বিশ্বাস আস্থা আৰু এটি আহিনবুলিয়া সপোন — গায়ত্ৰী প্ৰান্তিক শৰ্মা

চকীখনৰ হাত থোৱা ঠাইডোখৰৰ দুয়োকাষে হাত দুখন পেলাই বহি ৰৈছে প্ৰবাল। কাঠৰ চকীখনৰ পৰা ওলোমাই ৰখা ভৰি দুখন তুমৰলি দিছে তেজে। পুৰণা কাঠৰ চকীখনত তেজ লাগি তেজখিনি বিয়পি গৈছে। তালৈ যেন কোনো ভ্ৰূক্ষেপেই নাই তাৰ। বগা টাইলছ লগোৱা পিছল বেলকনিৰ মজিয়াখনত ভৰি দুখনৰ পৰা টোপটোপকৈ তেজ পৰি গৈছে। বগাত ৰঙা তেজখিনি দূৰৰ পৰা
কোনো শিল্পীৰ তুলিকাত ব্যৱহৃত পানী ৰং যেন দেখা গৈছে।

ভিতৰৰ কোঠাত হাতত আধা ভগা কফি মগটো লৈ বিছনাখনত ফোঁপাই ফোঁপাই বহি ৰৈছে শ্ৰাবনি। প্ৰত্যেকটো ফোঁপনিতে একেথিৰে চাই ৰৈছে হাতৰ কাপটোলৈ। সেই মুহূৰ্তত তাইক দেখিলে এনেকুৱা ভাব হয় যে তাই যদি সুযোগ পায় আকৌ এবাৰ প্ৰবালৰ গালৈ যেন মাৰি পঠিয়াব হাতত থকা কাপটো।

বেলকনিখনত বহি উচুপি উচুপি এটা সৰু ল’ৰাৰ দৰে কান্দি উঠিছে প্ৰবালে। অসহায় পৰিস্থিতি কিছুমানে মুহূৰ্ততে যেন গ্ৰাস কৰি আনিব খুজিছে তাক।

পুৰুষে নাকান্দে।
পুৰুষ লৌহ কঠিন।
Boys don’t cry..
এই কথাও যেন পাহৰিব খুজিছে সি।
কি কৰে?
কাক কয় তাৰ এই অসহায়তাৰ কথা?
কাক কয় তাৰ মৰমী পত্নীৰ কথা?

পত্নী! পত্নী শব্দটোতকৈ কিজানি প্ৰেয়সী শব্দটোহে সি ব্যৱহাৰ কৰিবলৈ বিচাৰিব শ্ৰাবনিৰ ক্ষেত্ৰত। বিয়াৰ পাঁচবছৰৰ পিছতো পতি-পত্নীৰ একঘেয়ামী সম্বন্ধতকৈ অধিক কোমল তাৰ আৰু শ্ৰাবনিৰ সম্পৰ্ক। প্ৰায় ছবছৰ প্ৰেমৰ অন্তত একেবাৰে নিজৰ কৰি শ্ৰাবনিক পোৱাটো সপোন দিঠক হোৱাৰ দৰেহে যেন কথা আছিল প্ৰবালৰ বাবে। স্মাৰ্ট, আধুনিকা হৈও এজন পুৰুষে পত্নীৰ মাজত বিচৰা মৰম, সন্মান সকলোবোৰেৰে ভৰপূৰ তাৰ জীৱন লগৰী শ্ৰাবনি। বন্ধুমহলত এই কথাৰ বাবে প্ৰায় ঈৰ্ষণীয় প্ৰবালৰ স্থান। বন্ধু প্লাবনেতো প্ৰায়েই কয়

: কি পুণ্য কৰিছিলি ভাই। তোৰ এইখন কপাল নহয় চোতাল বুজিছ। লাকি হা!

মুখ টিপি গৌৰবত হাঁহে প্ৰবালে।
শ্ৰাবনি ভাল। এই কথাই অহংকাৰ আনে তাৰ মনত।
শ্ৰাবনি মৰমী। বুকু জুৰ পেলাবলৈ যথেষ্ট এই কথা।

তাৰ বাবে তাইৰ হৃদয় প্ৰেমেৰে ভৰুণ। এই কথাৰ প্ৰমাণ ইমান বছৰে সি বহুবাৰ ভালকৈয়ে পাইছে। এবাৰ নহয়, দুবাৰ নহয় বহুবাৰ বিভিন্ন কথাই দিছে তাৰ প্ৰমাণ।

প্ৰায় তিনিমাহমানৰ আগৰ কথা। অফিচৰ
পৰা কিবা কাৰণত আহি পোৱা পলম হৈছিল তাৰ। ফোন কৰি কৰি প্ৰবালৰ ফোন পোৱা নাছিল শ্ৰাবনিয়ে। আকাশত সেইদিনা গোট খাইছিল চপৰা চপৰে কাজলৰঙী মেঘ। ভয়ংকৰ এজাক বৰষুণৰ আগজাননী দি উঠিছিল আকাশখনে।

অফিচৰ পৰা আহি পোৱা নাছিল প্ৰবাল। ভয়ত বিতত হৈছিল শ্ৰাবনি। অস্থিৰতাত গোটেই মানুহজনী ছটফটাই উঠিছিল। এপাকত তাই আগফালৰ দুৱাৰ বন্ধ কৰি তাত এটা প্ৰকাণ্ড তলা ওলোমাই দোপালপিটা বৰষুণত থিয় দি ৰৈছিলগৈ প্ৰবাল অফিচৰ পৰা অহা ৰাস্তাটোত। প্ৰিয়জনৰ চিন্তাই ব্যতিব্যস্ত কৰি তোলা তাইৰ যেন এটা ছাতিৰে নিজক আৱৰাৰ চিন্তাও সেই মুহূৰ্তত নোহোৱা হৈছিল। প্ৰায় দহ মিনিটমান মূষলধাৰ বৰষুণত তিতি তিতি ৰৈ আছিল শ্ৰাবনি। গাড়ীৰ পৰাই প্ৰবালে দেখিছিল প্ৰচণ্ড বৰষুণে ক’লা কৰি অনা বতৰত ৰাস্তাটোত অকলশৰীয়াকৈ থিয় দি ৰৈছিল এক নাৰীমূৰ্তি আৰু ওচৰ পাই দেখিছিল সেই নাৰীমূৰ্তি আন কোনো নাছিল, সেয়া আছিল শ্ৰাবনি।
তাৰ শ্ৰাবনি।

গাড়ী ৰখাই দৌৰা-দৌৰিকৈ নামি গৈ তাইক আনি গাড়ীত বহুৱাইছিল সি। তাক দেখিয়েই প্ৰথমে উচুপি উচুপি আৰু তাৰ পিছত হুকহুকাই কান্দি উঠিছিল শ্ৰাবনিয়ে। তাইৰ প্ৰতিটো উচুপনিত সি যেন উমান পাইছিল তালৈ থকা মৰমবোৰৰ। ঘৰলৈ আহি প্ৰায় এঘণ্টা সময় বুজোৱাৰ পিছতহে শান্ত হৈছিল তাই আৰু তাৰ পিছত দুদিন তমোময় জ্বৰে দহিছিল শ্ৰাবনিক। জ্বৰৰ গাৰেই বাৰে বাৰে তাই কৈ উঠিছিল

: আজিৰ পৰা কেতিয়াও এনেকৈ দেৰি নকৰিবা প্ৰবাল। মোৰ এনেকুৱা লাগিছিল মোৰ কাষলৈ যেন তুমি আৰু কেতিয়াও ঘূৰি নাহা। গুচি যাবাগৈ ক’ৰবালৈ। লাগিলে চাকৰিকে কৰিব নালাগে। কিন্তু এনেকৈ মোক ভয় খুৱাই থাকিলে কোনোবাদিনা সঁচাকৈয়ে মই মৰি থাকিম।

প্ৰবাল সেইদিনা গলিছিল।
শ্ৰাবনিলৈ মৰমতে গলি গলি পানী হৈছিল শিল হেন মানুহটো।
ইমান আকুলতা!
ইমান ভালপোৱা?
’ভালপোৱা’ শব্দটোৱেই আচলতে জীয়াই থকাৰ মহাৰ্ঘ।
বুকুত সাবটি ধৰিছিল শ্ৰাবনিক। বিৰবিৰাই উঠিছিল

: আজিৰপৰা কেতিয়াও এনেকুৱা নহয় শ্ৰাবনি। তোমাক এৰি ক’লৈ যাম কোৱা! সেয়া যে একেবাৰে অসম্ভৱ।

স্কুল এখনত সোমাইছিল শ্ৰাবনি। তাইৰ যোগ্যতাৰে স্কুলখনত তাই সুযোগ পাইছিল শিক্ষকতাৰ।
কণ কণ শিশুবোৰৰ লগত বৰ সুখী হৈ উঠিছিল তাই। আটোমটোকাৰিকৈ শাৰী পিন্ধি স্কুললৈ যোৱা শ্ৰাবনিক সাংঘাতিক মৰম লাগে প্ৰবালৰ। বন্ধৰ দিনত হাতত কুৰুছা কাঠি লৈ বহা আবেগিক ছোৱালীজনী যেন এইজনী নহয়। এইজনী এজনী বেলেগ নাৰী। যাক একো কথায়েই, একো দুখেই টলাব নোৱাৰে। একেজনী মানুহেই আবেলি ঘূৰি আহে মুখত এসোপা মমত্বৰ ৰং সানি লৈ। যি ৰঙৰ ৰামধেনুৱে সজীৱ কৰে তাৰ হৃদয়। আচৰিত হয় প্ৰবাল। নাৰীৰো যে কত ৰূপ!

আচলতে শিশু ভালপোৱা শ্ৰাবনিৰ বাবে স্কুলত চাকৰি কৰিবলৈ পোৱাটো আছিল এক সপোন। সেই সপোন বাস্তৱত পৰিণত হোৱাত স্বাভাৱিকতেই বৰ সুখী হৈ উঠিছিল তাই। প্ৰবাল অফিচৰ পৰা অহাৰ পিছত দিনটোত স্কুলত কি কি হ’ল তাক কৈ কৈ তাইৰ যেন শেষেই নহৈছিল। স্কুলৰ অকণ অকণ শিশুবোৰ যেন ক্ৰমাৎ হৈ পৰিছিল সিহঁতৰ অকণমানি সংসাৰখনৰ এক এৰাব নোৱাৰা অংশ। কথাবোৰ কওঁতে এজনী অকণমানি ছোৱালীৰ দৰে উৎফুল্ল হৈ উঠিছিল শ্ৰাবনি। অনৰ্গল কৈ গৈছিল তাক

: বুজিছা প্ৰবাল। যেতিয়া কণ কণ সিহঁতবোৰে গায়

’নানি তেৰী মৌৰণি ক’
মৌৰ লে গেয়া’

মুহূৰ্ততে সিহঁতৰ ‘নানী’ হৈ উঠোঁ মই। কেতিয়াবা সাধু কোৱা আইতাক, কেতিয়াবা মাক, কেতিয়াবা এটা ঘোঁৰা, কেতিয়াবা এটা ভালুক হৈ উঠো মই সিহঁতৰ বাবে। মোৰ কি মনত পৰে জানা সৰুতে এল পি স্কুলত গছৰ তলত চিঞৰি চিঞৰি গোৱা নেওতাবোৰলৈ। ভাষা বেলেগ, আবেগবোৰ যে একেবাৰে একেই প্ৰবাল।

: এবাৰ বুজিছা তেতিয়া মই প্ৰথম নে দ্বিতীয় শ্ৰেণীত মাথোঁ। স্কুলত মায়ে এৰি থৈ যাওঁতে চিঞৰি গছৰ পাত সৰুৱাইছিলোঁ। মহেন চাৰে হাতত লৈ থকা চেকনিডালেৰে সাৰৌপ সাৰৌপকৈ দুচাত দি কৈছিল ‘মনে মনে থাকিবিনে? ’ ফেঁকুৰী ফেঁকুৰী কান্দি থকা মোক সাবটি ধৰিছিলহি নিঃসন্তান ধুনীয়া প্ৰিয়ম বাইদেৱে। চুমা এটা খাই গালে মূৰে হাত ফুৰাই দিছিল বাইদেৱে। কেতিয়াবা মোলৈ বৰ দুখলগাকৈ একেথৰে চাই থাকিছিল। নিঃসন্তান ময়ো বাৰু প্ৰিয়ম বাইদেউ হ’বলৈ গৈ আছোঁ নেকি প্ৰবাল?

উৎফুল্ল হৈ কথাবোৰ কৈ গৈ থাকি মুহূৰ্ততে যেন আবেগিক হৈ উঠিছিল শ্ৰাবনি। খৰধৰকৈ কথা সলাইছিল প্ৰবালে

: তোমাৰ দৰে মৰমী শিক্ষয়িত্ৰী পাই সিহঁত যে কিমান চাগৈ সুখী শ্ৰাবনি।

প্ৰশান্তিত দুচকু জপাই ধৰিছিল শ্ৰাবনিয়ে।

সেই শ্ৰাবনি সলনি হৈছে।
ভয়ংকৰ হৈ পৰিছে শ্ৰাবনি।
এই শ্ৰাবনিক ভয় কৰে প্ৰবালে।
এই শ্ৰাবনিক চিনি নাপায় প্ৰবালে।

শ্ৰাবনিৰ এক আচৰিত পৰিৱৰ্তন লাহে লাহে প্ৰবালে লক্ষ্য কৰিবলৈ লৈছিল। কোনো কাৰণ নোহোৱা এক নিৰাপত্তাহীনতাত ভুগিবলৈ ধৰিছিল তাই মানুহজনী। একেৰাহে প্ৰবালক চকুৰ সমুখত ৰাখিবলৈ বিচাৰিছিল তাই। চকুৰ এক মিনিট আঁতৰ হ’লেই যেন তাইৰ পৰা আঁতৰি যাব মানুহটো। ক্ৰমে ৰুক্ষ হৈ আহিছিল তাইৰ মাত কথা। সকলোতকৈ ডাঙৰ কথা, কোনো কাৰণ নোহোৱাকৈ খং উঠিবলৈ লৈছিল শ্ৰাবনিৰ।

এদিন ৰাতি প্ৰবাল হঠাৎ সাৰ এই দেখিছিল বিছনাত নাছিল শ্ৰাবনি। খকমকাই উঠি গৈ সি তাইক পাইছিলগৈ বাহিৰৰ কোঠাৰ এখন চকীত। লাইট নুমুৱাই অন্ধকাৰ কৰি ৰখা হৈছিল কোঠালিটো। খোলা আছিল শোৱাৰ সময়ত প্ৰবালে বন্ধ কৰা খিৰিকীৰ পাল্লা। বতাহত চাটৌপ চাটৌপ ইখন পাল্লা সিখনৰ গাত লাগি শব্দ হৈছিল খিৰিকীত। তালৈকো যেন ভ্ৰূক্ষেপ নাছিল শ্ৰাবনিৰ। লাইটতো জ্বলাই তাইৰ একেবাৰে সমুখত থিয় দিছিলগৈ সি। কিবা যেন প্ৰচণ্ড এক অক্ৰোশত ৰঙা পৰি আছিল মানুহজনী। কেতিয়াও নেদেখা এক ৰূপ। আলফুলে বাহুত হাত ৰাখি সি মাতি উঠিছিল

: শ্ৰাবনি।

জুই নিগৰিছিল তাইৰ দুচকুৰে। উচ্চাৰি উঠিছিল

: মাৰি পেলাম মই। সবকে মাৰি পেলাম। মোক বেয়া পাই? ইমান সাহস?

ঘটনাৰ আকস্মিকতাত ভয় খাইছিল প্ৰবালে। সি জানে স্কুলত এইকেইদিন কিবা এটা অসুবিধা হৈছে। যাৰ বাবে অকণমান চিন্তিত আছিল তাই।
কিন্তু এই ব্যৱহাৰ?

সেয়াই আছিল আৰম্ভণি।
সেয়াই আছিল আৰম্ভণি শ্ৰাবনি সলনি হোৱাৰ।
সৰু সৰু কথাতেই প্ৰচণ্ড খং উঠা হৈছিল তাইৰ। আৰু সেই খং উঠাৰ সময়খিনি যেন প্ৰবালকো চিনি নোপোৱা হৈছিল শ্ৰাবনিয়ে। হাতত যি থাকে সেইয়াই প্ৰবালৰ গালৈ মাৰি পঠিওৱা হৈছিল খং উঠা সময়খিনিত। মুঠিয়ে মুঠিয়ে আজুৰি ছিঙিছিল মূৰৰ চুলি।

প্ৰবালে দুখ পাইছে।
কষ্ট পাইছে তাইৰ মনৰ মানুহজনে।

সেয়া ভাবিবলৈকো তাই যেন ক্ৰমান্বয়ে শক্তি হেৰুৱাই পেলাইছিল। এই খং উঠাৰ সময়খিনিত প্ৰায় আধা ঘণ্টামান মানসিকভাবে অসুস্থ মানুহৰ দৰে আচৰণ কৰিছিল শ্ৰাবনিয়ে। সহজ ভাষাত ক’বলৈ গ’লে খং উঠাৰ সময়খিনিত এজনী ৰাস্তাৰ পাগলী আৰু তাইৰ মাজত কোনো তফাৎ নোহোৱা হৈছিল আৰু খঙৰ শাম কাটিলেই অনুশোচনাৰ জুইত দহি দহি মৰিছিল মানুহজনী। উচুপি উচুপি আলফুলে চাফা কৰিছিল প্ৰবালে দুখ পোৱা ঠাইবোৰ। প্ৰবালৰ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি কান্দি কান্দি কৈ উঠিছিল

: মই কি কৰি পেলাওঁ মই যে নিজেই নাজানো প্ৰবাল। মোক ভাল কৰি তোলা। মোক আগৰ শ্ৰাবনি কৰি তোলা প্লিজ। যি শ্ৰাবনিয়ে কেৱল মানুহক মৰম কৰিব জানে।

বুকুত সাবটি ধৰে সি তাইক।

প্ৰায় এমাহেই হ’ব হ’ল শ্ৰাবনিৰ এই অদ্ভুত আচৰণৰ। দিনে দিনে বেছি বাঢ়িহে গৈছে তাইৰ খং।
বিবুদ্ধিত পৰিছে প্ৰবাল।
কি কৰিব লাগে?
কি কৰিব লাগে এনেকৈ খং উঠা মানুহক সি যে নাজানেই। খং কৰে নে মৰমেৰে বুজায়? সেয়াও যে সি নাজানে।
সোধে কাক?
কাক কোৱা যায় পত্নীৰ এই আচৰণৰ কথা। এদিন বুকুত অকণমান আশা লৈ ফোন কৰিছিল মাক-দেউতাকলৈ। তেওঁলোকৰ কথা নুশুনি ‘পাগলী’ ছোৱালী বিয়া কৰোৱাৰ বাবে বুকু চপৰিয়াই কান্দি উঠিছিল মাকে।
পাগলী? শ্ৰাবনি পাগলী?
প্ৰচণ্ড হতাশাত ফোন ৰাখিছিল প্ৰবালে। সি যেন বুজি উঠিছিল এই মুহূৰ্তত তাৰ বাহিৰে আন কোনেও বুজি নাপায় তাৰ মনৰ মানুহজনীক।

দিনে দিনে বাঢ়ি আহিছে শ্ৰাবনিৰ খং। আজিও সেই একেই আচৰণ কৰি হাতত থকা কফিৰ কাপটো প্ৰবালৰ ভৰিলৈ মাৰি পঠিয়াই অনুশোচনাৰ জুইত দহি কান্দি আছে শ্ৰাবনিয়ে। বেলকনিখনত বহি থকা প্ৰবাল এপাকত তেজলগা ভৰিৰেই গৈ থিয় দিলেগৈ শ্ৰাবনিৰ কাষত। ভৰি দুখন দন্ত্য দ টোৰ দৰে কোঁচাই আউল বাউল চুলিৰে উচুপি উচুপি কান্দি আছিল তাই। বৰ মৰমেৰে মাত দিলে সি

: শ্ৰাবনি।

তাৰ মাতত কান্দি কান্দিয়েই তাৰ ফালে বৰ দুখলগাকৈ চাই উঠিল তাই। সি প্ৰেমত পৰা তাইৰ চঞ্চল চকুহাল আজি বৰ আচৰিত ধৰণেৰে শান্ত। চকুৰেই যেন অনুনয় কৰিছিল ‘মোক ভাল কৰি তোলা প্ৰবাল। মই ভাল হ’বলৈ বিচাৰো। এনেকৈ থাকিলে কোনোবাদিনা মই মৰি থাকিম’।
***

শ্ৰাবনিক লৈ প্ৰবাল কাষ চাপিছিলগৈ চহৰখনৰ বিখ্যাত মনোচিকিৎসক ডঃ ৰূপক বেনাৰ্জীৰ ওচৰত। বহুখিনি পৰীক্ষা নিৰীক্ষাৰ অন্তত ডঃ বেনাৰ্জীয়ে ঘোষণা কৰিছিল
’Intermittent explosive disorder’ চমুকৈ ‘IED’ নামৰ এক মানসিক ৰোগত আক্ৰান্ত শ্ৰাবনি। শ্ৰাবনিক কোঠাটোৰ পৰা উলিয়াই দি প্ৰবালক সমুখত বহুৱাই ডঃ বেনাৰ্জীয়ে কৈ গৈছিল অকস্মাৎ খং উঠা, কোনো কাৰণ নোহোৱাকৈ বা অকণমান কাৰণতে টিঙিচকৈ খং উঠা, খং উঠা সময়খিনিত আনৰ গাত হাত উঠোৱা আদি এই ৰোগৰ লক্ষণবোৰ। ডঃ বেনাৰ্জীয়ে লগতে কৈছিল কেতিয়াবা এই ৰোগৰ ৰোগীয়ে খং উঠা সময়খিনিত নিজক অনিষ্ট কৰিবলৈও কুণ্ঠাবোধ নকৰে আৰু বেছি দেৰি হ’লে ৰোগীৰ অৱস্থা ভাল কৰিব নোৱাৰা এটা পৰ্যায়লৈকো গুচি যাব পাৰে।

কঁপি উঠিছিল প্ৰবাল।

সকলো কথা সহ্য কৰিব পাৰিলেও শ্ৰাবনিয়ে নিজক অনিষ্ট কৰাটো অন্ততঃ সি কেতিয়াও মানি ল’ব নোৱাৰে। ডঃ বেনাৰ্জীৰ সমুখত হাতযোৰ কৰি বৰ দুখেৰে সি কৈ উঠিছিল

: এতিয়া মই কি কৰোঁ ডঃ বেনাৰ্জী? কেনেকৈ ভাল কৰো তাইক। কেনেকৈ ঘূৰাই আনো মোৰ আগৰ মানুহজনী।

বেনাৰ্জীয়ে লিখি দিছিল দুটামান দৰবৰ নাম আৰু বাৰে বাৰে সকীয়াই দিছিল প্ৰবালক যে এই সময়ত শ্ৰাবনিক যেন কোনো গালি বা বেয়া ব্যৱহাৰেৰে শুদ্ধ পথলৈ অনাৰ চেষ্টা যাতে সি বা অন্য কোনেও ভুলটো নকৰে। মৰমৰ প্ৰয়োজন তাইক। মাথোঁ মৰমেৰেহে সুস্থ কৰি তুলিব পাৰে এনে ৰোগী।

হাতত প্ৰেছক্ৰিপশ্যনখন লৈ থৰক-বৰককৈ ডাক্তৰৰ কোঠাৰ পৰা ওলাই আহিছিল প্ৰবাল। বাহিৰৰ চকী এখনত বহি হাত দুখন সাবটি মুখত এসোপা প্ৰশ্ন লৈ তালৈ অপেক্ষা কৰি আছিল শ্ৰাবনিয়ে। তাক দেখিয়েই দৌৰি আহি বৰ ভয়ে ভয়ে সুধি পেলাইছিল

: কি হ’ল প্ৰবাল? কি ক’লে ডাক্টৰে? মই ভাল হ’ম নে?

মুহূৰ্ততে নিজৰ অস্থিৰ আবেগ সামৰি শ্ৰাবনিৰ অস্থিৰতাবোৰ যেন সামৰিবলৈ তৎপৰ হৈ উঠিছিল সি। খৰধৰকৈ কৈ উঠিছিল

: বুজিছা শ্ৰাবনি ডঃ বেনাৰ্জীয়ে মোক খুব গালি পাৰিলে। ইমান সুস্থ মানুহ এজনীক সামান্য খং এটাৰ বাবে তেওঁৰ ওচৰলৈ লৈ অহাত সাংঘাতিক খং উঠিছিল তেওঁৰ।

মুহূৰ্ততে হাঁহি পেলাইছিল তাই। গোল গোল জাপানী পুতলাৰ দৰে চকুহাল ডাঙৰ ডাঙৰকৈ মেলি সুধি পেলাইছিল

: সঁচা?

তাইৰ মূৰত হাত ফুৰাই দি মূৰ দুপিয়াইছিল সি।
হাঁহিছিল তাই। সেই হাঁহিত মুকুতা সৰিছিল।
কিমান দিনৰ পিছত তাই এনেকৈ হাঁহিছে? হঠাৎ যেন তাইক সি বৰ ধুনীয়া দেখিলে। তাইৰ হাঁহি থকা চকুহালত চকু ৰাখি বৰ মৰমেৰে সি কৈ উঠিল

: তোমাক ভালপাওঁ শ্ৰাবনি।
বৰ ভালপাওঁ।

পূজা পূজা যেন লগা আহিনৰ বতাহ এজাকে কোবাই গৈছিল দুয়োকে। তাইক ভাল কৰি তুলিবলৈ যেন সেই খণ্ডৰ বতাহজাকেও তাক সকীয়াইহে থৈ গৈছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক