বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি! (-অঞ্জল বৰা)

(২০ জুন বিশেষ লেখা)

অসমত জুন মাহটো অহাৰ লগে লগেই সকলো কলাপ্ৰেমী মানুহৰ মুখতেই এটা নাম শুনা যায়৷ অৱশ্যে নাম নুশুনা ব্যক্তি বা উচ্চ শিক্ষিত মানুহৰ সংখ্যা যে কম নহ’ব এনে নহয়৷ সেই নামটোৱেই হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে বিষ্ণু ৰাভাৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল৷ তেওঁ ইয়াৰ বাবে যি বিপ্লৱৰ পোষকতা কৰিছিল সেই আদৰ্শৰ আজি সঠিক মূল্যায়ন হৈছে বুলি ক’ব নোৱাৰি৷ বৰ্তমান সময়ত অনুষ্ঠিত কৰি অহা “ৰাভা দিৱস” সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কেৱল মাত্ৰ কেইটামান গীত-নৃত্যৰ প্ৰতিযোগিতাৰে বা বক্তৃতানুষ্ঠানৰ মাজেৰে বছৰ ধৰি পাহৰি থকা এজন ব্যক্তিক স্মৰণ কৰা হয়৷ এই অনুষ্ঠানসমূহ মূলতঃ বিষ্ণু ৰাভাৰ নামত এক চৰম প্ৰহসনতহে পৰিণত হোৱা দেখা যায়৷ য’ত বিষ্ণু ৰাভাৰ আদৰ্শ, তেওঁৰ স্বপ্ন আৰু কলা-সংস্কৃতিৰ অন্তৰালত থকা তেওঁৰ ত্যাগ কষ্ট কোনোবা ৰচনাৱলীৰ মাজতে বন্দী হৈ পৰে৷ ইয়াৰ মূলতে হ’ল বিষ্ণু ৰাভাই যিখন সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন ত্যাগ আৰু কষ্টৰ মাজেৰে সাধাৰণ হালোৱা-হজুৱাৰ মাজত কটাইছিল সেইখন সমাজক এই বৰ্জোৱা সমাজে কোনো দিনাই সমৰ্থন কৰা নাছিল৷ সেয়ে আজি বিষ্ণু ৰাভাক কেৱল কলাৰ পূজাৰী হিচাপেই মনত ৰাখিবলৈ চেষ্টা কৰি অহা হৈছে৷ কিন্তু সেই কলাৰ অন্তৰালত থকা তেওঁৰ সপোনটোক সততে ভৰিৰে মোহাৰি পেলাবলৈ এচাম মধ্যবিত্ত সদা প্ৰস্তুত থাকে৷

বিষ্ণু ৰাভাৰ বিপ্লৱী সত্তা জাগ্ৰত হৈ উঠিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজেৰেই৷ মহাত্মা গান্ধীৰ দৰে তেওঁ এখন শ্ৰেণীহীন সমাজৰেই পোষকতা কৰিছিল যদিও ভাৰতৰ স্বাধীনতা লাভৰ পিছত এচাম নেতা-মন্ত্ৰীৰ কাৰ্যকলাপে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল৷ সেয়ে তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছতে উদাত্ত কণ্ঠৰে চিঞৰি উঠিছিল “ইয়ে আজাদী ঝুঠা হ্যায়” আৰু হাতত বন্দুক তুলি সাধাৰণ হালোৱা-হজুৱা কৃষক সমাজৰ মুক্তিৰ কামনাৰে এটা নতুন বিপ্লৱৰ জন্ম দিছিল৷ যিদৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা অনেক স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰি নিজৰ ভোগ-বিলাসৰ স্বাৰ্থত গান্ধীৰ সপোনৰ ৰাম ৰাজ্যক ভৰিৰে মোহাৰি পেলাইছিল, সেইদৰে বিষ্ণু ৰাভাৰ নতুন সংগ্ৰামী আন্দোলনকো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল৷ সাধাৰণ কৃষকৰ মাজত সোমাই থকা বিষ্ণু ৰাভাক কেইবাবাৰো অসম চৰকাৰে বন্দী কৰি কোনো বিচাৰ নোহোৱাকৈয়ে জে’লত ভৰাই ৰাখিছিল৷ আনকি ১৯৬২ চনৰ নৱেম্বৰ মাহত ভাৰতবৰ্ষত চীনৰ আক্ৰমণৰ অগ্ৰগতি লাভ কৰাৰ কথা বিয়পি পৰাৰ লগে-লগে ভাৰত ৰক্ষা আইনৰ অধীনত ১৯ নৱেম্বৰত কংগ্ৰেছ চৰকাৰে বিষ্ণু ৰাভাক বন্দী কৰি তেজপুৰ জেলত আৱদ্ধ কৰি ৰাখে আৰু পিছদিনা হাতত হেণ্ড-কাফ লগাই কঁকালত শকত জৰীৰে বান্ধি প্ৰকাশ্যভাৱে আলিয়েদি তেওঁক অন্য জেললৈ চালান দিছিল৷

বিষ্ণু ৰাভাৰ দোষ কি আছিল? চৰকাৰৰ শোষণ-শাসন আৰু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ জনগণক সজাগ কৰি দিয়াই আছিল তেওঁৰ অপৰাধ৷ সেয়ে সাধাৰণ হালোৱা-হজুৱা কৃষক শ্ৰেণীৰ বুকুৰ মাজতে সোমাই থকা বিষ্ণু ৰাভাক চৰকাৰে বিচাৰি উলিয়াব নোৱাৰি তেওঁক জীৱন্তে বা মৃত ধৰিব পৰাজনলৈ দহ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল৷ কিন্তু তেওঁ সেই দহ হাজাৰ টকীয়া পুৰষ্কাৰৰ বিপদ বুকুত বান্ধিও গাঁৱৰ বুকুৰ পৰা অসমীয়া সোণসেৰীয়া সংস্কৃতিৰ গীত-মাত বুটলি আনিছিল৷ প্ৰকৃত কলাৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল৷ বিষ্ণু ৰাভাই মূলতঃ মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তী ৰাজৰেই কামনা কৰিছিল৷ তেওঁ আশা কৰিছিল যিদিনা সমাজত পঞ্চায়তৰ বিকাশ হ’ব, সকলো মানুহে সম অধিকাৰৰ মাজেৰে জীয়াই থাকিব সেইদিনাই ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিব৷ তেওঁ আছিল প্ৰকৃততে এজন দেশ প্ৰেমিক আৰু সমাজ সেৱক৷ পিতৃ পদত্ত আঢ়ৈ হেজাৰ বিঘা মাটি সাধাৰণ কৃষকৰ মাজত বিলাই দি, বৃটিছ চৰকাৰে দিয়া ডি-এছ-পি চাকৰিও পৰিত্যাগ কৰি বিষ্ণু ৰাভাই সেয়ে সাধাৰণ মানুহৰ মাজতেই জীয়াই থাকি কৃষক সমাজৰ বাবেই জীৱন আত্মনিয়োগ কৰিছিল৷

আজি বিষ্ণু ৰাভাৰ নামেৰে “ৰাভা দিৱস” উদযাপন কৰোঁতে এই সকলোবোৰ কথা ক’ৰবাত এলাগি হৈ পৰে৷ লাখ লাখ টকা খৰছ কৰি পঞ্চায়ত বা বিধান সভাৰ দলীয় টিকট কিনি নিজকে ধোঁৱা-তুলসীৰ পাত সজায় শাসনৰ গাদীলৈ অহা জননেতাসকলে বিষ্ণু ৰাভাৰ সেই দহ হাজাৰ টকীয়া মূৰত মাল্যদান কৰি বক্তৃতা দিয়ে৷ তেওঁৰ নৃত্য-গীতৰ প্ৰশংসাৰে, কবিতা আবৃত্তিৰে মানুহক আমোদ দিয়ে৷ কিন্তু সততে ৰাভাৰ সেই আদৰ্শ আৰু স্বপ্নৰ পৰা আঁতৰি থাকে৷ আজিৰ বাস্তৱ সমাজখন যেন বিষ্ণু ৰাভাৰ স্বপ্নৰ পৰা বহু পৃথক৷ সেয়া পঞ্চায়তীৰাজেই হওক বা বিধান সভাই হওক৷ বিধান সভাৰ ক্ষেত্ৰটো বিষ্ণু ৰাভাৰ মত আছিল “প্ৰকৃত ৰাইজৰ কামত অহা ৰাইজৰ দৰবাৰ” প্ৰতিষ্ঠা কৰা৷ ৰাইজৰ কামত নহা অপ্ৰয়োজনীয় বাদ-বিবাদবোৰ আৰু ৰাইজৰ অৰ্থৰ অপচয়বোৰ তেওঁ আঁতৰ কৰিব বিচাৰিছিল৷ কিন্তু অসমৰ ৰাজনৈতিক নেতাসকলে ৰাভাই যি দুটা দিশক অধিক অগ্ৰাধিকাৰ দিছিল তাকেই উপেক্ষা কৰি তেওঁক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ সুৰৰ পূজাৰী হৈ আজি বিষ্ণু ৰাভা সকলোৰে প্ৰাণত জীয়াই আছে আৰু অসমীয়া জাতি থাকে মানে জীয়াই থাকিব কিন্তু সেয়াই বিষ্ণু ৰাভাই পাব লগা প্ৰকৃত স্বীকৃতি বুলি একেষাৰে ক’ব নোৱাৰি৷

উপসংহাৰ :
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!
তুমি সাৰে আছা
সাৰে আছে প্ৰীতি…
ভট্টাচাৰ্য্য কবিৰ প্ৰশ্নটোৰ যেন এতিয়া সহজেই উত্তৰ দিব পৰা হৈছে৷ হয় “বিষ্ণু ৰাভা এতিয়া বহু ৰাতি” গোটেই জীৱন হাবিয়ে-জঙ্গলে সাধাৰণ জনজীৱনৰ মাজত উজাগৰে (সাৰে) থাকি নিস্বাৰ্থভাৱে দেশ আৰু মানুহৰ বাবে গান ৰচা বিষ্ণু ৰাভাৰ সেই উজাগৰি নিশাৰ ত্যাগ কষ্টৰ সন্মান অসমবাসীয়ে ৰক্ষা কৰিব নোৱাৰিলে৷ মাথো তেওঁৰ সেই ভালপোৱা “প্ৰীতি” সকলো জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনত কোনোবা জকমকীয়া অনুষ্ঠানত বা এচাম মুখা-পিন্ধা মানুহৰ কণ্ঠত৷ সকলোৱেই যেন পাহৰি গ’ল বিষ্ণু ৰাভাৰ আদৰ্শ, ত্যাগ আৰু তেওঁৰ বৈপ্লৱিক চেতনাৰ অন্তৰালত থকা এখন শ্ৰেণীহীন, স্বাৰ্থহীন সমাজৰ স্বপ্নটো৷ এতিয়া আৰু তেওঁক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি‌!”

–**–

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Biraj kumar Das
4 years ago

বহুত ভাল লাগিল

নূপুৰ বৰা
3 years ago

ভাল লাগিল পঢ়ি