বিশ্ব সাধু দিৱস উপলক্ষে – ৰাজশ্ৰী ধানদিয়া

মোৰ শৈশৱত তামোলৰ সেলেঙী বোৱা, সোতোৰা- সোতোৰ গালৰ পুহমহীয়া ৰ’দজাকৰ হাঁহিটো আৰু ঢুলঢুলীয়া চকুযোৰেৰে মহীৰূহ দুজনৰ সান্নিধ্য নাছিল।

তথাপি মোৰ শৈশৱত সাধুৱে উমলিছিল।
সাধুৰ মাকৰ এপাচিমান গধুৰ ল’ৰাটোক চাব বিচাৰিছিলোঁ। বহুত দিনলৈ জনাই নাছিলোঁ যে সঁচাকৈ সাধুৰ মাক আমাৰ চুবুৰীটোৰ ক’ত থাকে!

সেই সাধু নিগৰিছিল মোৰ মা-ৰ মুখেদি। ‘তা’ অৰ্থাৎ দেউতা-ৰ কাষত মজুত থকা সাধুৰ বৰপেৰাটোৰ প্ৰতি দুৰ্ব্বাৰ আকৰ্ষণ আছিল। তা-য়ে কোৱা ‘চাটনি’ নামৰ ছাগলীজনীৰ সাধুটোৱে মোক হিকতিয়াই- হিকতিয়াই কান্দিবলৈ বাধ্য কৰিছিল। আজিও মনত পৰে, ‘চাটনি’ৰ সাধুটোৱে কন্দুৱাব বুলি জানিও তা-ক সদায় সন্ধিয়া খাটনি ধৰিছিলোঁ। সেইটো সাধু ক’বই লাগিব। ‘চাটনি’ৰ দৰে বেবাবই লাগিব। পৰম তৃপ্তিৰে কুমলীয়া ঘাঁহ খাই থকা চাটনিক কুকুৰনেচীয়াটোৱে ধৰিবলৈ আহোঁতে জীয়াই থকাৰ শেষ মুহূৰ্তকণ পৰ্যন্ত কিদৰে ছাগলীজনীয়ে পৰম সাহসিকতাৰে শিং লৰাই- লৰাই যুঁজিছিল সেয়া তা-য়ে আকাৰে- ইঙ্গিতেও দেখুৱাবই লাগিব। চাটনিৰ গৃহস্থজনে সন্ধিয়া বেলি ডুবাৰ পাছতো তাই ঘূৰি নহা দেখি তাইৰ নাম লৈ যেতিয়া পাহাৰৰ দিশে খোজ দিয়ে, চকুপানীৰে দুগাল তিওৱা মইজনীয়ে তা-ক কুটুৰো, কিজানি বা চাটনি আছে, জীয়াই আছে, এতিয়াও ঘাঁহ খাই আছে। কিজানি বা কুকুৰনেচীয়াটোৱে হে চাটনিৰ জোঙা শিং দুটাৰ খোঁচ খাই পাহাৰটোৰ দাঁতিকাষৰীয়া হাবিখনলৈ নেজ দাঙি পলাই গ’ল! কিমান যে অবোধ আছিল মনটো।

জুহালত জুইৰ তাপে উকমুকাই থকা সন্ধিয়াবোৰত তা-য়ে মোক কোলাত লৈ ভৰি দুখন লৰাই গায়, “ক- দ মটি ক- দ মটি, নতুন মাটি মাটি”, ঘোঁৰাত উঠাৰ উলাহতে হাত চাপৰি বজাওঁ মই।

মা-ৰ এটা বিশেষ গুণ আছিল, সাধুৰ লগে লগে সুৰ মিলাই গীত জোৰে। মধুসূদনৰ সাধুটোৱে মনটো ভাল লগাই দিছিল। ‘সাক্ষী গোপাল’ৰ সাধুটোৰ শেষৰ পিনে নেদেখাজনৰ প্ৰতি নিষ্পাপ ক্ষোভ এটাই টুকুৰিয়াইছিল মনত। ইমান ভক্তিৰে কাকূতি- মিনতি কৰা ডেকাজনে সামান্য পিছলৈ ঘূৰি চাওঁতেই নো ঈশ্বৰ আধা বাটতে ৰৈ যাব লাগেনে! আৰু তেনেই অকণমান দূৰ বাট হে!

আৰু মা-ৰ মুখতেই শুনা সেই তিনিটা চোৰৰ সাধুটো! স্কুলত ল’ৰা- ছোৱালীহঁতে আমনি কৰিলেই হেনো মায়ে সাধু কৈছিল, সেই তিনিটা চোৰৰ সাধুটো মা-ৰ নিজৰে খুব প্রিয় আছিল। এতিয়াও। যোৰহাট বাল্য- ভৱনৰ প্ৰতিটো ‘বেটছ’কেই মায়ে হেনো সেই সাধুটো কৈছিলেই।

এইদৰেই সাধুবোৰে উমলিছিল মোৰ শৈশৱত, নিচুকাইছিল মোক। কেতিয়াবা ছপা আখৰত, কেতিয়াবা তা-ৰ নাটকীয় উপস্থাপনত বা কেতিয়াবা মা-ৰ সুৱদী গীতত। আইতাৰ সাধু, বিক্ৰমাদিত্য আৰু বেতাল, বিক্ৰমাদিত্য আৰু বত্ৰিশ পুতলাৰ সাধু, বীৰবলৰ সাধু, ঈচপৰ সাধু, জাতকৰ সাধু, পঞ্চতন্ত্ৰ, আল্লাউদিনৰ চাকি, আলিবাবা আৰু দুকুৰি ডকাইত, এহেজাৰ এনিশাৰ সাধু আৰু কত’ কি! গ্ৰন্থমেলা আহক বা নাহক, সাধু কিতাপ ঘৰত থাকিবই লাগিব। মহাকাব্য দুখনৰ যিমানটা লিখিত ৰূপ আমাৰ ঘৰত মজুত আছিল, প্ৰতিখনেই পঢ়িছিলোঁ। মহাভাৰতৰ যুদ্ধখনৰ প্ৰতিটো দিনৰ আৰম্ভণিৰ শংখনিনাদে মোৰ বুকুখন দুৰু- দুৰুকৈ কঁপাইছিল। আজি বা কোন নিহত হয়! দিনটো শেষ হ’লেই স্বস্তি পাইছিলোঁ। সেই আখ্যান সমূহকে তা-য়ে সন্ধিয়া বিছনাত বহুৱাই আকৌ শুনাইছিল, কৰ্ণৰ বিলাপ জুৰিছিল, পিতৃক বিচাৰি অভিমন্যুৰ হাঁহাকাৰ তা-ৰ মুখত আছিল, শৰশয্যাৰ পিতামহৰ স্বগতোক্তি আছিল…!

আজি ভাবি চাওঁ, ককা- আইতাৰ সান্নিধ্য নোপোৱা সত্বেও কিমান সৌভাগ্যশালী আছিল মোৰ শৈশৱ। মানৱীয় প্ৰমূল্যবোধ, শিষ্টাচাৰ, সজ গুণৰ কর্ষণৰ জৰিয়তে সজ আচৰণৰ আখৰা, আৱেগ- অনুভূতি- বিবেকৰ সন্তুলিত সমাহাৰ এই আটাইবোৰ উপদানেৰে সম্পদশালী হৈ সাধুকথাবোৰ মোৰ মন- মগজুত সোমাই পৰিছিল।

ডাঙৰৰ কথা শুনিব লাগে, মা- দেউতাই সদায় ভাল হোৱাটো বিচাৰে, হক কথাত হে হকা- বাধা কৰে- ‘চাটনি’য়ে দিয়া শিক্ষা আছিল সেয়া।

বিশ্বাসে মিলয় হৰি- মধুসূদনে শিকাইছিল মোক। যদিও বা আজিৰ তাৰিখত এই কথাষাৰ গুৰুত্বহীন বুলি একাংশই ক’ব খোজে, তথাপি আধ্যাত্মিকতাৰ ভাৱেৰে উদ্বুদ্ধ হৈ মনত সন্তোষ লভিছিলো সেই তেতিয়াই, যেতিয়া বুজিছিলোঁ যে পিয়াহত আতুৰ পথিকক খৰস্ৰোতা তটিনীয়ে কেতিয়াও বিমুখ নকৰাৰ নিচিনাকৈ নেদেখাজনক হৃদয়ৰ সমস্ত সততাৰে আহ্বান কৰিলে তেওঁ নিশ্চয় ধৰা দিব।

শিশুৰ সৰল মনৰ দৰে নিষ্কলুষ পবিত্ৰতাৰে ঈশ্বৰক আৰাধনা কৰিলে তুষ্ট হয়- কণমানি ধ্ৰুৱৰ অমোঘ সত্য।

আত্মবিশ্বাস আৰু আস্থাৰ খুঁটা শেষ বিন্দুলৈকে হিলিবলৈ নিদিবা, পৰমপিতাৰ ওচৰত যদি নিজকে সমৰ্পণ কৰিছা, তেন্তে তেখেতৰ ওপৰত আস্থা ৰাখা, তোমাৰ হাত কেতিয়াও নেৰে- ‘সাক্ষীগোপাল’ৰ সাধুৱে কৈছিল।

অহংকাৰেই সৰ্বনাশ আনে, দোঁ খাই থকা ফলধাৰী বৃক্ষৰ দৰে বিনয়ী হোৱা- তিনিটা চোৰৰ সেই সাধুটোৱে আজিও বাট দেখুৱায়।

অতিথি অভ্যাগতৰ সাধ্যানুসৰি সেৱা কৰা- সোণালী এন্দুৰে কয়।

এয়াই শেষ নহয়!

কছ আৰু দেৱযানীৰ সাধু মই তা-ৰ মুখত শুনিছিলো প্ৰথমেই। প্ৰহ্লাদৰ কথা কৈছিল মায়ে, প্ৰতিগৰাকী বা- ৰ গৰ্ভৰ ভ্ৰূণক মায়ে সেই মহান আখ্যান শুনাবলৈ পাছতো পাহৰা নাছিল।

বীৰবলৰ সাধুৱে উপস্থিত বুদ্ধিমত্তাৰ কথা কৈছিল, বিক্ৰমাদিত্যই কৈছিল তোমাৰ ওপৰত নিৰ্ভৰশীল যি সকল আছে তেওঁলোকৰ প্ৰতি সদয় হোৱা, তেওঁলোকক মৰম দিয়া, তেওঁলোকৰ বিশ্বাস ভাঙিবলৈ নিদিবা; পঞ্চতন্ত্ৰ , জাতক, ঈচপৰ প্ৰতিটো পাততে আছিল জীৱন মাৰ্গ উজ্জলাব পৰা নীতিকথা।

সাধুৱে কথা কয়। সাধুৱে সপোন দেখুৱায়।
মহীৰূহৰ হাততে থাকে সেই চাবিপাট। ৰুদ্ধ সাধুভঁৰালৰ দুৱাৰখন আজিও নিকপকপীয়াকৈ বন্ধ হোৱা নাই। চাবিপাত তাতেই পৰি আছে। বুটলি লৈ খোলক চোন, দেখিব সোণালী চমকেৰে সেই উজ্জ্বল আভাখিনি যি পোহৰাই তুলিব আমাৰ উঠি অহা প্ৰজন্মৰ কণমানি হৃদয়।।

(বি: দ্ৰ: আজি কিন্তু মোৰ বাবে সাঁথৰ নহয় মোৰ মা আৰু তা-য়ে ‘বুঢ়ী আইৰ সাধু’খন কিয় কিনা নাছিল। অসমীয়া সাহিত্যৰ সচেষ্ট সাধকে ৰোষ ধৰিলেও ক’ম, মা আৰু তা-ৰ সেই সিদ্ধান্ত এক আদৰণীয় আদৰ্শ আছিল।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক