বিষয়: বিষ্ণু ৰাভা (-সন্দীপ বৰ্মন)

আজি-কালি কি মন যায় জান? সৰুৰেপৰাই বন্ধুক দেখি আহিছোঁ নাটক কৰে, কবিতা লিখে, সমাজ সম্বন্ধে সচেতন বন্ধুৱে বিষ্ণু ৰাভা হোৱাৰ কথা কয়, মেণ্ডেলা হোৱাৰ কথা কয়৷ ‌
: কি?
পৰম উৎসুকতাৰে তাৰ মুখলৈ চাই ৰ’লোঁ৷ ‌
ছয় বছৰ মুৰত দেখা৷ ‌ জমি উঠাৰ কথা আছিল সন্ধিয়াটো৷ ‌
: ধনী মানুহ হ’বলৈ মন যায়৷ ‌220px-bishnu_rabha
ইয়াহ… কিমান দিন যে বাট চাই আছিলোঁ এইষাৰ কথাৰ বাবে৷ ‌ আমাৰ কবিতা, আমাৰ গল্প…কিবা যেন উজ্জ্বল নক্ষত্ৰৰ ওচৰত নিস্প্ৰভ৷ ‌সেই নক্ষত্ৰই এতিয়া পোহৰাব পৰা নাই দুটা কোঠাৰ চাৰিজনীয়া পৰিয়াল৷ ‌
সেই যে ফিলিপছৰ টেপ ৰেকৰ্ডাৰটো, তগৰ ফুলে নুশুৱাই, নাহৰ ফুলে শুৱাব
এতিয়া চাগে অতি বেসুৰাকৈ বাজি থাকে চাউল দাইল আলু পিয়াজ ঘৰ ভাড়া লাইটৰ বিল
তাক শুধিবলৈ মন গৈছিল, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি…
পিছে সিহে শুধিলে মোৰ খবৰ
তহতৰে ভাল দে, টিভি চেনেলৰ চাকৰি
, গ্লেমাৰ আছে ভাই৷ ‌
হৃদয়ৰ অৰ্গল খুলি ক’বলৈ মন আছিল মোৰ খবৰ৷ ‌ একোখন বুলেটিনে নিৰ্ণয় কৰে আমাৰ দক্ষতা৷ ‌ ব্ৰেকিং, ফাৰ্ষ্ট ভিজুৱেলত আবদ্ধ আমাৰ সমস্ত তৎপৰতা৷ ‌ শগুনৰ দৰে ৰৈ থাকোঁ৷ ‌ক’ত মানুহ মৰে, ক’ত ঘৰ পোৰে, কোনোৱে নিৰ্যাতন চলায় আৰু মোৰ বুলেটিনখন ধুনিয়া হৈ পৰে৷ ‌ গভীৰ নিশা মই বিচাৰি নাপাওঁ হৃদয়লৈ উজাই যোৱা বাট৷ ‌
কিন্তু বিষ্ণু ৰাভা হ’বলৈ গৈ জীৱন হেৰুওৱা মোৰ বন্ধুৰ ওচৰত যেন মোৰ এটা নক্ষত্ৰ হ’বলৈ মন গ’ল৷ ‌ মনত পৰিল প্ৰিয় সাহিত্যিকৰ সেই বিখ্যাত বাণী “ বেণু মিশ্ৰ মোৰ অমি নহয়৷ ‌ তেওঁক জিকিবলৈ দিয়াৰো কোনো প্ৰয়োজন মোৰ হোৱা নাই৷ ‌ মোৰ হাতীটো তেনেহ’লে এফলীয়া কৰি নিলোঁ৷ ‌কিস্তি, মাৎ৷ ‌
: ভাত বাঢ়িছোঁ৷ ‌
পাকঘৰৰ পৰা শ্ৰীমতীৰ চিঞৰত দোৰোল খোৱা জিভাৰে কি উত্তৰ দিলোঁ নিজেই বুজি নাপালোঁ৷ ‌ থৰক-বৰক খোজেৰে দ্ৰেচিং আইনাখনৰ ওচৰৰ পৰা আঁতৰি আহিব বিচাৰোঁতে দেখিলোঁ আইনাখনৰ সিপাৰে মোৰ বন্ধু লাহে লাহে বিষ্ণু ৰাভালৈ পৰিণত হৈছে৷ ‌ ক’ৰবাৰ পুৰনি ফিলিপছৰ টেপ ৰেকৰ্ডাৰ এটাৰ পৰা ভাহি আহিছে…“তগৰ ফুলে নুশুৱায়…৷ ‌
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments