বিসৰ্জন (ৰূপাংকৰ চৌধুৰী)


যোৱা ৰাতি শৰীৰৰটোক অলপ বেছি অত্যাচাৰ কৰা হ’ল। এই নয়নৰ কাৰণে! দ্বিতীয় দৰ্শনী চালোঁ হেঙুল থিয়েটাৰ। বহুত দেৰিকৈ আৰম্ভ হ’ল। হাতত বহুত সময়। কেনেকৈ পাৰ কৰো সময়বোৰ? নয়নে বুদ্ধি দিলে। অলপ ‘সিবিধ’ হৈ যাওঁক। পাম ক’ত? পূজাৰ বতৰ। প্ৰায়বোৰ পাণ-দোকানত ৰাখে যোগাৰ। ‘সিবিধ’ পোৱা দোকান পালোঁ। এতিয়া কিনো কেনেকৈ? প্ৰায়বোৰ দোকানীয়ে চিনি পায় আমাক। কেনেবাকৈ কথা গৈ ঘৰ পালে মহাভাৰত এখন হ’ব। আৰু পূজাত ইমান ভিৰ মানুহৰ। সেই ভিৰত যদি আমাৰ ঘৰৰ কাষৰে কোনোবাই দেখা পায় ‘সিবিধ’ লৈ থাকোতে? শেষত যেনিবা আমাৰ লগৰে মহন্তক সৈমান কৰালোঁ। সি লৈ আহিল। চাকৰিয়ালৰ পছন্দৰ নীলা (অফিচাৰ্চ চইচ ব্লু) লৈ আহিল। সি বেলেগ ঠাইৰ। ইয়াত তাক কোনেও চিনি নাপায়।
আমি চাৰিওজন বহুত দিনৰ মূৰত লগ হৈছোঁ। বাল্যকালৰ বন্ধু। সকলোৱে নিজ নিজ কৰ্মস্থলীত ব্যস্ত। পূজা আৰু বিহুতে লগ হোৱা যায়। কিমান যে কথা! সৰুকালত লুকাই-চুৰকৈ কৰা দুষ্টামিৰ পৰা আজিৰ সমাজ-ব্যৱস্থালৈকে একো বাদ পৰি যোৱা নাই। সকলোৰে বেলেগ বেলেগ মত। মৃদু-কাজিয়া কেতিয়াবা। মুঠতে এক মজাৰ পৰিৱেশ। আমি বাইকেৰে অলপ আঁতৰলৈ গৈ নদীৰ পাৰৰ এক নিৰ্জন ঠাইত ৰ’লোঁ। বটলত মিহলাই ‘ফুৰ্তি-পানী’ৰ আমেজ ল’লোঁ। ৰিমজিম। অলপ বেছি হৈ গ’ল। সেয়ে আজি পুৱাই উঠাত কষ্ট পাইছোঁ। কষ্ট দিয়া হ’ল শৰীৰটোক পছন্দৰ নীলাবোৰেৰে!
কিন্তু উঠিব লাগিবই। দুৰ্গা পূজা চলি আছে। আজি দশমী। দিনজোৰা ব্যস্ততাপূৰ্ণ কাৰ্য্যসূচী। সৰুৰে পৰা দুৰ্গাপূজাৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ডাঙৰ হৈছোঁ। এক বিশেষ টান আছে পূজা বুলি ক’লে। বিশেষকৈ দুৰ্গাপূজাৰ প্ৰতি। আজি তাতে দশমী। আবেলি বিসৰ্জন। কি এক পৰিৱেশ! মোৰ বাবে আকৌ বিশেষ ভাৱে বিশেষ দিন।
পূৱালী আহিব। মানে আহিম বুলি কৈছে আজি! কালি গুৱাহাটী বিমান বন্দৰত নামিয়েই ফোন কৰিছিল। মোৰ মন আকাশত ৰামধেনু হৈ অহা পূৱালী! বিৰহেৰে ভৰা মোৰ নিষ্ঠুৰ প্ৰেমৰ অতীতত হেঁপাহৰ ঘৰ সজা পূৱালী! দুখৰ দিনবোৰত আশাৰ ৰ’দালি হৈ নামি অহা পূ্ৱালী! দিল্লীৰ ‘দেলহী হাট’ত অসমৰ ষ্ট’লত মাছৰ টেঙা খাবলৈ যাওঁতে লগ পোৱা পূৱালী! দীঘল চুলি খিনি মেলি ‘মিকি-মাউছ’ৰ ছবি অঁকা থকা বগা টি-ছাৰ্ট ৰ লগত নীলা জিনছ পিন্ধি অহা পূৱালী! খিলখিল হাঁহিৰে ভুৱন-ভুলোৱা চাৱনিৰ সেই পূৱালী। মোৰ আগনিশাৰ ‘হেং’-অভাৰ’ নিমিষতে নাইকিয়া কৰি দিয়া অপৰূপা পূৱালী! গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘জন-সংযোগ আৰু সাংবাদিকতা’ত স্নাতকোত্তৰ ডিগ্ৰী লৈ দিল্লীত এখন দৈনিক বাতৰি কাকতত কাম কৰি থকা পূৱালী। মাজুলীৰ জীয়ৰী পূৱালী!
সেই যে দেখিলোঁ ‘দেলহী হাট’ত! তেতিয়াই চিনাকী হ’লো। নিজৰ লাজ-মান কাটি কৰি। প্ৰথম অৱস্থাত মোক বজৰুৱা ল’ৰা বুলি ভাবিছিল। তেনেকৈ অচিনাকী এজনীৰ লগত কেৱল দেখাত ধুনীয়া হোৱা বাবে মই চিনাকী হ’বলৈ যোৱা বাবে। নাভাবিবনো কিয়? মুখৰ পৰা ‘ৰাতিৰ বদমাচি’ৰ ভেকেটা গোন্ধটো চিধাই তাইৰ নাকত লাগিছিল। বন্ধুত্ব গাঢ় হোৱাত তাই নিজ মুখে স্বীকাৰ কৰিছিল। কৈ কৈ হাঁহিছিল তাই। আৰু হাঁহি হাঁহিয়েই মোক আৰু দুৰ্বল কৰি পেলাইছিল। দিনক দিনে বন্ধুত্ব আৰু বেছি গাঢ় হৈ গৈছিল। মোৰ ভিতৰত এক বিশেষ স্থান অধিকাৰ কৰি পেলাইছিল তাই।
আমি ল’ৰাবোৰে আগ-গুৰি বাচ-বিচাৰ নকৰাকৈ দুৰ্বল হৈ যাও কিয়? কোনোবা ছোৱালীয়ে অলপ বেছিকৈ বন্ধুত্বৰ এনজৰীত বান্ধ খালে এই প্ৰেম-প্ৰেম ভাৱবোৰে আমনি কৰে কিয় বাৰু আমাক?
আৰু এই ছোৱালীবোৰে? ইমান অজলা কিয়? আমাৰ দুৰ্বলতাবোৰ সিহঁতে বুজি নাপায় নে জানিও নজনাৰ ভাও ধৰি থাকে? ইমান সহজে কেনেকৈ কৈ দিয়ে- ‘অহ ৰূপ! তুমি ইমান খেয়াল ৰাখা মোৰ! ইমান মৰম নকৰিবা। দিগদাৰ হৈ যাব মোৰ! মই কালি আনৰ হৈ গুছি গ’লে তাত যদি তোমাক বিচাৰি নাপাওঁ?’
আৰে? ইমান মৰম কৰা বুলি প্ৰশংসাও কৰিব আৰু বেলেগৰ লগত বিয়া হৈ গুছি যাম বুলি কৈ আমাৰ সকলো আশাত পানী ঢালি দিব? কিযে হ’ব!
তথাপি আশা এৰা নাছিলোঁ। পূৱালীৰ লগত সকলো কথাই আলোচনা কৰিছিলোঁ। কেতিয়াবা ‘ইণ্ডিয়া গে’ট’ত। কেতিয়াবা ‘ৰাজীৱ চ’ক’ৰ মেট্ৰ’ ষ্টেচনৰ চিৰিত বহি। কেতিয়াবা আকৌ ‘লোধী গাৰ্ডেন’ত। কেতিয়াবা ‘লোটাছ টেম্পল’ৰ পুখুৰীত ভৰি ৰাখি। ব্যক্তিগত কথা, পৰিয়ালৰ কথা, পঢ়াশুনাৰ কথা, অফিচৰ কথা, তাই কাম কৰা পেপাৰ খনৰ কথা, তাইৰ অফিছৰ কিছুমান পুৰুষ সহকৰ্মীৰ লোলুপ দৃষ্টিৰ কথা। মোৰ প্ৰাক্তন প্ৰেয়সীয়ে মোৰ জীৱনত কৰি থৈ যোৱা সেই পাহৰিব নোৱাৰা অতীতৰ কথা। মোৰ বাবাৰ, মানে দেউতাৰ ফুটবল প্ৰেমৰ কথা। সকলোবোৰ। ঠিক এনেবোৰ আলোচনাৰ মাজতে এটা সিদ্ধান্ত হ’ল। তাই এইবাৰ পূজা চাবলৈ আহিব আমাৰ ঘৰলৈ। থিয়েটাৰ চাব। জিলেপী খাব। পূজাৰ-মণ্ডপত সেৱা কৰিব। আৰু মা দুৰ্গাৰ বিসৰ্জন চাব। মোৰ মনৰ ভিতৰত আমনি কৰি থকা সেই কেইটা মিঠা-মিঠা শব্দ- ‘পূৱালী, মই তোমাক ভালপাই পেলাইছোঁ’, এইবাৰ তাইক পূজাতে ক’ম। আৰু মা দুৰ্গাৰ আশীষ ল’ম আমাৰ সুন্দৰ যুগ্ম জীৱনৰ বাবে। মোৰ মনত বিশ্বাস আহি গৈছে যে তাই মোৰ মন নাভাঙিব।
পুৱাৰ পৰা পূজাত লাগি আছোঁ। ঘৰতে অনুষ্টুপীয়াকৈ সকলোৱে মিলি কৰা দুৰ্গা পূজা। অতীজৰে পৰা চলি অহা পৰম্পৰা। পৰিয়ালৰ সকলোৰে অতি হেঁপাহৰ পূজা। পূৱালী অহাৰ আৰু এক উদেশ্য আছে। তাই আমাৰ ইয়াৰ এই পূজাক লৈ এক বিশেষ প্ৰবন্ধ লিখিব। মই ইতিমধ্যে তাইৰ কামত আহিব পৰাকৈ কিছু সংখ্যক ফটো উঠাইছোঁ। পূজা মণ্ডপৰ। থিয়েটাৰ আৰু পূজাৰ জন-সমুদ্ৰৰ। বহুত ফটো। মই মনতে পাঙি আছোঁ। মা আৰু ঘৰৰ সকলোৰে লগত চিনাকী কৰাই দিম তেওঁলোকৰ ‘ভাবী-বোৱাৰী’ৰ লগত। ঘৰত আলহী বহুত। পূৱালীৰ থকাৰ সুবিধা হোৱাকৈ টাউনৰ হোটেলত ৰূম ‘বুক’ কৰি থৈছোঁ আগতীয়াকৈ। প্ৰথম দৰ্শনীৰ টিকটটো কাটি থৈছোঁ ‘বিশেষ শ্ৰেণী’ৰ। ৰাতি থিয়েটাৰ চোৱা হ’লে, তাইক মোৰ দুচকীয়াখনৰে থৈ আহিম। আৰু তেতিয়াই বা সুবিধা পালে আগতেই ক’ম তাইক- ‘পূৱালী…… পেলাইছোঁ!’
তাই কালি আহি গুৱাহাটীত সম্পৰ্কীয় বায়েকৰ ঘৰত থাকিব বুলি কৈছে। গুৱাহাটীৰ পূজা চাব। আজি দুপৰীয়া আহি পাব। ঘৰত মিহিকৈ কৈ থৈছোঁ লগৰ এজনী আহি আছে বুলি। আমি ডেকাখিনি মিলি আলোচনা কৰি আছোঁ। মা দুৰ্গাৰ প্ৰতিমাখন কেনেকৈ নিম বিসৰ্জনৰ বাবে। এনেতে মোৰ মবাইলত বাৰ্তা আহিল- ‘আমি আহি আছোঁ। দুই ঘন্টাৰ ভিতৰত পাম তোমালোকৰ তাত।’- পূৱালীয়ে দিছে। আমি? আৰু কোন আহিব? তাইতো অকলে অহাৰ কথা আছিল? নে গুৱাহাটীৰ বায়েক জনী আহিব? মই লগে-লগে ফোন কৰিলোঁ। থকা ঠাইৰ কথা আছে! থিয়েটাৰৰ টিকটৰ কথা আছে! মই সুধিলোঁ- ‘আৰু কোন আহিব তোমাৰ লগত?’ পূৱালীয়ে হাঁহিলে। সেই ভুৱন ভুলোৱা হাঁহিটো! তাই ক’লে- ‘নিজৰে মানুহ আহিব দিয়া।’ মইও বেছি সুধি নাথাকিলোঁ। বায়েকজনীয়ে আহিব নিশ্চয়।
মই পূজাৰ খোলাতে। দেৱী বিসৰ্জনৰ বাবে নিবলৈ সাজু। মই মাক কলোঁ, পূৱালীৰ লগত আৰু এজনী আহিব বুলি। সেইমতে আহাৰ সাজু ৰাখিবলৈ কলোঁ। পূৱালীয়ে মই নাথাকিলেও আমাৰ ঘৰ উলিওৱাত দিগদাৰি নাপায়। মই আহি পোৱাত দেৰি হ’লেও সিহঁতে যাতে অসুবিধা নাপাই, মাক খেয়াল ৰাখিবলৈ কলোঁ। গালে-মুখে সেন্দুৰ সানি দেৱীৰ প্ৰতিমা গাড়ীত উঠাই লৈ গ’লোঁ। চৌদিশে হৰ্ষ আৰু উছাহ। দেৱীৰ নামত ধ্বনি দি গৈ আছোঁ।
নদীৰ ঘাটত দেৱীক সেৱা কৰি বিদায় দিবলে সাজু। এনেতে মাৰ ফোন আহিল-‘বাবা, পূৱালীহঁত আহি পালেহি। তুমি আগতে কিয় কোৱা নাই যে তাইৰ লগত তাইৰ ‘ভাবী পতি’ আহি আছে?’
মই থৰ লাগি ৰ’লোঁ। হায় ৰে মোৰ ফুটা কপাল! আকৌ এবাৰ? মনৰ সকলো আনন্দ পানী হৈ গ’ল। মোৰ সকলো প্ৰেম-ভাৱ মা দুৰ্গাৰ প্ৰতিমাৰ লগতে বিসৰ্জন দিলোঁ। সন্ধিয়া ঘৰলৈ উভতি নাহিলোঁ। ফোন বন্ধ কৰি থলোঁ। তাৰ আগতে মাক বাৰ্তা দিলোঁ যে মোৰ জীনচৰ পকেটত থিয়েটাৰৰ টিকট দুটা আছে। পূৱালী আৰু তাইৰ ‘ভাবী পতি’ক দি দিয়ে যেন।
নয়ন আছিল লগতে। আজি কৰো বুলিয়ে অত্যাচাৰ কৰিলোঁ। দেহাটোৰ ওপৰত। নিৰ্জন নদীৰ পাৰত। বহু দেৰি লৈ। বেহুচ নোহোৱালৈকে। আমি যে ল’ৰাবোৰ! বেছি আবেগিক! লগাতকৈ অলপ বেছি! মনত গুপুতে বাহ লোৱা ভাৱবোৰ বিসৰ্জন দিয়া বৰ কষ্টকৰ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক