বিষয় ইংৰাজী (অগ্নিভ দত্ত)

বিষয় ইংৰাজী

অগ্নিভ দত্ত

এটা সৰুতে শুনা/পঢ়া (সম্ভবত পঞ্চতন্ত্ৰৰ কাহিনী আছিল) কাহিনীলৈ মনত পৰিল। কাহিনীটো আছিল এনে ধৰণৰ:
এসময়ত এখন ঠাইত এজন বৰ জ্ঞানী মানুহ আছিল। মুঠতে তেখেতে নজনা কথা মোটা মোতি নাছিলেই বুলিব পাৰিছিল। এবাৰ তেখেত ঘৰৰ পৰা ভালেমান দুৰৰ আন এখন ঠাইৰ এখন সভাত তেখেতৰ জ্ঞানবাণী শুনাবলে গ’ল। সভা শেষ হওতে ভালেমান পলম হলগৈ। ইফালে বতৰটোও বৰ বেয়া, আকাশখন ডাৱৰে ওন্দোলাই আনিব ধৰিছে। তেখেতে বেগা বেগিকৈ ঘৰলৈ বুলি খোজ পেলালে। ইফালে বাটত এখন নৈও পাৰ হব লাগিব তেখেতে। তাতে আকৌ এই বতৰত বা নাও পায়গৈ নে নাই সমস্ত চিন্তাত বিভোৰ হৈ নৈৰ পাৰ পালেহি। ইফালে সিফালে চাই দেখে ওচৰে পাজৰে দেখো নাও এখনো নাই। কি কৰো নকৰোকৈ থাকোতে হঠাৎ কিছু দূৰত এখন নাও দেখা পাই একো ইফালে সিফালে নোচোৱাকৈ ধুমুহাৰ গতিত গৈ নাও খনৰ ওচৰ পালেগৈ।
এতিয়াহে আকৌ লাগিল লেথা, নাৱৰীয়াই নাও সামৰি যাব ওলাইছে ঘৰ তাতে আকৌ বতৰটোও বৰ বেয়া। গতিকে নাৱৰীয়াই একেষাৰতে না বুলিলে।
এতিয়া পণ্ডিতজনে নিজৰ পৰিচয় দিলে নাৱৰীয়াক, তেতিয়াহে নাৱৰীয়াৰ গা লৰিল, এইহেন পণ্ডিতকনো কোনহতে বিপদত পেলাই যায় এইবুলি পণ্ডিতক নাওত উঠাই যাত্ৰা আৰম্ভ কৰিলে।
অলপ দূৰ যোৱাৰ পাচত পণ্ডিতজনে নাৱৰীয়াৰ লগত ইটো সিটো কথা পাতিব ধৰিলে। তেওঁ (পণ্ডিতে) কি কি জানে কিমান কিতাপ পঢ়িছে গাই যাব ধৰিছে, নাৱৰীয়াৰ যেন এইবোৰ শুনি নিজকে ধন্য মনাৰ বাহিৰে উপায় নাই তেনেকুৱা লাগিল।
মাজে মাজে নাৱৰীয়াক সুধিছে নাৱৰীয়াই কি কি পঢ়িছে, কি জানে তেওঁ আদি। নাৱৰীয়াক এপাকত সুধিলে- বোলো নাৱৰীয়া তুমি ৰামায়ন পঢ়িছানে?
নাৱৰীয়াৰ না বুলি কোৱাৰ বাহিৰে যেন আন একো উপায় নাই।
আকৌ এপাকত সুধিলে- নাৱৰীয়া তুমি গীতাৰ বিষয়ে কি জানা?
আকৌ নাৱৰীয়াই নাই একো নাজানে বুলি কোৱাত পণ্ডিতে উপলুঙাৰ সুৰত কলে – কি জানাহে তুমি? তোমাৰ এইহেন জীৱন টো তেনেই মিছা আদি।
এইবোৰ শুনি নাৱৰীয়াই ভাবিলে সঁচাই তেওৰ জীৱনটো একেবাৰে মিছাতে যোৱা বুলি।
ইতিমধ্যে তেওলোক আহি প্ৰায় নৈখনৰ মাজ পায়ছেহি। হঠাৎ বতৰতো অতিপাত বেয়া হৈ উঠিল। প্ৰবল গাজনি বিজুলিৰে ধুমুহা বৰষুণ আহিব ধৰিলে। নাওখন তুলুং ভুতুং কৰিব ধৰিলে। লাহে লাহে এটা সময়ত নাও খনত পানী সোমাব ধৰিলে। কিছুসময়ৰ পাচত নাওখন বুৰিব ধৰিলে।
নাওৰীয়াই পণ্ডিতক কলে- পণ্ডিত প্ৰবৰ, নাও বুৰ যাব ধৰিছে এতিয়া নাওৰ পৰা জাপ ধৰি সাঁতোৰাৰ বাহিৰে আন উপায় নাই।
পণ্ডিতে কলে- কিন্তু মই যে সাঁতুৰিব নাজানো।
এইবাৰ নাওৰীয়াই পানীলৈ জাপ মাৰি চিঞৰি উঠিল- মই সাঁতুৰিব জানো, আৰু পণ্ডিত ডাঙৰীয়া মই আহিলো আপুনি কি যোগাৰ কৰে কৰক।

এই কাহিনীটো টানি অনাৰ উদেশ্য এটাই- আমি কি জানিব লাগে বা শিকিব লাগে এইবোৰ সম্পুৰ্ণ নিৰ্ভৰ কৰে জীৱন যুদ্ধৰ পৰিস্থিতিৰ ওপৰত। আৰু তাৰ বাবে অতি দৰকাৰী কথাটো হৈছে মূল বিষয়বস্তুৰ ওপৰত থাকিব লগা জ্ঞান। বিষয় বস্তুৰ জ্ঞানৰ বাবে ভাষাৰ গুৰুত্ব নিৰ্ভৰশীল ভাষাৰ পৰিধিৰ ওপৰত। বিষয় বস্তুৰ জ্ঞানৰ বাবে আমি কেৱল ইংৰাজী কিয় লাগিলে চীনা,জাৰ্মান আদি সকলো শিকিবলে সাজু থাকিব লাগিব। কিন্তু ইংৰাজী ভাষাটো ভালদৰে জনাটো এই কাৰণেই অত্যন্ত জৰুৰী কিয়নো ইংৰাজী ভাষাটো সকলো দিশত (সাহিত্য, বিজ্ঞান ইত্যাদি) অতিপাত চহকী আৰু বহু ক্ষেত্ৰত ই উমৈহতীয়া ভাষা হয়। জাতিটোৰ বৃহত্তৰ স্বাৰ্থত ইংৰাজী ভাষাটো ভালদৰে আয়ত্ব কৰাটো সেই বাবেই কিছু সময়ত জৰুৰী যদিও মূল বিষয় বস্তুৰ জ্ঞানক উলাই কৰি নহয়। আৰু হয়তো অতি সোনকালেই Mandarin Chinese শিকাটোও অতি আৱশ্যক হৈ পৰিব।এইয়া নিশ্চয় কাৰো গোলাম খটাৰ বাবে নহয় বা কেবল ব্যক্তিগত লাভালাভৰ বাবে নহয়, এইয়া জাতিটোৰ বাবে। ভাষা হিচাবে অসমীয়া ভাষাটো একেবাৰে সৰু (সংখ্যাৰ ফালৰ পৰা) নহ’লেও বৰ এটা ডাঙৰো নহয়। আৰু এই বিশ্বায়ানৰ যুগত মই ব্যক্তিগত ভাবে সৰু ভাষা বিলাকৰ ভৱিষ্যতক লৈ একেবাৰেই আশাবাদী নহয়, যদিও কথাটো শুনিবলে’ একেবাৰে নিৰাশাবাদী যেন লাগে আৰু নিজৰো ক’বলে বেয়া লাগে। সেয়েহে মই ব্যক্তিগতভাবে ভাষাটোৰ লগতে জাতিটোৰ বা অসম নামৰ ভৌগালিক সীমা টুকুৰাৰ উন্নতিৰ বাবে যেন বেছি দায়বব্ধ তেনেকুৱা অনুভৱ কৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments