বিশ্বাস, অন্ধবিশ্বাসৰ অৰ্থনীতি – গায়ত্ৰী গোস্বামী অধ্যাপক

গাঁৱৰে এগৰাকী আদহীয়াই হঠাতে ৰাতিপুৱা ঘোষণা কৰিলে যে তেওঁ বোলে সাক্ষাৎ ভগৱান৷ তেখেতে ঘৰৰ আগফালৰ চোতালত ধূপ-ধূনা চাকি জ্বলাই চুৰিয়া চোলা পিন্ধি তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে আৰু খুব কম দিনৰ ভিতৰতে কথাটো ফুটিফাটি গৈ তেখেতৰ ওচৰত শৰণাপন্ন হোৱা লোকৰ সোঁত ববলৈ ধৰিলে৷ কোনো কোনো ভক্তই জীৱন্ত সাক্ষাৎ ভগৱানৰ আশিসধন্য হৈ নিজৰ পুৰণি বেমাৰ ভাল হোৱা বুলি ক’লে, কোনোৱে আকৌ একাধিক সমস্যা বতাহতে উৰি গ’ল বুলি কবলৈ ধৰিলে৷ সেইজনাৰ পদূলি মুখৰ পৰা ৰাজআলিলৈকে বিনামূলীয়া শ্ৰমদানেৰে ভক্তপ্ৰাণ ৰাইজে পথছোৱা সাৰি-মছি পৰিষ্কাৰ কৰি পেলালে, তামোলৰ খুটা পুতি মিঠাতেলৰ চাকি জ্বলালে, উৎসাহী ডেকা দুজনমানে চালি একোখন সাজি ধূপ, চাকি, মিঠাতেল, ফুল-তেতেলি, ৰঙাৰছী, নাৰিকলৰ দোকান দিলে৷ মুঠতে ভগৱানৰ আৰ্বিভাৱত গাঁওখনৰ চেহেৰাই সলনি হৈ পৰিল৷

এইযে ওপৰৰ ছবিখন, তাত মাত্ৰ বিশ্বাস, অন্ধবিশ্বাসেই জড়িত হৈ থকা নাই, বৰঞ্চ অঞ্চলটোৰ আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱনধাৰা প্ৰতিফলিত হৈছে৷ প্ৰথমেই মন কৰক, এনে ভগৱানবোৰ সেই এলেকাৰ ধৰ্ম বিশ্বাসৰ লগত সংপৃক্ত একোজন অৱতাৰী হয়৷ একোখন বৈষ্ণৱ ধৰ্মাৱলম্বীৰ গাঁৱত শাক্ত দেৱীৰ আৰ্ৱিভাৱ নহয়, নাইবা তাৰ ওলোটাৱো নহয়৷ কিন্তু কিয়? কাৰণ এনে হ’লে, স্বয়ম্ভূ ভগৱানে পাব পৰা সকলো সম্ভাৱনা পূৰণ নহয়গৈ, সেইদৰে ভক্তৱেও বিচৰা আৰ্শীবাদৰ বাবে মোটা অংকৰ ধন দিবলৈ কুণ্ঠাবোধ নকৰে, লিংগ বৈষম্য তথা বয়সৰ বাছ বিচাৰ এইক্ষেত্ৰত ত্যাগ কৰাও দেখা যায়৷

মানুহে যেতিয়াই একো নুবুজাকৈ কিবা এটা বিশ্বাস কৰিবলৈ ধৰে, তাতেই অন্ধবিশ্বাসৰ সূত্ৰপাত ঘটে৷ সমাজত্ববিদ ষ্টিভ ওণ্ডাৰৰ মতে, “ অন্ধবিশ্বাসৰ ফলতেই মানুহে সামাজিক আৰু অৰ্থনৈতিক ভাৱে শোষণৰ বলি হয়৷ “ এই ক্ষেত্ৰত, শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া, জাতি-বৰ্ণ, স্থান-কাল নিৰ্বিশেষে যিকোনো লোকেই অজানিতে অন্ধবিশ্বাসৰ চিকাৰ হব পাৰে৷ অন্ধবিশ্বাসীজন ধাৰ্মীক, ধৰ্মনিৰপেক্ষ নাইবা অধাৰ্মীক হ’বও পাৰে৷ ধৰ্মৰ নামত অন্ধবিশ্বাসৰ প্ৰকাৰ আৰু সংখ্যা অধিক যদিও ধৰ্মচৰ্চা নকৰা লোকৰো বিবিধ ভিত্তিহীন বিশ্বাস দেখা যায়৷ কেনিবা ওলাই যাওঁতে পিছফালৰ পৰা অন্য এজনে মাতি দিলে যাত্ৰাভংগ হ’ব বুলি ভবা, ভুলতে চোলাটো ওলোটাকৈ পিন্ধিলে দিনটো অমংগল হ’ব বুলি ভবা, ৰাষ্টাত গাড়ীৰ আগেদি মেকুৰী পাৰ হৈ গ’লে দুৰ্ঘটনা হ’ব বুলি ভবা (যাৰ বাবে বহু গাড়ী চালকে মেকুৰীটো ইচ্ছাকৃত ভাবে চেপি মাৰি থৈ যায়) আলু খাই গ’লে পৰীক্ষাত আলুগুটি (শূন্য) পোৱাৰ সম্ভাৱনা আছে বুলি ভবা, ফেচায়ে নিউ নিউকৈ মাতিলে কোনোবা মৰিব বুলি ভবা, ঘৰৰ আগফালে টেটেলী গছ, পিছফালে ঔটেঙা গছ, বাৰীত শিলিখা, শিমলু, পলাশ, এজাৰ আদি থাকিলে ঘৰ উচন যাব বুলি ভবা, ক’লা মেকুৰী, তেৰ তাৰিখ, শনিবাৰ ইত্যাদিক অমংগলীয়া বুলি ভবাটো একো একোটা বৈজ্ঞানিক ভিত্তি নথকা ধৰ্মৰ লগত জড়িত নোহোৱা অন্ধবিশ্বাস৷ আদি-অন্তহীন এনে বিশ্বাসেই বহু প্ৰাকৃতিক সম্পদৰ বিনাশৰ কাৰণ হৈ পৰা দেখা যায়৷ সেইদৰে যি ধৰ্মই মানুহক একতাৰ ডোলেৰে বান্ধি ৰখাৰ প্ৰয়াস কৰে, সেই ধৰ্ম বিশ্বাসীয়েই জাত পাতৰ দোহাই দি মানুহক ঘৃণা কৰিবলৈহে ধৰে, ব্যতিক্ৰম আছে কিন্তু সেয়া নগণ্য৷

জনপ্ৰিয় বাণী “বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ“ প্ৰায়ে শুনা যায়, কিন্তু আধুনিক প্ৰযুক্তিয়ে আনি দিয়া সকলো সুবিধাৰ ব্যৱহাৰ কৰি মাত্ৰ বিশ্বাসক সাৰোগত কৰি যুক্তিক উলাই কৰিব পাৰি জানো, নে এয়াও পলায়নবাদী চৰিত্ৰহে! য’ত যুক্তিয়ে হাৰ মানি যায়, তাতেই বিশ্বাসৰ নামত অন্ধবিশ্বাসক প্ৰশ্ৰয় দিবলৈ এনেবোৰ কথা দোহাৰি থকা হয়৷ আধুনিক জীৱন যাত্ৰাৰ জটিলতাত বন্দী প্ৰত্যেকেই আচলতে বিচাৰে সাময়িক সকাহ, মনৰ শান্তি নাইবা উন্নতিৰ জখলাৰ সহজ প্ৰাপ্তি৷ তাৰেই ফলশ্ৰুতিত, ধৰ্মৰ নামত এনে কিছু কাণ্ড সংঘটিত কৰা হয় যাক যুক্তিৰ ভাষাত অন্ধবিশ্বাস নুবুলি নোৱাৰি৷ বিশ্বাস আৰু সত্যৰ মাজত পাৰ্থক্য আছে, যিটো বিষয় বৰ্তমানত সত্য বুলি বিশ্বাস হয়, ভৱিষ্যতে হয়তো সত্য প্ৰমাণিত নহ’বও পাৰে, সেইদৰে সত্য কথা এটাও আমাৰ মুহূৰ্ততে বিশ্বাস নহব’ও পাৰে৷ আধুনিক শিক্ষাৰে শিক্ষিত যুক্তিবাদী মানুহে ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কেও প্ৰকাশ কৰি আহিছে সংশয়৷ কিন্তু এই অন্ধবিশ্বাস কিম্বা সংশয়ৰ উৎস বিচাৰ কৰিলে দেখা যায়, বৰ্তমানৰ শিক্ষা ব্যৱস্থা ব্যৱহাৰিক গুণসমৃদ্ধ নহয়, এনে শিক্ষাই শিকাৰুৰ স্বতন্ত্ৰৰীয়া যুক্তিবাদী চিন্তাত প্ৰেৰণা যোগাব পৰা নাই, যাৰ বাবে ঈশ্বৰ – সত্য – বিশ্বাসৰ মাজত এক দোদুল্যমান অৱস্থাত আছো আমিবোৰ৷ ধৰ্ম যদিও আওপকীয়াকৈ অন্ধবিশ্বাসৰ মূল হোতা হৈ পৰিছে, তথাপি ধৰ্মক সমাজজীৱনৰ পৰা নিলগাই ৰাখিব নোৱাৰি, কাৰণ, ধৰ্মই এখন সুসংহত সমাজৰ ভেটি ৰচাৰ লগতে ব্যক্তিৰ কল্যাণকামী মনক নতুন পৰিধি দিয়ে, জীৱশ্ৰেষ্ঠ হিচাপে নিজকেই চিনি পাবলৈ শিক্ষা দিয়ে৷ গীতাত কৈছে, “কৰ্মই ধৰ্ম৷ “ গতিকে এক উচ্চস্তৰীয় জীৱন শৈলীৰ সন্ধানত কৰা কৰ্মই মানৱ জীৱনক দিব পাৰে প্ৰকৃত আধ্যাত্মিক জ্ঞান৷ পিছে সাধাৰণ লোকৰ আসাধাৰণ আকাংক্ষা দূৰাকাংক্ষাৰ চাকনৈয়াৰ সুযোগত ধৰ্মৰ প্ৰসাৰ, সাধনা হৈ পৰিছে এক প্ৰকাৰৰ ব্যৱসায়৷ দেশৰ বিখ্যাত ধৰ্মগুৰুৰ বিলাসী জীৱন শৈলীৰ পৰা আৰম্ভ কৰি গাঁৱৰ অৱতাৰীৰ সূচল আকাংক্ষিত জীৱনধাৰাই তাকেই সূচায়৷

দেশখনত বিখ্যাত ধৰ্মগুৰু কেইবাজনো নিজ কুকৰ্মৰ বাবেই জেলৰ ভাত খাইছেগৈ৷ স্বয়ম্ভূ গড্ মেনৰ বিলাসী জীৱনত অজস্ৰ নাৰী কেলেংকাৰীৰ তথ্যই বুকু কপাঁই যায়৷ ভক্তক লোভ মোহ কাম ক্ৰোধ ত্যাগৰ বাণী শুনাই নিজেই এইবোৰত লিপ্ত থকাই মাত্ৰ গুৰুজনৰ চৰিত্ৰ স্খলন নুসূচায়, ই তেওঁৰ অন্ধ অনুগামীৰ মনস্তত্ত্বৰ বিভিন্ন দিশ উদঙাই দিয়ে৷ শিক্ষিত পিতৃয়ে নিজৰ মৰমৰ জীক গুৰুলৈ নৈবেদ্য হিচাপে আগবঢ়োৱা কাৰ্যই, ঘৰৰ মংগলৰ কাৰণে পত্নী বা পুত্ৰীক দিনৰ পিছত দিন নিৰ্জল ব্ৰতৰ বাবে পৰোচিত কৰি মৃত্যু মুখলৈ ঠেলি দিয়া, নিজ শিশু সন্তানক বলিৰ বাবে আগবঢ়াই দিয়া মনোবৃত্তিয়ে মানুহৰ চিন্তাশক্তি লোপ পোৱাৰ যি ভয়ানক ইংগিত বহন কৰে, সেয়া একবিংশ শতিকাৰ বাবে প্ৰহসন মাথোঁন৷ য’ত মানুহে মহাকাশত বিচৰণ কৰিছেগৈ, সাগৰ তলী পাত পাত কৰিছে, ত’ত মানুহৰ মনটোক বিশ্লেষণহীন এক অমানৱীয় কাৰ্যৰ ফালে আগুৱাই যোৱাত বাধা দি ৰাখিব পৰা হোৱা নাই৷ অলপতে মহানগৰী ৰাজধানী দিল্লীৰ আৰ্থিকভাবে সচ্ছল, শিক্ষিত একেটা পৰিয়ালৰে এঘাৰজনকৈ লোকে পৰমাৰ্থ সাধনৰ বাবেই স্ব-ইচ্ছাই মৃত্যু বৰণ কৰা কথাই আমাৰ সমাজৰ সবাতোকৈ নিকৃষ্ট দিশটো উদঙাই দিয়ে৷ আধুনিক জীৱন শৈলীৰ তীব্ৰ প্ৰত্যাহ্বানত তিষ্ঠিব নোৱাৰি নকৰিবলগীয়া কাম কৰা লোকৰ সংখ্যা অভাৱনীয় বৃদ্ধিৰ বাবে মাত্ৰ ব্যক্তিকেন্দ্ৰিকতাক জগৰীয়া কৰিলেই বিষয়টো অপব্যাখ্যাহে হয়, বৰঞ্চ সামূহিক বস্তুবাদীতা, ৰাজহুৱা বিবেকহীনতা ইত্যাদিৰ বিষয়ে আলোচনা কৰাটো বৰ জৰুৰী হৈ পৰিছে৷

সহস্ৰজনক মোহগ্ৰস্ত কৰি তাৰ জৰিয়তে ব্যৱসায়ৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বৰ্তমান সহজলভ্য৷ প্ৰথমতে স্বাস্থ্যৰক্ষাৰ বিধিৰ প্ৰবচনেৰে সাধাৰণ লোকক প্ৰভাৱান্বিত কৰি পিছৰ পৰ্যায়ত বিবিধ দ্ৰব্য ক্ৰয়ৰ বাবে বাধ্য কৰোৱাটো এতিয়া সাধাৰণ কথা৷ অৱশ্যে এইক্ষেত্ৰত, মাত্ৰ ধৰ্মগুৰু বা ধৰ্মীয় মৌলবাদৰ প্ৰসাৰ প্ৰচাৰৰ লগতে প্ৰচলিত তীব্ৰহাৰৰ বৰ্দ্ধিত মূল্যৰ, সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰৰ স্বাস্থ্যসেৱাও সমানেই জগৰীয়া৷ অনিশ্চিত ভৱিষ্যৎ, তীব্ৰহাৰৰ মূল্যবৃদ্ধি, সামাজিক স্খলন ইত্যাদি এশ এবুৰি সমস্যাই এনে ঋণাত্মক পৰিবৰ্তনৰ ঘাই উৎস৷ পানীত ডুবিবলৈ ওলোৱা জনৰ বাবে খেৰকুটা ডালেই সম্বল হোৱাৰ দৰেই সমাজৰ অধিকাংশই এতিয়া এনে কাৰচাজিৰ স্ব-ঘোষিত বিবেকশূন্য কাৰাগাৰৰ বাসিন্দা৷ কোনে কাক উদ্ধাৰ কৰিব, য’ত উদ্ধাৰকাৰীয়ে দেখুওৱা মৌ-মিঠা সপোন কুটিল হাঁহিৰে ঢাক খাই থাকে, য’ত স্বপ্নদ্ৰষ্টাৰ পুঁজিবাদী স্বাৰ্থত হাজাৰ-লক্ষ্যজনে অন্ধকাৰ জ্ঞানশূন্য স্বপ্নবিভোৰতাত মত্ত হৈ উলংগ নৃত্য কৰে৷

এতিয়া আকৌ আহোঁ, গাঁৱৰ অৱতাৰীজনৰ পৰিণতিত গাঁওখনলৈ অহা পৰিবৰ্তনৰ ৰেহৰূপ৷ এইযে নিজম পৰি থকা গাঁৱখন, হঠাতে খোল খাই যোৱা চালি তলৰ দোকানবোৰ, ভাৰাত অহা গাড়ীবোৰ, বুট মগুৰ পৰা ধূপৰ পেকেটটো, ঘূৰি যোৱা ভক্তই লৈ যোৱা গাঁৱৰ ৰঙালাউটো, কলমৌ শাকৰ মুঠিটো, প্ৰতিটোৰেই লগত ধনৰ বিনিময় হৈছে, অৰ্থাৎ অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত হৈছে, এয়া অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা অৱজ্ঞা কৰিব নোৱাৰি৷ তিনিআলিৰ চুকত অলস সময় পাৰ কৰা ডেকাই দুপইচা আৰ্জনৰ পথ উলিয়াইছে, সেয়া এই ক্ষেত্ৰত প্ৰণিধানযোগ্য৷ একবিংশ শতিকাৰ সমাজত এইয়া বৰ তৰল, হাস্যকৰ যেন লাগিলেও দেশখনৰ প্ৰচলিত অবাধ দুৰ্নীতি, ধনী দুখীয়াৰ বৰ্ধিত আকাশসম প্ৰভেদ, বিলাসী জীৱনৰ অগাধ বিজ্ঞাপন, নিবনুৱা সমস্যাৰ সাগৰ সদৃশ যন্ত্ৰণা, যোগ্যতাভিত্তিক কৰ্মক্ষেত্ৰৰ অভাৱ ইত্যাদিৰ প্ৰভাৱত এনে কাৰ্য্যকো উলাই কৰিব নোৱাৰি৷ সেইদৰে, ধৰ্মীয় অনুষ্ঠানৰ পৰ্যটন মূল্য বহু বেছি বুলি প্ৰমাণিতও হৈছে৷ এটি ক্ষুদ্ৰ উদাহৰণ হ’ল, অসমৰে কামাখ্যা মন্দিৰৰ মূল আচাৰ বলি বিধানৰ সামাজিক প্ৰভাৱক সম্পূৰ্ণৰূপে উলাই কৰি মাত্ৰ বৃহৎ আৰ্থিক লাভৰ অংকক গুৰুত্ব প্ৰদান কৰাটো এক প্ৰকাৰৰ আধুনিক কাৰচাজি বুলিব পাৰি৷ সেইদৰে পুৰি, অমৃতসৰ, মক্কা, মদিনা ইত্যাদি স্থানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধৰ্ম নিৰ্ভৰ৷

আৰ্থিক দৃষ্টিকোণৰ পৰা বাঃ বাঃ দিবলগীয়া এই ধৰ্মীয় পৰ্যটনৰ ভূমিকা কদাপি অস্বীকাৰ কৰিব নোৱাৰি কিন্তু, মন কৰিবলগীয়া যে, এনে পৰ্য্যটনে সংগোপনে কঢ়িয়াই অনা অন্ধবিশ্বাসৰ অবাধ সোঁতে অসামাজিক ক্ৰিয়াকলাপৰ বাট মুকলি যাতে নকৰে, কাৰণ, বহু ধৰ্মগুৰুৱে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁৰ অন্ধ ভক্তক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰাৰ উদাহৰণ অজস্ৰ দেখা যায়৷ ভক্তৰ চিন্তাশূন্য সৰ্মপণৰ সুযোগক শুধৰাই দিয়াটো বহু ক্ষেত্ৰত সহজ হৈ নাথাকেগৈ৷ এনে পৰিস্থিতিত প্ৰকৃত অৰ্থত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ বিজ্ঞানে আনি দিয়া সঁজুলি ব্যৱহাৰত অভ্যস্তজনক বৈজ্ঞানিক মনস্কতাৰ পাঠ ফলপ্ৰসূভাৱে দিয়া আৰু প্ৰয়োগ কৰাৰ সময় সমাগত৷ জোৰ পুৰি হাত পালেহি, এতিয়া মাত্ৰ চাই থাকিলে হ’ব জানো?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক