বিষয়- বৰ্তমান আৰু ভৱিষ্যতৰ সেতু৷ –শিখাৱলী হাজৰিকা বসুমতাৰী

মই এটি ল’ৰা সন্তানৰ মাতৃ৷
সেইবাবেই বুকুখন মাজে মাজে কঁপি উঠিছে এইকেইদিন৷
ভৱিষ্যতে বা কি হ’ব সি?
মোৰ কোষৰ সন্মান ৰাখিব পাৰিবনে নাইবা সি?

এতিয়া মুঠেই সৰু৷ পঢ়াশালিৰ দুৱাৰদলিত ভৰি থোৱাগৈয়ে নাই এথোন৷

তথাপিও….৷

তাৰ জন্মৰ আগৰেই পৰাই মই ঠিক কৰি থৈছিলো যে তাক/তাইক যিমান পাৰো সহজ-সৰলকৈ বেছি আধুনিকতাৰ প্ৰভাৱ নপৰাকৈ ডাঙৰ কৰিম৷ তথাকথিত ভাষাত “গাৱঁলীয়া”৷ এশ শতাংশ নোৱাৰিলেও মই মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷
আমি এই ক্ষেত্ৰত সৌভাগ্যৱান যে আজিও দুখন টাউনৰ আশে-পাশে থাকিও ঘৰত এই পৰিবেশ পাইছোঁ৷

আমি এটি যৌথ পৰিয়াল৷
আমি দুয়ো, ককাক-আইতাক, দদায়েক-খুৰীয়েক, ঘৰুৱা সহায়কাৰী এজন বৰ্তাক৷
কণমানিৰ চৰিত্ৰ গঠনত সকলোৰেই ভূমিকা আছে৷

দিনটো তাৰ ভাল লগা কাম আৰু দুষ্টামি কৰিয়েই কটায়৷

“লাৰুৱা গোপাল”৷

আৰম্ভণি হয় সম্পূৰ্ণ খাটি অসমীয়া জলপানৰে৷
তাৰ পিছত ককাকৰ লগত শাকনি বাৰীত কাম কৰা, নৈলে যোৱা, পথাৰলৈ যোৱা, আমলখি শিলিখা বুটলি ফুৰা, ঢকুৱা গাড়ীত টিকা চুচঁৰা দিয়া, চিলা বনোৱা, কুকুৰৰ পিঠিত উঠি সিহঁতক আমনি কৰা, হাঁহ কুকুৰাক চাউল দিয়া, হাঁহ পোৱালিক দিবলৈ কেচুঁ বিচৰা আদি কৰি মুঠতে অলেখ অযুত কাম৷ তাৰ মাজতে টিভি অকণো চাব লাগে নহয়৷
২৪ঘণ্টাই নাটেই আৰু লাগেহে!

ইয়াৰ মাজত কণমানিৰ দুটি প্ৰিয় কাম হৈছে “বাঁহী” আৰু “ছবি অঁকা”৷
বাঁহী লৈ ওমলে (যিহেতু বজাব পৰা হোৱাই নাই) আৰু ছবি তাৰ নিজৰ কল্পনা মতে আঁক-বাঁক কৰে৷ (যিহেতু মই আ্ঙুলিত ধৰি একো শিকোৱা নাই আজিলৈ মাত্ৰ তাৰ আব্দাৰ মতে কিবাকিবিখন আঁকি দিওঁ৷)

কি যে মই!

ইমান সময়ে মূল বিষয়ৰ পৰা আতঁৰিয়েই আহিলো৷ মাক যে৷ হয়েই এনেকুৱা৷

ইমানবোৰৰ মাজতো তাৰ চৰিত্ৰ গঠনৰ এটা দিশত মই সদায় মন দিওঁ৷ সেইয়া হৈছে লিংগসমানতা আৰু নাৰীৰ সন্মান৷
হয় ঠিকেই কৈছো মই৷

আচৰিত হৈছে চাগৈ ইমান সৰুৰে পৰাই?
কিন্তু ঘৰখনেই কঠীয়াতলি৷
দেউতাক ককাক আৰু দদায়েকক অনুকৰণ কৰি কিছুমান প্ৰাৰম্ভিক লক্ষণ তাৰ চৰিত্ৰত ইতিমধ্যেই ফুটি উঠিছে৷
আমাক কিছুমান কাম কৰি দিবলৈ সি আগ্ৰহ কৰে৷
আইতাকক গধুৰ বস্তু ডাঙিবলৈ মানা কৰে৷

আমাৰ ঘৰৰ পৰিবেশৰ বাবেই সি ঘৰুৱা কামত লিংগবৈষম্যতা বুজি নাপায়৷ মই ভাত ৰান্ধিলে দেউতাকে বাচন ধুৱে৷ দদায়েকে চোতাল সাৰিলে খুৰীয়েকে বেলেগ কিবা এটাত ধৰে৷ ককাকৰ দৰে গা ধুই নিজৰ সৰু কাপোৰ কেইটা নিজে ধুবলৈ লাগে আজিকালি৷

সেইখিনিত মোৰ শিকাবলগীয়া একোয়েই নাই৷

স্বতঃস্ফূৰ্ত৷

তাৰ কাণসমনীয়া ছোৱালী আহিলে কি কৰিব লাগে নালাগে বুজাই দিওঁ৷ সি বুজে৷ চকলেটৰ টুকুৰা এটা আগতে তাইক দিব তাৰ পিছত নিজে খাব৷ বহা বুলি কণমানি চকী এখনো নি দিব৷
এতিয়া এইখিনিয়েই যথেষ্ট৷
মই তাক কোনোদিনেই কোৱা নাই “তোমাক নমোয়ে দিলে হস্পিতেলৰ পৰা আনিলো“ আদি৷ বুজাই দিওঁ সি বুজি পাব পৰাকৈ “তুমি অকণমান কাটিলে কিমান কান্দা আৰু মই পেটটো ইয়াৰ পৰা ইয়ালৈ কাটি ডাক্তৰে জন্ম দিয়ালে বুলি৷ “ সি চিলাইটোতে চুমা এটাও দিয়ে৷

এইয়াই চেষ্টা৷

মুঠতে মই বিচাৰোঁ আজি, কাইলৈ আৰু অনন্তকাললৈ সি নাৰীক সন্মান কৰিব পৰাকৈ বুজন হওক৷ কোনোদিন যাতে কোনো নাৰীয়েই তাৰ ব্যৱহাৰত, তাৰ চকুৰ চাৱনিত অস্বস্তিত নপৰক৷ ৷
কোনো নাৰীয়ে সংকোচ নকৰাকৈ বিপদত সহায় বিচাৰিব পৰাকৈ সি সৎ হওক৷

মোৰ বাবে এইয়াই সমাজসেৱা৷
ভৱিষ্যৎ মই নাজানো৷
কিন্তু বৰ্তমান মোৰ হাতত৷

মই ভীষণ আশাবাদী৷

(এইয়া মোৰ একান্ত ব্যক্তিগত চিন্তাধাৰা৷ কোনেও বিতৰ্কৰ শাৰীলৈ নিনিয়ে যেন৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক