বিষয়ঃ নদী-বান্ধ

বিষয়ঃ নদী-বান্ধ

(সম্পাদকৰ টোকাঃ ২০১১ চনৰ ডিচেম্বৰ মাহৰপৰা বৰ্তমানলৈ চলি থকা নদী-বা্ন্ধ বিৰোধী অৱৰোধ সম্পৰ্কে ‘অসমীয়া কথা বতৰা’ৰ মঞ্চত বহুকেইটা আলোচনা-বিলোচনা হয়। এই লেখাটোত সেই সমূহ লেখনী একে ঠাইতে থূপ খোৱাই থোৱা হৈছে। কিছুমান লিখনী পৰোক্ষ ভাৱে আৰম্ভ হ’লেও পাছৰ মতামতবোৰ নদী-বান্ধ বিৰোধী আন্দোলন সম্পৰ্কীয় হৈ পৰা বাবে ইয়াতে থূপ খোৱাই ৰখা হৈছে। এটা সম্যক ধাৰণাৰ বাবে সমগ্ৰ লেখাটো একেলগে পঢ়িলে পঢ়ুৱৈ উপকৃত হ’ব। বিষয়ৰ লগত সম্পৰ্ক নথকা কিছুমান বক্তব্য পেলোৱা হৈছে।)

 

সিদ্ধাৰ্থ শংকৰ দাসঃ

অসমৰ জনসাধাৰণ, আন্দোলনকাৰী নেতাসকল আৰু অসমৰ মন্ত্ৰী, বিধায়ক, আমোলাসকললৈ এখন মুকলি চিঠি,

শ্ৰদ্ধাৰ অসমৰ জনসাধাৰণ, আন্দোলনকাৰী নেতাসকল আৰু মন্ত্ৰী, বিধায়ক, আমোলা সকল,

আপোনালোকৰ বিবেচনাৰ বাবে তলৰ কথাখিনি আপোনালোকৰ সন্মুখত উত্থাপন কৰিলো, যদি মই ভুল কোৱা বুলি ভাৱে আপোনালোকে মোক নিজ গুণে ক্ষমা কৰে যেন!

অসমত সমস্যা নাই কি! সকলোধৰণৰ সমস্যাৰে আজি জৰ্জৰিত আমাৰ মৰমৰ অসমী আই ৷ সমস্যাৰ তালিকাখনত সমস্যাৰ ক্ৰমিক নম্বৰে অসীমলৈ গতি কৰিব খোজে!

কিন্তু দুৰ্ভাগ্যজনক ভাৱে তাহানিৰে পৰা সমস্যাবোৰৰ সমাধানৰ বাস্তৱসন্মত আৰু জনহিতকৰ পথ উদ্ভাৱন কৰাৰ সলনি ‘সমস্যাৰ কথা কোনে প্ৰথমে দাঙি ধৰিলে’, ‘সমস্যাৰ বাবে আন্দোলন কৰি কোনে পৰিৱেশ বিনষ্ট কৰিলে’, ‘ কোনে কাক কি বুলি সম্বোধন কৰিলে ‘, ‘আন্দোলনকাৰী কি আদৰ্শেৰে পৰিচালিত’, ‘ কোন কি ল’বীত আছে’ আদি বাৰেভচহু কথাৰ অৱতাৰণা কৰি সমস্যাৰ গুৰুত্ব লাঘৱ তথা জনসাধাৰণৰ মন প্ৰকৃত সমস্যাৰ কথাটোৰ পৰা বিচ্যুত কৰিবলৈ এক সুপৰিকল্পিত ষড়যন্ত্ৰ চলি আছে।৷ এনে ষড়যন্ত্ৰত কেতিয়াবা চৰকাৰ আৰু কেতিয়াবা আন্দোলনকাৰী আৰু কেতিয়াবা দুয়োপক্ষ বিভ্ৰান্ত হোৱা পৰিলক্ষিত হয়। আৰু ইপক্ষই সিপক্ষলৈ বোকা চটিওৱাত ইমানে মগন হৈ পৰে যে প্ৰকৃত সমস্যাটো তেওঁলোকে চটিওৱা বোকাৰ তলত পোত গৈ অন্তৰ্ধান হৈ পৰে, কেতিয়াবা পুনৰ পদুমৰ দৰে ফুলি উঠাৰ আশাত!

কেতিয়াবা কেতিয়াবা আকৌ যিটো সমস্যাৰ সমাধান বিচাৰি আন্দোলন কৰে, পৰৱৰ্তী পৰ্যায়ত আন্দোলনকাৰী আৰু চৰকাৰৰ বুজাবুজিৰ পাছত সমস্যা নিজৰ স্থানতে থাকি যায়, কিন্তু সমস্যা সমাধানৰ বাবে কৰা আন্দোলনৰ গইনা লৈ কোনো কোনো জন ব্যক্তিগতভাৱে উপকৃত হোৱাৰ পথত অভাৱনীয় ভাৱে আগবাঢ়ি যায়; কেতবোৰৰ আকৌ আন্দোলন কৰাটোৱে একমাত্ৰ জীৱিকাৰ দৰে হৈ পৰিছে। ছাত্ৰ নহলেও ‘ছাত্ৰৰ নেতা’, নিবনুৱা নহলেও ‘নিবনুৱাৰ নেতা’, কৃষক নহলেও ‘কৃষকৰ নেতা’, মুক্তিযোদ্ধা নহলেও ‘মুক্তিযোদ্ধাৰ নেতা’, বিশেষজ্ঞ নহলেও ‘বিশেষজ্ঞৰ নেতা’, খেলুৱৈ নহলেও ‘খেলুৱৈৰ নেতা’, মজদুৰ নহলেও ‘মজদুৰৰ নেতা’, কোটিপতি হৈ ‘সৰ্বহাৰাৰ নেতা’ হোৱাটো আজি কালি এক ফেছনত পৰিণত হৈছে। কেতিয়াবা আকৌ আন্দোলনৰ সফল পৰিসমাপ্তি ঘটা বুলি ডং-কোপ মাৰি জনসাধাৰণক আভুৱা ভাৰি লুটি-পুটি খাই নোদোকা একোটা হৈ পৰে। আন্দোলনৰ সফল সমাপ্তিৰ ঘোষণাৰ পৰা চাৰিভাগৰ এক শতিকা কাল পাৰ হৈ যোৱাতহে গম পোৱা যায় – সকলো খোলাকটিৰ তাল আছিল!

অৱশ্যে আন্দোলনৰ বিনিময়ত যে অসমে একো পোৱা নাই সেইটোও নহয় ৷ কিন্তু আন্দোলনৰ সংখ্যা, দাবীৰ সংখ্যা, সমাধান হোৱা দাবীৰ সংখ্যা ,আন্দোলনৰ ফলত নেতা হৈ মুনাফা লুটাসকলৰ সংখ্যা আৰু জনসাধাৰণ আৰু সমাজক প্ৰকৃতাৰ্থত সেৱা কৰা নেতাৰ ‘পৰিসংখ্যাৰ তুলনামূলক লেখচিত্ৰ’-ই ‘অসমে পোৱাৰ’ চিত্ৰখন ধূসৰ কৰি পেলায় ৷

অসমৰ নদীসমূহ আজিও “অসমৰ ভাগ্য-ৰেখা” হিচাপে পৰিগনিত হৈ আছে। নদী সমূহৰ প্ৰবাহৰ প্ৰাৱল্যৰ কম-বেচৰ ওপৰতে অসমৰ সপোন ভঙা-গঢ়া হয়। সেয়ে নদী তথা ইয়াৰ উপত্যকা, অৱবাহিকা সমূহক যদি যথোপযুক্ত গুৰুত্বৰে অধ্যয়ন কৰি এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহন কৰা নহয়, তেন্তে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক। নদী বান্ধ বোৰ যে বৰ্তমান যুগত উন্নতিৰ সোপান স্বৰূপ, তাক কোনেও নুই কৰিব নোৱাৰে। কিন্তু উন্নতিৰ সোপানডালে যাতে সৰ্বনাশী বিধ্বংসী ৰূপ লব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষ সমানে সচেতন হোৱা দৰকাৰ।

নদীবান্ধৰ সপক্ষে বা বিপক্ষে কোনে কিমান আবেগিক ভাষণ দিছে, কোনে কাক কথাৰ ফুলজাৰিৰে হেয় বা উচ্চ প্ৰতিপন্ন কৰিব পাৰিলে, কোনে কাৰ শক্তি কিমান তাৰ প্ৰতিযোগিতাত জযী হ’ল, জয়ী হ’বলৈ কোনে কি কূটকৌশল কৰিলে, কোনে নিজকে প্ৰসিদ্ধ বুদ্ধিজীৱি বুলি প্ৰতিষ্ঠা কৰিব পাৰিলে, কাৰ অহম (Ego) সন্তুষ্ট হ’ল, চৰকাৰ জিকিল নে নদীবান্ধবিৰোধী আন্দোলনকাৰী জিকিল ইত্যাদি ইত্যাদি কথাবোৰে কাৰো উপকাৰ সাধিব নোৱাৰে। পাৰে কেৱল মূল্যবান আৰু গুৰুত্বপূৰ্ণ সময় কিছু অবাবতে নষ্ট কৰিব।

নদী বান্ধৰ বিৰোধীতা কৰা আন্দোলনৰ নেতা সকল বা চৰকাৰৰ গুৰুত্বপূৰ্ণ বাবৰ চকীত বহি থকা আমোলা মন্ত্ৰীসকল আজিৰ দিনত নিজকে গুৰুত্বপূৰ্ণ বুলি নিজে নিজেই গঙাটোপটো হৈ থাকি লাভ নাই ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল “নদী-বান্ধ নিৰ্মান, তাৰ ফলত হ’বপৰা সাম্ভাব্য বিপদ, নিৰাময় আৰু সুৰক্ষাৰ ব্যবস্থা, অসমে নদীবান্ধৰ পৰা পাবলগা লাভ আৰু লোকচানৰ তুলনামূলক বিশ্লেষণ, আৰু নিৰপেক্ষ সিদ্ধান্ত।” উন্নতিৰ অৰ্থ হেজাৰ হেজাৰ মানুহক বিপদত পেলোৱাটো কেতয়াও হ’ব নোৱাৰে, বা কেৱল ভয়ৰ বশবৰ্তী হৈয়ে উন্নতিৰ কাৰ্যত বাধা দিয়াটোও হ’ব নোৱাৰে। কিন্তু এই কথা বোৰ এটা বিশেষজ্ঞৰ দলে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি সমাধান উলিওৱাটোহে সকলোৰে কাম্য। আমি যদু মধু সকলোৱে প্ৰকৃত বুৎপত্তি নথকাকৈয়ে বেবেৰিবাং বলকি থকাটো কাৰো বাবেই মংগলজনক নহয়।

অসমত বা ভাৰতত বা গোটেই বিশ্বত এই বিষয়ে বুৎপত্তি থকা ব্যক্তিৰ অভাৱ নিশ্চয় নহ’ব। চৰকাৰেও নদী-বান্ধৰ লগত সম্পৰ্কিত বিষয় সমুহত বুৎপত্তি থকা বিশ্ববিখ্যাত তেনে কিছু বিশেষজ্ঞ ব্যক্তিৰ বিষয়ে নিশ্চয় অজ্ঞ নহয়। নদী-বান্ধবিৰোধী আন্দোলনৰ নেতা সকলও তেনে বিশেষজ্ঞ ব্যক্তিৰ বিষয়ে নিশ্চয় জ্ঞাত। এতিয়াও সময় পাৰ হৈ যোৱা নাই। সময় থাকোতে দুয়োপক্ষই খোলা অন্তৰেৰ অসমৰ স্বাৰ্থত সমিল-মিলেৰে নিৰপেক্ষভাৱে এটা ‘বিশেষজ্ঞ দল’ গঠন কৰি পুংখানুপুংখভাৱে সকলো দিশ চালিজাৰি চাই অসমৰ ভালৰ কাৰণে উপযুক্ত সিদ্ধান্ত গ্ৰহন কৰাটোহে আমাৰ কাম্য। যদিও এই কামটো চৰকাৰে বান্ধ নিৰ্মান কাৰ্য আৰম্ভ কৰাৰ আগতে কৰাটোহে যুগুত আছিল। অসমৰ ৰাইজে ভাবে আৰু বিশ্বাস কৰে শ্ৰীতৰুণ গগৈ দেৱ আৰু তেওৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল আৰু শ্ৰী অখিল গগৈকে আদি কৰি আন্দোলনকাৰী নেতাসকল যথেষ্ট জ্ঞানীলোক আৰু তেওলোকে জ্ঞানীলোকৰ দৰে ব্যৱহাৰ কৰাটোহে অসমৰ ৰাইজে বাঞ্চা কৰে। অহম (Ego) ৰ তাড়নাত তেওঁলোকে অজ্ঞানীৰ অভিনয় নকৰিব বুলি আমাৰ বিশ্বাস। মনত ৰাখিব অসমৰ সমস্যা সমাধান কৰি দেশ তথা জনসাধাৰণৰ সেৱা কৰিবলৈহে মন্ত্ৰী-বিধায়ক-আমোলাসকলক জনসাধাৰনে নিৰ্বাচিত কৰি/নিযুক্তি দি নিজৰ জেপৰ ধনেৰে দৰমহা দি পুহি ৰাখিছে। আপোনালোকক জনসাধাৰণে বিশেষ দায়িত্ব দি জনসাধাৰণৰ সেৱা কৰিবলৈ পঠাইছে। আপোনালোকে তাতেই মদগৰ্বী হৈ জনসাধাৰণক শাসন কৰিবলৈ যোৱা বুলি ভুল কৰাটো নিশ্চয় বাঞ্চনীয় নহয়। আপোনালোক শাসক নহয়, প্ৰকৃততে জনসাধাৰণে দৰমহা দি ৰখা সে্ৱকহে। আৰু আন্দোলনকাৰীসকলেও মনত ৰখা উচিত যে তেওঁলোকে জনসাধাৰণৰ সেৱা কৰিবলৈ দৃঢ় প্ৰেৰণাৰে ওলাই আহিছে। তেওঁলোকৰ কৰ্মৰ বাবেহে জনসাধাৰণে তেওলোকক সমৰ্থন দিছে। কিন্তু জনসাধাৰণৰ সমৰ্থনত মতলীয়া হৈ লক্ষ্মণ-ৰেখা লংঘন কৰাতো উচিত নহয়। দুইপক্ষই মনত ৰখা উচিত যে জনসাধাৰণে দেশখন কাকোৱে ঠিকাত দিয়া নাই! পাৰিলে দেশৰ উন্নতি কৰা, যদি নোৱাৰা একো নকৰিবা, কিন্তু ধ্বংস নকৰিবা দেশখন। সেই আধিকাৰ তোমালোকৰ নাই। কিন্তু দুৰ্ভাগ্য, আজি অধিকাৰ নোহোৱা কামবোৰতহে তোমালোক বেছি মত্ত থকা দেখোঁ!

নদী-বান্ধে উন্নতিৰ সোপান গঢ়িলে অসমবাসীৰ লগতে চৰকাৰী মন্ত্ৰী-আমোলাৰ আৰু আন্দোলনকাৰী নেতা সকলৰ পৰিয়াল, সতিসন্ততি সকলোৱে উপকৃত হব। আৰু যদি নদী-বান্ধে সৰ্বনাশী বিধ্বংসী ৰূপ ধাৰণ কৰে তেন্তে অসমবাসীৰ লগতে চৰকাৰী মন্ত্ৰী-আমোলাৰ আৰু আন্দোলনকাৰী নেতা সকলৰ পৰিয়াল, সতিসন্ততি কাৰোৱে নিস্তাৰ নাই। সকলো পানীত জাহ যাব। কোনোবা ‘জ্ঞানী’ আৰু তেওঁলোকৰ পৰিয়াল, সতিসন্ততি কিবা প্ৰকাৰে পানীত জাহ যোৱাৰ পৰা বাচি গ’লেও হাজাৰ হাজাৰ আৰ্তজনৰ চিৎকাৰ, আৰ্তনাদ, হা-হুমুনিয়াহ আৰু শাওপাতত তেওঁলোকো কোনোবা এদিন বিবেকৰ দহনত জাহ যোৱাটো ধূৰূপ।

 

পংকজ বৰাঃ নদীবান্ধ বিৰোধী আন্দোলনৰ উগ্ৰ সমৰ্থকে দলিওৱা শিল-ইটাৰে আঘাতপ্ৰাপ্ত নোহোৱাকৈ কোনোমতে প্ৰাণ ৰক্ষা কৰি কালি ৰাতি ১১ বজাত ধলপুৰ আৰক্ষীচকীৰ তহলদাৰীগোটৰ সহযোগত যেনে তেনে ঘৰ সোমালোহি। তীব্ৰ ক্ষোভ, আৰু হতাশাত মন ভাৰাক্ৰান্ত। আন্দোলনকাৰীয়ে নিৰ্বিচাৰে আক্ৰমণ কৰিছে এম্বুলেঞ্চ, প্ৰেছৰ গাড়ী। স্তব্ধ লক্ষীমপুৰ, ধেমাজিৰ সৰ্ব-সাধাৰণ ৰাইজৰ জনজীৱন। ধলপুৰ আৰু নাৰায়ণপুৰৰ মাজৰ ৰাজপথত মাথো ভগা আইনাৰ টুকুৰা, নাৰায়ণপুৰ পাৰ হৈ জৰাবাৰীৰ ওচৰৰ ৰাজপথৰ মাজত দাউ-দাউকৈ জ্বলি আছে জুই। এইয়া আন্দোলনস্থলী ৰঙানদীৰ পাৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ দৃশ্যপট, মূল ঠাইত কি পৰিস্থিতি হ’ব সেয়া সহজেই অনুমেয়। সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে আন্দোলন কৰাসকলে সাধাৰণ জনতাৰ সম্পত্তি বা ৰাজহুৱা সম্পত্তি আৰু কাৰোবাৰ জীৱন ধ্বংস কৰি কি পাব? আন্দোলনৰ ৰেহৰূপ এনেকুৱা হ’লে লাহে লাহে ই ৰাইজৰ গণভিত্তি হেৰুৱাই পেলাব। ব্যক্তিগতভাৱে মই বৃহৎ-নদীবান্ধৰ ঘোৰ বিৰোধী হ’লেও এনেকুৱা জংগী আন্দোলনক মই সমৰ্থন কৰিব নোৱাৰোঁ। নিৰীহ আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক যিদৰে গৰিহণা দিম, আন্দোলনকাৰীৰ অবিবেচকী উদ্ভণ্ডালিকো সিমানেই গৰিহণা দিম ৷

অজয় লাল দত্তঃ তাৰ অৰ্থ হল দুয়োপক্ষই জগৰীয়া নহয়নে? কিন্তু চৰকাৰী বাহিনীয়ে অত্যাচাৰ নচলোৱালৈকে ৰাইজে আক্ৰমণ কৰাৰ উদাহৰণ খুৱ বিৰল। ৰাইজে খুজি কিল নাখায়, সীমা পাৰ হৈ যোৱাৰ পাছতহে শিল-বৰষুণ হয় চাগে। ঘটনাটোত দুখ পোৱাৰ বাহিৰে নো কি কৰিম ইয়াৰ পৰা। তথাপি তেনে পৰিস্থিতিত নেতৃত্ব বিফল হলে নিয়ন্ত্ৰণ হেৰাই যায়। ফলত কাণ্ড হয় কাণ্ডজ্ঞানহীন, সকলোৱে শান্ত হওক। আমিও ফোনযোগে বন্ধু মহলৰ লগত কথা পাতি খা-খবৰ লওঁ, তাৰ বাহিৰে ইয়াৰ পৰা অন্ততঃ কিবা কৰাৰ সামৰ্থ্য নাই।

বিকাশ শইকীয়াঃ এনেকুৱা কিবা এটা হ’ব বুলি ভাবিযেই আছিলো। ৰাজহুৱা সম্পত্তি ধ্বংস কৰাটো, জংগী আন্দোলনকাৰীসকলৰ সাধাৰণ পৰম্পৰাত পৰিণত হৈছে। এই আন্দোলনবোৰে অসমৰ বহুত ক্ষতি কৰিলে। এবাৰ উত্তৰ-উজনি অসমৰ পিনে যাওতে বন্ধৰ প্ৰকোপত সাতদিনমান ঘুৰি আহিব পৰা নাছিলো। ইমান নগুৰ-নাকতি হৈছিল যে তাৰ পাছত সেইপিনে যাবলৈ সাহসেই নহয়।

উদ্দীপ তালুকদাৰঃ দোকান খোলা থাকিলেই, ৰাস্তা-ঘাটত মানুহ জমা নোহোৱাকৈ বেহা-বেপাৰ ধুনীয়াকৈ চলি থাকিলেই দেশ এখন শান্তি আৰু প্ৰগতিৰ পথত চলি আছে বুলি ভবাটো ভুল। অৱশ্যে জধে-মধে আন্দোলন কৰি থাকিলেই লাভ হ’ব বুলি ভবাটোও সমানৰ ভুল। প্ৰয়োজন বোধে আন্দোলনো কৰিব লাগিব। নদী-বান্ধ বিৰোধিতা আন্দোলনৰ পৰিণতি সম্পৰ্কে কোনোবাই কিবা ভাবিছে যেন বোধ নহয়। ইমান দিনে অৱৰোধ চলি আছে চৰকাৰে কিয় একো কৰা নাছিল? ৰৈ আছিল নেকি, মানুহখিনি নিজে নিজে গুচি যাব বুলি। একেদৰেই আন্দোলন কৰা সকলেও বন্ধ কৰিব লাগে বুলিহে কৈ আছে, কিন্তু বন্ধ কৰিবলৈ অৱৰোধ বাহিৰেও আৰু কিবা কৰিব লাগিব। কাৰণ অসম চৰকাৰৰ স্থিতি স্পষ্ট। যদি অসম চৰকাৰে নকৰেই, তেওঁলোকে পাছৰ উপায় এটা ঠিক কৰিব লাগিব।

প্ৰতীম প্ৰতাপ বৰুৱাঃ (মালবিকা ব্ৰক্ষ্মৰ মূল ইংৰাজী লেখাৰ অসমীয়া অনুবাদ) আপোনাৰ লগত পুৰা মাত্ৰাই একমত | অতিৰিক্ত আবেগে আমাক মূল লক্ষ্যৰ পৰা বিচলিত কৰে…অসম আন্দোলন আৰু তাৰ ফলস্বৰূপ এ.জি.পি. … উদাহৰণ আমাৰ চকুৰ আগত | আমি জনতাই নিজকে নিজে নিৰাপত্তা দিলেহে দিয়া |

জ্যোতিৰ্ময় দত্তঃ গণতন্ত্ৰৰ এতিয়া ম্যাদ উকলিছে। পংগু হৈছে আমাৰ শাসন ব্যৱস্থা। গেলিবলৈ লৈছে মানৱীয়তা। গণতান্ত্ৰিক আন্দোলনে কি দিলে? চোৰৰ দৰে গৈ কৰা পুৱতি নিশাৰ নাৰকীয় অত্যাচাৰ। এতিয়া আৱেগ তেজৰ নৈত বৈ গৈছে। নিৰাপদ দুৰত্বত থাকি দোষ আঙুলিয়াই থকাতো মূধাফুটা কুটনীতিবিদ, সমাজবিদসকলৰ এটিয়া এটা ফেছনত পৰিণত হৈছে। কিন্তু এবাৰলৈওতো ভাবক আজি আমি নিজে পোৱা এটা অভিজ্ঞতাতে ইমান ব্যতিব্যস্ত। তেন্তে সেইসকলে কি কৰিব যিয়ে দিনে নিশাই সংশয়তাৰে দিন নিয়াইছে বছৰৰ পিছত বছৰ ধৰি। যিসকলৰ বাবে এনে অভিজ্ঞতা ভাতৰ লগত পানী খোৱাৰ দৰে। যাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱনো অ্ন্ধকাৰৰ আওতাত। আপোনালোক হয়তো গুচি যাব এটা বেয়া অভিজ্ঞতা লৈ সেই ঠাইবোৰৰপৰা। কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। কিন্তু সেইসকলে কি কৰিব? যাৰ জীৱন, সম্পত্তি বন্ধকত থৈ সজা হৈছে এই জলবোমা। তেওঁলোকতো কপালৰ ঘাম মাটিত পেলাই খাটি-খোৱা লোক। উজনিলৈ আহিলে দেখিব সশস্ত্ৰ বাহিনীয়ে কেনেদৰে কুকুৰ মেকুৰীৰ দৰে হত্যা কৰিছে তেজাল অসমীয়া ল’ৰাবোৰক। কেইদিনমানৰ আগতেও মাকুমৰ তিনিজন ল’ৰাক একেদৰে হত্যা কৰা হ’ল। যেতিয়া জীয়াই থকাৰ চালিকা কেইপদেই হেৰাই যায় তেতিয়া আৱেগ-চিন্তাশীলতা আদি কথাবোৰ বৰ সৰু যেন লাগে। মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে অসম।

ঋতুৰাজঃ সুসংগঠিত আৰু পৰিকল্পিত গনতান্ত্রিক আন্দোলনৰ ম্যাদ উকলিল বুলি মই নাভাবো। অসমৰ আন্দোলনবোৰ বিফল হোৱাৰ মুলতে হ’ল পৰিকল্পনা আৰু যোগ্য নেতৃত্বৰ অভাৱ। যিকোনো আন্দোলনৰ মূলধন হৈছে অসমীয়াৰ আবেগ আৰু অনুভূতি। মই নিজৰ দুটামান সৰু অভিজ্ঞতাৰ পৰা কৈছোঁ আন্দোলনৰ নেতৃত্বই এনেদৰে ভাষণ দিয়ে যে জনতাক হিংসা কৰিবলৈ উত্তেজিত কৰি তোলে। ই গণতান্ত্রিক আন্দোলনৰ এটা বিয়োগাত্মক দিশ। জনতাই যদি সম্পূর্ণ শান্তিপূর্ণভাবে অহিংস আন্দোলন কৰে কোনো শাসকগোষ্ঠীৰ সাধ্য নাই জনতাৰ ওপৰত সশস্ত্র অত্যাচাৰ চলাবলৈ। কিন্তু জনতা যদি অলপো হিংস্র হয়, শাসকে এটা এটা কাৰণ বিছাৰি পায়, আন্দোলন নির্মূল কৰিবলৈ। ‘৮৩-ৰ আন্দোলনৰ কথা মোৰ মনত আছে। সেই সময়ত ছাত্রসন্থাৰ অহিংস আন্দোলনৰ লগতে আন এটা গোটে উগ্রভাৱে চৰকাৰৰ বিৰোধিতা কৰিছিল (আলফা নহয়)। যাৰ বাবে চৰকাৰো বাধ্য হৈছিল সন্দেহজনক ঠাইবোৰত (বিশেষকৈ কাঠৰ দলং বোৰত) কেন্দ্রীয় সশস্ত্ৰবাহিনী মোটায়ন কৰিবলৈ। আৰু ইয়াৰ ফলত দুই এক অপ্রীতিকৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছিল। অসম চৰকাৰ দিল্লীৰ পদসেৱী। গতিকে আন্দোলন মষিমূৰ কৰিবলৈ সকলো প্রচেষ্টা ল’ব। কিন্তু বিৰোধী নেতৃত্বই কি কৰিছে! অসমতযে জুই জ্বলিছে দিল্লীৰ সংসদত কেইজনে জানে? আন্নাৰ নেতৃত্বত হোৱা আন্দোলনে গোটেই দেশক জোকাৰি পেলালে, শাসকগোষ্ঠীয়েও মানিলবলৈ বাধ্য হ’ল, যদিও লোকপাল কি বস্তু সর্বসাধাৰণ ৰাইজৰ বহুতেই নাজানে। অসমৰ অহিংস আন্দোলনবোৰক ৰাষ্ট্রীয়কৰণ কৰিব নোৱাৰিনে? এই ক্ষেত্রত ৰাষ্ট্রীয় প্রচাৰ মাধ্যমৰ ভূমিকাও সন্দেহজনক। মই জনাত ভালেসংখ্যক অসমীয়া যুৱক-যুৱতী দিল্লীৰ কেইবাটাও আগশাৰীৰ প্রচাৰ মাধ্যমত কাম কৰি আছে। কিন্তু দুখৰ বিষয় যে অসমত ডাঙৰ কিবা এটা ঘটিলেও ৰাষ্ট্রীয় কাকতত দেখা পাবলৈ টান। শেষত এটা কথাই কওঁ, সশস্ত্র সংগ্রামে কোনো সমাধান আনিব নোৱাৰে, পৰিকল্পিত গণতান্ত্রিক আন্দোলনক আমিও সমর্থন কৰোঁ।

 

________________________________________

 

দেৱব্ৰত গগৈঃ

ইতিহাসে এওঁলোকক যেন কেতিয়াও ক্ষমা নকৰে —–

যি সময়ত মধ্যবিত্তীয় সুবিধাবাদেৰে আমিবোৰে পুহমহীয়াৰ নিহালী লৈ সুখনিদ্ৰাত কটাইছো ঠিক তেনেসময়তে আমাৰে এজাক সহোদৰে অসহ্যকৰ শীতক আওকাণ কৰি বিনিদ্ৰ ৰজনী কটাইছে, তাকো ৰাজপথত। নিজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত, আহিবলগীয়া প্ৰজন্মৰ বাবে, নিজৰ জাতিটোৰ বাবে, হেজাৰ বছৰীয়া লুইতৰ দুয়োপাৰৰ সভ্যতাক ৰক্ষাৰ বাবে। এইসকল সচাঁ ৰণুৱাৰ সন্মুখত নিজকে তুলনা কৰিলে এটি গুৰি পৰুৱাকৈও সৰু যেন লাগে। এনে লাগিছে যেন সোৱনশিৰিৰ বৃহৎ নদীবান্ধটো কেনেবাকৈ ভাঙিলে কেৱল এইসকলকহে পানীৰ কোবাল গতিয়ে উটুৱাই নিব, বাছি বাছি। হয়নে বাৰু? নিশ্চয় নহয়।

বান্ধ ভাঙিব নে নাভাঙে এই বিৰ্তকৰ অন্ত পৰা নাই। কোনেও ডাঠি একো ক’ব নোৱাৰে। বান্ধৰ বিৰোধিতা কৰাসকলেও আৰু নকৰা সকলেও। কিন্ত বৃহৎ বান্ধ একোটাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াক লৈ এতিয়া সকলো সজাগ হৈছে আৰু ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ বাবেই দুৰ্ভাগ্যজনকে যে কোনো প্ৰাকৃতিক বা সামাজিক বিপদৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াই সতকাই শাসক শ্ৰেণীক কেতিয়াও চুবগৈ নোৱাৰে। ইতিহাস ইয়াৰ সাক্ষী। অসম চৰকাৰৰ বৰ্তমান শাসন ব্যৱস্থাত থকা লোকসকলে সেয়ে বান্ধৰ বিৰোধিতা কৰা নাই। কিন্তু লুইত আৰু সোৱনশিৰিৰ পাৰত পুৰুষানুক্ৰমে বাস কৰি অহা বাসিন্দাসকলে লাহে লাহে বুজি উঠিছে যে এই বৃহৎ` বান্ধে তেওঁলোকৰ আহিবলগীয়া দিনবোৰ বিপদজনক কৰি তুলিব। নতুন প্ৰজন্মৰ বসবাসৰ অনুপযোগী কৰি পেলাব আৰু সেয়ে তেওঁলোক বান্ধৰ বিপক্ষে এক আপোচহীন স্থিতি লৈছে আৰু তেওঁলোকৰ প্ৰতিবাদী মিছিলক যোগ্য নেতৃত্ব দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। পুহমহীয়া ঠেটুৱৈ লগা জাৰকো তেওঁলোকে উপলুঙা কৰিছে। এই প্ৰতিবাদী সত্তাটোক ধৰি ৰাখিব পৰাতো, নেতৃত্ব দিব পৰাটো মুক্ত অৰ্থনীতিৰ দিনত ধেমালি কথা নহয়, কিন্ত অখিল গগৈয়ে সেইটো কৰি দেখুৱাইছে। পিছে মনত শংকা হয় অখিল দ্বিতীয় এজন নিবাৰণ বৰা হবলৈ গৈ থকা নাইতো? হয়, এলাগী নিবাৰণ বৰাৰ কথা কৈছো। ১৯৮৫ চনৰ চুক্তিৰ পাছত নিবাৰণ বৰাক এলাগী কৰিছিল আছুৰ সেইসময়ৰ কেইজনমান নেতাই। যিসকল পাছলৈ মন্ত্ৰী হৈছিল। আৰু আজিৰ পৰিস্থিতিত এনেদৰে সন্দেহ কৰাটো একেবাৰে অমূলক নহয়। একে বান্ধ, একে স্থান, একেখিনি মানুহ, তাত আকৌ বেলেগ বেলেগকৈ প্ৰতিবাদ কৰাৰ যুক্তিটো ক’ত? কিয় প্ৰতিবাদবোৰ একেলগে, একেসময়তে কৰিব নোৱাৰি? যোৱা দেওঁবাৰে ৰাতি যিটো ঘটনা ঘটি গ’ল, সেই সময়ত তাত আছু সদস্য থকা হলে প্ৰশাসনে এনে কৰিবলৈ সাহস পালেহেঁতেন নে? অখিল গগৈয়ে বাৰাম্বাৰ অনুৰোধ কৰাৰ পাছতও কিয় আছু নেতৃত্বই একেলগে বান্ধ বিৰোধী আন্দোলন কৰিবলৈ অহা নাই? তেওঁলোকে কৈ থকা কি নীতিগত কাৰণৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত একেলগে সংগ্ৰামখন কৰিব নোৱাৰে? যোৱা দেওঁবাৰৰ ঘটনাৰ বাবে প্ৰশাসন যিমান জগৰীয়া আছুৰ নেতৃত্বও সিমানেই জগৰীয়া। আছুৰ নেতৃত্বই ইতিহাসৰ পৰা একো শিক্ষা লোৱা নাই  আছুৰ দৰে এক বিশাল শক্তিক তেওঁলোকে নিজৰ ৰাজনৈতিক উন্নতিৰ জখলা কৰিছে মাথোন। ইতিহাসে এওঁলোকক যেন কেতিয়াও ক্ষমা নকৰে।

ভগৎ লাল দত্তঃ আমাৰ ঘৰো ধেমাজিতে, কৰ্মসূত্ৰে আমি ধেমাজিত নাথাকো যদিও আমাৰ মাতৃ এতিয়াও তাতে ভেটি ৰখীয়া হৈ আছে। আমিও কিজানি হাড় তাতে পেলামগৈ। এই বান্ধ সমন্ধীয় আন্দোলন আদিৰ সন্দৰ্ভত ব্যক্তিগত ভাৱে মই যথেষ্ট ৰক্ষণশীল (দেখি আৰু লেখি শিকিছো, সময়ে শিকাইছে)। আন্দোলনটোত বিচাৰ-বিবেচনাত কৈ আৱেগক ভেঁটি কৰি কৰা হৈছে বুলি মোৰ বিশ্বাস। আমাৰ সেইফালৰ মানুহ কেনেকৈ আবেগৰ ঢৌত উটি যায়, সেয়া মই বেছ ভালদৰেই তৃণমূল স্তৰলৈকে দেখিছো। ছাত্ৰ সংস্থা (সন্থা !)ৰ জিলা পৰ্যায়ৰ নেতা-পালিনেতাসকলৰ বহু কেইজনেই হয় চুবুৰীয়া নহয় অনুজ (ৰাজ্যিক স্তৰৰ সকল মহান … ন কমেন্ট)। তেওঁলোকৰ বৌদ্ধিক সজাগতা আৰু সীমাবদ্ধতা তথা স্বপ্নৰ দৌৰও আমাৰ চিনাকি। শ্ৰী অখিল গগৈকো জানো। তেখেতৰ সতীৰ্থ সকলৰো অনেক জন মোৰ সুহৃদ। স্থানীয় স্তৰৰ কেইবাজনো কৰ্মীক তাতোকৈ ভালকৈ জানো (অতীত, বৰ্তমান সহ)। গণ আান্দোলনৰ যুক্তি-যুক্ততা নাইবা প্ৰয়োজনীয়তাও বুজি পাওঁ। কিন্তু এই আন্দোলনতকৈ আগতে প্ৰয়োজন আছিল মহামান্য আদালতৰ পৰা এটা স্থগিতাদেশ। সেইফেৰা কাম এতিয়াকৈ কিয় কৰা হোৱা নাই …. “বুৰ্জোৱা-ফেচিষ্ট শাসক শ্ৰেণীৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত এই ব্যৱস্থাৰ” (উদ্ধৃতি কৰিছো, মোৰ কথা নহয়) ওপৰত সন্দিগ্ধ অবিশ্বাসৰ পূৰ্বধাৰণাটোৰ পৰা আঁতৰি নাহিলে কাৰো মঙ্গল নহয়।

দেৱব্ৰত গগৈঃ মই এটা কথা ভাবি নাপাও । সকলোবোৰ ইমানদিনে কিয় মনে মনে থাকিল? বৃহৎ বান্ধ প্ৰাকৃতিকভাবে যিমান বিপদজনক, সামাজিকভাবেও সিমানেই বিপদজনক। শিৱসাগৰ নগৰত ONGC য়ে লাহে লাহে নগৰখনৰ সামাজিক বাতাবৰণত যি এক ঋণাত্মক প্ৰভাৱ পেলালে তাক গভীৰভাবে উপলদ্ধি কৰিলে এক ভয়ংকৰ আগজাননী পোৱা যায়। ঠিক এনেকুৱা এটা পৰিৱেশ কাইলৈ গোগামুখ বা বান্ধৰ ওচৰত নতুনকৈ গঢ়ি উঠা সৰু সৰু চহৰবোৰটো সৃষ্টি হব। আমি জানো বিচাৰো যে উত্তৰ অসমতো তিনিচুকীয়াৰ দৰে এখন চহৰ সৃষ্টি হওক ?

সেয়ে কওঁ কথাবোৰ অতি জটিল। মই লিখা পোষ্টত মোৰ বান্ধ সৰ্ম্পকীয় দোধোৰমোধোৰ চিন্তাখিনিয়েই প্ৰতিফলিত কৰিব বিচাৰিছোঁ। সেইসকল বান্ধ বিৰোধী প্ৰতিবাদকাৰীৰ প্ৰতি শ্ৰদ্ধাত মূৰটো দোঁ খাই যায়, যি সকলে পুহমহীয়া জাৰক উপলুঙা কৰাৰ শাৰীৰিক আৰু মানসিক শক্তি গোটাই লৈছে। অখিল গগৈৰ কৰ্মপস্থাক প্ৰশংসা আৰু সমালোচনা কৰা মানুহ প্ৰায় সমান। অখিলৰ কৰ্মক ইতিহাসে বিচাৰ কৰিব, কিন্ত আন সকলোকে এটা সুযোগ দিয়াৰ দৰে তেওঁকো দিব লাগে, কাৰণ আজিৰ তাৰিখত একমাত্ৰ অখিলেই এজন নেতা যিয়ে গুৱাহাটিৰ প্ৰেছ ক্লাবত সাহসেৰে কব পাৰে যে বৰ্তমানৰ এজন মন্ত্ৰী মাফিয়া হয় আৰু যিটো এশ শতাংশই সত্য। ( দেখিছে, মই সেই মন্ত্ৰীজনৰ নামটো লিখিবলৈও সাহস কৰিব পৰা নাই।)

ভগৎ লাল দত্তঃ প্ৰতিটো বস্তুৱেই এটা মূল্যৰ বিনিময়তহে আহে ।

দেৱব্ৰত গগৈঃ আপোনাৰ প্ৰতি অসীম শ্ৰদ্ধা লৈ প্ৰশ্নটো কৰিছো — “আমাৰ জীৱন , সভ্যতা আৰু জাতিটোৰ আয়ুস সেই মুল্যখিনিত সোমাই আছেনে ” ?

ধ্ৰুৱজ্যোতি শৰ্মাঃ বৰপেটাত কেইজনমান মানুহৰ মাজত গোষ্ঠীগত (প্ৰচাৰতহে, প্ৰকৃতাৰ্থত কিন্তু নহয়) সংঘাতৰ ফলত NRC Pilot Project বন্ধ কৰি দিয়া হ’ল। কিন্তু তেনেকুৱা ঘটনা নদীবান্ধৰ ক্ষেত্ৰত কিমান যে হ’ল! তথাপিও সকলো মৌন হৈ ৰ’ল। ৰাইজে অন্যায়কাৰী (বৰপেটাত হোৱা ঘটনাৰ আচল কাৰণ আছিল কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে দোকান-পোহাৰ ভাঙিছিল) কিছুমান প্ৰতিবাদকাৰীক ধৰি পিটিলে সেয়া যদি অন্যায় হয়, আইন বিৰুদ্ধ কাম হয় তেন্তে নিজৰ প্ৰাণৰ ভিক্ষা খুজি (ইয়াতকৈ ভাল শব্দ মই বিচাৰি পোৱা নাই) চৰকাৰক সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে দাবী আৰু প্ৰতিবাদ কৰিবলৈ ওলাই অহা হাজাৰ হাজাৰ জনতাৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ, লাঠিচালনা, গুলীচালনা, নানান উত্পীড়ণ আদি কি? দস্তুৰমত সেয়াও এক অপৰাধেই। ইয়াৰ প্ৰতিবাদ কৰিবলৈ ক’ত গ’ল মানৱ অধিকাৰ সংগ্ৰাম সমিতি? ক’ত গ’ল আন্তৰাষ্ট্ৰীয় শান্তি কেন্দ্ৰ?

যদি ৰাইজে কৰা অপৰাধৰহে শাস্তি হয় আৰু চৰকাৰ বা প্ৰশাসনে কৰাবোৰ অপৰাধ নহয়, তেন্তে এই গণতন্ত্ৰ, এই সংবিধান আসোঁৱাহপূৰ্ণ। তেনে সংবিধান সংশোধনৰ প্ৰয়োজন হৈছে।

মই নদীবান্ধৰ বিষয়ে একো নাজানো। যিখিনি ইকানে-সিকাণে গম পাওঁ তাৰ পৰা নদীবান্ধক কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। কিন্তু মই বিচাৰো ইমানটা সংগঠনৰ প্ৰতিবাদক আওকান নকৰি, ইমানসোপা মানুহৰ দাবীক অৱহেলা নকৰি, পাইলট প্ৰজেক্টৰ নিচিনাকৈ নদীবান্ধৰো বিশেষজ্ঞৰে এক তদন্ত কৰা হওঁক আৰু তদন্তৰ প্ৰতিবেদন প্ৰকাশ নোপোৱা পৰ্য্যন্ত স্থগিত ৰখা হওঁক নদীবান্ধৰ কাম।

ভগৎ লাল দত্তঃ নিশ্চয় নাই … মূল্যৰ বিনিময়ত পোৱা সকলো বস্তু ৰিফাণ্ডেবল নহয়। এই দুনিয়াৰ প্ৰায় সকলো প্ৰছেছেই ইৰিভাৰজিবল! সেইটো প্ৰকৃতিৰ নিয়ম। এতিয়া কাৰ সলনি কি ল’ব সেইটো নিজৰ বিবেচনাৰ কথা।

দেৱব্ৰত গগৈঃ মই বিচাৰোঁ, অসমীয়া জাতিটো চিৰকাল অসমত বৰ্তি থাকক। কিন্ত বসবাসৰ অনুপযোগী ভূমিত জাতিটো কেনেকৈ জীয়াই থাকিব? নদীক লৈ জীয়াই থকা এটা জাতিয়ে শুকাই যোৱা নদীখনক লৈ কি কৰিব?

ভগৎ লাল দত্তঃ সৰু সৰু কথাতে পি আই এল দাখিল কৰা সচেতনসকল নদী বান্ধৰ সময়ত ক’ত অচেতন হৈ পৰি আছে সেইটোহে আচৰিত পাইছো!

ধ্ৰুৱজ্যোতি শৰ্মাঃ মোৰ বিবেচনা শক্তিয়ে কিন্তু জাতিটোৰ বিনিময়ত উন্নয়ণ নিবিচাৰে |

অৰূপ জ্যোতি বৰাঃ অসমে নদীবান্ধটো হ’লে বিনামূল্যই ১% বিদ্যুৎ নাপায় সেইয়া নিশ্চিত। কিন্তু কাৰোবাৰ পকেটত বহু শতাংশ সোমাব সেইয়া নিশ্চিত। নহ’লেনো ৰাতি ২ বজাত মানুহবোৰক ৰাইডাং বেতৰ কোব দিবলৈ ৰঙা চাহাববোৰ যাবনে?

দেৱব্ৰত গগৈঃ আন যিয়েই নহওক অনাগত দিনত নদীবান্ধ আন্দোলনে আৰু তীব্ৰ লোৱাৰ আশংকা আছে। এই আন্দোলন যাতে আশীৰ আন্দোলনৰ দৰে খোলাকটিৰ তাল নহয় তাকেহে আশা কৰিছো। কাৰিকৰী জ্ঞান থকাসকলে আমাক বাট দেখুওৱাক তাকে আহ্বান জনালো ।

ভগৎ লাল দত্তঃ এই বিবেচনা শক্তিবোৰক সঠিক যুক্তিলৈ পৰিবৰ্তিত কৰি আদালতত এখন জনস্বাৰ্থ জড়িত আবেদন কৰি স্থগিতাদেশ এটা নোলাৱাটোতেই মোৰ আপত্তি। সেইকণ কৰাহেঁতেন জনতাই মৰশীতত ৰাজপথত অৱস্থান কৰিব লাগিলহেঁতেন নে? সকলো কথাৰ বাবে ৰাজপথেই মীমাংসাৰ থলী হোৱা উচিত নহয়। কিন্তু ৰাজপথেই সকলো দ্বন্দৰ মীমাংসাৰ থলী কৰিব খুজি আবেগক অস্ত্ৰ কৰি জনশক্তিৰ অপপ্ৰয়োগত আমাৰ আপত্তি আছে। আমাৰ দেশৰ (এতিয়া দেশত নাথাকিলেও সেইখন মোৰো দেশ) প্ৰচলিত নীতি নিৰ্ধাৰণ ব্যৱস্থাটো বিধান মণ্ডল আৰু ন্যায়পালিকা নিয়ন্ত্ৰিত নহয় জানো? বিধান মণ্ডলত সেইয়াহে নিৰ্বাচিত (?) কৰিছো! এবাৰ ন্যায়পালিকাৰ দুৱাৰখনত খটখটাই চোৱা নাই কিয়?

দেৱব্ৰত গগৈঃ মই জনাত আদালতৰ কাষ চাপিলে বান্ধ পক্ষই অকাট্য যুক্তিৰে ফলাফল নিজৰ পক্ষলৈ অনা সম্ভাৱনা প্ৰবল। সেয়ে বিষয়টো আদালতলৈ নিব বিচৰা নাই।

ভগৎ লাল দত্তঃ বান্ধ বিৰোধী সকলৰ একো যুক্তিয়েই নাই নেকি? ইমান পতনুৱা নে?

উৎপল খাটনিয়াৰঃ আপোনাসৱৰ দ্বৰে উন্নত বিচাৰ বিবেচনা মোৰ আজিলৈকে হোৱা নাই। তথাপি কব বিচাৰিছো যে য’ত হাজাৰ হাজাৰ জনতাই একে মুখে কৈছে আমাক বৃহৎ নদীবান্ধ নালাগে। যি বান্ধৰ বিৰোধীতা কৰি অসমী আইৰ সন্তানসকলে তেজ দিবলৈ ওলাইছে তেনে স্থলত ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিসকলে এবাৰৰ বাবে হ’লেও জনতাৰ কথা ভাবি বৃহৎ বান্ধৰ কাম স্থগিত ৰাখিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি আমাৰ মৌলিক অধিকাৰসমুহৰ পৰাও বঞ্চিত কৰাত উঠি-পৰি লাগিছে চৰকাৰখনে। প্রতিবাদী মহিলাসকলৰ ওপৰত আৰম্ভ কৰিছে অত্যাচাৰ। জনতাৰ আক্রোশ-বিদ্ৰোহক উলাই কৰি চৰকাৰখনে যিকোনো বিনিময়ত বৃহৎ বান্ধ নিৰ্মান কৰিম বুলি আঁকোৰ -গোজ মনোভাৱ লৈ বহি আছে। কিন্তু এই ভূমিকা গ্রহনযোগ্য জানো?

ধ্ৰুৱজ্যোতি শৰ্মাঃ The Appropriate Technology Mission Assam (ATMA) ই ইতিমধ্যে PIL দাখিল(!) কৰিছে। তলৰ লিংকটো চাব পাৰে।

ভগৎ লাল দত্তঃ জানি ভাল লাগিল। পিছে শুনানি হৈছে নে নাই? লিংকটো হ’লে খোলা নাই! জনশক্তিৰ নিয়ন্ত্ৰিত সদ্‌প্ৰয়োগ নহলে অবাটে গৈ গোটেইখন “উচ্চিত মঞ্চত চড়ি ..” হোৱাৰ সম্ভাৱনা বহুত বেছি। সেয়াই আচল ভয়!

ধ্ৰুৱজ্যোতি শৰ্মাঃ ২৬ নৱেম্বৰ, ২০০৯ The Assam Tribune চাওঁক | মইই জনাত শুনানি হোৱা নাই |

ভগৎ লাল দত্তঃ দুবছৰ ধৰি শুনানি নোহোৱাকে পৰি আছে নে? কিবা গোলমাল আছে.. আবেদন সঁচাকে কৰিছিল নে? মোৰ সন্দেহ আছে …

অজয় লাল দত্তঃ ভগৎলাল দত্ত দাদা, মই ছেপ্টেম্বৰতে মোৰ ব্লগত পি আই এল ৰ কথাটো লিখাৰ পাছত কেইবাজনো বিজ্ঞ জনৰ লগত দিহা কৰিলো। সকলোৱে ভাল হব বুলি কয়। কাণ জোকৰা দিয়ে। অখিল গগৈৰ কান চোৱাবৰ বাবে তেখেতৰ কেন্দ্ৰীয় উপসভাপতি এজন আৰু এজন কেন্দ্ৰীয় সাংগঠনিক সম্পাদকক ফোনেৰে অনুৰোধ জনাইছিলো। কিন্তু তেওঁলোকে আদালতৰ দাষ চাপিব পাৰে যদিও গণ-আন্দোলন কৰাই সাংগঠনিক উন্নতিৰ কথাটোহে জৰুৰী বুলি কলে। মাত্ৰ ছাত্ৰ সন্থাৰ আগৰ ধেমাজিৰ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে জনালে যে কিবা এখন কোনোবাই পি আই এল কিৰছিল দুবছৰ ধৰি শুনানি আছে। কিন্তু কোনেও উকতিয়াব নুখুজে। এতিয়া চিঞৰ বাখৰ কৰা সংগঠনবোৰে আগতে NHPC, SOMA আদিৰ ডনেচনেৰে শিল্পী-দিৱস, কেন্দ্ৰীয় ৰঙালী বিহু ধেমাজিত পতাৰ দৰে গজগজীয়া কালেকচন লগতে নিজৰ অঙহী-বঙহীক কোম্পানীৰ চাকৰিত স্থাপন কৰাকে ধৰি তদানীন্তন আছুৰ কেন্দ্ৰীয় সম্পাদক তথা দল বদলু ভূঞাদা জড়িত থকাৰ কথা কোনে নাজানে? ধেমাজিৰ ডেকা লৰাক সোধক। বাকীবোৰ গণ সংগঠনৰ কাৰু-কাৰ্যৰ আঁৰত যোৱাটো দশকত ধেমাজি লখিমপুৰত পতা অনুষ্ঠানত NHPC ডনেচন প্ৰায় প্ৰতিটো সংগঠেনই লৈছিল। এতিয়া ১০০০ কোটিমান ৰাজহুৱা ধনৰ শৰাধ কৰিলে NHPC (as a public company)। এতিয়া জোৰ-পুৰি হাত পালেহি, হঠাত পেট্ৰিয়ট লীডাৰৰ দলে ধেমাজি লখিমপুৰৰ সৰল মানুহক নি গণ-আন্দোলন কৰাই, পুলিচৰ পিতন খুৱায়।…জলবোমাৰ খবৰ যোৱা দহটা বছৰে উমান পোৱাই নাছিল।…এতিয়া সাংগঠনিক ভেঁটি সজাব! কিন্তু সাধাৰণ ৰাইজক সকাহ দিব পৰাকৈ পি আই এল নকৰে।

দেৱব্ৰত গগৈঃ অজয়লাল দত্ত, এই যে ভাগ ভাগকৈ আন্দোলনবোৰ কৰি আছে , তাৰ আঁৰত কি কাৰণ আছে বাৰু জানে নেকি ?

অজয় লাল দত্তঃ ‎দেৱব্ত গগৈ, মূল কথাটো হল – ইগ’ প্ৰব্লেম, সাধাৰণ মানুহৰ নহয়, নেতৃত্বৰ। স্বামী অগ্নিবেশে আহি আছু আৰু কৃষক মুক্তিক একেলগে কৰিবলৈ আহ্বান জনাইছিল। কিন্তু নিজেই সোঁতত উটি গ’ল। আচলতে আছু আৰু টি এম পি কে আদি সংগঠনে কেইবাবছৰো ধৰি বিৰোধ কৰি আছিল। কৃসক মুক্তি আহি চহোৱা মাটিত খেতি কৰিবলৈ অহা যেন অনুভৱ কৰি, অখিলক নিজৰ গাঁৱত বা নিজৰ পাৰত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰতে সংগ্ৰাম কৰিবলৈ ক’বলৈ কোৱা নেতাও মই পাইছো। সকলোৰে ৰাজনীতিৰ খেল চলোৱাৰ মন, খেল শেষ কৰি সুফল দিয়াত কিন্তু কাৰো সদিচ্ছা দকৈ আছে বুলি মোৰ মনে নকয়হে গগৈদেউ।

বিকাশ শইকীয়াঃ দেৱব্ৰত গগৈ, এইটো ইছুত চব নেতাবোৰে নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে লাগি আছে। সাধাৰণ মানুহবোৰ আবেগিক হৈ আছে, নেতাবোৰে তাৰ সুবিধা লৈছে।

“শিৱসাগৰ নগৰত ONGC য়ে লাহে লাহে নগৰখনৰ সামাজিক বাতাবৰণত যি এক ঋণাত্মক প্ৰভাৱ পেলালে তাক গভীৰভাবে উপলদ্ধি কৰিলে এক ভয়ংকৰ আগজাননী পোৱা যায়,” কথাষাৰ বোধগম্য নহ’ল।

দেৱব্ৰত গগৈঃ তৈল উদ্যোগৰ নামত শিৱসাগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত এটা ফোপোলা অৰ্থনীতি গঢ় লৈ উঠিল । কাম কৰিবলৈ যাওঁ বুলি তেল খাদসমূহৰ দাঁতি কাষৰীয়া গাওঁবোৰত ৰঙীন পানী খাই ফুৰা চাকৰিয়ালসকলৰ কথা নকওঁৱেই বাৰু। ৬০ৰ পৰা ৮০ দশকৰ প্ৰজন্মই ONGCত সৰুসুৰা চাকৰি পাই ক্ষণিকলৈ সকাহ পালেও তেওঁলোকৰ দ্বিতীয় প্ৰজন্মই নিজৰ সংস্থাপনৰ বাবে আজি হাবাথুৰি খাই ফুৰিছে। ইমান এটা বৃহৎ উদ্যোগ থাকিও আজিৰ দিনটোত শিৱসাগৰৰ নগৰে এটা বিধ্বস্ত ৰূপ কিয় লৈ আছে সেইটো বোধগম্য নহয়। আমি হয়তো প্ৰশাসনক জগৰীয়া কৰিম, প্ৰশাসনে ONGC কৃৰ্ত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক