বিশ্বাস–অজিত কুমাৰ বৰদলৈ

মই আইৰ কোলাত থকাৰে পৰা

সি মোৰ লগৰীয়া, 

উঠোঁতে বহোঁতে খাঁ‌ওতে শুওঁ‌তে

সি মোৰ লগতে আছিল, 

অলপ বুজন হ’বৰে পৰা

সি মোক লৈ ফুৰে অলৈ-তলৈ

মই আশ্বস্ত হওঁ‌

তাৰ অৱস্থিতিত নিৰ্ভৰ কৰি। 

পিছে এতিয়া লাহে লাহে

কি হৈছে জানো?

সি ক্ৰমাৎ হেৰাব খোজে

আঁতৰি আঁতৰি থাকে

মোক বহুতৰ মাজৰ

অকলশৰীয়া কৰি। 

কাৰ দোষৰ বাবে এনে হয়

সেই কথা সি সুধিলে নকয়, 

মাথোঁ ব্যৱধান ৰাখি

আঁতৰি আঁতৰি ৰয়। 

আসক্তিৰ অনেক পিছল পৰত

দূৰত্ব বাঢ়ি যায়

আমি নিৰাসক্ত হবলৈ বাধ্য হওঁ‌

ভেজাল সময়ৰ তেজাল গতিত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments