বিষয়-কবিতা ২ : নিবেদিতা হাজৰিকা

বিষয়-কবিতা

নিবেদিতা হাজৰিকা

বহু মানুহেই কবিতা ভাল পায়, কবিতা লিখে কিন্ত্ত কবিতা এটাক লৈ আলোচনা-সমালোচনাত ভাগ লোৱা বা কিবা এটা মন্তব্য দিয়াৰ পৰা সততে আঁতৰি থকা দেখা যায়।। তাৰ মাজতে আকৌ বহুতে কবিতা বুজি নাপাওঁ বা কবিতা দুৰ্বোধ্য বুলিও অভিযোগ কৰা দেখা যায়। মই ভাবো এই সকলোবোৰৰ গুৰিতে হ’ল কবিতাৰ প্ৰতি আমাৰ আন্তৰিকতাৰ অভাৱ। অভাৱ বুলি এইবাৱেই কৈছো যে, বৰ্তমান সময়ত যি হাৰত কবি বা কবিতাৰ সৃষ্টি হৈছে তাৰ তুলনাত কিন্ত্ত এই বিষয়টো লৈ আলোচনা-বিলোচনা একেবাৰে নাই বুলিবই পাৰি। ফলত আমি বিষয়টোৰ অভ্যন্তৰলৈ যাব পৰা নাই।
যিকোনো এটা বিষয়ত দক্ষতা দেখুৱাবলৈ হ’লে আনকি বিষয়টোক আমি ভালপাওঁ বুলি কবলৈ হ’লেও সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত যিদৰে আমাৰ কিছু জ্ঞান, অধ্যয়ণ থকাটো প্ৰয়োজন সেইদৰে কবিতাৰ ক্ষেত্ৰতো। অৱশ্যে কোনো কোনোৱে হয়তো ব্যক্তিগতভাৱে বিষয়টোৰ অধ্যয়ণ কৰি আহিছে, তেখেতসকলে যেন মোৰ কথাখিনি ভুল নুবুজে।যি কি নহওক আহকচোন আমি নিজে নোৱাৰিলেও আমাৰ অগ্ৰজ সকলে আমাৰ বাবে কৈ যোৱা কথাৰেই আমি আৰম্ভ কৰো কবিতাৰ সৃষ্টি আৰু কবিতাৰ ৰসস্বাদনৰ আলোচনাটি…..
কবি হীৰেন ভট্টাচাৰ্যদেৱে কৈছে— কবিতা এক বাক্ বিশেষ। কবি হ’ল দেশ, কাল, মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। শব্দ, ছন্দ, উপমা, বাক্-প্ৰতিমা লৈয়েই কবিৰ ভাষা। কবিতাৰ ভাষা। কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। এই ভাষা কবিৰ বৰ্ত্তমান আৰু অতীতৰ দানেৰে সক্ৰিয় আৰু সমৃদ্ধ। গ্ৰহণে-বৰ্জনে বহু শ্ৰম আৰু সাধনাৰে কবিয়ে আয়ত্ব কৰে এই ভাষা। ভাৱে নিজৰ প্ৰয়োজনতেই,নিজৰ বিকাশৰ তাড়নাতেই নিৰ্মাণ কৰে শব্দ। কবিতাৰ শব্দ কেৱল শব্দই নহয়,ই ধ্বনিও। কবি কণ্ঠৰ এটা শব্দ যেতিয়া প্ৰতিধ্বনি হৈ আমাৰ কাষলৈ উভতি আহে সি জানো সেই পুৰণি অৱয়বেই ? শব্দৰ এই বাঢ়ি অহাকণেই হৈছে কবিৰ নিৰ্মাণ। শব্দ চয়ন, শব্দ বয়নেই হৈছে কবিৰ নিপুনতাৰ চিনাকি। কিন্ত্ত শব্দই জানো কবিতা? শব্দৰ অৰ্থই জানো কবিতা? শব্দৰ অভিধানিক অৰ্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰৱেশৰ সঁচাৰ-কাঠি হ’লহেঁতেন, তেনেহ’লে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশ নেথাকিলহেঁতেন।কবিও আন দহজনৰ দৰেই দোষে-গুণে মানুহ। আৱেগ অুনভূতি একমাত্ৰ কবিৰেই আছে এই কথা জানো ন-দি ক’ব পাৰি?কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ, সৃজনশীল, মননশীল বিচিত্ৰ ভাৱনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। এই প্ৰখৰ শব্দবোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে ।কবিতা কবিৰ শ্ৰাৱ্য কল্পনা। পাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতাৰ ছপা আখৰতে আৱদ্ধ নহয়। ই যে কণ্ঠৰো শিল্প।(হীৰেন ভট্টাচাৰ্য)
কবি হীৰেন ভট্টাচাৰ্যদেৱে “অসম সাহিত্য সভা”ৰ ৫২তম অধিবেশনৰ কবি সন্মিলনৰ সভাপতিৰ ৰূপে দিয়া অভিভাষণৰ কিছু অংশ আছিল এইয়া।কথাখিনিৰ মাজত কবি আৰু কবিতাৰ বিষয়ে বহু কথাই লুকাই আছে। কবিতা চৰ্চা কৰি থকা আৰু কবিতা ভালপোৱা সকলোৰে বাবে বৰ গুৰুত্বপূৰ্ণ ।কিয়নো কবি,কবিতা আৰু পাঠক এই তিনিও একাত্ম হ’ব পাৰিলেহে এটা কবিতাৰ সৃষ্টি সাৰ্থক হোৱা বুলি ক’ব পাৰি। কবিৰ অন্তঃশীল আবেগৰ স’তে পাঠক এক হ’ব পৰাতে লুকাই থাকে কবিতাৰ সাৰ্থকতা।কবিতা এটা লিখাৰ সময়ত বা আনৰ কবিতা এটা পঢ়াৰ সময়ত আমাৰ বাৰু এনেধৰণৰ কথাবোৰ মনলৈ আহেনে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments