বিষ্ণু ৰাভা, বিস্তীর্ণ তোমাৰ খোজবোৰ : দিলীপ কুমাৰ বৰা

বিষ্ণু ৰাভা,
বিস্তীর্ণ তোমাৰ খোজবোৰ
যি খোজৰ ভৰত থিয় দি
চিৰ দুখীয়া হালোৱা, হজোৱা, বনুৱাই
আকাশলৈ মূৰ তুলি চাবলৈ শিকিছিল
পোহৰ দেখাৰ স্বপ্ন ৰচিছিল
সেই স্বপ্ন দিঠক হোৱা নাই এতিয়াও।
বিষ্ণু ৰাভা,
বিস্তীর্ণ তোমাৰ খোজবোৰ
যি খোজত খোজ মিলালেই
মিছিল হৈছিল
জাতি-ধর্ম-ভাষাৰ দাম্ভিকতা চূর্ণ হৈছিল
ধনী-মহাজন-জমিদাৰ হুঁচিয়াৰ হৈছিল
যি মিছিলৰ পদাতিক পদধ্বনিত
শুনা গৈছিল তোমাৰ হুংকাৰৰ প্রতিধ্বনি
সেই মিছিল আজি
শ্রান্ত-ক্লান্ত-পৰিশ্রান্ত।
বিষ্ণু ৰাভা,
বিস্তীর্ণ তোমাৰ খোজবোৰ
যি খোজত ভৰ থলেই
ক’ত জাতি-উপজাতি একাকাৰ হয়
যেন বৰ অসমত ভুল্লুংবুথু বয়
সেই বৰ অসমতে এতিয়া বৰ বৰ ফাট
তথাপিও ভুল্লুংবুথু নিৰৱধি বয়
মাথোঁ বঙহৰ তেজো ভুল্লুংবুথুত
সোঁত হৈ বয়।
বিষ্ণু ৰাভা,
বিস্তীর্ণ তোমাৰ খোজবোৰ
যি খোজত খোজ মিলালেই
দুষ্কৃতি নাশ হয়
সংস্কৃতি সত্য-সুন্দৰৰ কিৰীটি হয়
সেই কিৰীটিও আজি
দুনীর্তি আৰু দুষ্কৃতিৰ গ্রাসত
বন্দী হৈ ৰয়।
বিষ্ণু ৰাভা,
বিস্তীর্ণ তোমাৰ খোজবোৰ
মচ নৌ যাওঁতেই
তুমি দুনাই আহা
প্রলয়ংকাৰী হুংকাৰ তোলা
বিষ্ণু ৰাভা,
তোমাৰ নির্মল আভাৰে আমাক
পুনৰ জগাই তোলা।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments