লাহে লাহে পৰিমাণটো বাঢ়ি গৈ ছহেজাৰ হ’ল, তাৰ পাছত সাত হেজাৰ হ’ল, কেতিয়াবা দেখোঁ সাত হেজাৰতো নোকোলায়হে৷ এই কথাই কথা নহয়৷ মই ভাবিলোঁ গাড়ীখনৰ নিশ্চয় বদহজম হৈছে৷ লিভাৰ বা কিডনী বেয়া হৈছে৷ এইটোতো আৰু চুলাই খাই জীৱন পাৰ কৰা চৰকাৰী কৰ্মচাৰীয়ে ভাল ঠাইত পোষ্টিং পোৱাৰ পাছত হুইস্কী খাবলৈ পোৱাৰ দৰে কথা নহয় যে সোৱাদ পাই অলপ বেছিকে খাব৷ গৈ ডাক্তৰক দেখুৱালোঁ, সুধিলোঁ ‘গাড়ীখনে কি কাৰণে ইমান বেছিকৈ তেল খোৱা হৈছে অ’? ’ চাই-চিতি ডাক্তৰে ক’লে বোলে বাহিৰে বাহিৰেতো একেবাৰে ফিট যেনেই লাগিছে, কিন্তু ইমানকে কিয় খায় সেইটোহে ধৰিব পৰা নাই৷
বহুত ভাবি-গুণি ইঞ্জিন অইলখিনি সলাই দিলোঁ৷ তিনি মাহৰ আগতে সলাইছিলোঁহে, তথাপি সলাই দিলোঁ৷ বাস্তুশাস্ত্ৰই ক’লে ৰজাই ৰাজধানীৰ ওলোৱা-সোমোৱা বাট আৰু দুৱাৰকে সলাই পেলায়, আমিনো ইঞ্জিন অইল অকণো সলাব নোৱাৰিমনে?
সলালোঁ, পিছে একো পৰিৱৰ্তন নেদেখিলোঁ৷ এসময়ত অধৈৰ্য হৈ গ’লোঁ৷ ইমান দামী পেট্ৰ’লসোপা ইমান হোৰাহুৰে গিলিব লাগেনে বাৰু৷ এটা কথা কওঁ, যিমান ধুনীয়া গাৰ্লফ্ৰেণ্ডেই নহওক কিয় চিনেমাহলত বহি দুই পেকেট পপকৰ্ন খাই শেষ কৰিছে, ঠিক আছে, চলি যায়৷ সেইবুলি দুই পেকেট পিষ্টা খাই শেষ কৰিব, বেলকনীত বহি চিনেমা চালেও সকলো মানুহৰ কাৰণে সেইটো বেছি দিনলৈ সহ্য কৰিব পৰা কথা নহয় দেই৷ তাৰ পাছত এজন অঘাইতং মানুহৰ বুদ্ধি মতে গাড়ীখনৰ ইঞ্জিনটোও খুলি চাবলৈ দিলোঁ৷ ঠিকে আছে, একো গোলমাল নাই৷
মোৰ মনত এটা কথা খেলালে, নিশ্চয় গাড়ীখনৰ পেটত গৰহ আছে৷ পেটত গৰহ থাকিলে এনেকৈ বস্তু খায়৷ গৰহ মানে আপুনি ধৰিব পাৰিছেনে? ঠিক ৰাক্ষস নহয়, ৰাক্ষসতকৈ অলপ সৰু জাতৰ বস্তু৷ তাৰ কামেই হ’ল খোৱা৷ খায় আৰু খায়৷ গিলে আৰু গিলে৷ গতিকে মোৰ গাড়ীখনত গৰহেই থাকিব লাগিব৷
যেনে সমস্যা তেনে সমাধান৷ আমাৰ ঘৰৰ ওচৰতে আছিল এজন বলিয়া বাবা৷ বাবাই ক’লে উৰি বাবা, এইটোতো বৰ সাংঘাতিক বস্তু৷ এইটো বেলেগ বস্তুবিলাকৰ নিচিনা নহয়৷ গৰহ বস্তুটো কঁঠালৰ আঠাৰ নিচিনা বস্তু৷ ক’ৰ পৰা ওলাই ক’ত কেনেকৈ লাগি ধৰে ঠিক নাই৷ আনকি মচিব খোজা ঠাইখিনিৰ পৰাও আহি অলপ আঠা লাগে৷ গতিকে গৰহ খেদিবলৈ মাদলী এটা ল’ব লাগিব৷ মাদলীও মাদলী, আধাকেজি ওজনৰ তামৰ মাদলী এটা পিন্ধিব লাগিব৷
মই যিটো মানসিক অৱস্থাত আছোঁ, আধাকেজি কিয় পাঁচ কেজি তামৰ মাদলী দিলেও পিন্ধিব পাৰি৷
বাবাই মোক শনিবাৰে মাতি সঁচাই ডেৰ কেজিমান ওজনৰ মাদলী এটা পিন্ধাই দিলে৷ মাদলীটো দেখিবলৈ এক লিটাৰৰ ইঞ্জিন অইলৰ টেমাটোৰ নিচিনা৷ মানুহে মোক কি বুলি ভাবিছে ক’ব পৰা নাই আৰু দেই৷ বহুতে ভাবিব, ই বেটাই তামৰ পাত্ৰত ইঞ্জিন অইল লৈ ঘূৰা-ফুৰা কৰে৷ তেল আগৰ দৰে সস্তীয়া বস্তু হৈ থকা নাই বুলিহে, নহ’লেতো পাগল বুলিয়ে ভাবিলেহেঁতেন৷ মোৰ সন্দেহ, বাবাইও মাদলীত ইঞ্জিন অইলেই ভৰাই দিছে চাগে’৷
খুব উৎসাহেৰে, ক’ব পাৰে তিনিগুণ উৎসাহেৰে গাড়ী চলাবলৈ ধৰিলোঁ৷ আগৰ দৰে য’তে-ত’তে ইঞ্জিন অফ নকৰা হ’লোঁ৷ ঘচ ঘচ, কাউৎছ আদি শব্দ তুলি তুলি ব্ৰেক মাৰিলোঁ৷ বহুদিন লং ড্ৰাইভত নিম বুলি পিছুৱাই থকা প্ৰিয় বান্ধৱীক বহু দূৰ বাটেৰে ফুৰায়ো আনিলোঁগৈ৷ মাহৰ শেষত গম পালোঁ আগৰ মাহতকৈ এহেজাৰ টকাৰ তেল বেছিকৈহে খৰচ হ’ল৷ বৰ হতাশ হ’লোঁ জানে?
মানুহৰ জীৱনলৈ বেয়া খবৰবোৰ যেনেকৈ আহে, ভাল খবৰবোৰো আহে৷ ময়ো হতাশ হৈ থকাৰ মাজতে ভাল খবৰ এটা পালোঁ৷ এঠাইত এজন মানুহ আছে৷ তেওঁক বহুত মানুহে জ্যোতিষী বুলিও কয়, বহুতে পূজাৰী বুলিও কয়, বহুতে বেজ-কবিৰাজ বুলিও কয় অলপ বেলেগ ধৰণৰ মানুহ৷ কিন্তু যি ক’ব সেয়ে ফলিয়াব৷ লগে লগে ফল৷ মোৰ যে মনটো সঁচাই ভাল লাগি গ’ল৷ মহাদেৱে আহি স্বয়ং বৰ দি যোৱাহি যেন লাগিল৷
পিছদিনা যথাৰীতি তেখেতৰ ওচৰ ওলালোঁগৈ৷ দেখিলেই ভয় লগা চেহেৰা মানুহজনৰ৷ জ্যোতিষচৰ্চা কৰা ভদ্ৰলোক যেন নালাগি কালীসাধনা কৰা ডেঞ্জাৰ তান্ত্ৰিক যেনহে লাগিল মোৰ৷ যেন মোকেই পঠা ছাগলী এটাৰ দৰে অলপ পাছত কালীৰ আগত বলি দিব এতিয়া৷ মই ভয় ভাবটো লুকুৱাই ৰাখি মোক বলিশাললৈ লৈ যোৱা বন্ধুজনে দেউ বুলি মতা দেখি ময়ো সেইবুলিয়ে সম্বোধন কৰিলোঁ আৰু গোটেই কথাখিনি বিৱৰি ক’লোঁ৷ তেওঁ মোৰ কথাখিনি ধ্যানভংগীত চকু মুদি শুনি থাকিল৷ কথা শেষ হোৱাৰ পাছত হাতৰ আঙুলিকেইটা লৰচৰ কৰিলে, যেন কিবা গণনা কৰিছে৷ অলপ পাছত গণনা শেষ কৰি মুঠফল পোৱাৰ ভংগীত চকু দুটা মেলিলে আৰু মোৰ ফালে চাই কৈ উঠিল ‘উম, পেট্ৰুলী দেৱীৰ ৰোষ আছে৷ ’
‘পেট্ৰুলী দেৱী? ’ মোৰ মুখেৰে নিজে নিজে এটা প্ৰ হৈ ওলাই আহিল৷
‘অঁ পেট্ৰুলী দেৱীৰ ৰোষ আছে৷ বলি’ তান্ত্ৰিকজনৰ কথাৰ ওপৰতে মই আশ্চৰ্যত জঁপিয়াই পৰিলোঁ ‘পেট্ৰুলী দেৱী বুলিও কিবা দেৱী আছে নেকি? ’
‘দেৱী নাথাকিলে তেল ক’ৰ পৰা ওলাব? ’ তান্ত্ৰিকজনে মোক আশ্বস্ত কৰাৰ লক্ষ্যেৰে সুধিলে৷
থাকিবও পাৰে৷ কিন্তু এই প্ৰথম শুনিছোঁ পেট্ৰুলী দেৱীৰ নাম৷ পিছে এটা কথা, তেত্ৰিছ কোটি দেৱ-দেৱীৰ কেইগৰাকীৰনো নাম জানো আমি? তান্ত্ৰিকে ঠিকেই সুধিছে পেট্ৰুলী দেৱী নাথাকিলে পেট্ৰ’ল ক’ৰ পৰা ওলাই থাকিব? অৱশ্যে ডিজেলৰ কাৰণে অন্য কোনোবা দেৱতা বা দেৱী আছে নেকি সুধ্বিলৈ মোৰ ভয় লাগিল৷ তান্ত্ৰিকৰ ওচৰতে বলি কটা দা এখন পৰি আছে, বাৰে বাৰে মোৰ আতংকগ্ৰস্ত চকু দুটা সেইখনলৈকে গৈ আছে৷ নহ’লে ইঞ্জিন অইলৰ দেৱতা কোন তেওঁক সুধ্বিলৈ মন আছিল৷
তান্ত্ৰিকজনৰ কথা মতেই পেট্ৰুলী দেৱীৰ ৰোষ ভংগ কৰিবলৈ দুটা কেৰেচীয়া হাঁহ বলি দিবলগীয়া হ’ল৷ তান্ত্ৰিকে পিছদিনাখনৰ পৰাই ফল ভোগ কৰিব পাৰিম বুলি কৈছিল, কিন্তু এসপ্তাহ পাৰ হোৱাৰ পাছতো মই ফল পোৱাৰ একো লক্ষণ দেখা নাপালোঁ৷ কাম নহ’লে এক পইচাও নালাগে বুলি কৈছিল তেওঁ, মইহে জোৰকৈ এহেজাৰ টকা দি আহিছিলোঁ৷ এতিয়াহে হিচাপ কৰিছোঁ, এঘাৰশ দি কিনা হাঁহ দুটাৰ মঙহোতো তেওঁৰ পেটতেই গৈছে৷
নোখোঁটা ঠাইত বৰশী জোকাৰি থকাৰ একো অৰ্থ নাই বুলি ভাবিয়ে তান্ত্ৰিকৰ কথা পাহৰিবলৈ চেষ্টা কৰিলোঁ৷ মনত ৰখাৰ ভিতৰত পুৱা-গধূলি পেট্ৰুলী দেৱীৰ নামত ধূপ একোডালকৈ জ্বলাই থাকিলোঁ তেওঁৰ কথা মতে৷
এদিন বন্ধু এজনে ওজা এগৰাকীৰ খবৰ দিলেহি৷ তেওঁ হেনো মঙল চায়৷ আৰু তাৰ কাৰণে কোনো দাবী-দাবা নাই, গৃহস্থই সন্তুষ্ট হৈ যি দিয়ে সেয়াই৷ তৎক্ষণাৎ তেওঁৰ ওচৰ পালোঁগৈ৷ তেওঁ মঙলবাৰে পুৱাবেলা যাবলৈ ক’লে, সেইমতে আমিও মঙলবাৰেই পুৱাবেলা ওলালোঁগৈ৷ মই এফালৰ পৰা সকলো দুখৰ কথা বিৱৰি ক’লোঁ৷ কথা কৈ থকাৰ সময়ত মোৰ চকুৱেদি দুটোপাল দুখৰ চানেকিপানী ওলাই আহিল৷ মোৰ অৱস্থা দেখি তেওঁ খুব ছিৰিয়াছলী মঙল চালে৷ কিবা এটা পাতিলে, তাৰ পাছত ভাঙিলে, তাৰ পাছত আকৌ পাতিলে, কিবা হিচাপ কৰিলে এনেকৈ বহুত সময় কৰি থাকি তেওঁ জনালে যে অলপমান বিশ্বকৰ্মা প্ৰভুৰে দায় লাগিছে৷ তাৰ কাৰণে তেওঁ বিধান দিলে যে কোনোবা এটা শনিবাৰে ক’লা খাহীৰে এঘাৰজন অতিথিক দিল খুচ কৰি ভোজন কৰাব লাগিব৷ তেওঁ সতৰ্ক কৰি দিয়াৰ ভংগীৰে আকৌ দোহাৰিলে চাব, সকলো অতিথিৰ সমানে দিল খুচ হ’লেহে বিশ্বকৰ্মা প্ৰভুৰ দোষ খণ্ডন হ’ব কিন্তু৷
এইবাৰো মোৰ এনেই যাব নেকি ক’ব পৰা নাই৷ অতিথিকনো বাৰু কোনোবাই সমানে সন্তুষ্ট কৰিব পাৰেনে? কথিত আছে, স্বয়ং ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি সাধাৰণ নৰমনিচলৈকে কোনেও আজিলৈকে কোনো অতিথিকে সমানে সন্তুষ্ট কৰিব পৰা নাই৷ এই দেউয়ে এইটো মোক কেনে উপায় দিলে? মহাদেউৰ বৰৰ দৰে অলপ পাকলগা উপায় নহ’লনে? মনটো একেবাৰে সেমেকি গ’ল৷ নিজকে নিজে বুজাই-বঢ়াই অলপ পাছত কাণ-মূৰ জোকাৰি উঠিলোঁ, কিয় হতাশ হৈছোঁ মই? ইমান নিগেটিভ হোৱা ভাল কথা নহয়৷ মোৰ নিচিনা মানুহটোৱে এঘাৰজন অতিথিক ভালকৈ এসাঁজ খুৱাই খুচ কৰিব নোৱাৰিমনে?
ইয়াৰ পাছত মতা টোকোৰাটোৰ দৰে মাইকীজনীক সন্তুষ্ট কৰিবলৈ আটোমটোকাৰিকৈ এডাল এডালকৈ কুটা আনি বাহটো সাজিবলৈ লোৱাৰ দৰে ডেউকা কোবাই কোবাই দুগুণ উৎসাহেৰে বজাৰ কৰিবলৈ ধৰিলোঁ৷ ইমানদিনে সকলো পূজা-পাতল বাহিৰে বাহিৰেই চলি আছিল গতিকে সমস্যা নাছিল, কিন্তু এইবাৰ অতিথি পূজা ঘৰতে কৰিব লাগিব, গতিকে শ্ৰীমতীয়ে গমেই পালে৷ সুধিলে কি পূজা?
মই ধৰ্মপৰায়ণ যুধিষ্ঠিৰে সকলো কথা কৈ পেলালোঁ৷ শুনি এওঁ মূৰে-কপালে হাত দিলে অ’ তুমি এইবোৰ কৰিহে ব্যস্ত হৈ আছা নেকি? ইছ ইছ ইছ ইমান অন্ধবিশ্বাসী মানুহ দেখা নাই দেই এই পৃথিৱীত৷
‘এয়া অন্ধবিশ্বাস নহয় সোণজনী, এয়া হৈছে পৰম বিশ্বাস৷ পৰম বিশ্বাস অনুভূত হয় ধৰ্মপৰায়ণ মানুহৰ মনত৷ ’ মই মাতত মাখন লেতিয়াই ওপৰত অকণ আধ্যাত্মিক আইচিং কৰি কথাকেইষাৰ ক’লোঁ৷ হ’লে কি হ’ব, আইচক্ৰীম ভাল নোপোৱা মানুহৰ কাৰণে ভেনিলা বা ষ্ট্ৰবেৰী ফ্লেভাৰৰ কি অৰ্থ আছে? এওঁ একেবাৰে জৰজৰাই উঠিল ‘থৈ দিয়াহে৷ তুমি যে অন্ধবিশ্বাসী সেইটো এহেজাৰ সূৰ্যৰ সমান সত্য৷ ’
‘তুমি বিশ্বাস আৰু অন্ধবিশ্বাস একাকাৰ কৰি নেপেলাবা সোণজনী৷ ’
‘অ’ হয়নে? ’
‘এৰা সোণ৷ যিটো কৰ্ম মানুহে নিজে সম্পাদন কৰে আৰু সেই কৰ্মৰ মাজত অকণো অনৌচিত্য বোধ নাই সেয়ে বিশ্বাস৷ অন্ধবিশ্বাস হৈছে যিটো কৰ্ম মানুহে নিজে সম্পাদন নকৰে আৰু আনে কৰিলে ঔচিত্য বোধ নকৰে৷ ’
‘মানে? ’ এওঁ একেবাৰে গৰগৰাই উঠিল৷ সম্ভৱতঃ কি কৈছোঁ ভালকৈ বুজি পোৱা নাই৷
মই বুজাই দিলোঁ আমাৰ কাষৰে দুই-এখন ৰাজ্যত কিছু বছৰ আগলৈকে নৰবলি দিয়া হৈছিল৷ মানুহ বলি দিয়া কথাটো আমি অসমীয়া মানুহে মুঠেই সহজভাৱে নলওঁ৷ কাৰণ আমি জানো নৰবলি দিয়াটো বেয়া কথা৷ কিন্তু এই একেখিনি মানুহৰে সৰহসংখ্যকে আমি ম’হ বা ছাগলী, হাঁহ বা পাৰ বলি দিওঁ আৰু অতি পুণ্যৰ কাম বুলি ভাবোঁ৷ বাকীখিনি মানুহৰ কাৰণে এইটো অন্ধবিশ্বাস আৰু বলি দিয়াসকলৰ কাৰণে পুণ্যৰ কাম বুলি বিশ্বাস৷ মানুহে নিজে যিটো কৰে তাৰ মাজত অনৌচিত্য বোধ নকৰে৷ অন্ধবিশ্বাসৰ বিৰুদ্ধে জাগ্ৰত হ’বলৈ আমাক যিজন মুখ্য মন্ত্ৰীয়ে আহ্বান জনায় তেওঁ কৃষগুৰুৱে মানা কৰিলে নিজৰ চকীতে নবহে, হাজাৰ গুৰুত্বপূৰ্ণ কাম থাকিলেও তেওঁ ক’লৈকো ওলাই নাযায়, বাস্তুশাস্ত্ৰই কোৱা কাৰণে কাৰ্যালয়ৰ দুৱাৰ-খিৰিকী ভাঙি নতুন দিশত দুৱাৰ বনাই সেইফালেৰে প্ৰৱেশ কৰে, গ্ৰহ-নক্ষত্ৰৰ ৰোষ আৰু দোষৰ পৰা বাচি থাকিবলৈ হাতৰ দহোটা আঙুলিত বিভিন্ন ৰত্ন-প্ৰবালখচিত অসংখ্য আঙঠি পিন্ধে কাৰণ তেওঁ বিশ্বাস কৰে আৰু এই বিশ্বাসৰ মাজত ঔচিত্য বোধ আছে৷ এইখিনি কাম তেওঁৰ কাৰণে বিশ্বাস আৰু বহুতৰ কাৰণে অন্ধবিশ্বাস৷ জনজাতীয় সমাজত ডাইনী থকা বুলি বিশ্বাস আছে আৰু সেইকাৰণে ডাইনী বুলি সন্দেহ কৰি নিজৰে আত্মীয়-কুটুম্বক নিজৰে মানুহে মৰিয়াই মৰিয়াই হত্যা কৰে৷ তেওঁলোকে এই হত্যাৰ কাৰণে অনুশোচনা নকৰে, কাৰণ তেওঁলোকে ঔচিত্য বোধ কৰে৷ কোনো শিক্ষিত মানুহে তেনে হত্যাক সমৰ্থন নকৰে, কাৰণ তেওঁলোকে জানে সেয়া অনুচিত৷ সেয়া অন্ধবিশ্বাস৷ বহুত মানুহেই বিশ্বাস কৰে যে আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখন ঈশ্বৰে পৰিচালনা কৰে৷ ঈশ্বৰ, আল্লা, গড বা আন নামৰ তেনে কোনোবা৷ তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰ সৰ্বশক্তিমান৷ ঈশ্বৰে দুষ্টক দমন কৰে, শান্তক পালন কৰে৷ এইটো এটা বিশ্বাস৷ ডাইনীবিশ্বাসীসকলে ডাইনী থকা বুলি কৰা বিশ্বাসৰ দৰেই এক বিশ্বাস৷ বহুতৰ মতে ঈশ্বৰবিশ্বাসো এক অন্ধবিশ্বাস৷ তেওঁলোকৰ বহুতৰ মতে ঈশ্বৰবিশ্বাস সকলো অন্ধবিশ্বাসৰে পিতৃস্বৰূপ৷ কিন্তু ঈশ্বৰবিশ্বাস কৰা মানুহৰ আগত এইটো কথা ক’বলৈ সাহস হ’বনে? ‘ডাইনী’ মৰাদি মাৰিব বাপ্পেকে৷ সেইকাৰণে ভয়তে কোনো নকয়৷
মোৰ গাড়ীখনে পেট্ৰ’ল বেছি খায়৷ আগতে মাহত পাঁচ হেজাৰ খাইছিল, আজিকালি সাত-আঠ হেজাৰ খায়৷ মই সকলো যন্ত্ৰ-পাতি খুলি চালোঁ, সকলো ঠিকে আছে, তাৰ পাছতো যদি দুই-তিনি হেজাৰ পেট্ৰ’ল বেছি খৰচ হয় তেতিয়াহ’লেতো কিবা জগৰ লগা বুলিয়েই ভাবিম ন? এইটো মোৰ বিশ্বাস৷ মোৰ পত্নীৰ মতে এইটো মোৰ অন্ধবিশ্বাস৷ হ’ব পাৰে৷ আচলতে এই পৃথিৱীত অন্ধবিশ্বাস বুলি কোনো কথা নাই, সকলো কথাই বিশ্বাস৷ আৰু যদি অন্ধবিশ্বাস বুলি কিবা আছে, যদি অন্ধবিশ্বাস বেয়া কথা, যদি অন্ধবিশ্বাসী হোৱাটো লাজৰ কথা, তেন্তে সকলোৱে নিজক এবাৰ প্ৰ কৰা উচিত আৰু সংশোধন কৰাৰ চেষ্টা কৰা উচিত৷
‘হেৰা, বিশ্বাসেই হওক বা অন্ধবিশ্বাসেই হওক, এই সুযোগতে তেলাল খাহীৰ মাংস অকণেৰে খানা এটা খোৱাটো কিনো বেয়া কথাটো? ’
এওঁ হাঁহিলে, হাঁহিটোত সমৰ্থনৰ ভাব৷
ছোৱালী চাবলৈ ল’ৰা বা ল’ৰাঘৰৰ মানুহ গ’লে দুয়োঘৰৰে মানুহৰ বৰ চিন্তা ঠগ নাখাওঁতো?
বিয়াৰ পাছত বেছিভাগ গিৰীয়েক-ঘৈণীয়েকৰে চিন্তা সঁচাকে ঠগ খোৱা নাইতো?
তাৰ পাছত গিৰীয়েক-ঘৈণীয়েক দুয়োৰে সমানে চিন্তা এওঁ মোক ঠগি থকা নাইতো?
জীৱনত এনেকৈ যিমান মানুহে ঠগ খোৱাৰ ভয়ত সন্ত্ৰস্ত হৈ থাকে তাতোকৈ বেছিসংখ্যক আমিষহাৰী মানুহে ভয়ত কটায় এই কথা ভাবি যে খাহী বা পঠা মাংস বুলি কচায়ে ভাল মাংস দিছেতো? পঠা বুলি পাঠী দিয়া নাইতো? খাহী বুলি ভেড়াৰ মঙহ দিয়া নাইতো?
মোৰ বাকীবোৰ বস্তু বজাৰ কৰাৰ সময়ত অকণো ভয় লগা নাছিল৷ চাই চাই ভালৰো ভাল বস্তুটো বজাৰ কৰি আনিছোঁ৷ কিন্তু ভাল খাহী মঙহ অকণ পাম নে নাপাম সেইটো ভাবি ভয়ত ভৰি দুটা কোনেও গম নোপোৱাকৈ কঁপিবলৈ ধৰিলে৷ বহুত ভাবি-চিন্তি ঠিক কৰিলোঁ, বক্‌ৰী বজাৰলৈ নিজে যাম আৰু নিজ চকুৰে চাই আনিম৷ চকুক কোনে ঠগে? মোৰ কাৰণে এইটো বৰ ডাঙৰ কথা৷ অতিথিসকল খাই সন্তুষ্ট হৈ নগ’লে বিশ্বকৰ্মাও সন্তুষ্ট নহ’ব, আৰু যদি তেওঁ সন্তুষ্ট নহয় তেন্তে মানুহে গৰমত চৰবত খোৱাদি মোৰ গাড়ীখনে সোপাসোপে পেট্ৰ’ল খাব৷
বক্‌ৰী বজাৰত থিয় হৈ মোৰ পিলাই চমকি গ’ল৷ ব্ৰাপৰে ব্ৰাপ ইমানবোৰ ছাগলী৷ চাৰিওফালে দেখোন অনন্ত ছাগলী৷ পঠা, পাঠী, সৰু খাহী, ডাঙৰ খাহী, আদহীয়া ছাগলী, বুঢ়ী ছাগলী মোৰ চিত্ত চঞ্চল হৈ উঠিল৷ ভয়ত নে আৱেগত একো ধৰিব পৰা নাই৷ কুৰুক্ষেত্ৰ যুদ্ধত সন্মুখত জ্যেষ্ঠ-কনিষ্ঠ, আত্মীয়-শ্ৰদ্ধেয়, গুৰু-সজ্জনক দেখি অৰ্জুন বিচলিত হৈ পৰাৰ দৰে ময়ো পেহা-জেঠা বা জেঠাই-আইতা বয়সৰ ছাগলীবোৰ দেখি বিচলিত হৈ পৰিলোঁ৷ তাৰ মাজত বৈচিত্ৰ্য্যৰ মাজত ঐক্য হৈ শ শ ভেড়া ছাগলী৷ হে প্ৰভু, বজাৰততো কোনো কচাইৰ ঠাইতে ভেড়া ছাগলীৰ মাংস পাবলৈ নাথাকে, তেন্তে এই শ শ ভেড়া ক’ত হেৰাই যায়? বজাৰত সকলো কচাইৰ দোকানতে দেখোন পঠা আৰু খাহীৰে মাংস থাকে, তেনেহ’লে ইমানবোৰ আণ্টি বক্‌ৰী কোনে খায়? মোৰ বুকুখন কঁপি উঠিল৷ ইমানদিনে চাগৈ আমাৰ পেটতো এনে অজস্ৰ জ্যেষ্ঠ সম্বন্ধ পানী হৈ গৈছে৷ মোৰ হাতৰ পৰা ধনুখন পৰি যোৱাৰ দৰে বজাৰৰ মোনাখন খহি পৰিল৷ কি কৰোঁ মই? ইফালে-সিফালে ঘূৰি চালোঁ, নাই সখা কৃষ মোৰ কোনো নাই৷ তেনেতে এজন ভীষ্মসম পকা দাঢ়ি-চুলিৰ বৃদ্ধৰ মুখত মোৰ চকু থিৰ হ’ল৷ পৃথিৱীত যদি এতিয়াও অকণমান বিশ্বাস বুলি কিবা জীয়াই আছে তেন্তে এই বৃদ্ধই মোক মিছা কথা নক’ব৷ মই তেওঁৰ ওচৰ চাপি গ’লোঁ৷
অজ্ঞতাৰ বাবে কেতিয়াবা কিছুমান পৰিস্থিতিত ডাঙৰ সমস্যা একোটা নিজে নিজেই দৈত্যৰ ৰূপ ধাৰণ কৰি মানুহৰ সন্মুখত ওলায়হি৷ মোৰ ক্ষেত্ৰতো তেনেই হ’ল৷
মোৰ গোটেই কথাখিনি শুনাৰ পাছত বৃদ্ধই প্ৰথমে সুধিলে ‘আপোনাক মাংস কিমান লাগে? ’
মই ক’লোঁ ‘তাকেইতো৷ কিমানমান বা লাগে? ’
মোৰ কথাটো শুনি আচলতে বৃদ্ধই ক’ব লাগিছিল খানা পাতিছে আপুনি৷ মানুহ মাতিছে আপুনি৷ খুৱাব আপুনি৷ আৰু আপুনিয়ে নাজানে মাংস কিমান লাগিব?
কিন্তু তেনেকে একো নক’লে৷ তেওঁ মোৰ মুখৰ ফালে অলপ সময় একেথিৰে চাই থাকিল আৰু তাৰ পাছত লাহেকৈ ক’লে ‘খোৱা মানুহ কিমানজন? ’
মই ক’লোঁ ‘অতিথি এঘাৰজন৷ দেউ এজন৷ ঘৰৰ মানুহ চাৰিজন’
‘তেনেহ’লে আপোনাক বিয়াৰ খানাৰ হিচাপত ডেৰ কেজি মাংস হ’লেই হৈ যাব৷ ’ বৃদ্ধই তপৰাই ক’লে৷
‘বিয়া মানে? যক্ষৰ বিয়া নে নৰমেল বিয়া? ’
তেওঁ মোৰ কথাটো বুজি পোৱা নাই, ভেবা লাগি মুখলৈ চাই আছে৷ সম্ভৱতঃ নিজৰ ভিতৰতে বুজাৰ চেষ্টা এটা চলি আছে৷ মোৰ বেয়া লাগিল৷ একো দাম নিদিয়াকৈ মানুহজনক কষ্ট দিয়াটো উচিত হোৱা নাই যেন লাগিল৷
মই ক’লোঁ এই যে কিছুমান বিয়াত জোল অকণমানৰ সৈতে ক্ষুদ্ৰ ক্ষুদ্ৰ মাংস দুই-তিনিডোখৰ থকা ডিছপজেব্‌ল বাটি একোটা দি যায় মাংস খোৱা বুলিও ক’ব নোৱাৰি বা নোখোৱা বুলি ক’লেও পাপে চুব ধৰণৰ? নাইবা বুফে পাৰ্টিবোৰত কেটেৰিঙৰ ল’ৰাই যে জোল অকণমানৰ সৈতে মাটন দুডোখৰ দিয়ে, তাৰ পাছতো সি দিব খোজে কিন্তু হাতাখনত যে বাৰে বাৰে জোল অকণমানহে উঠি আহে বা সেইখিনি শেষ কৰি দ্বিতীয়বাৰ ল’ব গ’লে যে কিব্বাকে এডোখৰ মাংস উঠি আহে সেয়ে হৈছে যক্ষৰ বিয়া৷ আৰু নৰমেল বিয়া হৈছে যাৰ যিমান মন যায় সন্তোষ মনেৰে খাব পৰা বিয়া৷
আগ নাই গুৰি নাই, আকাশখন ক’লা কৰি ননাকৈ অথবা বিজুলী-ঢেৰেকনি নোহোৱাকৈ হঠাৎ অহা দপদপীয়া বৰষুণজাকৰ দৰে তেওঁ হঠাতে ঢেকঢেকাই হাঁহিবলৈ ধৰিলে৷ তাৰ পাছত হাঁহি সামৰি লুঙিখন অকণমান টানি বান্ধ এটা দিলে আৰু দুয়োখন হাত কঁকালত থৈ আগতকৈ অলপ পোন হৈ থিয় হ’ল৷ দেখিলোঁ তেওঁ হাত দুখনেৰে লাহে লাহে কঁকালটো মোহাৰি দিছে৷ অলপ জোৰকৈ হাঁহিলেও কিছুমান মানুহৰ কঁকালত ধৰে যেন পাইছোঁ, মই কিন্তু একো নুসুধিলোঁ৷
তেওঁ ক’লে যে পোন্ধৰজন মানুহৰ কাৰণে ডেৰ কেজি মাংস যথেষ্ট, তথাপি বেছিকৈ খোৱা মানুহ আছে যদি আৰু আধাকেজি বঢ়াই ল’ব পাৰে৷ আৰু ৰাতিৰ খানাতো পিনা আছে যদি আৰু এক কেজি ল’ব পাৰে৷ মুঠতে বেছিৰো বেছি তিনি কেজি মাংস লাগিব৷
তাৰ পাছত হাজিৰ হ’ল আচল সমস্যাটো৷ ভাল তেলাল খাহী ল’বগীয়া হ’লে দহ-বাৰ কেজিৰ তলত লৈ লাভ নাই৷ আৰু বিশ্বকৰ্মা প্ৰভুৱে তেলাল খাহী নাপালে লিটাৰে লিটাৰে পেট্ৰ’ল খায়ে থাকিব৷ মাংস লাগে মোক খুব বেছি তিনি কেজি, তাৰ কাৰণে দহ-বাৰ কেজিৰ খাহী এটা লৈ গৈ কি কৰিম?
আধাঘণ্টা ধৰি চিন্তা কৰিলোঁ দুয়ো আৰু তাৰ পাছত অতিৰিক্ত আধাঘণ্টা ধৰি তেওঁ মোৰ বুকুত সাহস আৰু দৃঢ়তা দি সৈমান কৰালে যে পূজাৰ কাৰণে বুলি ক’লে কচায়ে কেতিয়াও নঠগে৷ সেইমতে ময়ো এখন কচাইখানাত হাজিৰ হ’লোঁগৈ৷
সকলো শুনি কচায়ে ক’লে মই আপোনাক মাংসৰ গেৰাণ্টি দিছোঁ, বেয়া ওলালে আহি পইচা ওভতাই লৈ যাব৷
আজিকালি সকলো বেপাৰীয়ে গেৰাণ্টি দিয়ে৷ মাছ বেপাৰীয়ে এমাহ বৰফৰ ভিতৰত থকা মাছৰো তাজাত্বক লৈ গেৰাণ্টি দিয়ে, কাণপুৰৰ মাছকো হাজো বা মৰিগাঁৱৰ বুলি ‘লোকেলিটী’ৰ গেৰাণ্টি দিয়ে, গেলি যোৱা পেটৰ মাছকো বেপাৰীয়ে জিন্দা মাছ বুলি কৈ গেৰাণ্টি দিয়ে, ফলৰ বেপাৰীয়ে মধুৰিআম বা আমৰ মিঠাৰ গেৰাণ্টি দিয়ে, ঘটকে ছোৱালী বা ল’ৰাৰ গেৰাণ্টি দিয়ে, কাপোৰৰ বেপাৰীয়ে প্ৰতিটো কাপোৰৰ গুণগত মানৰ গেৰাণ্টি দিয়ে৷ প্ৰটো হ’ল গেৰাণ্টি নিদিয়ে কোনে? এনেকৈয়ে ৰজাই প্ৰজাক আৰু প্ৰজাই প্ৰজাক গেৰাণ্টি দি দি চলি আছে৷ এই দুনিয়াত পিছদিনা কোনেও ওলোটাই সুধ্বিলৈ সময় নাই ‘কি হ’ল, আপুনিতো এনেকৈ কৈছিল? ’ মাজে মাজে বেপাৰীবোৰৰ প্ৰতি সন্দেহ বা ক্ষোভটো নোহোৱা হৈ গেৰাণ্টি শব্দটোৰ প্ৰতিহে ক্ষোভ-সন্দেহ উপজে৷ কিজানিবা গেৰাণ্টি মানে আমি বুজা অৰ্থটো নহয়েই৷
কিন্তু কচাইজনক মই একো নক’লোঁ৷ তেওঁ মোক মাংস তিনি কেজি হাতত তুলি দি দোকানখনৰ নামটোলৈ দেখুৱালে বিশ্বাস কচাইখানা, স্থাপিত ১৮৭৬ ইং৷
সন্ধিয়া মাংসখিনি ভাজি ভাজি এটা সময়ত এওঁ ক’লে ‘তুমি অকণমান লৰাই দিয়াচোন, মোৰ হাতখন বিষাই গৈছেগৈ৷ ’
‘তুমি এতিয়াও ভাজিয়ে আছা? ’ মই আচৰিত হৈ সুধিলোঁ৷
তেওঁ মাংস এডোখৰ হাতাখনেৰে চেপি চেপি ছিঙিবলৈ চেষ্টা কৰি মোক ক’লে ‘দেখিলা, লৰচৰে কৰা নাই৷ ’
‘হেৰা, এইখিনি উলা-মুলা মাংস নহয়৷ ক’লা ৰঙৰ খাহী ছাগলীৰ মাংস৷ গেৰাণ্টি আছে৷ ১৮৭৬ চনতে স্থাপিত দোকানৰ পৰা কিনি আনিছোঁ৷ ’
‘বাহ্‌ বৰ ভাল কথা৷ পিছে দোকানখন কিমান চনত স্থাপিত সেইটো তুমি সুধিলা নে কচায়ে নিজে ক’লে? ’ এওঁ অলপ বেঁকাকৈ সুধিলে৷
‘দোকানখনৰ ওপৰফালে লিখা আছিল৷ ’ মই দোকানীয়ে দেখুওৱা কথাটো লুকুৱাই ক’লোঁ৷
‘তুমি নিশ্চিত নে সেইটো দোকানখনৰ প্ৰতিষ্ঠা বৰ্ষ? ’
‘অঁ দোকানখনৰ নাম বিশ্বাস কচাইখানা, আৰু তাৰ তলতে চনটো লিখা আছিল৷ ’
‘সেইটো ছাগলীটোৰ জন্ম চনো হ’ব পাৰে৷ ভালকৈ চাইছিলাতো ন? ’
মই কি কওঁ ধৰিব পৰা নাই৷ জুইটো অলপ কাঢ়া কৰি পানী ছটিয়াই ছটিয়াই খুব লৰাইছোঁ৷ লৰাই থাকোঁতে থাকোঁতে আলহী অহা প্ৰায় হৈছিলেই আৰু৷ এওঁ এইবাৰ মাংস এডোখৰ পিৰিচত নমাই সিজিছে নে নাই চাবলৈ চেষ্টা কৰিলে৷ নাই, মাংসডোখৰত হেঁচি ধৰা হাতাখন ইপিনে এবাৰ সিপিনে এবাৰ লৰচৰ কৰি থাকিল কিন্তু সৰকি নগ’ল৷ এওঁ দুশ্চিন্তাগ্ৰস্ত হৈ ক’লে ‘বাদ দিয়া, তোমাৰ কথা নুশুনো, হিং অলপ দিওঁ৷ ’
‘হিং দিয়া মাটন খালে বহুতৰে পেটৰ অসুখ হয়, সেইকাৰণেহে মানা কৰিছিলোঁ৷ কোনোবা অতিথিৰ পেটৰ অসুখ হ’ব লাগিলে বিশ্বকৰ্মা প্ৰভু অকলে অসন্তুষ্ট নহ’ব বুজিছা, ল’ৰা-ছোৱালী, পৰিয়াল-পৰিজন আটায়ে বেয়া পাব৷ তাৰ পাছত সেই দোষ গুচাবলৈ আৰু বা কত কি কৰিবলগা হয় ঠিক নাই৷ তুমি চেনি এচিকুটমান দিছিলানে? ’ এওঁৰ ইতিমধ্যে হিং দিয়া হৈ গৈছে৷ পুনৰ নতুন উদ্যমেৰে মাংস লৰাবলৈ ধৰিলোঁ৷
ইতিমধ্যে সকলো বস্তু যোগাৰ হৈ গৈছে৷ কেৱল মাটনখন হৈ গ’লেই খানা আৰম্ভ হৈ যাব পাৰে৷ কিন্তু খাহীৰ মাংস লৰচৰ হ’লেহে৷ এওঁৰ বান্ধৱী অনিতা এইবিলাকত সাংঘাতিক৷ তাইক ভিতৰলৈ মাতি আনি গোটেইখিনি ক’লে৷ কত সহস্ৰবাৰ জোল দিলে তাকো ক’লে৷ অনিতাই প্ৰথমে চুন্নিখন থৈ ল’লে, তাৰ পাছত জোল দি মাংসখিনি কুকাৰত দিলে৷ কুকাৰৰ ঢাকনিখন বন্ধ কৰি কৰি অনিতাই ক’লে ‘চাওঁতো এইবাৰ, নিসিজাকৈ কেনেকৈ থাকে চাওঁ৷ বে-বে কৰি সিজিব লাগিব৷ ’ যিহেতু খাহীৰ মাংস, সেইকাৰণে চাগৈ বে-বেকৈ সিজিব, নহ’লে চাগৈ বেলেগ হ’লহেঁতেন৷ ‘আপুনি অলপ আলহীৰ লগতে বহকগৈ যাওক আমি দুজনীয়েই তাক ঠিকনা লগাম৷ ’ অনিতাই মোক সকাহ দিবলৈ চেষ্টা কৰিলে৷
মই বন্ধুবোৰৰ সৈতে আড্ডাত মচগুল হৈ আছোঁ যদিও ভিতৰি বৰ টেনছনত আছোঁ৷ বাৰে বাৰে ঘড়ীটোলৈ চালোঁ৷ ভিতৰৰ পৰা দেখোন একো হুইচেল-চুইচেলৰ শব্দ অহা নাই৷ মই সোমাই গ’লোঁ৷
‘হুইচেলেই মৰা নাই ৰ’ব৷ ’ অনিতাই মুখ টিপি হাঁহিলে৷ এওঁৰ মুখত আতংক আৰু দুশ্চিন্তাৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ছাপ৷ মই কাণখন কুকাৰটোৰ ওচৰলৈ চপাই নি শব্দটো শুনিবলৈ চালোঁ৷ ভিতৰত ১৮৭৬ চনত জন্মগ্ৰহণ কৰা এটা প্ৰাচীন খাহী ছাগলীয়ে বেবাই থকা শুনিবলৈ পালোঁ৷
‘কি শুনিছে সৌমিত্ৰদা? ’
‘তুমি কোৱাৰ নিচিনাকৈ বে-বেকৈ সিজাৰ আভাস পোৱা নাই অনিতা, বৰং কুটুৰ-মুটুৰ শব্দ কিছুমানহে শুনা পাইছোঁ৷ ’
এওঁৰ পাছত এইবাৰ অনিতাৰ মুখতো মাত নাইকিয়া হ’ল৷ অপাৰেশ্যন থিয়েটাৰৰ ভিতৰলৈ ঘৈণীয়েকক নিয়াৰ পাছত ল’ৰা হ’ব নে ছোৱালী হ’ব ভাবনাত হাত জোকাৰি, আঙুলি ফুটাৱাই থকা পৰিয়ালৰ মানুহবোৰৰ দৰে অনিতা আৰু এওঁৰ মুখতো একেই উদ্বিগ্নতা আৰু আচৰণ৷ দহ বৰ্গফুটৰ সেই পাকঘৰতে দুয়ো পায়চাৰি কৰি আছে৷ ভাগ্য ভাল, তেনেতে প্ৰেছাৰ কুকাৰৰ হুইচেলটো বাজি উঠিল৷
এটা দুটা…দহটা…অনিতাই হাতেৰে ইংগিত দিলে, বাজি থাকক ৰ, অফ কৰিব নালাগে৷ বিছ…একৈছ…
অনিতাই গাইপতি দুটাকৈ হুইচেল মাৰিব দিছে যেন পাওঁ৷ নাই, কথাটো ভবাৰ লগে লগে তাই অফ কৰি দিলে৷ মুঠ পঁচিছটামান হুইচেল মাৰিলে যেন পাওঁ৷
কুকাৰৰ ঢাকনি খুলিল৷ ডাক্তৰে দেখাৰ আগতেই কেঁচুৱাটো থপিয়াই ল’ৰা নে ছোৱালী চাব খোজা গিৰীয়েকৰ দৰে অনিতাই লৰালৰিকে মাংস এডোখৰ উলিয়াই হাতাৰে পিটিকি চালে আৰু গৌৰৱৰ হাঁহি এটা হাঁহিলে৷ তাইৰ হাঁহিটো দেখি মোৰো মনটো ভাল লাগিছিল যদিও অনিতাই কুকাৰটো বন্ধ কৰিলে আৰু আকৌ এবাৰ জুই দিলে৷ এইবাৰ পাঁচটামান হুইচেল মৰাৰ পাছত বন্ধ কৰিলে আৰু অনিতাই খুব নিস্পৃহ মানুহৰ দৰে কৈ উঠিল এ…এইবাৰ যি হয় হ’ব যাওক৷
মোক পাকঘৰৰ পৰা যাবলৈ কৈ থাকিল যদিও মই ওলাই যাব নোৱাৰিলোঁ৷ মনটো খুব বেয়া লাগি আছে৷ মোৰ ক্ষেত্ৰতহে এনেকুৱা হয়৷ বেপাৰীয়ে যি দাম কৈছে তাকে দিছোঁ৷ তাৰ পাছতো ইমান এনেকুৱা মাংস ক’ৰ পৰা আহিল ক’ব নোৱাৰোঁ৷ মোৰ ভাগ্যই বেয়া৷
প্ৰথমতে দেউকে ধৰি পুৰুষ অতিথি আটাইকেইজনকে একেলগে খাবলৈ দিয়া গ’ল৷ মই আগে-ভাগেই ক’লোঁ যে ভাইহঁত, মাংসটো অকণমান টান পাব পাৰ দেই৷ মনত অসন্তোষ নকৰিবি৷ যিমান যত্ন কৰি বনাব পাৰি সিমান যত্নৰে বনাইছোঁ৷ যত্ন আৰু সাধ্য-সাধনা সন্দৰ্ভত অনিতায়ো অলপ ক’লে৷ সেই মানসিক প্ৰস্তুতি লৈয়ে সকলোৱে খাবলৈ ধৰিলে৷ প্ৰথম টুকুৰা মাংস মুখত দিলে অপূৰ্বই৷
‘আঃ সুন্দৰ হৈছে৷ ’ অপূৰ্বই ক’লে৷
তাৰ নামটো অপূৰ্ব কাৰণেই আঞ্জা যিমানেই ভাল নহওক কিয় সি অপূৰ্ব বুলি ক’ব নোৱাৰে, তাৰ সলনি কয় সুন্দৰ৷ অপূৰ্বৰ কথাটো শেষ নহ’লেই, বিনয়ে চিৎকাৰ কৰি উঠিল বাপৰে৷
সকলোৱে তালৈ চালে৷ মুখত বিনয় ভাবটো নাই, তাৰ পৰিৱৰ্তে যন্ত্ৰণাৰ ভাব৷ সি মাংসডোখৰ দাঁতেৰে টানি ছিঙিব পৰা নাই৷ আনবোৰে খাবলৈ এৰি আতংক দৃষ্টিৰে তালৈ চালে৷ সি তেতিয়াও হৰধনু দাঙিব নোৱৰা নিশকতীয়া ৰজা এজনে ধনুখন থৈ দিবলৈ টান পোৱাৰ দৰে অশেষ কষ্টেৰে মাংসডোখৰ টানি ছিঙিবলৈ চেষ্টা কৰি আছে৷
‘বিনয়, এটা কাম কৰ’ অপূৰ্বই ক’লে৷
‘কচোন’ মাংসডোখৰ হাতলৈ ননাকৈয়ে দাঁতেৰে চেপি ধৰি বিনয়ে ক’লে৷
‘তই দাঁতেৰে চেপি ধৰি থাক আৰু মই বাহিৰৰ পৰা টুকুৰাটো টানো৷ ’
অপূৰ্বৰ কষ্ট হ’ব বুলি ভাবি বিনয়ে প্ৰথমতে নালাগে বুলি কৈছিল যদিও অৱশেষত মান্তি হ’ল৷ ইতিমধ্যে সকলোৱে খাবলৈ এৰি হৰধনু ভাঙিবলৈ যোৱা ৰজাজনক চাই থকা আনবোৰ ৰজাৰ দৰে উদ্বিগ্নতাৰে বিনয়লৈকে একেধ্যানে চাই থাকিল৷ বিনয়ে মাংসডোখৰ অলপ সুবিধাজনক অৱস্থানত পেলাই লৈ দাঁতেৰে চেপি ধৰিলে৷ অপূৰ্বই মাংসডোখৰ হাত পিছলি নোযোৱাকৈ হাড়ৰ ভাঁজত আঙুলিবোৰ ঠিকমতে পেলাই সাজু হ’ল আৰু বাঁওহাতখনেৰে ভীমহেন পাৰ্থ বহি থকা চকীখনত খামুচি ধৰিলে যাতে উফৰি নপৰে৷ তাৰ পাছত অপূৰ্বই মাত দিলে ‘কামুৰি ধৰ বিনয়, এতিয়া মই টানিম৷ ’ কোৱামতেই বিনয়ে শৰীৰৰ সৰ্বশক্তিৰে কামুৰি ধৰিলে আৰু অপূৰ্বই গাৰ জোৰেৰে টানিলে, যেন সীতাক পাবলৈ কোনোবা ৰজাই হৰধনুত গুণহে টানিছে৷ যেন জাহাজৰ টিউবৰ ৰবৰেৰে বনোৱা কেটেপাডালত বাটলু গুটি দি অপূৰ্বই গছৰ আগত পৰি থকা চৰাইটোকহে লক্ষ্য কৰিছে৷ কিন্তু বিধিৰ কি বিপাক, বাটলু গুটিটো এৰি দিয়াৰ আগতেই পিছল খাই অপূৰ্বৰ হাতৰ পৰা মাংসডোখৰ এৰা খালে আৰু বাটলু গুটিটোৱে চৰাইৰ মূৰটোত গৈ কট্টককৈ আঘাত কৰাৰ দৰে মাংসৰ সৈতে থকা হাড়টুকুৰাই বিনয়ৰ দাঁত এটা খহাই পেলালে৷
‘তেনেকে টানে নেকি কোনোবাই? কিবা দম নাইকিয়া মানুহৰ নিচিনা’ বিনয়ে গৰগৰাই উঠিল৷
‘হয় দে তয়ো ভাল৷ লগে লগে তয়ো কামুৰটো এৰি দিব নোৱাৰিলি৷ একেবাৰে বাঘে ধৰাদি ধৰি আছ বাদ দে, এইবাৰ মই কামুৰি ধৰোঁ তই টান’ অপূৰ্বৰ দিহা মতেই বিনয় উঠিল আৰু অপূৰ্ব বহিল৷ কিন্তু একেই দৃশ্যৰ পুনৰাবৃত্তি ঘটিল৷ অপূৰ্বই কামুৰি ধৰা মাংসডোখৰ অলপ ডাঙৰ আছিল আৰু সেইকাৰণে তাৰ দুটা দাঁত সশব্দে ভাঙি গ’ল৷ কিয় নাজানো, লগে লগে মোৰ কলিজাটো মোচৰ খাই গ’ল৷ দুখত হুকহুকাই কান্দি পেলালোঁ৷ মোৰ কাৰণেই মোৰ দুজন অন্তৰংগ বন্ধুৱে তিনিটাকৈ দাঁত হেৰুৱাব লগা হ’ল৷ সিহঁতে প্ৰথমতে মই ধেমালিতে কন্দা বুলি ভাবিছিল৷ কেনেকৈনো বিশ্বাস কৰিব? দাঁত ভঙা দুটাৰে মুখৰ পৰা হাঁহি গুচা নাই, তেনেস্থলত মই কান্দিম বুলি কেনেকৈ ভাবিব৷ তাৰ পাছত যেতিয়া দেখিলে মই সঁচাই সিহঁতৰ ভৰিত খামুচি ধৰিলোঁ পৰিস্থিতিটো গহীন হৈ গ’ল৷ মই কন্দা দেখি এওঁ আৰু অনিতায়ো কান্দিলে৷ অনিতাৰ দুখ লাগিছিল হেনো তাই ৰন্ধা মাংস খাই দুজনকৈ মানুহ ঘায়েল হোৱা কাৰণেহে৷ গোটেইবোৰে মিলি পৰিস্থিতিটো সহজ কৰি পেলালে৷ তাৰ পাছত মোৰ কিয় ইমান কন্দা ওলাল ক’ব লগা হ’ল৷ শুনি অপূৰ্বই গৰগৰাই উঠিল ‘তই এটা পাগল৷ ’ আটায়ে গিৰ্জনি পাৰি হাঁহিলে৷ ‘হেৰৌ, অকল তোৰে নহয় চবৰে এনেকুৱা হৈছে৷ মূৰ্খ, পইচাৰ হিচাপ কিয় কৰি আছ, লিটাৰৰ হিচাপ কৰিব নোৱাৰ৷ আগতেও মাহত সত্তৰ-আশী লিটাৰ পেট্ৰ’ল পোৰা গৈছিল, এতিয়াও একেই গৈ আছে৷ কেৱল দাম বঢ়াৰ কাৰণে মাহৰ খৰচ বাঢ়িছে৷ গজমূৰ্খ৷ ’
মই লাহেকৈ হাঁহিলোঁ৷ হয়তো, মই কিয় ইমানদিনে কথাটো ভবা নাছিলোঁ৷ নিজৰে মূৰ্খামিত নিজৰে হাঁহি উঠিল৷
মাংসৰ জোলখন বৰ ভাল হৈছিল৷ সকলোৱে তাৰেই তৃপ্তিৰে ভাতকেইটা খালে৷
বন্ধু-বান্ধৱ আটাইকে বিদায় দি আহি দেখোঁ, এওঁ জোল শেষ হোৱা মাংসখিনি বাউলটোতে হাতাখনেৰে লুটিয়াই-বগৰাই আছে৷ চীনামাটিৰ বাচনটোত শিলগুটি কেইটামান লৰাই থকাৰ দৰে শব্দ হৈছে কটং-কাটাং৷ এইখিনি কোনো কাৰণতে খাহীৰ মাংস নহয়৷ এয়া কোনো জেঠাই-বৰমা সম্বোধন কৰিবলগা প্ৰাক্তনযৌৱনা মাতৃ ছাগলী৷ কিন্তু ক’বলৈ উপায় নাই৷ কচায়ে গেৰাণ্টি দি পঠিয়াইছে৷ ‘বিশ্বাস কচাইখানা’ৰ পৰা আনিছোঁ যেতিয়া বিশ্বাস কৰিবই লাগিব৷ জ্ঞানী লোকে নকয় জানো ‘বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷ ’ বিশ্বাস কৰিলে বোলে হৰিকো পোৱা যায়৷ তেনেক্ষেত্ৰত খাহী মাংসকণনো কি কথা৷
বুজি পালোঁ, গোটেই ঘটনাটোৰ কাৰণে ময়ে দোষী৷ অকপটে বিশ্বাস কৰা হ’লে কিজানি মোৰ ভাগ্যতো খাহী মাংসই পৰিলহেঁতেন৷  ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক