বিষ্ণুৰাভা সোঁৱৰণ (মৌচুমী বৰি)

বিশাল, গভীৰ আৰু বিচিত্র ব্যক্তিত্বৰে ভৰা প্রজ্ঞাৱান বিষ্ণু ৰাভাদেৱৰ জীৱনদর্শন আজিৰ দু:সময়ৰ দিনত পুনৰবাৰ বিশ্লেষণ কৰাৰ বিশেষ প্রয়োজন হৈ পৰিছে।
বিষ্ণু প্রসাদ ৰাভা এটা মাথোঁ নাম নহয়; “বহু গুণাকৰ” এইজনা ব্যক্তিৰ নামটোৰ স’তে জড়িত হৈ আছে আমাৰ সমাজ, সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস। যতীন্দ্র কুমাৰ বৰগোহাঞি দেৱৰ ভাষাত – “বিষ্ণু প্রসাদ ৰাভাঃ অসমাপ্ত বিপ্লৱৰ গতিশীল ইতিহাস”। এইষাৰ কথা আজিৰ সময়ত বিশেষ তাৎপৰ্য্যপূ্র্ণ।

এইজনা ব্যক্তিৰ ব্যক্তিত্বৰ আচল ৰূপ বিচাৰি উলিওৱাটো জনগণৰ হৃদয়ৰ বিশাল সমুদ্রত এক অন্তহীন যাত্রাৰ দৰে। কি নাছিল তেওঁ? নৃত্যবিদ, কবি, গীতিকাৰ, গল্পকাৰ, সুৰকাৰ, নাট্যকাৰ, মঞ্চ-অভিনেতা, বোলছবি-অভিনেতা, ক্রীড়াবিদ, চিত্রশিল্পী, ৰাজনৈতিক নেতা, বিপ্লৱী, সমাজ সেৱক, সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্রসাদ ৰাভাক “বহুগুণাকৰ” বুলি একে আষাৰে ক’ব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদর্শই ৰাভাদেৱক অন্তৰভাগৰ পৰা বিমোহিত কৰিছিল। অসমৰ বাপতিসাহোন কৃষ্টি-সংস্কৃতিৰ প্রৱাহত ৰাভাদেৱে মেলি দিছিল নিজৰ সংস্কৃতিৱান মন।
বিষ্ণুপ্রসাদ ৰাভা আছিল জনজাতি-অজনজাতি, পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ জীৱন্ত নিদর্শন। তেওঁ কেৱল এটা সম্প্ৰদায়ৰ নাছিল, তেওঁ কেৱল অসমীয়া বা ভাৰতীয় নাছিল; তেওঁ আছিল সঁচা অর্থত মানুহ। তেওঁ আছিল সাম্প্ৰতিক সমাজ জীৱনৰ প্ৰত্যাহবান সমূহ মোকাবিলা কৰিবলৈ ঐক্যবদ্ধ উদ্যোগ গ্ৰহণ কৰাৰ পক্ষপাতী। তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল যে অসমতো সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰি অসমত বসবাস কৰা ভিন ভিন জাতি-উপজাতি, জনজাতি তথা শতেক বছৰৰো অধিক কাল অসমত বসবাস কৰা চাহ-শ্ৰমিক বনুৱা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেঁতু বান্ধি সদ্ভাৱ আৰু পাৰস্পৰিক সম্প্ৰীতি গঢ়ি তুলিব নোৱাৰিলে বৃহৎ অসমীয়াৰ সংজ্ঞা বিনষ্ট হৈ পৰিব। তেওঁ যি জাতীয় সমন্বয়ৰ প্ৰতিনিধিত্ব কৰিছিল সি সাম্প্ৰতিক সময়ত শোচনীয় ভাৱে ব্যাহত হৈ পৰা দেখা গৈছে।
জনতাৰ অন্তসুন্দৰৰ মৌ খিনি গোটাবলৈ তেওঁ নিজকে আপোনজন হৈ সকলো শ্ৰেণীৰ মানুহৰ মাজত সম্পূর্ণৰূপে বিলাই দিব পাৰিছিল; তেওঁৰ মনত ধনী-দুখীয়া, চহা-পণ্ডিত, জাতি-অজাতি, উচ্চ-নীচ একো নাছিল। নিজকে বিলাই দি হিয়াই হিয়াই চিনাকি হোৱাটোৱেই ৰাভাদেৱৰ এক বৈশিষ্ট।
বিষ্ণুৰাভা আছিল এজন কৃতি ছাত্ৰ, সুনিপুণ খেলুৱৈ, এজন আশৈশৱ শিল্পী। তেওঁ গীত ৰচনা, সুৰ সাধনা, নৃত্য অনুশীলন, চিত্ৰাংকন প্ৰমুখ্যে সুকুমাৰ কলাৰ বিভিন্ন দিশত য’তেই অংশগ্ৰহণ কৰিছিল ততেই ভূয়সী প্ৰশংসা অর্জন কৰিছিল। ৰুছ নৃত্যপটীয়সী প্ৰখ্যাত আন্না পাভলোভা আৰু ভাৰতৰেই আন্তর্জাতিক খ্যাতিসম্পন্ন নৃত্যবিশাৰদ উদয়শঙ্কৰে তেওঁৰ পৰা নৃত্যসম্পর্কে পৰামর্শ গ্ৰহণ কৰিছল। শতাধিক চিত্ৰ অংকন কৰা চিত্ৰকৰ ৰাভাদেৱে শ্ৰীমন্তশঙ্কৰদেৱৰ যি চিত্ৰ আঁকিছিল সেই চিত্ৰ চিৰযুগমীয়া হৈ ৰৈছে। তেওঁ আছিল অসমীয়া সাহিত্যৰ অতীত পৰম্পৰাৰ অন্যতম সাধক আৰু অসমীয়া সাহিত্যৰ আধুনিক ৰূপান্তৰৰ কলাকাৰ। অসমীয়া ভাষা আৰু সাহিত্যত তেওঁৰ লেখাই যেনে নিভাঁজ আৰু সুৱদী ৰূপ লৈ গীত, কবিতা, গল্প, উপন্যাস আদি সাহিত্যৰ প্ৰধান উপাদান সমূহত আত্মপ্ৰকাশ কৰিছিল তাৰ তুলনা বিৰল। বিষ্ণু প্রসাদ ৰাভা আছিল থলুৱা ভাস্কৰ্য্যৰ অন্যতম সম্ভাৱনাপূর্ণ অনুশীলনকাৰী আৰু চিত্ৰ ভাস্কৰ্য্যৰ সুনিপুণ পূজাৰী । তাৰোপৰি তেওঁ আছিল সত্ৰীয়া সংস্কৃতিক সূক্ষ্মভাৱে অধ্যয়ন কৰা বিজ্ঞশিল্পী । তেওঁ যদিও পবর্তসম ব্যক্তিত্বৰ অধিকাৰী আছিল, তথাপি তেওঁৰ ষাঠি বছৰীয়া জীৱনৰ অসমাপ্ত কীর্তি, কিংবদন্তিত হেৰাই যোৱা অর্ধসমাপ্ত প্ৰচুৰ সম্ভাৱনাময় বহুমুখী প্ৰতিভাৰ বাবেহে যেন বিষ্ণু ৰাভা অধিক উজ্জ্বল ।
এইজনা বিষ্ণু ৰাভাক মূল্যায়ন কৰিবলৈ আজি নিৰলস প্ৰচেষ্টাৰ নিশ্চয় প্ৰয়োজন আছে । ফেৰেংগাদাও বিষ্ণু ৰাভাৰ ভিতৰৰ মানুহজনক বুজিব পৰা মানুহৰ সংখ্যা সমাজত কিমান আছে সেইয়া আজিৰ সময়ৰ প্ৰেক্ষাপটত এক বিচাৰৰ বিষয় ।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক