বিহংগম দৃষ্টিত শ্ৰমিক দিৱস ( বিজয় বেজবৰুৱা)

বিহংগম দৃষ্টিত শ্ৰমিক দিৱস

বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকল মালিক পক্ষৰ দ্বাৰা নানাধৰণে বঞ্চিত হৈ অহাটো কোনো নতুন কথা নহয়৷ দিনটো হাড়ভঙা পৰিশ্ৰম কৰি কেৱল মালিক পক্ষৰ জেপ গধুৰ কৰাৰ পিছতো তেওঁলোকে ভোকৰ এমুঠি ভাতৰ বাবেই হাহাকাৰ কৰিব লগা হয়৷ কিন্তু শ্ৰমিকসকলক এইদৰে যে সদায় পদদলিত কৰি ৰাখিব পৰা নাযায়, তাৰ নজিৰ বিশ্বৰ বুৰঞ্জীত দুৰ্লভ নহয়৷
১৮৯০ চনৰ ১ মে’ৰ দিনটোৰ পৰা প্ৰতি বছৰে মে’ মাহৰ সেই পহিলা তাৰিখটো ‘শ্ৰমিক দিৱস’ বা ‘মে’ দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ শ্ৰমজীৱী শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে শ্ৰমিকসকলে লোৱা এক দৃঢ় পদক্ষেপ বা সংগ্ৰামৰ প্ৰতিক এই মে’ দিৱস৷

সমাজত ধনী আৰু দুখীয়া দুটা শ্ৰেণী থকাটো স্বাভাৱিক৷ এটাক এৰি আনটোৰ কথা ভাবিব নোৱাৰি৷ গতিকে বৃহৎ উদ্যোগপতি বা ধনাঢ্যসকলৰ ওচৰত সমাজৰ এচাম লোকে কায়িক বা মানসিক পৰিশ্ৰম কৰি জীৱন নিৰ্বাহৰ বাট উলিয়ায় লয়৷ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি ইউৰোপৰ কথা৷ তাতেই সম্ভৱতঃ পোনতে উদ্যোগ বিল্পৱৰ সূচনা হয়৷ তাৰ লগে লগে তাত শ্ৰমিকৰো প্ৰয়োজন হৈ পৰে৷ উদ্যোগত বিভিন্ন ধৰণৰ কাম কৰি পেট প্ৰৱৰ্তোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু নিজৰ কষ্টৰ অনুপাতে মালিক পক্ষই তেওঁলোক প্ৰাপ্যৰ বঞ্চিত কৰাটোহে আচল কথা৷ উদ্যোগৰ পৰা মালিকপক্ষই যিমান পৰিমাণৰ লাভ কৰে, তাৰ তুলনাত শ্ৰমিকসকলৰ শ্ৰম ফুটুকাৰ ফেনত পৰিণত হয়, এমুঠি ভাতৰ কাৰণইে তেওঁলোকে হাহাকাৰ কৰিব লগা হয়৷ কিন্তু এনেকৈ কিমান দিন? প্ৰতিটো কথাৰেই একোটা সীমা থকাৰ দৰে শ্ৰমিকসকলৰ ধৈৰ্যৰো শেষ সীমা থাকে৷ তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ এটা সময়ত মালিক পক্ষৰ ওপৰত খৰ্গহস্ত হৈ পৰে৷ আৰম্ভ হয় বিদ্ৰোহ, আন্দোলন, ধৰ্মঘট৷

শ্ৰমিকসকলৰ মূল সমস্যা আছিল তেওঁলোকে কিমান সময় কাম কৰিব৷ মালিকপক্ষৰ মতে ১৯-২০ ঘণ্টা পৰ্যন্ত শ্ৰমিকসকলে কাম কৰা উচিত৷ এনেদৰে বছৰ বছৰ ধৰি মালিকসকলে শ্ৰমিকসকলক খটুৱাই আহিছিল যদিও এটা সময়ত তেওঁলোকৰ ধৈৰ্যচ্যুতি ঘটিল৷ এয়া আছিল ১৯ শতিকাৰ কথা৷ সেই মুহূৰ্তলৈকে শ্ৰমিকসকলৰ সাধাৰণতে কোনো ঐক্যবদ্ধ সংগঠন নাছিল৷ তেওঁলোকে তেওঁলোকৰ শোষণৰ প্ৰতিবাদ জনাবৰ বাবে শ্ৰমিকসকলৰ মাজত একতাৰ প্ৰয়োজন অনুভৱ কৰি শ্ৰমিক সংগঠন সৃষ্টিত গুৰুত্ব আৰোপ কৰিলে৷ কিন্তু মালিকপক্ষই শ্ৰমিকক ঐক্যবদ্ধ হোৱাত বাধা আৰোপ কৰিবলৈ ধৰিলে৷ কোনো শ্ৰমিকে মালিকপক্ষৰ স্বাৰ্থত আঘাত পৰা কাম কৰাৰ কথা গম পালেই অথবা কোনো সংগঠন সংগঠিত কৰা আঁচনিৰ কথা গম পালেই তেওঁক কামৰ পৰা চাটাই কৰা হৈছিল৷ এইবোৰৰ বাবেই পোনতে শ্ৰমিকসকলে এনেধৰণৰ কামত আগভাগ ল’বলৈ ভয় কৰিছিল যদিও সময়ৰ লগে লগে তেওঁলোক অতিষ্ঠ হৈ বিভিন্ন প্ৰান্তত নানা শ্ৰমিক সংস্থা গঢ়ি তোলে মালিক পক্ষৰ প্ৰবল হেঁচাৰ বিপৰীতেও৷

বিশ্বৰ প্ৰথমটো শ্ৰমিক সংগঠন ‘Mechanic’s Union Of Philladelphiya’-ই শ্ৰমিকসকলৰ কৰ্ম-সময়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল৷ যি শ্ৰমিকসকলে দিনটোৰ ঊনৈশ-বিশ ঘণ্টা সময় কাম কৰিব লগা হৈছিল, সংগঠনটোৱে তাৰ পৰিমাণ কমাই ১০ ঘণ্টা কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে৷ এইক্ষেত্ৰত ফিলাডেলফিয়াৰ ঘৰ সজা শ্ৰমিকসকলে বিশেষভাৱে আগভাগ লৈছিল৷ সেয়া ১৮২৭ চনৰ কথা৷ তাৰ কেইবছৰমানৰ পিছত নিউয়ৰ্কতো শ্ৰমিকসকলে আন্দোলন তীব্ৰ কৰি তোলে৷ তেওঁলোকেও কাম কৰাৰ সময় ১০ ঘণ্টালৈ হ্ৰাস কৰিব লাগে বুলি প্ৰতিবাদ তথা দাবী উত্থাপন কৰিছিল৷ এইক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল নিউয়ৰ্কৰ বেকাৰীত কাম কৰা শ্ৰমিকসকলে৷ কিন্তু তাৰ মাজতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্যোগখণ্ডত নিয়োজিত শ্ৰমিকসকলে আন্দোলন আৰম্ভ কৰিলে যে তেওঁলোকৰ কৰ্ম-সময় হোৱা উচিত ৮ ঘণ্টা৷ ইয়াকে লৈ অষ্ট্ৰেলিয়াত শ্ৰমিক আন্দোলন দৃঢ় হৈ পৰে৷ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে তেওঁলোকে ১৮৫৬ চনত নিজৰ দাবীক লৈ কৰা আন্দোলন সফল হয়৷ অৰ্থাৎ শ্ৰমিকসকলৰ কৰ্ম-সময় নিৰ্ধাৰণ কৰা হয় আঠ ঘণ্টা৷
১৮৬১-৬২ চনত হোৱা আমেৰিকাৰ গৃহযুদ্ধই শ্ৰমিকৰ মাজত বিশেষ প্ৰভাৱ পেলায়৷ ইয়াৰ ফলত শ্ৰমিক আন্দোলনে নতুন গতি লাভ কৰে৷ ১৮৬৬ চনত ছুইজাৰলেণ্ডৰ জেনেভাতো শ্ৰমিকসকলে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷

মে’ দিৱসত ভিন্নজনৰ অৱদান :
————————–

বিশ্বৰ বিভিন্ন বুদ্ধিজীৱী-সাহিত্যিকৰ ৰচনাতো শ্ৰমিকৰ এই সমস্যাবোৰে নানাধৰণেৰে ঠাই পাইছে৷ কাৰ্ল মাৰ্ক্সৰ ‘কেপিটেল’ নামৰ গ্ৰন্থত শ্ৰমিক আন্দোলনৰ সুন্দৰ প্ৰতিচ্চবি আছে৷ তাত এটা অধ্যায়ত অকল শ্ৰমিকৰ কাম কৰা সময়ৰ কথাই উল্লেখ আছে৷ গ্ৰন্থখনৰ এঠাইত উল্লেখ আছে ‘In the united states of America, any sort of independent labour movement was paralysed so long as slavery disfigured a part of the republic. Labour with a while skin cannot imancipate itself where labour with a black skin is branded. But out of the death of slavery a new vigorous life sprang. The first fruit of the civil war was an agitation for the 8 hour day, a movement which ran with express speed from the Atlantic to the Pacificm from New England to California.’
মে’ দিৱস সম্পৰ্কে এংগেল্‌ছৰ ভূমিকাও কম নাছিল৷ শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰৰ সপক্ষে মাত মাতি অহা লোকসকলৰ ভিতৰত এংগেল্‌ছৰ নাম পোনতে ল’ব লাগিব৷ সেই সময়ত আমেৰিকা আৰু ইউৰোপত গঢ়ি উঠা বিভিন্ন শ্ৰমিক আন্দোলন তথা সংগঠনসমূহৰ সঠিক পৰ্যালোচনা কৰিছিল এংগেল্‌ছে৷ ১৮৯০ চনৰ পহিলা মে’ত কমিউনিষ্ট পাৰ্টীৰ ইস্তাহাৰত তেওঁ উল্লেখ কৰিছিল ‘ইউৰোপ আৰু আমেৰিকাৰ শ্ৰমিকসকলে তেওঁলোকৰ শক্তি-সামৰ্থৰ বিচাৰ-বিশ্লেষণ কৰিছে৷ এটা সৈন্য বাহিনীৰ দৰে একেখন পতাকাৰ তলতে তেওঁলোকে একগোট হৈ, এটা নিৰ্দিষ্ট লক্ষ্যৰে সংগ্ৰাম কৰাৰ সংকল্প লৈছে৷ সেই সংকল্পটো হৈছে শ্ৰমিকৰ কৰ্ম-সময় দিনৌ আঠ ঘণ্টা আইনগতভাৱে স্বীকাৰ কৰা৷’
শ্ৰমিক আন্দোলনৰ ক্ষেত্ৰত লেনিনক কোনো কাৰণতে বাদ দিব পৰা নাযায়৷ তেওঁৰ উদ্যোগতে ৰাছিয়াত শ্ৰমিক আন্দোলনে এক নতুন প্ৰাণ পাই উঠিছিল৷ বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন কৰাৰ সময়ত লেলিনৰ এক বিশেষ ভূমিকা আছে৷ তেওঁৰ নেতৃত্বত ৰাছিয়াত যি শ্ৰমিক বিপ্লৱে মূৰ দাঙি উঠিছিল, সেই বিপ্লৱৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল পুঁজিপতি গোষ্ঠীয়ে৷ বিশ্বৰ শ্ৰমিক আন্দোলনৰ বুৰঞ্জীত লেলিনৰ বিপ্লৱেই প্ৰথম বিপ্লৱ যিয়ে পৃথিৱীৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰাছিয়াত শ্ৰমিক শ্ৰেণীয়ে বিপ্লৱৰ মাজেৰে শাসন ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হয়৷ লেলিনে ১৮৯৬ চনত এক শ্ৰমিক সন্থাৰ ইস্তাহাৰত উল্লেখ কৰিছিল ‘In France, England, Germany and other countries where workers have already been united in powerful unions and have own for themselves many rights, they organised on April 19 [considered May 1 by Russian calender] a general holyday labor. Leaving the stifling factories they march with unfrles banners, to the strains of music, along the main streets of the cities, demonstrating to the to the bosses their continuously growing power.’

ভাৰতত মে’ দিৱস :
——————-

ইউৰোপ-আমেৰিকাত শ্ৰমিক শ্ৰেণী একত্ৰিত হৈ প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰি থকাৰ আগতেই ভাৰতত শ্ৰমিক বিপ্লৱৰ সূচনা হয়৷ সৈনিকসকলে পৰাধীন ভাৰতৰ শাসনকৰ্তা ব্ৰিটিছৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে বিশেষকৈ তেওঁলোকৰ কৰ্ম-ঘণ্টাৰ বাবে৷ তেনে সময়ত সৈনিকসকলৰ ওপৰত নানা নিৰ্যাতনো চলোৱা হৈছিল শাসক পক্ষৰ তৰফৰ পৰা৷ ভিন্ন ঠাইত সংঘবদ্ধ শ্ৰমিকৰ ওপৰত গুলীচালনাও হৈ গৈছে৷ পেৰিছত মে’ দিৱস ঘোষণা হয় ১৮৮৯ চনত৷ সেই সময়ত ভাৰততো শ্ৰমিক আন্দোলনে গা কৰি উঠে৷ ভাৰতৰ বিভিন্ন প্ৰান্তত ব্ৰিটিছৰ দ্বাৰা স্থাপিত কয়লা আদিকে ধৰি বিভিন্ন উদ্যোগ খণ্ডত শ্ৰমিকসকলে তেজক পানী কৰি দিনটোৰ ওঠৰ ঘণ্টা পৰ্যন্ত শ্ৰম কৰিব লগা হৈছিল৷ দেশৰ ভিন্ন প্ৰান্তৰ উপৰি ১৮২৭ চনত পাল্কী কঢ়িওৱা আন্দোলন, ১৮৬০ চনত হাওৰাৰ ৰে’লকৰ্মীৰ আন্দোলন, ১৮৭৭ চনৰ নাগপুৰৰ এস্পেচ উদ্যোগৰ কৰ্মীৰ দ্বাৰা সংঘটিত আন্দোলন বিশেষভাৱে উল্লেখযোগ্য৷ ১৮৯০ চনত বোম্বেতো সূতাকলৰ শ্ৰমিকসকলৰ মাজত আন্দোলন সংঘটিত হয়৷ তেওঁলোকৰ দাবী মালিক পক্ষই অৱশ্যে মানি লয় কিন্তু সেই দাবীবোৰৰ কাৰণে কোনো আইনৰ ব্যৱস্থা নকৰে কৰ্তৃপক্ষই, যাৰ বাবে সেই আন্দোলনক পূৰামাত্ৰাই সফল বুলি ক’ব পৰা নাযায়৷
ভাৰত বৰ্ষত প্ৰথম ট্ৰেড ইউনিয়ন গঠন কৰা হয় ১৯২০ চনত৷ তাৰ নেতৃত্বত আছিল প্ৰখ্যাত লালা লাজপৎ ৰায়৷ সংগঠনটোৰ নাম আছিল ‘অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ’৷ নানা বিপ্লৱ-আন্দোলনৰ মাজেদি ভাৰতবৰ্ষত প্ৰথম মে’ দিৱস পালন কৰা হয় ১৯২৩ চনৰ ১ মে’ৰ দিনা৷ ভাৰতৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ লাহোৰত মীৰ আব্দুল মজিদ, বংগত মুজাফ্‌ফৰ আহমেদ আৰু কাজী নজৰুল ইছলাম, পঞ্জাৱত চি আৰ দাস আদিয়ে শ্ৰমিক আন্দোলনৰ সপক্ষে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল৷
ভাৰতৰ বিভিন্ন ঠাইত সংগঠিত শ্ৰমিক সংঘবোৰৰ ওপৰত কৰ্তৃপক্ষই নানাধৰণৰ বলপ্ৰয়োগ, অত্যাচাৰ আদি কৰিছিল৷ ১৯৩৫ চনত ভাৰত বৰ্ষৰ তেৰটা শ্ৰমিক সংগঠনক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ কিন্তু এনে পুঁজিবাদী চিন্তাচৰ্চায়ো শ্ৰমিকসকলক স্তব্ধ কৰিব পৰা নাছিল৷ তেওঁলোকে গোপনে হ’লেও বিভিন্ন প্ৰান্তত উক্ত চনৰ পহিলা মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰিছিল৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments