বিশ্বাস আৰু অন্ধবিশ্বাস – (পংকজ গোবিন্দ মেধি)

অন্ধ ভাৱে আমি যি কথা বিশ্বাস কৰোঁ, সেই কথাই অন্ধবিশ্বাস যেনেদৰে শুদ্ধ নহয়, বিশ্বাস থকা কাৰণেই অন্ধবিশ্বাস থকা কথাটো শুদ্ধ নহয়৷ বিশ্বাস থকা বাবেই অবিশ্বাস থকা কথাটোহে শুদ্ধ৷ অন্ধবিশ্বাসৰ সম্পৰ্ক ধৰ্ম আৰু ধৰ্মীয় ক্রিয়া-কলাপৰ লগত জড়িত৷ আমি এনেদৰে ক’ব পাৰোঁ, ধৰ্ম থকালৈ অন্ধবিশ্বাস থাকিব৷ এক কথাত ধৰ্ম বিশ্বাসেই অন্ধবিশ্বাস৷ মানুহৰ জীৱন আৰু সমাজৰ জটিল মুহূৰ্তত কিছুমান অনুক্রমে মানুহৰ মগজুত বাহ সাজে, যেনেদৰে মানুহৰ দূৰ্বল শাৰিৰীক অৱস্থাত বেমাৰৰ কাৰক সমূহে বাহ লয়৷ কুটিল ৰাজনৈতিক পৰিৱেশ আৰু ধৰ্ম বিশ্বাসৰ জটিল অনুপানত অন্ধবিশ্বাসে সমাজ জীৱন কোঙা কৰে৷ সেই দৃশ্য আমি দেখিবলৈ পাইছোঁ৷ ধৰ্মীয় ভাৱ অনুভূতিক সমাজৰ এচাম মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰত ধৰ্মীয় অন্ধবিশ্বাসৰ উপাদান সমূহক তেওঁলোকৰ স্বাৰ্থজনিত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে৷ ডাইনী, ভূত-প্ৰেত আৰু তেনে ধৰণৰ অশৰীৰি কাল্পনিক অবয়ববোৰৰ প্ৰতি প্ৰায় প্ৰতিজন মানুহৰ উৎস্যুকতা আছে৷ কোনো কোনো লোকে নিজৰ উৎস্যুকতা মৰিষণ কৰিবলৈ আৰু কোনো কোনো লোকে শংকাৰে সেই অপ্ৰাকৃতিক অবয়বৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে৷ স্বাৰ্থপৰ লোকসকলে সেই অভিধাৰ সুবিধা গ্ৰহণ কৰে আৰু মানুহৰ উৎস্যুকতা আৰু শংকাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে৷ অশিক্ষা আৰু সামাজিক দম্ভালিয়ে স্বাৰ্থন্বেষী সকলক সুবিধা দিছে৷ অশিক্ষা বুলিও একেষাৰে কোৱা টান৷ অসমত যোৱা কিছু বছৰত অন্ধবিশ্বাস উদ্ভূত ডাইনী বা তেনে ধৰণৰ সামাজিক অশান্তিৰ মূল অশিক্ষা বুলিও ক’ব নোৱাৰি৷ ঘটনাৰ সতে জড়িত সকলো লোকেই অশিক্ষিত নহয়৷ তেওঁলোকৰ গৰিষ্ঠসকলেই খোচনাত লৈ ফুৰা ম’বাইল ব্যৱহাৰ কৰিব জনা লোক৷ তেওঁলোকে টিভি বা অইন ধৰণৰ প্ৰচাৰ মাধ্যমৰ সতে নিতান্তই পৰিচিত৷ তেওঁলোকে নিজৰ ঘৰৰ ওচৰৰ চহৰ খনলৈ বিভিন্ন ব্যক্তিগত আৰু ৰাজহুৱা সকামত আহে৷ সমাজ-সভ্যতাৰ লগতো তেওঁলোক বাৰুকৈয়ে পৰিচিত৷ অসমৰ মানুহৰ মাজত যোগাযোগ ব্যৱস্থা টিলিকি মাৰি উৰাই দিব পৰা দূৰ্গম নহয় যে অসমৰ প্ৰত্যন্ত স্থানৰ জনসাধাৰণ শিক্ষা অথবা আধুনিক পৃথিৱীৰ পৰা বহু যোজন মাইল নিলগত আছে৷ বেচ কিছু বছৰ আগৰ দূৰ্বল যোগাযোগ ব্যৱস্থা আৰু প্ৰত্যন্ত অঞ্চলৰ লোক আওহতীয়াকৈ বসবাস কৰাৰ সপক্ষে তেওঁলোক ভূত-প্ৰেত, ডাইনী-খেচৰৰ প্ৰতি আসক্ত হোৱাৰেই কথা আছিল৷

তেনেহ’লে আজিৰ সমস্যাটো কোন খিনিত?

আধুনিক জীৱন ধাৰণৰ পদ্ধতিয়ে অসমৰ প্ৰায়বোৰ গাঁৱক এতিয়া আৰু গাওঁ কৰি ৰখা নাই৷ সেইবোৰ এতিয়া চহৰো নহয়, গাঁৱো নহয়, এক মিশ্ৰিত সামাজিক বসবাসৰ থলি৷ সেই খিচিৰি স্থানত নিজৰ আধিপত্য বজাই ৰখাৰ বাবে এক চাম মানুহৰ হেতা-ওপৰা লগা দেখিবলৈ পোৱা যায়৷ আমাৰ সমাজ জীৱন এতিয়াও ধৰ্মীয় প্ৰভাৱৰ আওঁতাত৷ গতিকে নিজৰ প্ৰতিপত্তি আৰু প্ৰভূত্ব বজাই ৰাখিবলৈ, নিজৰ শত্ৰুক শেলিবলৈ বিপৰীত পক্ষই ধৰ্মীয় অস্ত্ৰক ব্যৱহাৰ কৰিবলৈ লৈছে৷ ফলস্বৰূপে কাৰোবাক ডাইনী সজাই হত্যা কৰিছে, কাৰোবাক এঘৰীয়া কৰিছে৷ কাৰোবাৰ মাটি সম্পত্তি দখল কৰিবলৈ উঠি-পৰি লাগিছে৷ ঘটনা ইমান পৰ্যায়লৈ গৈছে যে নিজৰ কাৰ্যকালতেই ডাইনী সজোৱা মন্ত্ৰীৰ বিপৰীতে আইনী প্ৰক্রিয়া পৰ্যন্ত চলি আছে৷

তেনেহ’লে সমস্যাৰ সমাধান ক’ত? এই চিন্তনীয় প্ৰশ্নটোৰ উত্তৰ একেষাৰতে পাবলৈ টান৷ আমি সাধাৰণতে উচ্চাৰণ কৰা শিক্ষাই এই সমস্যা সমাধানৰ পোষকতা নকৰে৷ শিক্ষাৰ সতে জ্ঞানৰ সংযোজনেহে সমস্যাৰ প্ৰত্যক্ষ সমাধান কৰিব পাৰে৷ সমাজৰ অৰ্দ্ধ শিক্ষিত সকলক অন্ধবিশ্বাসৰ বিপৰীতে জ্ঞান লাভৰ সহায়ক হোৱাৰ কিছুমান অনুপান যোগান নধৰিলে সমস্যা সমস্যা হৈয়েই থাকিব যেন বোধ হয়৷ গাওঁ পঞ্চায়ত আৰু গাওঁবুঢ়া পৰ্যায়ত প্ৰশাসনিক কঠোৰতাই এই সমস্যা বহু পৰিমাণে লাঘৱ কৰিব পাৰে৷ তাৰবাবে আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ সুৰুঙাবোৰ বন্ধ কৰিব লাগিব৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

ভাল হৈছে

Anonymous
9 months ago

মজা মজা I love book