বিষয় কুকুৰ –কমলেন্দ্ৰ শৰ্মা

এজন অসম বিখ্যাত মানুহ৷ অমায়িক, ভদ্ৰলোকজন সমাজ হিতৈষী৷ তেখেত পশুপ্ৰেমীও৷ বিলাতী কুকুৰ পুহিছে৷ ৰাতিপুৱা আৰু ৰাতি তেখেতৰ লগুৱাজনে বা নিজৰ লৰা’জনে আৰু কেতিয়াবা নিজেই কুকুৰটোক ফুৰাব আনে আৰু ওচৰৰ মানুহৰ গেটৰ সন্মুখত মলত্যাগ কৰিব দিয়ে৷ এনেদৰেই চলি আছে৷ কুকুৰটোৰ নামত লাখ টকা খৰচ কৰে, খোৱা-লোৱা, বেজীদিয়া, নখকটা, গাধুৱাই দিয়াৰ নামত বহুত টকা খৰচ কৰে কিন্তু মলত্যাগৰ সময়ত ওচৰৰ মানুহৰ দুৱাৰমুখখন ব্যৱহাৰ কৰে৷ তেখেতবাৰূ মানসিক ভাবে বিকৃত নে জধামুৰ্খ নে সেই চাৰিঠেঙীয়াটোতকৈও অধম?
বিশেষকৈ নগৰ অঞ্চলত তথাকথিত ভদ্ৰলোক সকলৰ এই প্ৰৱণতা সাংঘাতিক৷ পোহনীয়া কুকুৰটোক গৰাকীয়ে নিজৰ চৌহদত মলত্যাগৰ সুবিধা কৰি কিয় নিদিয়ে? এই ভদ্ৰলোকজনে সাধাৰণতে খোজকাঢ়ি অহা যোৱা নকৰে৷ গেটৰ ভিতৰতে গাড়ীত উঠে৷ দেখা পালে অৱশ্যে গাড়ীৰ ভিতৰৰ পৰাই মিচিকিয়া হাঁহি মাৰে৷ সমাজৰ গণ্য মান্য লোকজনে মোৰ ফালে চাই হাঁহিলেও ধন্য হওঁ, কিন্তু লগে লগে মনত পৰে কুকুৰটোক মলত্যাগ কৰোৱা কথা৷ জগতৰ মানুহেতো তেখেতক যথেষ্ট সমীহ কৰে৷ সমাজত সন্মানীয় লোক৷ কিন্তু ভগৱানে তেখেতক এইখিনি জ্ঞান নিদিলে যে লাখটকীয়া বিলাতী কুকুৰটোক কত মলত্যাগ কৰাব লাগে৷ হায় ভগৱান ……!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments