বিষয়: পঙ্কজ পাঠক প্ৰসংগ৷ ★★““চিকিৎসা, বনৌষধ আৰু বিভ্ৰান্তি৷ ””★★ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

“অসমীয়া মানুহবোৰ অত্যন্ত ঈৰ্ষাপৰায়ন৷ কাৰো উন্নতি সহ্য কৰিব নোৱাৰে৷ এজন মানুহ দোপত দোপে ওপৰলৈ উঠিব ধৰিছে, তাকে দেখি বাকীবোৰ জ্বলিছে৷ তেখেতক শেষ কৰাৰ বাবে আটাইবোৰ উঠিপৰি লাগিছে৷ ” একেবাৰেই ভুল ভাবিছে৷ ভাৰতীয় প্ৰশাসনিক বিভাগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমীয়া ল’ৰা ছোৱালীকেইজনক লৈ আমি সকলোৱে প্ৰতিবছৰে গৰ্ব কৰোঁ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ কৌশলৰ বিষয়ে নিজ সন্তানক অৱগত কৰাওঁ৷ সৰ্বভাৰতীয় বিভিন্ন টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ প্ৰতিযোগিতাবোৰত আমাৰ অসমৰ কোনোবা থাকিলে মন ভৰি পৰে৷ মোবাইলৰ বিল খৰচ কৰি হ’লেও ভোট দিওঁ, যাতে জিকি আহে৷ আৰু পৰ্য্যায়ক্ৰমে যেতিয়া সেই প্ৰতিযোগীগৰাকী আগবাঢ়ি যায়, আমাৰ বুকু ফুলি উঠে৷ গৌৰৱ অনুভৱ কৰোঁ, হয়, তেওঁ অসমৰ সন্তান৷ গতিকে অসমীয়া জাতিটো সঁচাকৈ ঈৰ্ষাপৰায়ননে? কেতিয়াও নহয়৷ অলপ অচৰপ ঈৰ্ষা সকলোৰে থাকেই৷ সেইটো একো ভাবিবলগা কথা নহয়৷ নিজৰ কৰ্মদক্ষতাৰে যেতিয়াই কোনোবা আগবাঢ়ি যোৱা দেখোঁ, আমাৰ অসমীয়া জাতিটোৱে ধৰ্ম, বৰ্ণ, পেছা নিৰ্বিশেষে উৎসাহ প্ৰদান কৰি আহিছে৷ কিন্তুু দক্ষতা নথকা বিষয় একোটাত অযুক্তিকৰ ভাষ্য প্ৰদানেৰে জনসাধাৰণৰ অহিত সাধন কৰিব পৰা কামেৰে বিখ্যাত হ’ব বিচৰা লোক একোজনক প্ৰত্যেকজন প্ৰকৃত অসমীয়াই প্ৰতিহত কৰিব৷ অসমত কিছুদিনৰপৰা বহুচৰ্চিত হৈ পৰা পঙ্কজ পাঠক নামৰ ব্যক্তিজনৰ প্ৰসংগত উপৰোক্ত কথাখিনি প্ৰথমতেই উল্লেখ কৰিবলৈ বাধ্য হ’লোঁ৷ তেখেতৰ ভুলখিনি দেখুৱালেই তেখেতৰ সমৰ্থকসকলে সাধাৰণতেই তেনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা যায়৷ যুগ যুগ ধৰি বনৌষধিৰ গুণাগুণ আমাৰ দৈনন্দিন জীৱনত আমি নিজেই প্ৰত্যক্ষ কৰি আহিছোঁ৷ আমাৰ মা দেউতা, ককা আইতাকে আদি কৰি বহুতৰ মুখত বিভিন্ন বনৌষধিৰ লাভালাভৰ কথা সৰুৰেপৰাই শুনি আহিছোঁ৷ স্বৰ্গীয় গুণাৰাম খনিকৰদেৱৰ ‘সহজলভ্য বনদৰৱৰ গুণ’ শীৰ্ষক কিতাপখন গৰিষ্ঠসংখ্যক অসমীয়াৰ ঘৰতেই উপলব্ধ বুলি ক’লেও বোধকৰোঁ ভুল কোৱা নহ’ব৷ পাহৰণিৰ গৰ্ভত সোমাই পৰা কিছুমান ভাল কথা ৰাইজৰ মাজলৈ পুনৰাই লৈ অনাটো অতিশয় প্ৰশংসনীয়, সেই কাম পঙ্কজ পাঠকেই কৰক বা আন কোনোবাই কৰক৷ পঙ্কজ পাঠক ডাঙৰীয়াই প্ৰদান কৰা শুদ্ধ পৰামৰ্শবোৰক লৈ আমাৰ কোনো সমস্যা নাই৷ ভাল কথা৷ পানী চোবাই খোৱাৰ দৰে উদ্ভট কথাটোৰ ক্ষেত্ৰটো একো মন্তব্য নিদিওঁ, পানী চোবাই খাওক বা গিলি থওক, দেহৰ ভিতৰলৈয়েই যাব, লোকচানটো একো নহয়৷ কিন্তুু জনসাধাৰণক বিভ্ৰান্ত কৰিব পৰা তথা বিপদত পেলাব পৰা কথা কিছুমান যেনে চকুত কাজল সনাৰ দৰে লালটিৰ প্ৰয়োগেৰে কেৰা চকু চিধা কৰা, গোমুত্ৰই চকুৰ ছানি ভাল কৰা বা গোমুত্ৰ আৰু হালধিৰ সংমিশ্ৰণে যিকোনো পৰ্য্যায়ৰ কৰ্কটৰোগ ভাল কৰিব পাৰে বুলি কোৱা কথাবোৰত আমাৰ আপত্তি আছে৷ কিছুমান ৰোগত নিজৰ ওপৰত পৰীক্ষা কৰি নজনা ঔষধ কিছুমান খাই থকাৰ সময় নাথাকে৷ হৃদৰোগী একোজনৰ বাবে প্ৰত্যেকটো মুহুৰ্তই চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ৷ অলপমান হীনদেৰি হ’লেই ৰোগী গৰাকীৰ জীৱনলৈ সংশয় আহি পৰে৷ তেনেক্ষেত্ৰত সঠিককৈ অৱগত নোহোৱা যিকোনো ঔষধ (সেয়া বনদৰৱ, হোমিঅ’পেথিক, এল’পেথিক বা আয়ুৰ্বেদিক ঔষধ যিয়েই নহওক কিয়) ব্যৱহাৰ কৰি গুণাগুণ পৰীক্ষা কৰিবলৈ বুলি ঘৰত ৰখাই থ’লে ৰোগীগৰাকীক হেৰুৱাবলগীয়া পৰিস্থিতি একোটাৰো উদ্ভৱ হ’ব পাৰে৷ কিছুমান কৰ্কটৰোগ বৰ সোণকালে বাঢ়ি যায় তথা শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি পৰে৷ শুভস্য শীঘ্ৰম ৷ প্ৰাৰম্ভিক পৰ্য্যায়ত ধৰা পৰিলে উপযুক্ত চিকিৎসাৰে ৰোগী এগৰাকীয়ে
স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হয়৷ আমাৰ মাজত ইয়াৰ কিছু জীৱন্ত উদাহৰণেই আছে৷ কিন্তুু তাকে নকৰি চিকিৎসকৰ কাষ চপাত দেৰি কৰিলে শেষ পৰ্য্যায়ত বিশেষ একো কৰাৰ উপায় নাথাকিব৷ লালটিৰ প্ৰয়োগেৰে চশমাৰ পৰা মুক্তি পোৱাৰ কোনো পৰীক্ষামূলক প্ৰমাণ নাই৷ চকুৰ ছানি পৰা ৰোগ বা কেটাৰেক্ট চকুৰ ভিতৰত থকা লেন্সৰ এক ক্ষয়কাৰী ৰোগ৷ গোমুত্ৰ বা বেলেগ কিবা ঔষধৰ প্ৰয়োগেৰে এই ৰোগবিধ ঠিক কৰিব নোৱাৰি৷ ছানি পৰা ৰোগৰ একমাত্ৰ উপায় হৈছে অপাৰেছন৷ বনৌষধিকে আদি কৰি যিকোনো ভাল কথা ৰাইজৰ মাজত প্ৰচাৰ কৰি সজাগতাৰ সৃষ্টি কৰিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই৷ কিন্তুু বহু পৰীক্ষা নিৰীক্ষা তথা উপযুক্তভাৱে প্ৰমাণ লাভ কৰাৰ পিছত ৰাইজৰ হিতৰ অৰ্থে চৰকাৰে বছৰ বছৰ ধৰি চলাই অহা আঁচনি একোটা অমান্য কৰিবলৈ ৰাইজক আহ্বান জনাবলৈ বা বেলেগৰ শুদ্ধ কথা এটা ভুল বুলি বা নিজৰ ভুল কথা এটা শুদ্ধ বুলি প্ৰচাৰ কৰিবলৈ হ’লে সেই বিষয়ত এজন লোক উচিত ডিগ্ৰীধাৰী হোৱাৰ উপৰিও তাৰ ‘যথাযথ’ প্ৰমাণ তেখেতৰ হাতত থাকিব লাগিব৷ উদাহৰণস্বৰূপে পঙ্কজ পাঠকৰ এটা বিধানৰ কথা উনুকিয়াইছোঁ৷ তেখেতৰ মতে আয়ডিনযুক্ত নিমখ পৰিহাৰ কৰিলেহে বোলে
থাইৰয়ডৰ সমস্যাৰপৰা মুক্তি পাব পাৰি৷ এনে অদ্ভুত তথা অযুক্তিকৰ কথাৰ কিবা প্ৰমাণ আছেনে পঙ্কজ পাঠকৰ ওচৰত? নে তেখেত এই বিষয়ৰ বিশেষজ্ঞ? থাইৰয়ড হৰ্মনৰ অভাৱত শিশুৰ মানসিক বিকাশ ক্ষতিগ্ৰস্ত হয়৷ গৰ্ভৱতী মহিলাকে আদি কৰি যিকোনো মানুহৰ থাইৰয়ড হৰ্মনৰ অভাৱত বিভিন্ন জটিলতাই দেখা দিয়ে৷ বয়োজ্যেষ্ঠসকলে মনত পেলাবলৈ যত্ন কৰকচোন, এটা সময় আছিল যেতিয়া থাইৰয়ডজনিত ৰোগত আক্ৰান্ত হৈ একোটা ডাঙৰ হৈ ফুলি উঠা ডিঙি লৈ ঘূৰি ফুৰিবলগা মানুহ সতকাই দেখা গৈছিল৷ অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হৈছিল৷ আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰৰ ফলশ্ৰুতিত এনে ৰোগ লক্ষ্যণীয়ভাৱে কমি গ’ল ৷ এতিয়া পাঠক ডাঙৰীয়াই ৰাইজক আয়ডিনযুক্ত নিমখ পৰিহাৰ কৰিবলৈ আহ্বান জনাই আগন্তুক কেইবছৰমানৰ ভিতৰত আমাৰ সমাজখনত এনে ৰোগী পুনৰ বঢ়াই তোলাত পৰোক্ষভাৱে সহায় কৰা যেন নহ’বনে? অনাহকত চিকিৎসকসকলৰ কামৰ বোজা নাবাঢ়িবনে? সমাজখনক এক অনাহুত বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিয়া নহ’বনে? তেখেতৰ নিজৰ ভাষ্য অনুসৰিয়েই তেখেতৰ কথাবোৰ তেখেতৰ ব্যক্তিগত ধ্যান ধাৰণা নহয়, তেখেতৰ গুৰু ৰাজীৱ দিক্ষীত নামৰ ব্যক্তি এজনে কৈ যোৱা কথাবোৰকেই তেখেতে প্ৰচাৰ কৰি আছে৷ তেখেতে গুৰু মনা কোনোবা এজনৰ ভুলখিনিকো ৰাইজৰ মাজত শুদ্ধ বুলি প্ৰচাৰ কৰি তেখেতে ৰাইজক বিপদৰ মাজলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ নকৰিব নেকি? অসমৰ সহজ সৰল মানুহখিনিৰ বহুখিনিয়ে পঙ্কজ পাঠকক চকু মুদি বিশ্বাসত লৈছে, তেখেতসকলৰ প্ৰতি পাঠক ডাঙৰীয়াৰ তিলমানো দ্বায়িত্বজ্ঞান নাইনে? শুদ্ধখিনি প্ৰচাৰ কৰক, ৰাইজে আঁকোৱালি ল’ব৷ ভুলখিনি নোসোধৰালে এতিয়া সন্মোহিত হৈ থকা তেখেতৰ অন্ধ সমৰ্থকখিনিয়েও তেখেতক অন্তৰৰপৰা আঁতৰাই পঠাবলৈ বেছি সময় নালাগিব৷ পঙ্কজ পাঠকে কেইদিনমান আগতে নিজেই স্বীকাৰ কৰিলে যে তেখেতৰ চিকিৎসা বিষয়ক কোনো আনুষ্ঠানিক অৰ্হতা নাই৷ বাস্তৱত পঙ্কজ পাঠকে কেৱল বনৌষধিৰ গুণাগুণৰ প্ৰচাৰ কৰা নাই, তেখেতে ৰোগী একোজনক নেদেখাকৈয়ে দুই তিনিটামান লক্ষণ শুনিয়েই মুহুৰ্তৰ ভিতৰতে ৰোগৰ ডায়গন’ছিছ তথা বিধান (চিকিৎসা) দিছে ৷ কথা হ’ল, চিকিৎসাবিজ্ঞানৰ একোৱেই ভূ নোপোৱা এনে স্বয়ম্ভু চিকিৎসক এজনৰ কৰ্ম কাণ্ডই ৰোগীসকলক বিপদত নেপেলাবনে? চিকিৎসাবিজ্ঞান ইমান সৰল নহয় যে ইমান সহজেই ৰোগ একোটা সঠিককৈ ধৰা পেলাব পাৰি৷ নামটো শুনিবলৈ একেধৰণৰ যেন লাগিলেও মেনিনজাইটিছ আৰু ফেৰিনজাইটিছ একে নহয়, চিকিৎসা পদ্ধতিও ভিন্ন৷ পেটৰ বিষ আৰু আঁঠুৰ বিষৰ ঔষধ একে নহয়৷ প্ৰত্যেকটো বিষৰে আকৌ বিভিন্ন কাৰণ থাকিব পাৰে৷ গেষ্ট্ৰিক আলছাৰৰ বাবে হোৱা পেটৰ বিষ অন্য কাৰণৰ বাবে হোৱা পেটৰ বিষৰ লগত খেলিমেলি কৰি সাধাৰণ বেদনানাশক দৰৱ ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে৷ পাকস্থলী ফাঁটি যাবও পাৰে৷ মুৰৰ বিষৰ অগণন কাৰণ আছে৷ সকলোৰে চিকিৎসা পদ্ধতিও বেলেগ৷ চকু ৰঙা পৰাৰ বহুতো কাৰণ আছে৷ সেইবোৰৰ নিৰাময়ৰ উপায়ো বেলেগ বেলেগ৷ চুলি সৰাৰ তথা অকালতে পকি যোৱাৰ অসংখ্য কাৰণ আছে৷ কেৱলমাত্ৰ গা ধোৱাৰ এক নিৰ্দিষ্ট নিয়ম পালন কৰি চুলি সৰা তথা পকা ৰোধ কৰিব নোৱাৰি৷ যিকোনো ৰোগৰেই প্ৰকৃত কাৰণ বিচাৰি উলিয়াই সেই কাৰণৰ চিকিৎসা কৰিলেহে ৰোগবিধ ঠিকমতে নিৰাময় কৰিব পাৰি৷ চিকিৎসাবিজ্ঞানক অতি সৰলীকৃত কৰিবলৈ কৰা এনে ধৰণৰ অপচেষ্টাই অৱশেষত ৰোগী একোগৰাকীৰ জীৱন বিপদাপন্ন কৰি তুলিব৷ যথোপযুক্ত শিক্ষা তথা ডিগ্ৰী
নোহোৱাকৈ মানৱ শৰীৰতন্ত্ৰৰ ন্যুনতম জ্ঞান অবিহনে কাৰোবাক চিকিৎসা প্ৰদান কৰাটো গৰিহণাৰ যোগ্য৷ আয়ুৰ্বিজ্ঞানেই হওক বা আধুনিক চিকিৎসাবিজ্ঞানেই হওক, সঠিক সময়ত ধৰা পৰিলে একোটা ঔষধৰ অনাকাংক্ষিত পাৰ্শ্চক্ৰিয়াৰ চিকিৎসাৰ ব্যৱস্থা আছে৷ বনৌষধিৰ ক্ষেত্ৰটো একেই৷ কিন্তুু তাৰবাবে কি বনৌষধি খাই পাৰ্শ্চক্ৰিয়া হৈছিল বা সেই বনৌষধিত কি এনে বস্তু আছিল যাৰ বাবে এনে পাৰ্শ্চক্ৰিয়া হৈছিল, তাৰ বিষয়ক পুংখানুপুংখ অধ্যয়নৰ আৱশ্যকতা আহি পৰিব৷ কেৱলমাত্ৰ কেইখনমান কিতাপ পঢ়িয়েই বা কোনোবা এজন আজীৱন সাধকৰ কেইটামান ভাষণ শুনিয়েই তাৰ বিধান দিয়াটো কাৰো বাবে সম্ভৱ নহয়৷ মনত ৰাখিব, যিবিধ বনৌষধি এবিধৰ সৈতে মিহলালে মহৌষধ হ’ব, সেইবিধেই আন এবিধৰ লগত মিহলালে বৰবিহ হৈ পৰিব৷ আজিৰ যুগত নিত্য ব্যৱহাৰ্য্য শাক পাচলি চিনোতেই ভুল কৰা লোকসকলে বনৌষধি চিনাক্তকৰণত ভুল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ শুদ্ধভাৱে চিনাক্ত কৰিলেও, আন এক উল্লেখনীয় কথা এয়ে যে একোবিধ বনৌষধিত একেলগে লাগতিয়াল অলাগতিয়াল বহু দ্ৰব্য থাকে৷ বনৌষধিবিধ পৰিষোধিত কৰি প্ৰয়োজনীয় দ্ৰব্যবিধ নিষ্কাষণ কৰি একোবিধ ৰোগত ব্যৱহাৰ কৰিবলৈ ঔষধ তৈয়াৰ কৰা দেখা যায়৷ তাকে নকৰি গোটেই বনৌষধিবিধৰ ব্যৱহাৰৰ ফলত তাত থকা অলাগতিয়াল পদাৰ্থবোৰে দেহত অদৰকাৰীভাৱে চাপ পেলোৱাৰো সম্ভাৱনা আছে৷ আমাৰ আগৰ প্ৰায়বোৰ প্ৰজন্ম বনৌষধিৰ ওপৰতেই বৰ্তি আহিছিল৷ কিন্তুু বৰ্তমান আমাৰ আয়ুৰ্বেদিক বা আধুনিক চিকিৎসাবিদ্যা বিভিন্ন গৱেষণা তথা পৰীক্ষা নিৰীক্ষাৰ মাজেৰে বহুখিনি আগুৱাই গৈছে৷ জনসাধাৰণে তাৰ লাভালাভো জীৱন্ত ৰূপত দেখিবলৈ পাইছে৷ বিশ্বাস হোৱা নাই? আগৰ যুগৰ আৰু এই সময়ৰ আমাৰ মানুহৰ গড় আয়ুস তুলনা কৰি চাওক, সকলোবোৰ পৰিষ্কাৰ হৈ পৰিব৷ ছ’ছিয়েল মেডিয়াত পঙ্কজ পাঠকৰ সমৰ্থকসকলে সাধাৰণতেই এটা যুক্তি দিয়া দেখা যায় যে তেখেতে বিধান দিছে ঠিকেই, কিন্তুু কাকো বিধান মানিবৰ বাবে বাধ্য কৰোৱা নাই, যাৰ মন আছে, তেওঁলোকে মানিব, ইচ্ছা নথকাবোৰে নামানিব৷ ঠিক আছে, ময়ো মানি ল’লোঁ৷ সহজ সৰল জনসাধাৰণে কেনেকৈ জানিব যে কোনটো ভুল, কোনটো শুদ্ধ? কোনটো বিধান মনা ভাল হ’ব, কোনটো বিধান মানিলে ভুল কৰা হ’ব? সৰ্প দংশনৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ প্ৰায় ক্ষেত্ৰতেই দেখা যায় যে সাপৰ বিষতকৈও ভয়তহে ৰোগী এগৰাকী লেবেজান হৈ পৰে৷ অবিষাক্ত সাপে খুঁটিলে মানুহ এজনে ভয় খোৱাৰ বাহিৰে বেলেগ একো অনিষ্টও নহয়৷ তেনে ক্ষেত্ৰত ‘ফু মৰা পানী’ অকণমান খুৱাইয়ো ৰোগী একোগৰাকী ভাল কৰিব পাৰিব৷ কিন্তুু বিষাক্ত নে অবিষাক্ত সাপে দংশন কৰিছে, সেয়া ৰোগীগৰাকীয়ে কেনেদৰে গম পাব? বিষাক্ত সাপৰ ক্ষেত্ৰত ‘এণ্টি ভেনম’ ইনজেকচনৰ প্ৰয়োজন পৰিব৷ তেনে এগৰাকী ৰোগীক যদি ঘৰতে ৰাখি পঙ্কজ পাঠকৰ দিহা অনুসৰি ‘নাজা ২০০’ নামৰ ঔষধ এক ড্ৰপ এক ড্ৰপকৈ দহ মিনিটৰ মুৰে মুৰে মুখেৰে খুৱাই ভাল কৰিবলৈ যত্ন কৰি সময় অপচয় কৰে, তেন্তে ভগৱানে নকৰক, ৰোগীগৰাকীক হেৰুৱাবলগা হ’লে পিছত কাৰোবাক দোষ দি কিবা লাভ হ’ব জানো? আমাৰ দেশত জনসংখ্যাৰ হিচাপত চিকিৎসকৰ সংখ্যা তেনেই তাকৰ৷ সৰু সুৰা জনা শুনা বেমাৰ আজাৰত চিকিৎসকৰ কাষ চপাৰ পৰিবৰ্তে সহজতে উপলব্ধ ঘৰুৱা পথ্য ব্যৱহাৰ কৰি সুফল পোৱাটো সকলোৱে কামনা কৰে৷ সাধাৰণ পানী লগা চৰ্দি জাতীয় অসুখত ময়ো গৰম পানীৰ ভাপেই ব্যৱহাৰ কৰোঁ৷ ৰোগীসকলকো একেটাই জনাও৷ আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহৃত প্ৰায়বোৰ ঔষধৰেই অনাকাংক্ষিত পাৰ্শ্চক্ৰিয়া থাকে৷ গতিকে চিকিৎসকসকলেও যথাসম্ভৱ কম ঔষধেৰেই চিকিৎসা কৰিবলৈ যত্ন কৰে৷ কিন্তুু কিছুমান ৰোগত উপায় নাথাকে৷ আনুষংগিক বেলেগ কিবা কিবি ৰোগৰ উপস্থিতিয়ে কোনোবাজন ৰোগীৰ চিকিৎসা যথেষ্ট গম্ভীৰ কৰি তোলে৷ বাকীখিনি চিকিৎসকৰ কথা বাদেই দিয়ক, সেই বিভাগৰ মুধাফুটা চিকিৎসকজনেও এনে ৰোগী এগৰাকীক ঔষধ দিওতে বহু চিন্তা কৰিবলগীয়া হয়৷ কিন্তুু পাঠক ডাঙৰীয়াই তেখে
তৰ সীমিত জ্ঞানেৰেই চকুৰ পচাৰতে যিকোনো ৰোগৰ বিধান দিয়ে৷ তদুপৰি আয়ুৰ্বেদিক, হোমিঅ’পেথিক বা আধুনিক চিকিৎসাবিদ্যাৰ কোনো চিকিৎসকে সতকাই নোকোৱা কথা এষাৰো তেখেতে কয়৷ এই লিখনিটো লিখাৰ আগত মই তেখেতে আগবঢ়োৱা বহুকেইটা বিধান পঢ়ি চাইছোঁ৷ বহুকেইটা বিধানতে তেখেতে প্ৰচুৰ আত্মপ্ৰত্যয়েৰে কৈছে, ‘এইখিনি কৰক, ঠিক হৈ যাব৷ ’ শৰীৰৰ অংগসমূহৰ গঠন তথা কাৰ্য্যপ্ৰণালী ইমান সহজে বুজি পাব পৰা বিধৰ নহয় যে বিশেষ ভবা চিন্তা নকৰাকৈয়ে একোটা ঔষধ দিব পাৰি৷ দেহৰ একোটা অংশত ভাল ক্ৰিয়া কৰা ঔষধ একোটাৰ আন এটা অংশত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ তদুপৰি ৰোগীজনৰ লিংগ, বয়স আদি বহুতো কাৰকৰ বিবেচনাৰ অন্তত যোগাত্মক আৰু ঋণাত্মক দিশবোৰ বিবেচনা কৰিহে ঔষধ একোটা ব্যৱহাৰ কৰিবলৈ দিয়া হয়৷ শিশু ৰোগীৰ ক্ষেত্ৰত আকৌ ওজন অনুযায়ী একেটা ঔষধৰেই পৰিমাণ বেলেগ বেলেগ৷ উদাহৰণ এটা আগবঢ়াইছোঁ৷ ডায়েবেটিছ বা বহুমুত্ৰ ৰোগত মেথিগুটিৰ উপকাৰিতা সৰ্বজনবিদিত৷ কিন্তুু কিমান পৰিমাণত? আধুনিক চিকিৎসাবিদ্যাত ডায়েবেটিছৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি ঔষধৰ মাত্ৰাও বেলেগ বেলেগ৷ বেলেগ বেলেগ ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজনীয় ইনছুলিন ইনজেকচনৰ প্ৰকাৰ তথা পৰিমাণ বেলেগ বেলেগ৷ প্ৰতি ডেচিলিটাৰ তেজত ব্লাড চুগাৰৰ পৰিমাণ ১৫০ আৰু ৪৫০ মিলিগ্ৰাম থকা ৰোগী দুগৰাকীৰ বাবে ঔষধ তথা ইনছুলিনৰ পৰিমাণো
বেলেগ বেলেগ৷ এতিয়া ধৰি লওক মই দুয়োগৰাকী ৰোগীকে মেথিগুটি খাবলৈ উপদেশ দিলোঁ৷ কিন্তুু কিমান পৰিমাণত খাব লাগে বা কিমান মিথিগুটি খালে ব্লাড চুগাৰ কিমান হ্ৰাস পায় সেই সম্বন্ধে ময়ো অজ্ঞ৷ দুয়োগৰাকী ৰোগীয়ে নিজে ব্যৱহাৰ কৰি থকা আগৰ ঔষধ তথা ইনছুলিন ইনজেকছন বন্ধ কৰি একে পৰিমাণত মেথিগুটি খাবলৈ আৰম্ভ কৰিলে৷ পৰিণাম সহজেই অনুমেয়৷ ৪৫০ মিলিগ্ৰাম/ ডেচিলিটাৰ চুগাৰ থকা ৰোগীজনৰ চুগাৰ বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা৷ তেখেতৰ জীৱনটোক লৈ টনা আজোঁৰা চলিলেও আচৰিত হ’বলগা নাই৷ মানৱ শৰীৰটো এটা পৰীক্ষাগাৰ নহয়৷ সকলোৰে ভালবোৰ আমি গ্ৰহণ কৰিব লাগে৷
আমাৰ নিজৰ বাবেই ভাল৷ কিন্তুু সেই সিদ্ধান্ত নিজৰ বিবেক বিবেচনা তথা যুক্তিৰে বৈজ্ঞানিক ভিত্তিৰে গ্ৰহণ কৰিব পাৰিলে সকলোৰে বাবে মঙ্গল৷ কাৰোবাক অন্ধভাৱে সমৰ্থন কৰি বিপদ মাতি আনিলে পিছত দুখ কৰি একো লাভ নহ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক