বিশ্বাস (অয়ন উত্তম)

: হেল্ল’ ! … অ’, মই ওলাইছোঁৱেই … তুমি অকণমান ৰ’বা৷ বাটৰ পৰাই তোমাক উঠাই নিম৷ এতিয়া থৈছোঁ …বাই …!

 

: জান, শুনিছা ! কফি ৰেডী হৈ আছে … তুমি ওলোৱা মানে ব্ৰেকফাষ্টো ৰেডী হৈ যাব !

 

: উফ্‌! ১০ বাজিলেই !… সোনকালে ওলাই নগ’লে ফ্লাইট মিচ্‌ হৈ যাব৷ বাটত যিহে ট্ৰেফিক ! বছৰ পৰা কথা শুনিব লাগিব ! ৰশ্মি, অলপ সোনকাল কৰাচোন প্লীজ !

 

: অ’কে জান !— পাকঘৰত ব্যস্ত ৰশ্মিয়ে দুটা কাপত গৰম কফিখিনি ঢালি দিলে৷ এটা কাপত লাহেকৈ তিনিটামান টেবলেট দিওঁতেই ম’বাইলটো বাজি উঠিল ! ৰশ্মি চক্‌ খায় উঠিল ! ম’বালইৰ স্ক্ৰীণখনলৈ চকু গ’ল— ‘পল্লৱ কলিং’ ! এই পল্লৱটোৱে মাৰিব দেই ! ৰাজ ওলাই যোৱাই নাই, ইফালে সি ফোন কৰিবলৈ আৰম্ভ কৰিলেই ! লাহেকৈ ‘ইগন্‌ৰ’ কৰি ৰশ্মি পুনৰ ব্যস্ত হ’ল কফিৰ কাপ দুটাক লৈ !

— ‘হয়, বাওঁফালৰ কাপটোতেই টেবলেটকেইটা ঢালি দিছিলোঁ !’ — কাপটোৰ ‘হেণ্ডেল’ডাল ওলোটাকৈ থৈ আৰু দুটা টেবলেট ঢালি দিলে৷ একে সোহাই সোঁফালৰ কাপটোৰ পৰা আধাকাপ কফি খোৱাৰ লগে লগে ৰশ্মিৰ মুখত কুটিল হাঁহি এটা বিৰিঙি উঠিল— ‘উমম্‌ … বঢ়িয়া ‘টেষ্ট’ !’ এখন ট্ৰে’ত দুয়োটা কাপ নি ৰাজৰ টেবুলত থ’লে ৰশ্মিয়ে৷ পুনৰ পাকঘৰলৈ সোমাই আহি এইবাৰ ব্যস্ত হ’ল ‘ব্ৰেড’ তৈয়াৰ কৰাত৷

 

… ৰাজে ‘ড্ৰেছ’ কৰি শোৱাকোঠাৰ পৰা ওলাই আহিয়েই ৰশ্মিয়ে যতনাই দিয়া ‘ট্ৰে’খনৰ পৰা এটা কফিৰ কাপ এহাতত লৈ ইটো হাতেৰে ম’বাইলটো জেপত সোমাবলৈ নাপালেই, হাতৰ পৰা আধাখিনি কফি আহি ৰাজৰ কাপোৰত পৰিল৷

: ধেৎতেৰি ! এনেই দেৰি হৈছে, আকৌ এইসোপা ড্ৰেছত পৰিব লাগে নে?— মুখতে কথাখিনি ভোৰভোৰাই ৰাজ পুনৰ শোৱাকোঠালৈ সোমাই গ’ল৷ ৰশ্মিয়ে হাতত দুটুকুৰা ব্ৰেড লৈ ৰাজৰ টেবুলৰ কাষ পালেহি৷

: তুমি খালানে জান? মই ব্ৰেড আনিছিলোঁ হে !— ৰশ্মিয়ে শোৱাকোঠাৰ ফালে মুখ কৰি কথাষাৰ ক’লে৷

লৰালৰিকৈ ৰাজ ওলাই আহি আধাকাপ কফি একে সোহাই পান কৰিলে৷— ‘এতিয়া দেৰি হৈছে, প্লীজ বেয়া নাপাবা ! ব্ৰেড এতিয়া নাখাওঁ ! তুমি চিন্তা নকৰিবা৷ বৰঝাৰ গৈ পোৱাৰ লগে লগে কিবা এটা খাম৷’— কৈয়েই লৰালৰিকৈ ৰাজ যাবলৈ ওলাল৷

: অ’কে ! খাবা কিন্তু ! অ’, আৰু এটা কথা … ঘৰলৈ ওভতাৰ আগে আগে মোলৈ এটা ফোন কৰিবা৷ ঘৰলৈ কিবা আনিব লগা থাকিলে ফোনতে কৈ দিম৷ নাপাহৰিবা কিন্তু!বহুত মিচ্‌ কৰিম তোমাক জান !— এইবুলি কৈয়ে ৰশ্মিয়ে লাহেকৈ ৰাজৰ ওঁঠত চুমা এটা আঁকি দিলে৷

 

… : নন্দিতা, তুমি ক’ত আছা? মই এইমাত্ৰ গণেশগুৰি অভাৰব্ৰীজ ‘ক্ৰছ’ কৰিলোঁ … তুমি এটা কাম কৰিবা, মই মাৰুতি এখনত গৈ আছোঁ, তুমি বৰা ছাৰ্ভিচ বাছ ষ্টেণ্ডৰ কাষতেই থাকিবা … একেলগেই যাম দুয়োটা৷ অ’কে, ৰাখিছোঁ এতিয়া৷— ম’বাইলটো জেপত সোমাবলৈ লওঁতেই ৰাজৰ বুকুখন চিৰিংকৈ গ’ল !টিকট দুটা টেবুলতেই থাকি আহিল!লৰালৰিৰ কোবত এনে হ’ব লাগেনে?— লগে লগে চালকজনক ৰাজে নিৰ্দেশ দিলে— ‘দাদা, এটা কাম কৰকচোন ! মোক য’ৰ পৰা ‘পিক্‌ আপ’ কৰিছিল, তালৈ পুনৰ ব’লকচোন ! ঘৰত কিবা এটা পাহৰি আহিলোঁ, আপুনি পোষ্ট অফিচৰ ট্ৰেফিক পইণ্টেৰে ‘টাৰ্ন’ ল’ব৷ যিমান পাৰে সোনকালে যাব প্লীজ!এনেই বহুত দেৰি হৈছে আজি !’

: ঠিক আছে দাদা! আপুনি চিন্তাই নকৰিব৷ মই সময়ত পোৱাই দিম৷

: শুনকচোন, আৰু অলপ সোনকালে যাব নোৱাৰেনে?যিমান পাৰে স্পীডত ব’লক৷

 

… : পল্লৱ ! তুমি মানুহ মাৰিবা হে ! ৰাজ ওলাই নাযাওঁতেই ফোন কৰিবলৈ কিহে পাইছিল তোমাক ! ধৰা পৰি যোৱাহেঁতেন ! তোমাৰ কথাই ভাবি আছিলোঁ জানা ! আজিৰ পৰা আমাৰ ‘কাঁইট’ আঁতৰ হ’ল৷ অলপ পিছতেই খবৰ আহিব ‘ছিঅ’ৰ’ ! তুমি নিশ্চিন্ত থাকা ! তুমি দিয়া টেবলেটৰ বটলৰ পৰা পূৰা পাঁচটা টেবলেট ঢালি দিছোঁ, তিনিটাৰে কাম নিদিব বুলি সন্দেহ হোৱাত পিছত আৰু দুটা দি দিছোঁ৷ অ’কে, তুমি আঁহা, ৰাজ ওলাই গ’ল৷ তুমি ভালপোৱা বগা ‘নাইটী’টো পিন্ধিম আজি৷ — ৰাজৰ টেবুলৰ কাষত বহি বহি কফিৰ কাপত চুমুক দি ৰশ্মিয়ে একেলেথাৰিয়ে কথাখিনি কৈ থাকিল৷ ম’বাইলটো টেবুলত থৈ ৰশ্মি বাথৰুমলৈ সোমাই গ’ল৷ শ্বাৱাৰটো খোলাৰ লগে লগে হিমশীতল জলধাৰাই স্পৰ্শ কৰি গ’ল ৰশ্মিৰ খলা-বমাবোৰ৷ এখন টাৱেলেৰে গাটো ঢাকি বাথৰুমৰ পৰা ওলাই ‘ড্ৰেছিং টেবুল’ৰ ওচৰলৈ আহি চুলিখিনি ফণিয়াই বগা ‘নাইটী’টো পিন্ধি পুনৰ ‘ড্ৰেছিং টেবুল’ৰ ওচৰ পাওঁতেই মূৰটো ঘূৰোৱা যেন পালে ৰশ্মিয়ে৷ কি হৈছে ! নাই, চকুৰে ধোঁৱা-কোঁৱা দেখিছে ৰশ্মিয়ে৷ থিৰেৰে থাকিব নোৱাৰি বিছনাত বাগৰি পৰিল ৰশ্মি৷

 

… : ফটোখনৰ সৈতে একেই দেখোন !— চুচুক-চামাককৈ ঘৰটোত সোমায়েই শোৱাকোঠাত ৰশ্মিক বিছনাত পৰি থকা দেখি অচিনাক্ত যুৱকজনৰ কপাল কোঁচ খালে৷ পুনৰ ফটোখন এহাতত লৈ এবাৰ ৰশ্মিৰ মুখলৈ আৰু আনবাৰ ফটোখনলৈ চালে যুৱকজনে৷ নাকৰ ওচৰলৈ আঙুলি এটা নি পৰীক্ষা কৰিলে— ‘নাই, জীয়াই থকাৰ চিন-চাবেই নাই ! কিন্তু কেনেকৈ?যি কামৰ বাবে আহিছিলোঁ, তাৰ আগতেই এনে হ’ল কেনেকৈ?’— পুনৰ চিন্তাত পৰিল যুৱকজন৷ এনেতে গে’ট খোলাৰ শব্দ কাণত পৰিল যুৱকজনৰ৷ লগে লগে পকেটৰ পৰা ৰিভল্‌ভাৰটো উলিয়াই কোঠাটোৰ বেৰৰ দাঁতিত লুকাই পৰিল যুৱকজন৷

 

… ৰাজে লৰালৰিকৈ টেবুলত থকা টিকট দুটা জেপত ভৰালে৷ পুনৰ ওলাই যাবলৈ লওঁতেই মন কৰিলে, ঘৰখন নিজম পৰি আছে৷ ৰশ্মিয়ে কি কৰিছেনো? লাহেকৈ শোৱাকোঠালৈ সোমাই গ’ল ৰাজ৷ বিছনাত ৰশ্মিক পৰি থকা দেখি জগাবলৈ লওঁতেই মাত্ৰ এটি মৃদু শব্দ— ‘ধিচ্চিউ’ …৷ লগে লগে মজিয়াত ঢলি পৰিল ৰাজ৷ বগা বিছনা চাদৰত কিছু তেজৰ ছিটিকনি আৰু মজিয়াত তেজৰ ডোঙা৷

 

কামটো সমাধা কৰিয়েই অচিনাক্ত যুৱকজন আগুৱাই গ’ল ৰাজৰ টেবুলৰ কাষলৈ৷ ড্ৰয়াৰটো খুলি এটা খাম হাতত তুলি ল’লে৷ খামটো ফালিয়েই দেখিলে— হয়, কোৱামতেই পূৰা ৫০ হাজাৰ টকা৷ এইবাৰ অচিনাক্ত যুৱকজনে জেপৰ পৰা চিঠিখন উলিয়াই আকৌ পঢ়িলে—

‘‘চাৰে দহ বজাৰ ভিতৰত কামখিনি সমাধা কৰিবা৷ ফটোখনত থকা মহিলাগৰাকীক হত্যা কৰাৰ লগতে তেওঁৰ কোঠাত যদি কোনো যুৱকক দেখা, তেওঁকো হত্যা কৰিবা৷ চাবা যাতে কোনো সাৰি নাযায়৷ কোঠাটো অলপ লণ্ড-ভণ্ড কৰি যাবা আৰু শোৱাকোঠাত থকা আলমাৰিটো দুফাল কৰি যাবা৷ তাত থকা কাপোৰ-কানিবোৰ সিঁচৰতি কৰি যাবা৷ অগ্ৰিম ধন হিচাপে ২০ হাজাৰ টকা দিলোঁ, কাম সমাধা হ’লেই ৫০ হাজাৰ টকা পাবা টেবুলৰ ড্ৰয়াৰত থকা এটা খামত৷ পিষ্টলৰ শব্দ যাতে বাহিৰত কোনেও শুনা নাপায়, তালৈ লক্ষ্য ৰাখিবা৷ কাম হৈ যোৱাৰ লগে লগেই এই চিঠিত দিয়া নম্বৰটোলৈ ফোন কৰিবা৷ কাম হোৱাৰ পিছত তুমি তোমাৰ টকা পাবা আৰু মোলৈ ফোন কৰি খবৰ দিয়াৰ পিছত তোমাৰ আৰু মোৰ লেনদেন শেষ৷’’— অচিনাক্ত যুৱকজন পুনৰ সোমাই গ’ল শোৱাকোঠালৈ৷ আলমাৰিৰ কাপোৰ-কানিখিনি সিঁচৰতি কৰি দৰ্জাখন দুফাল কৰি ওলাই আহিল পদূলিলৈ৷ জেপৰ পৰা ম’বাইলটো উলিয়াই এইবাৰ ফোন লগালে চিঠিত দিয়া নম্বৰটোলৈ৷ … নাই, বাৰে বাৰে ৰিং হৈ হৈ কাটি গৈছে ! পুনৰ চেষ্টা চলালে যুৱকজনে৷ নাই, এইবাৰো ৰিং হৈ আছে, কিন্তু উঠোৱা নাই !!!

 

… মজিয়াত তেজৰ ডোঙাত পৰি থকা ৰাজৰ চোলাৰ জেপৰ পৰা ভাঁহি আহিছিল এটি সুমধুৰ ৰিংটোন— ‘পল পল দিল কে পাছ, তুম ৰেহতে হো’ … …

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক