বিষয়ঃ আবৃত্তি – এক বিহংগম দৃষ্টিৰে (-শান্তিছায়া শইকীয়া)

বিষয়ঃ আবৃত্তি – এক বিহংগম দৃষ্টিৰে


শান্তিছায়া শইকীয়া

 

বৰ্তমান আবৃত্তি এক অতি জনপ্ৰিয় কলা ৰূপে পৰিগণিত হৈছে। কিন্তু শ্ৰুতি বা বেদৰ যুগতে আৰম্ভ হোৱা এই শিল্পটোক উত্তৰণ, অনুশীলন আৰু অধ্যয়নৰ দিশৰ পৰা আঁতৰাই ৰাখি অসমীয়া মানুহে কেৱল প্ৰতিযোগিতাৰ বিষয় ৰূপে চিহ্নিত কৰিছে। প্ৰতিযোগিতাত স্থান প্ৰাপ্ত হ’লেই তেওঁ এজন আবৃত্তিকাৰহৈ পৰে। অথচ আবৃত্তি কৰিবলৈ হ’লে কি কি কথালৈ গুৰুত্ব দিব লাগে সেই বিষয়ে সকলোৰে ধাৰণা নাথাকে। কিতাপত থকা কবিতাটো চাই চাই মাতি গ’লেই আবৃত্তি বুলি ভবা হয়। নতুবা আকৌ অংগী-ভংগীৰ দ্বাৰা টানি টানি মাতি সুৰত গাই গ’লেই আবৃত্তি বুলি ভবা হয়। কিন্তু বৰ্তমান অসমত আবৃত্তি যে এক পাঠ্যক্ৰমভিত্তিক শিক্ষণ কলা হ’ব পাৰে এই বিষয়ে কৰ্ষণ স্থলী এখন ৰচনা কৰা হৈছে।
আবৃত্তি মানে কি ? এই বিষয়ে আলোচনা কৰিলে দেখা যায় যে আবৃত্তি হ’ল এক প্ৰয়োগ শিল্প ,সাধন কলা। অভিধানত উল্লেখ থকা মতে “আবৃত্তি” হ’ল মুখস্থ পাঠ, পুনঃপুনঃ পাঠ।’ “পুনঃ পুনঃ অৰ্থানুসন্ধানং আবৃত্তিঃ।’ অৰ্থাত কোনো শব্দ বাৰে বাৰে উচ্চাৰণ কৰি অৰ্থৰ অনুসন্ধান কৰাৰ নামেই আবৃত্তি। “আবৃত্তি সৰ্বশাস্ত্ৰানাং বোধাদপি গৰীয়সী’। -সকলো শাস্ত্ৰৰ বোধশক্তি বৃদ্ধি কৰাত আবৃত্তিয়ে মহান ভূমিকা গ্ৰহণ কৰে। আবৃত্তিৰ ব্যুৎপত্তিগত অৰ্থ হ’ল আ-বৃত্ত , অভ্যাস ,আলোচনা ,মুখস্থ পাঠ বা স্মৃতিৰ পৰা কোৱা। প্ৰাচীন ভাৰতীয় আৰ্যভাষা স্তৰত পদ্যক “বৃত্ত’ বোলা হয় নিৰ্দিষ্ট সংখ্যক ধ্বনিগুচ্ছ পৰ্যায়ক্ৰমে আৱৰ্তিত হয় বাবে পদ্য তথা কবিতাৰ নাম বৃত্ত। পদ্য বা বৃত্তৰ অভ্যাস কৰা মানে ধ্বনিগুচ্ছৰ আৱৰ্তনৰ অভ্যাসেই আবৃত্তি।
আবৃত্তিৰ ইতিহাসঃ– বেদ বা শ্ৰুতিৰ সংৰক্ষণ কৰা মাধ্যম আছিল আবৃত্তি। মানুহে পুৰুষাণিকভাৱে মুখে মুখে শুনিহে বেদৰ স্তোত্ৰবিলাক সংৰক্ষণ কৰিছিল। অৰ্থাৎ আবৃত্তিৰ মাধ্যমেৰেই শ্ৰুতিকাব্যসমূহ প্ৰচলিত হৈ আহিছিল। মৌখিক সাহিত্য তাৰ উৎকৃষ্ট নিদৰ্শন। ভাৰতৰ প্ৰথম কবিতা বুলি যি ফাঁকিৰ কথা কোৱা হয় সেয়াও আদিকবিজনাৰ হৃদয়ৰ পাৰ বাগৰা অনুভূতিয়ে প্ৰথম মুখেদিহে নিঃসৃত হৈছিল। আবৃত্তিৰ কলাসন্মত ইতিহাস তেতিয়াই আৰম্ভ হৈছিল। এই প্ৰসংগত বিশ্বতে আবৃত্তি প্ৰচলিত থকাৰ ইতিহাস আছে।বিশ্বৰ কথালৈ নগৈ এই লেখাত অসমৰ আবৃত্তিৰ কথাহে আলোচনা কৰাৰ কথা ভবা হৈছে। অসমত আবৃত্তিৰ এক নিজস্ব শৈলী আছে। নামঘৰত প্ৰসংগ নামত , ভাওনাৰ বচনত, মচজিদৰ আজানত, আবৃত্তি ভংগী নিহিত হৈ আছে। ভৰত নাট্য শাস্ত্ৰত আবৃত্তি বিষয়ক আলোচনাত সংপাঠ্য আৰু মানসী কাব্য ক্ৰিয়াৰ অন্তৰ্নিহিত পাঠত এজনে পাঠ কৰে আন এজন বা বহুজনে সহযোগিতা কৰাৰ কথা আছে। ইও দৰাচলতে এক আবৃত্তিৰে নামান্তৰ মাথোন। প্ৰসংগ নামত নামাচাৰ্যই কিতাপ চাই নাম নাডাকে, ভাৱৰীয়াই বচন মাতোঁতে চাই চাই নকয়, আজান দিওঁতেও চাই চাই নপঢ়ে। এইদৰেই অসমত এক নিজস্বভাৱে আবৃত্তি প্ৰচলিত হৈ আছে। কিন্তু এইবোৰ শৈলীক আবৃত্তি বুলিহে কোৱা নহয়। আবৃত্তিৰ সকলো কলা কৌশল পৰ্যবেক্ষণ কৰি এই কথা ক’বলৈ আমি প্ৰয়াস কৰিছোঁ।
আবৃত্তিৰ কৌশলঃ — ১) আবৃত্তি কৰিবলৈ লোৱা কবিতাংশ বা নাট্য সংলাপটি প্ৰথমতে অৰ্থ বুজি মনত ৰাখিব লাগিব। কাৰণ আবৃত্তি হ’ল এক স্মৃতি নিৰ্ভৰ পাঠ। দৃষ্টিনিৰ্ভৰ কৰিলে প্ৰকাশভংগীত সাৱলীলতা হ্ৰাস পায় আৰু দৰ্শক শ্ৰোতাৰ লগত দৃষ্টিসংযোগ ব্যাহত হয়। যিহেতু আবৃত্তি এক পৰিবেশ্যমান কলা (performing art) , সেয়ে কোনো পৰিস্থিতিতে শ্ৰোতা-দৰ্শকক উলাই কৰিব নোৱাৰি। সেয়ে মুখস্থ প্ৰথম চৰ্ত। ২) মুখস্থ পাঠ হ’লেও আবেগ ৰহিতভাৱে কেৱল মুখস্থ মাতি গ’লেই কবিতা এটাৰ আবৃত্তি নহ’ব ; তাৰ বাবে লাগিব ভাষাৰ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ। অসমীয়া বৰ্ণ-ধ্বনিৰ বিষয়ে বিশদভাৱে জ্ঞান আয়ত্ত কৰিব লাগিব। সংক্ষেপে ক’লে অসমীয়াৰ ‘অ” আৰু “এ’ এই দুইটা বৰ্ণৰে ধ্বনি ৰূপ দুটাকৈ আছে। অ আৰু ইংৰাজী o, এ আৰু a, তেনেদৰে মূৰ্ধণ্য ধ্বনিৰ উচ্চাৰণেই নাই ,দন্ত্যও দন্ত্যমূলীয়হে ,শ,ষ,স তিনিটা বৰ্ণ যদিও এটাৰো উচ্চাৰণ নহয়।কিন্তু অসমীয়াত যিটো স উচ্চাৰিত হয় তাক প্ৰতিনিধিত্ব কৰা বৰ্ণ এটাকে নাই। কিন্তু এই ধ্বনিটো অসমীয়া ভাষাৰ বিশিষ্ট ধ্বনি আৰু ই জাতীয়ত্ব পৰিচায়ক। যিহেতু ভাৰতবৰ্ষৰ অন্য কোনো ভাষাতে এই ধ্বনি নাই। ৩) শুদ্ধ ধ্বনি উচ্চাৰণ কৰি মুখস্থ মাতি গ’লেই আচলতে আবৃত্তি নহয়। আবৃত্তি হ’বলৈ হ’লে যতি- বিৰাম ,ছন্দ- লয় ৰক্ষা কৰাৰ উপৰিও সুৰ লহৰৰ সূচীবিলাকৰ সফল প্ৰয়োগ কৰিব লাগিব।যি স্থানত ৰ’লে অৰ্থ বিভ্ৰাট নহয় সেই ঠাইত ৰোৱাকে যতি বোলে।কবিতাৰ ভাবৰ গতিৰ মাজলৈ যতিয়ে আনি দিয়া সৌন্দৰ্যই কবিতাৰ ছন্দ। ছন্দই কবিতাৰ ভাবৰ গতি দ্ৰুত নে বিলম্বিত হ’ব নিৰূপণ কৰিব। সেয়ে এই কথাবিলাকৰ প্ৰতিও গুৰুত্ব দিব লাগে। ৪) ভাব অনুসৰি শব্দ প্ৰক্ষেপণ কৰিব লাগে। ভাবেই ৰসৰ অভিব্যক্তিৰ প্ৰকাশ কৰে। ৫) ভাব অনুসৰি শব্দ প্ৰক্ষেপণ কৰোঁতেই কণ্ঠস্বৰৰ মড’লেছন হয়। কণ্ঠস্বৰৰ স্থান পৰিবৰ্তন কৰিলে একঘেয়ামী দূৰ হোৱাৰ লগতে কবিতাৰ ভাব ৰূপ প্ৰাণৱন্ত হৈ পৰে।কণ্ঠস্বৰ উদাত্ত ,অনুদাত্ত বা স্বৰিত হ’ব কেতিয়া সেয়া নিৰ্ভৰ কৰিব কবিতাৰ ভাববস্তুৰ ভিত্তিত। কেতিয়াবা শিৰস্থান, কেতিয়াবা মস্তিষ্ক, কেতিয়াবা বক্ষস্থান , কেতিয়াবা ফুচফুচাই শব্দ প্ৰক্ষেপণ কৰা আৱশ্যক। কবিতাৰ বিষয় আৰু প্ৰেক্ষাপটক নিভৰ্ৰ কৰিহে সেয়া প্ৰতিপন্ন কৰা হয়।
শেষত আবৃত্তিৰ বাবে অংগীভংগী জৰুৰী নহয় কাৰণ অংগীভংগী দেখুৱাই প্ৰদৰ্শন কৰিবলৈ নাট্য কলা ,নৃত্যকলা আছেই, অভিনয় আছেই। আবৃত্তি কিন্তু কণ্ঠৰহে অভিনয়। অৰ্থাৎ যেনেকৈ ক’লে ৰসগ্ৰাহী হয় তেনেকৈ কোৱাই আবৃত্তি। আবৃত্তিত যন্ত্ৰসংগীত অপৰিহাৰ্য নহয়। শংকৰদেৱে হাতচাপৰি বজাই , ভোৰতাল ব্যৱহাৰ কৰি বা খোল , মৃদং ,নাগাৰা ব্যৱহাৰৰ যোগেদি সংগীত সংগত কৰাৰ প্ৰক্ৰিয়া তাহানিতে কৰি থৈ গৈছেই। আমি মাত্ৰ আধুনিকতা প্ৰদানৰ প্ৰয়াস কৰোঁ, কিন্তু আবৃত্তিত সংগতকাৰীজন আবৃত্তিকাৰ হোৱাৰ প্ৰয়োজন, অন্যথাই আবৃত্তি বিকৃতহে হ’ব পাৰে। কাৰণ গীতে সংগীতক অনুসৰণ কৰে কিন্তু আবৃত্তিত আবৃত্তিকহে সংগীতে অনুসৰণ কৰে।
আবৃত্তিকাৰ আৰু কবি আবৃত্তি কৰোঁতে দুয়ো একক সত্তালৈ পৰিণত হ’ব লাগে। আবৃত্তিকাৰে কবিতাটো এনেকৈ ক’ব লাগে যেন সেয়া তেওঁৰ নিজৰহে কথা। যেনেকৈ খনিকৰে খেৰৰ জুমুঠিটোকে মাটিৰ লেপন দি ৰং-তুলিকাৰে বোলাই ছন্দায়িত কৰি প্ৰতিমাক প্ৰাণৱন্ত কৰে তেনেদৰে আবৃত্তিকাৰেও নিষ্প্ৰাণ শব্দৰ শৃংখলক, বিৰাম, উচ্চাৰণ , শব্দ প্ৰক্ষেপণ ,ভাব-ৰস লয় ছন্দ অলংকাৰৰ ধ্বনি প্ৰতিধ্বনিৰে প্ৰাণৱন্ত কৰি প্ৰকাশ কৰিলেই কবিতাই প্ৰাণ পাই উঠে। সেয়ে কবিতা নিৰ্বাচনৰ ক্ষেত্ৰত আবৃত্তিকাৰে বয়স ,লিংগ ,পৰিৱেশনৰ প্ৰাসংগিকতা আদিবোৰলৈও লক্ষ্য কৰিব লাগে। এইবোৰ কাৰণতে আবৃত্তি এক শিকন-শিক্ষণ আৰু পৰিবেশ্যমান কলা। ( প্ৰতিটো কৌশলতে আলোচনাৰ অৱকাশ আছে।)

আবৃত্তিৰ সংজ্ঞাঃ

পৰিশীলিত কণ্ঠস্বৰ আৰু শুদ্ধ আৰু স্পষ্ট উচ্চাৰণৰ দ্বাৰা,কোনো কবিতা বা নাট্য সংলাপৰ যতি বিৰাম ,ছন্দ -লয় আৰু সুৰ লহৰৰ সূচীৰ সফল প্ৰয়োগ কৰি আবেগ পূৰ্ণ ভাৱে ভাব অনুসৰি শব্দ প্ৰক্ষেপন কৰি স্মৃতি নিৰ্ভৰ ভাৱে বাঙ্ময় কৰাই আবৃত্তি। কবি আৰু আবৃত্তিকাৰ — শব্দৰ নিৰ্বাচন কৰি তৈয়াৰ কৰা শব্দ সমদলেই কবিৰ হৃদয়ৰ পাৰ বাগৰা অনুভূতিৰ স্বতঃস্ফূৰ্ত ভাৱে প্ৰকাশ কৰিলেই কবিতা হয়। আবৃত্তিকাৰে কবিতাৰ ভাব ,ৰস ,ছন্দ. ধ্বনিক নিজৰ মতে কলাসন্মতভাৱে প্ৰকাশ কৰি কবিতাটোৰ আত্মাক প্ৰতিষ্ঠা কৰে।ফলত কবিতাটোৱে প্ৰাণ পাই উঠে। সেইবাবেই কওঁ কবিয়ে কবিতা ৰচনা কৰে, আবৃত্তিকাৰে পুনৰনিৰ্মান কৰে। কবিতাৰ কবি স্ৰষ্টা আৰু আবৃত্তিকাৰ প্ৰাণপ্ৰতিষ্ঠাপক। সেইফালৰ পৰা দুয়োজনেই সৃষ্টিকৰ্তা।কবিতকৈও কবিতাৰ আংগিকৰ বিষয়ে বেচিকৈহে জানিব লাগে আবৃত্তিকাৰে। কাৰণ কবি “আবেগৰহে বন্দী ,নোহে নিয়মৰ।’ নিয়মবোৰ সমালোচকসকলে পিছতহে বিচাৰ কৰি চায়। কিন্তু আবৃত্তিকৰ্তাই কবিতাৰ আত্মাক উপলব্ধি কৰিবলৈ হলে ধ্বনি,ৰস, অলংকাৰ,যতি বিৰাম ,অক্ষৰ ,পৰ্ব পৰ্বাংগ ,শব্দ শক্তিৰ অভিধা ,ব্যঞ্জনা ,লক্ষণা , কণ্ঠস্বৰৰ বিভিন্ন স্বৰস্থান,প্ৰকাৰ, স্বৰসপ্তক,স্বৰৰ ৰং, বাকযন্ত্ৰ এই সকলোবোৰ কথাৰ সৈতে পৰিচিত হব লাগিব। সেইফালৰপৰা কবিতকৈও আবৃত্তিকাৰ কবিতাক জনপ্ৰিয় তথা প্ৰাণৱন্ত কৰাত বেচি দায়বদ্ধ আৰু গুৰুত্বপূৰ্ণ সত্তা। কবি আৰু আবৃত্তিকাৰ দুয়ো একক সত্তালৈ ৰূপান্তৰিত হব নোৱাৰিলেই আবৃত্তি বিফল হব। “এটা বেয়া কবিতাকো আবৃত্তিকাৰে ভালকৈ আবৃত্তিকৰি ভাল কবিতাৰ শাৰীলৈ উত্তৰণ ঘটায়’- এয়া মোৰ উক্তি নহয়। এখন কৰ্মশালাৰ মাজত কৰা অন্তৰংগ আলাপত শ্ৰদ্ধাৰ কবি হীৰুদা উক্তি আছিল। সেইবাবেই হীৰুদাই হেনো আবৃত্তি ভাল নাপায়।( নামৰূপ সাহিত্য সভাই আয়োজন কৰা জ্ঞান-বিজ্ঞান কৰ্মশালা) কিন্তু হীৰুদাই যোগাত্মক নহলেও ঋণাত্মকভাৱে হলেও আবৃত্তিৰ প্ৰয়োজনীয়তাৰ কথা কৈ গৈছে।

(আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments